অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সেউজ গৃহ গেছৰ নেতিবাচক আৰু ইতিবাচক দিশ

সেউজ গৃহ গেছৰ নেতিবাচক আৰু ইতিবাচক দিশ

সেউজ গৃহত কাৰ্বন ডাই অক্সাইড অতিৰিক্তভাৱে যোগান ধৰি বিলাহী, তিঁয়হ আদি সোনকালে পূৰঠ হোৱাত সহায় কৰাৰ লগতে অত্যাধিক ডাঙৰ আৰু উৎপাদন বৃদ্ধিত সহায় কৰে।

আমি নিশাহত অনবৰতে ত্যাগ কৰা কাৰ্বন ডাই-অক্সাইড কোনো পধ্যে আমাৰ প্ৰয়োজনীয় নহয় অথচ ই বায়ুমণ্ডলত থিতাপি লৈ গোলকীয় উত্তাপ বৃদ্ধিত অনন্য অৰিহণা যোগায়। প্ৰতিজন মানুহে ঘন্টাত একৈশ ঘন চেন্টিমিটাৰ কাৰ্বন-ডাই-অক্সাইড গেছ নিৰ্গত কৰে। এই গেছে সূৰ্যৰ তাপ শোষণ কৰি বায়ুমণ্ডল আৰু পৃথিৱী উত্তপ্ত কৰে। ফলত গিৰিশিখৰ তথা মেৰু অঞ্চলত ঠাহ খাই থকা বৰফ গলি মহা প্লাৱনাৰ সৃষ্টি হৈ মানুহ তথা জীৱ জগতৰ সলিল সমাধি ঘটাটো নিৰ্ঘাত। কাঠ, কয়লা আদি পুৰিলে কাৰ্বন-ডাই-অক্সাইড নিৰ্গত হোৱাৰ উপৰি প্ৰাণীৰ নিশাহতো বুজন পৰিমাণৰ এই গেছ নিৰ্গত হয়। কল-কাৰখানা, গাড়ী-মটৰ চলাবলৈ পেট্ৰ’ল, ডিজেল আদি জীৱাশ্ম ইন্ধন ব্যৱহৃত হয়। এইবোৰৰ দহনৰ ফলত উদ্ভৱ হোৱা কাৰ্বন ডাই-অক্সাইড তথা কাৰ্বন মন’ক্সাইডে বায়ু প্ৰদূষণ ঘটাই মহা পয়মালৰ সৃষ্টি কৰে। এক সমীক্ষাত প্ৰকাশ পোৱা মতে, বিভিন্ন উদ্যোগৰ পৰা প্ৰায় ছহেজাৰ টন কাৰ্ডন-ডাই অক্সাইড প্ৰতিদিনে বায়ুত থিতাপি লয়। এই গেছে সূৰ্য্যৰ পোহৰ ভূ-পৃষ্ঠলৈ অহাত কোনো ধৰণৰ প্ৰতিবন্ধকতাৰ সৃষ্টি নকৰে। অথচ ইয়াত ঠেকা খাই প্ৰতিফলিত হোৱা পোহৰে বায়ুমণ্ডল ভেদি কৰি যাব নোৱাৰে, এই গেছৰ বাধাৰ বাবে। এই ক্ৰিয়াৰ পৰিণতিত বায়ুৰ উষ্ণতা বৃদ্ধি পায়, যাক সেউজ গৃহ প্ৰভাৱ বুলি অভিহিত কৰা হয়। বিজ্ঞানীয়ে আশংকা কৰা মতে, সমাগত পঞ্চাশ বছৰৰ ভিতৰত ভৃ-পৃষ্ঠৰ উত্তাপ দুই ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত বৃদ্ধি পাব, যাৰ ফলত মহাপ্লাৱন অনিবাৰ্য।

সেউজীয়া উদ্ভিদত পত্ৰহৰিৎ নামৰ এবিধ সেউজ পদাৰ্থ থাকে যি সৌৰশক্তি আহৰণ কৰাৰ সিদ্ধহস্ত। এই শক্তিৰে পাতত থকা কাৰখানাত কাৰ্বন-ডাই-অক্সাইড আৰু পানীৰ ৰাসায়নিক মিলন ঘটাই শৰ্কৰা উৎপন্ন কৰে। ইয়েই সালোক সংশ্লেষণ। এই প্ৰক্ৰিয়াত প্ৰভূত পৰিমাণৰ অক্সিজেন নিৰ্গন হয়। আমাৰ দেশত শক্তিৰ সত্তৰ শতাংশ তাপ বিদ্যুৎ প্ৰকল্পৰ জৰিয়তে আহৰণ কৰা হয় য’ত ইন্ধন হিচাপে ঘাইকৈ কয়লা ব্যৱহাৰ কৰা হয় আৰু ই বিপুল পৰিমাণৰ কাৰ্বন ডাই-অক্সাইড উৎপাদনৰ উৎস। সমগ্ৰ পৃথিৱীতে এই প্ৰক্ৰিয়াৰ জৰিয়তে মাথোন ত্ৰিশ শতাংশতকৈ কম পৰিমাণৰ শক্তিহে আহৰণ কৰা হয়।

বায়ুত কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বৃদ্ধি পোৱাৰ পৰিণতিত পৰিৱেশৰ ওপৰত মাধমৰ পৰিছে বুলি ধাৰণা বদ্ধমূল যদিও বিজ্ঞানীৰ পৰীক্ষা-নিৰীক্ষাই ইয়াৰ এটা ইতিবাচক দিশৰো উমান পাইছে। বায়ুত এই গেছৰ পৰিমাণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত অষ্ট্ৰিয়া, ফ্ৰান্স, ফিনলেণ্ড, ছুইডেন, ছুইজাৰলেণ্ড, পশ্চিম জাৰ্মানী আদি দেশত অৰণ্যৰ গছ-গছনি ত্ৰিশ শতাংশ পৰ্য্যন্ত বৃদ্ধি পোৱাৰ প্ৰমাণ পোৱা গৈছে।

সেউজ গৃহত কাৰ্বন-ডাই-অক্সাইড অতিৰিক্তভাৱে যোগান ধৰি বিলাহী, তিয়হ আদি সোনকালে পূৰঠ হোৱাত সহায় কৰাৰ লগতে অত্যাধিক ডাঙৰ আৰু উৎপাদনত বৃদ্ধিত সহায় কৰে। বায়ুত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি হোৱাৰ লগে লগে গছ-গছনিৰ উৎপাদন বাঢ়িলে পৰিৱেশৰ কেতবোৰ প্ৰতিকূল অৱস্থা আঁতৰ হ’ব বুলি আশা কৰিব পাৰি। খাদ্যৰ উৎপাদন বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত মাছ, চৰাই, স্তন্যপায়ী প্ৰাণীৰ সংখ্যা বৃদ্ধি পোৱাটো অৱধাৰিত আৰু বিলুপ্তিৰ গৰাহত পৰা প্ৰাণীবোৰ সুৰক্ষিত হৈ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাত অসাধাৰণ উপযোগী হ’ব বুলি ভাবিবৰ অৱকাশ আছে।

লিখক: আনন্দ দেৱগোস্বামী, দৈনিক অসম, ৰঙিয়া।

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate