স্থান : শ্ৰেণী, বাহিৰ
গোটৰ আকাৰ : পূৰা শ্ৰেণী
সময় : ৩০ মিনিট
যোগাৰ : সাধাৰণতে পোৱা বস্তু বাহানি বা ফলমূল, শাক পাচলি
ছুই চাই বস্তু চিনাৰ অভ্যাস কৰা।
শ্ৰেণীৰ কেইজনমান ছাত্ৰ ছাত্ৰীৰ চকু বান্ধি দিয়ক। মেজত বস্তুবোৰ থওক আৰু ছুই চাই তেওঁলোকক বস্তুবোৰ ভাগ ভাগ কৰিব দিয়ক, যেনে,
আন আন ছাত্ৰ ছাত্ৰীকো তেনে কৰিব দিয়ক।
এনে ভাগত পৰিব পৰা আন আন কিছুমান বস্তুৰ নামো তেওঁলোকক ক’ব দিয়ক। আৱশ্যক বোধে তেওঁলোকে তালিকা ৰুপত বস্তুবোৰ সজাব পাৰে।
তেওঁলোকে আংশিকভাৱে খহতা আৰু আংশিকভাৱে নিমজ কোনো বস্তুৰ নাম ক’ব পাৰেনে? তেনে বস্তুবোৰো তালিকা কৰিবলৈ কওঁক।
ছাত্ৰ ছাত্ৰী সকলক উল্লেখিত গিণ প্ৰকাশ হোৱাকৈ বস্তুবোৰৰ ছবি আঁকিব কওক।
স্পৰ্শৰ বাহিৰেও আন ইন্দ্ৰিয়ৰ সহায়তো বস্তুবোৰ একেদৰে চিনাক্ত কৰিব পাৰে।
উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।
শেহতীয়া উন্নীতকৰণ: : 4/19/2020
আপোনাৰ খোৱা বস্তু হজম হোৱা নাই নেকি?
লোক-বিশ্বাসত তামোল-পাণ
সংগ্ৰহালয়ৰ কথা