ৰন্ধা-বঢ়া কাৰ্য্যত তাপৰ ব্যৱহাৰ অপৰিহাৰ্য্য আৰু এই তাপ শক্তি ইন্ধন দহন কৰি পাব পাৰি৷ ইন্ধন দহন কৰিবৰ কাৰণে চৌকাৰ প্ৰয়োজন৷ সচৰাচৰ ব্যৱহৃত চৌকাবোৰ বৈজ্ঞানিক পদ্ধতিৰে তৈয়াৰ কৰা নহয় বাবে তাত নানা ধৰণৰ আসোঁৱাহ ৰৈ যায়৷ এইবোৰ চৌকাত ৰান্ধোতে সময় বেচি লাগে, বাচন বৰ্তন ছাঁইৰে ক’লা হৈ পৰে, ঘৰ-দুৱাৰ অপৰিষ্কাৰ হয় আৰু প্ৰচুৰ পৰিমাণৰ ধোঁৱা আৰু স্বাস্থ্য ক্ষতিকাৰক হে নিৰ্গত হৈ ৰান্ধনিৰ স্বাস্থ্য হানি কৰে৷ উন্নত চৌকা কি? উন্নত চৌকা হ’ল সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে পৰীক্ষা নিৰিক্ষা কৰি উদ্ভাৱন কৰা আধুনিক চৌকা ইয়াত সাধাৰণ চৌকাৰ আসোঁৱাহ সমূহ প্ৰায় নোহোৱা কৰি ব্যাহাৰিক সুচলতাৰে নিৰ্ম্মান কৰা হয়৷ উন্নত চৌকাৰ সুবিধাসমূহ উন্নত চৌকাত ৰান্ধিলে ইন্ধন ৰাহি হয় ৷ উন্নত চৌকাত ইন্ধন দহন কৰি শতকৰা ২০ ৰ পৰা ৪০ ভাগ পৰ্য্যন্ত তাপ ব্যৱহৃত হয় ৷ কম সময়ত ৰন্ধন কাৰ্য্য সম্পন্ন হয় ৷ একেটা সময়তে দুয়োটা চৌকাতে খাদ্যবস্তুও ৰান্ধিব পাৰি ৷ ধোঁৱাময় পৰিবেশত ৰন্ধাবঢ়া কৰাত যি কষ্ট হয়, উন্নত চৌকাত ৰান্ধিলে তাপৰ পৰা হাত সাৰিব পাৰি ৷ উন্নত চৌকাত (চিমনীযুক্ত চৌকাত) ধোঁৱা আৰু অন্যান্য ক্ষতিকাৰক পদাৰ্থ বা গেচ চিমনীয়েদি বাহিৰলৈ ওলাই যায় কাৰণে ঘৰৰ ভিতৰৰ বায়ু দুষিত হ’বলৈ নাপায় ৷ ফলত গৃহিনী আৰু কেচুঁৱাৰ স্বাস্থ্য ৰক্ষা হয়৷ উন্নত চৌকাত বিভিন্ন ধৰণৰ ইন্ধন ব্যৱহাৰ কৰিব পাৰি যেনে – খৰি, কয়লা, গছৰ শুকান পাত আদি৷ উন্নত চৌকাৰ বিভিন্ন নমুনা বিভিন্ন পৰীক্ষা-নিৰিক্ষা কৰাৰ পিচত অভিযন্তা আৰু বিজ্ঞানী সকলে প্ৰায় দুকুৰি সৰু ডাঙৰ বিভিন্ন আকাৰৰ স্হায়ী আৰু অস্হায়ী উন্নত চৌকাৰ আৰ্হি প্ৰস্তুত কৰি উলিয়াইছে ৷ এই চৌকা সমূহক ভাৰত চৰকাৰৰ অপৰম্পৰাগত শক্তি বিভাগে উন্নত চৌকা হিচাবে স্বীকৃতি প্ৰদান কৰিছে৷ উন্নত চৌকাসমূহ নিৰ্মান পদ্ধতি অনুসৰি তলত দিয়া ধৰণে ভাগ কৰিব পাৰি৷ (ক) দুটা চৌকাযুক্ত চিম্নী থকা স্থায়ী চৌকা; (খ) এটা চৌকাযুক্ত চিম্নী থকা স্থায়ী চৌকা; (গ) দুটা চৌকাযুক্ত চিম্নী বিহীন স্থায়ী চৌকা; (ঘ) এটা চৌকাযুক্ত চিম্নী বিহীন স্থায়ী চৌকা আৰু (ঙ) সহজে পৰিবহন কৰিব পৰা লোৰে তৈয়াৰী চিম্নী বিহীন চৌকা৷ অসমত সাধাৰণতে ব্যৱহাৰৰ উপযোগী কেইবিধমান উন্নত চৌকাৰ নাম উল্লেখ কৰা হৈছে: (ক) চুখাদ – এই চৌকা ৫ ৰ পৰা ৮ জনীয়া পৰিয়ালৰ কাৰণে ব্যৱহাৰৰ উপযোগী ৷ (খ) আৰাৱলী-ইউ – এই চৌকা ১০ ৰ পৰা ১২ জনীয়া পৰিয়ালৰ কাৰণে উপযোগী ৷ (গ) চোহিনী – ৫-৬ জনীয়া পৰিয়ালৰ কাৰণে ই উপযোগী ৷ (ঘ) গৃহলক্ষী – ৩-৪ জনীয়া সৰু পৰিয়ালৰ কাৰণে ই উপযোগী ৷ (ঙ) পূৱালী উন্নত চৌকাৰ কেঁচা সামগ্ৰী স্থায়ী বিধৰ উন্নত চৌকা নিৰ্মাণৰ কাৰণে প্ৰয়োজনীয় প্ৰধান সামগ্ৰী হ’ল – মাটি, বালি, গোবৰ আৰু তুহঁৰ মিশ্ৰণ, মাটিৰ গুণ অনুসৰি এই উপাদান সমূহ বেলেগ বেলেগ হয়৷ চিমনীৰ কাৰণে এচবেচটচ, চিমেন্ট পাইপ, ২, ৩ বা ৪ ইঞ্চি ব্যাসাৰ্দ্ধ, কাউল, চকেট আদি৷ উন্নত চৌকা নিৰ্মাণ কৰিবৰ কাৰণে নিম্নলিখিত সজুঁলিৰ প্ৰয়োজন হয়: (ক) এটা কাঠৰ ব্লক বা সাঁচ নতুবা কাঠৰ তক্তা; (খ) এখন কোৰ বা বেলচা; (গ) ৬ ইঞ্চি আৰু ৯ ইঞ্চি দীঘল দুখন জোঙা কটাৰী; আৰু (ঘ) লোহা কটা কৰতৰ এটা ফ্লেম আৰু ব্লেড ৷ উন্নত চৌকাৰ ব্যৱহাৰ আৰু ল’বলগীয়া সাৱধানতাসমূহ প্ৰথমতে চৌকা বহুৱাব খোজা ঠাইডোখৰ এনে ধৰণে নিৰ্ণয় কৰিব লাগে যাতে চৌকাটোৰ চিমনীটো হয় খেৰেদি বা ঘৰৰ চালেদি বাহিৰলৈ উলিয়াব পাৰি৷ ঘৰৰ চালৰ পৰা চিমনী ওলাই থকা অংশ অতি কমেও ২ ফুট ৰাখিব লাগে৷ চিমনীৰ ওপৰত কাউল বহুৱাব লাগে৷ চৌকাটো শুকুৱাৰ পিছত ধোঁৱাবোৰ ভালদৰে বাহিৰলৈ যাবনে নাযায় জুই জ্ঝলায় পৰীক্ষা কৰি চাব লাগে৷ চৌকাটো ব্যৱহাৰ কৰাৰ আগতে সম্পূৰ্ণৰূপে শুকাব লাগে৷ গছৰ শুকান বাকলি পাত আদি ব্যৱহাৰ কৰিলে চৌকাৰ ইন্ধন সোমোৱা মুখখন আংশিকভাৱে বন্ধ কৰি দিব লাগে৷ খৰি দিওঁতে সদায় সৰু সৰুকৈ কাটি ভৰাব লাগে৷ কম পৰিমানৰ খৰি লাগে লাহে ভৰাব লাগে৷ ৰন্ধা পাত্ৰটো যাতে চৌকাটোৰ মুখখনত ভালদৰে খাপ খাই ধৰে তালৈ লক্ষ্য কৰিব লাগে৷ যদি সম্ভৱ হয় ইন্ধনৰ খৰচ কমাবলৈ “প্ৰেছাৰ কুকাৰ” ব্যৱহাৰ কৰিব লাগে৷ দাইল, মাহজাতীয় খাদ্য বস্তুও ৰন্ধাৰ ক্ষেত্ৰত সামগ্ৰীখিনি পানীত তিয়াই থ’লে কম সময় লাগে আৰু ইন্ধনো কম খৰচ হয়৷ সাধাৰণ চৌকাতকৈ উন্নত চৌকাত ৰান্ধিবলৈ কম পানীৰ ব্যৱহাৰ কৰিব লাগে৷ খৰি পুৰি হোৱা এঙাৰবোৰ পুণৰ ব্যৱহাৰৰ কাৰণে পানীৰে সেমেকাই থব লাগে৷ দহন কাৰ্য্য ভালদৰে সম্পন্ন হ’বলৈ শুকান খৰিৰ লগত গছৰ শুকান পাত আদি দিব লাগে৷ পাত্ৰটোৰ বেচি ভাগ অংশতে জুইৰ তাপ লগা উচিত ৷ ৰন্ধা সময়ত ঢাকনি ব্যৱহাৰ কৰিব লাগে৷ উন্নত চৌকাত ৰন্ধাৰ পাচতো বহু সময় গৰম হৈ থাকে ৷ গতিকে সেইখিনি তাপ আহাৰ গৰম কৰি ৰখাত, খৰি শুকুৱাত ব্যৱহাৰ কৰিব পাৰি৷ চৌকা মোচোতে মাটি বা গোবৰ মাটিৰে মচিব নালাগে৷ কাপোৰ পানীত তিঁয়াই লৈ মচিব লাগে৷ জুই নুমোৱাওঁতে পানী ঢালি বা ছটিয়াই নুমাব নালাগে ৷ জুই লাহে লাহে নিজে নিজে নুমাবলৈ দিব লাগে৷ সপ্তাহত এবাৰকৈ চিমনী চাফা কৰিব লাগে৷ উন্নত চৌকাৰ ৰাষ্ট্টীয় আঁচনি ৰাষ্ট্টীয় আঁচনিৰ উদ্দেশ্য আৰু লক্ষ্যসমূহ ১) গ্ৰামীণ আৰু চহৰৰ উপকন্ঠ অঞ্চলত খৰিৰ বাবে লাগতিয়াল গছ-গছনিৰ যথোপযুক্ত ব্যৱহাৰ আৰু সংৰক্ষণ৷ ২) বন সংৰক্ষণত অৰিহণা৷ ৩) গ্ৰামীণ অঞ্চলত স্ব-নিয়োজনৰ সুবিধা প্ৰদান৷ ৪) ঘৰুৱা পৰিবেশৰ উন্নতি আৰু কল্যান সাধন৷ ৫) যথোপযুক্ত গৱেষণা আৰু পৰীক্ষা-নিৰীক্ষাৰ মাজেৰে ইন্ধনৰ ভিন্নতা আৰু উপযোগিতালৈ লক্ষ্য ৰাখি বিভিন্ন আৰ্হিৰ উন্নত চৌকাৰ উদ্ভাৱন আৰু এইবোৰৰ স্বীকৃতি প্ৰদান৷ ৰাষ্ট্টীয় আঁচনিৰ সুবিধাসমূহ ১) চৰকাৰী অনুদান: স্থায়ীবিধ উন্নত চৌকা নিৰ্মাণ কৰোতে হিতাধিকাৰী সকলে খৰচৰ সামান্য অংশহে বহন কৰিব লগা হয়৷ বাকী খৰচৰ সিংহভাগেই চৰকাৰে বহন কৰে৷ সেইদৰে বহন কৰি নিব পৰা লোৰ চৌকাৰ ক্ষেত্ৰতো চৰকাৰে শতকৰা ৫০ ভাগৰ পৰা ৭৫ ভাগ পৰ্য্যন্ত অনুদান আগবঢ়ায়৷ ২) স্ব-নিয়োজনৰ সুবিধা: দেশৰ প্ৰতিটো উন্নয়ন খণ্ডৰ পৰা নিৰ্বাচিত স্ব-নিয়োজিত, কৰ্মীসকলক চৰকাৰে স্থায়ীবিধ উন্নত চৌকা নিৰ্মানৰ প্ৰশিক্ষন দিয়াৰ আঁচনি আছে৷ প্ৰশিক্ষন কালত তেওঁলোকক প্ৰতিদিনে ২৫ টকাকৈ জলপানী দিয়াৰ উপৰিও তেওঁলোকৰ অহাযোৱা কাৰণে হোৱা ব্যয় চৰকাৰে বহন কৰে৷ এই প্ৰশিক্ষাৰ্থী সকলে প্ৰশিক্ষণৰ অন্তত ব্যৱসায়ীক ভিত্তিত উন্নত চৌকা নিৰ্মান কৰাৰ অৰ্হতা লাভ কৰে৷ উৎস: অসম কৃষি বিশ্ববিদ্যালয়।