অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নিৰ্বননিকৰণ আৰু পৰিৱেশৰ ওপৰত ইয়াৰ প্ৰভাৱ

নিৰ্বননিকৰণৰ ব্যাপক নাশকৰী প্ৰভাৱে গোটেই বিশ্বকে গো-গ্ৰাসে গিলিবলৈ লৈছে।এই প্ৰভাৱৰ পৰা মুক্ত হোৱাৰ বাবে বৃক্ষৰোপণ আৰু পুনৰ বননিকৰণৰ এক বৃহৎ কাৰ্যসূচী ৰুপায়ণ কৰা আৰু পৃথিৱীৰ সেউজীয়া আৱৰণখনক সকলো নাশকাৰী প্ৰভাৱৰ পৰা মুক্ত ৰখা আৱশ্যক।

নিৰ্বননিকৰণ মানে হ’ল সেউজীয়া অৰণ্যাঞ্চলৰ ধংসকৰণ বা হ্ৰাসকৰণ প্ৰক্ৰিয়া। ১৯৩০ৰ দশকত ভাৰতৰ মুঠ মাটিকালিৰ এক তৃতীয়াংশ অৰণ্যৰে আৱৰা আছিল। বাৰ্তমান মুঠ মাটিকালিৰ ২০ শতাংশহে সেউজীয়া অৰণ্যঞ্চলেৰে আবৃত। নিৰ্বননিকৰণৰ প্ৰভাৱত ভাৰতবৰ্ষই বছৰি ১৫ লাখ হেক্টৰ অৰণ্যাঞ্চল হেৰুৱায়। ১৯৫১-৭৬ৰ, এই ২৫ বছৰৰ ভিতৰত ভাৰতবৰ্ষই হেৰুওৱা অৰণ্যৰ মুঠ পৰিমাণ ৪১ লাখ হেক্টৰ। নিৰ্বননীকৰণৰ কাৰক হিচাপে তলৰ দিশবোৰ ওলাই আহে।

স্থানান্তৰণ কৃষি

সাধাৰণতে পাহাৰৰ এঢলীয়া ঢালত কৰা ঝুম খেতিৰ বাবে বৃহত্তৰ অঞ্চলৰ সেউজীয়া অৰণ্য কাটি জ্বলাই দিয়া হয়। এইদৰে কৰা খেতিত, ভূ-পৃষ্ঠৰ ওপৰভাগ ভূমি অৱক্ষয়ৰ বাবে ২-৩ বছৰৰ ভিতৰতে সহজে অনুৰ্বৰা হৈ পৰে।ফলত কৃষিৰ বাবে নতুন স্থান বাছনি কৰা হয় আৰু ঠিক ওপৰত বৰ্ণোৱাৰ দৰে পুনৰাই এটা বৃহত্তৰ অঞ্চলৰ অৰণ্য লোপ পায়।

জলবিদ্যুৎ প্ৰকল্প

জলবিদ্যুৎ প্ৰকল্পৰ বাবে নিৰ্মাণ কৰা জলধাৰাবোৰৰ বাবে এটা অটব্য অৰণ্যাঞ্চল ধ্বংসপ্ৰাপ্ত হয়। তদুপৰি জলধাৰে এটা বৃহৎ অৰণ্যাঞ্চলৰ মাটি পানীৰ তলত ৰাখি উদ্ভিদ আৰু প্ৰাণীৰ ক্ষতি কৰে।

ঔদ্যোগিক ইন্ধন আৰু কেঁচামাল

অৰণ্যৰ পৰা ফাৰ্ণিচাৰ উদ্যোগ, প্লাইউদ উদ্যোগ আৰু কাগজ উদ্যোগৰ বাবে প্ৰয়োজনীয় কেঁচামাল সংগ্ৰহ কৰা হয়। তদুপৰি দিয়াচলাই, ধূপকাঠী, কাঠপেঞ্চিল সাজিবলৈও অৰণ্যৰ ওপৰত নিৰ্ভৰ কৰা হয়। ১৯৭০ চনৰ বেলিকা ঔদ্যোগিক সম্পদৰ পৰিমাণ ১৫ নিযুত ঘণমিটাৰৰ পৰা এই পৰ্যন্ত ৫০ নিযুত ঘণমিটাৰলৈ বৃদ্ধি পাইছে। মুঠ অৰণ্যৰ ১৮ শতাংশ উদ্যোগক্ষেত্ৰত ব্যৱহ্যত হৈ আছে।

ঘৰুৱা ইন্ধন

ভৰতবৰ্ষৰ মুঠ আবাদীৰ অধিকাংশই ঘৰুৱা ইন্ধন অৰ্থাৎ খৰিৰ বাবে অৰণ্যাঞ্চল ব্যৱহাৰ কৰি আহিছে। মুঠ পৰিমাণৰ ৮৪ শতাংশ ঘৰুৱা ইন্ধন হিচাপে খৰি স্ংগ্ৰহে এইটোকে সূচায় যে এনে কাৰ্যই অতি দ্ৰুত হাৰত বননি ধ্বংস কৰে।

কৃষিকাৰ্যৰ সম্প্ৰসাৰণ

বৰ্দ্ধিত জনস্ংখ্যাৰ চাহিদা পূৰণ কৰাৰ বাবে অতি মাত্ৰাত মাটি মোকোলাব লগা হৈছে। ফলত বৃহত্তৰ অঞ্চলৰ অৰণ্যভূমি কৃষিভূমিলৈ ৰুপান্তৰ ঘটিছে।

পাহাৰীয়া আৰু সমতল ভূমিত ৰাষ্টাত-ঘাট নিৰ্মানকৰা, ৰেল লাইন স্থাপন কৰা, পানী যোগান আঁচনিৰ বাবে নলী ব্যৱস্থা, বনজুই, ঔষধি উদ্ভিদ স্ংগ্ৰহ, জলবায়ুৰ পৰিবৰ্তনে নিৰ্বননিকৰণৰ হাৰ বৃদ্ধি কৰে। জীৱ-জন্তুৰ দ্বাৰাও সেউজীয়া ঘাঁহনি ধ্বংসপ্ৰাপ্ত হয়। আনফালে প্ৰাকৃতিক কাৰক যেনে- বান, খহনীয়া, বৰষুণ, বতাহ আৰু ভূমিস্খলনৰ দৰে দুৰ্যোগেও নিৰ্বননিকৰণত ইন্ধন যোগায়।

নিৰ্বননিকৰণৰ প্ৰভাৱ

(১) সাৰ ইন্ধনৰ অভাৱ: নিৰ্বননিকৰণে গ্ৰাম্য অৰ্থনীতিৰ ভেটি খহাই তোলে। কাৰণ গ্ৰামাঞ্চলত আজিও বিকল্প ইন্ধনৰ মূখ্য উৎস হ’ল হাবিৰপৰা স্ংগৃহিত খৰি। এটা হিচাপমতে ভাৰতক বছৰি ২২০ নিযুত ঘন মিটাৰ খৰিৰ আৱশ্যক।এই চাহিতদা পুৰাবলৈ মাত্ৰাধিক অৰণ্য ধ্বংস হয়। তাৰ ফলত খৰি ইন্ধন হ্ৰাস পায় আৰু পৰিৱেশৰ ওপৰত বিপৰীত প্ৰভাৱ পৰে।

(২) ভূমি অৱক্ষয়: ভাৰতবৰ্ষই নিৰ্বননিকৰণৰ পৰিপ্ৰেক্ষিতত বছৰি প্ৰায় ৭০০০ নিযুত টন শীৰ্ষ উৰ্বৰা মৃত্তিকা হেৰুৱায়। তদুপৰি ৰিক্ত স্থানত বতাহৰ প্ৰকোপ বৃদ্ধি পালে মৰুকৰণ প্ৰক্ৰিয়া স্ংঘটিত হয়। ভূমিৰ অৱক্ষয় হ’লে মাটিৰ আন্ত: আণৱিক বান্ধোন দুৰ্বল হয় আৰু সহজে খহনী্যাৰ কবলত পৰে। তদুপৰি অৱক্ষয়ে মাটিৰ উৰ্বৰা বিনষ্ট কৰে। এটা মোটামুটি হিচপমতে সেউজীয়া আৱৰণৰ অভাৱত ভাৰতবৰ্ষত বছৰি ৪০০০ হেক্টৰ মাটি, বতাহৰ আৰু পানীৰ ক্ষয়ীকৰণৰ প্ৰভাৱত উদ্ভিদ শূন্য হয়। ই গোলকীয় অৱক্ষয়ৰ ১৮.৫ শতাংশ।

(৩) ভূ-পৃষ্ঠৰ জল অৱনমন: উদ্ভিদৰ শিপাৰ প্ৰভাৱত ভূ-গৰ্ভৰ জলপৃষ্ঠ ভাৰসাম্যমুলক অৱস্থানত থাকে। যিহেতু নিৰ্বননিকৰণৰ প্ৰভাৱ দ্ৰুতভাৱে বৃদ্ধি হৈছে, গতিকে জলপৃষ্টঃৰ গতি নিম্নগামী হৈছে। এই কাৰণত জীয়াই থকা উদ্ভিদ সমুহে পানী আৰু আৱশ্যকীয় পোষকৰ অভাৱত ভোগে।

(৪) জলবায়ুৰ পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা: নিৰ্বননিকৰণৰ প্ৰভাৱত জলবায়ুৰ আমূল পৰিৱৰ্তন হয়। কেতিয়াবা খৰাং আৱতৰীয়া পৰিস্থিতিৰ উদ্ভৱ হয় আৰু কেতিয়াবা আকৌ অতিমাত্ৰাৰ বৰষুণে বিশ্ববানৰ সৃষ্টি কৰে। জনস্ংখ্যাৰ বিস্ফোৰণ আৰু নগৰীকৰণ, ঔদ্যোগীকৰণৰ প্ৰভাৱত কাৰ্বন-ডাই-অক্সাইড আৰু সেউজ গৃহ গেছৰ গাঢ়তা বৃদ্ধি হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত পৃথিৱীপৃষ্ঠৰ উত্তাপ বৃদ্ধি পায়।কাৰ্বন-ডাই-অক্সাইড শোষণ কৰা সেউজীয়া অংশটো হ্ৰাস পোৱাত অনাশোষিত অংশটোৱে সন্ত্ৰাসৰ কৰিছে। ইয়াৰ প্ৰভাৱ এনেকুৱা যে ই আমাৰ প্ৰতিৰক্ষাৰ বাবে থকা অ’জন স্তৰটোৰো অৱক্ষয় কৰিবলৈ লৈছে।

মুঠ্ৰ ওপৰত নিৰ্বননিকৰণৰ ব্যাপক নাশকাৰী প্ৰভাৱে গোটেই বিশ্বকে গো-গ্ৰাসে গিলিবলৈ লৈছে। এই প্ৰভাৱৰ পৰা মুক্ত হোৱাৰ বাবে বৃক্ষ ৰোপণ আৰু পুনৰ বনানীকৰণৰ এক বৃহৎ কাৰ্যসূচী ৰুপায়ণ কৰা আৰু পৃথিৱীৰ সেউজীয়া আৱৰণখনক সকলো নাশকাৰী প্ৰভাৱৰ পৰা মুক্ত কৰা আৱশ্যক।লাগিলে নিৰ্বননিকৰণৰ ব্যক্তিগত প্ৰভাৱেই হওক বা বৃহৎ কোম্পানীৰ প্ৰকৃতি ধ্বংস কৰাৰ অভিযানেই হওক। আমাৰ পৰিৱেশ চিন্তাই এইক্ষেত্ৰত উৎসেচক আৰু অনুঘটক উভয় হিচাপে কাম কৰিব।

লিখক: মহেশ দাস।

শেহতীয়া উন্নীতকৰণ: : 7/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate