অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২

বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২

১৯৭২ চনত ভাৰত চৰকাৰে বন্য প্ৰাণী সুৰক্ষা আইনখন গ্ৰহণ কৰে আৰু ইতিমধ্যে ২০০১ চনলৈকে আইনখন কেইবাবাৰো সংশোধন কৰা হৈছে। এই আইনখনত মুঠতে দহটা অধ্যায় আছে আৰু ৬৬ টা অনুচ্ছেদ আছে। এইখন আইনৰদ্বাৰা সুৰক্ষাপ্ৰাপ্ত প্ৰাণী আৰু উদ্ভিদৰ তালিকাখন অনুসূচীত দিয়া আছে।

এই আইনখনত দিয়া সংজ্ঞামতে বন্যপ্ৰাণী বুলিলে সকলো স্তন্যপায়ী, সৰীসৃপ, পক্ষী, মৌমাখি, পখিলা, খোলাধাৰী, সন্ধিপদী, মাছ আৰু মথ আদি যিকোনো প্ৰাণী আৰু লগতে যিকোনো আৱাসস্থলৰ অংশ হিচাপে জলে স্থলে থকা উদ্ভিদৰাজিক বুজোৱা হয়। আইনখনৰ দ্বীতিয় অধ্যায়ত দিয়া বিধানমতে তলত দিয়া কামবোৰ কৰা হয়-

(১) বন্যপ্ৰাণী পৰামৰ্শদাতা সমিতি গঠন আৰু ইয়াৰ কাম-কাজ সম্পৰ্কীয় নীতি নিৰ্ধাৰণ।

(২) কেন্দ্ৰীয় চৰকাৰৰদ্বাৰা বন্যপ্ৰাণী সঞ্চালক, উপ-সঞ্চালক আদি বিষয়াবৰ্গ নিয়োগ।

(৩) ৰাজ্য চৰকাৰৰদ্বাৰা বন্যপ্ৰাণী সংৰক্ষক, উপ-সংৰক্ষক আদি বিষয়াবৰ্গ নিয়োগ।

তৃতীয় অধ্যায়ত থকা নিয়মৰ যোগেদি দিয়া ব্যৱস্থামতে-

(১) বন্যপ্ৰাণী চিকাৰত বাধা প্ৰদান কৰা হয় আৰু প্ৰয়োজন অনুসৰি কোনো বন্যপ্ৰাণী চিকাৰ কৰাৰ অনুমতিও দিয়া হয়।

(২) নিৰ্দিষ্ট কিছুমান উদ্ভিদ সংগ্ৰহ কৰা আৰু সেইবোৰৰ খেতি কৰা কাৰ্য্যত বাধা দিয়া হয়, প্ৰয়োজনসাপেক্ষে বিশেষ ক্ষেত্ৰত ইয়াৰ বাবে অনুমতি প্ৰদান কৰাৰ ব্যৱস্থাও আছে।

চতুৰ্থ অধ্যায়ত থকা ব্যৱস্থামতে-

(১) অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান স্থাপন কৰা হয় আৰু কিছুমান অঞ্চলত চিকাৰ নিষিদ্ধ কৰা হয়।

(২) কেন্দ্ৰীয় চিৰিয়াখানা কৰ্তৃপক্ষ গঠন কৰা হয় আৰু ইয়াৰ পৰিচালনা সম্বন্ধীয় কিছুমান বিধি ব্যৱস্থাৰ কথাও এই অধ্যায়ত উল্লেখ কৰা হৈছে।

(৩) দেশৰ চিৰিয়াখানাবোৰক স্বীকৃতি প্ৰদান কৰাৰ ব্যৱস্থা কৰা হয়।

আইনখনৰ পঞ্চম অধ্যায়ত থকা ব্যৱস্থামতে বন্যপ্ৰাণী আৰু বন্যপ্ৰাণীজাত সামগ্ৰীসমূহৰ ব্যৱসায়-বাণিজ্য কৰাত বাধা প্ৰদান কৰা হয় আৰু প্ৰয়োজন সাপেক্ষে অনুমতিও প্ৰদান কৰা হয়।

বন্যপ্ৰাণী সুৰক্ষা আইনখন যিসকলে উলংঘা কৰে, তেনে লোকৰ বিৰুদ্ধে কি ব্যৱস্থা ল’ব পাৰি সেই সম্পৰ্কে ষষ্ঠ অধ্যায়ত বিশদ নিৰ্দেশ দিয়া আছে।

সপ্তম অধ্যায়ত দিয়া বিধান অনুসৰি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক বন্যপ্ৰাণী সুৰক্ষাৰ বাবে কেইটামান বিশেষ ক্ষমতা প্ৰদান কৰা হৈছে। এনে ক্ষমতাৰ আলমত চৰকাৰে বিভিন্ন বিধি প্ৰণয়ন কৰিব পাৰে, কিছুমান প্ৰাণী ক্ষতিকৰ বুলি ঘোষণা কৰাৰ অধিকাৰো দিয়া হৈছে।

এই আইনখনৰ ব্যৱস্থা অনুসৰি কেইবাটাও সংৰক্ষণ প্ৰকল্প আৰম্ভ কৰা হৈছে, সেইবোৰৰ ভিতৰত আছে- সিংহ প্ৰকল্প (১৯৭২), ব্যঘ্ৰ প্ৰকল্প (১৯৭৩), ঘঁৰিয়াল প্ৰকল্প (১৯৭৪) আৰু হৰিণা প্ৰকল্প (১৯৮১)। জম্মু আৰু কাশ্মীৰৰ বাহিৰে ভাৰতৰ আন সকলো ৰাজ্যতে এই আইনখন প্ৰযোজ্য।

উৎস: পৰিৱেশ বিভাগ।

শেহতীয়া উন্নীতকৰণ: : 4/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate