অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গৰু আৰু জলবায়ু পৰিৱৰ্তন

গৰু আৰু জলবায়ু পৰিৱৰ্তন

গৰু প্ৰসংগই সম্প্ৰতি তোলপাৰ লগাই আছে ভাৰতীয় ৰাজনীতি। অৱশ্যে কেৱল সাম্প্ৰতিক সময়খিনিতে নহয়, দীৰ্ঘকাল ধৰি গৰুৱে ভাৰতীয় ৰাজনীতিক প্ৰভাৱিত কৰি আহিছে। প্ৰশ্নটো গৰুৰ মঙহ খোৱা-নোখোৱাক লৈ। ঠিক এইখিনি সময়তে জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় আলোচনালৈ আহিছে গৰু। অৱশ্যে কেৱল গৰু নহয়, এই আলোচনালৈ সকলো পশুধনেই আহিছে। পিছে গৰু প্ৰসংগই এই আলোচনাত বিশেষ স্থান লাভ কৰিছে। এচাম বিশেষজ্ঞৰ মতে, বিশ্বৰ জলবায়ু পৰিৱৰ্তনত গৰুকে প্ৰমুখ্য কৰি অন্যান্য জন্তুৰ পোহনীয়া আৰু বনৰীয়া উভয়েই বেছ প্ৰভাৱ আছে। সম্পৰ্কটো আশ্চৰ্যকৰ। কিন্তু বিজ্ঞানীসকলেতো আশ্চৰ্যকৰ চিন্তাকেই কৰে। হিচাপ কৰি উলিওৱা মতে বিশ্বত সম্প্ৰতি ১৯০০ কোটি পোহনীয়া পশুধন আছে, ইয়াৰে সৰ্ব্বাধিক সংখ্যক হ’ব গৰু। সেই বাবেই জলবায়ু পৰিৱৰ্তনত সকলো পশুধনৰে অৰিহণা স্বীকাৰ কৰিও এইক্ষেত্ৰত গৰুক বেছি গুৰুত্ব দিয়া হৈছে। পশুধনে, বিশেষকৈ গৰুৱে বাৰু কেনেদৰে জলবায়ু পৰিৱৰ্তনত প্ৰভাৱ পেলাইছে? এইটো ঠিক যে সমগ্ৰ পশুধনৰ অৰ্থমূল্য ১.৩ ত্ৰিলিয়ন অৰ্থাৎ ১৩ হাজাৰ কোটি মাৰ্কিন ডলাৰ। এই বৃহৎ পশুধনে সৃষ্টি কৰে ১৩০০ কোটি চাকৰিৰ। এই বৃহৎ পশুধনক খুৱাবৰ বাবে প্ৰয়োজনীয় খাদ্য উৎপাদনৰ বাবে প্ৰয়োজন হোৱা ভূমীৰ পৰিমাণ বিশ্বৰ মুঠ কৃষিভূমিৰ ৩৩ শতাংশ। খাদ্য উৎপাদন প্ৰক্ৰিয়াত হোৱা মিথেন আৰু নাইট্ৰাছ অক্সাইডে বিশ্বৰ সেউজ গৃহ গেছলৈ আগবঢ়ায় ১৪.৫ শতাংশ অৰিহণা। বিজ্ঞানীসকলৰ মতে, বায়ুমণ্ডললৈ এৰি দিয়া মুঠ মিথেনৰ এক তৃতীয়াংশ উৎপাদন হয় পশুধন ক্ষেত্ৰত; আনহাতে, দুই-তৃতীয়াংশ নাইট্ৰাছ অক্সাইডৰ উৎসও এই ক্ষেত্ৰখনেই। আকৌ, ইমান বৃহৎ সংখ্যক পশুধনৰ খাদ্যই নিৰ্বননিকৰণো ঘটায়। এই প্ৰক্ৰিয়াত বায়ুমণ্ডলত মিহলি হয় মুঠ নিৰ্বননিকৰণজনিত কাৰ্বন-ডাই অক্সাইডৰ ০.৯ শতাংশ। স্মৰ্তব্য যে যদিও বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ আয়ুস্কাল মিথেনতকৈ কেইবাগুণো বেছি, পিছে মিথেনৰ গোলকীয় উত্তাপন ক্ষমতা কাৰ্বন-ডাই-অক্সাইডতকৈ ৬৪ গুণ বেছি। নাইট্ৰাছ অক্সাইডৰ ক্ষেত্ৰত এই ক্ষমতা কাৰ্বন-ডাই–অক্সাইডতকৈ ২৬৫ গুণ বেছি। পশুধন ক্ষেত্ৰৰ পৰা যিহেতু কাৰ্বন-ডাই-অক্সাইডতকৈ মিথেন আৰু নাইট্ৰাছ অক্সাইড বায়ুমণ্ডলে বেছিকৈ পায়, এতেকে ক’বই পাৰি যে জলবায়ু পৰিৱৰ্তনত পশুধন ক্ষেত্ৰৰ থাকিব বেছ প্ৰভাৱশালী ভূমিকা।

পশুধন সমগ্ৰ পৃথিৱীৰে সম্পদ। সেয়ে এই ক্ষেত্ৰখনে জলবায়ু পৰিৱৰ্তনত পেলোৱা প্ৰভাৱো বিশ্বজনীন। পিছে ভাৰতীয় উপ-মহাদেশত পোহনীয়া পশুধনৰ স্ংখ্যা বেছি। সেয়ে জলবায়ু পৰিৱৰ্তনত পশুধন ক্ষেত্ৰৰপৰা হোৱা প্ৰভাৱৰ অংশও ভাৰতীয় উপমহাদেশৰ বেছি। প্ৰক্ৰিয়াটোত ভাৰতীয় উপ-মহাদেশে আন এটা পথেৰেও প্ৰভাৱ পেলাইছে বা অৰিহণা যোগাইছে। সেয়া হ’ল- বিশেষকৈ গৰুৰ গোবৰৰ ইন্ধন হিচাপে হোৱা ব্যৱহাৰ। ভাৰতীয় উপ-মহাদেশৰ বিশেষকৈ সিন্ধু আৰু গ্ংগা উপত্যকাত গৰুৰ গোবৰক ৰন্ধন ইন্ধন হিচাপে ব্যাপক মাত্ৰাত ব্যৱহাৰ কৰা হয়। এইবিধ সামগ্ৰীৰ দহনত যি ব্লেক কাৰ্বন বা ধোঁৱা উত্পন্ন হয়, সি কাৰ্বন-ডাই-অক্সাইডতকৈ কেইবাগুণো বেছি মাত্ৰাত জলবায়ু পৰিৱৰ্তনক প্ৰভাৱিত কৰে। সেয়ে দৰিদ্ৰ লোকৰ এইবিধ ইন্ধন সম্প্ৰতি জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় আলোচনাৰ বিশেষ বিষয় হৈ উঠিছে। পশুধন দৰিদ্ৰ  মানুহৰ জীৱিকাৰ উৎস; গোবৰ ইন্ধনো এনে শ্ৰেণীৰ লোকৰে নিত্য ব্যৱহাৰ্য সামগ্ৰী। জলবায়ু পৰিৱৰ্তনত এই দুবিধ সামগ্ৰীয়ে প্ৰভাৱ পেলোৱাৰ অভিযোগেৰে ইয়াৰ ব্যৱহাৰ নিষিদ্ধ কৰি বিশেষকৈ ভাৰতীয় উপ-মহাদেশৰ দৰিদ্ৰ শ্ৰেণীটোক নিশ্চিহ্ন কৰাৰ ষড়যন্ত্ৰ উন্নত দেশবোৰে কৰিছে বুলি অভিযোগ চৰ্চিত হৈছে। ভাৰতীয় উপ-মহাদেশৰ চৰকাৰ কেইখনে বিশেষকৈ ভাৰত চৰকাৰে এইক্ষেত্ৰত স্পষ্টকৈ একো নোকোৱাৰ অভিযোগত চৰ্চিত হৈছে। বিষয়টোত ভাৰত চৰকাৰে শীঘ্ৰে স্পষ্ট স্থিতি আৰু নীতি ঘোষোণা নকৰিলে উন্ন্ত দেশবোৰে পশুধন পালন জোৰ কৰি বন্ধ কৰি দিয়াৰ শ্ংকাৰ বিষয়টো চৰ্চিত হৈছে। অৱশ্যে সমগ্ৰ বিষয়টো পৰিস্কাৰ হ’বলৈ কিছু সময়ৰ প্ৰয়োজন হ’ব।

পুলিন কলিতা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 7/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate