অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বায়ু শক্তি উৎপাদন

বিদ্যুতৰ উত্পাদন বায়ু শক্তিৰ এক গুৰুত্বপূৰ্ণ প্ৰয়োগ হিচাপে সমগ্ৰ বিশ্বজুৰি পোহৰলৈ আহিছে৷ ইয়াৰ ধাৰণাটো অতি সহজ: বৈ থকা বতাহে আবৰ্ত যন্ত্ৰটোৰ ব্লেডসমূহ ঘূৰাই, আৰু ইয়াৰ কাৰণে জেনেৰেটৰ ইউনিটত বিদ্যুত উত্পাদন হয়৷ ব্লেড আৰু জেনেৰেটৰ (একেলগে কোৱা হয় হয় ‘নাচেলি’) স্তম্ভটোৰ একেবাৰে ওপৰত স্থাপন কৰা হয়৷

কাৰিকৰী কৌশল

বায়ু আবৰ্ত যন্ত্ৰটোত সাধাৰণতে তিনিখন ঘূৰ্ণীয়মান ব্লেড থাকে, এইবিলাক বায়ুৰ প্ৰবাহৰ লগে লগে ঘূৰে আৰু হয়তুবা পোনপটীয়াকৈ নহয় এটা গিয়েৰ বাকচৰ দ্বাৰা জেনেৰেটৰৰ লগত সংযোগ কৰে৷ জেনেৰেটৰৰ লগত সংযোগ কৰা আৰু নাচেলিৰ ভিতৰত থকা উলম্ব চক্ৰৰ চাৰিওকাষে ঘূণীৰ্য়মান ব্লেডসমূহ ঘূৰে৷ নাচেলিটো অন্যান্য বিদ্যুতৰ সামগ্ৰী আৰু আবৰ্ত পদ্ধতি থকা এটা ঘৰ,আৰু ই আবৰ্তযন্ত্ৰটো বতাহৰ দিশৰ ফালে ঘূৰাই দিয়ে৷ চেনচৰসমূহ বতাহৰ দিশ নিৰ্দ্ধাৰণ কৰিবৰ বাবে ব্যৱহাৰ কৰা হয় আৰু স্তম্ভটোৰ শীৰ্ষ অংশ বতাহৰ লগত মিলি থাকিবলৈ ঘূৰাই দিয়ে৷
বায়ুৰ গতিবেগৰ ওপৰত নিৰ্ভৰ জেনেৰেটৰৰ দ্বাৰা উত্পাদিত শক্তি স্বয়ংক্ৰীয় ভাৱে নিয়ন্ত্ৰণ হয়৷ ঘূৰ্ণীয়মান অংশটোত ব্যাসাৰ্দ্ধ 30 মিটাৰৰ পৰা 90মিটাৰলৈ উঠা নমা কৰে৷ যি স্তম্ভটোত বিদ্যুত জেনেৰেটৰ স্থাপন কৰা হৈছে তাৰ উচ্চতাৰ পৰিসৰ 25 ৰ পৰা 80 মিটাৰ৷
বায়ুৰ আবৰ্তযন্ত্ৰটো লোকেল গ্ৰীডৰ ওপৰত নিৰ্ভৰশীল৷ ডব্লিউইজিৰ ইউনিট সক্ষমতা 225 কিলোৱাট (কেডব্লিউ) ৰ পৰা 2 মেগাৱাট (এমডব্লিউ) আৰু সেইবিলাকে বায়ুৰ গতিবেগৰ 2.5মি/চে (মিটাৰ প্ৰতি চেকেণ্ড) আৰু 25মি/চে ৰ মাজত পৰিচালনা কৰিব পাৰে

বায়ু মিলৰ প্ৰতিষ্ঠা

সাম্ভাব্য মিল স্থাপনৰ স্থানৰ বায়ুৰ বেগৰ ডাটা সংগ্ৰহ কৰিবৰ বাবে এক বছৰ বা দুই বছৰ সময়ৰ প্ৰয়োজন হয়৷ ইয়াৰ পিচত, ইয়াক অসুবিধাৰ নিম্নতম দূৰত্ব বজাই ৰাখি স্থাপন কৰা হয়৷ স্থান চিনাক্ত কৰাৰ পিচত, বায়ুৰ আবৰ্ত যন্ত্ৰ স্থাপনৰ বাবে সাধাৰণতে দুইৰ পৰা তিনিমাহ সময় লয়৷ সা-সৰঞ্জাম সমূহ পৰীক্ষা কৰি দিয়া হয় আৰু কোনো এজেন্সীৰ দ্বাৰা প্ৰমাণ কৰা হয় যাতে নিম্নমানদণ্ড, বিশেষত্ব আৰু দক্ষতাৰ পৰিসৰ নিশ্চিত কৰিব পাৰি৷ স্থাপনৰ পিচত মেচিনসমূহ নিৰ্দিষ্ট নিমাৰ্ণকাৰীৰ দ্বাৰা পৰিচালিত কৰা হয়৷

বায়ু শক্তি প্ৰজেক্টৰ ব্যয়

বায়ু শক্তি উত্পাদনৰ স্থানৰ বৈশিষ্টতাৰ ওপৰত নিৰ্ভৰ কৰি ব্যয় 4 আৰু 5 কৌটি টকা/মেগাৱাট  হ’ব পাৰে ৷ মেচিনসমূহ 0.25 ৰ পৰা 0.60 ৰ ভিতৰত স্থাপন কৰিব পাৰি ৷ প্ৰজেক্টটোৰ আনুমানিক পৰিচালন সময় পাচঁৰ পৰা আঠ বছৰৰ ৷

উৎস: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 7/10/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate