আমি গ্ৰীস্মকালত গৰম আৰু শীতকালত ঠাণ্ডা অনুভৱ কৰোঁ৷ আমি প্ৰত্যক্ষ কৰা এইবিলাক বিভিন্ন জলবায়ু৷ আমি প্ৰত্যক্ষ কৰা এনেবোৰ জলবায়ুৰ বাহিৰেও কিছুমান অন্য প্ৰকাৰৰ অনুভৱ কৰিবলৈ পাওঁ৷ কোনো স্থানৰ জলবায়ু নিৰ্ভৰ কৰা কাৰকসমূহ হ’ল- বৰষুণ, সূয্যৰ্তাপ, বতাহ, আৰ্দ্ৰতা আৰু তাপমাত্ৰা৷
যেতিয়া বতৰৰ পৰিৱৰ্তন ক্ষন্তেকৰ ভিতৰত আৰু লক্ষণীয়ভাৱে পৰিলক্ষিত হয়, জলবায়ুত হোৱা পৰিৱৰ্তনে বহু সময় লয় আৰু ই কম পৰিমাণে প্ৰত্যক্ষ কৰা যায়৷ সমগ্ৰ পৃথিবীৰ জলবায়ু পৰিৱৰ্তন হ’লে জীৱন ধাৰণৰ মান জলবায়ুৰ লগত খাপ খাই পৰিব৷
অৱশ্যে, কমেও ১৫০-২০০ বছৰৰ ভিতৰত জলবায়ু পৰিৱৰ্তন অতি খৰতকীয়াকৈ সংঘটিত হৈছে আৰু ইয়াৰ ফলত কিছুমান নিদিৰ্ষ্ট জীৱ-জন্তু আৰু গছ-গছনিৰ প্ৰজাতি উদ্ধাৰ কৰা কঠিন হৈ পৰিছে৷ মানুহে কৰা কিছুমান কাম এই পৰিৱৰ্তনৰ বাবে মূল কাৰক৷
জলবায়ু পৰিৱৰ্তনৰ কাৰণসমূহ দুই ভাগত বিভক্ত কৰিব পৰা যায়– প্ৰাকৃতিক আৰু মানুহে সৃষ্টি কৰা৷
বহুবোৰ প্ৰাকৃতিক কাৰণত জলবায়ু পৰিৱতৰ্ন হ’ব পাৰে৷ ইয়াৰে কিছুমান গুৰুত্বপূৰ্ণ কাৰণ হ’ল-মহাসাগৰীয় প্ৰৱাহ, আগ্নেয়গিৰি, সাগৰৰ সোঁত আৰু পৃথিৱীৰ এঢলীয়া প্ৰভাৱ৷ মহাদেশীয় প্ৰৱাহ আমি দেখিবলৈ পোৱা মহাদেশসমূহ লক্ষ্য লক্ষ্য বছৰ আগেয়ে পৃথিৱীৰ ভূ-খণ্ডৰ স্থানান্তৰৰ ফলত গঠন হৈছিল৷
এই স্থানান্তৰৰ ফলত ভূ-খণ্ডৰ পানীভাগৰ স্থান পৰিৱৰ্তন হৈছিল আৰু মহাসাগৰীয় সোঁত আৰু বতাহৰ দিশ সলনি হৈছিল৷ এই পৰিৱৰ্তন জলবায়ুৰ ওপৰত প্ৰভাৱ পেলায়৷ মহাদেশীয় এই প্ৰৱাহ আজিও চলি আছে৷আগ্নেয়গিৰি যেতিয়া আগ্নেয়গিৰি উদ্গীৰণ হয়, ই বহুতো চালফাৰ-ডাই-অক্সাইড, পানীৰ ভাপ, ধূলি আৰু ছাঁই বায়ুমণ্ডললৈ উলিয়াই দিয়ে৷ যদিও আগ্নেয়গিৰিৰ উদ্গীৰণ কেইটামান দিনলৈহে থাকে, ইয়াৰ পৰা নিৰ্গত গেছসমূহ আৰু ছাঁইয়ে জলবায়ুৰ ওপৰত বহু বছৰলৈ প্ৰভাৱ পেলাব পাৰে৷ এই গেছ আৰু ধূলিকণাসমূহে আংশিকভাৱে সূৰ্য্যৰকিৰণ অহাত বাধা দিয়ে আৰু শীতলীকৰণৰ ফালে ধাৱমান হয়৷পৃথিৱীৰ এঢলীয়া প্ৰভাৱ পৃথিৱী তাৰ কক্ষপথত ২৩.৫ ডিগ্ৰীত সমকোণীয়ভাৱে এঢলীয়া হৈ আছে৷ পৃথিৱীৰ এই এঢলীয়া অংশৰ পৰিৱৰ্তনে ঋতুৰ ওপৰত প্ৰভাৱ পেলায়৷ ঢালৰ পৰিমাণ বেছি মানে গ্ৰীষ্মকালত অত্যাধিক গৰম আৰু শীতত অত্যাধিক ঠাণ্ডা হোৱা বুজায়; ঢালৰ পৰিমাণ কম মানে গ্ৰীষ্মকালৰ গৰম কম আৰু শীতৰ ঠাণ্ডাৰ পৰিমানো কম৷ মহাসাগৰীয় সোঁত মহাসাগৰসমূহ জলবায়ুৰ লগত জড়িত হৈ থকা এটা মূখ্য উপাদান৷ মহাসাগৰসমূহে পৃথিৱীৰ ৭১ শতাংশই আগুৰি আছে৷ বায়ুমণ্ডলৰ তুলনাত মহাসাগৰসমূহে প্ৰায় দুগুণ সূৰ্য্যৰকিৰণ শোষণ কৰে৷
গ্ৰীণ হাউচ এফেক্ট পৃথিৱীয়ে সূৰ্য্যৰ পৰা তাপ শোষণ কৰে আৰু ইয়াৰ বাবে পৃথিৱীৰ উপৰিভাগ উষ্ণ হয়৷ যিহেতু এই শক্তি বায়ুমণ্ডলৰ মাজেৰে পাৰ হৈ যায়, এটা নিদিৰ্ষ্ট অংশ (প্ৰায় ৩০ভাগ) সিচঁৰিত হৈ পৰে৷ এই শক্তিৰে কিছুমান ভূ-পৃষ্ঠ আৰু মহাসাগৰৰ পৃষ্ঠৰপৰা প্ৰতিফলিত হৈ বায়ুমণ্ডললৈ উভতি আহে৷ কিছুমান নিদিৰ্ষ্ট গেছে বায়ুমণ্ডল এখন কম্বলৰ দৰে আৱৰি ৰাখে আৰু এইবিলাকেও এই শক্তিৰ কিছু অংশ শোষণ কৰি লয়৷ এইবিলাক গেছ, যেনে, কাৰ্বন-ডাই অক্সাইড, মিথেন, আৰু নাইট্ৰাছ অক্সাইডে পানীৰ ভাপৰ সৈতে বায়ুমণ্ডলৰ এক শতংশতকৈও কম পৰিমাণৰ অংশ আগুৰি থাকে৷ সেইবিলাকক ‘গ্ৰীণহাউচ গেছ’ বুলি কোৱা হয়৷ গ্ৰীণহাউচৰ গেছে অতিৰিক্ত শক্তি বিকিৰণ ৰোধ কৰাৰ দৰে এই ‘কম্বল সদৃশ গেছে’ পৃথিৱীয়ে বিকিৰিত কৰা শক্তি শোষণ কৰি তাপৰ স্তৰৰ ভাৰসাম্যতা বজায় ৰাখে৷ সেয়ে ইয়াৰ নাম ‘গ্ৰীণহাউচ এফেক্ট’৷
গ্ৰীণ হাউচ এফেক্ট প্ৰথমে জীন ব্যাপ্তিছ ফৰিয়াৰ নামৰ এজন ফৰাছী বিজ্ঞানীয়ে উদঘাটন কৰিছিল৷ তেওঁ বায়ুমণ্ডল আৰু গ্ৰীণহাউচত সংঘটিত হৈ থকা সাদৃশ্যসমূহ আঙুলিয়াই দেখুৱাইছিল৷
পৃথিৱীৰ জন্মলগ্নৰ পৰাই গ্ৰীণ হাউচ গেছৰ আচ্ছাদনেৰে ইয়াক ঢাকি ৰাখিছে৷ অৱশ্যে, মানুহৰ কামৰ বৃদ্ধিৰ ফলত বায়ুমণ্ডললৈ এই গ্ৰীণহাউচ গেছ অত্যাধিক পৰিমাণে নিঃসৰিত হয়৷ ইয়াৰ ফলত গ্ৰীণহাউচ গেছৰ আচ্ছাদন ক্ৰমে ডাঠ হ’বলৈ ধৰিছে আৰু 'প্ৰাকৃতিক গ্ৰীণহাউচ এফেক্ট' ব্যাহত হৈছে৷
কয়লা, তেল আৰু প্ৰাকৃতিক গেছ আদি জ্বলোৱাৰ ফলত কাৰ্বন ডাই অক্সাইড নিৰ্গত হয়৷ আৰু, যেতিয়া বনাঞ্চল ধ্বংস হয়, গছ-গছনিত সঞ্চিত হৈ থকা কাৰ্বন বায়ুমণ্ডললৈ কাৰ্বন ডাই অক্সাইড হিচাপে এৰি দিয়ে৷ বদ্ধিৰ্ত কৃষি কামেৰে, মাটি ব্যৱহাৰৰ ধৰণ সলনি কৰি, আৰু অন্যান্য উৎসৰ দ্বাৰা মিথেন আৰু নাইট্ৰাছ অক্সাইডৰ স্তৰ বৃদ্ধি কৰিব পাৰি৷ উদ্যোগিক পদ্ধতিসমূহেও কৃত্ৰিম আৰু নতুন গ্ৰীণহাউচ গেছ যেনে, (ক্লৰ’ফ্লৰ’কাৰ্বন) নিৰ্গত কৰে, আৰু যান-বাহনৰ নিৰ্গত ধোঁৱাই অজ’ন নিৰ্গত কৰাৰ পথত অগ্ৰসৰ হয়৷ গ্ৰীণ হাউচ এফেক্টৰ ফলস্বৰূপে, গ্ল’বেল ৱাৰ্মিং অথবা জলবায়ুৰ পৰিৱৰ্তন আৰম্ভ হবলৈ ধৰিছে৷
জলবায়ু পৰিৱৰ্তন মানৱ জাতিৰ এক আসন্ন বিপদৰ সংকেত৷ ১৯শ শতিকাৰ পৰা পৃথিৱী পৃষ্ঠৰ গড় উষ্ণতা ০.৩ ৰ পৰা ০.৬ ডিগ্ৰী চে. লৈ বৃদ্ধি পাইছে৷ উষ্ণতাৰ এই বৃদ্ধি আমাৰ বাবে খুব সামান্য যেন অনুভৱ হ’ব পাৰে, কিন্তু ইয়াৰ ফলত আমি বহু বিপদৰ সন্মুখীন হ’ব লগা হ’ব পাৰে৷ তলত তাৰ কেইটামান উদাহৰণ দিয়া গ’ল৷
জনসংখ্যা বৃদ্ধিয়ে খাদ্য দ্ৰব্যৰ প্ৰয়োজনীয়তা বৃদ্ধি কৰিছে৷ ইয়াৰ ফলাফলত প্ৰাকৃতিক সম্পদৰ ওপৰত চাপ পৰিছে৷ জলবায়ু পৰিৱৰ্তনে কৃষিৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায়, যিহেতু উষ্ণতাৰ তাৰতম্যতা আৰু বৰষুণ, আওপকীয়াকৈ সলনি হোৱা মাটিৰ গুণাগুণ, কীট-পতংগ আৰু নানা বেমাৰ আদিয়ে কৃষিজাত সামগ্ৰীৰ ওপৰত প্ৰভাব পেলায়৷ ভাৰতত দানাযুক্ত শস্যৰ উৎপাদন কমি যাব বুলি ধাৰণা কৰা হৈছে৷ বতৰৰ অত্যাধিক সাল-সলনি যেনে, উচ্চমানৰ তাপ, অত্যাধিক বৰষুণ, বানপানী, খৰাং আদিয়েও শস্য উৎপাদনত প্ৰভাৱ পেলাব৷
অতি উষ্ণ জলবায়ুৱে বৰষুণৰ ধৰণ সলনি কৰি খৰাং আৰু বানপানীৰ সংখ্যা বৃদ্ধি কৰিব৷ ইয়াৰ বাবে হীমপ্ৰবাহ আৰু মেৰুদেশীয় বৰফৰ আচ্ছাদন গলি যোৱাৰ ফলত সাগৰ পৃষ্ঠৰ পানীভাগ বৃদ্ধি হৈ ওপৰলৈ উঠি আহিব৷ কিছু বছৰৰ পৰা ঘূৰ্ণিবতাহ আৰু সাগৰীয় ধুমুহাৰ পৰিমাণ বৃদ্ধিৰ কাৰণ এই উষ্ণতাৰ তাৰতম্যতা বুলি ধাৰণা কৰা হৈছে৷
জলবায়ু পৰিৱৰ্তনৰ এক পৰিণতি হ’ল সাগৰপৃষ্ঠৰ জলস্তৰ বৃদ্ধি৷ সাগৰসমূহৰ তাপ বৃদ্ধি, হীম-প্ৰবাহ আৰু মেৰুদেশীয় বৰফৰ আচ্ছাদন গলি যোৱাৰ ফলত যোৱা শতিকাত সাগৰীয় পৃষ্ঠ প্ৰায় আধা মিটাৰ বাঢ়ি আহিব বুলি ভৱিষ্যতবাণী কৰা হৈছিল৷ সাগৰীয় জলপৃষ্ঠৰ বৃদ্ধিয়ে উপকূলীয় অঞ্চলসমূহত বহুতো প্ৰভাৱ পৰিব পাৰে, যেনে, পানীৰ অবক্ষয়ৰ দ্বাৰা ভূ-পৃষ্ঠ ক্ষয় যোৱা, বানপানী বৃদ্ধি, লুণীয়া পানীৰ প্ৰৱেশ আদি৷ এই বিলাকে উপকূলীয় অঞ্চলৰ কৃষি, মীনপালন, জনবসতি আৰু স্বাস্থ্যৰ ওপৰত প্ৰতিকূল প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা বেছি৷
গ্লবেল ৱাৰ্মিং বা গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰভাৱ প্ৰত্যক্ষভাৱে মানুহৰ স্বাস্থ্যৰ ওপৰত পৰে৷ ইয়াৰ ফলত বৃদ্ধি হোৱা নানা ধৰণৰ ৰোগ যেনে, তাপঘতিত মৃত্যু, জলশূণ্যতা, সংক্ৰমিত ৰোগ, অপুষ্টিজনিত ৰোগ আদিয়ে জনস্বাস্থ্যৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে৷
প্ৰাকৃতিক পৰিৱেশৰ গছ-গছনি আৰু জীৱ-জন্তু জলবায়ু পৰিৱৰ্তনৰ প্ৰতি অতি সংবেদনশীল৷ যদি, জলবায়ু পৰিৱৰ্তনৰ হাৰ বৃদ্ধি হয়েই থাকে, তেন্তে, বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু আৰু গছ-গছনি বিলুপ্ত হৈ যাব পাৰে৷
উৎস: আইএনডিজি দল
শেহতীয়া উন্নীতকৰণ: : 7/12/2020