অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

প্ৰকৃতি বনাম বিজ্ঞান

প্ৰকৃতি বনাম বিজ্ঞান

বিজ্ঞানৰ বিকাশ আৰু তৎক্ষণাৎ আধুনিক হোৱাৰ হেঁপাহত আজি সমগ্ৰ বিশ্ব ব্যস্ত, য’ত অন্যান্য বহু কথা গৌণ বা উপেক্ষিত। যাৰ বাবেই হয়তো মানৱসৃষ্ট বিজ্ঞানে প্ৰতিটো মুহূৰ্ততে ‘মইবৰ’ ভাবেৰে প্ৰকৃতিক পদে পদে প্ৰত্যাহ্বান জনাই দোপতদোপে আগবাঢ়ি যোৱাৰ অবিৰত প্ৰয়াস কৰি আছে। বহুক্ষেত্ৰত বিজ্ঞান সফলো হৈছে। পুৱা শোৱাপাটী এৰাৰে পৰা পুনৰ নিশা টোপনিতো বিজ্ঞানে কৃত্ৰিমতাৰ জীপাল ৰসত আমাক অদ্ভুত আৰু বিচিত্ৰ উপায় তথা সঁজুলিৰে নিশ্চিতভাবেই যে জীৱন ধাৰণ প্ৰক্ৰিয়াত আলোড়নৰ সৃষ্টি কৰিছে, সেয়া নি:সন্দেহে স্বীকাৰ কৰিব লাগিব। প্ৰাকৃতিক জীৱৰ দৰে হুবহু একে চাৰিত্ৰিক আৰু শাৰীৰিক গঠনৰ জীৱ(ক্ল’ন)সৃষ্টি কৰাৰে পৰা নেন’টেকন’লজি, নিউক্লিয়াৰ শক্তি তথা চন্দ্ৰলৈ মানুহ আৰু মংগল গ্ৰহলৈ কৃত্ৰিম উপগ্ৰহ ক্ষেপণ কৰি বিভিন্ন আলোকচিত্ৰ সংগ্ৰহেৰে বিজ্ঞানে সঁচাকৈয়ে প্ৰকৃতিৰ একমাত্ৰ যোগ্য প্ৰতিদ্বন্দ্বীৰ আসনখন অলংকৃত কৰিছিল। পিচে সময় গতিশীল। পৰিৱৰ্তিত সময়ৰ লগত বিজ্ঞানৰ এই জয়যাত্ৰা অপ্ৰতিৰোধ্য হৈ নাথাকিল বা অনাগত দিনতো হয়তো প্ৰকৃতিক বশ কৰাৰ বিজ্ঞানৰ যি প্ৰয়াস, সেয়া সম্ভৱ নহ’ব। কেইটামান উদাহৰণ কিম্বা পৰিঘটনাৰ ওপৰত আলোকপাত কৰিলেই সেই কথাবোৰ স্পষ্ট হৈ পৰিব যেন ধাৰণা হয়। ২০০৪ চনৰ ২৬ ডিচেম্বৰ। যিটো দিনত পোনপ্ৰথমবাৰৰ বাবে প্ৰকৃতিৰ হাতত বিজ্ঞানক্ষেত্ৰ জিকি জিকিও হাৰি যোৱাটো এক প্ৰকাৰে স্পষ্ট হৈ পৰিছিল। বতৰৰ লগতে অন্যান্য দুৰ্যোগৰ আগলি বতৰা দিব পৰা বা দিবলৈ চেষ্টা কৰা বিজ্ঞানে সেইবাৰ কিন্তু প্ৰকৃতিৰ ধ্বংসলীলা ‘ছুনামি’ৰ ভূটোকে নাপালে। যিটো সময়ত মংগল হেন গ্ৰহত মানুহ তথা পৃথিৱীস্থ বিভিন্ন জীৱৰ দৰে জীৱন থকাৰ দাবী কৰিব পাৰিছে, বিজ্ঞানৰ তেনে এক গৌৰৱময় সময়ত প্ৰকৃতিৰ এনে ধ্বংস যজ্ঞৰ উমান নোপোৱাটো সঁচাকৈয়ে বিজ্ঞানৰ বাবে এক লজ্জ্জাজনক কথা। বিজ্ঞানে যদি সামান্যকণো ইয়াৰ কিবা উমান পালেহেঁতেন, তেনেহ’লে অবাঞ্চিত তেনে এক ধ্বংসলীলাই এনেকৈ ধ্বংসৰ বিভীষিকা কৰি পৃথিৱীবাসীক আতংকিত কৰিব নোৱাৰিলেহেঁতেন। হয়, এয়া ইণ্ডোনেছিয়া, জাপান, থাইলেণ্ড, মালয়েছিয়া, মালদ্বীপ, শ্ৰীলংকা আৰু ভাৰতৰ বিভিন্ন ঠাইত ত্ৰাহি মধুসূদন দেখুৱাই যোৱা বীভৎস সেই ‘ছুনামি’ৰ কথাকে কোৱা হৈছে। আজি অপ্ৰিয় যেন লাগিলেও এয়া সত্য যে বিজ্ঞানৰ অহংকাৰ ধূলিসাৎ কৰি প্ৰকৃতিয়ে প্ৰচণ্ড চৰ শোধাই অপদস্থ কৰাৰ এনে উদাহৰণ আৰু বহুতো আছে, য’ত চকুৰ পলকতে নি:শেষ হৈ গ’ল দুই লক্ষাধিক মানুহ, বহু লক্ষ লক্ষ জীৱ-জন্তু। ধ্বংস হ’ল বহুতো ঘৰ-গাড়ী, কল-কাৰখানা। ধ্বংস হ’ল অজস্ৰ সম্পদ। কিছুদিন ভাবিলো, চিঞৰ-বাখৰ কৰিলো আৰু পাহৰিলো। গতিশীল সময়ে সকলো বিভীষিকা পাহৰাই আমাক আকৌ বিজ্ঞানৰ বহতীয়া কৰিলে। প্ৰকৃতিৰ ওপৰত আমাৰ অত্যাচাৰ কমক চাৰি দুগুণে চৰিবলৈহে ধৰিলে। পিচে ১৬ জুন, ২০১৩ ত উত্তৰাখণ্ডৰ বহল বুকু মহটিয়াই যোৱা প্ৰলয়ংকৰী সেই বানপানী আৰু ভূমিস্খলনে যেতিয়া প্ৰায় ৬,০০০ লোকৰ প্ৰাণ নাশ কৰি প্ৰায় ৪,২০০ খন গাঁও বিধ্বস্ত কৰি পেলালে, তেতিয়া আমি আকৌ এবাৰ ভাবিলো প্ৰকৃতিৰ কথা। প্ৰকৃতিৰ এই ৰুদ্ৰৰূপ কিয়? পুনৰ চিঞৰ-বাখৰ। পৰিবেশ সংৰক্ষণ হ’ব লাগে, উন্নয়ন বহনক্ষম হ’ব লাগে, গ্লোবেল ৱাৰ্মিং, ক্লাইমেট চেঞ্জৰ লগত মোকাবিলা কৰিব পৰাকৈ নিজকে প্ৰস্তুত কৰিব লাগে। পিচে কিমান দিন? আকৌ সেই একেই- গালো বালো খোলাকটিৰ তাল। সময়ৰ লগত সকলো জঁই পৰিল। আমি আকৌ ব্যস্ত হৈ পৰিলো ব্যক্তিগত, পাৰ্থিৱ কাম-কাজত। কিন্তু আমাৰ জীৱন ধাৰণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টোৰ পৰা আমি নিজকে আঁতৰাই আনিলো, বহু দূৰ। Who cares for the nature। এই মনোভাবেৰে আকৌ বিজ্ঞানৰ বহতীয়া হৈ প্ৰাকৃতিক সম্পদবোৰক ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে দুৰ্ব্যৱহাৰ কৰাত পুনৰ লাগি গ’লো। ২৫ এপ্ৰিল, ২০১৫, নেপাল। আকস্মিক ভূমিকম্পত প্ৰায়ে ৮,৯৬৪ জনৰ মৃত্যু। প্ৰায়ে ২১,৯৫২ জন ঘূণীয়া আৰু প্ৰায় ৩৫ লাখ মানুহ গৃহহীন হ’ল। এইবোৰ আচলতে কিহৰ ইংগিত? আজি আমি যদিও প্ৰাকৃতিক ধ্বংসলীলাক আকস্মিকভাৱে ঘটা ঘটনা বুলি ভাবিছো, কিন্তু নহয়, এইবোৰ প্ৰকৃততেই আকস্মিকভাৱে ঘটা ঘটনা নহয়। এই পৃথিৱীত আগতেও বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ হৈছিল। কিন্তু আজি ইয়াৰ মাত্ৰা আৰু পৰিমাণ ইমান বেছি আৰু ভয়ংকৰ কিয়? ইয়াৰ বাবে দায়ী কোন? এনে প্ৰশ্নবোৰৰ উত্তৰ আমাৰ অজ্ঞাত নহয়। অথচ আজিও আমি ‘কাউৰী’ এটা হাতত লৈ ‘কুলি’ বুলি ভাবি উল্লাসত উন্মাদ হৈ পৰিছো। কিন্তু কিয়? দুই-এজনে বা দুই-এটা সংগঠনে এই কথাবোৰ নভবা নহয়, কিন্তু কেইজনমান মুষ্টিমেয় ব্যক্তিয়ে মাথোঁ যত্নহে কৰিব পাৰে, পিচে প্ৰকৃত ফলাফল লাভ কৰিবলৈ হ’লে সমাজৰ প্ৰতিটো শ্ৰেণীৰ প্ৰতিজন ব্যক্তিয়েই এই কথাবোৰ অনুধাৱন কৰি আগবাঢ়ি আহিব লাগিব। কিয়নো আজি আমাৰ ভৱিষ্যৎ আমাৰেই হাতত। এইখিনিতে ‘সেউজী ধৰণী দা গ্ৰীণ আৰ্থ’-এ গুৱাহাটী আৰু অসমৰ অন্যান্য ঠাইবোৰত প্ৰদূষণৰ বাবে আমাৰ জনস্বাস্থ্য কেনেদৰে প্ৰভাৱিত হৈছে, তাৰ কিছু তথ্য বিচাৰি বি বৰুৱা কেন্সাৰ চিকিৎসালয় আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আবেদন কৰা আৰ টি আই আবেদনৰ কিছু প্ৰাসংগিক কথা ইয়াতে উল্লেখ কৰাৰ মানস কৰিছো। তথ্যমতে ২০০৮, ২০০৯, ২০১০ আৰু ২০১১ চনত বি বৰুৱা কেন্সাৰ চিকিৎসালয়ত পঞ্জীভূত হোৱা কৰ্কট ৰোগীৰ সংখ্যা ক্ৰমে ৮১৪২, ৮২২, ৮৪৩৩ আৰু ৮৭০৭ জন, ২০১০-১২ চনত ২০৩ টা শিশুৰ দেহত কৰ্কট ৰোগ চিনাক্ত কৰা হৈছে বুলি তেওঁলোকে প্ৰকাশ কৰিছে। কৰ্কট ৰোগীৰ এই ক্ৰমবৰ্ধিত সংখ্যাত আমাৰ দূষিত পৰিবেশে বিশেষ অৰিহণা যোগাইছে বুলি তেওঁলোকে আমাক জানিবলৈ দিয়ে। গতিকে এতিয়া আমি কৰিব লাগিব কি? বিকাশ আৰু উন্নয়নৰ গতি অপ্ৰতিৰোধ্য। কিন্তু এই বিকাশ আৰু উন্নয়ন কাৰ বাবে? যদি আমাৰ বাবেই হয়, তেনেহ’লে, তেনে বিকাশ আৰু উন্নয়নৰ লগত আমি সহবাস কৰিবলৈ হ’লে আমাক সুস্থ প্ৰকৃতি আৰু সেউজীয়া পৰিবেশ নালাগিব জানো? কিন্তু আজি প্ৰকৃতি যে ৰুগ্ন, পৰিবেশ যে প্ৰদূষিত। আমি সকলোৱে সকলোৱে ৰুগীয়া আইক যেনেকৈ বিছনাত পেলাই নথওঁ, ঠিক তেনেকৈ ৰুগ্ন প্ৰকৃতিকো আমি বেছিদিন এনেকৈ ৰোগশয্যাত এলাগী কৰি পেলাই থ’ব নোৱাৰো।

লিখক: সত্যৰঞ্জন বৰা, অসমীয়া প্ৰতিদিন।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate