অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শব্দ প্ৰদূষন আৰু আমাৰ কৰণীয় :

শব্দ প্ৰদূষন আৰু আমাৰ কৰণীয় :

 

আধুনিক বিশ্ব মানৱৰ বাবে ভয়াৱহ হৈ উঠা সমস্যাৰ অন্যতম প্ৰদূষণ। এই প্ৰদূষণৰে এটি অংশ শব্দ প্ৰদূষণ সম্প্ৰতি মানৱ সমাজৰ নহয়, প্ৰাণী জগতৰো অতি ক্ষতিকাৰক হিচাপে পৰিগণিত হৈছে। দেখাত কথাটো অসহজ যেন লাগিলেও বিশ্বৰ সকলো দেশতেই কম-বেছি পৰিমাণে শব্দ প্ৰদূষণৰ বিৰূপ প্ৰভাৱ পৰিছে। উন্নত দেশৰ সমান্তৰালকৈ উন্নয়নশীল দেশটো এই শব্দ প্ৰদূষণৰ নেতিবাচক প্ৰভাৱ পৰিছে। এনে এক পৰিস্থিতি হৈছে যে বছৰি শব্দ প্ৰদূষণৰ কাৰণে সৃষ্ট ৰোগত কেইবাহাজাৰো লোকৰ প্ৰাণহানি হৈ আছে। ভাৰততো শব্দ প্ৰদূষণ এক ভয়াৱহ সমস্যা ৰূপে থিয় দিছে। কেন্দ্ৰীয় চৰকাৰে শব্দ প্ৰদূষণ ৰোধ আৰু নিয়ন্ত্ৰণৰ কাৰণে কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে যদিও ইয়াৰ প্ৰয়োগ অতিকে হতাশাজনক। বিশ্ব সংস্থাৰ মতে, আৱাসিক অঞ্চলতশব্দৰ মাত্ৰা ৫০ ডেচিবেলতকৈ অধিক হ’ব নালাগে। কিন্তু আমাৰ দেশত ৯০ ডেচিবেল অতিক্ৰম কৰে। ঠিক তেনেদৰে ঔদ্যোগিক অঞ্চলত ৬৫ ডেচিবেল অনুমতিপ্ৰাপ্ত যদিও ই ৯৪ ডেচিবেলতকৈ অধিক হৈ আছে।

বিশ্বৰ বাহ্যিক শব্দ প্ৰদূষণ প্ৰধানতঃ উদ্যোগীকৰণ, দুৰ্বল নগৰ পৰিকল্পনা, সামাজিক কাৰ্যসূচী, যাতায়ত, নিৰ্মাণৰ কাম আৰু বাসগৃহৰ পৰাই সৃষ্টি হয়। উদ্যোগীকৰণ প্ৰক্ৰিয়াত ব্যৱহৃত যন্ত্ৰ-পাতিৰ লগতে বিভিন্ন সা-সঁজুলি শব্দৰ কাৰক। তেনেদৰে দুৰ্বল নগৰ পৰিকল্পনাৰে গঢ়ি উঠা ঠেক বাসগৃহ ক্ষুদ্ৰ স্থানত বৃহৎ পৰিয়াল, পাৰ্কিঙকে ধৰি বিভিন্ন কাৰণত হোৱা সংঘাত আদিয়ে শব্দ প্ৰদূষণত অৰিহণা যোগাই আহিছে। সামাজিক কাৰ্যসূচীত আটাইতকৈ বেছি শব্দ প্ৰদূষণ হয়। বিবাহ, উৎসৱ, পাৰ্টী, পাব, ডিস্ক’, পূজা-অৰ্চনা কৰা স্থানত মাত্ৰাধিক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। বজাৰ অঞ্চলত গ্ৰাহকক আকৰ্ষণ কৰিবলৈ মাত্ৰাধিক শব্দত বিভিন্ন পন্থাৰে চিঞৰ-বাখৰ কৰি থকা, পথত বৃহৎসখ্যক যান-বাহনৰ চলাচল, আকাশমাৰ্গত বিমানৰ চলাচল, ৰে’লপথত ৰে’ল আদিৰ শব্দ। নিৰ্মাণকাৰ্য বিশেষকৈ খনিজ খনন, দলং, অট্ৰালিকা, পথ, ষ্টেচন, উৰণীয়া সেতু আদি নিৰ্মানৰ সময়ত যন্ত্ৰপাতিৰ বিকট শব্দ। বাসগৃহত টিভি, ম’বাইল, মিউজিন ছিষ্টেম, মিক্সাৰ গ্ৰিণ্ডাৰ, প্ৰেছাৰ কুকাৰ, ভেকুৱাম ক্লীনাৰ, ৱাশ্বিং মেচিন আৰু ড্ৰায়াৰ, কুলাৰ এয়াৰ কণ্ডিচনাৰ আদিৰ পৰা নিৰ্গত শব্দ। উল্লিখিত আটাইবোৰ দৈনন্দিন জীৱনৰ বাবে অপৰিহাৰ্য আৰু স্বাভাৱিক যদিও ইয়েই মানৱীয় শাৰীৰিক আৰু মানসিক স্বাস্থ্যত নেতিবাচক হৈ উঠিছে। মাত্ৰাধিক শব্দ আৰু অসন্তুষ্টিদায়ক তথা আমনিদায়ক শব্দই প্ৰাকৃতিক ভাৰসমতাতো সাময়িকভাৱে ব্যাঘাত জন্মাই থাকে।

শব্দ প্ৰদূষণে মানৱ আৰু প্ৰাণী জগতৰ অনেক ক্ষতিসাধন কৰি আছে। শব্দ প্ৰদূষণৰ ফলত মানুহৰ শ্ৰৱণ শক্তিৰ সমস্যা বৃদ্ধি পাইছে। এক কথাত শ্ৰৱণ শক্তিত ব্যাঘাত জন্মে। মাত্ৰাধিক শব্দই শাৰীৰিক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্যত প্ৰচণ্ড আঘাত সানে, যিয়ে মানুহৰ আচৰণ আগ্ৰাসী কৰি তোলে। সহনশীলতা আৰু ধৈৰ্যত বিৰূপ প্ৰভাৱ পেলায়। টোপনিত ব্যাঘাত জন্মোৱাৰ ফলত দৈনন্দিত কাম-কাজত নেতিবাচক প্ৰভাৱ পৰে। অনাহকত চাপ বৃদ্ধি হৈ থাকে। শ্বাস-প্ৰশ্বাসজনিত বিভিন্ন ৰোগৰ লগতে ৰক্তচাপ আৰু চাপজনিত সমস্যা বৃদ্ধি কৰে। উচ্চ ৰক্তচাপ আৰু হাৰ্টবিটৰ হাৰ বৃদ্ধি কৰি শৰীৰৰ স্বাভাৱিক ৰক্তচালন প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰে। মাত্ৰাধিক শব্দই ইজন-সিজনৰ যোগাযোগত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰি বেমেজালিৰ সূত্ৰপাত ঘটায়। প্ৰচণ্ড মূৰৰ বিষত ভোগাৰ লগতে মানসিক সন্তুলন বৰ্তাই ৰখাত ব্যাঘাত জন্মায়। সবাতোকৈ ভয়াৱহ যে শব্দ প্ৰদূষণে শিশুৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰো ক্ষতিসাধন কৰে। শিশুৰ শিক্ষণ প্ৰক্ৰিয়া আৰু আচৰণত নেতিবাচক প্ৰভাৱ পেলোৱাটো মানৱ জাতিৰ বাবেই অশনি সংকেত। ইপিনে, মানুহতকৈ প্ৰাণীৰ শব্দ সংবেদনশীলতা বেছি বাবে প্ৰাণী জগতৰো বিস্তৰ ক্ষতিসাধন হৈ আছে।

শব্দ প্ৰদূষণৰ ভয়াৱহতৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে চৰকাৰৰ লগতে আমাৰো কৰণীয় আছে। ঔদ্যোগিক অঞ্চলত চৰকাৰে নীতি-নিৰ্দেশনা কঠোৰভাৱে বলৱৎ কৰাত গুৰুত্ব আৰোপ কৰিব লাগিব। আৱাসিক অঞ্চলসমূহতো নাগৰিকৰ মাজত সজাগতা-সচেনতা বৃদ্ধিৰ বাবে অভিযান চলাব লাগিব। ভাৰতৰ অনেক চহৰত ইতিমধ্যে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। চহৰসমূহত ‘শব্দ প্ৰদূষণৰ সংবেদনশীল জ’ন (ন’ হৰ্ন জ’ন) চিনাক্ত কৰিছে। বছৰত যান-বাহন আৰক্ষীৰ দ্বাৰা যান-বাহনৰ দ্বাৰা সৃষ্ট প্ৰদূষণ ৰোধৰ ক্ষেত্ৰত সজাগতা অভিযান চলাই আছে। চৰকাৰৰ উপৰি ২০০৩ চনৰ পৰাই ‘আৱাজ ফাউণ্ডেচন’ নামৰ বেচৰকাৰী সংস্থা(এনজিঅ’) এটাই দেশৰ বিভিন্ন চহৰত শব্দ প্ৰদূষণৰ বিৰুদ্ধে সজাগতা অভিযান চলাই আছে। এন জি অ’ আৱাজে ওকালতি, ৰাজহুৱা স্বাৰ্থজনিত আবেদন, সজাগতা সভা আৰু শৈক্ষিক কাৰ্যসূচীৰে শব্দ প্ৰদূষণৰ বিৰুদ্ধে প্ৰচাৰ অভিযান চলাই আছে। চৰকাৰৰ নীতি-নিৰ্দেশনাক মানি চলাৰ লগতে শব্দ প্ৰদূষণৰ কাৰকসমূহ ব্যৱহাৰৰ ক্ষেত্ৰত আমাৰ কৰণীয় আছে। ফটকা, আতচবাজী আৰু লাউড স্পীকাৰ বজোৱাৰ ক্ষেত্ৰত চৰকাৰে দিয়া নীতি-নিৰ্দেশনা আমি স্পীকাৰ বজোৱাৰ ক্ষেত্ৰত চৰকাৰে দিয়া নীতি-নিৰ্দেশনা আমি মানি চলাটো উচিত। শব্দ প্ৰদূষণ বৃদ্ধি কৰা সা-সঁজুলি ব্যৱহাৰৰ ক্ষেত্ৰত সজাগ, অনাহকত গাড়ীৰ হৰ্ন বজোৱা বন্ধ কৰা, দৈনন্দিন জীৱনত ব্যৱহৃত শব্দ প্ৰদূষণ কৰা সা-সঁজুলি ব্যৱহাৰৰ ক্ষেত্ৰত সজাগ, অনাহকতে গাড়ীৰ হৰ্ন বজোৱা বন্ধ কৰা, দৈনন্দিন জীৱনত ব্যৱহৃত শব্দ প্ৰদূষণ কৰা সা-সঁজুলি ব্যৱহাৰত নিয়ন্ত্ৰণ, বাসগৃহত টিভি, মিউজিক ছিষ্টেম নিয়ন্ত্ৰিত শব্দত বজোৱা, ৰাজহুৱা স্থানত  মাত্ৰাধিক শব্দৰ বিপৰীতে স্বাভাৱিক মাত্ৰাত লাউড স্পীকাৰ, মিউজিক ছিষ্টেম চলোৱা, অনাহকত মাত্ৰাধিক ফতকা-আতচবাজী ব্যৱহাৰৰ পৰা আঁতৰি থকা, বজাৰ অঞ্চলত অপ্ৰয়োজনীয় হুলস্থূলীয়া পৰিৱেশ সৃষ্টি নকৰা আদিত গুৰুত্ব দিব লাগিব। শব্দ প্ৰদূষণৰ বিপজ্জনক পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ এইবোৰ আমি সকলোৱে সহজে মানিব পৰা কৰণীয় কাম। আমাৰ ভৱিষ্যৎ প্ৰজন্ম শিশুৰ কাৰণেও কৰিব পৰা মহৎ কৰ্ম।

লেখক: দীপক কুমাৰ দাস(নিয়মীয়া বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 8/16/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate