অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভাৰতত বায়ু প্ৰদূষণ

বায়ু প্ৰদূষণ ভাৰতৰ বাবে এটা গুৰুত্বপূৰ্ণ বিষয়। ইন্ধনৰ বাবে কাঠ জ্বলোৱা, জীৱ-জন্তুৰ দহন, ইন্ধনৰ ভেজালকৰণ, যান-বাহনৰ পৰা হোৱা নিৰ্গমন আৰু যান-জট ইত্যাদি কাৰকবোৰে ভাৰতত বায়ু প্ৰদূষণৰ ক্ষেত্ৰত জটিলতা সৃষ্টি কৰিছে। শৰৎ আৰু শীতকালত ভাৰতৰ খেতিপথাৰত শস্য চপোৱাৰ পিছত ৰৈ যোৱা অৱশেষ জ্বলাই দিয়া হয়। ধোঁৱা, ধোঁৱামিশ্ৰিত গাঢ় কুঁৱলী আৰু প্ৰদূষণ সৃষ্টি কৰা ক্ষুদ্ৰ ক্ষুদ্ৰ বায়ুমণ্ডলীয় কণিকাৰ ই এটা অন্যতম উৎস। ভাৰতত জনমূৰি গ্ৰীণ হাউছ গেছৰ নিৰ্গমনৰ হাৰ কম কিন্তু সামগ্ৰিকভাৱে এই ক্ষেত্ৰত চীন আৰু আমেৰিকাৰ পিছতে ভাৰতৰ স্থান। ২০১৩ চনত ধূমপান নকৰা ব্যক্তিসকলক সামৰি চলোৱা এটা সমীক্ষাত দেখা গৈছিল যে ইউৰোপীয়সকলৰ তুলনাত ভাৰতীয়সকলৰ কাৰ্যদক্ষতা ৩০ শতাংশ কম।

বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে ভাৰতত ১৯৮১ চনত বায়ু (প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) আইন গৃহীত হৈছিল আৰু তেতিয়াৰ পৰা কেতবোৰ ক্ষেত্ৰত তাৎপৰ্যপূৰ্ণ প্ৰগতি লাভ কৰা হৈছে। তথাপি ২০১৩ ৰ পাৰিৱেশিক দক্ষতা সূচকাংকৰ ক্ষেত্ৰত ভাৰতে ১৭৮ খন দেশৰ মাজত ১৫৫ তম স্থানহে লাভ কৰিছে। ইয়ে স্পষ্ট কৰি দিয়ে যে ভাৰতে এই ক্ষেত্ৰত কৰিব লগা বহু আছে। গ্ৰাম্য ভাৰতত খাদ্য প্ৰস্তুত কৰাৰ বাবে ইন্ধন হিচাপে কাঠ, শুকান বাঁহ-পাত, পোহনীয়া জন্তুৰ গোৱৰ ব্যৱহাৰ কৰা হয়। এইবোৰ জ্বলালে ধোঁৱাৰ লগতে বিভিন্ন আভ্যন্তৰীণ বায়ু প্ৰদূষক উৎপন্ন হয়-যিবোৰৰ  ঘনত্ব কয়লাতকৈ ৫ গুণ বেছি। সমীক্ষা মতে, ভাৰতত প্ৰতিদিনে এই ইন্ধন ব্যৱহাৰ কৰা চুলা ১০০ নিযুতৰো অধিক পৰিয়ালত দিনটোত ২-৩ বাৰকৈ জ্বলোৱা হয়। প্ৰদূষণ বিহীন ইন্ধন আৰু বিদ্যুৎ ভাৰতৰ গ্ৰামাঞ্চলত উপলব্ধ নহয়।

ভাৰতৰ গ্ৰাম্য আৰু চহৰীয়া অঞ্চলৰ আকাশত প্ৰায় স্থায়ী ৰূপত ধোঁৱা আৰু ধূলি মিশ্ৰিত কুঁৱলী সদৃশ আচ্ছাদনক বিদ্যমান আৰু ইয়াৰ কাৰণ হৈছে এনে ধৰণৰ ইন্ধনৰ ব্যৱহাৰ। এনে ধৰণৰ ইন্ধন শক্তিৰ উৎস হিচাপে অদক্ষ কিয়নো এইবোৰৰ দহনত মাত্ৰাধিক ধোঁৱা, প্ৰদূষক কল, নাইট্ৰাছ অক্সাইড, ছালফাৰ ডাই অক্সাইড, কাৰ্বন মন’ক্সাইড ইত্যাদি নিৰ্গত হয়। বিশ্ব স্বাস্থ্য সংস্থাকে ধৰি বিভিন্ন সংস্থাৰ প্ৰতিবেদন অনুসৰি ভাৰতত আভ্যন্তৰীণ বায়ু প্ৰদূষণ আৰু কাৰ্বন মন’ক্সাইডৰ পৰা বিষক্ৰিয়াৰ বাবে ৩ ৰ পৰা ৪ লাখ লোকে প্ৰাণ হেৰুৱায়। ‘এছিয়ান ব্ৰাউন ক্লাউড’ৰ প্ৰধান কাৰক হৈছে বায়ু প্ৰদূষণ। বিলম্বিত মৌচুমীৰ কাৰণ হৈছে এই এছিয়ান ব্ৰাউন ক্লাউড।

শক্তিৰ বাবে কাঠ, কৃষিক্ষেত্ৰত বৰ্জিত সামগ্ৰী আৰু জীৱ-জন্তুৰ বৰ্জিত সামগ্ৰী ব্যৱহাৰকাৰী দেশবোৰৰ ভিতৰত ভাৰত হৈছে বৃহত্তম। ভাৰতত বছৰি জনমূৰি ইন্ধন হিচাপে ব্যৱহাৰ হোৱা কাঠ, কৃষিক্ষেত্ৰত বৰ্জিত পেলনীয়া সামগ্ৰী আৰু গৰু-ম’হৰ গোবৰৰ পৰিমাণ ২০৬ কিলো কয়লাৰ সম পৰিমাণৰ।

আমেৰিকাৰ তুলনাত ভাৰতত ইন্ধন হিচাপে কাঠৰ ব্যৱহাৰ দহ গুণ অধিক আৰু আমেৰিকাৰ তুলনাত ভাৰতত ব্যৱহাৰ হোৱা এই কাঠৰ গুণগত মান ভিন্ন। ভাৰতত ব্যৱহাৰ হোৱা চুলাবোৰৰ দক্ষতা কম আৰু সেইবাবে অধিক ধোঁৱা আৰু বায়ু প্ৰদূষণকাৰী দ্ৰব্যৰ সৃষ্টি হয়। থোৰতে ক’বলৈ হ’লে ভাৰতত খৰি আৰু গোবৰৰ ব্যৱহাৰৰ ফলত সৃষ্টি হোৱা আভ্যন্তৰীণ আৰু বাহ্যিক বায়ু প্ৰদূষণৰ প্ৰভাৱ অত্যন্ত বেছি।

অধ্যয়নৰ পৰা দেখা গৈছে যে ভাৰতত কাঠখৰি আৰু গোবৰ অদক্ষ চুলাত ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে জৈৱ গেছ উৎপাদনত ব্যৱহাৰ কৰিব পাৰি-যি কম প্ৰদূষণকাৰী আৰু ইন্ধন হিচাপে অধিক দক্ষ। তদুপৰি জৈৱ গেছ প্ৰকল্পবোৰত উৎপন্ন হোৱা উপজাত সামগ্ৰী খেতিপথাৰত সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি।

২০০১ ৰ পৰা ২০১০ ৰ ভিতৰত ভাৰতে বিদ্যুৎ শক্তি উৎপাদন, গ্ৰাম্য অঞ্চলত বিদ্যুৎ যোগান আৰু তৰলীকৃত কম প্ৰদূষণকাৰী ইন্ধনৰ উপলব্ধতা বৃদ্ধি কৰি প্ৰগতিৰ পথত আগবাঢ়ি যাবলৈ সক্ষম হৈছিল যে ভাৰতৰ বায়ুৰ মান যথেষ্ট উন্নত হৈছিল। কেতবোৰ ঠাইত নাইট্ৰাছ অক্সাইড, ছালফাৰ ডাই অক্সাইড আৰু বায়ুমণ্ডলত ভাসমান কণিকাৰ পৰিমাণ ৩০ ৰ পৰা ৬৫ শতাংশ পৰ্য্যন্ত হ্ৰাস পাইছিল। তথাপি এয়া বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা অনুমোদিত মাত্ৰাতকৈ অধিক আছিল।

যান-বাহনৰ পৰা হোৱা প্ৰদূষণ

ভাৰতত বহু দুচকীয়া, তিনিচকীয়া আৰু চাৰিচকীয়া বাহনতে কেটালাইটিক কনভাৰ্টাৰ নাই। যান-বাহনৰ পৰা নিৰ্গমনৰ বৃদ্ধি ভাৰতত সৰ্বাধিক। ২০০৫ চনত ভাৰত চৰকাৰে যান-বাহনৰ নিৰ্গমনৰ ক্ষেত্ৰত ‘ভাৰত ষ্টেজ ৪’ মান নিৰ্দ্ধাৰণ কৰে-যিটো ইউৰোপীয় মান ‘ইউৰো ৪’ ৰ সমান। কিন্তু ২০০৫ চনৰ পূৰ্বৰ যান-বাহন ভাৰতৰ পথত এতিয়াও চলি আছে।

ইন্ধনৰ ভেজালকৰণ

ভাৰতত ৰাজহুৱা পৰিবহণত জড়িত বহু বাহনত ভেজাল ইন্ধন ব্যৱহাৰ কৰা হয়। ভাৰতকে ধৰি দক্ষিণ এছিয়াৰ দেশসমূহত কম মূল্যৰ ইন্ধনেৰে পেট্ৰ’ল আৰু ডিজেলৰ ভেজালকৰণ সুলভ ঘটনা। এনেদৰে ভেজাল কৰোতে ব্যৱহাৰ কৰা কেতবোৰ দ্ৰব্যই বাহনৰ পৰা ক্ষতিকাৰক প্ৰদূষক দ্ৰব্যৰ নিৰ্গমন বৃদ্ধি কৰে, যাৰ ফলত চহৰ অঞ্চলত বায়ু প্ৰদূষণ অধিক হয়। ইন্ধনৰ ভেজালকৰণক উৎসাহ দিয়ে বেলেগ বেলেগ হাৰৰ কৰৰ ব্যৱস্থাই। ভাৰতকে ধৰি অন্যান্য উন্নশীয়ল ৰাষ্ট্ৰত ডিজেলৰ তুলনাত পেট্ৰ’লৰ ওপৰত আৰোপিত কৰৰ পৰিমাণ বেছি। আনহাতে, কেৰাচিনৰ ওপৰত প্ৰযোজ্য কৰৰ পৰিমাণ ডিজেলতকৈও কম। তেনেদৰে কেতবোৰ ছোলভেন্ট আৰু লুব্ৰিকেন্টৰ ওপৰত প্ৰযোজ্য কৰ একেবাৰে সামান্য বা শূণ্য।

ৰাজহুৱা পৰিবহণৰ লগত জড়িত অনেকেই ইন্ধনৰ ব্যয় হ্ৰাস কৰিবলৈ কম মূল্যৰ ইন্ধন মিশ্ৰণ কৰে। কেতিয়াবা এই পৰিমাণ ২০ ৰ পৰা ৩০ শতাংশ পৰ্য্যন্ত হয়। কম দৰমহা পোৱা চালক এজনে হ্ৰস্বকালীনভাৱে ইয়াৰ জৰিয়তে অধিক ধন ৰাহি কৰে। কিন্তু বায়ু প্ৰদূষণৰ ক্ষেত্ৰত ইয়াৰ পৰা কু প্ৰভাৱ, স্বাস্থ্যৰ ওপৰত কুপ্ৰভাৱ তথা বাহনখনৰ যে জীৱনকাল ইয়াৰ দ্বাৰা চুটি হ’ল সেই বিষয়বোৰক বিবেচনা কৰা নহয়। বিশেষকৈ যিবোৰ বাহন দৈনিক ভিত্তিক ভাৰালৈ দিয়া হয় তেনেবোৰৰ ক্ষেত্ৰত এই ঘটনা সুলভ। ভেজাল ইন্ধনৰ বাবে কাৰ্বন মন’ক্সাইড, নাইট্ৰ’জেন অক্সাইড, বায়ুমণ্ডলত ওপঙি থকা কণাৰ নিৰ্গমন বৃদ্ধি কৰে। বিশেষকৈ কেৰাচিনৰ ভেজালকৰণে এই সমস্যা বহু বৃদ্ধি কৰে। যান-জঁটেও ভাৰতৰ নগৰ-মহানগৰসমূহত বায়ু প্ৰদূষণ বৃদ্ধি কৰিছে। যান-জঁটৰ বাবে যান-বাহনৰ গড় গতিবেগ হ্ৰাস পায়। কম গতিত যান বাহনে ইন্ধন সম্পুৰ্ণভাৱে দহন কৰিব নোৱাৰে; ফলস্বৰূপে বৃদ্ধি পায় প্ৰদূষণ। প্ৰতি ঘন্টাত ৫৫ ৰ পৰা ৭৫ কিলোমিটাৰ গড় গতিবেগৰ তুলনাত প্ৰতি ঘন্টাত ২০ ৰ পৰা ৪০ কিলোমিটাৰ গড় গতিবেগত বাহন এখন চলিলে প্ৰদূষণ দুগুণ বৃদ্ধি পাব। আনহাতে, প্ৰতি ঘন্টাত ৫ ৰ পৰা ২০ কিলোমিটাৰ গড় গতিবেগত চলিলে প্ৰদূষণৰ মাত্ৰা ৪ ৰ পৰা ৮ গুণ পৰ্যন্ত বৃদ্ধি পায়।

স্বাস্থ্যৰ ওপৰত প্ৰভাৱ

বায়ু প্ৰদূষণৰ ফলত শ্বাস-প্ৰশ্বাসজনিত আৰু হৃদৰোগ হ’ব পাৰে। হাপানি, ব্ৰংকাইটিছ, হাঁওফাঁওৰ কৰ্কট আৰু হাৰ্ট এটেকৰ কাৰণ হ’ব পাৰে। বায়ু প্ৰদূষণ। ৰোগৰ গোলকীয় বোজা সম্পৰ্কীয় ২০১০ চনৰ অধ্যয়নৰ প্ৰতিবেদন ২০১৩ চনত ৰাজহুৱা হৈছিল, য’ত কোৱা হৈছে যে ভাৰতত মৃত্যুৰ পঞ্চমটো অন্যতম কাৰক হৈছে বাহ্যিক বায়ু প্ৰদূষণ আৰু ২০১০ বছৰটোত ইয়াৰ বাবে ৬,২০,০০০ টা আগতীয়া মৃত্যুৰ ঘটনা ঘটিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, বিশ্বৰ আটাইতকৈ প্ৰদূষিত ২০ খন মহানগৰৰ ভিতৰত ১৩ খনেই ভাৰতৰ।

উৎস: দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate