১৯৮৬ চনত পৰিৱেশ (সুৰক্ষা) আইন এখন প্ৰৱৰ্ত্তন কৰা হয়। মানুহৰ উপৰিও প্ৰাণীজগত, উদ্ভিদ জগত, বিভিন্ন সা-সম্পত্তি আৰু পৰিৱেশ সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্যে এই গুৰুত্বপূৰ্ণ আইনখন প্ৰৱৰ্ত্তন কৰা হৈছে। আইনখনত চাৰিটা অধ্যায় আৰু ২৬ টা অনুচ্ছেদ আছে।
পৰিৱেশ, পৰিৱেশ প্ৰদূষণ, বিপদজনক দ্ৰব্য আদি কেইবাটাও প্ৰয়োজনীয় বিষয়ৰ সংজ্ঞা দিয়া হৈছে। এই আইনখনত দিয়া মতে পৰিৱেশ হ’ল পানী, বায়ু, মাটি আৰু এই তিনিবিধ উপাদানৰ সৈতে মানৱ প্ৰজাতি, অন্যান্য জীৱ, উদ্ভিদ, ক্ষুদ্ৰ প্ৰজাতি আৰু সম্পদৰ মাজত থকা অন্তৰ্নিহিত সম্পৰ্ক।
আইনখনৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰক এনে কিছুমান ক্ষমতা দিয়া হৈছে যিবোৰ ব্যৱহাৰ কৰি পৰিৱেশ উন্নত কৰিব পৰা যায় আৰু সংৰক্ষিত কৰিব পৰা যায়। চৰকাৰসমূহকো তদ্ৰূপ কিছুমান ক্ষমতা দিয়া হৈছে।
পৰিৱেশ উন্নত কৰা আৰু সংৰক্ষিত কৰাৰ উদ্দেশ্যে এই আইনখনে কোনো কাৰখানাৰপৰা নিৰ্গত হোৱা গেছীয় আৰু অন্যান্য বায়ু প্ৰদূষণকাৰী পদাৰ্থৰ সহনসীমা নিৰ্দ্ধাৰণ কৰি দিছে। প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদসমূহে এই আইখনৰ নিৰ্দেশ অনুযায়ী বিভিন্ন প্ৰদূষণকাৰী উৎসবোৰ নিয়ন্ত্ৰিত কৰাৰ ক্ষমতা লাভ কৰিছে।
এই আইনখনৰ অধীনত কেন্দ্ৰীয় চৰকাৰক পৰিৱেশ সংৰক্ষণ নিয়মাৱলী প্ৰস্তুত কৰাৰ অধিকাৰ দিয়া হৈছে। সেইমতে কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰালয়ে পৰিৱেশ (সংৰক্ষণ) নিয়মাৱলী (১৯৮৬) প্ৰণয়ন কৰি বলবত্ কৰিছে। এই নিয়মাৱলী অনুসৰি য’তে ত’তে উদ্যোগ স্থাপন কৰাত বাধা প্ৰদান কৰা হৈছে। ১৯৮৭ চনত আইনখনৰ কিছু সংশোধন ঘটোৱা হৈছে।
পৰিৱেশ (সুৰক্ষা) আইনৰ অধীনত ৰাসায়নিক দুৰ্ঘটনা (আপদকালীন পৰিকল্পনা, প্ৰস্তুতি আৰু সঁহাৰি) নিয়মাৱলী (১৯৯৬) প্ৰতিখন ৰাজ্যতে প্ৰৱৰ্ত্তন কৰা হৈছে। এই নিয়মাৱলীৰ অধীনত ৪৩১ বিধ ৰাসায়নিক পদাৰ্থ পৰিৱেশৰ বাবে বিষাক্ত বুলি গণ্য কৰা হৈছে। ইয়াৰ উপৰিও ১৮ বিধ পেলনীয়া বস্তু পৰিৱেশৰ বাবে বিপদজনক বুলি চিহ্নিত কৰা হৈছে।
উৎস: পৰিৱেশ বিভাগ।
শেহতীয়া উন্নীতকৰণ: : 7/21/2020