অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গোন্ধ আৰু শব্দ

গোন্ধ আৰু শব্দ

স্থান : বাহিৰ ৬ মি. X ৯ মি. আকাৰৰ এটা সমতল অঞ্চল তাত আৰু গছো আঁকিব।

গোটৰ আকাৰ : ৫

সময় : ৬০ মিনিট

উপযুক্ত সময় : যিকোনো- নিশাও হ’ব পাৰে

যোগাৰ : ৫ খন চকুত বন্ধা ৰুমাল বা আন কিবা, ৰছী প্ৰায় ৩০ মি. দীঘল- যাতে এটা অঞ্চল বেৰিব পাৰি, শুকান পাত, ঘড়ী, গোন্ধ থকা বস্তু- থেকেচি লোৱা পিঁয়াজ বা নহৰুৰ ফোটা (কিবা এটা পাত্ৰত) আতৰ লগোৱা এখন কাপোৰ

পূৰ্ৱাৱশ্যকতা : ছাত্ৰ ছাত্ৰী সকলে জানিব লাগিব যে বেচি ভাগ জন্তৰে দেহৰ নিজা গোন্ধ আছে।

উদ্দেশ্য

ল’ৰা ছোৱালীবোৰে ঘ্ৰাণ, শ্ৰৱণ আৰু স্পৰ্শ জ্ঞানৰ বিষয়ে- বিশেষকৈ ঘ্ৰাণৰ বিষয়ে শিকিব। চিকাৰ আৰু চিকাৰীৰ পৰস্পৰিক কামৰ বিষয়েও শিকিব।

কি কৰিব

অঞ্চলটো ৰছী এডালেৰে ঘেৰি লওক। ঘেৰৰ ভিতৰত অ’ত ত’ত শূকান পাত কিছুমান ৰাখক। দলটোৰ এজনক চিকাৰী (বাঘ) কৰক আৰু বাকীবোৰক চিকাৰ (হৰিণ)। বাঘকে ধৰি সকলোৰে চকু বান্ধক। বাঘটোৱে গোন্ধ থকা বস্তুখিনি লৈ ফুৰিব।

হৰিণবোৰে অনৱৰত ঘূৰি ফুৰিব।

বাঘটোৱে অনৱৰত ঘূৰি নুফুৰিলেও হ’ব, কিন্ত জিকিবলৈ এটা হৰিণ ধৰিব লাগিব।

বাঘটোক অঞ্চলটোৰ এমূৰে ৰাখক আৰু হৰিণবোৰক সিঁচৰিত কৰি দিয়ক। খেল আৰম্ভ হ’ল।

হৰিণ এটা ধৰিলে, আন এজন ছাত্ৰক বাঘ বনাই খেলে খন নতুনকৈ আৰম্ভ কৰিব পৰা যাব। যদি বাঘটোৱে দুই মিনিটৰ ভিতৰতে হৰিণ এটা ধৰিব নোৱাৰে, তেন্তে সি মৰিব (অৱশ্যে ভোকত) আৰু খেলৰ পৰা বাহিৰ হৈ যাব।

হৰিণবোৰৰ মনোযোগ হ’ব গোন্ধোৱা বস্তুটোৰ গোন্ধ ধৰিব পাৰিছেনে নাই- কাৰণ অকল গোন্ধৰ দ্বাৰাহে সিঁহতে বাঘটো ওচৰ চাপিছে ন নাই জানিব পাৰিব। বাঘ আৰু হৰিণে শব্দ শুনাৰ বাবেও যত্ন কৰিব।

ছাত্ৰ ছাত্ৰী সকলৰ লগত আলোচনা কৰক অৰণ্যত হৰিণে গোন্ধৰ বাহিৰে আন কি জ্ঞানৰ সহায়ত আত্মৰক্ষা কৰে? ঠিক তেনেকৈ বাঘেনো বাৰু চিকাৰৰ কাৰণে আন কি জ্ঞানৰ সহায় লয়?

উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।

শেহতীয়া উন্নীতকৰণ: : 3/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate