অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভেজাল গাখীৰ দুগ্ধজাত সামগ্ৰী :

 

ভেজাল গাখীৰ সেৱন আৰু স্বাস্থ্য -

ভেজাল গাখীৰ খোৱাৰ ফলত মানুহে বদহজম, গেষ্ট্ৰাইটিছ, ডায়েৰিয়া, ডিচেণ্ট্ৰী আদি পেটৰ অসুখত ভোগাৰ উপৰি নানাবিধ ভয়াৱহ স্বাস্থ্যজনিত সমস্যাত ভুগিব লগা হয় । লেতেৰা- অপৰিষ্কাৰ পৰিৱেশত উৎপাদন কৰা বাবে আৰু দূষিত পানী মিহলোৱাৰ বাবেও গাখীৰ বীজাণুযুক্ত হয় । এনে বীজাণুযুক্ত গাখীৰ খোৱাৰ ফলত টিউবাৰকুলোছিছ, ব্ৰুছেলোছিছ, ডায়েৰিয়া, ডিচেণ্ট্ৰী, জণ্ডিচ, হেপাটাইটিছ, কিউ ফিভাৰ, ডিপথেৰিয়া, টাইফয়ড আদি ৰোগ হ’ব পাৰে । বনস্পতি অৰু ষ্টাৰ্চ মিহলোৱা গাখীৰ খালে ডায়েবেটিছ মেদবহুলতা হ’ব পাৰে । মিঠা কৰিবলৈ গ্লু’ক’জ মিহলোৱা গাখীৰ খালে ডায়েবেটিছ, মেদবহুলতা হ’ব পাৰে । কাপোৰ ধোৱা পাউদাৰ মিহলোৱা গাখীৰ খালে পেটৰ অসুখ, ডায়েৰিয়া হ’ব পাৰে। ইউৰিয়া মিহলোৱা গাখীৰ খালে বৃক্কৰ সমস্যা আৰু কাষ্টিক ছ’ডা মিহলোৱা গাখীৰ খালে উচ্চ ৰক্তচাপ আৰু হৃৎপিণ্ডৰ সমস্যাত ভোগা দেখা যায় । গাখীৰত মিহলোৱা ফৰমেলিনে কৰ্কট দেখা যায় । গাখীৰত মিহলোৱা ফৰমেলিনে কৰ্কট ৰোগ কৰিব পাৰে । ছিন্থেটিক গাখীৰ খোৱাৰ বাবে সৰু ল’ৰা-ছোৱালীবোৰ ‘লাইচিন’ নামৰ এবিধ এমাইনো এচিডহীনতাত ভোগে আৰু গৰ্ভৱতী মহিলাৰ গৰ্ভস্থ শিশুৰ বাঢ়নত বাধা আহে । আনকি গৰ্ভপাতো হ’ব পাৰে । জেনেটিক মডিফাইড ছয়া মিল্কত থকা ফাইটোষ্ট্ৰেজেন নামৰ স্ত্ৰী হৰমন’বিধ এষ্ট্ৰোজেন সমগোত্ৰৰ এক ৰাসায়নিক পদাৰ্থ । ই পুৰুষৰ শুক্ৰাণু হ্ৰাস কৰি সন্তান জন্ম দিব পৰা ক্ষমতা হ্ৰাস কৰিব পাৰে । তদুপৰি ই মহিলাৰ স্তন, জৰায়ু, যোনি আদিৰ কৰ্কট ৰোগ কৰাৰ উপৰি শিশুৰ স্বাস্থ্যৰ ক্ষতি কৰে । আনহাতে পশু খাদ্যত অত্যধিক কীটনাশক দ্ৰব্য , এণ্টিবায়’টিকৰ প্ৰয়োগ, পশুপালকৰ ক্ষেত্ৰত অত্যধিক এণ্টিবায়’টিক আৰু গ্ৰোথ প্ৰোমোটাৰৰ প্ৰয়োগ কৰাৰ ফলত গাখীৰত এইবোৰ নিৰ্গত হয় । এনে গাখীৰ খোৱাৰ ফলত মানৱ শৰীৰত প্ৰ্ৱেশ কৰা অৱশিষ্টভাৱে ৰৈ যোৱা, এণ্টিবায়’টিকবোৰে পিচলৈ মানৱ শৰীৰত এণ্টিবায়’টিক ৰেজিষ্টেণ্ট কৰাৰ উপৰি গ্ৰোথ প্ৰোমোটাৰবোৰে কৰ্কট ৰোগো সৃষ্টি কৰিব পাৰে ।

গাখীৰ ভেজাল কেনেকৈ কৰে -

 

সাধাৰণতে গাখীৰত তিনি শতাংশ বিশুদ্ধ পানী গ্ৰহণযোগ্য। কিন্তু গুৱাল বা দুগ্ধ উৎপাদকে গুড়ি গাখীৰ, নৈ-বিলৰ পানী, ষ্টাৰ্চ, বনস্পতি, গ্লুক’জ, চেনি, ইউৰিয়া, আলু, পিটিকা, মেলামিন আদি মিহলাই গাখীৰৰ ভেজাল কৰে । চৰ্বিৰ পৰিমাণ বৃদ্ধি কৰিবলৈ ইউৰিয়া চেনি, মেলামিন আদি মিহলায় । গাখীৰত সহজতে অণুজীৱ বৃদ্ধি হয় আৰু গাখীৰ ফাটি যায় । ইয়াক ৰোধ কৰিবলৈ গাখীৰত ফৰমেলিন, ব’ৰিক এচিড, কাষ্টিক ছ’ডা, ছ’ডিয়াম বাই কাৰ্বনেট, হাইড্ৰ’জেন পেৰ’ক্সাইড, কেলচিয়াম কাৰ্বনেট আদি প্ৰয়োগ কৰে । চাবোনৰ গুড়ি মিহলাই গাখীৰত ফেনৰ পৰিমাণ বৃদ্ধি কৰা হয় । গাই গৰু অথবা গাখীৰ দিব পৰা ম’হ আদি নোহোৱাকৈয়ে ইউৰিয়া, কাষ্টিক ছ’ডা, নিম্নমানৰ বনস্পতি আৰু চাবোনৰ গুড়ি মিহলাই তৈয়াৰ কৰা কৃত্ৰিম ছিন্থেটিক গাখীৰে বজাৰ ছানি ধৰিছে । সস্তীয়া হয় বাবে জনসাধাৰণেও এই গাখীৰ বহুলভাৱে প্ৰয়োগ কৰে । তদুপৰি পশুখাদ্যত অত্যধিক কীটনাশক দ্ৰব্য, এণ্টিবায়’টিকৰ প্ৰয়োগ, পশুপালন ক্ষেত্ৰত অত্যধিক এণ্টিবায়’টিক আৰু গ্ৰোথ প্ৰোমোটাৰৰ প্ৰয়োগ কৰাৰ ফলত গাখীৰত এইবোৰ নিৰ্গত হয় আৰু গাখীৰৰ ভেজালকৰণ হয় ।

ভেজাল কিয় কৰে -

ভাৰতবৰ্ষত গাখীৰ আৰু তাৰ পৰা প্ৰস্তুত কৰা দুগ্ধজাত খাদ্য-সামগ্ৰীবোৰ উৎপাদন, সংগ্ৰহ স্থান, পেকেজিং, সংৰক্ষণ, বিতৰণ আৰু বিক্ৰীকেন্দ্ৰ আদি সকলো স্তৰতে ভেজালকাৰীৰ হাতত ভেজাল হৈছে আৰু সমাজখনত গভীৰভাৱে শিপাই জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে । ভেজালকাৰীসকলে গাখীৰৰ পৰিমাণ বৃদ্ধি, গাখীৰৰ সংৰক্ষণৰ সময় বৃদ্ধি, গাখীৰৰ পৰা মূল মাখনখিনি কাঢ়ি কৃত্ৰিমভাৱে চৰ্বিৰ পৰিমাণ বৃদ্ধি তথা দুগ্ধজাত খাদ্য-সামগ্ৰী পনীৰ, বাটাৰ, ঘিউ, দৈ মিঠাই আদি প্ৰস্তুত কৰিবলৈ আৰু আকৰ্ষণীয় কৰিবলৈ বিভিন্ন উপায় অৱলম্বন কৰি বিভিন্ন ৰাসায়নিক আৰু আন পদাৰ্থ মিহলাই অমৃতৰুপী গাখীৰ আৰু দুগ্ধজাত সামগ্ৰী ভেজাল কৰি সমাজত অখাদ্য বিতৰণ কৰে । ২০১২ চনত ভাৰতৰ ৩৩ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত কৰা এক অধ্যয়নমতে ভাৰতবৰ্ষত জনসংখ্যা অনুপাতে গাখীৰৰ উৎপাদন আৰু চাহিদাৰ মাজত এক বৃহৎ পাৰ্থক্য আছে । এই চাহিদা পূৰণ কৰিবলৈও অনেক সময়ত ভেজাল গাখীৰ প্ৰস্তুত কৰা হয় ।

ভেজাল দুগ্ধজাত সামগ্ৰী -

ভেজাল গাখীৰৰ পৰা ভেজাল পনীৰ, মিঠাই, বাটাৰ আদি তৈয়াৰ হৈছে । তদুপৰি দুগ্ধজাত সামগ্ৰী ষ্টাৰ্চ, বনস্পতি, মাৰ্গেৰিন, আলু পিটিকা, অলিওমৰ্গেৰিনৰ দৰে জন্তুৰ চৰ্বি (অলিওমৰ্গেৰিন এবিধ গৰুৰ পৰা তৈয়াৰ কৰা চৰ্বি) মিহলোৱা হয় । এইবোৰে ডায়েবেটিছ, মেদবহুলতা সৃষ্টি কৰে । মিঠা দৈত বনস্পতি মিহলোৱা হয় । এইবোৰে ডায়েবেটিছ, মেদবহুলতা সৃষ্টি কৰে । আইচক্ৰীমত চেলুল’জ , ষ্টাৰ্চ, ক্ষতিকাৰক, কৃত্ৰিম ৰাসায়নিক ৰং, কীটনাশক Pepperonil, Enthyl acetate, Butraldehyde, Emil acetate, Nitrate, Washing poder আদি মিহলোৱা হয় । Enthyl acetate ৰ পৰা হাওঁফাওঁ, বৃক্ক, হৃৎপিণ্ড আদিৰ ৰোগ হ’ব পাৰে । যিহেতু আইচক্ৰীম খুব ঠাণ্ডা চেম্বাৰত বনোৱা হয়, সেয়েহে তাত আঠাজাতীয় আৰু কমকৈ গলা এবিধ গাম দিয়া হ’ব পাৰে। এই গামবিধ জন্তুৰ নেজ, নাক, পাকস্থলী আদি সিজাই তৈয়াৰ কৰা হয় । ই ডায়েবেটিছ, মেদবহুলতা, কৰ্কট ৰোগ আদি কৰিব পাৰে । মিঠাইত ক্ষতিকাৰক কৃত্ৰিম ৰাসায়নিক ৰং মিহলোৱা হয় । এই ক্ষতিকাৰক কৃত্ৰিম ৰাসায়নিক ৰংবোৰে কৰ্কট ৰোগ কৰিব পাৰে । পনীৰ, কনডেন্সড মিল্ক আদিত মিহলোৱা ষ্টাৰ্চে খাদ্যবিধৰ খাদ্যমূল্য কমোৱাৰ উপৰি ডায়েবেটিছ, মেদবহুলতা আৰু পেটৰ ৰোগ কৰে । ঘিত বনস্পতি, অলিওমাৰ্গেৰিন, আলু পিটিকা আদি মিহলাই ভেজাল কৰা দেখা যায় । এইবোৰে ডায়েবেটিছ, মেদবহুলতাৰ সৃষ্টি কৰে । ক্ৰীমত জিলেটিন ফৰমেলডিহাইড আদি মিহলোৱা হয় ।

চিনাক্ত কৰাৰ সহজ উপায় -

জনসচেতনতাৰ অভাৱত আমি এনেদৰে ভেজাল গাখীৰ আৰু দুগ্ধজাত সামগ্ৰী গ্ৰহণ কৰিবলগীয়া হৈছে । কিছুমান সহজ ব্যৱস্থাৰে আমি গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ গুণাগুণ ঘৰতে প্ৰমাণ কৰি চাব পাৰো । এঢলীয়া শিল এটুকুৰাত গাখীৰ ঢালি দিলে লাহে লাহে বগা দাগ এৰি বৈ গ’লে পানী নিমিহলোৱা আৰু খৰকৈ কোনো চিন নেৰাকৈ বৈ গ’লে পানী মিহলোৱা বুলি থিৰাং কৰিব পাৰি । কৃত্ৰিম আৰু গুড়ি গাখীৰ মিহলোৱা গাখীৰখিনি জিভাত দিলে তিতা লাগে । বনস্পতি মিহলোৱা অলপ গাখীৰত কেইড্ৰপমান এইচ চি এল, এচামুচ চেনি মিহলালে ৰঙা ৰং দেখা যাব। ষ্টাৰ্চ মিহলোৱা গাখীৰত আয়’ডিন মিহলালে এনে গাখীৰ নীলা হয় । মিঠা কৰিবলৈ গ্লুক’জ মিহলোৱা গাখীৰ ইউৰিয়াজ ষ্ট্ৰিপত দিলে গ্লুক’জ দেখাব । কাপোৰ ধোৱা পাউদাৰ মিহলোৱা হাতত লৈ ঘঁহি দিলে ফেন উঠিব। ইউৰিয়া মিহলোৱা অলপ গাখীৰত চয়াবিন মিহলাই ৰঙা লিটমাছ পেপাৰ ডুবালে নীলা হ’ব । এটা টেষ্ট টিউবত ১০ মি:লি: ফৰ্মেলিন মিহলোৱা গাখীৰ লৈ, টেষ্ট টিউবটোৰ ভিতৰৰ গাত ৫ মি:লি: Conc. Sulphuric acid ঢালি দিলে নীলা ৰিং এটা হৈ দুয়োবিধ পৃথক হৈ থাকিব । অলপ বাটাৰ, কেইড্ৰপমান হাইড্ৰ’ক্ল’ৰিক এচিড আৰু এচামুচ চেনি মিহলালে ৰঙা ৰং দেখা দিলে বুজা যায় যে বাটাৰখিনিত বনস্পতি মিহলোৱা হৈছে । আলু পিটিকা আৰু ষ্টাৰ্চ মিহলোৱা বাটাৰত আয়’ডিন মিহলালে বাটাৰখিনি নীলা হয় । অলপ মিঠা দৈ, কেইড্ৰপমান হাইড্ৰ’ক্ল’ৰিক এচিড আৰু এচামুচ চেনি মিহলালে ৰঙা ৰং দেখা দিলে বুজা যায় যে মিঠা দৈখিনি বনস্পতি মিহলোৱা। ষ্টাৰ্চ মিহলি আইচক্ৰীমত আয়’ডিন মিহলালে নীলা হয় । ক্ষতিকাৰক কৃত্ৰিম ৰাসায়নিক ৰং মিহলোৱা মিঠাই হাতেৰে চুই চালে কৃত্ৰিম ৰং হাতত লাগি আহে । অলপ ঘি, কেইড্ৰপমান হাইড্ৰ’ক্ল’ৰিক এচিড আৰু এচামুচ চেনি মিহলালে ৰঙা ৰং দিলে বুজা যায় যে এই ঘিখিনিত বনস্পতি মিহলোৱা হৈছে । আলু পিটিকা মিহলোৱা ঘিত আয়’ডিন মিহলালে ঘিখিনি নীলা হয় ।

লেখক: ডা: ধৰ্মকান্ত কুম্ভকাৰ

উৎস:- দেওবৰীয়া সম্ভাৰ

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate