অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পানী পাম্পিংৰ সৌৰ পদ্ধতি

পানী পাম্পিংৰ সৌৰ পদ্ধতিত পানী পাম্পৰ বাবে সৌৰ শক্তি ব্যৱহাৰ কৰা হয়৷

অংশসমূহ

  • সৌৰ পিভি পেনেল
  • ফটোভলেটিক সজ্জাৰ লগত অবিৰোধী নিম্নলিখিত যিকোনো পাম্পিং চেট
  • চাৰফেচ মাউণ্টেড চেন্ট্ৰীফুগেল পাম্প চেট,
  • চাবমাৰচিব’ল পাম্প চেট
  • ফ্ল’টিং পাম্প চেট,
  • চাবমাৰচিব’ল পাম্প চেট,
  • এমএনআৰই ৰ পৰা অনুমোদনৰ পিচত, যিকোনো পাম্প চেট,
  • পাইপ

32a58b7004272f94a34826f42a0a102c

পানী পাম্পিংৰ সৌৰ পদ্ধতিৰ কাম-কাজ

এই পদ্ধতিয়ে শক্তি উৎপন্ন কৰা সৌৰ পিভি (ফটোভলেটিক)ব্যৱহাৰ কৰি কাম কৰে৷ ফটোভলেটিক সজ্জাই সৌৰ শক্তি বিদ্যুৎ শক্তিলৈ ৰুপান্তৰ কৰে, যি মটৰ পাম্প চেট ঘূৰাবৰ বাবে ব্যৱহাৰ কৰা হয়৷ এই পাম্পিং পদ্ধতিয়ে মুক্ত নাদ,গভীৰ নাদ, প্ৰৱাহিত হৈ থকা পানী, পুখুৰী, নলা আদিৰ পৰা পানী উত্তোলন কৰে৷ এই পদ্ধতিক সৌৰ পেনেল স্থাপনৰ বাবে ছাঁ মুক্ত স্থানৰ প্ৰয়োজন

ব্যৱহাৰিতা

১৮০০ ৱাট পিভি এৰ্যে সক্ষমতা আৰু ২ এইচপিৰ পাম্পৰ এটা পদ্ধতিয়ে ৬-৭ মিটাৰ গভীৰতাৰ পৰা প্ৰতি দিনে ১.৪ লাখ লিটাৰ পানী উত্তোলিত কৰিব পাৰে৷ এই পানীৰ পৰিমান পানী যোগান আঁচনিৰ বাবে ৫-৮ একৰ ভুমি আৱৰি থকা বিভিন্ন শস্য ক্ষেত্ৰত যোগানৰ বাবে অপৰিহাৰ্য্য বুলি গণ্য কৰা হয়৷

আনুমানিক ব্যয়

পদ্ধতিটোৰ মুঠ ব্যয়            ৪,৫০,০০০  টকা
এমএনআৰইৰ দ্বাৰা জিঅ'আই ভাট্টা - ১,৮০,০০০ টকা

সুবিধাসমূহ

  • ইন্ধনৰ ব্যয় শূণ্য – যিহেতু ই বিনামূলীয়া সৌৰ পোহৰ ব্যৱহাৰ কৰে৷
  • কোনো ইলেকট্ৰীচিটিৰ প্ৰয়োজন নাই
  • দীৰ্ঘতম কাৰ্য্যকাল
  • অধিক বিশ্বাসযোগ্য আৰু দীৰ্ঘস্থায়ী
  • পৰিচালনা আৰু মেৰামতি কৰিবলৈ সহজ আৰু
  • পৰিৱেশ- যোগ্য

পানী পাম্পিংৰ সৌৰ পদ্ধতিৰ ওপৰত সাধাৰণতে সুধিবলগীয়া প্ৰশ্ন

ফটোভলেটিক (পিভি) পানী পাম্পিং পদ্ধতিত কি কাৰিকৰী কৌশল ব্যৱহাৰ হয় ?

ফটোভলেটিক পদ্ধতিৰ বাবে সৌৰ কোষ হ’ল এটা প্ৰাথমিক প্ৰণালী যিহেতু ই সৌৰ ৰশ্মি বিদ্যুতলৈ ৰুপান্তৰ কৰে ৷ সৌৰ কোষসমূহ চিলিকনৰ সুক্ষ্ম পাত প্ৰয়োজনীয় আকাৰত কাটি তৈয়াৰ কৰা হয়৷ শক্তিৰ প্ৰয়োজনীয়তা অনুসাৰে এটা এচপিভি মডিউল সাজিবৰ বাবে এনে এচপিভি কোষৰ সংখ্যা সংযোগ কৰা হয়৷ এই মডিউল পাম্প আদিৰ দৰে বিদ্যুত চালিত সামগ্ৰীসমূহ চালনাৰ আউটপুট শক্তি লাভৰ বাবে ভবিষ্যতে এচপিভি এৰ্যে তৈয়াৰ কৰিবলৈ সংযোগ কৰিব পাৰি৷

সম্পূৰ্ণ পদ্ধতিটোৰ বাবে ব্যয় কিমান ?

এচপিভি পানী পাম্পিং পদ্ধতিৰ স্থাপন আৰু ব্যয়ৰ বাবে ৰাজ সাহাৰ্য্যৰ মূল্য যোগানকাৰী আৰু মডেলৰ ওপৰত নিৰ্ভৰ কৰি 1,90,000 টকাৰ পৰা 2,70,000 টকাৰ ব্যৱধানত থাকিব পাৰে৷

ইয়াৰ বাবে কোনো ঋণৰ সুবিধা আছে নেকি ?

  • ইণ্ডিয়ান ৰিনিউৱেব’ল এনাৰ্জি ডেভেলেপমেণ্ট এজেন্সী লিমিটেড (আইআৰইডিএ) যোগেদি প্ৰতি বছৰে 5% সুতৰ হাৰত ক্ষুদ্ৰ ঋণ সমূহ উপলব্ধ৷
  • এচপিভি পানী পাম্পিং পদ্ধতিৰ  চৰকাৰী সহায়ৰ অবিহনে ক্ষুদ্ৰ ঋণৰ উচ্চ সীমা 90% লৈকে
  • চৰকাৰী সাহাৰ্য্য উপলব্ধ নোহোৱাৰ ক্ষেত্ৰত, ঋণৰ পৰিমাণ পদ্ধতিৰ ক্ৰয় মূল্যৰ 90% লৈকে হ’ব পাৰে৷
  • ঋণ অনুমোদন হোৱাৰ প্ৰথম বছৰৰ শেষৰ পৰা গণনা কৰি সুতৰ সৈতে মূলধন 10 বছৰৰ (এক বছৰ স্থগিত কৰি) ভিতৰত আদায় দিব লাগে৷

এচপিভি পানী পাম্পিং পদ্ধতিৰ ব্যৱহাৰ কি আৰু মিনিষ্ট্ৰী অফ নিউ এণ্ড এনআৰই এচপিভি পানী পাম্পিং আচঁনিৰ অধীনত কেনেধৰণৰ চৰকাৰী সাহাৰ্য্যৰ উপলদ্ধ ?

কৃষিবিজ্ঞান আৰু অন্যান্য সংযোগী যেনে, উদ্যানশস্য, পশু পালন, হাহঁ – কুকুৰা পাম, উচ্চ উত্পাদনৰ শস্য, ফলৰ বাগিছা, বৃক্ষ ৰোপন, মীন পালন, খোৱা পানী আদিৰ ব্যৱহাৰত আৱশ্যক৷ এই আচঁনিৰ দ্বাৰা বেটাৰী চাৰ্জিং কৰাৰ ক্ষেত্ৰত অনুমতি দিয়া নহয়৷

এই ৰাষ্ট্ৰীয় আচঁনিৰ অধীনত ফটোভলেটিক পানী পাম্পিং পদ্ধতি লাভৰ বাবে যোগ্য কোন ?

এজন ব্যক্তিগত ভাৱে কৃষি কৰা কৃষক, বেচৰকাৰী প্ৰতিষ্ঠান,কো-অপাৰেটিভ চছাইটী, ব্যৱসায়ীক সমিতি, অনুষ্ঠান, আৰু চৰকাৰী বিভাগ ইত্যাদি৷

এচপিভি পানী পাম্পিং পদ্ধতিৰ ক্ষমতা কি ?

এটা এচপিভি পানী পাম্পিং পদ্ধতি ফটোভলেটিক এৰ্যেৰ সৈতে 200 ৰ পৰা 300 ৱাট ক্ষমতাৰ ভিতৰত উপলব্ধ৷ (মটৰ পাম্প চেটৰ ক্ষমতা 0.5 এইচপি ৰ পৰা 2 এইচপি)

কিমান পৰিমানৰ পানী পাম্পে যোগান দিব পাৰিব ?

  • এটা এচপিভি পানী পাম্পিং পদ্ধতিৰ পৰা এটা ফৰকাল বতৰত 7 মিটাৰ গভীৰতাৰ পৰা প্ৰতিদিনে 900 ৱাট পেনেলৰ বাবে নুন্যতম 65,000 লিটাৰ পানী  আৰু 1800 ৱাট পেনেলৰ বাবে 135,000 লিটাৰ পানী  আশা কৰিব পাৰি৷
  • গভীৰ নলীনাদৰ পাম্পৰ ক্ষেত্ৰত, পানীৰ আউটপুট 1200 ৱাট পেনেলৰ বাবে নুন্যতম 45000 লিটাৰ হ’ব লাগে৷
  • পাম্পৰ পৰা পানীৰ নিষ্কাশন ৰাতিপুৱাৰ পৰা আবেলিলৈকে সূৰ্য্য ৰশ্মিৰ শক্তিৰ ওপৰত নিৰ্ভৰ কৰে৷ ই দুপৰীয়াৰ সময়ত সৰ্ব্বোচ্চ হয়৷ পাম্প কৰিবলগীয়া পানীৰ গভীৰতাৰ ওপৰত পানীৰ বৰ্হিগমন নিৰ্ভৰ কৰে৷
  • এচপিভি পাম্পিং পদ্ধতিৰ পৰা পানীৰ বৰ্হিগমনৰ পৰিমাণ যোগানকাৰীৰ পৰা নিশ্চিত হৈ লওঁক, যেতিয়া তেওঁ/তাই পদ্ধতিটো ফিল্ডত স্থাপন কৰে৷

এটা পদ্ধতিয়ে নিৰ্দিষ্ট এটা শস্যত কিমান পৰিসৰৰ এলেকাত পানী যোগান ধৰিব পাৰিব ?

যেতিয়া পানী 10 মিটাৰ গভীৰতাৰ পৰা উত্তোলিত কৰিব লগীয়া হয়, এচপিভি পানী পাম্পিং পদ্ধতিয়ে 0.5-6 হেক্টৰ মাটিত পানী যোগান ধৰিব পাৰে ৷ পানীৰ তালিকা, মাটিৰ প্ৰকাৰ আৰু পানীৰ পৰিচালনা আদি সকলো কাৰকে যেতিয়া এলেকাটো প্ৰভাবিত কৰিব তেতিয়া এই পদ্ধতিটো ব্যৱহাৰ কৰি পানী যোগান কৰিব পাৰি৷

এচপিভি পানী পাম্পিং পদ্ধতিৰ শীৰ্ষ গড় ৱাট 900 ৱাট বুলি নিৰ্দ্ধাৰণ কৰিলে, নিম্নোলিখিত তালিকাই বিভিন্ন শস্য ক্ষেত্ৰৰ বাবে পানীযোগান পদ্ধতি ব্যৱহাৰ কৰা জটিল পানী যোগান অঞ্চল নিৰ্দেশ কৰে::

ক্ৰমিক নং

শস্য

জটিল অঞ্চল,হেক্টৰত

পানী যোগান পদ্ধতি

1

বাষিৰ্ক শাক-পাচলিৰ কৃষি

1.00

ওপৰিভাগ

2

জলকীয়া/জোৱাৰ/বাদাম

1.41

ওপৰিভাগ

3

Paddy nursery

0.70

ওপৰিভাগ

4

আদা

2.08

ওপৰিভাগ

5

তিয়ঁহ

1.82

বিন্দু আকাৰৰ

6

বাদাম

1.97

ওপৰিভাগ

7

আঙুৰ

2.14

বিন্দু আকাৰৰ

8

নেমু

4.89

বিন্দু আকাৰৰ

9

কল

2.36

বিন্দু আকাৰৰ

10

ডালিম

7.32

বিন্দু আকাৰৰ

পাম্পিং পদ্ধতিৰ কামৰ গেৰান্টী কি?

  • পিভি এৰ্যেসমূহ  দহ বছৰৰ  কামৰ গেৰান্টীৰ সৈতে যোগান ধৰা হয়৷
  • মটৰ পাম্প চেট আৰু আৱশ্যকীয় সৰঞ্জামসমূহ দুই বছৰৰ কামৰ গেৰান্টীৰ সৈতে যোগান ধৰা হয়৷
  • অতিৰিক্তভাৱে, 3 বছৰৰ বাবে অসুবিধামুক্ত কামকাজৰ বাবে পাম্পৰ  নুন্যতম স্পেয়াৰ পাটৰ্চ আৰু অন্য পদ্ধতিসমূহো এচপিভি পাম্পিং পদ্ধতিৰ লগত যোগান ধৰা হয়৷

উৎস: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate