অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গোলকীয় উত্তাপণ

গোলকীয় উত্তাপ হ’ল পৃথিৱীপৃষ্ঠৰ ঠিক উপৰিভাগৰ বায়ুৰ উষ্ণতা। সামগ্ৰিকভাৱে স্থলভাগৰ লগতে জলভাগকে ধৰি পৃথিৱীপৃষ্ঠৰ বায়ুৰ গড় উষ্ণতা হ’ল ১৫ ডিগ্ৰী ছেলছিয়াছ। বায়ুমণ্ডলৰ নিম্নস্তৰ ষ্ট্ৰ’পস্ফেয়াৰত কাৰ্বন-ডাই-অক্সাইড, মিথেন, জলীয় বাষ্প, নাইট্ৰাছ অক্সাইড, অ’জন আদি গেছ নথকা হ’লে পৃথিৱীপৃষ্ঠৰ নিচেই ওচৰত থকা বায়ুৰ উষ্ণতা ১৮ ডিগ্ৰী ছেলছিয়াছ হ’লহেতেন। গতিকে এই গেছবোৰৰ উপস্থিতিয়ে পৃথিৱীপৃষ্ঠৰ নিচেই ওচৰত থকা বায়ুৰ উষ্ণতা ৩৩ ডিগ্ৰী ছেলছিয়াছ পৰ্যন্ত বৃদ্ধি কৰাৰ ফলত গড় উষ্ণতা ১৫ ডিগ্ৰী ছেলছিয়াছ হৈছেগৈ।

খ্ৰীষ্টাব্দ

গড় উষ্ণতাৰ বৃদ্ধি

১৮৬০-১৯০০

০.৫০ ডিগ্ৰী ছেলছিয়াছ

১৯০০-২০০০

০.৯২ ডিগ্ৰী ছেলছিয়াছ

২০০০-২০৫০

৩.৫০ ডিগ্ৰী ছেলছিয়াছ হ’ব

সম্প্ৰতি, পৃথিৱীৰ পৃষ্ঠৰ বায়ুৰ গড় উষ্ণতা ১৫ ডিগ্ৰী ছেলছিয়াছৰ ওপৰত বাঢ়ি আছে। জৈৱিক ইন্ধনৰ পোৰা কাৰ্য, নিৰ্বনানীকৰণ, যান-বাহনৰ বৃদ্ধি আৰু উন্নত কৃষি পদ্ধতি ব্যৱস্থাৰ বিৰূপ ক্ৰিয়াৰ ফলত যোৱা শতিকাত পৃথিৱীপৃষ্ঠৰ বায়ুৰ উষ্ণতা ০.৭৪+০.১৮ ডিগ্ৰী ছেলছিয়াছলৈ বৃদ্ধি হয়গৈ। ২১ শতিকাৰ শেষ ভাগলৈ এই বৃদ্ধিৰ পৰিমাণ ১.১ ৰ পৰা ৬.৪ ডিগ্ৰী ছেলছিয়াছ হ’ব বুলি পৰিৱেশ বিজ্ঞানীসকল নিশ্চিত হৈছে।

গোলকীয় উত্তাপ বৃদ্ধিত অৰিহণা যোগোৱা প্ৰধান গেছকেইবিধৰ শতাংশ হাৰ এনেধৰণৰ:

১) জলীয় বাষ্প (H2O)……         (৩৬-৫২) শতাংশ।

২) কাৰ্বন-ডাই-অক্সাইড (CO2)…..     (৯-২৬) শতাংশ।

৩) মিথেন গেছ (CH4)……….        (৪-৯) শতাংশ।

৪) নাইট্ৰাছ অক্সাইড (N2O)……       (৩-৬) শতাংশ।

৫) অ’কন গেছ (O3)……..          (৩-৭) শতাংশ।

গোলকীয় উত্তাপ বৃদ্ধিৰ প্ৰধান কাৰণসমূহ

১) জলীয় বাষ্প: বায়ুমণ্ডলত প্ৰৱেশ কৰা সূৰ্য্যৰ পোহৰৰ অৱলোহিত ৰশ্মি জলীয় বাষ্প ই শোষণ কৰি লয়। ইয়াৰ উপৰি জলীয় বাষ্পৰ দ্বাৰা গঠন হোৱা মেঘতো অৱলোহিত ৰশ্মি শোষিত হয়। গতিকে আকাশত যিমান বেছি পৰিমাণৰ মেঘ থাকিব সিমানেই পোহৰৰ লগত নিহিত থকা তাপশক্তি শোষণৰ পৰিমাণো বাঢ়িব। ফলত গোলকীয় উত্তাপণৰ পৰিমাণ বৃদ্ধি পাব।

২) কাৰ্বন ডাই অক্সাইড: সৃষ্টিৰ পাতনিৰে পৰা এতিয়ালৈকে বিভিন্ন প্ৰকাৰৰ জুই, আগ্নেয়গিৰিৰ উদগীৰণ, পোৰা কাৰ্য, উদ্যোগসমূহত কয়লা, তেল আদি দহন কাৰ্যৰ বাবে বায়ুত কাৰ্বন-ডাই-অক্সাইড জমা হৈ আছে। এই কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণৰ গছ-গছনিয়ে বায়ুমণ্ডলত সাম্য অৱস্থাত ৰাখিবলৈ চেষ্টা কৰে। আনহাতে, সাগৰ তথা জলাশয়বোৰেও ব্যাপক পৰিমাণৰ কাৰ্বন-ডাই-অক্সাইড শোষণ কৰি লয়। ফলত সাগৰ পৃষ্ঠৰ উত্তাপৰ লগতে জলাশয়বোৰত থকা পানীৰ উত্তাপো বৃদ্ধি হয় আৰু ইয়ো গোলকীয় উত্তাপনত অৰিহণা যোগায়।

কাৰ্বন-ডাই-অক্সাইড উৎপাদন কৰা বিভিন্ন কাৰকসমূহ:

১) অৰণ্য ধ্বংস         ২৩.০ শতাংশ

২) যান-বাহন          ২২.৫ শতাংশ

৩) নানান ধৰণৰ উদ্যোগ   ১৬.০ শতাংশ

৪) তাপ বিদ্যুৎ প্ৰকল্প      ০২.৫ শতাংশ

৫) অন্যান্য            ৩৬.০ শতাংশ

উল্লেখযোগ্য যে এটা গৰুৱে প্ৰতি বছৰত ৭৩ হাজাৰ লিটাৰ মিথেন গেছ উৎপন্ন কৰে।

৪) নাইট্ৰাছ অক্সাইড: নাইলনৰ সামগ্ৰী তথা বয়-বস্তু, কয়লাৰ দহন, নাইট্ৰ’জেন যুক্ত সাৰৰ বিয়োজন আদি উৎসৰ পৰা নাইট্ৰাছ অক্সাইড এটা অণুৱে ২৩০ গুণৰো অধিক তাপ শোষণ কৰি গোলকীয় উত্তাপনত অৰিহণা যোগায়।

৫) অ’জন গেছ: বায়ুমণ্ডলীয় নিম্নস্তৰ ষ্ট্ৰ’পস্ফেয়াৰত ফটো ৰাসায়নিক প্ৰক্ৰিয়াৰ দ্বাৰা অৰ্থাৎ সূৰ্য্যৰ পোহৰত নাইট্ৰ’জেন অক্সাইডৰ বিয়োজন ঘটি অক্সিজেন অণু ‘O’ ৰ উৎপত্তি হয়। আৰু ই ‘O2’ ৰ লগত লগ লাগি ‘O3’ অৰ্থাৎ অ’জন গেছ সৃষ্টি কৰে। অৰ্থাৎ

NO2 ®NO+O

O+O2 ®O3 (অ’জন)

বৰ্তমান প্ৰযুক্তিবিদসকলে ক’ব খোজে যে টিভি, কম্পিউটাৰ আদি অহৰহ চলি থকা সময়তো বন্ধ কোঠাত অ’জন গেছ উৎপন্ন হয়। অ’জন গেছে অৱলোহিত ৰশ্মি শোষণ কৰি গোলকীয় উত্তাপ বৃদ্ধিত অৰিহণা যোগায়।

গোলকীয় উত্তাপ বৃদ্ধিত বিভিন্ন দেশৰ ভূমিকা এনেধৰণৰ:

১) আমেৰিকা যুক্তৰাজ্য     ২১.০ শতাংশ

২) ছ’ভিয়েট ইউনিয়ন     ১৪.০ শতাংশ

৩) ইউৰোপ            ১০.০ শতাংশ

৪) চীনদেশ            ০৭.০ শতাংশ

৫) ভাৰত             ০৪.০ শতাংশ

৬) অন্য দেশসমূহ        ৪৪.০ শতাংশ

এনেবোৰ কাৰক বাবে পৃথিৱীৰ গড় উষ্ণতা ক্ৰমান্বয়ে বাঢ়ি আছে আৰু এনেদৰে বাঢ়ি গৈ ২০৮০ চনৰ ভিতৰত গোলকীয় উত্তাপৰ পৰিমাণ বৃদ্ধি ৫.৫ ডিগ্ৰী ছেলছিয়াছ হ’বগৈ বুলি আশংকা কৰা হৈছে। এই পৰিমাণৰ হাৰত উষ্ণতা বৃদ্ধি হ’লে পৃথিৱীত বৰ্তি থকা জীৱজগত এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’ব, সাগৰ পৃষ্ঠ উত্থিত হ’ব, জৈৱ-বৈচিত্ৰ্যৰ অৱনতি হ’ব, জীৱৰ স্বাস্থ্যৰ হানি হ’ব ইত্যাদি।

গোলকীয় উত্তাপ বৃদ্ধিৰ মূল প্ৰভাৱসমূহ

জলবায়ুৰ পৰিৱৰ্তন

কোনো এটা অঞ্চলৰ জলবায়ু হ’ল সেই অঞ্চলটোৰ দীৰ্ঘদিনীয়া বতৰৰ সামগ্ৰিক অৱস্থা। জলবায়ুৰ পৰিৱৰ্তন হোৱা মানে বতৰৰ সামগ্ৰিক অৱস্থা এটাৰ পৰিৱৰ্তন হোৱা। অৰ্থাৎ অঞ্চলটোৰ সামগ্ৰিক পৰিৱেশ এটাৰ পৰিৱৰ্তন হোৱা। পৰিৱেশ বুলিলে সাধাৰণতে আমাৰ চাৰিওফালে থকা গছ-গছনি, জীৱ-জন্তু, বায়ু, পানী, মাটি আদি বিভিন্ন উপাদানসমূহৰ মাজত চলি থকা পাৰস্পৰিক ক্ৰিয়া-কলাপৰ সামগ্ৰিক ৰূপটোক বুজায়।

পৰিৱেশ এটাৰ পৰিৱৰ্তনৰ অনুপযোগী প্ৰভাৱৰ ফলত্ৰ পৰিৱেশৰ বিপৰ্যয় ঘটে। পৰিৱেশ বিপৰ্য্যয় ঘটে। পৰিৱেশ বিপৰ্যয় বুলি কওঁতে পৰিৱেশৰ অৱনতি হোৱা কথাটোকে বুজা যায়। ইউনাইটেড নেচনছ্‌ এনভাইৰণমেন্ট প্ৰগ্ৰেম আৰু বিশ্ব বতৰ সম্পৰ্কীয় সংস্থাই ১৯৮৮ চনত প্ৰতিষ্ঠা কৰা জলবায়ু পৰিৱৰ্তনৰ আন্ত:চৰকাৰী মণ্ডলীৰ (Intergovernmental Panel on climate change: IPCC) চতুৰ্থখন প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে সম্প্ৰতি পৰিৱেশৰ বিপৰ্যয় মানুহৰ দ্বাৰা হৈছে-৯০ শতাংশ আৰু প্ৰাকৃতিকভাৱে হৈছে দহ শতাংশ।

প্ৰাকৃতিকভাৱে হোৱা বিপৰ্যয়ৰ কথা ক’বলৈ গ’লে প্ৰাকৃতিক দুৰ্যোগ, যেনে-আগ্নেয়গিৰি উদ্‌গীৰণ, বনজুই, ভূমিকম্প, ছুনামি আদি পৰিঘটনাৰ দ্বাৰা বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইড, মিথেন আদিৰ পৰিমাণ বৃদ্ধি হৈ গৈ আছে বুলি ক’বই লাগিব। প্ৰাকৃতিক পৰিঘটনা যেন লাগে যদিও পৰোক্ষভাৱে হোৱা মানৱ-সৃষ্ট দুৰ্যোগসমূহ হ’ল-বানপানী, ভূমিস্খলন, খাদ্য সংকট আদি। এনে দুৰ্যোগৰ ফলত জৈৱ-বিচিত্ৰ্যৰ (জীৱৰ বিভিন্নতা বা বিচিত্ৰতাৰ অৱস্থা) অৱনতি, কৃষি উৎপাদন হ্ৰাস, দুৰ্ভিক্ষ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। পৰিৱৰ্তন হৈছে পৃথিৱীৰ বিভিন্ন অঞ্চলৰ জলবায়ু।

জলবায়ু পৰিৱৰ্তনৰ ওপৰত প্ৰভাৱ পেলোৱা মানুহৰ তিনিটা কাৰ্য হ’ল-

১) উদ্যোগীকৰণ

২) নগৰীকৰণ আৰু

৩) জনবিস্ফোৰণ।

ইয়াৰ ফলত ক্ৰমাগতভাৱে বৃদ্ধি পোৱা সেউজগৃহ প্ৰভাৱৰ কু-ফল, অ’জন স্তৰৰ অৱক্ষয় আৰু এচিড বৰষুণ আদি পাৰিৱেশিক সমস্যাবোৰ, নাইট্ৰাছ অক্সাইড, জলীয় বাষ্প, মিথেন আদি সেউজগৃহ গেছবোৰে সূৰ্য্যৰ বিকিৰিত ৰশ্মি ধৰি ৰাখি পৃথিৱী পৃষ্ঠৰ নিচেই ওচৰৰ বায়ুৰ উষ্ণতা বৃদ্ধিত অৰিহণা যোগাই আহিছে। এনে উষ্ণতাক গোলকীয় উষ্ণতা বুলিও কোৱা হয়। ফলত বতৰৰ আমূল পৰিৱৰ্তন হৈ একে কেইটা অঞ্চলতে হঠাতে বানপানী আৰু হঠাতে খৰাং পৰিস্থিতিৰ উদ্ভৱ হৈ জীৱকুলৰ বিলাই বিপত্তিৰ সীমা নোহোৱা হয়।

সম্প্ৰতি, বায়ুমণ্ডলৰ ষ্ট্ৰেট’স্ফিয়াৰত থকা অ’জন গেছৰ ঘনত্ব কমি গৈ আছে। কিয়নো ক্লৰ’ফ্ল’ৰ কাৰ্বন, কাৰ্বন মন অক্সাইড, কাৰ্বন ডাই অক্সাইড আদি গেছত থকা এটা কাৰ্বন পৰমাণুৱে এশটা অ’জন অণু ধ্বংস কৰি দিয়ে। ফলত সূৰ্য্যৰ পৰা বিকিৰিতি অতি বেঙুনীয়া অতি ৰশ্মিয়ে পৃথিৱীপৃষ্ঠ ঢুকি পায়হি। গতিকে অ’জন স্তৰৰ অৱক্ষয় হোৱা মানে পৃথিৱীত থকা জীৱ-কুলৰ বিপদ হোৱা। অ’জন স্তৰ অৱক্ষয়ৰ মূখ্য কাৰক ক্ল’ৰফ্ল’ৰ কাৰ্বন চমুকৈ চি এফ চি ৰ ব্যৱহাৰ সম্প্ৰতি বন্ধ কৰা হৈছে যদিও যোৱা শতিকাত যিমান পৰিমাণৰ চি এফ চি ব্যৱহাৰ কৰা হ’ল, তাৰ প্ৰভাৱ প্ৰায় এশ বছৰলৈ থাকিব বুলি জলবায়ু পৰিৱৰ্তনৰ আন্ত:চৰকাৰী মণ্ডলীৰ চতুৰ্থখন প্ৰতিবেদনত উল্লেখ কৰা হৈছে। এচিড বৰষুণে সৃষ্টি কৰা মৃত গছ-গছনি জহি-পচি মিথেন গেছ সৃষ্টি হোৱাৰ লগতে কাৰ্বন অক্সাইড উৎপাদনত অৰিহণা যোগায়।

এতিয়া ভূ-পৰিৱেশ বিজ্ঞানীসকলে ক’ব বিচাৰিছে যে জলবায়ুৰ পৰিৱৰ্তনে মৌচুমী বতাহৰ গতিৰ ওপৰতো প্ৰভাৱ পেলাইছে। তেওঁলোকৰ পৰ্য্যবেক্ষণ মতে, অঞ্চল সাপেক্ষে বৰষুণৰ সময় আৰু  পৰিমাণ দুয়োটাই সলনি হৈছে। ফলস্বৰূপে, ব্ৰক্ষ্মপুত্ৰৰ দৰে নদীবোৰ মৌচুমী বতাহৰ দ্বাৰা হোৱা বৰষুণেৰে পৰিপূৰ্ণ সময়খিনিৰ বাহিৰে বাকী সময়ত বহুতো নৈত পানী নাথাকিব। শুকান বালিৰে পূৰ্ণ নৈ হৈ থাকিব। ভূ-গৰ্ভৰ জলপৃষ্ঠ আৰু তললৈ বহি যাব। আধুনিক কৃষি পদ্ধতিৰ ক্ষেত্ৰত পানীৰ নাটনি এটা মূল বিষয় হৈ পৰিব। ২০৫০ চনৰ ভিতৰত খোৱা পানীৰ অভাৱে আমাৰ দেশত বৃদ্ধি হৈ থকা  জনসংখ্যাৰ বৃহৎ সংখ্যকৰে স্বাস্থ্যৰ অৱনতি ঘটাব। যাৰ ফলত ভাগৰ লগা, মূৰৰ বিষ, অৱসাদ আৰু মূৰ্চ্ছা যোৱা আদি বেমাৰৰ উপৰি বৃক্কীয় পাথৰজনিত ৰোগত ভোগা বেমাৰীৰ সংখ্যা বৃদ্ধি পাব।

জলবায়ুৰ পৰিৱৰ্তনক দুই ধৰণে প্ৰতিহত কৰিব পাৰি। যেনে-প্ৰশমণ আৰু অভিযোজন। প্ৰশমণ ব্যৱস্থাৰ মূল কথাটো হ’ল- শক্তিৰ ব্যৱহাৰত দক্ষতা বৃদ্ধি কৰা, যাতে সেউজগৃহ গেছ নিগৰ্মন কমকৈ হয়। সৌৰশক্তি, বতাহ শক্তি, জলবিদ্যুৎ শক্তি আদি নৱীকৰণযোগ্য উৎসৰপৰা অতি দক্ষ সম্পন্ন শক্তি আহৰণ কৰা ব্যৱস্থাই হ’ল মূলত প্ৰশমণ ব্যৱস্থাৰ একো একোটা উৎকৃষ্ট উদাহৰণ। অভিযোজন ব্যৱস্থা হ’ল মূলত: বিভিন্ন প্ৰাকৃতিক আৰু মানৱীয় কাম-কাজৰ সাল-সলনি ঘটোৱা। মাটি সংৰক্ষণ, পানী সংৰক্ষণ, খৰাং বতৰতো শস্য উৎপাদন, বানপানীৰ সময়তো শস্য উৎপাদন আদি ব্যৱস্থাবোৰ হ’ল জলবায়ুৰ পৰিৱৰ্তনক উপেক্ষণীয় হিচাপে লৈ কৌশলগত পদ্ধতিৰ পৰিৱৰ্তন ঘটোৱা একো একোটা অভিযোজন ব্যৱস্থা।

তদুপৰি আমি ব্যক্তিগতভাৱে সকলোৱে শক্তি ব্যৱহাৰত মিতব্যয়ী হ’বলৈ চেষ্টা কৰাৰ লগতে মাটি, পানী, গছ-গছনি আদি সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰি জলবায়ুৰ পৰিৱৰ্তন প্ৰতিহত কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা উচিত।

সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি

বতৰ বিজ্ঞানীসকলৰ মতে গোলকীয় উত্তাপৰ ফলত মেৰু অঞ্চলত থকা বৰফ গলি গৈ সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি হ’ব। পৰিৱেশ বিজ্ঞানীসকলে কৰা এক প্ৰকল্পৰ সমীক্ষা মতে অহা ১০০ বছৰত প্ৰতি বছৰে ৫ মিলিলিটাৰকৈ সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি হ’ব আৰু এই উচ্চতা ২০৮০ চনত ৯ ৰ পৰা ৪৮ ছে.মি. বৃদ্ধি হ’ব বুলি নিশ্চিত হৈছে, যদিহে সেউজগৃহ গেছ যেনে- CO2, CH4, CFC, N2O আদিৰ বৃদ্ধিৰ হাৰ অব্যাহত থাকে।

সাগৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধি হোৱাৰ লগে লগে বাহামা, মাল, লাক্ষা আদি বহুতো দ্বীপৰ লগতে উপকূলীয় অঞ্চলত থকা চহৰ-নগৰ যেনে-বেংকক, ছাংহাই, কাইৰো, ছিডনী, হামবুৰ্গ, ভেনিচ, মুম্বাইকে ধৰি পৃথিৱীৰ বিখ্যাত ১৫ খন নগৰ পানীত বুৰ যাব। এনে হোৱাৰ ফলত কৃষি উৎপাদনত অৰ্থাৎ খাদ্য-শস্য উৎপাদনত গভীৰ প্ৰভাৱ পৰিব আৰু কিছুমান উদ্ভিদ প্ৰজাতি লোপ পাব। সাগৰ পৃষ্ঠৰ উচ্চতা ১ মিটাৰ বাঢ়িলে ইজিপ্ট, বাংলাদেশ, ভাৰতবৰ্ষ আৰু চীনদেশৰ ব-দ্বীপ অঞ্চলৰ কৃষি সম্পূৰ্ণৰূপে বিধ্বস্ত হ’ব বুলি আশংকা কৰা হৈছে।

জৈৱ-বৈচিত্ৰ্যৰ অৱনতি

গোলকীয় উত্তাপ দ্ৰুত হাৰত বৃদ্ধি পালে জলচক্ৰৰ পৰিৱৰ্তন হৈ বৰষুণ অনিয়মিত হ’ব পাৰে বুলি বৰ্তমান বতৰ বিজ্ঞানীসকল নিশ্চিত হৈছে। সম্প্ৰতি, মৌচুমী বতাহৰ সময় আৰু গতিপথ পৰিৱৰ্তন হোৱা পৰিলক্ষিত হৈছে। যি অঞ্চলত অতিপাত বৰষুণ হৈছিল, সেই অঞ্চলত এতিয়া বৰষুণ কমি গৈ খৰাং পৰিস্থিতিৰ উদ্ভৱ হৈছে। ইয়াৰ ফলত এক বৃহৎ পৰিমাণৰ জৈৱ-বৈচিত্ৰ্যৰ অৱনতি হৈছে (জৈৱ-বৈচিত্ৰ্য হ’ল কোনো এক পৰিৱেশত থকা বিভিন্ন জীৱ-প্ৰজাতিৰ বিচিত্ৰ বা বিভিন্নতাৰ অৱস্থা)।

খৰাং পৰিস্থিতিৰ বিশ্বৰ বহুতো ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য আদি ধ্বংসপ্ৰাপ্ত হ’ব বুলি ঠাৱৰ কৰা হৈছে। গোলকীয় উত্তাপ বৃদ্ধিৰ লগে লগে বনজুইৰ প্ৰাদুৰ্ভাৱ বেছি হ’ব, বৰ্ষাসিক্ত অৰণ্য ব্যাপক পৰিমাণে বনজুইত জাহ যাব। ফলত জীৱৰ বাসস্থানৰ লগতে জীৱৰ পাৰিস্থিতিক অৱস্থা পাৰ্যমানে বিধ্বস্ত হ’ব। ইয়াৰ ফলস্বৰূপে জীৱই ইটোৰ লগতে সিটোৱে ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰি জীয়াই থকাতো এক গভীৰ সংকটৰ সন্মুখীন হ’ব।

জীৱ স্বাস্থ্যৰ অৱনতি

 

পৃথিৱীৰ গড় উত্তাপ বৃদ্ধিৰ বাবে জলবায়ুৰ পৰিৱৰ্তন সঘনাই হোৱাৰ ফলত জীৱ-জন্তু তথা মানুহৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। বিভিন্ন বেমাৰৰ বীজাণুৰ বংশবৃদ্ধি অধিক হ’ব, ম’হৰ প্ৰকোপ বাঢ়িব, বেমাৰ-আজাৰ, মহামাৰীৰ ব্যাপকতা বাঢ়িব। বিভিন্ন জীৱৰ লগতে মানুহৰ খাদ্যাভাসৰ পৰিৱৰ্তন হৈ জীৱসমূহ কিছুমান নাভূত-নাশ্ৰুত বেমাৰৰ গৰাহত পতিত হ’ব, অৰ্থাৎ অচিনাক্ত বেমাৰৰ সন্মুখীন হ’ব। কেনিয়া, ইণ্ডোনেছিয়া আদি দেশত মহ-মাখিৰ দ্বাৰা সোঁচৰা ৰোগ, যেনে-মেলেৰিয়া, এনকেফেলাইটিছ, ফাইলেৰিয়া আদি বেমাৰৰ প্ৰাদুৰ্ভাৱ বেছি হ’ব। শ্বাস-প্ৰশ্বাসজনিত বেমাৰ, লিউকোডাৰ্মা বা শ্বেতকুষ্ঠ, ছালৰ কৰ্কট ৰোগ, ছালৰ ৰোগ কিছুমান  দেশত বৃদ্ধি পাব।

মহাকাশ বিজ্ঞানীৰ সকীয়নি

নাছাৰ মহাকাশ বিজ্ঞানী জেমছ হানছেনে বিশ্ববাসীক সতৰ্ক কৰি দিছে যে বায়ুমণ্ডলত সেউজ গৃহ গেছে কেতিয়াবাই বিপদ সীমা অতিক্ৰম কৰিছে। এতিয়া বায়ুমণ্ডলক পুনৰ ১৯৮৮ চনৰ পৰ্য্যায়লৈ নিবলৈ হ’লে বিশ্ববাসীয়ে কঠোৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব লাগিব। মানুহৰ কাৰ্যকলাপৰ গতি একেই ধৰণে অব্যাহত থাকিলে অহা কেইবাদশকমানৰ ভিতৰতে বিশ্ববাসী গৰমত জ্বলি পুৰি মৰিব। যদি ইয়াৰ হাত সাৰিবলৈ কঠোৰ কাৰ্যপন্থা গ্ৰহণ কৰা নহয়, তেন্তে বিপদ অনিবাৰ্য। সেয়ে, সমগ্ৰ বিশ্ববাসীয়ে একত্ৰিত হৈ ২০৩০ চনলৈকে কয়লাচালিত শক্তি উদ্যোগসমূহ বন্ধ কৰি দিব লাগিব। তেতিয়া পৃথিৱীখন কাৰ্বন প্ৰদূষণৰ পৰা মুক্ত হ’ব পাৰিব।

অৱশ্যে, এটা কথা ঠিক যে গোলকীয় উত্তাপনৰ বাবে আমাৰ দেশত জাৰকালি মৃত্যু লোকৰ হাৰ কমিছে। আনহাতে জহকালি মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে। ই এটা সম্পূৰ্ণ বিপৰীত প্ৰক্ৰিয়া নহয়নে? যা হওক,

১ ডিগ্ৰী ছেলছিয়াছ বৃদ্ধি হ’লে: প্ৰতি বছৰে ৩ লাখ লোকৰ মৃত্যু হ’ব।

২ ডিগ্ৰী ছেলছিয়াছ বৃদ্ধি হ’লে: বিভিন্ন ঠাইৰ ১০ নিযুত লোক বানপানীৰ কবলত পৰিব।

৩ ছেলছিয়াছ বৃদ্ধি হ’লে: ৪ নিযুত লোক পানীৰ অভাৱত পৰিব আৰু ৫৫০ নিযুত লোক দুৰ্ভিক্ষৰ কবলত পৰিব।

৪ ছেলছিয়াছ বৃদ্ধি হ’লে: বতৰৰ আমূল পৰিৱৰ্তন হৈ হঠাতে বানপানীৰ সৃষ্টি হ’ব আৰু হঠাতে খৰাং পৰিস্থিতিৰ উদ্ভৱ হ’ব।

৫ ছেলছিয়াছ বৃদ্ধি হ’লে: হিমালয়ৰ হিমবাহ অদৃশ্য হ’ব। ভাৰত, বাংলাদেশ আৰু চীনদেশৰ বৃহৎ জনসংখ্যা বানপানীত ক্ষতিগ্ৰস্ত হয়।

মূলত: কাৰ্বনজনিত- সেউজগৃহ প্ৰভাৱ, অ’জন স্তৰৰ অৱক্ষয় তথা অ’জনবিন্ধ, এচিড বৰষুণৰ কুপ্ৰভাৱ আদি পাৰিৱেশিক সমস্যাসমূহৰ দৰে গোলকীয় উত্তাপনৰ বৃদ্ধি নিৰাময় কৰিব যোৱাতকৈ প্ৰতিৰোধ কৰিব পাৰিলে ভাল। এই সমস্যাসমূহ এতিয়া কোনো এটা এলেকাৰ বা কোনো এখন ঠাইৰ হৈ থকা নাই, ই হৈছে সম্পূৰ্ণ এটা বিশ্বব্যাপী সমস্যা। গতিকে এই সমস্যাসমূহৰ কাৰণ, প্ৰভাৱ আদি বিশ্বৰ সকলো লোকে জানি-বুজি লৈ সমাধানৰ বাবে কিছুমান পদক্ষেপ হাতত ল’ব লাগিব।

সমাধানৰ কিছুমান পথ

১) কয়লা, পেট্ৰ’ল আদিৰ ব্যৱহাৰ কম কৰিব পাৰিলে দহন কাৰ্যৰ পৰিমাণ হ্ৰাস হ’ব। ফলত বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ বৃদ্ধিৰ হাৰ কমিব।

২) জৈৱিক আৱৰ্জনা অযথা পচিবলৈ নিদি, তাৰ পৰা জৈৱ গেছ উৎপাদন কৰিবলৈ চেষ্টা কৰিলে বায়ুমণ্ডলত মিথেন গেছৰ বৃদ্ধিৰ হাৰ হ্ৰাস হ’ব।

৩) নাইট্ৰ’জেন জাতীয় সাৰৰ পৰিৱৰ্তে জৈৱিক সাৰ ব্যৱহাৰ কৰিলে নাইট্ৰাছ অক্সাইডৰ উৎপাদন কম হ’ব। ফলত বায়ুমণ্ডলত অ’জন গেছৰ বৃদ্ধিৰ হাৰ কমিব।

৪) মটৰগাড়ী, বৈদ্যুতিক যন্ত্ৰ আদিত পেট্ৰ’ল, ডিজেল, এল পি জি আদি ব্যৱহাৰৰ পৰিৱৰ্তে হাইড্ৰ’জেন গেছ প্ৰৱৰ্তনত গুৰুত্ব আৰোপ কৰিব লাগিব। তেতিয়াহে গোলকীয় উত্তাপ বৃদ্ধি কিছু পৰিমাণে নিয়ন্ত্ৰণ হ’ব।

৫) নিৰ্বনানীকৰণ ৰোগ কৰি পুনৰ বনানীকৰণ কৰি তথা অৰণ্য সংৰক্ষণৰ ব্যাপকতাৰ যোগেদি কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ সীমিত অৱস্থাত ৰাখিবলৈ চেষ্টা কৰা উচিত, যাতে পৃথিৱীৰ পৃষ্ঠৰ উষ্ণতা আৰু অধিক বৃদ্ধি নহয়।

সিদ্ধান্ত

পৰিৱেশ বিজ্ঞানীসকলে মন্তব্য কৰিছে যে বতৰৰ পৰিৱৰ্তন সঘনাই হোৱাৰ মূলতে হ’ল গোলকীয় উত্তাপ বৃদ্ধি। সম্প্ৰতি, বিজ্ঞানীসকল নিশ্চিত হৈছে যে গোলকীয় উত্তাপ বৃদ্ধিত ক্ল’ৰোফ্ল’ৰোকাৰ্বন গেছে কোনো ধৰণৰ অৰিহণা যোগাই থকা নাই। কিন্তু এই গেছৰ পৰা হৈ যোৱা কাৰ্য্যৰ যি প্ৰভাৱ, সি এশ বছৰলৈ থাকিব। ‘গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত হোৱা জলবায়ুৰ পৰিৱৰ্তনৰ বাবে আধুনিক মানৱ সমাজেই দায়ী আৰু ইয়াৰ ভৱিষ্যৎ সমাধান আমাৰ হাতত’ – এই সম্পৰ্কে কৰা বিস্তৃত অধ্যয়নৰ স্বীকৃতি স্বৰূপে প্ৰাক্তন আমেৰিকান উপ-ৰাষ্ট্ৰপতি এলবাৰ্ট আৰ্ণলড গোৰে আৰু জলবায়ু পৰিৱৰ্তনৰ আন্ত:চৰকাৰী মণ্ডলী Intergovernmental Panel on Climate Change: (IPCC) ৰ  অধ্যক্ষ তথা ভাৰতীয় গৱেষক ড০ ৰাজেন্দ্ৰ কুমাৰ পাচৌৰীক ২০০৭ চনৰ শান্তিৰ ন’বেল বটা প্ৰদান কৰা হয়।

লিখক: মহানন্দ পাঠক, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 7/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate