অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কম্পিউটাৰৰ ক্ষতিকৰ বিকিৰনৰ পৰা হাতসৰাৰ ৬ টা কিটিপ

কম্পিউটাৰৰ ক্ষতিকৰ বিকিৰনৰ পৰা হাতসৰাৰ ৬ টা কিটিপ

কম্পিউটাৰৰ ক্ষতিকৰ বিকিৰনৰ পৰা হাতসৰাত আপোনাক সহায় কৰিবলৈ ইয়াত কেইটামান কিটিপ দিয়া হলঃ

  • প্ৰথম কামটো হল আপোনাৰ যদি চি.আৰ. টি মনিটৰ আছে সেয়া সলাই পেলাওক। অধ্যয়নে দেখুৱাইছে যে পুৰনি বস্কৰ আকাৰৰ (চি.আৰ.টি)মনিটৰে অত্যাধিক ক্ষতিকাৰক ৰশ্মি বিকিৰন কৰে।
  • এল.চি.ডি. মনিটৰে তুলনামূলক ভাবে কম ৰশ্মি বিকিৰন কৰে। তথ্য মতে এল.চি.ডি. মনিটৰে সন্মুখ বা পিছ ফালে ৩০ চে.মি.ৰলৈ অতিশয় কম ০.৩ মিলিগেমাছ ৰশ্মি বিকিৰন কৰে আৰু কাষৰ ফালে বাস্তৱিকতে কোনো ধৰনৰ বিকিৰন নকৰে।
  • তথ্যই আৰু দেখুৱাইছে যে পুৰনি কম্পিউটাৰ সমূহে নতুন প্ৰযুক্তিবিদ্যা প্ৰয়োগ কৰি প্ৰস্তুত কৰা কম্পিউটাৰবোৰৰ তুলনাত দুগুণ ৰশ্মি বিকিৰন কৰে।
  • কম্পিউটাৰৰ পৰ্দাত বিকিৰন ফিল্টাৰ লগালেও কম্পিউটাৰৰ বিকিৰনৰ প্ৰভাৱ হ্ৰাস কৰিব পৰা যায়। আপোনাৰ কম্পিউটাৰৰ ওচৰত কোনো ধৰনৰ ধাতৱ বস্তু নেৰাখিব কাৰণ এইবোৰে বিদ্যুত-চুম্বকীয় তৰঙ্গ প্ৰতিফলিত কৰে।
  • আপোনাৰ কম্পিউটাৰৰ পৰ্দাৰ পোহৰৰ উজ্জলতা এনেকুৱা পৰ্য্যায়ত ৰাখক যাতে অপোনাৰ চকুৰ বাবে আৰামদায়ক হয়। তথ্যমতে, পৰ্দাৰ পোহৰৰ উজ্জলতা কম-বেছি হোৱাৰ লগত তাৰ পৰা ওলোৱা ৰশ্মিৰ বিকিৰন কম-বেছি হয়। পৰ্দাৰ পোহৰৰ উজ্জলতা অতিশয় কম হলেও চকুৰ বাবে ক্ষতিকাৰক হব পাৰে। পৰ্দাৰ পৰা ৫০ ছে.মি ৰ পৰা ৭৫ ছে.মি. দূৰত্বৰ পৰা চোৱাটো উত্তম।
  • কম্পিউটাৰৰ ক্ষতিকাৰক ৰশ্মি বিকিৰন হ্ৰাস কৰিবলৈ ইয়াক কত ৰখাটো ভাল হব সেই সিদ্ধান্ত ভালকৈ লব লাগে। কম্পিউটাৰটো বহাৰ উচ্চতাতকৈ অধিক উচ্চতাত স্থাপন কৰিব নালাগে। তথ্য অনুসৰি কম্পিউটাৰৰ পিছফালৰ অংশই সন্মুখ অংশতকৈ অধিক শক্তিশালী ৰশ্মি বিকিৰন কৰে।
  • এইটো আচৰিত যেন লাগিলেও কামত আহিব। তথ্যমতে কেকটাচ গছে ৰশ্মি শুহন কৰে। গতিকে এই গছবিধ অপোনাৰ কৰ্মস্থলত ৰাখিলে বেয়া ৰশ্মিখিনি শুহি লোৱাত সহায় হব।
  • কম্পিউটাৰৰ পৰ্দাই কেস্নাৰ উতপন্নকাৰী দ্ৰব্য বিকিৰন কৰে যিটো আপোনাৰ স্বাস্থ্যৰ বাবে অতিশয় ক্ষতিকাৰক। কোঠালিটোৰ ভিতৰৰ বতাহ চলাচলৰ উত্তম ব্যৱস্থাৰ দ্বাৰা ইয়াক কমাব পাৰি। অনকি কম্পিউটাৰৰ ওচৰত ভেনটিলেটেড কুলাৰ বা ফেন ৰাখিলেও ইয়াক প্ৰতিহত কৰাত সহায়ক হব পাৰে। কাম কৰি থকা অৱস্থাত অলপ পিছে পিছে মুখখন ধুই থাকিলেও মুখত লাগি থকা বিদ্যুত-চুম্বকীয় কণাবিলাক আতৰ হয়। কেৱল এইটো কৰিলেও সবাৰ্ধিক ৭০ শতাংশ ৰশ্মি বিকিৰনৰ ক্ষতিৰ পৰা হাত সাৰিব পাৰি।

  • উৎস: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 6/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate