অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গছ গছনিৰ ঋতু

স্থান : শ্ৰেণী, ঘৰ, বাহিৰ

গোটৰ আকাৰ : গাইগুটীয়া বা যিকোনো

সময় : এবছৰ

উপযুখ সময় : প্ৰতি দুমাহ

যোগাৰ : অংকন কাগজ, ৰঙীন পেঞ্চিল

পূৰ্ৱাৱশ্যকতা : অংকন পটুতা

উদ্দেশ্য

ঋতুভেদে গছ গছনিৰ পৰিৱৰ্তনৰ লগত ছাত্ৰ ছাত্ৰীৰ পৰিচয়।

কি কৰিব

ছাত্ৰ ছাত্ৰী সকলক তেওঁলোকৰ স্কুলৰ বাগিচাত, ঘৰৰ বাৰীত বা সদায় আহযাহ কৰা কোনো ঠাইৰ গছ গছনিৰ চিত্ৰ আঁকিব কওক। আঁচনি খন বহুৰঙী কৰাৰ কাৰণে প্ৰত্যেকে কেইবা ধৰণৰো গছ বাছি ল’ব।

গছৰ চিত্ৰবোৰ আঁকি প্ৰদৰ্শন পটত লগাই থ’ব। পাৰিলে সেই গছৰ ছপা চিত্ৰও লগতে লগাই থ’ব।

সেই গছবোৰ দুমাহৰ মূৰে মূৰে চাই থাকিব আৰু প্ৰত্যেক বাৰেই চিত্ৰ আঁকিব। এনেকৈ পিচত অঁকা চিত্ৰবোৰো আগৰবোৰোৰ কাষে কাষে লগাই যাব, যাতে তুলনা কৰিব পাৰে। ঋতুভেদে হোৱা পৰিৱৰ্তন চিত্ৰৰে আৰু তলত চমু টোকা লিখি ব্যাখ্যা কৰিব।

দেখা যাব যে কিছুমান গছৰ ওৰে বছৰে পাত থাকে- এইবোৰ চিৰসেউজীয়া (evergreen) আৰু কিছুমানৰ পাতৰ ৰং সলনি হয় আৰু পাতবোৰ সৰিও যায়- এইবোৰ পত্ৰ্মোচী (deciduous).

কোন গছৰ কোন সময়ত ফুল আৰু ফল ধৰে তাকো টুকি ৰাখিব। পাত সৰা আৰু ফুল ধৰাৰ ওপৰত ঋতুৰ প্ৰভাৱৰ কথাও আলোচনা কৰিব।

পৰিৱৰ্তন/পৰিবৰ্ধন

ছাত্ৰ ছাত্ৰী সকলে গছ গছনিবোৰত থকা আশ পাশৰ জীৱ-জন্তবোৰো লক্ষ্য কৰিব আৰু ঋতু ভেদে কি পৰিৱৰ্তন দেখে তাকো টুকি ৰাখিব।

উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।

শেহতীয়া উন্নীতকৰণ: : 3/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate