অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ফাইলেৰিয়া প্ৰতিৰোধ দিৱস :

 

লসীকা পৰিবাহী নলীত হোৱা(Lymphatic Filariasis) ফাইলেৰিয়াচিছ এক প্ৰকাৰৰ ফাইলেৰিয়া কৃমিৰ সংক্ৰমণ। এই পৰজীৱী কৃমিবিলাক উচেৰিৰিয়া ব্ৰংকফটি(wuchareria Bancrofti), ব্ৰুগিয়া মালয়ি(Brugiamalayi) বা ব্ৰুগিয়া টিম’ৰি(B. Timori) শ্ৰেণীৰ হ’ব পাৰে। এই পৰজীৱীবিলাক মানুহৰ শৰীৰলৈ সংক্ৰমিত মহে বিয়পায়।

মহৰ লেলাউতিত থকা কৃমিৰ পলু বা কণী মানুহক কামুৰিলে বিয়পে আৰু এই কৃমি মানুহৰ লসীকা নলীত প্ৰাপ্তবয়ষ্ক হোৱালৈকে মানুহৰ শৰীৰত বৃহৎ ক্ষতি কৰে আৰু শৰীৰটো উখহি উঠে। এই লক্ষণযুক্ত ৰোগটোক ‘হস্তীপদ’(Elephantiatis) বা ‘গোধা’ ৰোগ বুলিও কোৱা হয়। এই ৰোগটো অতি যন্ত্ৰণাদায়ক, ৰোগীৰ ভৰি আৰু জননাংগ ফুলি বিকৃত আকাৰ পোৱাটো ৰোগটোৰ পুৰণি অৱস্থাৰ এক ধ্ৰুপদী লক্ষণ।

এই ৰোগৰ সংক্ৰমণ ঔষধৰ দ্বাৰা চিকিৎসা কৰা হয়। অৱশ্যে ৰোগটোৰ দীৰ্ঘদিনীয়া অৱস্থা ফাইলেৰিয়া প্ৰতিৰোধী ঔষধে নিৰাময় কৰিব নোৱাৰিব পাৰে।

এনে অৱস্থা হ’লে অন্য ব্যৱস্থা,  যেনে- হাইড্ৰচিলৰ বাবে শল্য চিকিৎসা, ছালৰ যতন আৰু লসীকা গ্ৰন্থি ফুলি যোৱা ৰোগত(Lymphoedema) লসীকা হৰমোনৰ সঞ্চালন বৃদ্ধিৰ বাবে ব্যায়াম আদিও কৰাব লগা হ’ব পাৰে।

ফাইলেৰিয়া প্ৰাদুৰ্ভাৱ থকা অঞ্চলত বাস কৰা ৰোগীসকলক তলত উল্লিখিত ঔষধবোৰে বছেৰেকীয়া চিকিৎসা কৰিলে নতুন সংক্ৰমণ আৰু ৰোগটোৰ সম্প্ৰসাৰণ প্ৰতিৰোধ কৰিব পাৰি। ফাইলেৰিয়া প্ৰতিৰোধী অনুমোদিত মিশ্ৰিত ঔষধবিলাক হ’ল- ডাই-ইথাইল-কাৰ্বোমেজাইন চাইট্ৰেট(DEC) আৰু আলবেণ্ডাজল বা ইভাৰমেকটিন আৰু আলবেণ্ডাজল, অথবা DEC ৰে শক্তিশালী কৰা লৱণ।

ফাইলেৰিয়া প্ৰতিৰোধী দিৱস -

ফাইলেৰিয়াচিছ এবিধ ‘ফাইলেৰিওডি’(Filarioidea) শ্ৰেণীৰ ঘূৰণীয়া কৃমি পৰজীৱীৰ সংক্ৰমণৰ ফলত হোৱা ৰোগ। এই ৰোগ ৰক্ত শুহি খাই জীয়াই থকা ক’লা মাখি আৰু মহে বিয়পায়। এই ৰোগটো ‘হেলমিনথিয়াচিছ’ গোষ্ঠীৰ ৰোগবিলাকৰ অন্তৰ্গত।

আঠবিধ ‘ফাইলেৰিয়েল নিমাটোডে’ মানুহৰ সিহঁতৰ নিশ্চিত আশ্ৰয়দাতাৰূপে ব্যৱহাৰ কৰে। এই নিমাটোড(কৃমি) বিলাকক প্ৰধানকৈ তিনিকৈ গ্ৰুপত ভাগ কৰা হৈছে। এই পৰজীৱী কৃমিয়ে লসীকা গ্ৰন্থিসহ ‘লসীকা তন্ত্ৰ’ সম্পূৰ্ণৰূপে অধিকাৰ কৰি লয়।

দীৰ্ঘদিনীয়া ৰোগৰ ক্ষেত্ৰত এই পৰজীৱীৰ সংক্ৰামণে ‘হস্তীপদ’(Elephantiasis) ৰোগ সৃষ্টি কৰে। ছালৰ তলত ফাইলেৰিয়াচিছ ল’ৱা ল’ৱা(চকুৰ কৃমি) মেনছ’নেলা ষ্ট্ৰেপ্টোচৰচা আৰু আনকোচেৰচা ভলভুলাছ নামৰ কৃমিৰ সংক্ৰমণৰ কাৰণে হয়। এই কৃমিবিলাকে ছালৰ তলৰ চৰ্বি স্তৰটো অধিকাৰ কৰি লয়।

প্ৰাপ্তবয়ষ্ক কৃমিবিলাকে সাধাৰণতে এটা কোষকলাত বাস কৰে আৰু প্ৰাথমিক পলু কৃমি উলিয়াই দিয়ে আৰু মাইক্ৰ’ফাইলেৰি নামৰ এইবিধ পলু কৃমি মানুহৰ ৰক্তপ্ৰবাহত এৰি দিয়ে। ৰক্তপ্ৰবাহৰ লগত ঘূৰি থকা মাইক্ৰফাইলেৰিয়াবিলাক সংক্ৰমণকাৰী পলুলৈ ৰূপান্তৰিত হয়গৈ আৰু এই অৱস্থাতে নতুন আশ্ৰয়দাতাৰ শৰীৰলৈ সংক্ৰমিত হ’ব পাৰে।

ফাইলেৰিয়া কৃমি সংক্ৰমিত ৰোগীক ‘মাইক্ৰ’ফাইলেৰেমিক’ বা ‘এমাইক্ৰ’ফাইলেৰেমিক’ যিকোনো এবিধ ৰোগী বুলি চিনাক্ৰ কৰা হয়। ৰোগীৰ হাত আৰু ভৰিৰ তেজত মাইক্ৰ’ফাইলেৰি পোৱা যায় যে নেযায়, তাৰ ওপৰত ভিত্তি কৰিহে ৰোগীক এই দুই শ্ৰেণীৰ ভিতৰৰে এক শ্ৰেণীত চিনাক্ত কৰা হয়।

ৰোগ লক্ষণবিলাক -

লসীকা তন্ত্ৰৰ যোগেদি হোৱা ফাইলেৰিয়াচিছৰ আটাইতকৈ আগতে চকুৰ পৰা লক্ষণ এটা হৈছে ‘হস্তীপদ’(Elephantiasis) বা ‘গোধা’ৰোগ।

এই ৰোগ হ’লে ভৰিৰ ছাল আৰু ভিতৰৰ কোষকলাবোৰ ডাঠ হৈ উখহি উঠে। মহে কামোৰাৰ ফলত বিয়পা ৰোগ হিচাপে এই ৰোগটোকে প্ৰথমে আৱিষ্কাৰ কৰা হৈছিল। লসীকা তন্ত্ৰৰ বাস কৰি ফাইলেৰিয়া ৰোগ বিয়পোৱা পৰজীৱী কৃমিৰ ফলতে গোধা ৰোগ হয়।

গোধা ৰোগে প্ৰধানকৈ আক্ৰমণ কৰে শৰীৰৰ নিম্নাংগবিলাক। কাণ, শ্লেষ্মা আৱৰণ, কাটি পেলোৱা অংগবিলাকৰ অৱশিষ্ট আদি কাচিৎহে এই ৰোগৰ কৃমিয়ে আক্ৰমণ কৰে। অৱশ্যে বেলেগ বেলেগ অংগত আক্ৰমণ কৰাৰ প্ৰৱণতা থাকে। উচেৰিৰিয়া বেনক্ৰফটি কৃমিয়ে ৰোগীৰ ভৰি, হাত, জননাংগ, স্তন, অণ্ডকোষ আদি আক্ৰমণ কৰে। ব্ৰুগিয়াটিম’ৰি প্ৰজাতিৰ কৃমিয়ে কাচিৎহে জননাংগ আক্ৰমণ কৰে।

ছালৰ তলত কৃমি পোৱা যায়, ছালত হোৱা চকলা দাগ, এলাৰ্জি দৰে উখহি উঠা চকলা, আৰ্থ্ৰাইটিছ বা অস্থিসন্ধি বাতৰ স্থানত। চকুৰ কৃমিয়ে(Onchocerea Volvulus) চকুত আক্ৰমণ কৰে আৰু ‘ৰিভাৰ ব্লাইণ্ডনেছ’ নামৰ এবিধ দৃষ্টি শক্তি নাইকিয়া কৰা ৰোগ সৃষ্টি কৰে। পৃথিৱীৰ অসংখ্য লোক অন্ধ হোৱাৰ ই এক অন্যতম কাৰণ। কোনো কোনো ফাইলেৰিয়া ৰোগীৰ পেটৰ বিষো এই ফাইলৱৰিয়াৰ কাৰক কৃমিৰ সংক্ৰমণৰ ফলতে হয়।

মানুহৰ ফাইলেৰিয়া নিমাট’ড কৃমিৰ এক জটিল জীৱন চক্ৰ আছে আৰু প্ৰধানকৈ ই পাঁচটা স্তৰ অতিক্ৰম কৰিহে সংক্ৰমণাত্মকৰূপ পৰিগ্ৰহ কৰে। ইহঁতৰ মতা আৰু মাইকী কৃমিৰ সহবাসৰ পিছত, মাইকী কৃমি এজনীয়ে কেবাহেজাৰো মাইক্ৰ’ফেইলেৰিৰ জন্ম দিয়ে।

একেৰাহে হৈ থকা বিষ অথবা পোৰণিৰ ফলত লসীকা নলীবিলাক কঠিন(Fibrosis) হৈ পৰে আৰু লসীকাৰ সঞ্চালন বাধাগ্ৰস্ত হয়। লসীকাৰ সঞ্চালন প্ৰধানকৈ বাধাপ্ৰাপ্ত হয় ভৰি আৰু বাহ্যিক জননাংগত আৰু তাৰ ফলত এই অংগবিলাক অভাৱনীয়ভাৱে দেখাত আপচু হোৱাকৈ ফুলি উঠে।

লক্ষণ -

ফাইলেৰিয়াত আক্ৰান্ত কিছুমান ৰোগীৰ শৰীৰত কোনো ধৰণৰ লক্ষণ প্ৰকাশ নেপায়। কিছুমান ৰোগীৰ ক্ষেত্ৰত লসীকা নলীৰ প্ৰচণ্ড বিষৰ লগতে বেছি তাপমানৰ জ্বৰ, কঁপনি, গাৰ বিষ আৰু লসীকা গ্ৰন্থি ফুলি উঠা লক্ষণ আদি প্ৰকাশ পায়।

ক্ষতিগ্ৰস্ত অংগবিলাকত(হাত, ভৰি আদিত) বেছি পৰিমাণে পনীয়া দ্ৰব্য জমা হৈ ফুলি উঠে। কিন্তু অন্য লক্ষণবিলাক শেষ হোৱাৰ লগে লগে এনেদৰে জমা হোৱা পনীয়া দ্ৰব্যবোৰো শেষ হৈ যায়। অন্যান্য লক্ষণ থাকে। তাৰোপৰি বীৰ্যবাহী নলী আদি ফুলি উঠে আৰু অণ্ডকোষদ্বয় অস্বাভাৱিকভাৱে ফুলি উঠে আৰু বিষ হয়।

ৰোগটোৰ চূড়ান্ত অৱস্থাত কিছুমান ৰোগীৰ শৰীৰত শ্বেত ৰক্তকণিকাৰ পৰিমাণ অস্বাভাৱিকভাৱে বৃদ্ধি পায়। যেতিয়া  আন লক্ষণবোৰ শেষ হয়, তেতিয়া শ্বেত ৰক্তকণিকাৰ পৰিমাণো হ্ৰাস পায়। দীৰ্ঘদিন ধৰি লসীকা নলী বন্ধ হৈ থাকিলে অন্যান্য কিছুমান লক্ষণে দেখা দিয়ে। অণ্ডস্থলীত পানী জমা হৈ(Hydrocele) ফুলি থাকে, প্ৰস্ৰাৱত লসীকা ৰস মিহলি হয় আৰু লসীকা নলীৰ আকাৰ বৃদ্ধি পায়। তেনেদৰে মহিলা ৰোগীৰ বাহ্যিক জননাংগৰ ভগোষ্ঠ আদিৰ আকাৰ বৃদ্ধি পায় আৰু বক্ষযুগল ফুলে, হাত আৰু ভৰিও অস্বাভাৱিকভাৱে ফুলে। ছালৰ তলত পানী জমা হোৱাৰ ফলত ছালখনৰ মসৃণতা নাইকিয়া হয়।

আক্ৰান্ত জনসংখ্যা -

বিশ্বৰ ক্ৰান্তীয় অঞ্চলত ফাইলেৰিয়া এটা সাধাৰণ ৰোগ। আফ্ৰিকা, এচিয়া, চীন, দক্ষিণ আমেৰিকাৰ সমগ্ৰ অঞ্চলত ডব্লিউ বেনক্ৰফটি প্ৰজাতিৰ কৃমিৰ প্ৰাদুৰ্ভৱ আছে। তেনেদৰে বি. মালফি প্ৰজাতিৰ কৃমি দক্ষিণ আৰু পূব এচিয়া অঞ্চলত পোৱা যায়। উত্তৰ আমেৰিকাত ফাইলেৰিয়া ৰোগী বিৰল। এই ৰোগৰ কাৰক কৃমিৰ পলু, বিভিন্ন প্ৰজাতিৰ মহ-মাখি আদিয়ে এজনৰ গালৈ বিয়পায়।

সমগ্ৰ বিশ্বত প্ৰায় ১২০ নিযুত লোক ফাইলেৰিয়াত আক্ৰান্ত হৈ আছে। এই ৰোগৰ প্ৰাদুৰ্ভাৱ থকা অঞ্চলবিলাকত দীৰ্ঘদিনৰ কাৰণে ভ্ৰমণ কৰিবলৈ যোৱা পৰ্যটক বা কৰ্মীসকল সেই অঞ্চলবিলাকৰ মহৰ কামোৰণিৰ সন্মুখীন হ’লে এই ৰোগত আক্ৰান্ত হোৱাৰ আংশকা থাকে। আমেৰিকাত দেখা পোৱা এই ৰোগত আক্ৰান্ত লোকসকল এই ৰোগ অধ্যুষিত দেশৰ পৰা প্ৰব্ৰজিত লোক।

সম্পৰ্কিত বিসংগতিবোৰ -

তলত উল্লেখ কৰা বিসংগতিবিলাক ফাইলেৰিয়াৰ লক্ষণৰ সৈতে প্ৰায় একে। আফ্ৰিকাত পোৱা বহুকোষবিশিষ্ট পৰজীৱী ‘একান্থ’চিলোমেমাৰ্পাছটেনছ’ এবিধ কৃমি। এইবিধ পৰজীৱীৰ সংক্ৰমণ হ’লে প্ৰথম অৱস্থাত কোনোধৰণৰ লক্ষণ প্ৰকাশ নেপায়।

পিছলৈ ৰোগীৰ ছালত খজুৱতি, পেটৰ বিষ, বুকুৰ বিষ, পেশীৰ বিষ আৰু ছালত ঠায়ে ঠায়ে উখহি উঠিব পাৰে। অন্যান্য লক্ষণৰ ভিতৰত লিভাৰ আৰু প্লীহাৰ আকাৰ অস্বাভাৱিকভাৱে বৃদ্ধি পাব পাৰে।

ৰোগ নিৰ্ণয় ব্যৱস্থা:

ফাইলেৰিয়া ৰোগ নিৰ্ণয়ৰ বাবে ৰোগীৰ শৰীৰৰ ৰক্তত নমুনা সংগ্ৰহ কৰি তাত ঘূৰণীয়া কৃমিৰ পলু(Larvae) আছেনে নাই, সেই পৰীক্ষা কৰা হয়।

সাধাৰণতে ৰাতি ৰোগীৰ তেজত ফাইলেৰিয়াৰ পৰজীৱী অধিক মাত্ৰাত পোৱা যায় বাবে ৰোগীৰ পৰ ৰাতিহে ৰক্তৰ নমুনা সংগ্ৰহ কৰা হয়। তেজত এইবিধ পৰজীৱীৰ পলু পোৱা নগ’লেও, ৰোগীৰ লসীকা গ্ৰন্থিত প্ৰাপ্তবয়স্ক কৃমি পোৱা যাব পাৰে।

অৱশ্যে শেহতীয়াকৈ উদ্ভাৱন কৰা এটা পৰীক্ষা পদ্ধতিত ৰোগীৰ শৰীৰৰ পৰা দিনটোৰ যিকোনো সময়ত সংগ্ৰহ কৰা তেজৰ নমুনা পৰীক্ষা কৰিও ফাইলেৰিয়া ৰোগ নিৰ্ণয় কৰিব পাৰি।

চিকিৎসা -

এই ৰোগৰ বাবে যিকোনো প্ৰধান পৰজীৱী প্ৰতিৰোধী এবিধ ঔষধৰ খোৰাক ক্ৰমে বৃদ্ধি কৰি ব্যৱহাৰ কৰাটোৱেই এই ৰোগৰ চিকিৎসা।

এই দৰববিলাকৰ ভিতৰত- Ivermectin, Albendazole আৰু Diethybarbamazine আদিয়েই প্ৰধান।

এই ঔষধবিলাকে পৰজীৱী কৃমি পলুৰ সংক্ৰমণ ৰোধ কৰে, প্ৰাপ্তবয়স্ক কৃমি পৰজীৱীবোৰ ধ্বংস কৰে। এই ঔষধবিলাক যথেষ্ট ফলপ্ৰসূ ঠিকেই, কিন্তু এইবিলাকৰ কিছুমান প্ৰচণ্ড পাৰ্শ্বক্ৰিয়াও আছে। অৱশ্যে এই পাৰ্শ্বক্ৰিয়াবিলাক এন্টি হিষ্টমিনিক ঔষধ বা এন্টি-ইনফ্লেমেটৰি ঔষধ প্ৰয়োগ কৰি নাইকিয়া কৰিব পাৰি।

শৰীৰৰ পৰা প্ৰাপ্তবয়স্ক কৃমি নাইকিয়া কৰাৰ প্ৰক্ৰিয়া যথেষ্ট সাৱধানেৰে কৰিব লাগে, কাৰণ লসীকা নলী আৰু তেজত মৃত কৃমিৰ অধিক গাঢ়তাই ৰোগীৰ শৰীৰত এলাৰ্জি বা ছালত ফোঁহাৰ সৃষ্টি কৰিব পাৰে।

অণ্ডস্থলীত অস্বাভাৱিক মাত্ৰাত জলীয় দ্ৰব্য গোট খাই থাকিলে কোনো কোনো ৰোগীক অস্ত্ৰোপচাৰো কৰিব লগা হ’ব পাৰে। প্ৰাপ্তবয়স্ক মৃত কৃমিৰ বোজা কমাবৰ বাবেও অস্ত্ৰোপচাৰৰ সহায় ল’ব লগা হয়। অস্বাভাৱিকভাৱে ফুলি উঠা ভৰিৰ চিকিৎসাত ইলাষ্টিকযুক্ত মোজাও ব্যৱহাৰ কৰা হয়।

ক্ৰান্তীয় অঞ্চলত ফাইলেৰিয়া ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মহ নিয়ন্ত্ৰণ ব্যৱস্থাও এক উল্লেখযোগ্য পদক্ষেপ। পুনৰ সংক্ৰমণ নোহোৱালৈকে এই ৰোগটো নিজে নিজে এটা সীমাৰ ভিতৰত থাকে। সেয়ে যদি ৰোগীৰ চিকিৎসা নকৰাকৈ ৰাখিলেও ৰোগটো বিস্তাৰিত হোৱাৰ আশংকা নাথাকে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 1/18/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate