প্ৰাকৃতিক সম্পদসমূহৰ সুপৰিকল্পিত, বিজ্ঞানভিত্তিক ব্যৱহাৰৰ দ্বাৰা ইয়াৰ সুৰক্ষা নিশ্চিত কৰা আৰু ধ্বংসপ্ৰাপ্ত সম্পদসমূহৰ পুনৰুদ্ধাৰৰ ব্যৱস্থা কৰাকে প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ বোলে। ১৯৪৮ চনত প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ বাবে আন্তৰ্জাতিক সংস্থা গঠন হয়।
সংৰক্ষণৰ লক্ষ্য আৰু উদ্দেশ্য
উদ্ভিদ আৰু প্ৰাণীকুল আৰু সিহঁতৰ আৱাসস্থল ৰক্ষা কৰিবৰ বাবে সংৰক্ষিত অঞ্চলক অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান, জীৱমণ্ডল সংৰক্ষিত অঞ্চল হিচাপে আছুতীয়াকৈ ৰখা হৈছে। গছ-ৰোপণ, কৃষিকৰ্ম, গৰু-ম’হ চৰোৱা, গছ কটা, চিকাৰ কৰা আৰু চোৰাং চিকাৰ আদি তাত নিষিদ্ধ।
অভয়াৰণ্য
প্ৰাণীসমূহক আৰু সিহঁতৰ আৱাসস্থলীৰ কোনো ধৰণৰ ক্ষতি সাধন নকৰাকৈ সুৰক্ষা প্ৰদান কৰা অঞ্চল।
ৰাষ্ট্ৰীয় উদ্যান
ই বন্যপ্ৰাণীৰ এনে এডোখৰ সুৰক্ষিত অঞ্চল, য’ত প্ৰাণীসমূহে স্বাধীনভাৱে বাস কৰি অঞ্চলটোৰ প্ৰাকৃতিক সমলবোৰ ব্যৱহাৰ কৰিব পাৰে।
জীৱমণ্ডল সংৰক্ষিত অঞ্চল
বন্যপ্ৰাণী, উদ্ভিদ আৰু প্ৰাণীজাত সম্পদসমূহৰ লগতে সেইবোৰ অঞ্চলত বাস কৰা জনজাতিসকলৰ পৰম্পৰাগত জীৱন শৈলী সংৰক্ষণ কৰিবলৈ সুৰক্ষা প্ৰদান কৰা ভূ-অঞ্চল।
যিবোৰ প্ৰাণী আৰু উদ্ভিদৰ প্ৰজাতি একেবাৰে বিলুপ্তিৰ সীমাত বা বিলুপ্তিৰ একেবাৰে কাষ পাইছেগৈ তেনেকুৱা জীৱৰ প্ৰজাতিকে বিপন্ন প্ৰজাতি বোলে। প্ৰাণীৰ বিলুপ্তি সংঘটিত হয় বহুতো কাৰণৰ বাবে, তেনেকুৱাবিলাক হ’ল-
সংৰক্ষণৰ পদ্ধতি
কিছুমান ভাবুকিগ্ৰস্ত বন্যপ্ৰাণী: যেনে কৃষ্ণ মৃগ, বগা চকুৱা-ছাগলী, হৰিণ, হাতী, সোণালী মেকুৰী, গোলাপী মূৰীয়া হাঁহ, ঘঁৰিয়াল, জলাহৰ ঘঁৰিয়াল, অজগৰ, গঁড় ইত্যাদিবাৰক আমাৰ অভয়াৰণ্যবোৰত ৰক্ষণা-বেক্ষণ দিয়াৰ লগতে সংৰক্ষণ কৰা হৈছে। পৰ্ণপাতী অৰণ্য, পৰ্বতীয়া অৰণ্য, ঘাঁহনি আৰু ডাঙৰ নদী ব-দ্বীপৰে সৈতে ভাৰতীয় অভয়াৰণ্যসমূহৰ দৃশ্য মনোৰম।
ৰাষ্ট্ৰীয় উদ্যান
নাম |
এলেকা বৰ্গ কিঃমিঃ |
মুখ্য আকৰ্ষণ |
জিলা |
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান |
৮৫৮.৯৮ |
গঁড়, বাঘ, হাতী, হলৌবান্দৰ, ভালুক, বনৰীয়া ম’হ, দল হৰিণ, বনৰীয়া গৰু, শিহু, উদ |
গোলাঘাট, নগাঁও |
মানাহ ৰাষ্ট্ৰীয় উদ্যান |
৫০০.০০ |
বাঘ, বনৰীয়া ম’হ, হাতী, সোণালী বান্দৰ, উলুমৰা, খাগৰি কটা শহা, বনৰীয়া গৰু, ৰাং কুকুৰ |
বাগছা আৰু চিৰাং |
ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান |
৩৪০.০০ |
বন ঘৰচীয়া ঘোঁৰা, দেওহাঁহ, বনৰীয়া ম’হ, ভেৰ পিতনি |
তিনিচুকীয়া |
নামেৰী ৰাষ্ট্ৰীয় উদ্যান |
২০০.০০ |
বাঘ, দেওহাঁহ, চাৰি প্ৰজাতিৰ ধনেশ, পিঠিয়া মাছ |
শোণিতপুৰ |
ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান |
৭৮.৯৫ |
গঁড়, বাঘ, উলুমৰা, উদ, মালজুৰীয়া হাতী |
দৰং |
বন্যপ্ৰাণী অভয়াৰণ্য
গৰম পানী |
৬.০৫ |
হাতী, গৰম পানীৰ উহ |
কাৰ্বি আংলং |
লাওখোৱা |
৭০.১৩ |
হাতী, বাঘ, উলুমৰা, বনৰীয়া ম’হ, |
নগাঁও |
বৰনদী |
২৬.২২ |
খাগৰি কটা শহা, নলগাহৰি, হাতী, বাঘ ৰাজ ধনেশ, ৰাং কুকুৰ, ম’ৰা চৰাই |
দৰং |
চক্ৰশিলা |
৪৫.৫০ |
সোণালী বান্দৰ, বনৰীয়া গৰু, সুগৰি পহু, শৰ পহু |
কোকৰাঝাৰ |
বুঢ়া চাপৰি |
৪৪.০৬ |
হাতী, জলচৰ পক্ষী, বাঘ, উলুমৰা, বনৰীয়া ম’হ, |
শোণিতপুৰ |
পানী দিহিং |
৩৩.৯৩ |
পৰিভ্ৰমী চৰাই, সাময়িক ভ্ৰমৰত হাতী, জলাহ |
শিৱসাগৰ |
হোলোংপাৰ গিবন |
২০.৯৮ |
সাত প্ৰজাতিৰ বান্দৰ (হলৌ বান্দৰ, নেজহীন সেন্দুৰীয়া বান্দৰ, টুপিমূৰীয়া বান্দৰ, গাহৰি নেজীয়া বান্দৰ, মলুৱা বান্দৰ, লাজুকি বান্দৰ, সাধাৰণ বান্দৰ), হাতী, নাহৰফুটুকী বাঘ |
যোৰহাট |
পবিতৰা |
৩৮.৮০ |
গঁড়, পৰিভ্ৰমী চৰাই, নাহৰফুটুকী বাঘ, সুগৰি পহু |
কামৰূপ |
সোণাই-ৰূপাই |
২২০.০০ |
দেওহাঁহ, হাতী, বাঘ, বনগৰু, ৰাং কুকুৰ, শৰ পহু |
শোণিতপুৰ |
ভেৰজান-বৰজান পদুমণি |
৭.২২ |
হলৌ বান্দৰ, টুপিমূৰীয়া বান্দৰ, গাহৰি নেজীয়া বান্দৰ, লাজুকি বান্দৰ, সাধাৰণ বান্দৰ, নাহৰফুটুকী বাঘ |
তিনিচুকীয়া |
পূৱ কাৰ্বি আংলং |
২২২.০০ |
বনগৰু, হাতী, বাঘ, হলৌবান্দৰ, টুপিমূৰীয়া বান্দৰ, ধনেশ, শৰ পহু, সুগৰি পহু, বন মেকুৰী |
কাৰ্বি আংলং |
নামবৰ |
৩৭.০০ |
বনগৰু, হাতী, বাঘ, হলৌবান্দৰ, টুপিমূৰীয়া বান্দৰ, ধনেশ, শৰ পহু, সুগৰি পহু, বন মেকুৰী |
কাৰ্বি আংলং |
মৰত লংৰী |
৪৫১.০০ |
বাঘ, নাহৰফুটুকী বাঘ, বনগৰু, হাতী, হলৌবান্দৰ |
কাৰ্বি আংলং |
নামবৰ দৈগুৰুং |
৯৭.১৫ |
বনগৰু, হাতী, বাঘ, হলৌবান্দৰ, টুপিমূৰীয়া বান্দৰ, ধনেশ, শৰ পহু, সুগৰি পহু, বন মেকুৰী |
গোলাঘাট |
আমচাং |
৭৮.৬৪ |
হাতী, বনগৰু, নাহৰফুটুকী বাঘ, টুপিমূৰীয়া বান্দৰ, বন মেকুৰী, লাজুকী বান্দৰ, হলৌ বান্দৰ |
কামৰূপ |
দিহিং পাটকাই |
১১১.১৯ |
বৰ্ষাৰণ্য, হলৌ বান্দৰ, হাতী, দেওহাঁহ, বাঘ, ধনেশ পক্ষী |
তিনিচুকীয়া |
বৰাইল |
৩২৬.২৫ |
পাহাৰীয়া ছাগলী, হিমালয়ৰ ক’লা ভালুক, হলৌ বান্দৰ, চছমা পিন্ধা বান্দৰ |
কাছাৰ |
বৰদৈবাম বিলমুখ |
১১.২৪ |
পৰিভ্ৰমী চৰাই, পানী কাউৰী |
কাৰ্বি আংলং |
দিপৰবিল |
৪.১৪ |
মাছৰোকা, পৰিভ্ৰমী চৰাই |
কামৰূপ |
ৰেড ডেটা বুক
ৰেড ডেটা বুক হৈছে সকলো বিপন্ন প্ৰায় প্ৰাণী উদ্ভিদৰ তথ্য থকা এখন সমল পুথি। উদ্ভিদ, প্ৰাণী আৰু আন প্ৰজাতিৰ বাবে বেলেগ বেলেগ ৰেড ডেটা বুক আছে। ১৯৪৮ চনত গঠিত প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ আন্তৰ্জাতিক সংস্থায়ে যাৰ মুখ্য কাৰ্যালয় চুইজাৰলেণ্ডত আছে এই ৰেড ডেটা বুকখন প্ৰকাশিত কৰি আহিছে।
বন্যপ্ৰাণীৰ অবলুপ্তিৰ কাৰণ
কেইটামান বিপদাপন্ন প্ৰজাতি
(১) সিংহ নেলীয়া বান্দৰ।
(২) নীলগিৰি লেংগুৰ।
(৩) ক্লাইডেড নাহৰফুটুকী বাঘ।
(৪) বৰফত থকা নাহৰফুটুকী বাঘ।
(৫) হিমালয়ৰ ভালুক।
(৬) ৰেড পাণ্ডা।
(৭) মাস্ক হৰিণ।
(৮) ভাৰতীয় ৰক পাইথন।
(৯) এছিয় বনৰীয়া গাধ।
(১০) সিংহ।
(১১) ঘঁৰিয়াল।
অসমৰ কেইটামান বিপদাপন্ন প্ৰজাতি
(১) এশিঙীয়া গঁড়।
(২) সোণালী বান্দৰ।
(৩) নলগাহৰি।
(৪) হেছপিড হেয়াৰ।
(৫) হলক গিবন।
(৬) এছিয় হাতী।
(৭) ঢেকীয়াপতীয়া বাঘ।
(৮) পেংগ’লিন।
(৯) বনৰীয়া ম’হ।
(১০) ম’ৰা চৰাই।
(১১) ধনেশ পক্ষী।
(১২) অজগৰ সাপ।
১৯৫২ চনত ভাৰতত প্ৰথমতে ব্যাঘ্ৰ সংৰক্ষণ পৰিষদ গঠিত হয় যদিও এই পৰিষদে বাঘ সংৰক্ষণৰ ক্ষেত্ৰত আশানুৰূপ ফল প্ৰদৰ্শন কৰিব নোৱাৰাৰ ফলত কেন্দ্ৰীয় আৰু ৱৰ্ল্ড ৱাইড ফাণ্ডৰ অৰ্থ সাহায্যত ১৯৭৩ চনত ভাৰতত ‘ব্যাঘ্ৰ প্ৰকল্প’ প্ৰৱৰ্তন কৰা হয়।
গোটেই ভাৰতৰ ৯ টা অঞ্চল ব্যাঘ্ৰ প্ৰকল্পৰ অন্তৰ্ভুক্ত কৰা হয়। এইবোৰ হ’ল- পশ্চিমবংগৰ সুন্দৰবন, অসমৰ মানস, কৰ্ণাটকৰ বন্দীপুৰ, মধ্যপ্ৰদেশৰ খানা, মহাৰাষ্ট্ৰৰ মেলঘাট, ৰাজস্থানৰ ৰনথমভোৰ, বিহাৰৰ পালমৌ, উৰিষ্যাৰ ছিমলিপাল আৰু পশ্চিমবংগৰ নামখানা ৰেঞ্জ।
অসমৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ ২৮৩.৭ বৰ্গ কিলোমিটাৰ অঞ্চল অন্তৰ্ভুক্ত কৰি ১৯৭৩ চনৰ ১ এপ্ৰিলৰ পৰা ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰি বাঘৰ সংৰক্ষণৰ ব্যৱস্থা কৰা হয়। ২০১০ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰা হৈছে।
খাদ্য
উৎস: টেট গাইড বুক, অসম, ২০১১।
শেহতীয়া উন্নীতকৰণ: : 7/4/2020