অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বেলি, পৃথিৱী আৰু জোন

স্থান : শ্ৰেণী

গোটৰ আকাৰ : পূৰা শ্ৰেণী

সময় : ৩০-৪০ মিনিট

যোগাৰ : এটা ডাঙৰ উজ্জ্বল পোহৰ, এটা ভলীবল বা ডাঙৰ ঘূৰণীয়া বল

পূৰ্ৱাৱশ্যতা : ছাত্ৰ ছাত্ৰী সকলে ইতিমধ্যে জানিব লাগিব যে জোনৰ পোহৰহে নিজৰ নহয়। সূৰ্যৰ পোহৰ প্ৰতিফলিত কৰে।

উদ্দেশ্য

ছাত্ৰ ছাত্ৰী সকলে বুজি পাওক দিন ৰাতি কি আৰু চন্দ্ৰ কলানো কি।

কি কৰিব

প্ৰথমতে কোঠাটো আন্ধাৰ কৰি লওক। এটা ডাঙৰ টৰ্চ বা এফালে পোহৰ পেলাব পৰা এটা লেম্প ডেস্ক্‌ এখনত থওক। ই বেলিক বুজাব।

একোবাৰত প্ৰায় ১৫ জন ছাত্ৰ ছাত্ৰীয়ে বাহিৰলৈ মূখ কৰি কোঠাটোৰ মাজত এটা বৃত্তত ঘন হৈ থিয় হ’ব। এতিয়া তেওঁলোকে ঘড়ীৰ কাঁটাৰ বিপৰীত দিশে যাব। তেওঁলোকক বুজাই দিব যে তেওঁলোকে ঘুৰি থকা পৃথিৱী আৰু লম্পটোৱে বেলিটোৰ কাম কৰিছে। এইদৰে দিন ৰাতি, দুপৰীয়া, দোভাগ ৰাতি, বেলি উঠা আৰু বেলি ডুবাৰ কথা বুজাই দিয়ক।

এতিয়া এগৰাকী ছাত্ৰ ছাত্ৰীক বল এটা মূৰত ল’ব দিয়ক, যাতে গোটইটো শ্ৰেণীয়ে ভালকৈ দেখা পায়। তেওঁ কোঠাওৰ এমূৰত থিয় হ’ব আৰু ‘পৃথিৱী’ আৰু ‘বেলি’ৰ মাজেদি এটা বৃত্তাকাৰ পথেৰে গতি কৰিব। ‘পৃথিৱী’ত থকা ছাত্ৰ ছাত্ৰী সকলে দেখিব যে বলটোৰ পোহৰ পৰা অংশৰ আকৃতি লাহে লাহে ডাঙৰ হৈ যায় আৰু অৱশেষত বল লোৱা গৰাকীয়ে বেলিটোৰ বিপৰীত স্থান পালে সবাটোকৈ ডাঙৰ অংশত পোহৰ পৰে। এই অৱস্থাত বলটোৰ ‘পৃথিৱী’ৰ ফালে থকা পূৰা অংশত পোহৰ পৰিছে। এইয়াই পূৰ্ণিমা।

‘জোন’টো ঘড়ীৰ কাঁটাৰ বিপৰীত মূখে ‘পৃথিৱী’ৰ চাৰিওফালে ঘূৰিবলৈ আগ বাঢ়ে মানে ‘পৃথিবী’ৰ পৰা দেখা জোনটোৰ পোহৰ পৰা অংশৰ আকৃতি সলনি হোৱাৰ লগতে আকাৰো ক্ৰমে সৰু হৈ গৈ থাকে।

পৰিৱৰ্তন/পৰিবৰ্ধন

ছাত্ৰ ছাত্ৰী সকলক জোনটোৰ আচল কলাৰ (উজ্জ্বল অংশ) বঢ়া টটা চাবলৈ ক’ব আৰু মন কৰিব যে পূৰ্ণিমাৰ জোন ডুবিব ধৰা বেলিৰ বিপৰীতে দেখা যায়। কিমান দিনৰ মূৰত পুনৰায় পূৰ্ণিমা হয়?

উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।

শেহতীয়া উন্নীতকৰণ: : 4/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate