ফিনলেণ্ডৰ গৱেষকৰ এটা দলে স্মাৰ্ট ফোনত ব্যৱহাৰ কৰিব পৰা অতি ক্ষুদ্ৰ চেন্সৰ প্ৰস্তুত কৰি তুলিছে। এই চেন্সৰটো স্মাৰ্ট ফোনত ব্যৱহাৰ কৰি কোনো এটা স্থানৰ বায়ুৰ নমুনা, উপস্থিত গেছৰ ধৰণ আৰু পৰিমাণ চিনাক্ত কৰিব পৰা যাব। গৱেষকসকলে জনাইছে যে, আন নহ’লেও এনে ধৰণৰ চেন্সৰ ব্যৱহৃত স্মাৰ্ট ফোনৰ যোগেৰে কোনো এজন ব্যক্তিয়ে কোঠাৰ ভিতৰৰ বায়ুৰ সমস্যাসমূহ নিৰ্ণয় কৰিব পাৰিব। ইয়াৰ লগত থকা আন স্বাস্থ্য সম্বন্ধীয় এপ্লিকেশ্যন ব্যৱহাৰ কৰি কোঠাৰ ভিতৰত থকা কাৰ্বন ডাই অক্সাইডৰ মাত্ৰাও নিৰ্ণয় কৰিব পৰা যাব। ফলত শোৱণি কোঠাটোত উপযুক্ত পৰিৱেশত আছেনে নাই সেয়াও নিৰ্ণয় কৰিব পৰা যাব।
এই চেন্সৰ আৰু এপ্লিকেশ্যন সমূহৰ বাবে ইতিমধ্যেই বিভিন্ন স্মাৰ্ট ফোন প্ৰস্তুতকাৰীসকলে আগ্ৰহ প্ৰকাশ কৰা বুলি ফিনলেণ্ডৰ ভিটিটি টেকনিকেল ৰিচাৰ্ছ চেন্টাৰৰ গৱেষকসকলে মত প্ৰকাশ কৰিছে।
উৎস: পিটিআই।
শেহতীয়া উন্নীতকৰণ: : 3/23/2020
অযথা বিষৰ ঔষধৰ ব্যৱহাৰে বিপদ মাতি আনে
অদৰকাৰী গছ-বনৰ দ্ৰব্য গুণ আৰু ব্যৱহাৰ
অগৰুৰ ব্যৱহাৰ
অনিষ্টজনক মুখাভ্যাস