অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বায়ু প্ৰদূষণ এঙাৰৰ পৰা হীৰালৈ

এছিয়াৰ মুগা মেঘ

ভিক্টোৰিয়ান যুগৰ প্ৰথিতযশা কবি পাৰ্ছী বীছি শ্যেলীয়ে (১৭৯২-১৮২২) ঔদ্যোগীকৰণৰ ফলত সৃষ্টি হোৱা তদানীন্তন লণ্ডনৰ নৰকসদৃশ পৰিৱেশৰ বৰ্ণনা কৰিছিল কাব্যিকতাৰে-"Hell is a city much like London/A populous and a smoky city. There are all sorts of people undone/And there is little or no fundone”। পৰৱৰ্তী শতিকাত লণ্ডন বিশ্বৰে নিকা চহৰ হ’ল। ২০০৮ চনৰ বেইজিং অলিম্পিকৰ আগে-পাছে সেই পৰিৱেশ আহিল চীনলৈ। শেহতীয়াকৈ চীনতো প্ৰদূষণৰ প্রশমন ঘটিল। এইবাৰ পালেহি ভাৰতবৰ্ষ। নাছাৰ উপগ্রহীয় আলোকচিত্ৰত ভাৰত আৰু পাকিস্তানৰ আকাশত অহৰহ এছটা মুগা মেঘ দেখা যায়, যাক কোৱা হয় 'এছিয়ান ব্রাউন ক্লাউড"। অসমৰ মুগা সাজটোলৈ মনত পেলাই কাৰোবাৰ মন ভাল লাগিলেও দৰাচলতে ই হ’ল ধুঁৱলিহে, অর্থাৎ ধোঁৱামিশ্রিত কুঁৱলী । ২ আৰু ৩ নৱেম্বৰত ভাৰতৰ ৰাজধানী চহৰ দিল্লীত এনে এক কদর্যময় পৰিৱেশৰ সৃষ্টি হ'ল যে উশাহ ল’ব নোৱাৰি মহানাগৰিকসকল উচপ খাই উঠিল। স্কুলবোৰ বন্ধ কৰি দিবলগীয়া হ’ল। অসুস্থ আৰু বৃদ্ধ লোকক বাহিৰলৈ ওলাবলৈ মানা কৰা হ’ল। অৱশ্যে বিশ্ব স্বাস্থ্য সংস্থাই ২০১৪ চনতেই দিল্লীক বিশ্বৰ আটাইতকৈ দূষিত চহৰ আখ্যা দিছিল।

বায়ু প্ৰদূষণৰ কাৰকসমূহ

জুই আৰু চকাৰ ব্যৱহাৰ মানৱ সভ্যতাৰ প্রথম দুটা খোজ হ’লেও বর্তমান সময়ত পৰিগণিত হৈছে বায়ু প্ৰদূষণৰ মূল কাৰণত। জীৱাশ্ম ইন্ধন দহন কৰি অগণন গাড়ী অহোৰাত্ৰ চলি আছে। কয়লা পোৰা শক্তি প্রকল্পবোৰৰ পৰা অহৰহ নিৰ্গত হৈ আছে কাঁজিলা ধোঁৱা। অর্থাৎ প্রতিপলত সৃষ্টি হৈছে মিলিয়ন টন কার্বন আৰু ক’লা কার্বনৰ। ঔষধ আৰু সাৰ কাৰখানাবোৰৰ পৰা নিৰ্গত হৈছে এম'নিয়াৰ লগতে নাইট্র’জেন আৰু ছালফাৰৰ অক্সাইডবোৰ। জাবৰ-জোঁথৰ পচি আৰু তৃণভোজী প্রাণীৰ দেহৰ পৰা ওলাইছে মিথেন গেছ। পৃথিৱীৰ উপৰিভাগত স্বাভাৱিকতে থাকে অ’জন। ইউৰেনিয়ামৰ দৰে তেজস্ক্রিয় পদার্থৰ পৰা নির্গত হৈ আছে ৰেডন গেছে। বেনজিন, টলুইন, জাইলিনৰ দৰে নন-মিথেনবোৰ, উদ্বায়ী জৈৱিক যৌগবোৰ, বুটাডিয়েন, বতাহত ওপঙি থকা ৰাসায়নিক মৌলবোৰ, সীহ, পাৰাৰ দৰে বিষাক্ত ধাতু আৰু যৌগবোৰৰ কণাবোৰ, এয়াৰ কণ্ডিছনাৰ আৰু ফ্ৰীজত ব্যৱহৃত ক্লৰ’ফ্লৰ’কাৰ্বন (চি এফ চি)। গেছবোৰ, পাৰমাণবিক কাম-কাজ আৰু যুদ্ধকালীন সময়ত নির্গত তেজস্ক্রিয় কণিকাবোৰ, হাবি-বন জ্বলোৱা, কাৰখানাৰ চিমনী আৰু বন্ধ ঘৰৰ জুইৰ পৰা ওলোৱা কার্বন-মন’ক্সাইড, অপৰিৱর্তিত জৈৱিক দূষিত দ্রব্যবোৰ,  পাৰিপাৰ্শ্বিক অৱক্ষয়ত জাতদ্ৰব্য, ৰাসায়নিক জৈৱিক-সালোক-সংশ্লেষীয় পদ্ধতিত জাতদ্ৰব্য, মানুহ আৰু জীৱ-জন্তুৰ মল, পৰিবহণত ঘটা খাদ্যসামগ্ৰীৰ জৈৱ দহন, বাসগৃহত ব্যৱহৃত কাৰ্পেট, পেইণ্ট আৰু প্লাইব’ৰ্ডৰ পৰা নিৰ্গমন ঘটা ফৰ্মেলডিহাইড বায়ু আৰু পৰিৱেশ প্ৰদূষণৰ প্রধান কাৰক। ইয়াৰে একাংশ উদ্বায়ী কাৰকে লগ লাগি গঢ়ি তুলিছে 'এছিয়াৰ মুগা মেঘ’।

প্ৰদূষকবোৰৰ অনিষ্টকাৰক শক্তিৰ মাপ হয় প্ৰতিটো কাৰকৰে বায়ুত আয়তন আৰু ভৰভিত্তিক ঘনত্বৰে। সংখ্যাগত আয়তনীয় মাপটো, particles per million by volume (ppmv);  ভৰভিত্তিক মাপটো milligram per cubic metre (mg/m3)ত প্রকাশ কৰা হয়। পৰিবেষ্টক তাপমানত সমুদ্রপৃষ্ঠৰ উচ্চতাত এই মাপ লোৱা হয়। ইয়াৰ বহুবিধ কাৰক ক্ষুদ্র মানত বতাহত মিলি থাকিলেও মানুহৰ বিশেষ অপকাৰ নকৰে। পিছে উপস্থিতিৰ মাত্রাই ডেওনা পাৰ হ'লেই জীৱজগতৰ বাবে বিপজ্জনক হৈ পৰে। উদাহৰণস্বৰূপে ইউৰোপিয়ান কমিছনে ধার্য কৰা কেইবিধমান কাৰকৰ সহনসীমা উল্লেখ কৰা হ’ল।

কাৰক সহনসীমা সময়সীমা

ক্ষুদ্রতম কণাবোৰ                ২৫ মাইক্ৰ'গ্ৰাম/ঘনমিটাৰ              এবছৰ

ছালফাৰ-ডাই-অক্সাইড           ১২৫ মাইক্ৰ'গ্ৰাম/ঘনমিটাৰ             এদিন

নাইট্ৰ’জেন-ডাই-অক্সাইড         ৪০ মাইক্ৰ’গ্ৰাম/ঘনমিটাৰ।             এবছৰ

সীহ                            ০.৫ মাইক্ৰ'গ্ৰাম/ঘনমিটাৰ             এবছৰ

কার্বন-মন’ক্সাইড               ১০ মিলিগ্রাম/ঘনমিটাৰ               ৮ ঘন্টা

আৰ্ছেনিক                       ৬ নেন'গ্রাম/ঘনমিটাৰ                এবছৰ ইত্যাদি।

ব্যাধি-বিঘিনিসমূহ-

বায়ু প্ৰদূষণ মানৱ সভ্যতাৰ ভস্মাসুৰ। ই প্রাণী আৰু উদ্ভিদ জগতৰ উপৰি পাৰিপাৰ্শ্বৰ বিস্তৰ ক্ষতি কৰে। মানুহৰ চৰ্ম, বৃক্কৰ ভিন্নবিধ বেমাৰৰ উপৰি শ্বাসতন্ত্ৰ আৰু হৃদযন্ত্রৰ চৰম ব্যাধিবোৰ আমন্ত্রণ জনায়। ইয়াৰ ফলত ছালৰ এলাৰ্জীৰ পৰা ক্ৰনিক ব্রংকাইটিছ, হাপানী, চিষ্টিক ফাইব্ৰছিছ, এম্‌ফাইচেমা আৰু লাং কেন্সাৰ হয়। ইস্কেমিক ষ্ট্ৰোক, কৰ'নাৰী ডিজিজ, এথেৰ’স্কেৰ'ছিছ আদি হৃৎপিণ্ডবিষয়ক অসুখৰ কাৰণ বায়ু প্ৰদূষণ। শিশুৰ ক্ষেত্ৰত অটিজম, স্কিজ'ফ্ৰেনিয়া আৰু অস্বাভাবিক ৰক্তচাপ পৰিলক্ষিত হয়। ক’লা কার্বন আৰু উপৰিভাগৰ অ’জনে কৃষিৰ উৎপাদন হ্রাস কৰে।  ৱৰ্লড বেংক আৰু ইনষ্টিটিউট অৱ হেল্‌থ মেট্রিক্স এণ্ড ইভালুৱেশ্বনৰ মতে মানৱ জীৱনৰ গুণগতমান নিম্ন কৰি সৃষ্টিশীলতা আৰু উৎপাদনৰ ক্ষতিৰে বিশ্বত বার্ষিক পাঁচ ত্রিলিয়ন ডলাৰৰ হানি কৰিছে।

উচ্চ আয়ৰ দেশতকৈ নিম্ন আয়ৰ দেশৰ পাঁচ বছৰৰ নিম্ন শিশুৰ মৃত্যুৰ হাৰ ৬০ গুণ বেছি।

ভাৰতবৰ্ষত বায়ু প্ৰদূষণ

বায়ু প্ৰদূষণে ভাৰতবৰ্ষক সম্প্ৰতি শ্যেলীৰ মতে ঘৰুৱা বায়ু প্ৰদূষণৰ বাবেই দক্ষিণ এছিয়া, আফ্ৰিকা আদি পিছপৰা ৰাষ্ট্ৰবোৰত পাঁচ বছৰৰ নিম্ন শিশুৰ প্ৰতি দহোটাৰ এটাই মৃত্যুমুখত পৰিছে। বায়ু প্ৰদূষণৰ সমীক্ষাবোৰ সাধাৰণতে চহৰতে আবদ্ধ থকা বাবে ঘন বসতিপূর্ণ শ্লাম এলেকাবোৰ, চাহ বাগিচাবোৰ – য’ত বতাহ আহ-যাহ নোহোৱা ঘৰত খৰিৰ চুলাত ভাত ৰন্ধা হয়, তাত সংখ্যাটো অতি বেছি। ইয়াৰ উপৰি ৰাষ্ট্ৰৰ সোপাঢিলা নীতি আৰু নাগৰিকৰ অদূৰদৰ্শিতাৰ বাবে শিশুৱে ভোগ কৰিবলগীয়া হয় যান-বাহনজাত প্ৰদূষণ। ভেজাল ইন্ধনৰ পৰা নির্গত সীহৰ কণাবোৰ গধুৰ হোৱা বাবে শিশুৰ দেহদৈর্ঘ্যৰ উচ্চতাতে ওপঙি থাকে। সেইবোৰ প্ৰাপ্তবয়স্কতকৈ বেছি ভোগ কৰে শিশুৱে৷ 'CHOKED’ নামৰ গ্রন্থখনত পল্লবী আয়াৰে লিখিছে— ‘পিতৃ-মাতৃয়ে বহু কষ্টেৰে খুৱাই-বুৱাই কিতাপ-কাগজ যোগান দি বহুত আশাৰে শিশুক স্কুললৈ পঠায়। কিন্তু সিহঁতৰ জীৱন ধ্বংস কৰিছে উশাহত লোৱা বতাহে’। এটা সমীক্ষাৰ মতে দিল্লীত পি এম ২.৫ য়ে ১৬,২০২টা শিশুৰ অকালমৃত্যু ঘটাইছে আৰু ৬ মিলিয়নৰ হৈছে হাপানী। নাছাৰ উপগ্রহীয় তথ্য অনুসৰি পি এম ২.৫ ভাৰতবৰ্ষত বাৰ্ষিক, ১৩ শতাংশকৈ বিপজ্জনকভাৱে বৃদ্ধি পাইছে ২০১০-১৩ সময়ছোৱাত। একে সময়তে চীনত হ্রাস পাইছে বার্ষিক ১৭ শতাংশকৈ। তাপবিদ্যুৎ প্রকল্পবোৰে ভাৰতত দিয়া প্ৰদূষণৰ নিৰাপত্তা ১০ শতাংশৰ বিপৰীতে চীনত ৯৫ শতাংশ। ২ আৰু ৩ নৱেম্বৰত দিল্লীৰ প্ৰদূষণ মাত্রই বিগত ১৭ বছৰৰ অভিলেখ ভংগ কৰিছে। ৪ নৱেম্বৰ, শুকুৰবাৰে কেন্দ্রীয় পৰিৱেশ সচিব এ এন ঝাই হাৰিয়ানা, উত্তৰ প্রদেশ, ৰাজস্থান, পঞ্জাব আৰু দিল্লীৰ মুখ্য সচিবসকলক আমন্ত্ৰণ কৰি এক জৰুৰী বৈঠক অনুষ্ঠিত কৰে। তেওঁ প্ৰদূষণ নিয়ন্ত্ৰণৰ সকলো ব্যৱস্থাত কঠোৰ হ’বলৈ আহ্বান জনায়। ৭ নৱেম্বৰ, সোমবাৰৰ দিনা ৰাষ্ট্ৰীয় সেউজ ন্যায়াধকৰণে দিল্লী চৰকাৰক উপযুক্ত ব্যৱস্থা নোলোৱা বুলি দোষাৰোপ কৰে। এন জি টিৰ অধ্যক্ষ স্বতন্ত্ৰৰ কুমাৰে কৈছে— 'হেলিকপ্টাৰবোৰ কেৱল বৰলোকক অনা-নিয়া কৰক। শিশুবোৰে দূষিত বায়ু সেৱন কৰিবলগীয়াটো দুখৰ কথা। ৰাস্তাবোৰত চপাৰবোৰেৰে পানী ছটিয়াওক৷” দিল্লীত চলি থকা জৰিমনা বিহা চালানবোৰ তেওঁ চাব খোজে। ৰাস্তাত যাতে কোনো নির্মাণ সামগ্রী পৰি নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ পৌৰ নিকায়সমূহক নির্দেশ দিছে। এন জিটিয়ে পঞ্জাব আৰু হাৰিয়ানাৰ পথাৰবোৰত খেৰ জ্বলোৱাতো বাধা আৰোপ কৰিছে। একেধৰণেই বেংগালুৰুতো বতাহত ওপঙা উশাহত লোৱা দূষিত দ্রব্যৰ (Respirable Suspended Particulate Matter (RSPM)  পাঁচবছৰত গড়ে ৫ শতাংশকৈ বৃদ্ধি পাইছে। ১৩টা মনিটৰিং কেন্দ্ৰৰ ১০টাই প্রদর্শন কৰিছে, ই ৰাষ্ট্ৰীয় অনুমোদনতকৈ বহু বেছি। প্রশ্ন হয়, চীন দেশত এই নিয়ন্ত্ৰণ কেনেকৈ সম্ভৱ হৈছে! তাত ৰাষ্ট্ৰীয় আৰু আঞ্চলিক সমন্বয়ী আঁচনিবোৰে Emission Monitoring Station কিছুমান প্ৰতিষ্ঠা কৰি শক্তি প্ৰকল্পবোৰৰ পৰা প্ৰদূষণ শোধন আৰু প্ৰতিৰোধৰ বিশেষ ব্যৱস্থা কৰিছে। বৃহৎ চহৰবোৰত গাড়ীবোৰৰ ওপৰত চোকা নজৰ ৰখা হৈছে। তাত প্ৰদূষণ নিয়ন্ত্ৰকৰ দক্ষতা মূল্যায়ন কৰা হয়। ইয়াৰ উপৰি দৈনিক সংযোজিত হৈছে প্ৰদূষণ নিয়ন্ত্ৰণৰ নতুন প্ৰযুক্তি। ‘স্মোক ফ্ৰী টাৱাৰ’ তাৰে এটা উপমা মাথোন।

নিয়ন্ত্ৰণৰ উপায় আৰু আহিলা

বায়ু প্ৰদূষণ ভগৱানৰ সৃষ্টি নহয়। বহুলাংশ মানৱসৃষ্ট, ক্ষুদ্ৰভাগ প্ৰাকৃতিক অৱক্ষয় মাথোন। গতিকে ইয়াৰ প্ৰতিৰোধৰ উপায়ো আছে। প্ৰদূষণ প্ৰতিহত কৰিবলৈ দেশবোৰৰ মাজত হোৱা চুক্তি ‘কিয়োটা প্ৰট’কল’ অনুসৰণ কৰাটো বাঞ্ছনীয়। গেছ’লিনৰ দৰে জীৱাশ্ম ইন্ধনৰ ওপৰত নিয়ন্ত্ৰণ, যান-বাহনৰ অপৰিমিত ব্যৱহাৰ বন্ধ কৰা আৰু এই কামবোৰ এক Continous Emissions Monitoring System (CEMS)ৰে স্থায়ীভাৱে নিৰীক্ষণ কৰা অতি জৰুৰী। ডাষ্ট চাইক্লোনৰ দৰে যান্ত্ৰিক সংগ্ৰাহক, ইলেক্ট্ৰনিক প্ৰেচিপিটেটৰ, বেগহাউছ, ব্ল’ৱাৰ, ডাষ্ট ফিল্টাৰ, ক্লীনাৰ আৰু পাৰ্টিকুলেট স্ক্ৰাবাৰৰ প্ৰয়োগ যথাযথভাৱে বঢ়াবৰ হ’ল। প্ৰদূষণৰ কাৰকবোৰক উৎসতে ধাৰণ আৰু শোষণ কৰাৰ পদ্ধতি উদ্ভাৱনৰ সময় আহিল। ইন্ধনৰ ভেজালকৰণ ৰোধ কৰা, চহৰৰ যান-জঁটবোৰ ভঙা আন দুটা প্ৰয়োজনীয় কাম। কেৱল শেহতীয়া আৰ্হিৰ কেটালাটিক কনভাৰ্টাৰ সংলগ্ন গাড়ীহে নগৰ-চহৰবোৰত চলিবলৈ দিয়া উচিত। উল্লেখ্য, ভাৰতবৰ্ষৰ গাঁওবোৰত, ক্ষুদ্র নগৰবোৰত ১৯৯২ চনৰ পূৰ্বৰ গাড়ীও চলি আছে, যিবোৰ গাড়ীত কোনোধৰণৰ প্ৰদূষক নিয়ন্ত্ৰণৰ আহিলা নাছিল।

বায়ু প্ৰদূষণ ৰোধৰ বাবে চৰকাৰৰ কঠোৰ নীতিৰ লগতে ৰাইজৰ নিঃস্বার্থ সহযোগিতাৰ প্ৰয়োজন। ভাৰতীয়সকলে চৰিত্ৰ সলনি কৰিবৰ হ’ল। কাৰখানা, গেৰেজবোৰত পলুশ্বন মাস্ক আৰু এয়াৰ পিউৰিফায়াৰ অপৰিহার্য। গাড়ীৰ সংখ্যা কমাবলৈ ব্যক্তিগত গাড়ীৰ সলনি ৰাজহুৱা গাড়ী ব্যৱহাৰ কৰক। ধৰ্মৰ নিকৃষ্ট ৰীতিবোৰ শুধৰাবৰ হ’ল। দেৱালীত ফটিকা ফুটোৱা বাদেই, বন্তি প্রজ্বলনতো হাত ধৰিবৰ হ’ল। ভাৰতৰ ৰাজনৈতিক দলবোৰে তেওঁলোকৰ ইস্তাহাৰত কোনোকালে প্ৰদূষণ নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা দেখা পোৱা নাই। ভোটাৰে তেওঁলোকৰ পৰা বিচাৰক। ৰাজ্যৰ প্ৰদূষণ নিয়ন্ত্রণ ব’ৰ্ডবোৰ স্বচ্ছ আৰু কঠোৰ হওক ।

ইতিহাসৰ সাক্ষ্য

পূৰ্বৰ ইউ এছ এছ আৰত বায়ু প্ৰদূষণবিষয়ক দুটা ভয়ানক দুর্ঘটনা ঘটি গৈছে। বায়’লজিকেল বাৰফেয়াৰ লেবৰটেৰীৰ পৰা নির্গত এন্‌থ্রাক্স জীৱাণুৰ দ্বাৰা থিতাতে ৬৪জনৰ মৃত্যু ঘটিছে। চাৰ্ন’বিলৰ পাৰমাণৱিক প্রকল্পত দুৰ্ঘটনা হোৱাত হাজাৰ সংখ্যক লোকৰ মৃত্যুৰ লগতে উত্তৰ গোলাৰ্ধৰ মিলিয়ন সংখ্যক লোক তেজস্ক্রিয়তাৰ প্রভাৱত বিভিন্ন কেন্সাৰত ভুগি আছে। ভাৰতৰ ভূপালত থকা ইউনিয়ন কাৰ্বাইডৰ কাৰখানাৰ পৰা নিশা মিথাইল আইচ’চায়ানেটৰ নিৰ্গমন ঘটি মুঠ ১৬,০০০ লোকৰ প্রানহানি হৈছিল। প্রজাতন্ত্রীয় দেশবোৰত বিভিন্ন ৰাষ্ট্ৰৰ মুৰব্বীৰ সময়ত ভিন ভিন পৰিমাণৰ কাৰ্বনৰ নিৰ্গমন লক্ষ্য কৰা যায়। এই নির্গত কার্বনৰ হিচাপ হয় বিলিয়ন মেট্ৰিকটনত। আমেৰিকাত ১৯৯৬ চনত বিল ক্লিন্টনৰ সময়ত ৫.৫, ২০০৪ চনত জর্জ বুশ্বৰ দিনত ৬.০, ২০১২ চনত বাৰাক অ’বামাৰ কালত ৫.২লৈ হ্রাস হৈছিল। হিলাৰী ক্লিন্টনে ৰাষ্ট্ৰপতি হ’লে ৫.০লৈ হ্রাস কৰাৰ সংকল্প লৈছিল। দুর্ভাগ্য এয়ে যে ৰাজদণ্ডডাল পৰিলগৈ এজন উদ্যোগপতি ধনকুবেৰৰ হাতত। ড'নাল্ড ট্রাম্পৰ কালছোৱাত সকলোৱে আশংকা কৰা মতে, ই ৫.৫ অতিক্ৰম কৰিব।

কার্বন আৰু হীৰা

বিশ্বৰ অতি মূল্যৱান ধাতু হীৰা প্রকৃততে কার্বনৰ অণুৰেই তৈয়াৰী। বতাহত ওপঙি আমাৰ অপকাৰ সধা কার্বনেই সেই কার্বন। ডন ৰ’জিগার্ড নামৰ নেদাৰলেণ্ডৰ ডিজাইনাৰীগৰাকীয়ে প্ৰদূষণ নিয়ন্ত্ৰণৰ এক অভিনৱ প্রযুক্তিৰ উদ্ভাৱনাৰে দূষিত কার্বনক হীৰালৈ ৰূপান্তৰিত কৰিছে। ৰ’জি গার্ডে চীনত নির্মাণ কৰা ২৩ ফুট উচ্চতাৰ 'স্মোক কী টাৱাৰ” নামৰ অট্টালিকাটোৱে ওচৰ-পাজৰৰ দূষিত বায়ু শোষণ কৰি এয়াৰ পিউৰিফায়াৰৰ ছখন জালিৰে শোধিত বায়ু উলিয়াই দিয়ে। ই ঘণ্টাত ৩০,০০০ কিউবিক মিটাৰ বায়ু শোধন কৰিব পাৰে। সংগ্রাহিত দূষিত কার্বন কণাবোৰ চাপ প্রয়োগৰ দ্বাৰা 'জেমছ ষ্টোন'ত পৰিণত হয়। এই জেমছ ষ্টোন হীৰাৰ দৰেই। এহাজাৰ কিউবিক মিটাৰ দূষিত বায়ুৰ পৰা এনে এটা জেমছ ষ্টোন প্রস্তুত হয়। চীন চৰকাৰৰ সহযোগত বেইজিঙতে প্রকল্পটো কৰিছে যদিও তেওঁ মেক্সিকো চিটী, পেৰিছ, লছ এঞ্জেলিছ আৰু দিল্লীতো প্রকল্প প্রতিষ্ঠাৰ বাবে আগ্রহী। সেয়া হৈ উঠিলে শ্যেলীবর্ণিত নৰকসমূহ হীৰাখচিত সৰগত পৰিণত হ'ব।

লিখক: নিত্যানন্দ শইকীয়া, পূৰ্বাচল।

শেহতীয়া উন্নীতকৰণ: : 3/19/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate