অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ঘৰুৱা বৈদ্যুতিক আহিলাৰ বিদ্যুৎ শক্তিৰ খৰছৰ হিচাপ

ঘৰুৱা বৈদ্যুতিক আহিলাৰ বিদ্যুৎ শক্তিৰ খৰছৰ হিচাপ

আপোনাৰ ঘৰত কেইটা আৰু কি ধৰণৰ লাইট জ্বলিব, কেইখন ফেন চলিব, একোটা ফ্ৰীজ বা ৱাচিঙ মেচিনটো কিমান সময় চলিব, পানীৰ পাম্পটো কিমান সময় চলিব, টিভিটো কিমান সময় চাব আৰু ইয়াৰ প্ৰত্যেকটোৰ বিদ্যুতৰ ব্যৱহাৰ কিমান ৱাট এই সকলোবোৰৰ এখন তালিকা প্ৰস্তুত কৰাৰ পিছতহে আপুনি আপোনাৰ ঘৰটো সৌৰ শক্তিৰ ব্যৱহাৰৰ বাবে উপযুক্তকৈ সজাই তুলিব পাৰিব। এই ক্ষেত্ৰত যদি আপুনি সঠিকভাৱে বিদ্যুৎ খৰছৰ হিচাপটো উলিয়াই ল’ব পাৰে। তেতিয়াহে সৌৰ শক্তি প্ৰদান কাৰী উপযুক্ত আহিলা ক্ৰয় কৰিব পাৰিব।

তলত থুলমূল এটা শক্তিৰ খৰছৰ হিচাপ প্ৰদান কৰা হ’ল:

যদিহে আপুনি পাঁচ ৱাটৰ পাঁচটা লাইট ৫ ঘন্টাৰ বাবে জলাই, ১৪ ৱাটৰ ১৬ ইঞ্চিৰ ফেন দুখন ৮ ঘন্টাৰ বাবে চলাই তেন্তে আপোনাৰ প্ৰতিদিনৰ বৈদ্যুতিক খৰছ হ’ব এনে ধৰণৰ।

৫ ৱাটকৈ ৫ টা বালব=২৫ ৱাট/প্ৰতি ঘন্টাকৈ ৫ ঘন্টা=১২৫ ৱাট।

১৪ ৱাটকৈ ২ খন ফেন=২৮ ৱাট/প্ৰতি ঘন্টাকৈ ৮ ঘন্টা=২২৪ ৱাট।

গতিকে, আপোনাৰ এদিনৰ বিদ্যুৎৰ খৰছ ৩৪৯ ৱাট।

যদিহে আপুনি ১২ ভল্টৰ বেটাৰী ব্যৱহাৰ কৰে তেন্তে ৩৪৯ ৱাট/১২ ভল্ট=২৯.০৮ এমপিআৰ

এটা বেটাৰীৰ পৰা সাধাৰণতে লিখা থকাটকৈ ৫০-৬০ শতাংশ শক্তিহে ব্যৱহাৰ কৰিব পৰা যায়। বাকীখিনি সংৰক্ষিত হিচাপে ৰাখিব লাগে। ওপৰত দেখুৱা হিচাপমতে আপোনাক যদি এদিনত ৩০ এমপিআৰ ৰ প্ৰয়োজন হয় তেন্তে ৬০ এমপিআৰ ৰ বেটাৰী লগোৱাটো উচিত। ইয়াৰ উপৰিও আপুনি যদি ইয়াতকৈও অধিক এমপিআৰ অৰ্থাৎ ৮০ বা ১০০ এমপিআৰ ৰ বেটাৰী ব্যৱহাৰ কৰে তেন্তে বাৰিষা কালতো আপুনি সৌৰ বেটাৰীৰ পৰা অহৰহ শক্তি লাভ কৰি থাকিবলৈ সক্ষম হ’ব।

উৎস: ইন্টাৰনেট।

শেহতীয়া উন্নীতকৰণ: : 3/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate