স্থান : শ্ৰেণী
গোটৰ আকাৰ : পূৰা শ্ৰেণী
সময় : ৩০ মিনিট
যোগাৰ : যোগাসনৰ চিত্ৰলিপি দেখুৱাব পাৰে।
সৰুৰে পৰা দেহৰ উপযুক্ত প্ৰয়োগ শিকা। ই আমাৰ মানসিক ক্ষমতাৰ বিকাশত প্ৰভাৱ পেলায়।
এই প্ৰক্ৰিয়া হৈছে দেহৰ নমনীয়তা অধ্যয়ন। ছাত্ৰ ছাত্ৰী সকলক পোনতে সৰল চাল চলন কৰিবলৈ দিয়া হ’ব, যেনে থিয় হোৱা, বহা, জঁপিওৱা, আঠু কাঢ়া, দৌৰা, লেপেতাই বহা, শোৱা আদি। নিশিকালেও এইবোৰ কাম দেহে সহজে কৰিব পাৰে।
দেহটো যে এক আশ্চৰ্য সেই কথাত অধিক গুৰুত্ব দিব। মেৰুদণ্ড পোন কৰি থিয় হোৱাৰ সৱিশেষ লাহে লাহে আৰু খেলৰ চলেৰে বুজিবলৈ দিব। যেনে তেওঁলোকক মাটিত চিত হৈ পৰিব দিয়ক, যাতে পিঠি খনে পূৰাকৈ মাটি ছুই থাকে। এতিয়া তেওঁলোকক ঠিক একেদৰে থিয় হ’ব কওক। তেওঁলোকক মেৰুদণ্ডৰ বিষয়ে কওক। দেহৰ বিভিন্ন ভংগী দেখুৱাবৰ বাবে দশাৱতাৰৰ কাহিনী এটাৰ অভিনয় কৰিবলৈও দিব পাৰে।
জন্তবোৰেও যে এনেকুৱা ভংগিমা দেখুৱায়, সেই কথা ছাত্ৰ ছাত্ৰী সকলৰ সৈতে আলোচনা কৰক। আমি নোৱাৰা কোনবোৰ ভংগী জনুবোৰে পাৰে আৰু সিঁহতে নোৱাৰা কোনবোৰ ভংগী আমি পাৰো?
ছাত্ৰ ছাত্ৰী সকলক বান্দৰ বা হৰিণা বা ভেকুলীৰ দৰে জঁপিয়াব কওক। সিঁহতে কেনেকৈ সিঁহতৰ ভৰিৰে ওপৰত ভৰ দি পৰেহি? আমি কেনেকৈ পৰোঁ?
ছাত্ৰ ছাত্ৰী সকলক দেখুৱাওক কেনেকৈ দেহে মনোভাৱ প্ৰকাশ কৰিব পাৰে। কন্দাৰ ভাও দিব কওক- মূৰ দোঁ খাব, হাতদুখনে মূখখন ঢাকি ধৰিব। এতিয়া হাঁহিব দিয়ক- মূৰ ওপৰ মূৱা হ’ব, হাত দুখন মুকলি। লাহে লাহে এনে ভাও কোনো দৃশ্যৰ সৈতে জড়িত কৰিব পাৰি, বা ভাওনাৰ দৰে। এনেধৰণৰ চিন্তা উদ্দীপক বহু সম্ভাৱনা আছে।
উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।
শেহতীয়া উন্নীতকৰণ: : 6/9/2020