স্থান : শ্ৰেণী, ঘৰ
গোটৰ আকাৰ : গাইগুটীয়া বা পূৰা শ্ৰেণী
সময় : ৩০-৪৫ মিনিট
যোগাৰ : কাগজ, পিন, ৰবৰ
পূৰ্ৱাৱশ্যকতা : কেঁচি ব্যৱহাৰ কৰিব জনা।
বায়ুশক্তি ব্যৱহাৰ কৰি কেনেকৈ বায়ু চকা ঘূৰাব পাৰি তাকে দেখুওৱা।
এটা পোন পিন আৰু কাগজ ব্যৱাহাৰ কৰি ছাত্ৰ ছাত্ৰী সকলে একো একোটা সৰল বয়ুচাব (চকৰি) সাজিব। এইটো ৰবৰ বা তেনে কোমল বস্তুত লগাই ল’ব। তেওঁলোকক ভিন ভিন উপায়ে এইটো ঘূৰাব ক’ব যেনে ফুৱাই, দৌৰি বা বিচনীৰ আগত ধৰি।
তেওঁলোকে দেখিব যে যিমানে বেগাই বতাহ বয়, সিমানে চকাটো খৰকৈ ঘূৰে। ইয়াৰ উপৰিও দেখিব যে বতাহৰ পোনে পোনে মূখ কৈ ধৰিলে চকাটো বেচি খৰকৈ ঘূৰে। আলোচনাৰ মাজেৰে তেওঁলোকে ঠিৰাং কৰক যে বলি থকা বতাহৰ শক্তিয়ে চকৰিটো ঘূৰাইছে।
আজিকালি খোৱা বস্তুৰ টিনৰ ভিতৰত বায়ুৰুদ্ধ কৰাৰ বাবে ব্যৱহাৰ এলুমিনিয়ামৰ পাতৰ পৰাও তেওঁলোকে চকৰি সাজিব পাৰে।
এই সূত্ৰটোকে যে বায়ুমিলত ব্যৱহাৰ কৰা হয় তাক বুজাই দিয়ক। বিজুলী পাংখাৰ সৈতে ইয়াৰ সম্পৰ্ক দেখুৱাব পাৰিবনে?
ছাত্ৰ ছাত্ৰী সকলক একোটা বায়ু চকৰি সাজি এনেকৈ ধৰিব কওক যে খৰকৈ ঘূৰে। কেনে অৱস্থা বাৰু ইয়াৰ দক্ষতা সৰ্বাধিক হ’ব?
শেহতীয়া উন্নীতকৰণ: : 5/25/2020