অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চকুৰে দেখাতকৈ বেচি

স্থান : শ্ৰেণী, ঘৰ

গোটৰ আকাৰ : গাইগুটীয়া বা ২/৩ জন

সময় : এদিন

উপযুক্ত সময় : উজ্বল ৰ’দালিৰ দিন

যোগাৰ : স্বচ্ছ গিলাচ বা বটল, তৰাহি, লোণ

উদ্দেশ্য

পানীত যে দ্ৰৱিত আৰু অদ্ৰৱিত পদাৰ্থ থাকে তাৰ প্ৰতি সজাগ কৰা আৰু লগতে পানীৰ প্ৰদূষণৰ ধাৰণাৰ সৈতে চিনাকি কৰোৱা।

কি কৰিব

ছাত্ৰ ছাত্ৰী সকলক পুখুৰী, জুৰি, নলা আদিৰ পৰা গিলাচ বা স্বচ্ছ বটলত পানী সংগ্ৰহ কৰিব কওক।

লগে লগে তেওঁলোকে প্ৰত্যেকে তলৰ কথাবোৰ নিৰীক্ষণ কৰিব –

পানীখিনি ফটফটীয়া নে ঘোল?

পানীখিনিৰ ৰং কি?

পানীৰ ওপৰত বা ভিতৰত কিবা ওপঙি আছেনে? তেওঁলোকে পানী এনেকৈ শ্ৰেণীবদ্ধ কৰিব- অতি ফট্‌ফটীয়া, ফট্‌ফটীয়, ঘোল, অতি ঘোলা। একেলগে দুটা দুটাকৈ বটল বা গিলাচৰ পানী ৰিজালে পাৰ্থক্য ধৰা পেলোৱাত সহায় হ’ব।

এতিয়া পানীখিনি ৩০ মিনিটমান লৰচৰ নিহিৱাকৈ থাকিব দিয়ক আৰু আকৌ এবাৰ ভালদৰে চাই লওক।

বটল/গিলাচত কিবা জমা হৈছেনে?

ছাত্ৰ ছাত্ৰী সকলক একে পৰিমাণৰ (যেনে ২০ চামুচ) পানী একো একোখন থালত ল’বলৈ কওক আৰু ৰ’দত থৈ ভাপ হৈ যবলৈ দিয়ক।

থালত কিবা অৱশেষ থাকিল নে? ইনো কি হ’ব পাৰে? আগেয়ে বৰু সেইখিনি দেখা যোৱা নাছিল কিয়?

পৰিৱৰ্তন/পৰিবৰ্ধন

ছাত্ৰ ছাত্ৰী সকলক এগিলাচকৈ পানী ল’ব কওক আৰু তাত একোচানুচ লোণ মিহলাওক। এতিয়া পানীত কিবা দেখা গৈছেনে? পানীখিনি ৰ’দত ভাপ হ’বলৈ দিয়ক। পানীখিনি ভাপ হৈ যোৱাৰ পিচত অৱশেষখিনি চাকি চাব কওক।

উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।

শেহতীয়া উন্নীতকৰণ: : 6/19/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate