অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্লাষ্টিক ভক্ষণকাৰী কৃমিয়ে প্ৰদূষণৰ পৰা ৰক্ষা কৰিব বিশ্বক

প্লাষ্টিক ভক্ষণকাৰী কৃমিয়ে প্ৰদূষণৰ পৰা ৰক্ষা কৰিব বিশ্বক

ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষকসকলে ফুতি পোকৰ পলুত এনে এবিধ ক্ষুদ্ৰ কৃমিৰ সন্ধান লাভ কৰিছে যি ষ্টেৰ’ফম আৰু আন প্ৰকাৰৰ পলীষ্টেৰিণ ভক্ষণ কৰে। এই কৃত্ৰিম পলুৰ উদৰত থকা জীৱাণুৱে এই প্ৰক্ৰিয়াত প্লাষ্টিকক জৈৱিকভাৱে পচি যোৱা অৱস্থালৈ পৰিৱৰ্তিত কৰে। এই উদ্‌ঘাটনে বিশ্বজুৰি সৃষ্টি হোৱা প্লাষ্টিক প্ৰদূষণৰ পৰা মুক্ত কৰাৰ এক নতুন আশা কঢ়িয়াই আনিছে। ষ্টেনফ’ৰ্ডৰ চিভিল আৰু এনভাইৰণমেন্ট ইঞ্জিনীয়াৰিং বিভাগৰ জ্যেষ্ঠ অভিযন্তা গৱেষক উই-মিন উয়ে ‘ষ্টাডিজ ইন এনভাইৰণমেন্টেল ছায়েন্স এণ্ড টেকনল’জী’ত এই কথা প্ৰকাশ কৰিছে। উইৰ মতে এই উদঘাটনে প্লাষ্টিক প্ৰদূষণ সমাধানৰ ক্ষেত্ৰত নতুন দুৱাৰ মুকলি কৰিলে। উল্লেখ্য, ৱৰ্লডৱাট্‌ছ ইনষ্টিটিউটৰ ২০১৩ চনৰ তথ্য অনুসৰি বিশ্বজুৰি উৎপাদিত প্লাষ্টিকৰ পৰিমাণ হ’ল ত্ৰিছ কোটি টন। ইউৰোপত ২০১২ চনত উৎপাদিত মুঠ প্লাষ্টিকৰ ২৬ শতাংশ বা ৬৬ লাখ টন পুনৰ ব্যৱহাৰৰ উপযোগী কৰি তোলাৰ বিপৰীতে ৩৬ শতাংশ ব্যৱহাৰ কৰা হয় শক্তি উৎপাদনত। বাকী ৩৮ শতাংশ প্লাষ্টিক পেলনীয়া হিচাপে মাটিৰ মাজত সোমাই পৰে। আমেৰিকা যুক্তৰাজ্যত ২০১২ চনত মাত্ৰ ২৮ লাখ টন পুনৰ ব্যৱহাৰৰ বাবে উপযোগী কৰি তোলাৰ বিপৰীতে ৩ কোটি ২০ লাখ টন পেলনীয়া হিচাপে ৰৈ যায়। নতুন আৱিষ্কাৰে প্ৰথমবাৰৰ বাবে এই প্ৰমাণ উন্মোচিত কৰিছে যে প্ৰাণীৰ উদৰত প্লাষ্টিকৰ বেক্টেৰিয়েল পচন ক্ৰিয়া সম্পন্ন হয়। পলুৰ ভিতৰত বেক্টেৰিয়াই কিদৰে পচন কাৰ্য সম্পাদন কৰে সেয়া ভালদৰে জনাৰ পিছত প্লাষ্টিক পেলনীয়াৰ নতুন সুৰক্ষিত ব্যৱস্থাপনা তৈয়াৰ কৰাটো সম্ভৱ হৈ উঠিব বুলি বিজ্ঞানীসকলে আশা প্ৰকাশ কৰিছে। পৰীক্ষাগাৰত দেখা গৈছে যে শস্যৰ গুৰিত হোৱা বগা পলুৰ এশটা পলুৱে দৈনিক ৩৪-৩৯ মিলিগ্ৰাম ষ্টে’ম ভক্ষণ কৰিব পাৰে। এই পলুৱে আন যিকোনো খাদ্য উৎসত ঘটোৱাৰ দৰে প্ৰায় অৰ্ধেক ষ্টেৰ’ফ’মক কাৰ্বন ডাই অক্সাইডলৈ ৰূপান্তৰ কৰে। ২৪ ঘন্টাৰ ভিতৰতে সিহঁতে ভক্ষণ কৰা প্লাষ্টিক জৈৱিকভাৱে পঁচি যাব পৰা অতি ক্ষুদ্ৰ টুকুৰা হিচাপে দেহৰ পৰা নি:সৰিত হয়। গুৰুত্বপূৰ্ণ কথাটো হ’ল যে শস্যৰ গুড়িত হোৱা বগা পলুৱে ভক্ষণ কৰা ষ্টেৰ’ফম আহাৰ তাৰ বাবে সচৰাচৰ আহাৰৰ দৰেই পুষ্টিদায়ক। আনকি এই পলুৰ দেহৰ পৰা মল হিচাপে ব্যৱহাৰ কৰিব পাৰি। অৱশ্যে ইয়াৰ আগতে লা পোকৰ উদৰত থকা জীৱাণুৱে পলিথিনক জৈৱিকভাৱে পচন কৰাৰ অৱস্থালৈ লৈ যোৱাৰ কথা মিন উৱে প্ৰমাণ কৰিছিল। কিন্তু শস্য গুড়ুত হোৱা বগা পলুৰ বিষয়টো এইবাবেই গুৰুত্বপূৰ্ণ যে ই’ষ্টেৰ’ফমক ভক্ষণ কৰিব পাৰে। এইখিনিতে উল্লেখ কৰিব পাৰি যে ষ্টেৰ’ফমে পৰিৱেশ প্ৰদূষণৰ প্ৰতি অধিক ভাবুকি সৃষ্টি কৰি অহাৰ উপৰি ইয়াক জৈৱিকভাৱে পচন ক্ৰিয়া কৰাটো সম্ভৱ নহয় বুলি ভাবি অহা হৈছিল।

লিখক: অমৰজ্যোতি ভূঞা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 7/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate