অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৃষিৰ বাবে সৌৰ শক্তি চালিত যন্ত্ৰ-পাতিসমূহ

থ্ৰি-ইন-অন সংহত সৌৰ সঁজুলি

এই অনন্য সংহত সৌৰ সঁজুলিটো ঠাণ্ডাৰ দিনত পানী গৰম কৰিবলৈ, ফৰকাল বতৰত সৌৰ ৰন্ধন আৰু ফল-মূল শুকাবলৈ শাক-পাচলি শুকাবলৈ ব্যৱহাৰ কৰা হয়. ইয়াৰ সহায়ত ঠাণ্ডা দিনত ৰ’দৰ কম উচ্চতাত স্থাপন কৰি 50-60oচে.গ্ৰেড উঞ্চতাৰ প্ৰায় 50 লিটাৰ পানী পাব পাৰি, বেছি ৰ’দ নথকা অৱস্থাতো 2-3 ঘন্টাত পৰিয়ালৰ বাবে আহাৰ সিজাব পাৰি. ড্ৰায়াৰ হিচাপে, ফল-মূল আৰু শাক-পাচলি শুকাব পাৰি এই ক্ষেত্ৰত পানীয়ে উঞ্চতা নিয়ন্ত্ৰক হিচাপে কাম কৰে আৰু এই সৌৰ শক্তিৰ দ্বাৰা গৰম কৰা পানীয়ে ৰাতিলৈকে শুকুৱা পদ্ধতিটো অব্যাহত ৰখাত সহায় কৰে.

solar_agri_1

পিভি উইন’ৱাৰ (জৰা) কাম ড্ৰায়াৰ

সৌৰ উইন’ৱাৰ কাম ড্ৰায়াৰ, বিশেষকৈ প্ৰাকৃতি বতাহৰ অভাৱৰ সময়ত, মৰণা মাৰি উলিওৱা শস্য জৰা কামত ব্যৱহাৰ কৰাত সুবিধা হয় আৰু ইয়াৰ সহায়ত জোৰে বতাহ বোৱাই শাক-পাচলি আৰু ফল-মূল শুকুৱা কামত ব্যৱহাৰ কৰিব পাৰি. ব্যৱস্থাপনাটোত এটা পি.ভি. মডুল থকে, যথাযথ উইন’ৱাৰ, বতাহ গৰম কৰা টানেল, বিশেষ ভাৱে প্ৰস্তুত কৰা সৌৰ শক্তিচালিত কেবিনেট, ইয়াক উইন’ৱাৰত থকা শুকুৱাৰ সময়ত অধিক বতাহ বোৱাবলৈ ব্যৱহাৰ কৰিব পৰা ফেনৰ লগত সংযোগ কৰা থাকে. উইন’ৱাৰ হিচাপে ব্যৱহাৰ কৰিলে ইয়াৰ পৰা ঘন্টা প্ৰতি 35-50 কি.গ্ৰাম পৰিষ্কাৰ দানা /বীজ পাব পৰা যায়.

ইয়াৰ উপৰিও মুকলি ৰ’দত শুকুৱাৰ তুলনাত আধাতকৈয়ো কম সময়ৰ ভিতৰত শাক-পাচলি আৰু ফল-মূল শুকুৱাব পাৰি. ফেনৰ ঘূৰ্ণনৰ হাৰ অধিক কৰিলে ই বতাহৰ দ্বাৰা শুকুৱাৰ ক্ষেত্ৰত ড্ৰাইং কেবিনেটৰ থাৰ্মেল গ্ৰেডিয়েন্ট হ্ৰাস কৰে. গতিকে স্বাদ-গোন্ধ বাহাল ৰাখি ইয়াৰ দ্বাৰা শুকুৱা ফল-মূলৰ মানদণ্ড উত্তম হয়. ব্যৱস্থাপনাটোত পোহৰৰ বাবে বেটাৰী আৰু চাৰ্জাৰ সংযোগ কৰিব পৰা যায়. এইদৰে পি.ভিৰ পৰা ওলোৱা বৈদ্যুতিক শক্তিৰ দ্বাৰা কৃষিৰ ক্ষেত্ৰত গোটেই বছৰজুৰি কিবা নহয় কিবা কামত ব্যৱহাৰ কৰি বিভিন্ন সামগ্ৰীৰ প্ৰণালীকৰনৰ বাবে ব্যৱহাৰ কৰিব পৰা ই এটা অতিশয় প্ৰয়োজনীয় যন্ত্ৰ.

solar_agri_2

বাগানৰ বাবে পিভি জেনেৰেটৰ

solar_agri_3

এইটো হ’ল সৌৰ পিভি পাম্পৰ দ্বাৰা চালিত ড্ৰিপ জলসিঞ্চন ব্যৱস্থা, ইয়াত 900W PV ৰ সৈতে 800W DC মটৰ পাম্পৰ ম’ন’ ব্ল’ক অ.এল.পি.চি. ড্ৰিপাৰ থাকে যিটোৱে পানীৰ ব্যৱহাৰ মিতব্যয়ী কৰে আৰু বাস্তৱিক অৰ্থত জলসিঞ্চনৰ লগত জড়িত সকলো ধৰনৰ সমস্যা দূৰ কৰে আৰু ই বাগানৰ বাবে যথোচিত. পথাৰত সমানভাবে পানীৰ যোগান ধৰিবলৈ ব্যৱস্থাপনাটো প্ৰয়োজনীয় পানীৰ পৰিমান, শক্তিৰ প্ৰয়োজনীয়তা আৰু ইৰাডিয়েঞ্চৰ পৰিবৰ্ত্তনৰ বাবে পূৰ কৰিবলগীয়া হব লগা চাপৰ পৰিবৰ্ত্তনৰ ওপৰত ভিত্তি কৰি সাজিব লাগে. ইয়াৰ দ্বাৰা 4-5 হেক্টৰ অঞ্চলজুৰি থকা দালিমৰ বাগানত খৰচ আৰু লাভৰ আনুপাতিক হাৰ 2 ওপৰত ৰাখি পানীৰ ব্যৱস্থা কৰিব পাৰি. বিদ্যুতৰ ব্যৱস্থা নথকা আৰু পানী আৰু ভূমি থকা অঞ্চলৰ কৃষক সকলৰ বাবে ই এটা আৰ্শীবাদ.

জলসিঞ্চনৰ বাবে তৈয়াৰ কৰা এই পিভি ব্যৱস্থাপনাটো এতিয়া কিছু্মান অংশ যেনে ডিচি-ডিচি, মজুতকৰন বেটাৰী আৰু খাপখোৱা ইনভাৰ্টাৰ যোগ কৰি জেনেৰেটৰলৈ পৰিৱত্তিত কৰা হৈছে যাতে পাম্পৰ দৰে ব্যৱহাৰ কৰাৰ উপৰিও ইয়াক চপোৱাৰ পিছৰ পৰ্য্যায়ৰ কাম কৰিবলৈ ব্যৱহাৰ কৰা সৰু সৰু যন্ত্ৰ-পাতি চলোৱাত ব্যৱহাৰ কৰিব পাৰি.

সৌৰ পিভি ডাষ্টাৰ

 

 

solar_agri_4

গছ-গছনিৰ সুৰক্ষা দিয়াটো হ’ল কৃষি কাৰ্য্যৰ এক অন্যতম কাম. সৌৰ পিভি হ’ল এক অভিনৱ সঁজুলি যাৰ দ্বাৰা গছ-গছনিত কীট-নাশক আৰু অপতৃণ-নাশক শস্যৰ ওপৰত চটিয়াব পাৰি. ইয়াত আৱশ্যকীয় ভাবে এটা পিভি বাহক, মজুতকাৰী বেটাৰী, বিশেষভাবে নিৰ্মিত খাপখোৱা ধৰনৰ সিঁচক গোট থাকে. কৰ্মীজনে মূৰৰ ওপৰত কঢ়িয়াই নিয়া পিভি পেনেলে কৰ্মীজনক ছাঁ দিয়ে আৰু লগতে ডাষ্টাৰটো চলি থাকিবলৈ বেটাৰী চাৰ্জ হৈ যায়. এই একে ব্যৱস্থাপনাটোৱে অতিশয় কম পৰিমানৰ স্প্ৰেয়াৰ চলাতো সহায় কৰে. ইয়াৰ ওপৰিও ইয়াক লেড প্ৰজ্বলিত কৰাত ব্যৱহাৰ কৰিব পাৰি. এই সৰঞ্জামটো বছৰজুৰি ঘৰত পোহৰৰ ব্যৱস্থা কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি আৰু প্ৰয়োজন অনুযায়ী ডাষ্টাৰ / স্প্ৰেয়াৰ চলোৱাতো ব্যৱহাৰ কৰিব পাৰি.

পিভি ম’বাইল ইউনিট


 

 

solar_agri_5

এই স্বয়ংক্ৰিয় ভাবে সঞ্চয় কৰা শক্তিৰে চলন্ত ব্যৱস্থাপনাটো বিশেষকৈ শুকান অঞ্চলৰ আঁওহতীয়া গাঁও বিলাকত ঘৰুৱা, কৃষি আৰু গ্ৰাম্যাঞ্চলৰ কাম বিলাক কৰাত ব্যৱহাৰ কৰিব পাৰি. গোটটোত চাৰ্জ নিয়ন্ত্ৰকৰ লগত সংযোগী গোটটোত দুটা 70 ৱাটৰ প’লিক্ৰিষ্টেলিন পিভি মডুল, পিভি পেনেল টো (70 ৱাট) যথাযথ কোনত ৰাখিবলৈ স্বয়ংক্ৰিয় ভাবে বন্ধ কৰাৰ ব্যৱস্থা, এটা ইনভাৰ্টাৰ অৰু ডিচিৰে চালিত ড্ৰাইবৰ ব্যৱস্থা থাকে. এই ব্যৱস্থাপনাটো সহজতে পৰিচালন কৰিব পাৰি আৰু এচি আৰু ডিচি লডত চলাব পাৰি. এই ব্যৱস্থাপনাটো বাটাৰ প্ৰস্তুত কৰিবলৈ মন্থক চলাবলৈ, ব্ল’ৱাৰ, উইন’ৱাৰ, এল’ভেৰা উলিওৱা যন্ত্ৰ চলোৱাত সফল ভাবে পৰীক্ষা কৰা হৈছে. গ্ৰাম্যাঞ্চলত এনে পিভি ম’বাইল ইউনিট ভাৰাত ব্যৱহাৰ কৰিব পৰা যায়.

উৎস: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate