অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰদূষণে বিপদ ঘন্টা বজাইছে জীৱকুলৰ :

প্ৰদূষণে বিপদ ঘন্টা বজাইছে জীৱকুলৰ :

 


বিগত এটা শতিকাত বিজ্ঞাণৰ যথেষ্ট উন্নতি হোৱাৰ বিপৰীতে ভাবুকি সৃষ্টি কৰিছে জীৱকুলৰ। বৰ্তমান সময়ত বায়ুমণ্ডল যথেষ্ট পৰিমাণে দূষিত হোৱাৰ বাবে দিনকদিনে বৃদ্ধি হৈছে গোলকীয় উষ্ণতা। ক্ৰমান্বয়ে হ্ৰাস হ'বলৈ ধৰিছে উত্তৰ মেৰু আৰু হিমালয় আদি কৰি পৃথিৱীৰ পৰ্বতৰ শিখৰত থকা বৰফৰ পৰিমাণ।কাৰ্বনৰ পৰিমাণ বৃদ্ধিৰ হেতু অ'জনৰ তৰপটো খতিসাধন হোৱাত, পৃথিৱীত সূৰ্যৰ বেঙুনীয়া ৰশ্মিৰ পৰিমাণ বৃদ্ধি হৈছে। বৰ্তমান সময়ত পৃথিৱীৰ প্ৰদূষণ সম্পূৰ্ণ বন্ধ কৰিবলৈ সক্ষম হ'লেও এই প্ৰদূষণ মুক্ত হ'বলৈ প্ৰায় এহেজাৰ বছৰ অতিক্ৰম কৰিব লাগিব। কেনেকৈ হয় এই প্ৰদূষণ-
(১) দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ৰ পৰা ব্যৱহাৰ কৰি অহা হৈছে পৰমাণু বোমা তথা ৰাসায়নিক অস্ত্ৰ-শস্ত্ৰ। ইয়াৰ দ্বাৰা হোৱা তেজস্ক্ৰিয় বিকিৰণ এটা প্ৰধান প্ৰদূষণ। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকাই ভালেমান ৰাসায়নিক বোমা উত্তৰ পূৰ্বাঞ্চল বিশেষকৈ অসমৰ মাটিত পুতি ৰাখিছিল। ইয়াৰে কিছুমান বিভিন্ন সময়ত উদ্ধাৰ হৈছে যদিও এতিয়াও ভালেমান অসমৰ মাটিৰ তলত আছে। সন্দেহ হয়, এই বোমাৰ তেজস্ক্ৰিয় বিকিৰণৰ বাবেই অসমত কৰ্কট ৰোগ বেছি।
(২) দ্ৰুত উদ্যোগীকৰণ, নগৰাঞ্চল বৃদ্ধি, কিছুমান ধুৰন্ধৰ বন বিভাগৰ কৰ্মচাৰী আৰু অসাধু ব্যৱসায়ীৰ কাৰণে বনাঞ্চল দ্ৰুতগতিত হ্ৰাস।
(৩) শস্য পথাৰত ৰাসায়নিক সাৰ, কীটনাশক আদি প্ৰয়োগ।
(৪) উদ্যোগ আৰু যান-বাহন প্ৰদূষণৰ বাবে বায়ুমণ্ডলত কাৰ্বনৰ পৰিমাণ বৃদ্ধি।
(৫) পেলনীয়া ইলেকট্ৰনিক সামগ্ৰীৰ পৰা বিশেষকৈ তেজস্ক্ৰিয় বিকিৰণ হোৱা।
(৬) প্লাষ্টিকৰ সামগ্ৰীৰ পৰা হোৱা প্ৰদূষণ প্ৰধানকৈ হয়। ইয়াৰ বাহিৰেও প্ৰদূষণ হোৱা অন্যান্য কাৰণবোৰ লিখি অন্ত কৰিব নোৱাৰি।


প্ৰদূষণৰ পৰা হোৱা অপকাৰ -


(১) প্ৰদূষণৰ কাৰণে ভূগৰ্ভস্থ পানী , নদী, পুখুৰী, জলাশয়, বায়ুমণ্ডল দূষিত হৈ জীৱকুলৰ প্ৰতি ভাবুকি আনিছে।
(২) দূষিত পানীৰ কাৰণে মানুহ আৰু আন জীৱ-জন্তুৰ নানান বেমাৰ সৃষ্টি কৰিছে।
(৩) প্ৰদূষণ আৰু বনাঞ্চল ধ্বংসৰ কাৰণে ১৯৭১ চনৰ পৰা ২০১৪ চনৰ ভিতৰত পৃথিৱীৰ পৰা ৫১% জীৱ-জন্তু ইতিমধ্যে বিলুপ্ত হল। ইয়াৰ ভিতৰত জলজ প্ৰাণী ৩৫% আৰু আন জীৱ-জন্তু ১৬% । উল্লেখযোগ্য যে উদ্যোগৰ পৰা নিৰ্গত হোৱা বিষাক্ত পদাৰ্থ, ৰাসায়নিক সাৰ, কীটনাশক দ্ৰৱ্যই বিভিন্ন পানীৰ উৎস প্ৰদূষণ কৰাৰ বাবে জলজ প্ৰাণী বিলুপ্ত হৈছে। ইয়াৰ ভিতৰত বিভিন্ন প্ৰজাতিৰ ভেকুলী, মাছ, শামুক, কাছ আদি চিৰদিনৰ বাবে বিলুপ্ত হ'ল।
(৪) বায়ুমণ্ডল প্ৰদূষণৰ বাবে বিশেষকৈ ৰঙবিৰঙৰ বহুত প্ৰজাতিৰ পখিলা বিলুপ্ত হ'ল।
(৫) গৰু, মহ, ছাগলীয়ে বেছিকৈ গাখীৰ দিয়াৰ বাবে জধেমধে অক্সিটচিন হৰমনৰ বেজী দিয়াৰ উপৰিও ডিক্ল'ফিনেক ছদিয়াম ঔষধ খুৱায়। এই জন্তুবোৰ মৰাৰ পাছত শগুণ , বৰটোকোলাই খায়। এনে ধৰণৰ বিষাক্ত মাংস খোৱাৰ ফলত শগুণ আৰু বৰটোকোলা মৃত্যু হয়। এই চৰাই বিলুপ্তি অচিৰেই হোৱাৰ সম্ভাৱনা আছে।
(৬) বনাঞ্চল ধ্বংস হোৱাৰ বাবেও বহুতো জীৱ-জন্তু বিলুপ্ত হল। আমি সৰুতে দেখা বহুত জীৱ-জন্তু, চৰাই, মাছ, কাছ, শামূক, পখিলা ইত্যাদি আমাৰ পাছৰ প্ৰজন্মই কাহানিও দেখা নাপাব।
(৭) উদ্যোগীকৰণ আৰু যানবাহনৰ বাবে বায়ুমণ্ডলৰ প্ৰদূষণ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত "এচিড ৰেইণ" সঘনাই হোৱা দেখা পোৱা যায়। বৰষুণ দিওঁতে ১০-১৫ মিনিট সময় বৰষুণৰ লগত বায়ুমণ্ডলৰ দূষিত পদাৰ্থ মিহলি হৈ আহে। এই দূষিত বৰষুণৰ পানীত তিতিলে চালৰ খৰ-খজুৱতি, এলাৰ্জি, চৰ্দি জ্বৰ, চকু ৰঙা পৰা ৰোগ হয়।
(৮) বায়ুমণ্ডলৰ প্ৰদূষণৰ কাৰণে আজিকালি প্ৰায়েই এলাৰ্জি, নানান ৰকমৰ চৰ্মৰোগ, চকুৰ ৰোগ, হাওঁফাওঁৰ ৰোগ হোৱাটো পৰিলক্ষিত হৈছে।


লেখক: ডা:মনোজ কুমাৰ শইকীয়া

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং: 9435209704

 

শেহতীয়া উন্নীতকৰণ: : 3/19/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate