অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বিদেশী নাগৰিকক ভাৰতলৈ অহাৰ ক্ষেত্ৰত নিৰ্দিষ্ট কেইটামান শাখাত অনুমতি প্ৰদানৰ বাবে ভিছা আৰু ভ্ৰমণৰ নিষেধাজ্ঞাত শিথিলতা

বিদেশী নাগৰিকক ভাৰতলৈ অহাৰ ক্ষেত্ৰত নিৰ্দিষ্ট কেইটামান শাখাত অনুমতি প্ৰদানৰ বাবে ভিছা আৰু ভ্ৰমণৰ নিষেধাজ্ঞাত শিথিলতা

ভাৰত চৰকাৰে যিসকল বিদেশী নাগৰিকক ভাৰতলৈ অহাৰ প্ৰয়োজনীয়তা আছে তেওঁলোকৰ ক্ষেত্ৰত নিৰ্দিষ্ট কেইটামান শাখাত ভিছা আৰু ভ্ৰমণৰ নিষেধাজ্ঞা শিথিল কৰাৰ বিষয়টো বিবেচনা কৰিছে৷ সেইবোৰ হৈছে-

  • বিদেশী ব্যৱসায়ীক সূচী বৰ্হিভূত বাণিজ্যিক/চাৰ্টাড বিমানযোগে ভাৰতলৈ আহিবলৈ ব্যৱসায়িক ভিছা(ক্ৰীড়াৰ বাবে বি-৩ ভিছা বাদ দি অন্যান্য)৷
  • গৱেষণাগাৰ আৰু কাৰখানাকে ধৰি ভাৰতীয় স্বাস্থ্য খণ্ডৰ সা-সুবিধাত কাৰিকৰী দিশত কাম কৰিবলৈ বিদেশী চিকিসা বৃত্তি, চিকিসা গৱেষণা, অভিযন্তা আৰু টেকনিছিয়ানৰ বাবে৷ এয়া ভাৰতৰ স্বীকৃতিপ্ৰাপ্ত তথা পঞ্জীয়নভূক্ত চিকিসা সুবিধা, পঞ্জীয়নভূক্ত ফাৰ্মাচিউটিকেল কোম্পানী বা স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা আমন্ত্ৰণ পত্ৰ লাভ কৰাৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব৷
  • ভাৰতত থকা বিদেশী সম্পত্তিৰ প্ৰতি লক্ষ্য ৰাখি বিদেশী অভিযান্তিক, ব্যৱস্থাপনা, ডিজাইন বা অন্যান্য বিশেষজ্ঞৰ ভাৰত ভ্ৰমণৰ বাবে৷ এইবোৰৰ ভিতৰত সকলো নিৰ্মাতা ইউনিট, ডিজাইন ইউনিট, ছফটৱেৰ আৰু আইটি ইউনিটৰ লগতে বিত্তীয় খণ্ডৰ কোম্পানী(বেংকিং আৰু অনা-বেংকিং বিত্তীয় প্ৰতিষ্ঠান) উল্লেখযোগ্য৷
  • ভাৰতত বিদেশত নিৰ্মিত যন্ত্ৰপাতি আৰু সা-সঁজুলিৰ সংস্থাপন, মেৰামতি আৰু ব্যৱস্থাপনাৰ বাবে ভাৰতৰ পঞ্জীয়নভূক্ত ব্যৱসায়িক গোষ্ঠীয়ে আমন্ত্ৰণ জনোৱা বিদেশী টেকনিছিয়ান আৰু অভিযন্তাই ভাৰত ভ্ৰমণৰ বাবে ভিছা লাভ কৰিব৷

বিদেশী নাগৰিকৰ ওপৰোক্ত শাখাসমূহে নতুন ব্যৱসায়িক ভিছা বা সংস্থাপন ভিছা ভাৰতীয় মিচন/বিদেশী পোষ্টৰ ক্ষেত্ৰত প্ৰযোজ্য৷ বিদেশী নাগৰিকসকলে এক দীৰ্ঘদিনৰ বাবে বৈধ থকা ব্যৱসায়িক ভিছা ভাৰতীয় মিচন/বিদেশী পোষ্টৰ দ্বাৰা জাৰি কৰা হ’ব৷ এনে বিদেশী নাগৰিকসকলৰ হাতত পূৰ্বতে কোনো ধৰণৰ ইলেক্ট্ৰনিক ভিছা নাথাকিলে ভাৰত ভ্ৰমণ কৰিবলৈ দিয়া নহ’ব৷

চৰকাৰী জাননী চাবলৈ ইয়াত ক্লিক কৰক

শেহতীয়া উন্নীতকৰণ: : 6/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate