অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভূচুম্বকীয় মেৰুৰ পৰিৱৰ্তন আৰু প্ৰভাৱ :

ভূচুম্বকীয় মেৰুৰ পৰিৱৰ্তন আৰু প্ৰভাৱ :

 

ভূচুম্বকত্ব হ’ল পৃথিৱীৰ ভিতৰত, ভূপৃষ্ঠৰ ওপৰত আৰু ভূপৃষ্ঠৰ বাহিৰত প্ৰদৰ্শিত ভূচুম্বকীয় ধৰ্ম। পৃথিৱীৰ কেন্দ্ৰভাগত এডাল প্ৰকাণ্ড শক্তিশালী চুম্বক প্ৰায় উত্তৰা-দক্ষিণাকৈ ৰাখিলে যি চুম্বৰক্ষেত্ৰ পোৱা যাব, ভূচুম্বকীয় ক্ষেত্ৰৰ প্ৰকৃতিও তেনেকুৱা। ভূচুম্বকত্বৰ সঠিক কাৰণ এতিয়াও জনা হোৱা নাই। কিন্তু সম্ভাব্য মতবাদ অনুসৰি ভূগৰ্ভস্থ গলিত লো-নিকেলৰ প্ৰবাহেই ভূচুম্বকত্বৰ কাৰণ বুলি অনুমান কৰা হৈছে।

পৃথিৱীৰ চাৰিওফালে পৃথিৱীৰ চুম্বকক্ষেত্ৰই আৱদ্ধ কৰি ৰখা আহিত কণিকাৰ দুটা মণ্ডল আছে। প্ৰথম তৰপটো পৃথিৱীৰ পৃষ্ঠৰ পৰা প্ৰায় ২০০০ৰ পৰা ৫০০০ কি.মি. আৰু ওপৰলৈ ১৩০০০ ৰ পৰা ১৯০০০ কি.মি. উচ্চতালৈ বিয়পা। তলৰটো পৃথিৱীৰ বায়ুমণ্ডললে বিকিৰণ কৰা গৌণ কণিকাৰ আৰু ওপৰৰটো সূৰ্যৰ পৰা অহা কণিকাৰে গঠিত বুলি ধৰা হৈছে। ভান এলেনে ১৯৫৮ চনত ইয়াক আৱিষ্কাৰ কৰে। ইয়াক ভান এলেন বিকিৰণ পটি(Van Allen radiation belt) বুলি কোৱা হয়।

ই আমাৰ পৃথিৱীৰ চাৰিওফালে এখন চাদৰৰ দৰে আগুৰি আমাক সুৰক্ষা প্ৰদান কৰি আছে। সূৰ্যৰ পৰা অহা শক্তিশালী সৌৰশিখাৰ আহিত কণাবোৰ এই চুম্বকক্ষেত্ৰৰ প্ৰভাৱত পৰি এই কণিকাবোৰ পৃথিৱীৰ দুই চুম্বক মেৰুৰ পিনে গতি কৰে। তথা বায়ুমণ্ডলত থকা অণু-পৰমাণুবোৰক খুন্দিয়াই উত্তেজিত কৰে। ফলত বায়ুমণ্ডলত ধেনুভেৰীয়া, ঘাইকৈ ৰঙা আৰু সেউজীয়া পোহৰৰ সৃষ্টি হয়। ইয়াক মেৰুপ্ৰভা(Aurora Borealis আৰু Aurora Australis) বোলে।

প্ৰাগ ঐতিহাসিক যুগৰ মাটিৰ বাচন আদিত সেই যুগৰ ভূচুম্বকত্ব সঞ্চিত হৈ থাকে। সেই বাচনৰ পৰা আমি সেই যুগৰ ভূচুম্বকত্বৰ মান নিৰ্ধাৰণ কৰিব পাৰো। গৱেষণাৰ পৰা এইটো ওলাই পৰিছে যে যোৱা তিনিশ বছৰত ভূচুম্বকত্বৰ মান প্ৰায় শতকৰা দহ ভাগ কমি আহিছে। ই প্ৰায় আগৰ পাঁচ হাজাৰ বছৰত কমাৰ সমান। ই আমাৰ বাবে চিন্তাৰ কাৰণ। এইদৰে ভূচুম্বকত্বৰ মান কমি গৈ থাকিলে অহা প্ৰায় তিনি হাজাৰ বছৰৰ ভিতৰত ভূচুম্বকত্বৰ মান শূন্য হৈ পৰিব।

পশ্চিম আমেৰিকাৰ ষ্টিম পৰ্তবমালা ১ কোটি ৬০ লাখ বছৰৰ আগতে বহু হাজাৰ আগ্নেয়গিৰিৰ বিষফোৰণৰ ফলত সৃষ্টি হয়। ইয়াৰ বিশেষত্ব এই যে সেই সময়ত ভূচুম্বকীয় মেৰুৰ পৰিৱৰ্তন হৈছিল। এই পৰ্বতমালা খনন কৰি ভূচুম্বকীয় মেৰুৰ পৰিৱৰ্তনৰ নিৰ্ভৰযোগ্য প্ৰমাণ পোৱা যায়। সেই সময়ত ভূচুম্বকীয় ক্ষেত্ৰত মান প্ৰায় শতকৰা আশীভাগ কমিছিল আৰু ভূচুম্বকীয় মেৰু প্ৰায় ৩০০ বছৰ ধৰি অস্থিৰ হৈ ঘূৰি আছিল। তাৰ পিছত ই ৬০ ডিগ্ৰী কোণত ঘূৰিবলৈ লয়। শেষত প্ৰতি দিনে প্ৰায় ৬ ডিগ্ৰীলৈ ঘূৰি উত্তৰত স্থিতি লয়। পৰিৱেশত ই পুনৰ ১৮০ ডিগ্ৰী কোণ কৰি সম্পূৰ্ণ ওলোটা হয়। এই পৰ্বতমালাত থকা শিলাখণ্ডসমূহৰ চুম্বকত্ব নিৰূপণ কৰি বিজ্ঞানীসকল আচৰিত হ’ল যে প্ৰায় ৭ লাখ ৮০ হাজাৰ বছৰ আগতে পৃথিৱীৰ চুম্বকীয় মেৰুৰ পৰিৱৰ্তন হৈছিল। তাৰ আগতে প্ৰায় ২ লাখ ৫০ হাজাৰ বছৰৰ আগতে চুম্বকীয় মেৰুৰ পৰিৱৰ্তন হৈছিল।

সেই অস্থিৰ সময়ৰ ভিতৰত চুম্বকীয় ক্ষেত্ৰৰ মুৰে দুটা নহ’বও পাৰে। চাৰিটা বা আঠটাও হ’ব পাৰে। বিষুৱ বা আন আন জনবসতিপূৰ্ণ ঠাইতো দেখা দিব পাৰে। তেতিয়া বিপদজনক কথাটো হ’ল যে সূৰ্যৰ পৰা অহা আহিত কণিকাবোৰ ইলেকট্ৰন, প্ৰটন, এক্স-ৰে, ক্ষতিকাৰক গামা ৰশ্মি আদিক বাধা দিবলৈ পৃথিৱীৰ চুম্বকক্ষেত্ৰ বা ভান এনেল বিকিৰণ পটি(Van Allen radiation belt) নাথাকিব। তেতিয়া নতুন মেৰুৰ ওপৰেৰে এই আহিত কণাবোৰ পৃথিৱীত সোমাব। ই বহু পৰিমাণৰ বিদ্যুৎ প্ৰৱাহৰ সৃষ্টি কৰিব। যিহেতু এই অঞ্চলসমূহ ঘন বসতিপূৰ্ণ, সেইবাবে ইয়াত লাখ লাখ মানুহ, জীৱ-জন্তু বিকিৰণৰ চিকাৰ হৈ মৃত্যুমুখত পৰিব। ৰাতি সেই অঞ্চলত মেৰু প্ৰভাৰ সৃষ্টি হৈ আকাশৰঙা সেউজীয়া পোহৰেৰে ভৰি পৰিব। এই বিনাশকাৰী ঘটনা মানুহে বাধা দি আত্মৰক্ষা কৰাৰ উপায় নাথাকিব।

দক্ষিণ আফ্ৰিকাৰ কেপত থকা Hermanus Magnetic Observatory ৰ ভূচুম্বকীয় বিজ্ঞানীসকলৰ মুৰব্বী Dr Pieter Kotzeৰ মতে দক্ষিণ আফ্ৰিকাত ভূচুম্বকীয় মেৰুৰ পৰিৱৰ্তনৰ লক্ষণে ইতিমধ্যে দেখা দিছে। ইয়াৰ ভূচুম্বকীয় ক্ষেত্ৰত মান প্ৰায় শতকৰা বিশ ভাগ কমিছে আৰু ক্ৰমে দুৰ্বল হৈ আহিছে। ই দক্ষিণ আমেৰিকা মহাদেশৰ ব্ৰাজিল দেশৰ উপকূল পাইছে। বৰ্তমান পৃথিৱীজুৰি প্ৰায় ২০০ নিৰীক্ষণ কেন্দ্ৰই ভূচুম্ৰ্ক ক্ষেত্ৰত জৰীপ কৰি আছে।

ভূচুম্বকীয় মেৰুৰ পৰিৱৰ্তন হ’লে পৰিভ্ৰমী চৰাইবোৰে পথ হেৰুৱাব। সেইদৰে মৌ-মাখি, ঈদ্গল, পাৰ চৰাইবোৰেও পথ হেৰুৱাই নিজ নিজ সঁজালৈ আহিব নোৱাৰিব। পানীত থকা ডলফিন, তিমি মাছ আদিৰ ক্ষেত্ৰতো একে অৱস্থা হ’ব। ভূচুম্বকীয় ক্ষেত্ৰই মানুহৰ ওপৰত তথা অন্য জীৱনৰ ওপৰতো প্ৰভাৱ বিস্তাৰ কৰে। ভূচুম্বকীয় ক্ষেত্ৰ শূন্য হ’লে মগজুৱে দেহৰ বিভিন্ন অংগসমূহৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাব, মানুহে আনকি নিজ হাতেৰে নিজৰ নাকটোও চুব নোৱাৰা অৱস্থা হ’ব বুলি বিজ্ঞানী Dr Valerie Hunt এ এটা সমীক্ষাত প্ৰকাশ কৰিছে। মানুহৰ ওপৰত কেঞ্চাৰ আদি ৰোগৰ প্ৰভাৱ বৃদ্ধি হ’ব, কাৰণ ভূচুম্বকীয় ক্ষেত্ৰত মান শূন্য হ’লে বিকিৰণৰ মান বৰ্তমানৰ দুগুণতকৈ বেছি হ’ব।

যোৱা ১৮৩১ চনৰ চুম্বকীয় উত্তৰ মেৰু ধ্ৰুবীয় মেৰুৰ পৰা ক্ৰমে পশ্চিমফালে লাহে লাহে গতি কৰি থকাৰ প্ৰমাণ পোৱা গৈছে। প্ৰশান্ত মহাসাগৰৰ হাৱাই দ্বীপপুঞ্জত আগ্নেয়গিৰি উদগিৰণ হৈ কোটি কোটি বছৰ ধৰি নতুন দ্বীপৰ সৃষ্টি হৈ আছে। এই দ্বীপসমূহত প্ৰায় কোটি কোটি বছৰৰ চুম্বকীয় ক্ষেত্ৰৰ ৰেকৰ্ড সঞ্চিত হৈ আছে।

Institute of Astronomy Cambridgeৰ Dr Paul Murdinৰ মতে মংগল গ্ৰহৰ ভিতৰভাগ ঠাণ্ডা হৈ সেই গ্ৰহৰ চুম্বকীয় ক্ষেত্ৰ নাইকিয়া হৈ পৰে। বিকিৰণৰ ফলত তাৰ বায়ুমণ্ডল আৰু পানীভাগ বাষ্প নোহোৱা হৈ পৰে। সেইদৰে পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰ নোহোৱা হ’লে ওপৰৰ বায়ুমণ্ডল গৰম হৈ পৰিব আৰু বতৰৰ অভূতপূৰ্ব পৰিৱৰ্তন হ’ব। বিদ্যুৎ সৰবৰাহ বিজুতি ঘটি বন্ধ হৈ যাব। টেলিভিচন, ৰেডিঅ’, উপগ্ৰহ, অনাতাঁৰ যোগাযোগ ব্যৱস্থা আদি অকামিলা হৈ পৰিব। এইখিনিতে উল্লেখ কৰি থোৱা ভাল যে পৃথিৱীত মানুহে তথা জীৱ জগতে এনেকুৱা প্ৰাকৃতিক দুৰ্যোগৰ প্ৰথম মুখামুখি হ’বলগীয়া হ’ব, অহা একৰ পৰা তিনি হাজাৰ বছৰৰ ভিতৰত ই নিশ্চিত।

উৎস: ৰাইজৰ বাতৰি

শেহতীয়া উন্নীতকৰণ: : 12/31/2021



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate