অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

Dietary supplement আৰু Anabolic Steroid ৰ বিষয়ে জানিবলগীয়া :

Dietary supplement আৰু Anabolic Steroid ৰ বিষয়ে জানিবলগীয়া :

 

বহুসময়ত আমি বিভিন্ন ধৰণৰ কথা শুনা পাও যে body building কৰিলে supplement লব লাগে৷ কিছুমানৰ মতে 'supplement ললে side effect আছে, প্ৰটিন পাউদাৰ দেহৰ বাবে ক্ষতিকাৰক আদি'৷ আকৌ মানুহে ভিটামিন supplement বোৰক বেমাৰ হলে খোৱা pill বুলিহে ভাৱে৷ বিভিন্ন সময়ত শুনা পাও steroid লোৱাৰ কথা৷ কিন্তু এইবোৰৰ বিষয়ে বিতংকৈ একো নাজানো৷ আহকচোন অলপ গভীৰতালৈ যাও৷

কিনো এই dietary supplement আৰু anabolic steroid ?(ইয়াৰ আগৰ লেখাত anabolic ৰ বিষয়ে বিতংকৈ লিখিছিলো, see link https://m.facebook.com/groups/454314858256232… ) আচলতে anabolic steroid বোৰ synthetic(man made) দ্ৰব্য যিবোৰ male হৰমন টেষ্টাষ্টৰণ গুণবিশিষ্ট(টেষ্টাষ্টৰণ ৰ বিষয়ে আগতে লিখিছো, see link Anabolic steroid ৰ কাম পেশীসমূহক ডাঙৰ কৰা আৰু শাৰীৰিক সক্ষমতা বঢ়োৱা৷

Diatery supplement বোৰ হল মুখেৰে গ্ৰহণ কৰা কিছুমান দ্ৰব্য যিবোৰত Diatery nutrient থাকে আৰু উদ্দেশ্য হল খাদ্যৰ দ্বাৰা নোপোৱা nutrient বোৰ গ্ৰহণ কৰা৷ এমিন এচিড, প্ৰটিন, ভিটামিন, মিনাৰেল, এনজাইম আদিবোৰ Diatery supplement ৰ প্ৰকাৰ৷ এইবোৰ পিল, কেপচুল, পাউডাৰ আদি আনকি বিস্কুটৰ দৰে আকাৰতো পোৱা যায়৷ 1994 চনত আমেৰিকাত DSHEA ( Dietary suppliment and health education Act) ত supplement ক " A nutrient, a formulation, or some compound that is drug free or natural" বুলি স্বীকৃতি দিয়ে৷

Anabolic steroid য়ে দেহৰ শ্ৰীবৃদ্ধি ঘটায়, বিশেষকৈ হাড় আৰু পেশীৰ৷ লোহিত ৰক্তকনিকাৰ বৃদ্ধিটো সহায়ক হয়৷ এইবোৰ মুখেৰে নাইবা ইনজেকচনৰ দ্বাৰা গ্ৰহণ কৰিব পাৰি৷ চিকিত্সা বিজ্ঞানতো ইয়াৰ বহুল ব্যৱহাৰ হয়৷ কিন্তু বেছিভাগ ক্ষেত্ৰতে ইয়াক দূৰ্ব্যৱহাৰহে কৰা দেখা যায়৷ বহু athlete য়ে দেহৰ muscle mass, strength আৰু performance বঢ়াবলৈ steroid ৰ দূৰ্ব্যৱহাৰ কৰে৷ steroid য়ে দেহৰ testastoron হৰমন normal level তকৈ বহুত বেছিকৈ stimulate কৰে৷ এইবাবে দেহৰ পেশীসমূহ অস্বাভাৱিকভাৱে বঢ়াত সহায় হয৷ কিন্তু ইয়াৰ ফলত লিভাৰ, কিডনী,হাৰ্টৰ বেমাৰ লগতে দেহৰ বিভিন্ন বিসংগতিয়ে দেখা দিব পাৰে৷
আনহাতে,
Dietary supplement বোৰ সঁচা অৰ্থত কবলৈ গলে normal খাদ্যৰ আন এটা ৰূপ৷ আজিকালি খাদ্যৰ ভেজালকৰণ আৰু অতিমাত্ৰা কীটনাশক প্ৰয়োগ আদি কাৰণত খাদ্যৰ quality আৰু তাত মজুত nutrient কমি যায়৷ ফলত এই খাদ্য খাই proper nutrient পোৱা নহয়৷ nutrient deficiency ৰ ফলত বিভিন্ন ৰোগে দেহত দেখা দিব পাৰে৷ supplement য়ে দেহৰ পৰা নোপোৱা পোষক তত্ব দেহক প্ৰদান কৰে৷ ফলত দেহৰ উচিত শ্ৰীবৃদ্ধি হয়৷ dietary supplement সকলোৱে গ্ৰহণ কৰিব পৰাকৈ সুৰক্ষিত৷ ইহঁতে দেহৰ immune system বঢ়ায় বাবে বহু বেমাৰৰ পৰা হাত সাৰিব পাৰি৷ যিসকল লোকে অত্যাধিক পৰিশ্ৰম, খেলা-ধুলা, compititive bodybuilding কৰে তেখেতসকলে supplement ব্যৱহাৰ কৰিব পাৰে৷

উপৰোক্ত কথাৰ পৰা জানিব পাৰো যে anabolic stedoid ৰ মুখ্য কাম দেহক অস্বাভাৱিক বৃদ্ধি কৰি তোলা৷ এইবোৰে আচলতে নিচাৰ দৰে কাম কৰে, এবাৰ দেহক ইয়াৰ খোৰাক দেহক দিয়াৰ ফলত এৰিব নোৱাৰা হয়৷ লগতে বিভিন্ন side effect আছেই৷
কিন্তু dietary supplement ৰ মুখ্য কামেই হল দেহক সহায় কৰা৷ ইয়াক নিৰ্ভয়ে ব্যৱহাৰ কৰিব পাৰি৷ মনত ৰাখিব সকলো বস্তু গ্ৰহণ কৰাৰ এটা উচিত পৰিমান থাকে৷ প্ৰয়োজনতহে ব্যৱহাৰ কৰিব৷ ভেজালৰ পৰা আঁতৰত থাকিব৷ মনত ৰাখিব যাতে আপুনি এটি সুস্থ জীৱন-যাপন কৰে, নিয়মিত খেলা-ধূলা, শাৰীৰিক পৰিশ্ৰম বা compititive bodybuilding ৰ বাবে এয়া হল nutritient ৰ এক perfect সম্বল

লেখক :- নয়ন এম কলিতা

উৎস ;- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

শেহতীয়া উন্নীতকৰণ: : 7/10/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate