অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰশান্তিময় ছাঁ :

প্ৰশান্তিময় ছাঁ :

 

মানুহৰ সমাজত ধৰ্ম আৰু ঈশ্বৰৰ ধাৰণাৰ প্ৰতিষ্ঠা হোৱাৰ বহু আগতেই প্ৰাৰ্থনাৰ আদি ৰুপৰ প্ৰচলন হৈছিল। আদিম মানুহে জীৱন-যাত্ৰাত সন্মুখীন হোৱা প্ৰাকৃতিক দুৰ্যোগ শিল-বৰষুণ , ধুমুহা –গাজনিৰ ব্দৰে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ভয়-ভীত হৈ নতজানু হৈ আকাশলৈ মুখ কৰি অজানিতে মুখেৰে অদ্ভুত শব্দ কিছুমান উচ্চাৰণ কৰিছিল। এটা সময়ত প্ৰাকৃতিক নিয়ম মতেই প্ৰকৃতি শান্ত হৈছিল। কিন্তু মানুহখিনিয়ে হয়তো তেওঁলোকে কৰা আচৰণত সন্তুষ্ট হৈ অদৃশ্য শক্তি এটিয়ে তেওঁলোকক সম্ভাব্য বিপদৰ পৰা ৰক্ষা কৰিলে বুলি ভাবিবলৈ লৈছিল। জীৱনৰ অন্বেষণত বিৱৰ্তনমুখী মানুহে বিপদৰ সন্মুখীন হ’লেই আত্মৰক্ষাৰ ন ন কৌশল আৱিষ্কাৰ কৰিবলৈ শিকিছিল। এই কষ্টসাধ্য অভিযানত যোগ হৈছিল অদেশা কিবা এক বিস্ময়কৰ শক্তিৰ ওচৰত সহায় বিচাৰি কৰা বিনয় ভাবৰ। এই ভয়মিশ্ৰিত বিনয়ৰ পৰাই সম্ভৱত: মানুহৰ হৃদয়ত প্ৰাৰ্থনাৰ জন্ম হৈছিল।

আজিৰ আধুনিক সমাজৰ যিসকল লোক ভীষণ ঈশ্বৰবিশ্বাসী তেওঁলোকৰ জীৱনৰ প্ৰতিটো শুভকামৰ আৰম্ভণি হয় হৃদয়ত মুখৰিত হোৱা পৱিত্ৰ প্ৰাৰ্থনাৰে। দুখ-যন্ত্ৰণাৰ দু:সময়তো প্ৰাৰ্থনাই তেওঁলোকৰ জীৱনীশক্তি। প্ৰাৰ্থনাক সৃষ্টিকৰ্তাৰ সৈতে বাক বিনিময়ৰ একমাত্ৰ মাধ্যম হিচাপ ধৰ্মীয় চেতনাৰে সংপৃক্ত মনবোৰে মানি চলে।

যিসকল লোক ঈশ্বৰ বিশ্বাসী নহয়, অথবা যিসকল অজ্ঞেয়বাদী, আনকি তেওঁলোকৰ কাৰণেও প্ৰাৰ্থনা জীৱন-মৰুৰ প্ৰশান্তিময় ছাঁ। কাৰণ বিশ্ব চিৰন্তন বিজ্ঞানৰ সত্যতাক স্বীকাৰ কৰিও এক অদৃশ্য পৰম শক্তিয়ে এই বিশ্বক নিয়ন্ত্ৰণ কৰে বুলি আমাৰ প্ৰত্যেকৰে মনবোৰে এক গভীৰ বিশ্বাস লালন কৰি ফুৰিছো।

প্ৰতিজন মানুহৰ জীৱনত প্ৰাৰ্থনাৰ সংজ্ঞা, মূল্য আৰু উপযোগিতা প্ৰত্যেকেই নিজৰ মনৰ জোখাৰে নিৰ্ধাৰণ কৰে। অধিকাংশ মানুহে ঈন্সিত বিষয়ক প্ৰবলভাবে বিচৰাৰ কাৰ্য হিচাপে প্ৰাৰ্থনাক গ্ৰহণ কৰে। বিষয়কেন্দ্ৰিক প্ৰাৰ্থনাত অভ্যস্ত হোৱা লোকসকলৰ মানসিক প্ৰয়োজন, বয়স আৰু পৰিস্থিতি পৰিৱৰ্তনৰ লগে লগে প্ৰাৰ্থনাৰ গ্ৰহণ কৰে। বিষয়কেন্দ্ৰিক প্ৰাৰ্থনাত অভ্যস্ত হোৱা লোকসকলৰ মানসিক প্ৰয়োজন, বয়স আৰু পৰিস্থিতি পৰিৱৰ্তনৰ লগে লগে প্ৰাৰ্থনাৰ সুৰো সলনি হৈ গৈ থাকে। জীৱনৰ অভাৱ-অভিযোগ, অতৃপ্ত বাসনা পূৰ্তিৰ বাবে কৰি থকা প্ৰাৰ্থনাৰ দীৰ্ঘদিনীয়া অভ্যাসৰ প্ৰভাৱে মানুহৰ মন ক্ৰমান্বয়ে দুৰ্বলহে কৰে। এনে মনবোৰে চৰম অসন্তুষ্টিত ঘৰৰ ঈশ্বৰক এৰি মন্দিৰে-মছজিদে উদাৰ হৃদয়ৰ সন্ধান কৰে।

কষ্টসাধ্য প্ৰয়াসৰ পিছতো জীৱনৰ প্ৰতিটো স্তৰত দুৰ্ভাগ্যজনকভাৱে অকৃতকাৰ্য হোৱা, দুৰাৰোগ্য ৰোগত ভুগি থকা ৰোগী, অকালতে আপোনজনক হেৰুওৱা, দুৰ্ঘটনাত পতিত হৈ চিৰজীৱনলৈ পংগু হোৱা বহু লোকক তেওঁলোকৰ নিষ্ফল প্ৰাৰ্থনাৰ অন্তত ভীষণ ঈশ্বৰবিদ্বেষী হৈ উঠা দেখা যায়। যি সময়ত প্ৰাৰ্থনাই হ’ব পাৰিলেহেঁতেন তেওঁলোকৰ নিষ্প্ৰভ হৃদয়ৰ একমাত্ৰ সম্পদ- এমুঠি পোহৰ। জীৱনৰ সেই অত্যন্ত প্ৰয়োজনৰ সময়তে তেওঁলোকে প্ৰাৰ্থনাক জীৱনৰ পৰা চিৰবিদায় জনায়।

সৰুৰ্ৱে পৰাই প্ৰাৰ্থনাক শিশুসুলভ আবেদনৰ দৰে ব্যৱহাৰ কৰি মানুহৰ জীৱনলৈ এনে মৰ্মান্তিক মুহুৰ্ত অহাটো স্বাভাৱিক কথা। প্ৰাৰ্থনা কিয়, কেনেকৈ আৰু কেতিয়া কৰিব লাগে। এই বিষয়ে সম্পূৰ্ণভাৱে স্বাস্থ্যসন্মত তথা বিজ্ঞানসন্মত দৃষ্টিভংগী গ্ৰহণ কৰিব পাৰিলেহে প্ৰাৰ্থনাই জীৱনজুৰি আমাৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব পাৰে।

প্ৰাৰ্থনা কিয় কৰিব লাগে- এই প্ৰশ্নটোৰ উত্তৰ প্ৰতিজন স্বাস্থ্য-সচেতন মানুহৰ হাতত আছে। নিয়মিত প্ৰাৰ্থনা কৰাৰ অভ্যাসে শৰীৰ-মনৰ সুস্বাস্থ্য অটুট ৰখাত সহায় কৰে। প্ৰাৰ্থনাৰ জৰিয়তে মানুহৰ অন্তৰ-আত্মাত উজলি উঠা আত্মবিশ্বাসে ৰোগৰ লগত যুঁজিবলৈ আৰু জীৱনক জয়ী কৰাত ঔষধৰ সমান ভূমিকা ল’ব পাৰে বুলি চিকিৎসা-বিজ্ঞানীসকলে বিশ্বাস কৰে। বহু ৰোগীক ঔষধতকৈ অন্তিম অৱস্থাত প্ৰাৰ্থনাৰহে বেছি প্ৰয়োজন বুলি চিকিৎসকে চিকিৎসা সামৰাৰ পিছতো কিছুমান ৰোগীৰ ক্ষেত্ৰত মিৰাকল সম্ভৱ হয়। চিকিৎসা-বিজ্ঞানৰ ইতিহাসত এনে মিৰাকল সম্ভৱ কৰি তোলে প্ৰাৰ্থনাৰ অপাৰ শক্তিয়ে।

প্ৰতিটো যাত্ৰাত বাটে-পথে দৃষ্টিগোচৰ হোৱা ৰঙা কাপোৰেৰে মেৰিয়াই থোৱা প্ৰতিটুকুৰা শিলক চুটি চুটি প্ৰাৰ্থনা জনোৱা, বাহনত উঠোতে ,আহাৰৰ প্ৰথম গৰাহ মুখলৈ নিওঁতে, সংসাৰৰ এশ-এবুৰি চিন্তা মূৰত লৈ গোটেই জীৱন প্ৰাৰ্থনাৰ বাহ্যিক আচৰণসমূহত ব্যস্ত হৈ থকা মানুহৰ বেছিভাগেই প্ৰাৰ্থনা কেনেকৈ কৰিলে জীৱনে তাৰ সুফলসমূহ ভোগ কৰিব পাৰিব এই বিষয়ে সম্পূৰ্ণ অজ্ঞাত।

ধূপ-দীপ-নৈবদ্যৰে ঈশ্বৰক সন্তুষ্ট কৰিম বুলি ভাবিয়েই জীৱনৰ লগত উপনীত হ’ব নোৱাৰি। আত্মসংযমৰ দ্বাৰা আমাৰ স্থূল কামনা-বাসনাৰ মাজত কৰা এক শান্ত সমন্বয়ৰ জৰিয়তে সৃষ্টি হোৱা আত্মোপলব্ধিয়ে ইয়াক সম্ভৱ কৰিব পাৰে। ধ্যান, তপ আৰু প্ৰাৰ্থনাই ইয়াৰ প্ৰধান উপায়। ধ্যান, তপ আৰু প্ৰাৰ্থনাই প্ৰকৃততে এটি পৰিৱৰ্তিত জীৱন লাভৰ বাবে কৰা অহৰহ প্ৰযত্নৰ অৰ্থ বহন কৰে। মৌনতা আৰু শান্তিৰ পৰিৱেশত প্ৰাৰ্থনাৰ সময়ত অন্তৰ্মুখী হোৱা মনটোৱে আত্ম-উপলব্ধিৰে আত্মাৰ গভীৰ স্থানত প্ৰৱেশ কৰিব পাৰে, যি সময়ত আমাক কোনো আনন্দই আত্মহাৰা কৰিব নোৱাৰা অৰু দুখেও বিতত কৰিব নোৱাৰা মানসিক নিৰ্লিপ্ততা গ্ৰহণ কৰিব পৰা হওঁ। প্ৰাৰ্থনাৰ এনে ফল পাবলৈ কঠোৰ নৈতিক অনুশাসন জীৱনে মানি চলিব পাৰিব লাগিব।

প্ৰাৰ্থনাৰ পৰত গভীৰ নীৰৱতাৰে আমাৰ মনক চিন্তাশুন্য অৱস্থালৈ আনি আমাৰ সমস্ত মনোযোগ কেৱল প্ৰাৰ্থনাত কেন্দ্ৰীভূত কৰিব পাৰিলে নিজৰ মাজতে এক শান্তিময় পৰিৱেশৰ সৃষ্টি হয়, যি সময়ত আমাৰ দৈনন্দিন জীৱনৰ খং, হতাশা, দু:চিন্তা, ক্ষোভ সকলোখিনি নাইকিয়া হৈ যায়। লগে লগে নাইকিয়া হয় উদ্বিগ্নতাৰ পৰা সৃষ্টি হোৱা বেমাৰৰ সম্ভাৱনাও। সংঘাতে ভাঙি দিয়া মনৰ অহং ভাব প্ৰাৰ্থনাই নিমিষতে মচি দিব পাৰে। মানৱ জীৱনৰ সীমাবদ্ধতাৰ প্ৰতি পূৰ্বতকৈ অধিক সচেতন কৰি তুলি ই আমাৰ সন্মুখত আত্মশুদ্ধিৰ বাট মুকলি কৰে। সামান্য আত্মসন্তুষ্টি প্ৰাৰ্থনাৰ মূল কথা নহয়। আত্মশুদ্ধিহে প্ৰাৰ্থনাৰ পৰম ফল। খলিল জিব্ৰানৰ প্ৰফেটৰ এঠাইত মানুহে কেতিয়া প্ৰাৰ্থনা কৰিব লাগে এই বিষয়ে লিখা কথা কেইষাৰমান কথা আমাৰ সকলোৰে জীৱনৰ বাবে প্ৰযোজ্য বুলি মই ভাবো। তেওঁ লিখিছিল- দুৰ্যোগৰ সময়তকৈ অপৰিমেয় প্ৰাচুৰ্যৰ দিনবোৰতহে মানুহে প্ৰাৰ্থনা কৰাটো বেছি উচিত। আনন্দ-পূৰ্ণতাপ্ৰাপ্তিৰ সময়তো যিসকলে নিয়মিত প্ৰাৰ্থনা কৰে তেওঁলোকৰ উচুপনি প্ৰাৰ্থনাই নিৰ্মল হাঁহিৰ জিলিঙনিলৈ পৰিৱৰ্তিত কৰে।

আমাৰ জীৱন সুন্দৰ কৰা প্ৰতিটো সংকল্পক পৱিত্ৰ প্ৰাৰ্থনাত মুখ্য স্থান দিয়াৰ মানসিকতা হ’ব পাৰিম। প্ৰতিখন ঘৰত আৰু প্ৰতিখন বিদ্যালয়ত ৰাতিপুৱাৰ প্ৰাৰ্থনাক নৈতিক অনুশাসনৰ পৰিমণ্ডলত মনটোক শান্ত আৰু প্ৰস্তুত কৰি তুলিবলৈ আত্মশক্তিক জগাই তোলা অনুষ্ঠানত পৰিণত কৰাৰ প্ৰয়াস কৰিলে প্ৰতিটো শিশুৱে প্ৰাৰ্থনাৰ প্ৰকৃত মূল্য উপলব্ধি কৰিবলৈ আগ্ৰহী হ’ব।

মানুহৰ জীৱনৰ কাৰুণ্যৰ পৰা, দুখ-যন্ত্ৰণাৰ পৰা মুক্তি বিচাৰি ঈশ্বৰৰ ওচৰত কৰা অবিৰত প্ৰাৰ্থনাই ঈশ্বৰৰ সিদ্ধান্তবোৰক কেতিয়াও সলনি কৰিব নোৱাৰে। আমাৰ জীৱনৰ অনিবাৰ্য ঘটনাসমূহ সময়ে সময়ে ঘটিবই। প্ৰাৰ্থনাই ঈশ্বৰৰ মন সলনি কৰিব নোৱাৰে। কিন্তু সম্পূৰ্ণৰুপে সলনি কৰে গভীৰ আস্থাৰে প্ৰাৰ্থনা কৰি থকাজনৰ মনটো। প্ৰাৰ্থনাই আমাৰ জীৱনটোক সহনীয় কৰি তোলে। প্ৰাৰ্থনাৰ প্ৰেৰণাতে আমি যি নেহেৰুৱালেও অৱশিষ্টৰে নতুন জীৱনৰ সন্ধান কৰো।

লেখিকা: অৰুণিমা চৌধুৰী বৰা ( জি এনআৰচি স্বাস্থ্য)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate