অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গ্ৰাম্য মহিলাসকলৰ বাবে উপাৰ্জন উলিওৱা উদ্ভাৱন

গ্ৰাম্য মহিলাসকলৰ বাবে উপাৰ্জন উলিওৱা উদ্ভাৱন


a1ff0b59145c343e737946f96684998d
কোয়েম্বাটুৰৰ কে.বিবেকানন্দনক তেওঁৰ গুৰি কৰা যন্ত্রৰ সৈতে দেখা গৈছে

 

কোয়েম্বাটোৰৰ(তামিলনাডু) কে. বিবেকানন্দনে ৮ লাখ টকা বিনিয়োগ কৰি জলকীয়া আৰু ধনীয়া গুড়ি কৰাৰ বাবে এটি ৩ অশ্বশক্তিৰ গুড়ি কৰা যন্ত্র সাজি উলিয়াইছে৷ বিবেকানন্দনে কয় "ঘৰুৱা উপাৰ্জন  বঢ়াবলৈ ইচ্ছা কৰা গ্ৰাম্য মহিলাসকলৰবাবে যন্ত্রটো এটি আদর্শ উপাৰ্জনৰ উপায়”৷

জলকীয়া আৰু ধনীয়া গুড়ি কৰিবলৈ ব্যৱহাৰ কৰা যন্ত্রবিলাক বহাওঁতে অধিক খৰচৰ প্ৰয়োজন আৰু বিদ্যুতৰ খৰচো অধিক, আনহাতে গাওঁ অঞ্চলৰ বিদ্যুত নির্ভৰযোগ্য নহবও পাৰে, গতিকে এইবিলাক গ্রাম্য অঞ্চলৰ বাবে অনুপযুক্ত।

সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ

যন্ত্রটো উদ্ভাৱন কৰি শ্রীবিবেকানন্দনে ভাবিলে যে তেওঁ গুড়ি কৰা সমস্যাটোৰ ৯০ শতাংশই সমাধান কৰিলে আৰু তেওঁ প্রায় ১০০ টা এনে যন্ত্র নির্মাণ কৰি উলিয়ায়৷ কিন্তু হতাশজনকভাবে লক্ষ্য কৰিলে যে কেৱল ২০ টা যন্ত্রহে বিক্ৰী কৰিব পৰা গ’ল। কিছুমান গ্ৰাহকে মেচিনটো ঘূৰাই দিলে কাৰণ জলকীয়া আৰু ধনীয়া মিহি চাকনিৰ জালৰ মাজেৰে পাৰ হৈ নাযায় আৰু গুড়ি কৰাৰ সময়ত অধিক ধুলি ওলায়।

কাম বন্ধ হৈ প্রায় এবছৰলৈকে পুনৰাম্ভ নহয়৷

শ্রীবিবেকানন্দন ভিলগ্রোৰ (গ্রামীন উদ্যোগীসকলক সাহায্যকাৰী এটি সংগঠন) সম্বন্ধে জানিব পাৰে আৰু দিগদর্শনৰ বাবে তেওঁলোকৰ লগত যোগাযোগ কৰে৷ ভিলগ্রোৰ কর্মীসকলে এই সমস্যাটোৰ ওপৰত কাম কৰিবলৈ বিভিন্ন সম্পদ ব্যৱহাৰ কৰে৷ দক্ষ কাৰিকৰীয়ে প্রথমে শ্রীবিবেকানন্দনক এটি ১ অশ্বশক্তিৰ চিংগল ফেজৰ যন্ত্র তৈয়াৰ কৰাত সহায় কৰে, কাৰণ যন্ত্রটো প্রথমে ৩ অশ্বশক্তিত এটি গতিত চলিব পৰা নাছিল৷ (গ্রাম্য এলাকাত ভোল্টেজৰ উঠা-নমাৰ বাবে এক-অশ্বশক্তিৰ চিংগল-ফেজ যন্ত্র উপযোগী)৷

বহু পৰীক্ষা-নিৰীক্ষাৰ পিচত তেওঁলোকে জানিব পাৰিলে যে জালিত জলকীয়া আৰু ধনীয়া লাগি ধৰাৰ কাৰণটো এই বিলাকৰ অধিক আঁহৰ পৰিমাণ নহয়, বৰঞ্চ ৰ’টৰৰ গতিবেগ। সেই অনুযায়ী, গ্রামীণ প্রয়োগব্যৱস্থাৰ লগত খাপ-খোৱাকৈ যন্ত্রটোৰ ওজন কমোৱা হয়, বেৰৰ ঘনত্ব, আয়তন, আৰু স্টেটৰ আৰু ৰোটৰৰ ব্যাস পৰিৱর্তন কৰা হয়৷

খৰচ

শ্রীবিবেকানন্দনে যন্ত্রটোৰ মূল্য গ্রাম্য অঞ্চলত উপযোগী হোৱাকৈ যন্ত্ৰটোত ব্যৱহৃত সামগ্ৰীৰ ধৰণ আৰু পৰিমাণৰ ওপৰত নজৰ ৰাখি হ্ৰাস কৰে৷ প্রতিটো ইউনিটৰ দাম হ’ল ১১,৫০০ টকা (ম’টৰসহ)৷

উৎস: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 3/8/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate