অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিশ্ব চি.ও.পি.ডি. দিৱস

বিশ্ব চি.ও.পি.ডি. দিৱস

 

‘বিশ্ব চি.ও.পি.ডি. (COPD.Chronic Ob-structive Pulmonery Disease)দিৱস,স্বাস্থ্য ৰক্ষা কৰ্মী আৰু চি.ও.পি.ডি. ৰোগীৰ গোটবিলাকে লগ হৈ সমগ্ৰ বিশ্বজুৰি পালন কৰে।এই দিৱস পালনৰ উদ্দেশ্য হৈছে,হাওঁফাওঁৰ কাম-কাজত বাধাৰ সৃষ্টি কৰা পুৰণি ৰোগ সম্পৰ্কে সমগ্ৰ বিশ্বতে সজাগতাৰ সৃষ্টি কৰা আৰু ৰোগত আক্ৰান্ত ৰোগীৰ যতনৰ ব্যৱস্থা অধিক উন্নত কৰা। চি.ও.পি.ডি. ৰোগীৰ বোজা কমাবৰ বাবে চেষ্টা কৰা স্বাস্থ্য সুৰক্ষা কৰ্মী আৰু স্বাস্থ্য শিক্ষা দান কৰা লোকসকলে প্ৰতিখন দেশতে এই দিৱস পালনৰ কাৰ্যসুচীৰ আয়োজন কৰে।

এই দিৱস ২০০২ চনত পোন প্ৰথমবাৰৰ বাবে পালন কৰা হৈছিল।তেতিয়াৰে পৰা এই দিৱস পালনৰ আয়োজকসকলে বিশ্বৰ ৫০ খনতকৈ অধিক দেশত এই দিৱস পালন কৰি আহিছে আৰু দিৱসটো বিশ্বৰ অন্যতম চি.ও.পি.ডি. সজাগতা প্ৰচাৰ আৰু শিক্ষামুলক কাৰ্যসুচী পালনৰ দিৱসৰুপে প্ৰতিষ্ঠা কৰিছে।প্ৰতিবছৰে পালন কৰি অহা এই দিৱসটোৰ মুল সুত্ৰ বেলেগ বেলেগ হয়।এনেদৰে প্ৰতিবছৰে বাছনি কৰা সুত্ৰবোৰৰ কিছু বিশেষ তাৎপৰ্য আছে।এই বছৰ অৰ্থাৎ ২০১৬ চনৰ বাবে স্থিৰ কৰা মুল সুত্ৰটো হৈছে-‘Breathe in the Knowledge’.

দীৰ্ঘদিন ধৰি ভুগি থকা হাওঁফাওঁ আৰু বায়ু সঞ্চালন নলীত হোৱা ৰোগকে ‘দীৰ্ঘদিনীয়া বাধাগ্ৰস্ত হাওঁফাওঁ ৰোগ’(COPD)বুলি কোৱা হয়।এই ৰোগ নিৰাময়যোগ্য নহয়।এই ৰোগটোত ইউৰোপৰ মুঠ জনসংখ্যাৰ প্ৰায় ১০ শতাংশই ভুগি আছে।ইমান বৃহৎ সংখ্যক লোক ৰোগটোত ভুগি থকা সত্ত্বেও বিশ্বৰ বহুসংখ্যক লোকেই ৰোগটোৰ ভয়াৱহতাৰ বিষয়ে ভালদৰে নাজানে।

এই ৰোগত আক্ৰান্ত হ’লে ৰোগীৰ উশাহ-নিশাহ চুটি হয়,একেলেঠাৰিয়ে কাহ হয়,বুকুখন কঠিন হোৱা যেন লাগে,ফোঁচ ফোঁচকৈ শব্দ কৰি কষ্টেৰে উশাহ-নিশাহ লয়।ৰোগীয়ে যিহেতু উশাহ-নিশাহেই ল’ব নোৱাৰে,অন্য লক্ষণবোৰ সিমান গুৰুত্বপুৰ্ণ হৈ নাথাকে।যদি আমি এই ৰোগটোৰ আগ্ৰাসন বন্ধ কৰাৰ বাবে বিশেষ ব্যৱস্থা ল’ব নোৱাৰো,তেনেহ’লে সমগ্ৰ বিশ্ববাসীৰ বাবে ৰোগটো মৃত্যৰ পঞ্চম কাৰক হ’ব আৰু ২০৩০ চনত বিশ্ববাসীৰ মৃত্যুৰ তৃতীয় কাৰক হ’বগৈ।ৰোগটোৰ সংক্ৰমণ,ভুক্ত্ভোগীৰ সংখ্যা আৰু মৃত্যু হোৱা লোকৰ সংখ্যা আদি তথ্যবোৰ বিশেষভাৱে নিৰীক্ষণ কৰিলে দেখা যায় যে,ৰোগটো হৃদৰোগ,কেন্সাৰ আৰু ডায়েবেটিচতকৈও মানুহৰ মৃত্যৰ ই তৃতীয় দীৰ্ঘদিনীয়া ৰোগৰুপে পৰিগণিত হৈছেগৈ।এই ৰোগত সমগ্ৰ ইউৰোপীয় দেশবিলাকত প্ৰতিবছৰে প্ৰায়,দুই লাখ লোকৰ মৃত্যু ঘটে।সেইবাবে বিশেষজ্ঞ বিজ্ঞানীসকলে মত প্ৰকাশ কৰি কৈছে যে-ৰোগটোৰ সম্প্ৰসাৰণ আৰু সংক্ৰমণৰ গতি মন্থৰ কৰিব পৰাকৈ ভালেমান ফলপ্ৰসু উপায় আছে আৰু সেইবিলাক সকলো ৰোগীয়ে নিশ্চিতভাৱে পালন কৰিব লাগে,যিহেতু ৰোগটো সম্পুৰ্ণৰুপে প্ৰতিৰোধযোগ্য আৰু ৰাষ্ট্ৰবিলাকৰ ৰাজনৈতিক নেতৃবৃন্দই এনে এটা ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ কৰিব।

যন্ত্ৰণা কম কৰিবৰ বাবে ৰোগীৰ শৰীৰত ৰোগটোৰ সংক্ৰমণ যিমান পাৰে সোনকালে চিনাক্তকৰণৰ ব্যৱস্থা ল’ব লাগে।হাওঁফাওঁৰ অন্য বেমাৰৰ সৈতে সকলো ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব লাগে।যিহেতু এই ৰোগটো কোনোপধ্যে নিৰাময় কৰিব নোৱাৰি আৰু চিকিৎসাৰ দ্বাৰা ৰোগটোৰ লক্ষণবোৰহে কিছু পৰিমাণে কমাব পাৰি।এই ৰোগবিধৰ ভিতৰত ক্ৰণিক ব্ৰ্ংকাইটিছ (ক্লোম শাখাসমুহৰ প্ৰদাহ)আৰু এমফিছিমা (Emphysema)বা হাওঁফাওঁৰ এলভিওলাই (বায়ুমোনা)বিলাকত বেছিকৈ বায়ু জমা হৈ ৰৈ যোৱা এক অৱস্থাই প্ৰধান।এই ৰোগটোৱে তীব্ৰ ৰুপ ধাৰণ কৰিলে ৰোগীক বাহিৰৰ পৰা অক্সিজেন যোগান ধৰি উশাহ-নিশাহ লোৱাৰ ব্যৱস্থা কৰিবলগা হয়।এনে অৱস্থাত ৰোগীজনৰ বাবে পৰিয়ালটোৱে অধিক ধন খৰচ কৰি একেবাৰে দৰিদ্ৰ অৱস্থালৈ গতি কৰিবলগা হয়।বিশেষভাৱে ধপাত সেৱন বা ধুমপানৰ পৰম্পৰা থকা পৰিয়ালত এনে ৰোগীৰ প্ৰাদুৰ্ভাৱ বেছি হয়।সেয়ে ধুমপান আৰু ধপাত সেৱনৰ অভ্যাস ত্যাগ কৰিবলৈ সমাজত প্ৰচাৰ চলাব লাগে।তাৰোপৰি এনে ৰোগত আক্ৰান্ত লোকসকলক কোনোধৰণৰ শাৰীৰিক শ্ৰমযুক্ত কামতে নিয়োগ কৰিব নোৱাৰি বাবে আৰ্থিকভাৱেও ক্ষতিগ্ৰস্ত হয়।

অষ্ট্ৰেলিয়াবাসীসকলৰ মাজত কেবা হেজাৰো পুৰণি হাওঁফাওঁৰ ৰোগত ভুগি থকা লোক আছে।মহাদেশখনৰ চল্লিছ বছৰৰ ওপৰ বয়সৰ প্ৰতি সাতজন লোকৰ ভিতৰত এজনকৈ লোকৰ ক্ৰণিক বাধাগ্ৰস্ত হাওঁফাওঁৰ ৰোগত আক্ৰান্ত হৈ আছে আৰু তাৰে আধা সংখ্যকৰে শৰীৰত এই ৰোগৰ লক্ষণ প্ৰকাশ পাইছে যদিও তেওঁলোকে এই ৰোগত আক্ৰান্ত হৈছে বুলি নাজানে।এই ৰোগ হ’লে এমফিছিমা,ক্ৰণিক ব্ৰ্ংকাইটিছ আৰু ক্ৰণিক হাঁপানি ৰোগৰ লক্ষণ প্ৰকাশ পায়।এই ৰোগ হ’লে হাওঁফাওঁৰ ভিতৰত সুক্ষ্ম বায়ুনলীবোৰ নষ্ট হয় আৰু শ্বাস লোৱা আৰু হাওঁফাওঁৰ ভিতৰৰ পৰা বায়ু বাহিৰ কৰি দিয়াটো অতি কষ্টকৰ হয়।শ্বাস-প্ৰশ্বাসৰ এই যন্ত্ৰণাদায়ক ৰোগটো সম্পুৰ্ণৰুপে নিৰাময়যোগ্য নহয়।গতিকে একে বয়সৰ আন লোকৰ তুলনাত যদি কাৰোবাৰ উশাহ লোৱাটো কষ্টদায়ক হৈছে,যাৰ একেলেঠাৰিয়ে কাহ হৈ আছে-তেওঁলোকে অনতিপলমে চিকিৎসকৰ ওচৰলৈ গৈ হাওঁফাওঁৰ অৱস্থা পৰীক্ষা কৰোৱাওক।

যদিও ৰোগটোৰ মুল কাৰণ বংশগত,তথাপি ধুমপান ইয়াৰ এক অন্যতম প্ৰধান কাৰক।এই ৰোগত দীৰ্ঘদিন ধৰি ভুগিলে শ্বাসনলীবোৰ নষ্ট হয়,ফলত হাওঁফাওঁলৈ অক্সিজেনৰ সৰবৰাহ কমি যায়।এই ৰোগৰ লক্ষণবোৰৰ ভিতৰত কফযুক্ত কাহ,উশাহ ল’ব নোৱাৰা অৱস্থা আৰু বুকুৰ ভিতৰৰ সংক্ৰমণেই প্ৰধান।বহুতে সাধাৰণ হাঁপানি ৰোগকো  চি.ও.পি.ডি. বুলি ভুল কৰে।সেয়ে ৰোগটোৰ লক্ষণবিলাকৰ বিষয়ে জানি লোৱা উচিত।

‘পুৰণি বাধাগ্ৰস্ত হাওঁফাওঁৰ ৰোগ’(COPD)দীৰ্ঘদিনীয়া এক যন্ত্ৰণাদায়ক ৰোগ।এই ৰোগ বংশগত যদিও প্ৰধানকৈ ধুমপান কৰা লোকৰ মাজতে বেছিকৈ হোৱা দেখা যায়।ধুলি আৰু ধোঁৱাজাতীয় অস্বস্তিদায়ক কাৰকৰ সংস্পৰ্শতো এই ৰোগ হোৱাৰ আশংকা বৃদ্ধি পায়।সেয়ে ঘৰখনত যদি কোনো বয়সস্থ লোকৰ এই ৰোগ হৈ আছে,তেনেহ’লে সেই পৰিয়ালৰ সদস্যসকলে যিকোনো ধৰণৰ ধোঁৱা আৰু ধুলিৰ পৰা আঁতৰি থাকক।

উৎস:স্বাস্থ্য আৰু দীৰ্ঘজীৱন

 

শেহতীয়া উন্নীতকৰণ: : 2/6/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate