অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভালে আছেনে শৰীৰ

ভালে আছেনে শৰীৰ

শৰীৰ কেনে আছে আজি আপোনাৰ?

কিছুদিন ধৰি গাটো বৰ ভাল নহয় নেকি?

ডাক্তৰৰ ওচৰলৈ যাম নে নাযাম, তাকে চিন্তা কৰি আছে নে সেইকণ সময়কে উলিয়াব পৰা নাই বাৰু?

কি বেমাৰ হ’ব পাৰে তাৰে হিচাপ-নিকাচতে ব্যস্ত আছে নেকি?

আপোনাৰ শৰীৰৰ কথা কাকো জনাব বিচৰা নাই নেকি?

বাদ দিয়ক এনেবোৰ কথা। অবাবত চিন্তা কৰি মনটো বেয়া কৰি বহি নাথাকিব। বেমাৰে আক্ৰমণ কৰিব পাৰে, যিকোনো মুহুৰ্ততে….তাৰ বিৰুদ্ধে যুঁজ দিবলৈ সাঁজু থাকক- যদি আপোনাৰ গাটো সঁচাকৈয়ে বৰ ভাল নহয় তেন্তে……..

  • পলম নকৰি চিকিৎসকৰ কাষ চাপক। আপোনাৰ শাৰিৰীক অসুবিধাৰ কথা অসুস্থতাৰ কথা মুকলিমূৰীয়াকৈ কওক। স্বাস্থ্য পৰীক্ষা কৰাওক। নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ এক অভ্যাস গঢ়ি তোলো আহক।
  • সুখৰ অভাৱেই অসুখ। মানৱ জীৱনত সুখ আমি পাওৱেই নো কিমান? পোৱাখিনিৰো স্থায়িত্বই নো কিমান? তাতেই যদি আকৌ লম্ভে অসুখে হাতত থাকিলেইনো কি? গতিকে গাত অসুখে দেখা দিয়াৰ লগে লগে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক-মিছাতে অসুখীয়া সময় দীঘলীয়া কৰাৰ অভ্যাস এৰো আহক।
  • কোনো বেমাৰকে সৰু বেমাৰ বুলি ধৰি ল’ব নালাগে। এনে মনোভাৱে কেতিয়াবা জটিল ৰোগোকো সাধাৰণ বুলি ভবাৰ মানসিকতাৰ জন্ম দিব পাৰে। মনত ৰাখিব লাগে বহু জটিল ৰোগৰ আৰম্ভণি বা বৰ্হিপ্ৰকাশ তেনে সাধাৰণ ভাবেই হয় আৰু আমাৰ আওকনীয়া মনোভাৱৰ বাবে কেৱল জটিল বা দুৰাৰোগ্য অৱস্থাতহে ধৰা পৰে বহু পলমকৈ।
  • সময়মতে আৰু সীমিত পৰিমাণে খোৱাৰ অভ্যাস গঢ়ি তোলো আহক। মনত ৰাখিব সীমিত পৰিমাণত খোৱাৰ অভ্যাসে আপোনাক দীৰ্ঘদিনলৈ সকলো ধৰণৰ সোৱাদ লাভৰ সুযোগ দিব পাৰে। তদুপৰি অতিৰিক্ত ভোজনে আপোনাৰ স্বাস্থ্যজনিত সমস্যা বৃদ্ধি তথা নতুন স্বাস্থ্য সমস্যাৰ সৃষ্টি কৰিব পাৰে।
  • আপোনাৰ বয়স হৈছে বুলি ভাবে নেকি? পাহৰি যাওক বয়সৰ কথা-‘It is better to be seventy years young than forty years old!’ (Oliver Wendell Holmes.) কাষৰ সেউজীয়া খেল পথাৰলৈ ওলাই আহক- আবেলি সময়ত এঘন্টামান খেলক, হাতত লৈ আহক ভলীবলটো, ফুলবলটো বা তাকো নহ’লে বাৰীৰ ঢাপত থকা ৰবাব টেঙা এটাকে খেলিবলৈ ছিঙি আনক। নিজে উভতি যাওক তাহানিৰ দিনলৈ। টুৱেন্টী নাইন, কল ব্ৰীজ, ৰামীৰ মায়াত জুম বান্ধি ভৰ দুপৰীয়াৰ পৰা সন্ধিয়ালৈকে বহি থকা বদ অভ্যাস এৰি দিওঁ বলক। এই অভ্যাস অকল দৃষ্টিকটুৱেই নহয়, সন্মানহানিকাৰক আৰু স্বাস্থ্যৰ বাবেও ক্ষতিকাৰক।
  • টি ভি চাই চাই ৰাতি দেৰিকৈ শোৱা আপোনাৰ পুৰণি অভ্যাস নেকি? আজিৰ পৰা এই অভ্যাস ত্যাগ কৰক। এটা সুন্দৰ স্বাস্থ্যৰ বাবে সুন্দৰ টোপনিৰ অতীব প্ৰয়োজন। আধৰুৱা টোপনিৰ অভ্যাসে আপোনাৰ শৰীৰত গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ জন্ম দিব পাৰে।
  • পুৱা সোনকালে বিচনা ত্যাগ কৰক। পাৰিলে এপাক-দুপাক খৰ গতিত ৰাজপথত/মুকলি পথাৰত খোজকাঢ়ক। অলপ সময়ৰ বাবে হ’লেও কেইটামান যোগাসন কৰক। ঘৰুৱা কাম বনৰ দৌৰা-দৌৰিৰ অজুহাতত যেন যোগাসনৰ পৰা আঁতৰি নাহে। এনে অভ্যাসে আপোনাক মানসিক প্ৰশান্তি দিব পাৰে। যিটো ঔষধ প্ৰয়োগৰ দ্বাৰা সহজসাধ্য নহয়।
  • দিনটোত পাৰিলে এটা ভাল গান শুনক, একপৃষ্ঠা অন্তত: সুখপাঠ্য ৰচনা পঢ়ক। কেনেবাকৈ এই দুটা অভ্যাস গঢ়ই তুলিব পাৰিলে জীৱনত আমনি অনুভৱ কৰিবলৈ সময় নাপাব। তদুপৰি আপুনি শুনি ভালপোৱা এটা গানে আপোনাৰ স্বাস্থ্যজনিত সমস্যা সাময়িকভাৱে হ’লেও বহুলাংশে হ্ৰাস কৰিব পাৰে।
  • সময় উলিয়াই ওচৰতে থকা মন্দিৰ দৰ্শনৰ চেষ্টা কৰক। আপোনাৰ ধৰ্মীয় অনুভূতি বিসৰ্জন নিদিওঁ মন্দিৰ দৰ্শন কৰিব পাৰে নেকি চাব। মন্দিৰৰ পৰিৱেশ এটা (ধূপ-ধূনা বন্তিৰ সুগন্ধি, যাগ-যজ্ঞৰ উত্তাপ, শংখ, ঘন্টা, বৰকাঁহ, খোল তাল আৰু হাত চাপৰিৰ সাংগীতিক মূৰ্চ্ছনা, ফুল-তুলসী-দুৱৰি-বেলপাতৰ প্ৰাকৃতিক পৰশ) ঘৰত সৃষ্টি কৰি লোৱাটো সম্ভৱপৰ কথাও নহয়। এনে এক পৰিৱেশৰ সংস্পৰ্শই আপোনাৰ স্বাস্থ্যজনিত সমস্যা লাঘৱ কৰিব পাৰিব পাৰে।
  • আপুনি ৰাগিয়াল বস্তুৰ আসক্ত নেকি? এই নাগপাশৰ পৰা মুক্ত হ’বলৈ আজিয়েই প্ৰতিজ্ঞাবদ্ধ হওক। আপোনাৰ এই বদ অভ্যাসৰ বাবে আপোনাৰ আন সদগুণ আনে নেদেখে। এই অভ্যাসে আপোনাৰ শৰীৰটোক ৰোগগ্ৰস্ততো কৰিছেই লগতে ই আপোনাৰ ঘৰুৱা সমস্যাৰো সৃষ্টি কৰিছে, তদুপৰি সামাজিক বাতাবৰণৰ স্খলনতো ইন্ধন যোগাইছে। মনত ৰাখিব এই নিচাযুক্ত দ্ৰব্যবোৰ আপুনি মই জনাতকৈ কেইবা গুণে অধিক ক্ষতিকাৰক। এনে এক ক্ষতিকাৰক বস্তুৰ প্ৰতি অহৈতুকী প্ৰীতি আজিয়েই পৰিত্যাগ কৰক।
  • ‘অসমীয়া মানুহে হাঁহিব নাজানে’। কিন্তু আজিকালি অসমীয়া মানুহে হাঁহিব নুখুজে। হাঁহিবৰ বাবে এটা বিশেষ দিন বা বিশেষ মুহুৰ্তলৈ ৰৈ থাকিব নালাগে। ‘Dont’ wait for extraordinary opportunities. Seize common occasions and make them great.’ (Orison sweet Marden).
  • ইমানৰ পিছতো আপুনি নিজৰ শৰীৰৰ যতন নল’বনে? হ’ব পাৰে শৰীৰ দুদিনীয়া-হ’লেও সেইটোৱেই আপোনাৰ একমাত্ৰ নিজা সম্পদ। গতিকে, “Take care of your body. It is the only place you have to live”.

লিখক: কমল চৌধুৰী, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate