অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সাতশ কোটি সপোন এটা মাত্ৰ গ্ৰহ সম্পদৰ হিচাপী ব্যৱহাৰ

সাতশ কোটি সপোন এটা মাত্ৰ গ্ৰহ সম্পদৰ হিচাপী ব্যৱহাৰ

মানৱ কল্যাণ, পৰিৱেশ সুৰক্ষা, অৰ্থনৈতিক অগ্ৰগতি-সকলো নিৰ্ভৰ কৰে এই গ্ৰহটোৰ প্ৰাকৃতিক সম্পদৰ দায়বদ্ধ আৰু পৰিকল্পিত পৰিচালনাৰ ওপৰত। কিন্তু দেখা গৈছে-গ্ৰহটোৱে সুৰক্ষিত পৰ্যায়ত যোগান ধৰিব পৰাতকৈ বহুত বেছি পৰিমাণৰ প্ৰাকৃতিক সম্পদ মানুহে ব্যৱহাৰ কৰিছে। দ্ৰুত জনস্ংখ্যা বৃদ্ধি আৰু অৰ্থনৈতিক অগ্ৰগতিৰ হেঁচাত পৃথিৱীৰ বহু পৰিস্থিতিতন্ত্ৰ  এনেধৰণে বিলুপ্তিৰ গৰাহত পৰিছে যে সেইবোৰৰ পুনৰ উদ্ধাৰৰ কোনো সম্ভৱনাই নাই। যদি উপভোগ আৰু উতপাদানৰ মাত্ৰা এই গতিৰেই চলি থাকে, ইফালে ২০৫০ চনত দ্ৰুত বৃদ্ধিৰে জনস্ংখ্যাও হ’বগৈ ৯৬০ কোটি, তেতিয়া আমাৰ জীৱন যাত্ৰা অব্যাহত ৰাখিবলৈ আমাক এনে তিনিটা গ্ৰহৰ প্ৰয়োজন হ’ব।

বিশ্ব পৰিৱেশ দিৱস-২০১৫

সেয়েহে ২০১৫ চনৰ বিশ্ব পৰিৱেশ দিৱসৰ্ থিম বা মূল বিষয় হিচাপে লোৱা হৈছে- ‘সাতশ কোটি সপোন, এটা মাত্ৰ গ্ৰহ, সম্পদৰ হিচাপি ব্যৱহাৰ’ (seven billion dreams, one planet, consume with care): গ্ৰহটোৰ সীমাবদ্ধতাৰ ভিতৰত থকাটোৱেই হৈছে সুস্থ ভৱিষ্যৎ নিশ্চিত কৰাৰ কৌশল। মানুহৰ উন্নতিৰ বিনিময়ত পৃথিৱীৰ ভৰণ হ’ব নালাগে। বহনক্ষম জীৱনযাত্ৰাৰ অৰ্থ হ’ল কম খৰচত বেছি আৰু ভাল কাম কৰা। অৰ্থনৈতিক অগ্ৰগতিৰ প্ৰয়োজনতহে যে প্ৰাকৃতিক সম্পদৰ অত্যধিক ব্যৱহাৰ হৈছে আৰু তাৰ প্ৰভাৱ পৰিৱেশৰ ওপৰত পৰিছে-এইটো সঁচা নহয়। ইয়াৰ প্ৰধান কাৰণ হৈছে প্ৰকৃত জ্ঞান আৰু দূৰদৰ্শিতাৰ অভাৱ।

বিশ্ব পৰিৱেশ দিৱসৰ উদ্‌যাপন হৈছে পৰিৱেশ সম্পৰ্কে বিশ্ববাসীক সজাগ কৰিবলৈ ৰাষ্ট্ৰস্ংঘৰ প্ৰধান আহিলা, যাতে বিশ্ববাসী সচেতন হৈ পৰিৱেশ স্ংৰক্ষণৰ ব্যৱস্থা নিজৰ ফালৰপৰাই লয়। এই দিনটোত বিশ্ববাসী একে চিন্তাধাৰাৰে উদ্ধুদ্ধ হয়। এই দিনটো ‘জনগনৰ দিন’। জনগনে নিজাববীয়াকৈ বা সমূহীয়াকৈ পৰিৱেশৰ কাৰণে ইতিবাচক কিবা কৰিব পৰা দিন। এজোপা গছকে যদি ৰুব পৰা যায় সেইদিনা। পুৰাণতো কৈছে- যিজনে পথৰ দাঁতিত এজোপা গছ ৰোৱে, সেইজনে স্বৰ্গীয় আশিস সেই মুহূৰ্তলৈকে পায়, যেতিয়ালৈকে সেই গছজোপা এই ধৰাত ফলে-ফুলে জাতিস্কাৰ হৈ থাকে। সেয়েহে এই দিনটো ব্যক্তিগত ক্ৰিয়াক সামূহিক শক্তিলৈ ৰুপান্তৰ কৰি গ্ৰহটোৰ পৰিৱেশৰ ওপৰত সূচকীয় হাৰত ইতিবাচক প্ৰভাৱ পেলোৱাৰ দিন। বিশ্ব পৰিৱেশ দিৱস উদ্‌যাপনে প্ৰতিটো স্তৰতে যাতে বহনক্ষম জীৱনযাত্ৰা সম্ভৱ কৰে, সেই বহনক্ষম বিকাশৰ ধাৰণাটো প্ৰথম পোহৰলৈ আহিল। ১৯৮৭ চনত ‘পৰিৱেশ আৰু উন্নয়নৰ বিশ্ব আয়োগে’(WCED)‘আমাৰ উমৈহতীয়া ভৱিষ্যত’ শীৰ্ষক ইয়াৰ ‘ব্ৰুণ্টলেণ্ড প্ৰতিবেদন’ (Brundtland Report) প্ৰকাশ কৰিলে। জি এছ ব্ৰুণ্টলেণ্ড আছিল নৰৱেৰ প্ৰধানমন্ত্ৰী। বিশ্বস্বাস্থ্য স্ংস্থাৰ সঞ্চালক আৰু পৰিৱেশ আৰু উন্নয়ন বিশ্ব আয়োগৰ সভাপতি। এই প্ৰতিবেদনেই ৰাষ্ট্ৰস্ংঘৰ কাৰ্যসূচিত ‘বহনক্ষম বিকাশ’ৰ ধাৰণা অন্তৰ্ভুক্ত কৰিলে। ই বিকাশৰ এনে এটা প্ৰক্ৰিয়া যি প্ৰক্ৰিয়াই সম্পদৰ আহৰণ, বিনিয়োগৰ পৰিমাণ, প্ৰযুক্তিগত অগ্ৰগতি-এই সকলোবোৰৰ মাজত সন্তলন ৰক্ষা কৰি বৰ্তমানৰ প্ৰয়োজনীয়তাখিনিও পূৰণ কৰে আৰু ভৱিষ্যতটোও সুৰক্ষিত কৰে। বহনক্ষম বিকাশৰ কাৰণে ব্ৰুণ্টলেণ্ড প্ৰতিবেদনত ৰাষ্ট্ৰসমূহলৈ পৰিৱেশ আঁচনি প্ৰস্তুত কৰোতে প্ৰয়োগ কৰিবৰ কাৰণে ৮ টা নীতিৰ উল্লেখ আছে—

১) বৃদ্ধিৰ পুনৰউদ্ধাৰ কৰা।

২) বৃদ্ধিৰ গুণাগুণ সলনি কৰা।

৩) সম্পদৰ উত্সৰ স্ংৰক্ষণ আৰু উন্নীতকৰণ কৰা।

৪) জনস্ংখ্যা বহনক্ষম স্তৰত সীমিত ৰখা।

৫) প্ৰযুক্তিৰ পুৰ্ণবিন্যাস কৰা আৰু বিপদশ্ংকা নিয়ন্ত্ৰণ কৰা।

৬) সিদ্ধান্ত গ্ৰহণত পৰিৱেশ আৰু অৰ্থনীতি দুয়োটা দিশ বিবেচনা কৰা।

৭) আন্ত:ৰাষ্ট্ৰীয় অৰ্থনৈতিক সম্পৰ্ক স্ংশোধন কৰা আৰু

৮) আন্ত:ৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰা।

বিশ্ব পৰিৱেশ দিৱস-২০১৫ৰ থলী: ইটালি

এই বছৰৰ বিশ্ব পৰিৱেশ দিৱসৰ আন্তৰ্জাতিক উদ্‌যাপনৰ স্থান হ’ব ইটালি। ইটালিৰ চৰকাৰ আৰু ৰাষ্ট্ৰস্ংঘৰ এনভাইৰণমেণ্ট প্ৰ’গ্ৰেমে (UNEP) যুটীয়াভাৱে এই ঘোষোণা কৰিছে। এইবাৰৰ থিমটো-‘সাতশ কোটি সপোন, এটা মাত্ৰ গ্ৰহ, সম্পদৰ হিচাপী ব্যৱহাৰ’ বিশ্ববাসীয়ে সামগ্ৰিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ‘উত্কৃষ্ট নিৰ্বাচন’ হিচাপে গণ্য কৰি, থিমটোলৈ বিপুল সমৰ্থন জনাইছে।

বিশ্ব পৰিৱেশ দিৱস ২০১৫ ৰ এটা আকৰ্ষণীয় কাৰ্যসূচী এখন সাৰ্বজনীন প্ৰদৰ্শনী-‘এক্সপো মিলানো-২০১৫’(Universal Exibition-Expo-Milano-2015)। এক মে’ তাৰিখৰ পৰা ৩১ অক্টোবৰলৈ চলিব লগা এই প্ৰদৰ্শনীখনে ১৪০ খন ৰাষ্ট্ৰ আৰু বিশেষত্বপূৰ্ণ আন্তৰ্জাতিক সংস্থাৰ ২০ নিযুততকৈও অধিক স্ংখ্যক অতিথিক আকৰ্ষণ কৰিব। ‘মিলান এক্সপো’ত তিনিটা দিন ৰাষ্ট্ৰস্ংঘৰ দ্বাৰা বিশেষভাৱে নিজা থিমটো উদ্‌যাপনলৈ ৰাষ্ট্ৰস্ংঘই সহযোগিতা আগবঢ়াব। সেই থিমটো হৈছে-‘গ্ৰহটোৰ পৰিপুষ্টিয়েই-জীৱনৰ শক্তি’(Feeding the Planet-Enerjy for life)। সেইদিনা মিলান এক্সপোত কিছুমান বিশেষ প্ৰযুক্তি(State of the art technology)কিছুমান ধাৰণা আৰু কিছুমান সমাধানসূত্ৰ প্ৰদৰ্শিত হ’ব, যিবোৰৰ আলমত গ্ৰহটো আৰু ইয়াৰ ভাৰসাম্যতা শ্ৰদ্ধাসহকাৰে ৰক্ষা কৰি প্ৰতিজনৰ কাৰণে পুষ্টিকৰ, বিপদমুক্ত আৰু পৰ্যাপ্ত পৰিমাণৰ খাদ্য যোগান ধৰাটো সম্ভৱ হ’ব।

ইটালিৰ পৰিৱেশ মন্ত্ৰী গিয়ান লিউকা গেলেট্টিয়ে (Gian Luca Galletti) কৈছে—‘ৰাষ্ট্ৰসংঘৰ এনভাইৰণমেণ্ট প্ৰ’গ্ৰেমৰ সহযোগত ‘বিশ্ব পৰিৱেশ দিৱস-২০১৫’ৰ আন্তৰ্জাতিক সন্মিলনখন অনুষ্ঠিত কৰিবলৈ পোৱাটো ইটালিৰ কাৰণে অতি গৌৰৱৰ কথা। গোলকীয় পৰ্যায়ত সকলোৰে শ্ৰীবৃদ্ধি আৰু কুশল-ম্ংগল নিশ্চিত কৰিবলৈ যিবোৰ দিশ অতি প্ৰয়োজনীয় যেনে-গ্ৰহটোৰ বহনক্ষমতাক শ্ৰদ্ধা কৰা বা প্ৰাকৃতিক সম্পদৰ উপযুক্ত পৰিচালনা কৰা-এই সকলোবোৰ ‘বিশ্ব পৰিৱেশ দিৱস-২০১৫’ই প্ৰচাৰ কৰিব।

তেওঁ আৰু কৈছে যে অৰ্থনৈতিক সুযোগ, সাৰ্বজনীনতা, নিযুক্তি, স্থিতিস্থাপকতা আৰু জীৱনৰ গুণগত মান ৰক্ষা কৰা-এই সকলো ক্ষেত্ৰতে বহনক্ষম উপভোগ আৰু উত্পাদন আৰ্হিৰ উপকাৰিতা মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ। এই বছৰৰ চেপ্টেম্বৰ মাহত ‘বিশ্ব পৰিৱেশ দিৱস-২০১৫’ৰ পৰৱৰ্তী বিকাশ কাৰ্যসূচী আৰু ডিচেম্বৰত ‘জলবায়ু পৰিৱৰ্তন’ শিতানত নতুন চুক্তি গ্ৰহনৰ কাৰণে এই বছৰৰ শেষৰফালে ল’ব লগা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহত আমৰ দৃষ্টিভ্ংগী আৰু কাৰ্যপন্থা উত্থাপন কৰিব পাৰিম। আন্তৰ্জাতিক আৰু বহুমুখী ক্ষেত্ৰ ‘মিলান এক্সপো-২০১৫’ই আমাক এই সুৱৰ্ণ সুযোগ দিছে।

‘বিশ্ব পৰিৱেশ দিৱস-২০১৫’ ঘোষণা কৰি ৰাষ্ট্ৰস্ংঘৰ আণ্ডাৰ চেক্ৰেটাৰী আৰু এনভাইৰণমেণ্ট প্ৰ’গ্ৰেমৰ কাৰ্যবাহী সঞ্চালক আশ্চিম ষ্টেইনাৰে (Achim Steiner) কৈছে যে উন্নত ৰাষ্ট্ৰবোৰে কম জনস্ংখ্যাৰ বিশ্বৰ সৰহখিনি সম্পদেই ব্যৱহাৰ কৰিছে। সেয়েহে এতিয়া সকলোৰে ক্ষেত্ৰতে বহনক্ষম উপভোগ প্ৰযোজ্য কৰাটো জৰুৰী হৈ পৰিছে, কাৰণ ২০৩০ চনত বিশ্বৰ মুঠ জনস্ংখ্যাৰ লগত ৩০০ কোটি মধ্যবিত্ত জনসংখ্যা স্ংযোজন হ’ব-ইয়াৰ বেছিভাগেই উন্নয়ণশীল ৰাষ্ট্ৰৰ। বহনক্ষম উপভোগ যে হোৱা নাই তাৰ উত্কৃষ্ট উদাহৰণ পোৱা যায় খাদ্য উত্পাদানত। ১০০ কোটি মানুহ পুষ্টিহীনতাত ভুগিছে, আনহাতে বছৰি ১৩০ কোটি টন খাদ্য অপচয় হৈছে। সেয়েহে ৰাষ্ট্ৰস্ংঘৰ খাদ্য আৰু কৃষি স্ংস্থা(FAO-UN Food and Agriculture Orgainization)আৰু পৰিৱেশ প্ৰ’গ্ৰেমে যুটীয়াভাৱে খাদ্য অপচয় নিয়ন্ত্ৰণত গুৰুত্ব দি বিশ্ব পৰিৱেশ দিৱসতে ‘চিন্তা কৰা, খোৱা, সঞ্চয় কৰা’-এইটো চিন্তাধাৰাৰো প্ৰচাৰ কৰিছিল। এই বছৰৰ ‘এক্সপো ২০১৫’ কাৰ্যসূচীতো বহনক্ষম খাদ্য ব্যৱস্থাৰ ওপৰতে গুৰুত্ব দিয়া হৈছে।

এই পৃথিৱী নামৰ গ্ৰহটোৰ সকলো ৰাষ্ট্ৰৰ, সকলো মানুহ যে একেখন আকাশৰ তলত, একেখিনি বায়ুকেই সেৱন কৰি আছোঁ, বিশ্ব পৰিৱেশ দিৱসৰ দিনা বিশ্ব পৰিবেশৰ চিন্তাই সেই অনুভৱ আমাক দিয়ে। আহক আমি প্ৰত্যেকেই গ্ৰহটো ৰক্ষা কৰাত অকণমান হ’লেও অৰিহণা যোগাওঁ।

0 অমিয়া ৰাজবংশী, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 7/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate