অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পৃথিৱীৰ ধুমুহাবোৰ অসমত কি বতাহ বলে

বিৱৰণ

যোৱা এপ্ৰিল মাহৰ মাজভাগৰ পৰা মে’ মাহৰ শেষলৈকে উজনিৰ পৰা নামনিলৈ ধুমুহা, শিল-বৰষুণ, দবাপিটা বৰষুণ আৰু ঘূৰ্ণি বতাহে তাণ্ডৱ চলাই যথেষ্ট অনিষ্ট কৰি থৈ গ’ল| এই সময়ছোৱাত ধুবুৰী, গোৱালপাৰা, বৰপেটা, নলবাৰী, বৃহত্তৰ গুৱাহাটী মহানগৰ অঞ্চল, মৰিগাঁও, নুমলীগড়, কাজিৰঙা, গোলাঘাট, মৰঙী, শোণিতপুৰ, দৰ্ং, গহপুৰ, মৰিয়নী, খুমটাই, মাহমৰা, টিংখ্ং, তিনিচুকীয়া, লখিমপুৰ, কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি অঞ্চলত বিস্তৰ ক্ষতি কৰে| প্ৰায় এহেজাৰ খনৰ অধিক গাঁৱত আনুমানিক ৪০,০০০ টা পৰিয়ালৰ বাঁহ আৰু টিনৰ ঘৰবোৰ কম-বেছি পৰিমাণে অনিষ্ট কৰিলে| তদুপৰি ৬৫ খনৰো অধিক শিক্ষানুষ্ঠানৰ কিছু পৰিমাণে ক্ষতি হয়| বহু ঠাইত গছ-গছনি ভাগিল|

‘চাইক্ল’ন’ৰ ঘূৰ্ণন গতিবেগ যেতিয়া বহুত বেছি হয়, তেতিয়া ই ফানেলৰ আকাৰ লয়| নিজ মেৰুদণ্ডত চক্ৰাকাৰে গতি কৰি থাকোতে ই তলৰফালে ঠেক আৰু আকাশৰ ওপৰলৈ বহল হয়| এই ফানেল আকাৰ আকাশৰ ডাৱৰৰ তল অংশৰ পৰা ভূ-পৃষ্ঠ পৰ্যন্ত থাকে|

বহু ঠাইত বিদ্যুতৰ খুঁটা আৰু গছ উভালি পৰি দীঘলীয়া সময়ৰ বাবে বিদ্যুৎ যোগান ব্যাহত হৈ পৰিল| এই বছৰ আটাইতকৈ বেছি ধুমুহাই কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত ক্ষতি কৰে| অঞ্চলটোত সৰু আৰু মজলীয়া ভুমিকম্পৰ মাজে মাজে অহা কেইবাটাও ডাঙৰ ধুমুহাই বহুতো গছ-গছনি, বিদ্যুতৰ খুটা আৰু ঘৰ-দুৱাৰ অনিষ্ট কৰে| ধুমুহাৰ বাবে কেইবাদিন ধৰি বিদ্যুৎ যোগান ব্যাহত হৈ থকাত কেন্দ্ৰীয় বিশ্ববিদ্যালয়, আঞ্চলিক ইঞ্জিনিয়াৰিং কলেজ, শিলচৰ মেডিকেল কলেজ আৰু অন্যান্য অত্যাৱশ্যকীয় অনুষ্ঠানত বিদ্যুৎ যোগান আৰু খোৱাপানীৰ অভাৱ হয়| তদুপৰি গোটেই অসমত এই ধুমুহা আৰু বৰষুণৰ মাজত হোৱা বজ্ৰপাতত ২৯ জন মানুহে প্ৰাণ হেৰুৱায়| অসমৰ উপৰি মেঘালয় ৰাজ্যৰ পূৱ জয়ন্তীয়া পাহাৰকে ধৰি বহু ঠাইত ধুমুহাই ক্ষতি কৰে|

আগতেও আমাৰ অসমত মাজে মাজে ধুমুহাই কিছু বেছিকৈ ক্ষতি কৰাৰ উদাহৰণ আছে| ১৯৬৩ চনৰ ১৯ এপ্ৰিলত বংগোপ সাগৰৰ পৰা বাংলাদেশ হৈ স্থলভাগৰ ভিতৰলৈ সোমাই অহা প্ৰচণ্ড ঘূৰ্ণি বতাহ এজাকে ধুবুৰী জিলাৰ আগমণি, কালডোবা অঞ্চলত ব্ৰহ্মপুত্ৰ নদীৰ বালিসহ গছ-গছনি, জীৱ-জন্তু, মানুহ আদি বহু দূৰলৈ উৰুৱাই লৈ গৈছিল| ব্ৰহ্মপুত্ৰ নদীৰ বালিৰে বহু মানুহৰ বসতি অঞ্চল পুতি পেলাইছিল| এই ধুমুহাত বহুসংখ্যক মানুহ সন্ধানহীন হোৱাৰ লগতে মৃত্যুও হৈছিল| ১৯৮৮ চনৰ মাৰ্চ মাহত শিৱসাগৰ জিলাৰ বৰহাট অঞ্চলৰ হালোৱা সংৰক্ষিত বনাঞ্চলত কয়লাৰ ভূ-তাত্বিক অনুসন্ধান

বিজুলী, গাজনি আৰু বজ্ৰপাত হৈ থাকিলে সাধাৰণতে বৰ মুকলি ঠাইত থকাটো অনুচিত|

চাইক্ল’নতকৈ সৰু ব্যাসৰ, শক্তিশালী, চক্ৰাকাৰ গতিত অতি বেগত ঘূৰা ধুমুহাক ‘হাৰিকেন’ বুলি কোৱা হয়|

কাৰ্য চলাই থাকোতে নিশা এজাক টৰ্নাড’জাতীয় ধুমুহা-বতাহ মাৰিছিল| এই ধুমুহাজাকে পাহাৰৰ মাজৰ সেউজীয়া সৰু-ডাঙৰ সকলো গছ-গছনি প্ৰায় ১০০ মিটাৰ বহলকৈ চকুৰে মনিব পৰা দূৰত্বলৈ সম্পুৰ্ণকৈ ছিঙি-ভাঙি বহু দূৰলৈ উৰুৱাই লৈ গৈছিল| এখন এলুমিনিয়াম টিন এজোপা ওখ গছৰ শুকান ডালৰ ভাগি থকা অংশত লাগি ঘূৰ্ণি বতাহৰ কাৰণে সম্পুৰ্ণ ফুটবলৰ দৰে গোল গৈ পৰা দেখা পোৱা গৈছিল| ২০১৩ চনতো ধুবুৰী জিলাৰ মেদাৰটাৰীত হোৱা ধুমুহাত ব্ৰহ্মপুত্ৰ নদীৰ মাজত এখন যাত্ৰীবাহী মটৰচালিত ডাঙৰ নাও ডুব গৈছিল| এই দুৰ্ঘটনাত শিশু-মহিলাসহ মুঠ ৬০ জনমান মানুহৰ মৃত্যু হৈছিল| সৰহভাগ পুৰুষ যাত্ৰীয়ে সাঁতুৰি নিজৰ প্ৰাণ ৰক্ষা কৰিছিল|

ধুমুহাৰ আৰ্বিভাৱ

পৃথিৱীৰ উপৰিভাগত ভূ-পৃষ্ঠৰ পৰা প্ৰায় ২০০ কিলোমিটাৰ ওপৰলৈ বায়ুমণ্ডলটোৱে আৱৰি আছে| কিন্তু বায়ুৰ ঘনত্ব ভূ-পৃষ্ঠৰ পৰা আকাশৰ ওপৰলৈ ক্ৰমাৎ কমি গৈছে| ভূ-পৃষ্ঠৰ পৰা ৫-৬ কিলোমিটাৰ ওপৰৰ পৰা অক্সিজেন লৈ নগ’লে উশাহ লোৱাই মুস্কিল| আহল-বহল ব্ৰহ্মপুত্ৰ নদীৰ সোঁতৰ পানীত আমি দেখা পোৱা পকনীয়াৰ দৰে ভূ-পৃষ্ঠৰ ওপৰৰ বায়ু মাধ্যমতো পকনীয়া সৃষ্টি হয়| এই বায়ু মাধ্যমত হোৱা পকনীয়াবোৰ ধূলি-বালি, ধোঁৱা, গছ-গছনিৰ ডাল পাত আৰু ডাৱৰৰ সহায়ত ধৰিব পৰা যায়| ভূ-পৃষ্ঠৰ পৰা ৫-৬ কিলোমিটাৰ ওপৰত হোৱা বায়ুৰ পকনীয়াবোৰ কৃত্ৰিম উপগ্ৰহৰ চিত্ৰ ডাৱৰৰ সহায়ত চিনাক্ত কৰিব পৰা যায়| আমি খালী চকুৰেও আকাশত থকা ডাৱৰবোৰৰ আকাৰ আৰু সঘনাই স্থান পৰিৱৰ্তন লক্ষ্য কৰি চাইক্ল’ন ধুমুহা অনুমান কৰিব পাৰো| এনে ডাৱৰবোৰে কেতিয়াবা দীঘল সৰলৰেখা, জীৱ-জন্তু আৰু মানুহ আৰু কেঁকোৰা চুলিৰ দৰে আকাৰ লয়| মাটিৰ পৰা ৫-৬ কিলোমিটাৰ ওপৰত থকা এই বিভিন্ন আকাৰৰ ডাৱৰবোৰ প্ৰকৃততে একো একোটা বৃহৎ ডাৱৰ খণ্ড| চাইক্ল’নৰ কোবাল বতাহে ঘূৰাই ঘূৰাই এই আকাৰবোৰ সৃষ্টি কৰে| সেইবাবে একো একোটা ছবি আমি অলপ সময়ৰ বাবেহে দেখা পাওঁ| ভূ-পৃষ্ঠৰ ওপৰত সৃষ্টি হোৱা এই বায়ুৰ অ-স্বাভাৱিক পকনীয়া গতিবোৰক  এটমচ্‌ফেৰিক ডিচটাৰবেঞ্চ (Atmospheric Disturbance) বুলি কোৱা হয়| এনে বায়ুৰ অস্বাভাৱিক গতিবোৰ বিষুৱ আৰু সমমণ্ডল অঞ্চলতে বেছিকৈ সৃষ্টি হোৱা দেখা যায়| সেইকাৰণে এই মণ্ডল দুটাত থকা ভাৰত, ম্যানমাৰ, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, ফিলিপাইনছ্‌, ইণ্ডোনেছিয়া, টাইৱান, শ্ৰীলংকা, চীন, জাপান, ৱেষ্ট ইণ্ডিজ, আমেৰিকা যুক্তৰাষ্ট্ৰ, মেক্সিকো আদি দেশ আৰু প্ৰশান্ত, আটলাণ্টিক আৰু ভাৰত মহাসাগৰত এই অস্বাভাৱিক বায়ুৰ গতিবোৰ গ্ৰীষ্মকালত প্ৰধানকৈ হোৱা দেখা যায়| এইবোৰক পৃথিৱীৰ বিভিন্ন দেশত বেলেগ বেলেগ স্থানীয় নামেৰে জনা যায়| আমাৰ ভাৰতত এনে অস্বাভাৱিক বতাহবোৰক প্ৰবলতা অনুযায়ী বৰদৈচিলা, ধুমুহা, তুফান, ঘূৰ্ণি বতাহ, কালবৈশাষী, চাইক্ল’ন, টৰ্নাড’ নামেৰে জনা যায়| চাইক্ল’নজাতীয় বতাহক একেবাৰে স্থানীয়ভাৱে ‘ৰোৱান’ আইলা আইলা আদি নামেৰেও বেলেগ বেলেগ সময়ত নামকৰণ হৈছে| চাইক্ল’নজাতীয় বতাহক অষ্ট্ৰেলিয়াত ‘উইলি উইলিছ’, ফিলিপাইনছ্‌ত ‘বেগুইছ’ নামেৰে জনা যায়| আটলাণ্টিক মহাসাগৰত সৃষ্টি হোৱা সাংঘাটিক ঘূৰ্ণী বতাহক ‘হাৰিকেন’ আৰু প্ৰশান্ত মহাসাগৰত সৃষ্টি হোৱা এনে বতাহক টাইফুন নামেৰে জনা যায়| উত্তৰ আৰু মধ্য আমেৰিকা যুক্তৰাষ্ট্ৰত টৰ্নাড’ নামৰ ধুমুহা সঘনাই হোৱা দেখা যায়| আমাৰ ভাৰততো কোচবিহাৰ, ডায়মণ্ড হাৰবাৰ আৰু দিল্লী অঞ্চলত টৰ্নাড’জাতীয় ধুমুহা বতাহ আগতে হৈছে| পৃথিৱীৰ ধ্বংশকাৰী ধুমুহা বতাহবোৰ সৃষ্টি হোৱাৰ কাৰণ বিজ্ঞানী সকলে ধৰা পেলাইছে| এই কাৰণবোৰ হৈছে সাগৰ, মহাসাগৰত বৈ থকা গৰম পানীৰ সোঁত, পৃথিৱীৰ আহ্নিক আৰু বাৰ্ষিক গতি, বায়ুৰ পৰিচালন গতি, আৰ্দ্ৰতাৰ পৰিৱৰ্তন, আগ্নেয়গিৰি উদ্‌গীৰণ, ডাঙৰ ভুমিকম্প, পৃথিৱীৰ ভূ-চুম্বকীয় ক্ষেত্ৰৰ পৰিৱৰ্তন, সূৰ্যৰ আভ্যন্তৰীণ পৰিৱৰ্তন, আণৱিক বিস্ফোৰণ, মহাজাগতিক পৰিৱৰ্তন, চন্দ্ৰগ্ৰহণ, সূৰ্যগ্ৰহণ, বায়ু প্ৰদূষণ, গোলকীয় উত্তাপ বৃদ্ধি আৰু অ’জন ফাক|

ঘূৰ্ণি বতাহ বা চাইক্ল’ন

ভাৰত মহাসাগৰৰ জলপৃষ্ঠৰ ওপৰত এক বিশাল আকাৰৰ ঘূৰ্ণি বতাহ মাজে মাজে হৈ থাকে| ১৮৪৮ চনত কলিকতাৰ মেৰাইন ক’ৰ্টৰ চেয়াৰমেন হেনৰি পিডিংটনে পোন প্ৰথমবাৰৰ বাবে এই ঘূৰ্ণি বতাহক ‘চাইক্ল’ন’ বুলি নামকৰণ কৰিছিল| ‘চাইক্ল’ন’ শব্দটো ‘KYKLOS’ নামৰ এটা গ্ৰীক শব্দৰ পৰা লোৱা হৈছে| ইয়াৰ উৎপত্তিৰ স্থল ভাৰত মহাসাগৰৰ জলপৃষ্ঠৰ ওপৰতে বুলি ক’ব পাৰি| এই ধুমুহা বতাহ জলপৃষ্ঠৰ ওপৰত চক্ৰাকৰ আৰু বায়ুমণ্ডলৰ ওপৰলৈ সৰ্পিল গতিত ঘুৰে| আকৌ ইয়াৰ লগে লগে জলপৃষ্ঠৰ ওপৰত ধীৰ গতিত কম বায়ুমণ্ডলৰ চাপ থকা অঞ্চললৈ গতি কৰে| সাগৰৰ জলপৃষ্ঠত বায়ুমণ্ডলৰ বেছি নিম্ন চাপ থকা অঞ্চলক কেন্দ্ৰ কৰিয়েই চাইক্ল’নজাতীয় ধুমুহাৰ সৃষ্টি হয়| এই নিম্ন চাপৰ পৰিমাণ সৰ্ব্বোচ্চ কাষৰীয়া অঞ্চলতকৈ ৬০-৭০ মিলিবাৰ পৰ্যন্ত হোৱা জনা যায়| বায়ুমণ্ডলৰ ওপৰৰ অংশত কিছুমান বায়ুশূণ্য ঠাই আছে| এইবোৰক Air Grap বা Pressure Pocket বুলি কোৱা হয়| এনেবোৰ  Pressure Pocket ৰ মাজেদি উৰাজাহাজ গ’লে বৰকৈ লৰচৰ কৰা দেখা যায়| এই বায়ুশূণ্য ঠাইৰ জলপৃষ্ঠৰ ওপৰৰ নিম্নচাপ অঞ্চলৰ ৰ’দৰ তাপত গৰম আৰু পাতল হোৱা বায়ুক অতি সহজে শুহি বায়ুমণ্ডলৰ ওপৰ ভাগলৈ লৈ যাব পাৰে| এইদৰে ওপৰলৈ লৈ যোৱা গৰম আৰু পাতল বায়ু পুনৰ ঠাণ্ডা আৰু জলবায়ুসিক্ত হৈ পুনৰ তললৈ আহে| গৰম বায়ুৱে লীন তাপ এৰি দিয়ে আৰু গতিশক্তিৰ সৃষ্টি হয়| নিম্নচাপ, উচ্চতাপমান, আৰু ‘নিম্নচাপ অঞ্চলটো’ সৰু হ’লে গতিশক্তিৰ পৰিমাণো বেছি হয়| ইয়াৰ লগে লগে চক্ৰাকাৰ আৰু সৰ্পিল গতিৰ মাত্ৰা বাঢ়ি যায়| ইয়াৰ ফলত এটা চাইক্ল’নিক ধুমুহা বতাহৰ আৰম্ভ হয়| সাগৰৰ পৃষ্ঠত এনে ধুমুহা বতাহ তিনি বা চাৰিদিন ধৰি চলি থাকে| চাইক্ল’নৰ সাগৰৰ জলপৃষ্ঠত চক্ৰাকাৰ বতাহৰ ব্যাস ১৫০ কিলোমিটাৰৰ পৰা ১৫০০ কিলোমিটাৰ পৰ্যন্ত হ’ব পাৰে| সৰ্পিল গতি কৰি চাইক্ল’ন ধুমুহা জলপৃষ্ঠৰ পৰা সৰ্ব্বোচ্চ ১০ কিলোমিটাৰতকৈ ওপৰলৈ যাব পাৰে| যিমানেই নিম্নচাপৰ পৰিমাণ বাঢ়ি যায়, সিমানেই চাইক্ল’নিক ধুমুহা বতাহৰ প্ৰাবল্য বাঢ়ি যায়| নিম্নচাপ হোৱা চাইক্ল’নৰ কেন্দ্ৰভাগক চাইক্ল’নৰ চকু বুলি কোৱা হয়| ইয়াৰ ব্যাস সৰ্ব্বোচ্চ ১৫ ৰ পৰা ২০ কিলোমিটাৰ| এই কেন্দ্ৰৰ বাহিৰৰ ৫০ কিলোমিটাৰ অঞ্চলত চাইক্ল’নিক ধুমুহা বতাহৰ ধ্বংসকাৰ্য আটাইতকৈ বেছি| এই অঞ্চলতে ধুমুহা, শিলাবৃষ্টি আৰু প্ৰবল বৰষুণ হোৱা দেখা যায়| জলপৃষ্ঠৰ ওপৰত চাইক্ল’ন ধুমুহা অন্য ঠাইলৈ ঘণ্টাত সৰ্ব্বচ্চো ২০ কিলোমিটাৰমান বেগত গতি কৰে| সেইকাৰণে বংগোপসাগৰত নিম্নচাপ সৃষ্টি হ’লে অতি কমেও তিনিদিনৰ পিচতহে অসমত প্ৰভাৱ পৰা দেখা যায়| চাইক্ল’নজাতীয় ধুমুহা বতাহে জলপৃষ্ঠৰ ওপৰত ৬০ কিলোমিটাৰ প্ৰতিঘণ্টা বা 33 KNOTTS/HOUR বেগত চক্ৰাকাৰ গতিত ঘুৰে| এই গতিবেগ যদি তাতকৈ বেছি হয়, তেন্তে চাইক্ল’ন অতি ভয়ানক হৈ পৰে| চাইক্ল’নিক ধুমুহা বতাহে বিভিন্ন উচ্চতাত থকা ছাইৰাছ, কুমুলাছ আৰু একেবাৰে ভূ-পৃষ্ঠৰ ওচৰত থকা নিম্বাছ ডাৱৰবোৰক একাকাৰ কৰি পেলায়|

চাইক্ল’ন সাগৰপৃষ্ঠৰ পৰা স্থলভাগৰ ফালে গতি কৰিলে গছ-গছনি, ওখ ঘৰ, অট্টালিকা, পাহাৰ-পৰ্বত আদিৰ দ্বাৰা কিছু বাধা পায়| ফলত চাইক্ল’নৰ প্ৰাবল্য লাহে লাহে কমি যায়| তথাপি উপকূল অঞ্চলত চাইক্ল’নৰ কাৰণে জোৱাৰভাটা বেছি হয়| সাগৰৰ ওফন্দা পানী উপকুল অঞ্চলত সোমাই যায়| ডাঙৰ গছ-গছনি আৰু ঘৰ-দুৱাৰৰ অনিষ্ট হয়| বৰ ওখলৈ অহা জোৱাৰৰ কাৰণে মানুহ, জীৱ-জন্তুৰ মৃত্যু হয়| আগৰ দিনত বতৰৰ আগজাননী দিব নোৱাৰাৰ কাৰণে সৰু আকাৰৰ মাছমৰীয়া নাও আৰু জাহাজ পানীত ডুব গৈছিল| বহু মাছমৰীয়া লোকৰ মৃত্যু হৈছিল| ভাৰতৰ অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশা উপকূল, বাংলাদেশৰ সুন্দৰবন অঞ্চল, পশিমবংগৰ চৌব্বিশ পৰগণাকে ধৰি সুন্দৰবন অঞ্চলত চাইক্ল’ন ধুমুহাই যথেষ্ট ক্ষতি কৰে| চাইক্ল’নৰ কাৰণে কেতিয়াবা কেতিয়াবা উৰাজাহাজৰ উৰণ সময় আৰু প্ৰয়োজন সাপেক্ষে দিশ পৰিৱৰ্তন কৰিব লগা হয়| যোৱা ৩ আগষ্টত গুৱাহাটীৰ পৰা অহা-যোৱা কৰা দুখন উৰাজাহাজে চাইক্ল’নজাতীয় ধুমুহাত দিশ পৰিৱৰ্তন কৰি কথমপি সম্ভাব্য বিপদৰ পৰা ৰক্ষা পৰিছিল| পদ্মা, মেঘনা আৰু ব্ৰহ্মপুত্ৰ নদীয়েদি সোমাই অহা চাইক্ল’ন ধুমুহা বতাহৰ কাৰণে বংগোপ সাগৰত নিম্নচাপ আৰম্ভ হোৱাৰ পৰা তিনি বা চাৰি দিনৰ পিচতহে অসমতো বৰষুণ দিব পৰা কম উচ্চতাত থকা (প্ৰায় আধাৰ পৰা এক কিলিমিটাৰ ওপৰত ক’লা ডাৱৰে) আকাশ ছানি ধৰে| তাৰ পিচত প্ৰথমে পাতল পাতল কিনকিনীয়া বৰষুণ, বতাহ, ধুমুহা, শিল বৰষুণ আৰু কেতিয়াবা প্ৰবলতা অনুযায়ী প্ৰচণ্ড ঘূৰ্ণি বতাহ বব’লৈ আৰম্ভ কৰে| সাধাৰণতে অসমত মাৰ্চ মাহত দিনত তাপমান যথেষ্ট বেছি আৰু নিশা ঠাণ্ডা হয়| সৰ্ব্বোচ্চ আৰু সৰ্বনিম্ন তাপমানৰ পাৰ্থক্য ১৫° তকৈ বেছি আপেক্ষিক আৰ্দ্ৰতা একেবাৰে কম হয়| সাধাৰণতে আপেক্ষিক আৰ্দ্ৰতা প্ৰায় ৫০% ৰ ওচৰলৈ নামি আহে| সেই সময়ত তিতা কাপোৰ অতি সোনকালে শুকায়| কিন্তু বৰষুণ দিবৰ কাৰণে সৰ্ব্বোচ্চ আৰু সৰ্বনিম্ন তাপমানৰ পাৰ্থক্য যথেষ্ট কম হোৱা উচিত আৰু আপেক্ষিক আৰ্দ্ৰতাত ৮০% তকৈ বেছি হোৱা দৰকাৰ| এই সময়ত বায়ুত ধূলিৰ পৰিমাণো বাঢ়ি যায়| দিনত বাষ্পীভৱনৰ ফলত পানী জলীয় বাষ্প হৈ বায়ুত ওপঙি থকা পাতল ধূলিকণা বোৰত লাগি ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ কণাৰ সৃষ্টি হয়| তাপৰ বেছি তাৰতম্যৰ কাৰণে ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ কণাবোৰ পৰিচালন গতিৰ বাবে বায়ুমণ্ডলৰ ওপৰলৈ যায়| নিশা হিমালয় পৰ্বতমালাৰ ফালৰ পৰা অতি চেঁচা বায়ুৰ সংস্পৰ্শত কণ কণ জলীয় বাষ্পৰ কণাবোৰ ঘন আৰু চেঁচা হৈ ডাৱৰৰ সৃষ্টি হয়| প্ৰতিদিনে হৈ থকা বাষ্পীভৱনত আকাশত ডাৱৰৰ পৰিমাণ বাঢ়ি যায়| তাপমান আৰু আপেক্ষিক আৰ্দ্ৰতা কমি যোৱাত ডাৱৰবোৰ আৰু বেছি ঘন হৈ সম্পৃক্ত হৈ কিছু ডাঙৰ পানীৰ টোপালৰ আকাৰ লয়| শূন্য ডিগ্ৰীতকৈ কম উষ্ণতাৰ বায়ুৰ সংস্পৰ্শত আকাশৰ ওপৰ ভাগত ডাঠ ডাৱৰৰ সৃষ্টি হোৱা পানীৰ টোপালবোৰ ক্ষুদ্ৰ ক্ষুদ্ৰ বৰফৰ কণালৈ পৰিৱৰ্তন হয়| এই কণাবোৰ ভৰৰ কাৰণে ডাৱৰৰ তলৰ ফালে লাহে লাহে নামি আহি জমা হয়হি| সেইকাৰণে অ’জন ফাক, ভূমিকম্প, তাপৰ তাৰতম্য আৰু প্ৰদূষণৰ বাবে বংগোপ সাগৰত সৃষ্টি হোৱা নিম্ন চাপৰ প্ৰভাৱত অসমত ক্ষুদ্ৰ ক্ষুদ্ৰ নিম্নচাপ সৃষ্টি হোৱা অঞ্চলবোৰত ঘূৰ্ণি বতাহৰ সৃষ্টি হয়|

প্ৰথমতে ধুমুহা ঘূৰ্ণি বতাহ হোৱা অঞ্চলবোৰত বিজুলী, গাজনি আৰু কোবাল বতাহ বলে, তাৰ পিচত ডাৱৰৰ তলৰ ফালে জমা হোৱা বৰফৰ টুকুৰাবোৰ মাটিত সৰি পৰেহি আৰু তাৰ পিচতহে ডাঙৰ ডাঙৰ টোপালৰ বৰষুণ পৰে| এইবছৰ নলবাৰী অঞ্চলত এপ্ৰিলত বহু ডাঙৰ ডাঙৰ শিলৰ বৰষুণ হৈছিল| আকাশৰ ডাৱৰবোৰ বৰ বেছি চেঁচা হ’লেহে ডাঙৰ ডাঙৰ বৰফৰ টুকুৰাৰ সৃষ্টি হ’ব পাৰে| বৃহৎ ডাৱৰ খণ্ড হঠাৎ বতাহৰ কাৰণে বেছি হৈ গ’লেহে কোনো কোনো অঞ্চলত ডাঠকৈ বহু সময় ধৰি বৰফৰ টুকুৰাবোৰ পৰে| কিন্তু বৰফৰ টুকুৰা পৰাৰ পিচত ঢেৰেকনি, বজ্ৰপাত, ধুমুহাৰ লগত অহা এই বৰষুণ বোৰ অলপ সময়ৰ বাবেহে হয়| এই সময়ছোৱাত অৰুণাচল প্ৰদেশত উচ্চতা বেছি হোৱাৰ বাবে ডাৱৰ বিস্ফোৰণ হয়|

‘চাইক্ল’ন’ৰ ঘূৰ্ণন গতিবেগ যেতিয়া বহুত বেছি হয়, তেতিয়া ই ফানেলৰ আকাৰ লয়| নিজ মেৰুদণ্ডত চক্ৰাকাৰে গতি কৰি থাকোতে ই তলৰফালে ঠেক আৰু আকাশৰ ওপৰলৈ বহল হয়| এই ফানেল আকাৰ আকাশৰ ডাৱৰৰ তল অংশৰ পৰা ভূ-পৃষ্ঠ পৰ্যন্ত থাকে| তেতিয়া এই ভয়ানক ধুমুহা বতাহক টৰ্নাড’ বুলি কোৱা হয়| এই ধুমুহা সাগৰ-স্থলভাগ দুয়ো ঠাইতে সমানে ধ্বংস কৰাৰ শক্তি থাকে| ভূ-পৃষ্ঠৰ ওপৰত ইয়াৰ ব্যাস একেবাৰে কম হোৱাৰ কাৰণে শক্তি অনুযায়ী যিকোনো বস্তু আকাশৰ ওপৰলৈ অতি সহজে লৈ যাব পাৰে| সেইকাৰণে এনে ধুমুহাই ঘৰ-দুৱাৰ, গাড়ী, গছ-গছনি, জীৱ-জন্তু সকলো উৰুৱাই নিয়ে| টৰ্নাডই যি দিশত গতি কৰে, সেই গতি কৰা দিশতে অনিষ্ট কৰে| কাষৰ অন্য ঠাইত একো অঘটন নকৰে| কাষৰ অন্যান্য ঠাইবোৰত বিজুলী, ঢেৰেকনি, বজ্ৰপাত, শিলাবৃষ্টি আৰু প্ৰবল বৃষ্টিপাতহে হ’ব পাৰে| কাৰন এনে ধুমুহাই আকাশৰ ওপৰৰ চাইৰাছ, কুমুলাছ আৰু নিম্বাছ ডাৱৰক ঘূৰ্ণন গতিৰে সম্পৃক্ত কৰি পেলায়| ডাৱৰে পানী ধৰি ৰাখিব নোৱাৰা হয়| টৰ্নাড ধুমুহাই গতি কৰোতে অনবৰতে ভূ-পৃষ্ঠ বা মাটি স্পৰ্শ কৰি নাথাকে| মাজে মাজে জঁপিয়াই গৈ থকাৰ দৰে ই গতি কৰে| গতিপথত ই সকলো সময়তে ভূমি স্পৰ্শ কৰি নাথাকে| টৰ্নাড’ৰ বাবেই এই বছৰৰ এপ্ৰিল মাহত পৃথিৱীৰ কেইবাখনো ঠাইতো সাগৰীয় মাছ আকাশৰ পৰা পৰিছিল| বোধকৰো নিশাৰ ভাগত মাছ বেছি থকা কোনো সাগৰৰ পৰা মাছবোৰ টৰ্নাড’ ধুমুহাই দাঙি লৈ গৈছিল| পুনৰ শক্তি কমি যোৱাত মাছবোৰ মাটিত পৰিলহি| কাৰণ টৰ্নাড ধুমুহাৰেই গধুৰ বস্তু সহজে ওপৰলৈ লৈ যোৱাৰ ক্ষমতা আটাইতকৈ বেছি| চক্ৰাকাৰ আৰু সৰ্পিল গতি বেছি হোৱাৰ বাবে যিকোনো বস্তু বহু ওপৰলৈ দাঙি দূৰলৈ দলিয়াই দিব পৰা ক্ষমতা থাকে| টৰ্নাড’ৰ মাটিত স্পৰ্শ কৰি থকা অংশৰ ব্যাস নিম্নতম এক মিটাৰৰ পৰা এক কিলোমিটাৰতকৈ অধিক হোৱাৰ সম্ভাৱনা থাকে| যিমানেই ব্যাস কম, সিমানেই ইয়াৰ ক্ষমতা বেছি হয়|

হাৰিকেন

চাইক্ল’নতকৈ সৰু ব্যাসৰ, শক্তিশালী চক্ৰাকাৰ গতিত অতি বেগত ঘূৰা ধুমুহাক ‘হাৰিকেন’ বুলি কোৱা হয়| ইয়াৰ চক্ৰাকাৰ গতি ৭৪ মাইল প্ৰতি ঘণ্টা (১১৯ কিলোমিটাৰ/ঘণ্টা) নতুবা 64 KNOTTS PER HOUR| এই ধুমুহা আটলাণ্টিক মহাসাগৰৰ পশ্চিম অংশত হোৱা দেখা যায়| ইয়াৰ কেন্দ্ৰভাগ গৰম আৰু অধিক নিম্নচাপযুক্ত| ই সৰ্পিল গতিত আকাশৰ ওপৰলৈ গৈ থাকে| সাগৰপৃষ্ঠৰ উষ্ণতা নিম্নতম ২৭° চেণ্টিগ্ৰেড (৮০° ফা:) তকৈ বেছি থাকিলেহে ই উৎপত্তি হ’ব পাৰে| ১৯৬১ চনৰ অক্টোবৰ মাহত ব্ৰিটিছ হণ্ডৰাছত হোৱা হাৰিকেনৰ গতিবেগ ১৫০ মাইল প্ৰতি ঘণ্টা আছিল| এই হাৰিকেন ধুমুহাৰ ব্যাস ২৫০ মাইলৰ পৰা ৬০০ মাইল আছিল| ১৯৬৯ চনৰ আগষ্ট মাহত পৰ্ট’ৰিকোত হোৱা হাৰিকেনৰ গতিবেগ প্ৰতি ঘণ্টাত ১০০ কিলোমিটাৰ আছিল| হাৰিকেন ধুমুহাৰ বতাহৰ গতিক প্ৰবলতা অনুযায়ী ৫টা ভাগত ভাগ কৰা হৈছে| আমেৰিকা যুক্তৰাষ্ট্ৰ, মেক্সিকো, গুৱাটামেলা, পানামা, হণ্ডৰাছ আৰু লেটিন আমেৰিকাৰ উপকূল অঞ্চলত হাৰিকেন ধুমুহা মাজে মাজে হৈয়ে থাকে| এই হাৰিকেন ধুমুহা বোৰক বিভিন্ন সময়ত বিভিন্ন নামেৰে স্থানীয়ভাৱে নামকৰণ হয়| যেনে ধৰক হাৰিকেন ফ্ৰাংক, হাৰিকেন পেট্ৰিছিয়া, হাৰিকেন ৱাৰ্ল আদি| এই বছৰৰ আগষ্টৰ দ্বিতীয় সপ্তাহত হোৱা হাৰিকেন ৱাৰ্লত মেক্সিকোৰ উপকূলত ধুমুহা, মূষলধাৰ বৰষুণ আৰু ভূমিস্খলনৰ কাৰণে ৩৮ জন লোকৰ মৃত্যু হৈছে|

টাইফুন

‘টাইফুন’ নামৰ ধুমুহা বতাহ প্ৰশান্ত মহাসাগৰৰ পশ্চিম অংশত, চীন সাগৰ, ফিলিপাইনছ্‌ আৰু উত্তৰ আটলাণ্টিক সাগৰত হোৱা দেখা যায়| টাইফুন মূলত: এটা চীনা শব্দ ‘TAI-FUNG’ ৰ পৰা সৃষ্টি হৈছে| সাধাৰণ টাইফুন ধুমুহা বিষুৱ অঞ্চলতে বেছিকৈ হয়| বিষুৱ অঞ্চলত সূৰ্য্যৰ ৰশ্মি লম্বভাৱে পৰে| সূৰ্য্যৰ প্ৰখৰ তাপত সাগৰৰ জলপৃষ্ঠৰ পৰা যথেষ্ট বাষ্পীভৱন হয় আৰু গৰম বায়ু পাতল হৈ আকাশৰ ওপৰৰ ফালে গতি কৰে| ইয়াৰ লগে লগে বায়ুমণ্ডলৰ ওপৰ ভাগৰ পৰা সৰ্পিল গতিত সকলো দিশৰ পৰা ঠাণ্ডা জলীয় বাষ্প থকা বায়ু জলপৃষ্ঠৰ পৰা নামি আহে| টাইফুন ধুমুহাৰ বৈশিষ্ট চাইক্ল’ন আৰু হাৰিকেনৰ প্ৰায় ওলোটা| গৰম, পাতল বায়ু থকা অংশতে টাইফুন ধুমুহাৰ চকু অঞ্চল বুলি ক’ব পাৰি| এই অঞ্চলত বায়ুমণ্ডলৰ চাপৰ পাৰ্থক্যৰ পৰিমাণ সৰ্ব্বোচ্চ ৩০ পাউণ্ড প্ৰতি বৰ্গফুট (১পাউণ্ড=০.৪৫৩৬ কেজি)| টাইফুন ধুমুহাৰ গতিবেগ ৭৪ মাইল প্ৰতি ঘণ্টাতকৈও বেছি| ১৯২২ চনৰ আগষ্টত চীন দেশৰ ‘SWATOW’ চহৰত টাইফুন ধুমুহাত প্ৰায় ৫৬,০০০ মানুহৰ মৃত্যু হৈছিল| এই বছৰৰ জুলাইৰ প্ৰথম সপ্তাহত টাইৱানৰ পূৱ-উপকূলত হোৱা টাইফুন ধুমুহাৰ বাবে মূষলধাৰ বৰষুণ হৈছিল| টাইফুনৰ জলপৃষ্ঠত গতিবেগ ১৫ কিলোমিটাৰ প্ৰতি ঘণ্টা আছিল| কিন্তু ইয়াৰ চক্ৰাকাৰ গতিৰ বেগ ১৬৩ কিলোমিটাৰ প্ৰতি ঘণ্টা আছিল| এই ধুমুহা বতাহে প্ৰায় ৩ লাখ ৯০ হেজাৰ বাসগৃহ অনিষ্ট কৰিছিল| ৬০০তকৈ অধিক উৰাজাহাজৰ সময় বাতিল কৰিব লগা হৈছিল| জাপান দেশতো ছুনামি আৰু টাইফুন ধুমুহাই মাজে মাজে যথেষ্ট ধ্বংসকাৰ্য চলায়|

ডাৱৰ বিস্ফোৰণ

ডাৱৰ বিস্ফোৰণ হিমালয় পৰ্বতৰ নামনি অঞ্চলত প্ৰায় হৈয়ে থাকে| পৃথিৱীৰ ধুমুহাবোৰ অসমত কি বতাহ বলেডাৱৰ বিস্ফোৰণৰ কাৰণে ওপৰৰ আকাশত ছাইৰাছ, কুমুলাছ আৰু নিম্বাছ ডাৱৰ একেলগ হোৱা দৰকাৰ| অৰুণাচল প্ৰদেশত বছৰত গড় হিচাপত ৩,৭০০ মিলিমিটাৰ বৰষুণ হয়| ২০১৩ চনৰ মে’ মাহত উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণৰ কাৰণে হোৱা মূষলধাৰ বৰষুণ, ভূমিস্খলন, ঠাণ্ডা, নদী বান্ধৰ এৰি দিয়া পানী আৰু ধুমুহাত যথেষ্ট সংখ্যক তীৰ্থযাত্ৰী গংগোত্ৰী, ৰুদ্ৰপ্ৰয়াগ, যমুনাত্ৰী আৰু কেদাৰনাথত মৃত্যু হৈছিল| বাৰিষা কালত ব’হাগৰ পৰা ভাদ-আহিন মাহলৈ উজনিৰ বৰ্ষাৰণ্য অঞ্চলত প্ৰায় বৰষুণ হয়| কেতিয়াবা ১০-১৫ দিনলৈ মানুহে ৰ’দৰ পোহৰ দেখিবলৈ নাপায়| চেৰাপুঞ্জিত সকলোতকৈ বেছি বৰষুণ হয় বুলি আমি জানো| কিন্তু তাতকৈ বেছি বৰষুণ হোৱা ঠাই অৰুণাচল প্ৰদেশত থকাৰ সম্ভাৱনা আছে|

অসমৰ ধুমুহা বতাহ

আমাৰ ভাৰতত চাইক্ল’ন, টৰ্নাড’, ঘূৰ্ণি বতাহ, ডাৱৰ বিস্ফোৰণ, ধুমুহা, পকনীয়া, বিজুলী, বজ্ৰপাত, মূষলধাৰ বৰষুণ, আৰু শিলাবৃষ্টি আদি হৈ থাকে| বংগোপ সাগৰত সৃষ্টি হোৱা নিম্ন চাপৰ বাবে উপকূল অঞ্চলকে ধৰি অসমত ডাঙৰ ধুমুহা, ঘূৰ্ণি বতাহ, মূষলধাৰ বৰষুণ আৰু শিলাবৃষ্টি আদি হয়| এই নিম্নচাপ স্থলভাগত সোমাই অসমৰ ফালে গতি কৰিলে আমি উত্তৰ-পশ্চিম আকাশত ডাৱৰৰ মাজত সঘনে বিজুলী-গাজনি মৰা দেখিবলৈ পাওঁ| ব’হাগ মাহত বলা ‘বৰদৈচিলা’ ধুমুহা বতাহ দক্ষিণ-পূৱ দিশৰ পৰা আহে| এই ধুমুহাৰ চৰিত্ৰ টৰ্নাড’ ধুমুহাৰ লগতহে কিছু মিল আছে| গতিবেগ কম হোৱাৰ কাৰণে এনে ধুমুহাক টৰ্নাড’ বুলি ক’ব পৰা নাযায়| ডাৱৰৰ পৰা মাটিলৈ বিস্তৃত হৈ থকা তলৰ ফালে সৰু ওপৰলৈ বহল ফানেল আকাৰৰ বৰষুণ এপ্ৰিল, মে’ আৰু জুন মাহত গুৱাহাটীৰ পূৱ আকাশত (মেঘালয় পাহাৰৰ কাষত) মেঘালয়ৰ দিশৰ পৰা পাতল বৰষুণৰ আগে আগে টৰ্নাড’ৰ একেবাৰে সৰু বৰষুণৰ আকাৰ অলপ মন কৰিলে দেখা যায়| এনে আকাৰ বৰ ক্ষণস্থায়ী| খুব বেছি ৫ মিনিটমানৰ কাৰণেহে দেখা যায়|

আমাৰ অসমত সূৰ্যগ্ৰহণ, চন্দ্ৰগ্ৰহণ, ভূমিকম্প, প্ৰদূষণ, অ’জন ফাক, বৰ্ধিত উষ্ণতা আৰু কম আৰ্দ্ৰতা থকাৰ বাবে বংগোপ সাগৰত নিম্নচাপ সৃষ্টি হোৱাৰ সময়ত ধুমুহা, শিলাবৃষ্টি, ঘূৰ্ণি বতাহ, মূষলধাৰ বৰষুণৰ বাবে বাট সুচল হৈ উঠে| গুৱাহাটী মহানগৰ অঞ্চলত প্ৰদূষণ আৰু উষ্ণতাৰ পৰিমাণ কাষৰীয়া ঠাইতকৈ বেছি বাবে সহজে বৰষুণ হ’ব নোৱাৰে| নলবাৰী, বকো, হাজো, মৰিগাঁও, মংগলদৈ, নগাঁও, বৰ্ণিহাটত বৰষুণ হলেও গুৱাহাটীত একে সময়তে বৰষুণ নহয়| পাহাৰ বোৰৰ কাৰণে গুৱাহাটী মহানগৰত কেইবাটাও সৰু সৰু সমভূমিত নিজাকৈ বায়ুৰ পৰিচালনা গতি হয়| সেইবাবে বাহিৰৰ পৰা নিম্নচাপৰ প্ৰভাৱ নপৰিলে সকলো ঠাইতে বৰষুণ নহয়| নীলাচল, ফটাশিল, নৰকাসুৰ পাহাৰ আৰু খানাপাৰা-যোৰাবাট অঞ্চলত গুৱাহাটীৰ আন ঠাইবোৰতকৈ বেছি বৰষুণ হয়| কোনো কাৰণত আকাশৰ পৰা নিম্বাছ ডাৱৰ (ক’লা বৰষুণ দিব পৰা ডাৱৰ) তললৈ নামি আহিলেও কোবাল বতাহ আৰু নিজা নিজা বায়ুৰ পৰিচালন গতিৰ প্ৰভাৱত কোনো বিশেষ অঞ্চলতহে বৰষুন হয়| যেনে ধৰক- চান্দমাৰি, নূনমাটি, পাণবজাৰত বৰষুণ, কিন্তু গণেশগুৰি, পল্টনবজাৰ, বেলতলাত বৰষুণ নাই| খানাপাৰা, বশিষ্ট, বেলতলাত বৰষুণ, কিন্তু কাষতে থকা কাহিলীপাৰাত বৰষুণ হোৱা নাই| জালুকবাৰী অঞ্চলতা বৰষুণ, ধুমুহা দি আছে, কিন্তু খানাপাৰা, বেলতলা দিশত একো বতৰৰ পৰিৱৰ্তনেই নাই| আমি বৃহত্তৰ গুৱাহাটী মহানগৰৰ সকলো ঠাইতে বৰষুণ হ’ব নে নহয় জনাৰ এটা সাধাৰণ উপায় আছে| নাৰেংগীৰ অইল ইণ্ডিয়া লিমিটেডৰ ট্ৰেন্সমিছন টাৱাৰটোত যেতিয়া ডাৱৰে স্পৰ্শ কৰে, তেতিয়াহে গোটেই গুৱাহাটীতে বৰষুণ দিয়ে|

ধুমুহাৰ আগতীয় জলবায়ু

এপ্ৰিল-মে’ মাহত ধুমুহা অহাৰ আগে-আগে অলপ সময়ৰ কাৰণে বতাহ চলাচল বন্ধ হৈ যায়| সেই সময়ত ওখ ঠাই, পাহাৰৰ গছৰ পাত অলপো লৰচৰ নকৰে| তাৰ পিচত লাহে লাহে ধুমুহা আহিব পৰা দিশৰ পৰা বতাহ আৰম্ভ হয়| ইয়াৰ পিচত আকাশত পাতল বিজুলী মাজে মাজে দেখা যায়| তাৰ পিচত লাহে লাহে বিজুলী ঘন হৈ আহে| আকাশৰ ডাৱৰ, বিজুলী আৰু গুম-গুমনি শব্দৰ লগে লগে যদি ডাৱৰবোৰ ডাঠ হৈ তললৈ নামে আৰু কিছু বতাহৰ শব্দ শুনা যায়, তেন্তে ধুমুহাৰ গতিবেগ আৰু প্ৰবলতাও বেছি হোৱাৰ সম্ভাৱনা থাকে| যোৱা বছৰ গুৱাহাটী বাসীয়ে এপ্ৰিল মাহত এনে মাত্ৰ এজাক ধুমুহাৰ সম্মুখীন হৈছিল| কংক্ৰিট মহানগৰত পাহাৰ-অঞ্চলৰ ঘৰ বোৰৰ বাহিৰে অন্য ঠাইত একো হানি-বিঘিনি এই ধুমুহা জাকে কৰিব নোৱাৰিলে|

কিছু সাৱধানতা

বিজুলী, গাজনি আৰু বজ্ৰপাত হৈ থাকিলে সাধাৰণতে বৰ মুকলি ঠাইত থকাটো অনুচিত| সাধাৰণতে খেলপথাৰ, ধাননি পথাৰ, উচ্চ বিভৱ সম্পন্ন বিজুলী খুঁটা, ওখ গছৰ ওচৰত থকাটো অনুচিত| বিল, পিটনি, হাবি আদিত বেছিকৈ বজ্ৰ পৰে| গুৱাহাটীৰ বিলবিলাকৰ ওপৰতো বজ্ৰ বেছিকৈ পৰা দেখা যায়| ঘৰৰ টিনৰ তাঁৰৰ বান্ধোনবোৰ আৰু উঁই পোকে খোৱা বাঁহবোৰ ফেব্ৰুৱাৰী মাহত মেৰামতি কৰা উচিত| ধুমুহাৰ পৰা ৰক্ষা পাবলৈ অসমৰ আৰ্হিৰ ঘৰত খুঁটা বিলাকত ‘কান মুছৰা’ আৰু পৰাপক্ষত ২৪ ইঞ্চিৰ বল্টু লগোৱা উচিত| ধুমুহা অহাৰ সময়ত দুৱাৰ-খিৰিকী বন্ধ কৰি ৰখা উচিত| কাৰণ ধুমুহা-বতাহে ফাঁক পালে ঘৰৰ মূধচ সহজে উৰুৱাই নিব পাৰে| বিদ্যুতৰ আৰ্থিংডাল পৰাপক্ষত তামৰ হোৱা উচিত| লোহাৰ হ’লেও কোনো কথা নাই| কিন্তু মাজে মাজে কোবাল ধুমুহাৰ সম্মুখীন হ’লে মাটিতেই শুই পৰা উচিত| গোলকীয় পৰিৱৰ্তনৰ লগে লগে আমিও সাৱধান হোৱা উচিত| কাৰণ বতৰৰ অস্বাভাৱিক পৰিৱৰ্তনৰ বাবে বছৰত এতিয়ালৈ বাংলাদেশ, মেক্সিকো, বেলিজ, গুৱাটামেলা, মেচিড’নিয়া, টাইৱান দ্বীপ, ভাৰতৰ উত্তৰখণ্ড (তেহৰি আৰু চামলি জিলা), ঝাৰখণ্ড, বিহাৰ, উত্তৰপ্ৰদেশ, অন্ধ্ৰ-প্ৰদেশ আৰু চীন দেশৰ জিয়াংচু প্ৰদেশত হোৱা ধুমুহা বতাহ, বৰষুণ, ভূমিস্খলন আৰু বানপানীত ইতিমধ্যে বহু লোকৰ মৃত্যু আৰু অনেক আঘাতপ্ৰাপ্ত হৈছে|

লেখক:- হেমন্ত বৰগোহাঁই

উৎস:- সম্ভাৰ

শেহতীয়া উন্নীতকৰণ: : 6/3/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate