অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰকৃতি আৰু মানুহ

প্ৰকৃতি আৰু মানুহ

বিশ্বৰ চৌদিশে আজি গোলকীয় উষ্ণতা বৃদ্ধিৰ হুলস্থুল। বৃহদাকয় কল-কাৰখানাৰ পৰা নিৰ্গত বিষাক্ত ধোৱাইঁ তথা গাড়ী-মটৰৰ পৰা নিৰ্গত বিষাক্ত গেছে পৃথিৱী নামৰ গ্ৰহটোৰ অস্তিত্বৰ প্ৰ্তি ভাবুকি কঢ়িয়াই আনিছে।তাতে আকৌ ভূতৰ ওপৰত দানহ পৰাৰ লেখিয়াকৈ আমি মানৱ জাতিয়ে প্ৰকৃতিৰ সেউজীয়া গছ-গছনীবোৰ জধে মধে ধ্বংস কৰাত লাগিছোঁ।ইয়াৰ কুফল অদুৰ ভৱিষ্যতে আমি ভোগ কৰিব লাগিব।কিয়নো প্ৰকৃতিয়েই হৈছে জীৱ জগতৰ প্ৰান।জীৱশ্ৰেষ্ঠৰ মুখা পিন্ধা মানুহৰ নিৰ্মম অত্যাচাৰ সহ্য কৰিও চকুলো টুকি টুকি যেন নিস্বাৰ্থভাৱে জীৱ জগতৰ বাবে দায়িত্ব পালন কৰি গৈছে প্ৰ্কৃতিয়ে।

আজি আমি সকলোৱেই দেখি আহিছো প্ৰকৃতি ধ্বংস কুফল মানুহে কেনেদৰে ভোগ কৰি আহিছে।মানুহে বিবেচনাহীনভাবে পাহাৰ খনন,বনাঞ্চল ধ্বংসৰ পৰিমান স্বৰুপে কৃত্ৰিম বানপানী সমস্যাৰুপে দেখা দিছে।পাহাৰ ধ্বংসৰ ফলস্বৰুপে বৰষুন দিলে সম্পূৰ্ন পানীভাগ হুৰমুৰকৈ ভৈয়ামলৈ বৈ আহে বাবে ভৈয়ামৰ জনসাধাৰনে জীয়াতু ভুগিবলগিয়া হৈছে আৰু তাৰ লগে লগে এই পানীভাগে ইয়াৰ সৈতে মাটি আৰু জাবৰ জোথৰঁ কঢ়িয়াই নৈ বা আন পৰিবাহী নলা নৰ্দমাৰ বুকুত জমা কৰি ভয়ংকৰ বিপদৰ সৃষ্টি কৰিছে।আনহাতে বনাঞ্চল ধ্বংসই আমাৰ জৈৱ-পাৰিপাৰ্শ্বিকতাৰ ওপৰতো প্ৰ্ভাৱ পেলাইছে।এনে কুপ্ৰ্ভাৱৰ এটা উদাহৰন হৈছে শগুনৰ বিলুপ্তপ্ৰায় অৱস্থা।আমি সকলোবে প্ৰ্কৃতিৰ জামাদাৰ শগুনৰ উপকাৰিতাৰ কথা জানো।পিছে মানুহৰ কেতবোৰ বিবেচনাহীন কামৰ বাবে শগুন বিপুপ্ত হবৰ উপক্ৰম ঘটিছে।জৈৱ-পাৰিপাৰ্শ্বিকতা ৰক্ষাত গুৰুত্বপূৰ্ন ভূমীকা গ্ৰহন কৰা অন্য এক উদাহৰন হল ভেকুলি যাৰ টোৰটোৰনিৰ শব্দ বাৰিষা কালত আমাৰ গ্ৰামাঞ্চলৰ পৰিচিত আধৰুৱা আছিল সেই ভেকুলিবোৰেও আজি প্ৰ্কৃতি ধ্বংসৰ কুফলত অস্তিত্বৰ সংকটত ভুগিছে।এন্ধাৰ ৰাতি জাক জাক জোনাকী পৰুৱাৰ নয়নাভিৰাম দৃশ্য আমাৰ গ্ৰাম্য সমাজত এসময়ত চিনাকী আছিল কিন্ত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ বাবে আজি জাক জাক জোনাকীৰ দৃশ্যও যেন হেৰাই যোৱাৰ উপক্ৰম হৈছে।এনে বহুতো উদাহৰন আছে যিয়ে কঢ়িয়াই আনে প্ৰকৃতিৰ ওপৰত মানুহৰ নিৰ্মম অত্যাচাৰৰ ছবিখন।

দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰেপৰা পৃথিৱীৰ প্ৰায় ১,৩ কোটি বৰ্গকিলোমিটাৰ পৰিমানৰ(প্ৰায় ভাৰত আৰু চীনৰ মুঠ মাটিকালিৰ সমান)মাটিৰ স্বাভাৱিক গুন মজলীয়াৰপৰা সাংঘাটিক ধৰনে বিনষ্ট হৈছে।ভূ-পৃষ্ঠৰ মাত্ৰ ১১ শতাংশ মাটিতহে খেতি কৰিব পৰা যায় আৰু তাৰ বৰ্তমান ২৩ শতাংশ মাটিৰ গুন ইমান বেছি পৰিমানে অৱনমিত হৈছে যে সেয়া খেতিৰ অনুপযোগী হৈছে বুলি ৰাষ্ট্ৰ্সংঘই প্ৰকাশ কৰিছে।মাটিৰ মান অৱনমনৰ ,মূল কাৰনবোৰ হল বনাঞ্চল ধ্বংস কাৰ্য্য,কৃষিকাৰ্যত মাটিৰ অপ ব্যৱস্থাপনা ঘাঁহনি পথাৰত পশুধনৰ অতিচাৰন,প্ৰদূষন ভুমিষ্খ্লন ইটাৰ ভাতা আৰু নানা প্ৰকাৰৰ উদ্যোগ নিৰ্মান দ্ৰুত নগৰীকৰন ইত্যাদি।

প্ৰ্কৃতি আৰু মানৱ সমাজৰ সম্পৰ্কৰ আন এটা উদাহৰন হল বনাঞ্চলৰ তথা বৰ্ষাৰণ্যবোৰ।এই সম্পৰ্কৰ এটা উদাহৰন হল পৃথীৱিৰ বৃহৎ বৰ্ষাৰন্য আমাজন বৰ্ষাৰন্য যাক কোৱা হয় ধৰিত্ৰীৰ হাঁওফাওঁ।পৃথিৱীৰ বৃহৎ নদী আমাজানৰ অৱবাহিকাত অৱস্থিত এই বৰ্ষাৰণ্যই দক্ষিন আমেৰিকা মহাদেশৰ ব্ৰাজিলৰ ৬০ শতাংশ অঞ্চল,পেৰুৰ ১৩ শতাংশ,কলম্বিয়াৰ ১০ শতাংশ আৰু ইকুৱেডৰ,ভেনিজুৱেলা,বলিভিয়া,গুৱেনা,চুৰিনাম আদিৰ কিছু অংশ সামৰি সৃষ্টি হৈছে।আমাজন বৰ্ষাৰন্যক ধৰিত্ৰীৰ হাওঁফাওঁ বুলি কোৱা কাৰন হল-বিশ্বৰ প্ৰনীকুলৰ বাবে প্ৰয়োজনীয় সৰ্বমুঠ অক্সিজেনৰ প্ৰায় ১০ শতাংশই এই আমাজনৰ বৰ্ষাৰন্যৰ অকলে যোগান ধৰি আহিছে।আমজন বিষয়ে কৈ অন্ত কৰিব নোৱাৰী।এই বৰ্ষাৰন্যৰ প্ৰকৃতিৰ নৈসৰ্গিক শোভা তথা ঘন বনাঞ্চলৰ সৈতে বিভিন্ন ৰহস্যময় জীৱ জন্তক লৈ যেন আজিও আধুনিক বিশ্বত ৰহস্যৰ শেষ নাই।আজিও যেন আমাজন বৰ্ষাৰন্যৰ বুকুত আৱদ্ধ ৰহস্যৰ কুহেঁলিকা ভাঙিবলৈ অদ্যাপি বহুদূৰ বাকী।ৰহস্যময় জীৱ জন্ত তথা ইয়াৰ আদিবাসীসকল লৈ হলিউডে ইতিপূৰ্বে কেইবাখনো জনপ্ৰিয় কথাছবি নিৰ্মান কৰি উলিয়াইছে।আনাকাণ্ডো কিং-কং আদি কেইখনমান উদাহৰনহে মাত্ৰা।ভবা হৈছে যে ইয়াৰ অনাৱিস্কৃত বহুতো উদ্ভিদৰ মাজতেই যেন লুকাই আছে আজিৰ মানৱ সমাজৰ বাবে প্ৰয়োজনীয় বহুতো মূল্যবানৰ দৰৱৰ প্ৰয়োজনীয় উপাদান।বিজ্ঞানীসকলে আশা কৰিছে যে এইডচ,কৰ্কটৰোগ,মধুমেহ আদি ভয়ংকৰ তথা দূৰাৰোগ্য ৰোগসমূহৰো প্ৰয়োজনীয় ঔষধ হয়তো ইয়াৰ বুকুতেই এদিন উদঘাটন হব।আগতেই উল্লেখ কৰা হৈছে যে এই চিৰসেউজ বনাঞ্চল আমাজন বৰ্ষাৰন্য হৈছে পৃথিৱীৰ হাওঁফাঁও।কিন্ত বহল দৃষ্টিত চালে ই যেন অকল পৃথিৱীৰ হাওঁফাওঁ নহয় ই যেন পৃথিৱীৰ হৃদপিণ্ডহে।কিন্ত জীৱশ্ৰেষ্ঠ মানুহৰ কোপদৃষ্টিৰপৰা আজি আমাজনো মুক্ত নহয়।যাৰ বাবে চল্লিখ লাখ বৰ্গকিলোমিটাৰ জুৰি বিয়পি থকা “আমাজান বৰ্ষাৰন্যও”যেন আজি ক্ৰমান্বয়ে ধ্বংসৰ মুখলৈ আগবাঢ়ি অচিৰে মৰুভুমি হোৱাৰ পথত অগ্ৰসৰ হৈছে।বৰ্তমান সময়লৈকে হেনো আমাজনৰ ৪৭ শতাংশ বনাঞ্চল ধ্বংসপ্ৰাপ্ত হৈছে যিটো অতিশয় দুৰ্ভাগ্যজনক আৰু আমি আজি আমজনৰ যিটো ৰুপ দেখি দেখি আহিছো সেয়া হৈছে বাকী ৰোৱ মাথোঁ ৫৩ শতাংশ অঞ্চলহে।অবৈধভাৱে ইয়াৰ বুকুত আৰম্ভ হোৱা সোনৰ খনিৰ সন্ধান অবৈধ চিকাৰ কাৰ্য,অনিয়মিত তথা অবৈধ কৃষিকাৰ্য,পশুপালন অগ্নিসংযোগ প্ৰাকৃতিক গেছ আৰু তেল উদঘাটন বাবে চলোৱা জৰীপ আদিয়ে ইয়াৰ প্ৰ্তি চৰম ভাবুকি কঢ়িয়াই আনিছে।আনহাতে এই অঞ্চলত উপলদ্ধ ১২০ ৰ পৰা ২০০ ফুট পৰ্যন্ত ওখ বিভিন্ন প্ৰজাতিৰ প্ৰকাণ্ড গছবোৰ আন্তাৰ্জাতিক বজাৰত বানিজ্যিক মুল্য অধিক হোৱা হেতুকে ধ্বংসৰ গৰাহত পৰিছে।অকল অমাজনেই নহয়,পৃথিৱীৰ প্ৰান্তে প্ৰান্তে সিঁচৰিত হৈ থকা এই বৰ্ষাৰন্যসমুহ যেনে ভগৱানৰ দান—যিয়ে আমাৰ পৃথিৱীৰ এক সুস্থ বাতাবৰনৰ বৰ্তাই ৰাখি পৃথিৱীৰ জীৱকূলক ৰক্ষা কৰি আহিছে।কিন্ত মানুহৰ অত্যাচাৰৰ বাবেই আজি পৃথিৱীত প্ৰ্তি ছেকেণ্ডত দুখনকৈ ফুটবল পথাৰৰ সমান বৰ্ষাৰন্য ধ্বংস হৈ গৈ আছে।ইয়াৰ কুফল ভোগ কৰিবলৈ যেন বাকী নাই।

এনেদৰেই আজি আমি আমাৰ নিজৰ বিপদ নিজেই কঢ়িয়াই আনিছোঁ।যদিহে সময় থাকোতেই আমি সচেতন নহওঁ আৰু প্ৰকৃতিৰ অৱশিষ্টখিনিও যদি সংৰক্ষন কৰিবলৈ অপৰাগ হওঁ তেনেহলে আমাৰ পৃথিৱীৰ সেউজী শোভা লোপ পাবলৈ বেছি পৰ নালাগিব আৰু পৃথিৱী নামৰ গ্ৰহটো মৰুভূমিত পৰিনত হবলৈ বেছি পৰ নালাগিব।এইক্ষেত্ৰত সচেতন হোৱাটো প্ৰ্তিজন বিশ্ববাসীৰে কৰ্ত্তব্য।

ড:বিৰাজ কুমাৰ শৰ্মা

শেহতীয়া উন্নীতকৰণ: : 6/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate