অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ওপঙা উদ্ভিদ

স্থান : বাহিৰ

গোটৰ আকাৰ : পূৰা শ্ৰেণী

সময় : ৩০ মিনিট

উপযুক্ত সময় : পাৰিলে বাৰিষা

যোগাৰ : মেটেকা থকা পুখুৰী, তেনে পুখুৰীত সোমাবৰ সুবিধা আৰু বিৱৰ্ধক কাচ

উদ্দেশ্য

পানী মেটেকা কিয় আৰু কেনেকৈ ওপঙে তাক চোৱা।

কি কৰিব

গোটেই বছৰে পানী থকা পুখুৰী বা বিলত মেটেকা নিৰীক্ষণ কৰিব পৰা যায়।

ছাত্ৰ ছাত্ৰী সকলক মেটেকা নিৰীক্ষণ কৰিবলৈ ক’ব। তেওঁলোকে মেটেকা যে ওপঙি থাকে, সেই কথা লক্ষ্য কৰিব।

এগোছা মেটেকা তুলি ল’ব আৰু শ্ৰেণীটোৰ সকলো ছাত্ৰ ছাত্ৰীকে এজন এজনকৈ মনোযোগেৰে ইয়াৰ গঠন চাবলৈ দিব। গা গছ হাতেৰে ছুই চাব। কোমল আৰু ফোপোলা হয়নে? মেটেকা ওপঙি থকাত এনে গঠনে কিবা সহায় কৰেনে?

মঙহাল গা-গছখিনি ওফন্দা আৰু ফোঁপোলা। ইয়াৰ ভিতৰত অসংখ্য বায়ুকোষ থাকে। এইবোৰত বায়ু সোওমাই থাকে বাবেই মেটেকা পানীত ওপঙি থাকে।

প্ৰায় ৩০ ছেণ্টিমিটাৰ দীঘল এটা ৰবৰৰ নলী লওক। দুয়োমূৰে সূতা বা ৰছীৰে টানকৈ বান্ধি দিয়ক। নলীটোৰ এটা মূৰত এটা অলপ গধূৰ শিল বান্ধি দিয়ক। নলীটো এবাল্টি পানীত দি দিয়ক। নলীটো কি হৈছে?

পৰিৱৰ্তন/পৰিবৰ্ধন

ছাত্ৰ ছাত্ৰী সকলক মেটেকা ঠালি ডালৰ প্ৰস্থচ্ছেদ দেখুৱাব পাৰে। বায়ুকোষবোৰ ভালদৰে দেখাৰ বাবে বিৱৰ্ধক কাচ ব্যৱহাৰ কৰিব পাৰে।

মূল্যায়ন

ছাত্ৰ ছাত্ৰী সকলক সোধক

পানী মেটেকা পানীত ওপঙাৰ বাবে কেনেকুৱা গঠনে সহায় কৰে? এই একে তত্বৰ ওপৰত নিৰ্ভৰ কৰি কি কি উদ্ভিদৰ ফুল আৰু পাত পানীত ওপঙি থাকে?

উৎস: শিকাৰ আনন্দ।

শেহতীয়া উন্নীতকৰণ: : 5/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate