স্থান : শ্ৰেণী
গোটৰ আকাৰ : পূৰা শ্ৰেণী
সময় : ৩০-৪০ মিনিট
যোগাৰ : নালাগে
পূৰ্ৱাৱশ্যকতা : প্ৰত্যেকে নিজৰ ওজন কিলোগ্ৰামত জানে।
প্ৰাথমিক স্কুলৰ পৰা ল’ৰা ছোৱালীয়ে জনা এককতে অতি গধুৰ বস্তুৰ ওজনৰ ধাৰণা কৰা।
প্ৰত্যেক জন ছাত্ৰ ছাত্ৰীক নিজৰ নিজৰ ওজন ক’ব দিয়ক। যদি কোনোৱে ক’ব নোৱাৰে, তেন্তে সোধক কাৰ ওজনৰ সমান তেওঁৰ ওজন হ’ব পাৰে, সেই ওজনকে তেওঁৰ ওজন বুলি ধৰিব।
এতিয়া তেওঁলোকক ডাঙৰ ডাঙৰ জনু কিছুমানৰ ওজন কিমান হ’ব পাৰে। অনুমান কৰিবলৈ দিয়ক, যেনে হাতী, গঁড়, বাঘ আদিৰ। তেনে জন্তৰ ওজন আচলতে কিমান হ’ব পাৰে কৈ দিব।
এতিয়া তেওঁলোকে থূপ বান্ধক যাতে তেওঁলোকৰ সমূহীয়া ওজন তেনে কোনোটো জন্তৰ ওজনৰ সমান হয়। ওজন মিলাই জন্তটোৰ মাতো মাতিব আৰু তাৰ দৰে জুমটোৱে খোজো কাঢ়িব বা দৌৰিব। ইয়াৰ পিছত এটা এটাকৈ আন জন্তৰ ওজনো মিলাই চাব।
এনে কৰোঁতে জন্ত বিলাকৰ একো একোটা কাটি উলিওৱা চিত্ৰ লৈ সমুখত থকাজনক ধৰি থাকিবলৈ দিব পাৰে।
তেওঁলোকে তেওঁলোকৰ গাইগুটীয়া ওজনতকৈ বেচি ওজনৰ জন্তবোৰৰ কথা ভাবি উলিয়াই এখন তালিকা কৰিব।
উৎস: শিকাৰ আনন্দ, পৰিৱেশ বিজ্ঞান কেন্দ্ৰ, আহমেদাবাদ।
শেহতীয়া উন্নীতকৰণ: : 6/18/2020