অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰঙালী বিহু আৰু স্বাস্থ্য-বিজ্ঞান :

ৰঙালী বিহু আৰু স্বাস্থ্য-বিজ্ঞান :

 

প্ৰতিটো খিলঞ্জীয়া জাতিৰেই একোটি জাতীয় উৎসৱ থাকে। সেয়ে বিহু অসমীয়া জাতিৰ জাতীয় উৎসৱ । বিহু যদিও আমাৰ তিনিটা-ৰঙালী বিহুটোৱে বেছি প্ৰাধান্য পাই আহিছে । গৰু বিহুৰ দিনাখন অসমৰ প্ৰায়বোৰ প্ৰান্তত, বিশেষকৈ নামনি অসমত গা ধুবৰ সময়ত মানুহবোৰে এটি প্ৰলেপ দেহত মৰ্দন কৰা পৰিলক্ষিত হয় । সেই প্ৰলেপটো তৈয়াৰ কৰোতে তাত কিছুমান উপাদান মিহলোৱা হয় । সেইবোৰ হ’ল-

১) আমৰ বোল / কলি আম

২) কেঁচা হালধি

৩) আৰৈ চাউল

৪) দূবৰি বন

৫) মিঠা তেল / সৰিয়হৰ তেল

৬) গোধনাৰ্ক / গৰুৰ প্ৰস্ৰাৱ

এই সকলোবোৰ বটি-মেলি একেলগ কৰি মিশ্ৰণটো বা প্ৰলেপটো তৈয়াৰ কৰা হয় । স্নানৰ আগত সেই প্ৰলেপটোৰে শৰীৰত মালিচ কৰা হয় । বিশ্বাস কৰা হয় যে সিদিনাখন সেই প্ৰলেপটোৰে মালিচ কৰিলে হেনো কোনো প্ৰকাৰৰ চৰ্মৰোগ হ’ব নোৱৰে । এই জনবিশ্বাসটোৰ বৈজ্ঞানিক সত্যতা নোহোৱা নহয় । সাধাৰণতে দেখা যায় – প্ৰতিটো জনবিশ্বাস বৈজ্ঞানিক সত্যতাৰ ওপৰত গঢ়ি উঠা । মাথোঁ সেইবোৰৰ সঠিক বিশ্লেষণ দেখা নাযায় অথবা কমকৈ দেখা যায় । এই আলোচনাটোৰ মাজেদি আমি বুজিবলৈ চেষ্টা কৰো যে এই প্ৰলেপটো দৰাচলতে চৰ্মৰোগ প্ৰতিকাৰক অথবা প্ৰতিৰোধক হয় নে নহয় ।

প্ৰথমে আমি চাওঁ আমাৰ কলিৰ পুষ্টিগত উপাদান কি কি আছে । আমৰ কলি আমাৰ জনসমাজত সহজলভ্য । আমত আমি পোৱা পৌষ্টিক তত্ত্বসমূহ :-

শৰ্কৰা :- ফলৰ পৰা প্ৰাপ্ত শৰ্কৰা আমাৰ দেহৰ ছালখনৰ বাবে বিশেষ উপযোগী ।

ডায়েটাৰী ফাইবাৰ :- এই সৌত্ৰিক পদাৰ্থভাগে ছালখনৰ কোনো ক্ষতি নকৰাকৈ ব্ৰাছৰ কাম কৰে।

খাদ্যপ্ৰাণ ক (Vitamin A) :- শৰীৰৰ উজ্জ্বলতা বৃদ্ধিত সহায় কৰে।

খাদ্যপ্ৰাণ খ (Vitamin B):- এইবিধ খাদ্যপ্ৰাণৰ অন্তৰ্গত প্ৰতিবিধেই ইয়াত নিহিত হৈ থকাৰ হেতুকে ছালখনৰ বিভিন্ন ৰোগৰ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰে  ।

খাদ্যপ্ৰাণ গ (Vitamin C) :- এইবিধেও প্ৰতিৰোধৰ কাম কৰে ।

খাদ্যপ্ৰাণ ই (Vitamin E) :- ছালখনক চিৰযৌৱনা কৰি ৰখাত সহায় কৰে ।

বিভিন্ন প্ৰকাৰৰ খনিজ পদাৰ্থসমূহ , যেনে- কেলচিয়াম, লৌহ, মেগনেছিয়াম, মেংগানিজ, ফছফৰাছ, পটাছিয়াম, ছ’ডিয়াম, জিংক আদিৰে সমৃদ্ধ । এই খনিজ পদাৰ্থসমূহেও আমাৰ ছালখনক বিভিন্ন প্ৰকাৰে সতেজ কৰি ৰাখে ।

এইবাৰ চাওঁ আহক হালধিৰ বিষয়ে – হালধিত বৃহৎ অংকৰ প্ৰ’টিন আছে । চৰ্বি, খনিজ পদাৰ্থ,অত্যাৱশ্যকীয় তেলসমূহ, সৌত্ৰিক পদাৰ্থ আদি কৰি বহুতো স্বাস্থ্যবৰ্ধক উপাদান নিহিত হৈ আছে । এইবোৰৰ উপৰি কিছু অত্যাৱশ্যকীয় তেল-টাৰমেৰ’ন, জাৰমাক্ৰ’ন, এটলাণ্টোন, জিনঝিবাৰেন আদি প্ৰমুখ । লগতে কাৰকিউমিন আৰু কাৰকিউমিন’ইড আদি শক্তিশালী ৰোগ প্ৰতিৰোধী তত্ত্ব আছে । সেয়ে হালধি প্ৰাচীন কালৰ পৰাই প্ৰসাধন সামগ্ৰী হিচাপে ব্যৱহৃত হৈ আহিছে ।

তেনেদৰে সৰিয়হৰ তেলো ছালৰ বাবে উপকাৰী হিচাপে বৈদিক যুগৰ পৰাই ব্যৱহৃত হৈ আহিছে। সৰিয়হ তেলো বিভিন্ন ফেটী এচিডেৰে সমৃদ্ধ হোৱা হেতুকে এই প্ৰলেপটোত সংযোজন কৰা হৈছে বুলি ভবাৰ স্থল আছে ।

চাউলত আকৌ প্ৰ’টিন, চৰ্বি, ফাইবাৰ, অত্যাৱশ্যকীয় খনিজ পদাৰ্থ সম্ভাৰ, ভিটামিন-চি, ভিটামিন-বি গ্ৰুপ, ভিটামিন-এ, ভিটামিন-ই, ভিটামিন-কে আদি নিহিত হৈ আছে । সেয়ে প্ৰসাধনত চাউলৰ লেপ বৈদিক যুগৰ পৰাই ব্যৱহাৰ কৰি আহিছে । বহু আয়ুৰ্বেদিক প্ৰসাধন পাৰ্লাৰ বা প্ৰতিষ্ঠানসমূহত চাউলৰ প্ৰলেপৰ সহায়ত ছালৰ প্ৰতিকাৰ কৰা হয় । এইবোৰৰ ওপৰত গৱেষণামূলক আলোচনাৰ প্ৰয়োজন আছে ।

আন এবিধ বৈদিক যুগৰ পৰা প্ৰাধান্য পাই অহা ঘাঁহজাতীয় ঔষধি বন- সেইবিধৰ নাম ‘দূবৰি’।দূবৰি বনৰ ভেষজ আৰু ঔষধি গুণৰ ওপৰত বিস্তৃত বিশ্লেষণাত্মক আলোচনাৰ প্ৰয়োজন আজিও আছে । জনসমাজত দূবৰি বনৰ ঔষধি প্ৰয়োগ নোহোৱা নহয় । হয়তো তাৰেই প্ৰভাৱত এই প্ৰলেপটোতো সংযোজন ঘটিছে।

দূবৰি ৰক্তক্ষৰণ ৰোধক, চৰ্মৰোগ নাশক । ইয়াৰ সৈতে আন আন অনুপান মিহলাই গাঁৱৰ বৈদ্য বা কবিৰাজসকলে কিছুমান চিকিৎসা কৰা দেখা যায় ।

আন এবিধ সংযোজন হ’ল গোমূত্ৰ বা গোধনাৰ্ক । এইবিধ ঔষধি দ্ৰব্যৰ ওপৰত আজিও বিৰ্তকৰ সীমা নাই। সেই অনুপাতে গৱেষণাৰো প্ৰয়োজন আছে বা গৱেষণা কৰাই কৰিও আছে । পুৰাণ আদিত পোৱা যায় গো-মূত্ৰৰ মালিচেৰে কুষ্ঠৰ নিচিনা ৰোগো নাশ হয় । হয়তো এনেবোৰ কাৰণতে গো-মূত্ৰৰ সংযোজন ঘটিছে ।

প্ৰসংগক্ৰমে এটা কথা মনত আহিছে- এই মূত্ৰভাগ মতা গৰুৰ নে মাইকী গৰুৰ । সন্তান প্ৰসৱ কৰি উঠা গৰুৰ নে পোৱালি গৰুৰ-এইবোৰ কথাও বিবেচনা কৰাৰ প্ৰয়োজন নোহোৱা নহয় ।

যিহেতু এই আলোচ্য বিষয়টোৰ ওপৰত কোনো গৱেষণামূলক তথ্যৰ উন্মেষ পোৱা নগ’ল সেয়ে বিজ্ঞজনৰ পৰা অধিক তথ্য পাম বুলি আশা ৰাখিলো ।

লেখক : ডা: হীৰেন্দ্ৰ কুমাৰ ভাগৱতী

উৎস: জি এনআৰচি স্বাস্থ্য

 

 

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate