অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কাৰ্বি আংলঙৰ ২৭ বিধ বাঁহ

কাৰ্বি আংলঙৰ ২৭ বিধ বাঁহ

প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ পাৰ্বত্য জিলা কাৰ্বি আংলং মূল্যৱান বনজ সম্পদ আৰু বনৌষধিতো চহকী। জিলা খনত ২৭ টা বাঁহৰ প্ৰজাতিৰ সন্ধান পোৱা গৈছে। জিলা খনৰ কেইবা খনো অৰণ্য আৰু পাহাৰীয়া দুৰ্গম অঞ্চলৰ পৰা বাহঁৰ প্ৰজাতি বোৰ সংগ্ৰহ কৰি আনি সম্প্ৰতি ডিফুত সংৰক্ষণ কৰা হৈছে। চেক্‌পুজিৰ চেক্‌চ, চেকদাইদাং, চেকবানবজাৰ, ফুনিহাম, টেৰেং, আৰলংচ, ইংহিন, চেককেপচ্‌, ফুনাই, ভুলুকা, চেক্‌বাংথুং, ফুটং, বুধিষ্ট, কেপছ আদি প্ৰজাতিৰ লগতে মুৰলি বাঁহ, কাঁইটীয়া বাঁহ, ভলুকা বাঁহ, পিঠা বাঁহ আৰু কাক বাঁহ আদি প্ৰজাতিৰ বাঁহ জিলা খনত পোৱা যায়। অৱশ্যে ২৭ টা প্ৰজাতিৰ বাঁহৰ ভিতৰৰে কেইটামানৰ এতিয়াও নামকৰণ হোৱা নাই। কাৰ্বি সকলে বাঁহক চেক্‌ বুলি হয়। অতীজতে  কাৰ্বি সকলে দৈনন্দিন জীৱনৰ সকলো আহিলা বাঁহৰ পৰাই সাজি লৈছিল। অৱশ্যে সময়ৰ পৰিৱৰ্তনৰ লগে লগে তেওঁলোকে বাঁহৰ ব্যৱহাৰ বহু খিনি কমাই দিলে। আনহাতে, বনাঞ্চল বিলাক ক্ৰমান্বয়ে ধ্বংস হ’বলৈ ধৰাত বাঁহৰ বহু প্ৰজাতি ধ্বংসৰ মুখলৈ গতি কৰিব ধৰিছে।

জিলা খনত প্ৰাপ্ত বাঁহৰ ভিন্ন প্ৰজাতিৰ ভিন্ন জনজাতিয়ে বিভিন্ন কামত ব্যৱহাৰ কৰি অহাৰ প্ৰমাণ পোৱা যায়। কাৰ্বি আংলং জিলা খনৰে ওখ পাহাৰ সিংহাসন পাহাৰত পোৱা চেক্‌চ বাঁহক বিভিন্ন ডিজাইনৰ কামত, আন উদ্ভিদক মেৰিয়াই থকা চেক্‌পুজিৰ বাঁহক টঙালি হিচাপে, একা-বেঁকা চেকদাইদাং বাঁহেৰে দা আৰু কুঠাৰৰ নাল, আঁচ থকা চেক্‌বাজাৰ বাঁহক কাৰ্ব পৰম্পৰাগত নৃত্য প্ৰদৰ্শনৰ বাবে, বিজুলী বাঁহ ঘৰৰ বেৰ নিৰ্মাণত ব্যৱহাৰ কৰা হয়। কাক বাঁহৰ চুঙাত খাদ্য ৰন্ধা, আলৰংচ বাঁহেৰে ডুলি নিৰ্মাণ, ইংহিন বাঁহেৰে ঘৰৰ মাৰলি, চেক্‌বাংথং বাঁহেৰে এছাৰি আৰু দা-কটাৰী নাল ৰুপে ব্যৱহাৰ কৰা হয়। শুং বেছি থকা ফুনিহাম বাঁহ ঘৰৰ যাৱতীয় কাম-কাজত ব্যৱহাৰ কৰাৰ লগতে পিঠা বাঁহত শ্যাম জনগোষ্ঠীয়ে পিঠা তৈয়াৰ কৰে। সাধাৰণতে জাতি বাঁহ, ভলুকা বাঁহ বা মুৰলি বাঁহ ঘৰুৱা বিভিন্ন কামত প্ৰয়োজন হয় যদিও ভিন্ন জনগোষ্ঠীয়ে ভিন্ন কামত বিভিন্ন প্ৰজাতিৰ বাঁহ ব্যৱহাৰ কৰি আহিছে। উপযুক্ত ৰক্ষণা বেক্ষণৰ অভাৱ, বনাঞ্চলত চলোৱা ধ্বংসযজ্ঞ, ঝুমখেতি, চোৰাং গছ ব্যৱসায়ী আদিৰ দৌৰাত্ম্যত চিৰসেউজ কাৰ্বি পাহাৰ প্ৰায় উদং হৈ পৰিছে। তাৰ লগে লগে বাঁহৰ প্ৰজাতি বিলাকো ক্ৰমান্বয়ে ধ্বংস হ’বলৈ ধৰিছে। বন বিভাগ আৰু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে উপযুক্ত ভাৱে ৰক্ষণা বেক্ষণ দি সম্প্ৰতি ডিফুৰ ৰিক্ৰিয়েশ্বন পাৰ্কত সংৰক্ষিত ২৭ টা প্ৰজাতিৰ বাঁহ বৈজ্ঞানিক পদ্ধতিৰে ব্যৱসায়িক ভাৱে ৰোপণ কৰি সংৰক্ষণ কৰিব পাৰিলে অৰ্থনৈতিক ক্ষেত্ৰত জিলা খন চহকী হৈ পৰিব বুলি ক’ব পৰা যায়।

লেখক: ভবেন কোচ, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 7/2/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate