মৌলিক ধাৰণা-
- শক্তিৰ ৰূপান্তৰণঃ শক্তিৰ এটা ৰূপৰ পৰা আন এটা ৰূপলৈ পৰিৱৰ্তন হোৱা।
- পৰম্পৰাগত শক্তিৰ উৎসঃ শতিকাজুৰি ব্যৱহৃত শক্তিৰ উৎস যিয়ে বৃহৎ পৰিমাণে আমাৰ শক্তিৰ চাহিদা পূৰণ কৰে। উদাহৰণঃ খৰি, জীৱাশ্ম ইন্ধন ইত্যাদি।
- অপৰম্পৰাগত বা বিকল্প শক্তিৰ উৎসঃ অতি শেহতীয়াভাৱে বা অভিনৱ ধৰণে ব্যৱহৃত শক্তিৰ উৎস যিয়ে এক সীমিত মাত্ৰাত আমাৰ শক্তিৰ চাহিদা পূৰণ কৰে। উদাহৰণঃ সৌৰশক্তি, সামুদ্ৰিক শক্তি, ভূ-তাপীয় শক্তি ইত্যাদি।
- শক্তিৰ নৱীকৰণযোগ্য উৎসঃ প্ৰকৃতিত অবিৰতভাৱে উৎপন্ন হোৱা শক্তিৰ উৎস যি শেষ হৈ নাযায়। উদাহৰণঃ বায়ুশক্তি, সৌৰশক্তি ইত্যাদি।
- নৱীকৰণ অযোগ্য শক্তিঃ শক্তিৰ উৎস যি প্ৰকৃতিত এটা দীঘলীয়া সময়ৰ প্ৰক্ৰিয়াৰে পুঞ্জীভূত হয় আৰু শেষ হৈ গ’লে পুনৰাই ততালিকে ঘূৰাই পাবলৈ কঠিন। উদাহৰণঃ জীৱাশ্ম ইন্ধন, পাৰমাণৱিক শক্তি ইত্যাদি।
- ইন্ধনঃ বায়ুৰ পৰিৱেশত দহন হৈ তাপ শক্তি উৎপন্ন কৰিব পৰা পদাৰ্থ।
- জীৱাশ্ম ইন্ধনঃ কোটি কোটি বছৰ আগতে ভূ-পৃষ্ঠৰ তলত পোত খাই যোৱা উদ্ভিদ আৰু প্ৰাণীৰ মৃত অংশৰ পৰা উৎপন্ন হোৱা ইন্ধন। উদাহৰণঃ কয়লা, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ।
- ইন্ধনৰ কেলৰি মানঃ একক ভৰৰ ইন্ধন সম্পূৰ্ণৰূপে দহন কৰিলে উৎপন্ন হোৱা তাপ শক্তি।
- প্ৰজ্বলাংকঃ বস্তু বা পদাৰ্থ এটাৰ দহন কাৰ্য আৰম্ভ হোৱাৰ বাবে প্ৰয়োজন হোৱা ন্যূনতম উষ্ণতা।
- কয়লাঃ জ্বলনশীল জৈৱ কলা বা মুগা বৰণৰ পাললিক শিলাস্তৰ (জীৱাশ্ম ইন্ধন)।
- পেট্ৰ’লিয়ামঃ হাইড্ৰ’কাৰ্বন আৰু অন্যান্য তৰল জৈৱ যৌগৰ জটিল মিশ্ৰণেৰে গঠিত প্ৰাকৃতিকভাৱে উপলব্ধ গাঢ় বৰণৰ সান্দ্ৰ তৰল (জীৱাশ্ম ইন্ধন)।
পেট্ৰ’লিয়ামৰ দ্বাৰা নিম্নোক্ত দুয়োটাকে সূচোৱা হয়ঃ
- প্ৰাকৃতিকভাৱে পোৱা অশোধিত খাৰুৱা তেল।
- শোধিত খাৰুৱা তেলৰ পৰা উৎপাদিত পেট্ৰ’লিয়ামজাত সামগ্ৰী।
উদাহৰণঃ তৰলীকৃত পেট্ৰ’লিয়াম গেছ।
|
- প্ৰাকৃতিক গেছঃ প্ৰাকৃতিকভাৱে উপলব্ধ গেছীয় হাইড্ৰ’কাৰ্বনৰ মিশ্ৰণেৰে গঠিত এবিধ জীৱাশ্ম ইন্ধন যি পৃথিৱীৰ খোলাটোৰ গভীৰতাত অকলে থাকে অথবা অন্য পেট্ৰ’লিয়াম অৱক্ষেপণৰ সৈতে যোজিত অৱস্থাত থাকে।
- সেউজগৃহ প্ৰভাৱঃ মাত্ৰাধিক কাৰ্বন-ডাই-অক্সাইডৰ উপস্থিতিৰ বাবে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি হোৱা পৰিঘটনা।
কাৰ্বন-ডাই-অক্সাইডৰ মাত্ৰাধিক উপস্থিতিৰ বাবে (০.০৩৩%ৰ অতিৰিক্ত) বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পাইছে।
কাৰ্বন-ডাই-অক্সাইড গেছে ভূ-পৃষ্ঠই প্ৰতিফলিত কৰা অৱলোহিত বিকিৰণ শোষণ কৰে। ইয়াৰ ফলত বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পায়।
|
- এছিড বৰষুণঃ দূষিত বায়ুত থকা অপকাৰী গেছ আদিৰ পৰা সৃষ্টি হোৱা এছিড বৰষুণৰ পানীৰ লগত মিহলি হৈ এছিড বৰষুণৰ সৃষ্টি কৰে।
- আম্লিক অক্সাইডঃ জীৱাশ্ম ইন্ধন দহন কৰিলে উৎপন্ন হোৱা নাইট্ৰ’জেন, ছালফাৰ আৰু কাৰ্বন-ডাই-অক্সাইডসমূহ।
- তাপবিদ্যুৎ শক্তিঃ তাপশক্তিৰ ৰূপান্তৰ ঘটি সৃষ্টি হোৱা শক্তি।
- তাপবিদ্যুৎ প্ৰকল্পঃ কয়লা, তেল অথবা গেছৰ দৰে জীৱাশ্ম ইন্ধন দহন কৰি বিদ্যুৎশক্তি উৎপাদন কৰিবলৈ প্ৰয়োজন হোৱা তাপশক্তি আহৰণ কৰা শক্তি প্ৰকল্প।
- জলবিদ্যুৎ প্ৰকল্পঃ এক নিৰ্দিষ্ট উচ্চতাত থকা পানীৰ স্থিতি শক্তি বা বোঁৱতী পানীৰ গতিশক্তিৰ দ্বাৰা বিদ্যুৎশক্তি উৎপন্ন কৰা প্ৰকল্প।
- জলশক্তি প্ৰকল্পঃ বৃহৎ জলশক্তি ব্যৱস্থা যত নদীৰ পানী বান্ধৰ জৰিয়তে জলাধাৰত আৱদ্ধ কৰি টাৰ্বাইন আৰু শক্তি জেনেৰেটৰ ব্যৱহাৰ কৰি জলবিদ্যুৎ উৎপাদন কৰা হয়।
- জৈৱভৰঃ জৈৱ পদাৰ্থজাত (উদ্ভিদ আৰু প্ৰাণীজাত সামগ্ৰী) উপাদান।
- জৈৱশক্তিঃ জৈৱ ভৰৰ পৰা আহৰণ কৰা নবীকৰণযোগ্য আৰু বহনক্ষম শক্তিৰ উৎস যৰ পৰা বিদ্যুৎ শক্তি আৰু অন্যান্য শক্তি পাব পাৰি।
- দহন প্ৰক্ৰিয়াঃ অক্সিজেনৰ উপস্থিতিত তাপ আৰু পোহৰৰ ৰূপত শক্তি নিৰ্গত কৰিবলৈ পদাৰ্থ জ্বলোৱা প্ৰক্ৰিয়া।
- এঙাৰঃ সীমিত অক্সিজেনৰ পৰিৱেশত দহন কৰা কাঠৰ অৱশিষ্ট অংশ। এই ইন্ধন শিখা অবিহনেই জ্বলে। ই আপেক্ষিকভাৱে ধোঁৱাবিহীন হোৱাৰ লগতে ইয়াৰ তাপ উৎপাদন ক্ষমতাও উচ্চ মানৰ।
- গোবৰ গেছঃ গৰুৰ গোবৰ বিভিন্ন উদ্ভিদজাত সামগ্ৰী, শাক-পাচলিৰ পেলনীয়া অংশ আদিৰ অবায়ৱীয় বিয়োজন ঘটি উৎপন্ন হোৱা গেছীয় ইন্ধন।
জৈৱ গেছ মূলতঃ গৰুৰ গোবৰৰ পৰা তৈয়াৰ কৰা হয় বাবে ইয়াৰ জনপ্ৰিয় নাম গোবৰ গেছ।
|
- জৈৱ গেছ প্ৰকল্পঃ এই প্ৰকল্পত জৈৱ আৱৰ্জনাসমূহ কুঁৱাৰ নিচিনা ইটাৰে নিৰ্মিত এটা খাদত প্ৰাকৃতিকভাৱে বিয়োজন হ’বলৈ দিয়া হয়। তাৰ পৰা উৎপন্ন হোৱা গেছ এটা আধাৰৰ জৰিয়তে নলীৰে ব্যৱহাৰৰ বাবে উলিওৱা হয়।
- বায়ু শক্তিঃ বতাহৰ গতি শক্তি ব্যৱহাৰেৰে উৎপন্ন কৰা যন্ত্ৰিক বা বিদ্যুৎ শক্তি।
- বায়ুকলঃ দৃঢ় আলমত কোনো উচ্চতাত স্থাপন কৰা বৃহৎ বৈদ্যুতিক পাংখাসদৃশ গঠন। ইয়াৰ ঘূৰ্ণন গতি ব্যৱহাৰ কৰি বৈদ্যুতিক জেনেৰেটৰৰ টাৰ্বাইন ঘূৰোৱা হয়। ই বতাহৰ গতি শক্তিক যান্ত্ৰিক বা বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে।
- বায়ু শক্তি পামঃ বিদ্যুৎ শক্তিক বাণিজ্যিক উদ্দেশ্যত ব্যৱহাৰৰ বাবে ভালেমান বায়ুকল স্থাপন কৰা এক পাম।
- সৌৰ শক্তিঃ সূৰ্যৰ পৰা আহৰণ কৰা পোহৰ আৰু তাপ শক্তি যাক আধুনিক প্ৰযুক্তিৰ সহায়ত অইন শক্তিলৈ ৰূপান্তৰ কৰা হয়।
- সৌৰ ধ্ৰুৱকঃ সূৰ্যৰ পৰা পৃথিৱীৰ গড় দূৰত্বত সৌৰ ৰশ্মিৰ লম্বভাৱে থকা পৃথিৱীৰ বায়ুমণ্ডলৰ বহিঃভাগৰ প্ৰান্তত প্ৰতি এক ক্ষেত্ৰফলত আপতিত সৌৰ শক্তিক ধ্ৰুৱক বোলে। এই ধ্ৰুৱকৰ মান প্ৰায় ১.৪ কিল’ৱাট/মিঃ।
- সৌৰ চুলাঃ সৌৰ শক্তি ব্যৱহাৰ কৰি খাদ্য প্ৰস্তুত কৰিব পৰা আহিলা।
- সৌৰ জল উত্তাপকঃ সূৰ্যৰ পোহৰৰ সহায়ত পানী গৰম কৰিব পৰা আহিলা।
- সৌৰ উত্তাপক আহিলাঃ সৌৰ শক্তিৰ সহায়ত উত্তাপ সৃষ্টি কৰিব পৰা আহিলা।
- সৌৰ কোষঃ এনে কোষ যিয়ে সূৰ্যৰ পোহৰক বিদ্যৎ শক্তিলৈ ৰূপান্তৰ কৰে।
প্ৰৰূপী সৌৰ কোষ এটাই সূৰ্যৰ ৰশ্মিৰ পৰা ০.৫ৰ পৰা ১ ভল্ট বিভৱ সৃষ্টি কৰে আৰু ০.৭ ৱাট বিদ্যুৎ উৎপাদন কৰিব পাৰে।
|
- সৌৰ কোষ ফলকঃ ভালেমান সৌৰ কোষ লগ লগাই ব্যৱহাৰিক উদ্দেশ্যত খটুৱাব পৰাকৈ বিদ্যুৎ উৎপাদন কৰিব পৰা আহিলা।
- জোৱাৰ-ভাটাঃ চন্দ্ৰৰ (সামান্য পৰিমাণে সূৰ্যৰ) মাধ্যাকৰ্ষণিক টানৰ বাবে ভূ-পৃষ্ঠৰ সামুদ্ৰিক জলপৃষ্ঠ ওফন্দি উঠা (জোৱাৰ) আৰু নামি যোৱা (ভাটা) পৰিঘটনা।
- জোৱাৰ-ভাটা শক্তিঃ জোৱাৰ-ভাটাৰ ফলত সৃষ্টি হোৱা সমুদ্ৰপৃষ্ঠৰ পাৰ্থক্যৰ জৰিয়তে উৎপাদন কৰা জলবিদ্যুৎ শক্তি।
- তৰংগঃ তীব্ৰ বতাহৰ গতিৰ ফলত সামুদ্ৰিক জলভাগত উঠা তৰংগ।
- তৰংগ শক্তিঃ তৰংগৰ পৰা উৎপন্ন হোৱা গতি শক্তিৰ পৰা উৎপাদন কৰা বিদ্যুৎ শক্তি।
- মহাসাগৰীয় তাপ শক্তিঃ মহাসাগৰৰ জলপৃষ্ঠৰ ওপৰত পৰা সৌৰশক্তিৰ বাবে সৃষ্টি হোৱা উপৰিভাগৰ উষ্ণতা আৰু গভীৰতাৰ শীতলতাৰ পাৰ্থক্যৰ ফলত সৃষ্টি হোৱা শক্তি।
- মহাসাগৰীয় তাপ শক্তি পৰিৱৰ্তন প্ৰকল্পঃ এবিধ সামুদ্ৰিক নৱীকৰণযোগ্য শক্তি প্ৰযুক্তি যাৰ জৰিয়তে এই নিউক্লীয় বিক্ৰিয়া য’ত মহাসাগৰৰ জলপৃষ্ঠই শোষণ কৰা সৌৰ শক্তিৰ পৰা বিদ্যুৎ শক্তি উৎপাদন কৰা হয়।
- ভূ-তাপীয় শক্তিঃ ভূ-পৃষ্ঠৰ অন্তঃভাগৰ গলিত উষ্ণ শিলৰ পৰা আহৰণ কৰা শক্তি।
- উষ্ণ অঞ্চলঃ ভূ-তাত্ত্বিক পৰিৱৰ্তনৰ ফলত ভূ-ত্বকৰ গভীৰতৰ উষ্ণ অঞ্চলত গঠন হোৱা গলিত শিলবোৰে ওপৰৰ ফালে ঠেলা খাই উঠি আহি জমা হৈ গঠন কৰা অঞ্চল।
- গৰম পানীৰ উহঃ ভূ-গৰ্ভৰ পানী উষ্ণ অঞ্চলৰ সংস্পৰ্শলৈ আহিলে সেই পানী বাষ্পীভূত হৈ ওলাই অহা নিৰ্গম পথ।
- নিউক্লীয় বিক্ৰিয়াঃ এটা পৰমাণুৰ নিউক্লিয়াছৰ পৰিৱৰ্তন ঘটা বিক্ৰিয়া।
- নিউক্লীয় শক্তিঃ পাৰমাণৱিক বিক্ৰিয়াত নিৰ্গত হোৱা শক্তি।
- নিউক্লীয় বিযোজনঃ এক নিউক্লীয় বিক্ৰিয়া য’ত গধুৰ পৰমাণু এটাৰ (উচ্চ পাৰমাণৱিক ভৰ বিশিষ্ট) অস্থিৰ নিউক্লিয়াছক এটা ধীৰ গতিৰ নিউট্ৰনে আঘাত কৰিলে ই দুটা মজলীয়া ভৰ বিশিষ্ট নিউক্লিয়াছত বিভক্ত হয় আৰু লগতে প্ৰচুৰ পৰিমাণৰ শক্তি আৰু দুটা বা তিনিটা বেগী নিউট্ৰন মুক্ত হয়।
শক্তিৰ প্ৰত্যক্ষ উৎস হিচাপে জীৱাশ্ম ইন্ধন আৰু সৌৰশক্তিৰ তুলনা আৰু পাৰ্থক্যঃ
ক্ৰমিক নং
|
তুলনা আৰু পাৰ্থক্যৰ ভিত্তি
|
জীৱাশ্ম ইন্ধন
|
সৌৰ শক্তি
|
(১)
|
শক্তিৰ উৎস
|
নৱীকৰণ অযোগ্য শক্তিৰ উৎস।
|
নৱীকৰণযোগ্য শক্তিৰ উৎস।
|
(২)
|
প্ৰদূষণ
|
দহনৰ ফলত প্ৰদূষণ হয়।
|
প্ৰদূষণ নহয়।
|
(৩)
|
ব্যৱহাৰৰ সময়সীমা
|
দিনৰ যিকোনো সময়তে ব্যৱহাৰ কৰিব পাৰি।
|
কেৱল এটা গৰম আৰু ৰৌদ্ৰোজ্বল দিনতহে ব্যৱহাৰ কৰিব পাৰি।
|
(৪)
|
ব্যয়
|
জীৱাশ্ম ইন্ধনৰ বাবে বাৰে বাৰে ব্যয় কৰিবলগা হয়।
|
মাত্ৰ এবাৰেই ব্যয় কৰিব লাগে।
|
(৫)
|
ব্যৱহাৰ
|
পোনপটীয়াকৈ ব্যৱহাৰ কৰিব পাৰি।
|
পোনপটীয়াকৈ ব্যৱহাৰ কৰিব নোৱাৰি।
|
(৬)
|
উপলব্ধতা
|
সীমিতভাৱে উপলব্ধ
|
উপলব্ধতাৰ সীমা নাই।
|
শক্তিৰ উৎস হিচাপে জীৱ ভৰ আৰু জলবিদ্যুতৰ মাজৰ পাৰ্থক্যসমূহ হ’লঃ
ক্ৰমিক নং
|
তুলনাৰ ভিত্তি
|
জীৱ ভৰ
|
জলবিদ্যুৎ
|
(১)
|
প্ৰদূষণ
|
বায়ু প্ৰদূষণ নহয়
|
কোনো প্ৰদূষণ নহয়
|
(২)
|
উৎপাদন
|
কৃষি-আৱৰ্জনাৰ পৰা উৎপন্ন হয়
|
গতিশীল পানীৰ পৰা উৎপন্ন হয়
|
(৩)
|
আহিলা
|
জৈৱ গেছ পাম স্থাপন কৰিব লগা হয়
|
বান্ধ নিৰ্মাণ কৰিবলগা হয়
|
(৪)
|
ব্যয়
|
অতি মিতব্যয়ী
|
আপেক্ষিকভাৱে ব্যয়বহুল
|
বতাহৰ পৰা শক্তি আহৰণৰ সীমাবদ্ধতাসমূহ হ’লঃ
- বছৰৰ বেছিভাগ সময়তে বায়ুপ্ৰৱাহ থকা অঞ্চলতহে উৎপাদন কৰিব পাৰি।
- বায়ু প্ৰৱাহৰ নিম্নতম বেগ প্ৰতি ঘণ্টাত ১৫ কিলোমিটাৰ হ’ব লাগিব।
- বায়ু প্ৰৱাহ নথকা সময়ত শক্তিৰ যোগান অব্যাহত ৰাখিবলৈ সঞ্চায়ক কোষৰ ব্যৱস্থা থাকিব লাগিব।
- বৃহৎ ভূমিখণ্ডৰ প্ৰয়োজন হয়।
- বায়ুকল স্থাপনৰ প্ৰাৰম্ভিক ব্যয় অতি বেছি।
- উচ্চস্তৰৰ তত্ত্বাৱধানৰ প্ৰয়োজন।
তৰংগ বা ঢৌৰ পৰা শক্তি আহৰণৰ সীমাবদ্ধতাসমূহ হ’লঃ
- সামুদ্ৰিক ঢৌ অতি বেছি থকা অঞ্চলতহে এনে প্ৰকল্প প্ৰযোজ্য। ঢৌ কমিলেই উৎপাদন বন্ধ হৈ পৰে।
- বৰ্তমান উপলব্ধ প্ৰযুক্তিৰ সহায়ত ঢৌৰ পৰা শক্তি আহৰণ কৰাটো অত্যধিক ব্যয়বহুল।
- উপকূলীয় অঞ্চলতহে এয়া সম্ভৱ।
জোৱাৰৰ পৰা শক্তি উৎপাদনৰ সীমাবদ্ধতাসমূহ হ’লঃ
- জোৱাৰ ভাটাৰ বাবে বান্ধ নিৰ্মাণ কৰিব পৰা ঠাই সীমিত।
- উৎপাদিত শক্তিৰ পৰিমাণ অতি কম।
- ব্যয়বহুল।
(ক) নৱীকৰণযোগ্য শক্তিৰ উৎসসমূহ প্ৰকৃতিত অবিৰতভাৱে উৎপন্ন হৈ থাকে অথবা এইবোৰৰ পুনঃ নৱীকৰণ কৰিব পাৰি।
যেনেঃ সৌৰ শক্তি, বায়ু শক্তি, জল শক্তি ইত্যাদি।
আনহাতে, নৱীকৰণ অযোগ্য শক্তিৰ উৎসসমূহ গঠন হওঁতে নিযুত নিযুত বছৰৰ প্ৰয়োজন হয় আৰু এবাৰ শেষ হ’লে ততালিকে ঘূৰাই পাব পৰা নাযায়।
যেনেঃ জীৱাশ্ম ইন্ধন।
(খ) সীমিত শক্তিৰ উৎসক ক্ষয়িষ্ণু শক্তি উৎস বোলে। যেনেঃ কয়লা, পেট্ৰ’লিয়াম, প্ৰাকৃতিক গেছ ইত্যাদি।
আনহাতে যি শক্তিৰ যোগান অসীম আৰু ই সহজে বা কেতিয়াও শেষ হৈ নাযায় তেনে শক্তিৰ উৎসক অক্ষয়িষ্ণু শক্তিৰ শাৰীত ধৰা হয়। যেনেঃ সৌৰ শক্তি, বায়ু শক্তি, জল শক্তি ইত্যাদি।
নৱীকৰণযোগ্য শক্তিৰ উৎসসমূহ নিঃশেষ হৈ নাযায় অৰ্থাৎ অক্ষয়িষ্ণু। আনহাতে, নৱীকৰণ অযোগ্য শক্তিৰ উৎস শেষ হৈ যোৱাবিধৰ উৎস অৰ্থাৎ ক্ষয়িষ্ণু।
শক্তিৰ বৰ্ধিত চাহিদাৰ ফলস্বৰূপে পৰিৱেশৰ ওপৰত পৰা প্ৰভাৱসমূহ হ’লঃ
- শক্তিৰ চাহিদা পূৰাবৰ বাবে জীৱাশ্ম ইন্ধনৰ মাত্ৰাধিক ব্যৱহাৰৰ ফলত বায়ু প্ৰদূষণ হৈছে। জীৱাশ্ম ইন্ধন দহন কৰিলে নাইট্ৰজেন, ছালফাৰ আৰু কাৰ্বনৰ আম্লিক অক্সাইড উৎপন্ন হয় যিয়ে এছিড বৰষুণৰ সৃষ্টি কৰি ভূমি আৰু জলসম্পদত বিৰূপ প্ৰভাৱ পেলায়।
- বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ মাত্ৰাধিক উপস্থিতিয়ে সেউজগৃহ প্ৰভাৱ সৃষ্টি কৰি গোলকীয় উষ্ণতা বৃদ্ধি কৰে। সেউজগৃহ গেছৰ বৰ্ধিত নিৰ্গমন গোলকীয় উত্তাপ বৃদ্ধি পোৱাৰ মূল কাৰণ।
- জলবিদ্যুৎ উৎপন্ন কৰিবৰ বাবে নিৰ্মাণ কৰা নদীবান্ধসমূহে পৰিস্থিতিতান্ত্ৰিক ভাৰসাম্যতা বিনষ্ট কৰে।
- নিউক্লীয় শক্তি প্ৰকল্প হ’ল তেজষ্ক্ৰিয় প্ৰদূষণৰ মূল কাৰণ। এনে প্ৰকল্পৰ পৰা নিৰ্গত বিকিৰণ পৰিৱেশৰ বাবে খুবেই হানিকাৰক।
শক্তিৰ ব্যয় কমোৱাৰ বাবে কেইটামান পৰামৰ্শঃ
- শক্তিৰ নৱীকৰণ অযোগ্য উৎসৰ ব্যৱহাৰ যথোচিত হ’ব লাগে।
- শক্তিৰ নৱীকৰণযোগ্য উৎস, যেনে- সৌৰ শক্তি, বায়ু শক্তি, বোঁৱতী পানীৰ শক্তি, জৈৱ ভৰৰ শক্তি, জোৱাৰ শক্তি, ভূ-তাপীয় শক্তি আদিৰ ব্যৱহাৰ কৰিব লাগে।
- শক্তি সংৰক্ষণ কৰিব লাগে। পাংখা, বৈদ্যুতিক চাকি, প্ৰশীতক যন্ত্ৰ আদি ব্যৱহাৰ নকৰাৰ সময়ত বন্ধ কৰি বা সংযোগ বিচ্ছিন্ন কৰি থ’ব লাগে।
- ৰাজহুৱা যাত্ৰীবাহী বাহন যেনে- বাছ, ৰেলগাড়ী আদিৰ ব্যৱহাৰে ইন্ধনৰ খৰচ কমাব।
- পানীৰ টেপ ব্যৱহাৰৰ পিছত বন্ধ কৰি থ’ব লাগে।
- খাদ্য ৰন্ধাৰ বাবে প্ৰেচাৰ কুকাৰ ব্যৱহাৰ কৰিব লাগে।
- সকলো যান্ত্ৰিক সা-সৰঞ্জাম নিয়মিতভাৱে চোৱা-চিতা আৰু প্ৰয়োজন অনুসাৰে মেৰামতি কৰি থাকিলে যথেষ্ট ইন্ধন ৰাহি হয়।
- তৰলীকৃত পেট্ৰ’লিয়াম গেছ ব্যৱহাৰ নকৰাৰ সময়ত নিয়ন্ত্ৰক (ৰেগুলেটৰ) বন্ধ কৰি থ’ব লাগে।
জলবিদ্যুৎ উৎপাদনৰ সুবিধাসমূহঃ
- জলবিদ্যুৎ উৎপাদনৰ উৎস পানী প্ৰাকৃতিকভাৱে উপলব্ধ আৰু ই নৱীকৰণযোগ্য শক্তিৰ উৎস।
- মাত্ৰ এটা প্ৰকল্পৰ যোগেদি বৃহৎ মাত্ৰাত শক্তি উৎপাদন কৰিব পাৰি।
- জলবিদ্যুৎ উৎপাদনে পৰিৱেশৰ ওপৰত কোনোধৰণৰ নেতিবাচক প্ৰভাৱ নেপেলায়।
- নদীবান্ধ নিৰ্মাণৰ ফলত জলসিঞ্চনৰ সু-ব্যৱস্থা হয় আৰু বানপানী নিয়ন্ত্ৰণ হয়।
- প্ৰয়োজনীয় পানী বিনামূল্যে পোৱা যায়।
জলবিদ্যুৎ প্ৰকল্পৰ অসুবিধাসমূহঃ
- সকলো নদী আৰু অঞ্চল জলবিদ্যুৎ প্ৰকল্পৰ বাবে উপযোগী নহয়।
- বান্ধ নিৰ্মাণৰ ফলত মানুহ, জীৱ-জন্তু, চৰাই-চিৰিকতিৰ বাসস্থান ধ্বংস হয়।
- প্ৰকল্পৰ ফলত বান্ধৰ সমীপৱৰ্তী এক বৃহৎ অঞ্চল পানীত বুৰ গৈ থাকে।
জৈৱ গেছ কি-
জৈৱ গেছ হৈছে মিথেন, কাৰ্বন-ডাই-অক্সাইড, হাইড্ৰ’জেন ছালফাইডৰ মিশ্ৰণ যি জৈৱ আৱৰ্জনা, যেনে- গৰুৰ গোবৰ, উদ্ভিদজাত পেলনীয়া সামগ্ৰী, পেলনীয়া পাচলি আদিৰ অবায়ুক বিয়োজনৰ ফলত উৎপন্ন হয়।
জৈৱ গেছৰ সুবিধাসমূহ হ’লঃ
- ইয়াত কেলৰি মান অধিক।
- ই ধোঁৱা সৃষ্টি নকৰাকৈ জ্বলে বাবে বায়ু প্ৰদূষণ নহয়।
- ই কোনো অৱশিষ্ট নৰখাকৈ জ্বলে।
- ই আন ইন্ধনতকৈ সস্তীয়া আৰু ইয়াক জৈৱ গেছ প্ৰকল্পৰ পৰা পোনপটীয়াকৈ যোগাব পাৰি।
জৈৱ গেছক তলত দিয়া ধৰণে ব্যৱহাৰ কৰিব পাৰিঃ
- পোহৰৰ বাবে
- ইঞ্জিন আৰু পানীৰ পাম্প চলাবৰ বাবে।
- ৰন্ধন কাৰ্য আৰু অন্যান্য ঘৰুৱা কাৰ্যৰ বাবে।
সৌৰকোষৰ সুবিধাসমূহঃ
- প্ৰদূষণমুক্ত আৰু পৰিৱেশ হিতৈষী শক্তিৰ উৎস।
- স্বয়ংক্ৰিয়ভাৱে উৎপাদিত শক্তিৰ উৎস, কিয়নো ইয়াক সকলো ঠাইতে ব্যৱহাৰ কৰিব পাৰি।
- চোৱা-চিতা কমকৈ কৰিবলগা হয় আৰু চলন্ত সা-সৰঞ্জাম নথকা বাবে বহুদিনলৈ তিষ্ঠি থাকে।
সৌৰকোষৰ অসুবিধাসমূহঃ
- সৌৰকোষ তৈয়াৰ কৰাৰ বাবে ব্যৱহাৰ কৰা বিশেষ ধৰণৰ চিলিকন অতি ব্যয়বহুল।
- সৌৰকোষ ফলকৰ কোষসমূহৰ আন্তঃসংযোগৰ বাবে ৰূপৰ তাঁৰ ব্যৱহাৰ কৰাৰ বাবে ই ব্যয়বহুল হৈ পৰে।
- সৌৰকোষৰ দক্ষতা কম।
মহাসাগৰীয় তাপ শক্তিৰ সুবিধাসমূহ হ’লঃ
- অবিৰত, নৱীকৰণযোগ্য আৰু প্ৰদূষণমুক্ত শক্তিৰ উৎস।
- মহাসাগৰীয় তাপ শক্তি পৰিৱৰ্তন প্ৰকল্প দিনৰ ২৪ ঘণ্টাই আৰু বছৰৰ যিকোনো সময়ত চলাব পাৰি।
ভূ-তাপীয় শক্তি কেনেদৰে বিদ্যুৎ শক্তি উৎপাদনত ব্যৱহাৰ কৰা হয় ?
কিছুমান অঞ্চলত ভূ-তাত্ত্বিক পৰিৱৰ্তনৰ বাবে উত্তপ্ত মেগমা খোলাটোলৈ উঠি আহে কিন্তু ভূ-পৃষ্ঠৰ তলত আৱদ্ধ হৈ থাকে। পৃথিৱীৰ খোলাটোৰ এনে অঞ্চলবোৰক উষ্ণ অঞ্চল বোলা হয়। এই উষ্ণ অঞ্চলেই হৈছে ভূ-তাপীয় শক্তিৰ উৎস। ভূগৰ্ভৰ পানী উষ্ণ অঞ্চলৰ সংস্পৰ্শলৈ আহিলে সেই পানী বাষ্পলৈ ৰূপান্তৰিত হয় যি অতি উচ্চ চাপত সংকুচিত হৈ থাকে। এই বাষ্প পাইপৰ জৰিয়তে টাৰ্বাইনলৈ আনি বিদ্যুৎ শক্তি উৎপাদনৰ ব্যৱস্থা কৰা হয়।
নিউক্লীয় শক্তি প্ৰকল্পৰ সীমাবদ্ধতাসমূহঃ
- নিউক্লীয় শক্তি উৎপাদনৰ বাবে কৰা নিউক্লীয় বিখণ্ডনৰ বিভিন্ন স্তৰত নানা হানিকাৰক আৱৰ্জনাৰ সৃষ্টি হয় যি আমাৰ প্ৰাণী তথা উদ্ভিদ সকলোৰে বাবে বিপদজনক। সেয়ে নিউক্লীয় ইন্ধন ব্যৱহাৰৰ পিছৰ অৱশিষ্ট ব্যৱস্থাপনা কৰাতো ডাঙৰ সমস্যা। উদাহৰণস্বৰূপেঃ ইউৰেনিয়ামে বিভিন্ন হানিকাৰক উপ-পাৰমাণৱিক কণা (বিকিৰণ) নিৰ্গত কৰে।
- দুৰ্ঘটনাবশতঃ হোৱা নিউক্লীয় বিকিৰণে আমাৰ পৰিৱেশৰ মাটি, পানী, বায়ু বিনষ্ট কৰিব পাৰে।
- নিউক্লীয় শক্তি প্ৰকল্প স্থাপনৰ ব্যয় বহুত।
- ইউৰেনিয়ামৰ সীমিত উপলব্ধতাই নিউক্লীয় শক্তিৰ বিস্তৃত ব্যৱহাৰক বাধাগ্ৰস্ত কৰে।
জলশক্তি প্ৰকল্পত কেনেদৰে জলবিদ্যুৎ উৎপাদন কৰা হয়ঃ
জলবিদ্যুৎ প্ৰকল্পত ভূ-পৃষ্ঠৰ পৰা অধিক উচ্চতাত নদীৰ প্ৰবাহক বাধা দি বান্ধ সাজি বোঁৱতী পানী বেষ্টিত কৰা হয়। এই পানী বান্ধৰ পিছফালে বৃহৎ ভাণ্ডাৰত মজুত কৰা হয় যত জলস্তৰৰ উচ্চতা বাঢ়ি স্থিতি শক্তি উৎপন্ন হয়। পাইপৰ জৰিয়তে বান্ধৰ পাদদেশত থকা টাৰ্বাইনলৈ ওপৰৰ স্তৰৰ পৰা পানী এৰি দিয়া হয়। উচ্চস্থানৰ পৰা তললৈ নমা পানীয়ে তীব্ৰ গতি লয় আৰু পানীত থকা স্থিতি শক্তি গতি শক্তিলৈ ৰূপান্তৰ হয়। এই গতি শক্তিয়ে টাৰ্বাইনবোৰ তীব্ৰ বেগে ঘূৰাব ধৰে। ঘূৰ্ণীয়মান টাৰ্বাইনক বৈদ্যুতিক জেনেৰেটৰৰ শ্বাফটৰ লগত সংযোগ কৰি জলবিদ্যুৎ উৎপন্ন কৰা হয়।
ক্ৰমিক নং
|
শক্তিৰ উৎস
|
পৰম্পৰাগত
|
অপৰম্পৰাগত
|
নৱীকৰণযোগ্য
|
নৱীকৰণ অযোগ্য
|
১
|
তৰংগ শক্তি
|
|
√
|
√
|
|
২
|
নিউক্লীয় শক্তি
|
|
√
|
√
|
√
|
৩
|
বায়ু শক্তি
|
√
|
|
√
|
|
৪
|
পেট্ৰ’লিয়াম
|
√
|
|
|
√
|
৫
|
ভূ-তাপীয় শক্তি
|
|
√
|
√
|
|
৬
|
সৌৰ শক্তি
|
|
√
|
√
|
|
৭
|
মহাসাগৰীয় তাপ শক্তি
|
|
√
|
√
|
|
৮
|
কয়লা
|
√
|
|
|
√
|
৯
|
জৈৱ গেছ
|
√
|
|
√
|
|
১০
|
জোৱাৰ শক্তি
|
|
√
|
√
|
|
ৰন্ধা-বঢ়াৰ বাবে ব্যৱহাৰ কৰা ইন্ধনৰ বিভিন্ন বিকল্পঃ
- তৰলীকৃত পেট্ৰ’লিয়াম গেছ
- সংকুচিত প্ৰাকৃতিক গেছ
- আঙঠা
- বৈদ্যুতিক ফলক
- খৰি
ভাল ইন্ধনৰ তলত দিয়া গুণসমূহ থাকিব লাগিবঃ
- উচ্চ কেলৰি মান
- মধ্যমীয়া প্ৰজ্বলাংক
- সস্তীয়া আৰু সহজে উপলব্ধ
- দহনৰ মাত্ৰা মধ্যমীয়া
- দহনৰ ফলত হানিকাৰক পদাৰ্থৰ সৃষ্টি হ’ব নালাগিব
ঠাই আৰু সময়ভেদে ইন্ধনৰ ব্যৱহাৰো সলনি হয়ঃ
- এখন হাবিতঃ খৰি, শুকান পাত বা ইকৰা।
- দূৰৰ পাহাৰীয়া গাঁও এখনত বা সৰু দ্বীপ এটাতঃ খৰি, কয়লা বা গৰুৰ গোবৰজাত ইন্ধন।
- নতুন দিল্লীতঃ তৰলীকৃত পেট্ৰ’লিয়াম গেছ, সংকুচিত প্ৰাকৃতিক গেছ, আৱেশ চুলা ইত্যাদি।
- পাঁচ শতিকাৰ পূৰ্বেঃ খৰি।
ঠাইভেদে ইন্ধন সলনি কৰাৰ ভিত্তি হ’লঃ
- অঞ্চলটোৰ পৰিৱেশ।
- ইন্ধনৰ উপলব্ধতা।
- প্ৰযুক্তিৰ উন্নতি।
শক্তিৰ বিভিন্ন উৎসৰ তথা পৰিৱেশৰ ওপৰত এইবোৰৰ প্ৰভাৱঃ
ক্ৰমিক নং
|
শক্তিৰ উৎস
|
পৰিৱেশৰ ওপৰত প্ৰভাৱ
|
১
|
জীৱাশ্ম ইন্ধনঃ
কয়লা
পেট্ৰ’লিয়াম
প্ৰাকৃতিক গেছ
|
- কয়লাৰ খননে ভূ-পৃষ্ঠৰ ক্ষতি সাধন কৰে।
- সকলো জীৱাশ্ম ইন্ধনৰ দহনে বায়ু প্ৰদূষণ কৰে।
- পেট্ৰ’লিয়াম পানীৰ লগত মিহলি হৈ জলাশয়সমূহত প্ৰদূষণ কৰে।
|
২
|
তাপ শক্তি
|
- পৰিস্থিতিতান্ত্ৰিক বিভ্ৰাটৰ সৃষ্টি কৰে।
- বায়ু প্ৰদূষণ ঘটায়, গোলকীয় উত্তাপ বৃদ্ধি কৰে।
- জলজ জীৱৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে।
|
৩
|
জল শক্তি
|
- কৃষিভূমি বিনষ্ট কৰে, প্ৰাকৃতিক আৱাস ধ্বংস কৰে, জলস্ৰোত সলনি কৰে।
- বান্ধে নদী এখনৰ পৰিস্থিতিতন্ত্ৰৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়।
- খহনীয়া সৃষ্টি কৰে।
|
৪
|
জীৱ ভৰ
|
- বৃহৎ পামক্ষেত্ৰৰ প্ৰয়োজন হোৱা বাদে ই পৰিৱেশৰ ওপৰত আন কোনো বিশেষ বিৰূপ প্ৰভাৱ নেপেলায়।
|
৫
|
বায়ু শক্তি
|
- এটা অঞ্চলৰ ওপৰত দৃশ্যপটজনিত আৰু নন্দনতাত্ত্বিক প্ৰভাৱ পৰে।
- শব্দ প্ৰদূষণৰ সৃষ্টি কৰে।
- পক্ষীজগতৰ ক্ষতিসাধন কৰে, কিয়নো বহু সময়ত পক্ষী বায়ুকলত খুন্দা খাই মৃত্যুমুখত পৰে।
|
৬
|
সৌৰ শক্তি
|
- গোলকীয় উষ্ণতা কমোৱাত সহায় কৰে।
- বৃহৎ ভূমি অঞ্চল ব্যৱহৃত হয়।
|
৭
|
জোৱাৰ শক্তি
|
- জলজ জীৱৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে।
|
৮
|
তৰংগ শক্তি
|
- তৰংগ শক্তি প্ৰকল্পই সামুদ্ৰিক পৰিস্থিতিতন্ত্ৰত বিৰূপ প্ৰভাৱ পেলায়।
- শব্দ প্ৰদূষণৰ সৃষ্টি কৰে আৰু সামুদ্ৰিক জীৱৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে।
|
৯
|
মহাসাগৰীয় তাপ শক্তি
|
- সামুদ্ৰিক জীৱক প্ৰভাৱিত কৰে।
- উপকূলীয় অঞ্চলৰ ক্ষতিসাধন কৰে।
|
১০
|
ভূ-তাপীয় শক্তি
|
- প্ৰাকৃতিক উষ্ণ অঞ্চলৰ কাৰ্যকলাপ ব্যাহত কৰে।
- পেলনীয়া পানীয়ে মাটি প্ৰদূষণ ঘটায়।
- তেজষ্ক্ৰিয় আৱৰ্জনাৰ সৃষ্টি হয় যিয়ে পৰিৱেশ প্ৰদূষণ কৰে।
|
১১
|
নিউক্লীয় শক্তি
|
- উপজাত দ্ৰব্যসমূহ বিষাক্ত হয়।
- তেজষ্ক্ৰিয় আৱৰ্জনাৰ সৃষ্টি কৰে যিবোৰে দীৰ্ঘকাল ধৰি বিৰাজ কৰে। এইবোৰক বেলেগে মজুত কৰিব লগা হয়।
- ইউৰেনিয়াম খনন পৰিৱেশৰ প্ৰতি অনুকূল নহয়।
- ইউৰেনিয়াম নিঃশেষ হ’ব পাৰে।
- নিউক্লীয় আৱৰ্জনা আধুনিক যুদ্ধাস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ ফলত পৰিৱেশ সম্পূৰ্ণৰূপে বিনষ্ট হ’ব পাৰে।
|
শক্তিৰ বিভিন্ন উৎসৰ সুবিধা-অসুবিধাসমূহ এনেধৰণৰঃ
ক্ৰমিক নং
|
শক্তিৰ উৎস
|
সুবিধা
|
অসুবিধা
|
১
|
জীৱাশ্ম ইন্ধনঃ
|
প্ৰচুৰ পৰিমাণে পোৱা যায়, সহজে উপলব্ধ, ব্যয়সাধ্য, পোনপটীয়াকৈ জ্বলাব পাৰি, ৰাস্তা আৰু ঢালাইৰ বাবে কয়লাৰ অৱশিষ্ট ব্যৱহাৰ কৰিব পাৰি।
|
প্ৰদূষণ সৃষ্টিকাৰক, স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰে, জ্বলাবলৈ তুলনামূলকভাৱে টান।
|
|
উপজাত সামগ্ৰী যেনে, তৰলীকৃত পেট্ৰ’লিয়াম গেছ, কেৰাচিন আদি প্ৰয়োজনীয় ইন্ধন পোৱা যায়।
|
প্ৰদূষণ কৰে।
|
|
প্ৰদূষণ কম, ছাই নাথাকে, উষ্ণতা অধিক, গোন্ধবিহীন।
|
সহজে পুনৰ উদ্ধাৰ কৰিব নোৱাৰি, কিছু পৰিমাণে প্ৰদূষণৰ সৃষ্টি কৰে।
|
২
|
তাপ শক্তি
|
প্ৰাৰম্ভিক ব্যয় কম, সহজে চোৱা-চিতা কৰিব পাৰি, পানীৰ সুবিধা থকা যিকোনো স্থানতে স্থাপন কৰিব পাৰি।
|
চলোৱাৰ বাবে ব্যয় অধিক, দক্ষতা কম, পৰিৱেশ সংক্ৰান্তীয় অসুবিধা আছে।
|
৩
|
জল শক্তি
|
স্বচ্ছ আৰু পুনৰুৎপাদন কৰিব পৰা বিধৰ, উৎপাদন ব্যয় কম, গোটেই বছৰজুৰি উপলব্ধ, চোৱা-চিতাৰ খৰচ কম।
|
পৰিৱেশ বিনষ্ট কৰে।
|
৪
|
জীৱ ভৰ
|
স্বচ্ছ ইন্ধন, আৱৰ্জনা মূল উপাদান, ব্যয়-সাধ্য, তাপ উৎপাদন ক্ষমতা বেছি, ধোঁৱাবিহীন, ছাই নোলায়।
|
বৃহৎ এলেকাৰ প্ৰয়োজন হয়, ব্যয়বহুল, মজুত আৰু পৰিবহণৰ অসুবিধা।
|
৫
|
বায়ু শক্তি
|
আপেক্ষিকভাৱে ব্যয় কম, শেষ হৈ যোৱাবিধৰ নহয়, প্ৰদূষণ সৃষ্টি নকৰে, পোনপটীয়াকৈ ব্যৱহাৰ কৰিব পাৰি।
|
নিৰ্ভৰযোগ্য নহয় যিহেতু বায়ু প্ৰবাহ সকলো সময়তে নাথাকে, বতাহে কোবোৱা অঞ্চলতহে ই প্ৰযোজ্য, নিম্নমানৰ দক্ষতা, চোৱা-চিতাৰ ব্যয় অধিক, চাহিদা থকা অঞ্চলৰ পৰা দূৰৈত অৱস্থিত হয়।
|
৬
|
সৌৰ শক্তি
|
স্বচ্ছ, অসীম উৎস, অইন শক্তি উৎস নথকা বা অন্য শক্তিত ব্যয় অধিক হোৱা অঞ্চলত স্থাপন কৰিব পাৰি, প্ৰদূষণ সৃষ্টি নকৰে, প্ৰাৰম্ভিক ব্যয়হে হয়, চোৱা-চিতাৰ ব্যয় কম।
|
সূৰ্যৰ পোহৰ সঘনে পৰা অঞ্চলতহে প্ৰযোজ্য, অধিক হাৰত উৎপাদন কৰাটো ব্যয়বহুল, উৎপাদন কম, ৰাতি আৰু শীতকালত উপলব্ধ নহয়।
|
৭
|
জোৱাৰ শক্তি
|
শেষ হৈ যোৱাবিধৰ নহয়, স্বচ্ছ বায়ু শক্তি, সৌৰ শক্তি বা কয়লাতকৈ দক্ষতা অধিক, চোৱা-চিতাৰ ব্যয় কম।
|
প্ৰকল্প স্থাপনৰ ব্যয় অধিক, উপকূলীয় অঞ্চলতহে প্ৰযোজ্য, শক্তি উৎপাদনৰ সময় কম, ব্যয় সাৰ্থক নহয়, চাহিদা থকা অঞ্চলৰ পৰা দূৰত স্থাপিত হয়।
|
৮
|
তৰংগ শক্তি
|
চোৱা-চিতা আৰু চলোৱাৰ ব্যয় কম, দক্ষতা বেছি।
|
ঠাই সীমিত, নিৰ্ভৰযোগ্য নহয়, শব্দ প্ৰদূষণ হয়, বেয়া বতৰত উৎপাদন কমে।
|
৯
|
মহাসাগৰীয় তাপ শক্তি
|
বিনামূলীয়া আৰু পৰ্যাপ্ত শক্তিৰ উৎস, শেষ হৈ নাযায়।
|
উৎপাদন ব্য অধিক, অৰ্থনৈতিক দিশৰ পৰা যুক্তিযুক্ত নহয়, বিস্তৃতভাৱে প্ৰযোজ্য নহয়।
|
১০
|
ভূ-তাপীয় শক্তি
|
শক্তিৰ শেষ নোহোৱা উৎস, শক্তিৰ পৰিমাণ স্থিৰ, আৱৰ্জনাৰ সৃষ্টি নহয়, পোনপটীয়াকৈ ব্যৱহাৰ কৰিব পাৰি, চোৱা-চিতা ব্যয় কম, বতৰৰ ওপৰত নিৰ্ভৰশীল নহয়।
|
উষ্ণ অঞ্চলতহে প্ৰযোজ্য, স্থাপন আৰু চলোৱাৰ ব্যয় অধিক, চাহিদা থকা অঞ্চলৰ পৰা দূৰত স্থাপিত হয়।
|
১১
|
নিউক্লীয় শক্তি
|
নিৰ্ভৰযোগ্য, বহনক্ষম, ধোঁৱাবিহীন, উচ্চশক্তিসম্পন্ন, আপেক্ষিকভাৱে কম আৱৰ্জনাৰ সৃষ্টি কৰে, অধিক নিৰাপদ।
|
নিউক্লীয় আৱৰ্জনাৰ সৃষ্টি কৰে, সীমিত আৰু নৱীকৰণ-অযোগ্য মৌল ইউৰেনিয়ামৰ ওপৰত নিৰ্ভৰশীল, প্ৰকল্প স্থাপনৰ ব্যয় অধিক।
|
প্ৰতিবিধ ইন্ধনৰ সুবিধা-অসুবিধাসমূহ বিবেচনা কৰাৰ পিছত বৰ্তমানৰ প্ৰযুক্তিৰ প্ৰতি লক্ষ্য ৰাখি সৌৰশক্তি আৰু জীৱভৰকেই সৰ্বোৎকৃষ্ট শক্তিৰ উৎস বুলি ক’ব পাৰি। এইক্ষেত্ৰত পৰিৱেশৰ সংৰক্ষণৰ কথাও বিবেচনা কৰা হৈছে। শক্তিৰ উচ্চ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি নতুন প্ৰযুক্তিৰ বিকাশ হ’বই লাগিব। তদুপৰি ভূ-তাপীয় শক্তিও চাহিদা পূৰণৰ অন্যতম আহিলা হ’ব পাৰে।
সৌৰচুলাৰ গঠন আৰু কাৰ্যপ্ৰণালীঃ
সৌৰ শক্তিৰ সহায়ত ৰন্ধন কাৰ্য কৰিব পৰা আহিলাবিধেই হ’ল সৌৰ চুলা। ভিতৰফালে ক’লা ৰং সনা কাঠৰ বা ধাতৱীয় অপৰিবাহী বাকচ এটাৰে ই মূলতঃ তৈয়াৰী। বাকচটোৰ ওপৰত ডাঠ কাঁচৰ ঢাকনি দিয়া হয় যিয়ে বিকিৰণৰ জৰিয়তে তাপ শক্তিৰ হানি হ্ৰাস কৰে আৰু তাপ শক্তি আৱদ্ধ কৰে। ইয়াৰ ফলত বাকচৰ ভিতৰৰ উষ্ণতা বাঢ়ি যায়। বাকচটোত থকা এখন সমতল দাপোণে সূৰ্যৰ ৰশ্মিৰ প্ৰতিফলক হিচাপে কাম কৰে। বাহিৰফালে ক’লা ৰং দিয়া খাদ্যবস্তুৰ আধাৰত ৰান্ধিবলগীয়া খাদ্যখিনি ৰাখি এয়া বাকচৰ ভিতৰত থোৱা হয়। বাকচ আৰু খাদ্যবস্তু ৰখা আধাৰটো ক’লা ৰং দিয়া হয়, কিয়নো ক’লা পৃষ্ঠই অধিক তাপ শোষণ কৰে।
প্ৰতিফলিত সৰ্বোচ্চ পোহৰ পৰিবলৈ সূৰ্যৰ ৰশ্মিৰ দিশত সৌৰ চুলাটো ৰখা হয়। প্ৰতিফলকৰ জৰিয়তে সূৰ্যৰ ৰশ্মি প্ৰতিফলিত হৈ খাদ্যবস্তু থকা কক্ষৰ ওপৰত পৰে। যিমানে বেছি ৰশ্মি বাকচত পৰে, বাকচৰ উষ্ণতা সিমানে বৃদ্ধি পায়। দুঘণ্টামানৰ ভিতৰতে সৌৰ চুলাৰ উষ্ণতা ১০০০ৰ পৰা ১৪০০ ছেলচিয়াছ হয়গৈ। পাচলি, চাউল, দাইল আদি সিজোৱাৰ বাবে এই উষ্ণতা যথেষ্ট।
মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱীঃ
- মানৱ চকুঃ মানৱ চকুযোৰ হ’ল এক অমূল্য আৰু অতি সংবেদনশীল অনুভূতি ইন্দ্ৰিয় যিয়ে আমাক আমাৰ চাৰিওফালে থকা বিস্ময়কৰ বাৰেবৰণীয়া পৃথিৱীখন প্ৰত্যক্ষ কৰোৱায়।
- কৰ্ণিয়াঃ এখন পাতল পৰ্দা যাৰ মাজেৰে চকুত পোহৰ প্ৰৱেশ কৰে। ই অক্ষিগোলকৰ সন্মুখ পৃষ্ঠত উফন্দি উঠা স্বচ্ছ অংশ এটা সৃষ্টি কৰে।
- অক্ষিগোলকঃ মানৱ চকুৰ প্ৰায় ২.৩ ছেণ্টিমিটাৰ ব্যাসৰ মোটামোটিভাৱে গোলাকাৰ অংশ এটা।
- চকুৰ পতা বা নেত্ৰকপাটঃ কৰ্ণিয়াৰ পিছফালে থকা এখন কলা পেশীযুক্ত পৰ্দা যিয়ে চকুৰ মণিৰ আকাৰ নিয়ন্ত্ৰণ কৰে।
- চকুৰ মণিঃ চকুৰ পতা বা নেত্ৰকপাটত থকা এটা সৰু মধ্য ফুটা বা বিন্ধা যিয়ে চকুত প্ৰৱেশ কৰা পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ তথা নিয়মীয়া কৰে।
চকুৰ মণিটোৱে এটা পৰিৱৰ্তনশীল ছিদ্ৰৰ দৰে যি চকুৰ মণিবলয় বা পতাৰ সহায়ত আকাৰ সলনি কৰে।
|
- চকুৰ লেনছঃ আঁহযুক্ত জেলীসদৃশ পদাৰ্থৰে গঠিত চকুৰ পতা বা নেত্ৰকপাটৰ পিছফালে থকা উত্তল যিয়ে অক্ষিপটত প্ৰতিবিম্ব গঠন কৰিবলৈ প্ৰয়োজনীয় ফ’কাছ দৈৰ্ঘ্য অতি সুন্দৰকৈ নিয়ন্ত্ৰণ কৰে।
- চিলিয়াৰী পেশীঃ চকুৰ লেনছক এটা উপযুক্ত অৱস্থাত ধৰি ৰখা আৰু তাৰ ফ’কাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন ঘটোৱা পেশী।
- ফ’কাছ দৈৰ্ঘ্যঃ চকুৰ লেনছৰ আলোককেন্দ্ৰৰ পৰা মুখ্য ফ’কাছৰ দূৰত্ব।
- নেত্ৰৰসঃ কৰ্ণিয়া আৰু চকুৰ লেনছৰ মাজৰ ঠাইখিনি পূৰাই থকা পাতল তৰল পদাৰ্থ।
- অক্ষিপটঃ চকুত থকা এখন অসংখ্য পোহৰ সংবেদী কোষযুক্ত পোহৰ সংবেদী কোমল পৰ্দা য’ত প্ৰতিবিম্ব (সৎ আৰু ওলোটা) গঠন হয়।
- পোহৰ সংবেদী কোষঃ অক্ষিপটত থকা কোষসমূহ যিবোৰত পোহৰ পৰিলে সক্ৰিয় হৈ উঠে আৰু বৈদ্যুতিক সংকেত উৎপন্ন কৰে।
- নেত্ৰমেদঃ চকুৰ লেনছ আৰু অক্ষিপটৰ মাজৰ খালী ঠাই পূৰাই থকা পৰিষ্কাৰ সান্দ্ৰ পদাৰ্থ।
- নেত্ৰ-স্নায়ুঃ মগজুলৈ বৈদ্যুতিক সংকেত প্ৰেৰণ কৰা স্নায়ুসমূহ।
- উপযোজন ক্ষমতাঃ বিভিন্ন দূৰত্বত থকা বস্তু অনুযায়ী চকুৰ লেনছৰ ফ’কাছ দৈৰ্ঘ্য মিলাই ল’ব পৰা সামৰ্থ্যকে উপযোজন ক্ষমতা বোলে।
- স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব/চকুৰ নিকট বিন্দুঃ চকুৰ পৰা ন্যূনতম দূৰত্ব, যি দূৰত্বত বস্তু অটা স্পষ্টকৈ আৰু কৃচ্ছ্ৰসাধন নকৰাকৈ আৰামত দেখা পোৱা যায়। ইয়াক চকুৰ নিকট বিন্দু বুলিও কোৱা হয়।
প্ৰাপ্তবয়স্ক যুৱক-যুৱতীৰ সুস্থ চকুৰ বাবে এই স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব (নিকট বিন্দু) হ’ল ২৫ ছেঃ মিঃ।
|
- চকুৰ দূৰ বিন্দুঃ চকুৰে বস্তু এটা স্পষ্টকৈ দেখা আটাইতকৈ দূৰৰ বিন্দুটোক চকুৰ দূৰ বিন্দু বুলি কোৱা হয়।
প্ৰাপ্তবয়স্ক যুৱক-যুৱতীৰ সুস্থ চকুৰ বাবে দূৰ বিন্দু অসীমত থাকে।
|
- দৃষ্টিৰ পৰিসৰঃ চকুৰ নিকট বিন্দু আৰু দূৰ বিন্দুৰ মাজৰ দূৰত্ব।
সুস্থ চকুৰ দৃষ্টিৰ পৰিসৰ হ’ল ২৫ ছেঃ মিঃ আৰু অসীমৰ মাজত।
|
- ছানি পৰা বা কেটেৰেক্টঃ চকুৰ এনে এক অৱস্থা য’ত বয়সীয়াল মানুহৰ স্ফটিক মণ্ডিত লেনছখন দুগ্ধসদৃশ আৰু অস্পষ্ট হৈ পৰে আৰু তাৰ ফলত আংশিক বা সম্পূৰ্ণভাৱে দৃষ্টিশক্তি নাইকিয়া হয়।
কেটেৰেক্ট অস্ত্ৰোপচাৰৰ যোগে দৃষ্টিশক্তি পুনৰ ঘূৰাই আনিব পৰা যায়।
|
- দৃষ্টিৰ বা চকুৰ বিকাৰঃ চকুৰ প্ৰতিসৰণমূলক বিকাৰ, য’ত চকুৱে তাৰ উপযোজন ক্ষমতা হেৰুৱায়। ইয়াৰ ফলস্বৰূপে চকুৰে বস্তুবোৰ স্পষ্টভাৱে দেখা নোপোৱা হয় আৰু দৃষ্টিশক্তি ধূসৰ হৈ পৰে।
- মায়’পিয়া বা নিকট দৃষ্টিগ্ৰস্ততাঃ চকুৰ প্ৰতিসৰণমূলক বিকাৰ যাৰ বাবে দূৰৰ বস্তুবোৰ স্পষ্টভাৱে দেখা পোৱা নাযায় যদিও ওচৰৰ বস্তুবোৰ স্পষ্টকৈ দেখা পায়।
- হাইপাৰমেট্ৰ’পিয়া বা দূৰ দৃষ্টিগ্ৰস্ততাঃ চকুৰ প্ৰতিসৰণমূলক বিকাৰ যাৰ বাবে ওচৰৰ বস্তুবোৰ স্পষ্টভাৱে দেখা নাপায় যদিও দূৰৰ বস্তুবোৰ স্পষ্টভাৱে দেখা পায়।
- প্ৰেছবায়’পিয়াঃ বয়সীয়াল অৱস্থাত দেখা পোৱা এবিধ বিশেষ ধৰণৰ দূৰ দৃষ্টিগ্ৰস্ততা য’ত চকুৰ উপযোজন ক্ষমতা ক্ৰমান্বয়ে হ্ৰাস হ’বলৈ ধৰে।
- প্ৰিজম/কাঁচৰ প্ৰিজম/ত্ৰিভুজাকৃতিৰ কাঁচৰ প্ৰিজমঃ পৰস্পৰ হেলনীয়া তিনিটা আয়তাকাৰ পাৰ্শ্বীয় পৃষ্ঠ আৰু দুটা ত্ৰিভুজাকাৰ ভূমি থকা কাঁচেৰে তৈয়াৰী এবিধ সমসত্ব স্বচ্ছ প্ৰতিসৰণৰ মাধ্যম।
- প্ৰিজমৰ কোণঃ প্ৰিজম এটাৰ দুখন পাৰ্শ্বীয় পৃষ্ঠৰ মাজৰ কোণ।
- বিচ্যুতি কোণ বা বিচ্ছুৰিত কোণঃ প্ৰিজমৰ নিৰ্দিষ্ট আকাৰৰ বাবে নিৰ্গত ৰশ্মি আপতিত ৰশ্মিৰ দিশৰ সৈতে এটা কোণত বেঁকা হৈ সৃষ্টি হোৱা কোণ।
- বৰ্ণালীঃ প্ৰিজম এটাৰ মাজেৰে বগা পোহৰৰ কিৰণ এটা পাৰ হৈ গৈ এখন পৰ্দাত নিৰ্গত হোৱা পোহৰৰ কিৰণৰ বিভিন্ন ৰঙৰ স্পষ্ট উপাংশৰ পটিবোৰেই হ’ল পোহৰৰ বৰ্ণালী।
বৰ্ণালীৰ বিভিন্ন ৰঙৰ আদ্যক্ষৰ লৈ VIBGYOR শব্দটো গঠিত হৈছে- Violet (বেঙুনীয়া), Indigo (ডাঠ নীলা), Blue (নীলা), Green (সেউজীয়া), Yellow (হালধীয়া), Orange (সুমথিৰা), আৰু Red (ৰঙা)।
|
- বগা পোহৰঃ সূৰ্যৰ পোহৰৰ সৈতে সদৃশ বৰ্ণালীৰ সৃষ্টি কৰা যি কোনো পোহৰ।
- বিচ্ছুৰণঃ প্ৰিজমৰ দৰে স্বচ্ছ মাধ্যমৰ মাজেৰে বগা পোহৰ পাৰ হৈ ইয়াৰ উপাংশ ৰঙ (VIBGYOR)লৈ পৃথক হোৱা পৰিঘটনাটোকে বিচ্ছুৰণ (পোহৰৰ) বুলি কোৱা হয়।
- ৰামধেনুঃ বৰষুণৰ পিছত আকাশত দেখা এক সুন্দৰ প্ৰাকৃতিক বৰ্ণালী, যি বায়ুমণ্ডলত থকা অতি সৰু সৰু পানীৰ টোপালবোৰৰ দ্বাৰা সূৰ্যৰ পোহৰৰ বিচ্ছুৰণ ঘটি সৃষ্টি হয়।
- বায়ুমণ্ডলীয় প্ৰতিসৰণঃ পৃথিৱীৰ বায়ুমণ্ডলৰ দ্বাৰা সংঘটিত হোৱা পোহৰৰ প্ৰতিসৰণ।
- পোহৰৰ বিক্ষেপণঃ পোহৰৰ বিক্ষেপণ হ’ল এনে এক পৰিঘটনা য’ত পোহৰৰ অংশ এটা কোনো কণিকাত আপতিত হৈ বিভিন্ন দিশলৈ পুনৰ বিক্ষেপিত হয়।
- টিণ্ডেল পৰিঘটনাঃ কলয়ডীয় কণিকাবোৰৰ দ্বাৰা পোহৰৰ বিক্ষেপণৰ ফলস্বৰূপে পোহৰৰ গতিপথ দৃশ্যমান হৈ পৰা পৰিঘটনাটোকে টিণ্ডেল পৰিঘটনা বুলি কোৱা হয়।
বায়ুমণ্ডলীয় প্ৰতিসৰণঃ
অগ্ৰিম সূৰ্যোদয় আৰু বিলম্বিত সূৰ্যাস্ত-
- এইটো বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে হয়।
- সূৰ্যটো সূৰ্যোদয়ৰ প্ৰকৃত সময়তকৈ ২ মিনিট আগেয়ে আৰু সূৰ্যাস্তৰ প্ৰকৃত সময়ৰ ২ মিনিট পিছতো দৃশ্যমান হৈ থাকে।
- সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ চাকটো আপাতভাৱে চেপেটা দেখাৰ কাৰণো বায়ুমণ্ডলীয় প্ৰতিসৰণ।
তৰাৰ তিৰবিৰণি-
- বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে এইটো হয়।
- তৰাবোৰে অতি দূৰত থকা পোহৰৰ বিন্দু আকৃতিৰ উৎসৰ দৰে কাম কৰে।
- যিহেতু বায়ুমণ্ডলৰ ভৌতিক অৱস্থা সুস্থিৰ নহয়, সেয়েহে তৰাৰ আপাত অৱস্থান সলনি হৈ থাকে কাৰণ বায়ুমণ্ডলে তৰাৰ পোহৰৰ ৰশ্মিক ইয়াৰ গতিপথৰ পৰা বিচ্যুত কৰে।
- বিচ্যুতিৰ ফলত আমাৰ চকুত প্ৰৱেশ কৰা পোহৰৰ পৰিমাণ সলনি হৈ থাকে, আৰু এইদৰে কোনো মুহূৰ্তত তৰাটো অতি উজ্জ্বল যেন লাগে আৰু পৰৱৰ্তী মুহূৰ্তত ম্লান হৈ পৰা যেন লাগে।
পোহৰৰ বিক্ষেপণঃ
মুকলি আকাশৰ ৰং-
- বায়ুৰ অণু আৰু বায়ুমণ্ডলৰ অন্যান্য সূক্ষ্ম কণাবোৰৰ আকাৰ দৃশ্যমান পোহৰৰ তৰংগ দৈৰ্ঘ্যতকৈ কম।
- যিহেতু নীলা পোহৰৰ তৰংগ দৈৰ্ঘ্য ৰঙা পোহৰতকৈ চুটি, সেয়ে নীলা পোহৰ অধিক বিক্ষিপ্ত হৈ আমাৰ চকুত প্ৰৱেশ কৰে আৰু ইয়াৰ ফলত মুকলি আকাশখন আমি নীলা দেখো।
সূৰ্যৰ ৰং-
সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়তঃ
যিহেতু সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যটো দিগন্তৰ ওচৰত থাকে সেয়ে সূৰ্যৰ পোহৰে বায়ুমণ্ডলৰ মাজেৰে বহুদূৰ অতিক্ৰম কৰিবলগীয়া হয়। ইয়াৰ ফলত চুটি তৰংগ দৈৰ্ঘ্যৰ নীলা ৰঙৰ সৰহভাগ কণাসমূহে বিক্ষিপ্ত কৰে আৰু দীঘলীয়া তৰংগ দৈৰ্ঘ্যৰ ৰঙা পোহৰ আমাৰ চকুত পৰে, সেয়ে সূৰ্যটোৰ ৰং এই সময়ত আমি ৰঙা দেখো।
দুপৰীয়া সূৰ্যটো মূৰৰ ওপৰত অৱস্থান কৰে আৰু সূৰ্যৰ পোহৰে তুলনামূলকভাৱে বায়ুমণ্ডলৰ মাজেৰে কম দূৰত্ব অতিক্ৰম কৰে। সেয়ে দুপৰীয়া সূৰ্যৰ ৰং বগা হয় কাৰণ ইয়াৰ নীলা আৰু বেঙুনীয়া ৰশ্মি কিঞ্চিৎহে বিক্ষিপ্ত হয়।
টিণ্ডেল পৰিঘটনাঃ
কলয়ডীয় কণিকাবোৰৰ দ্বাৰা পোহৰৰ বিক্ষেপণৰ ফলস্বৰূপে গতিপথ দৃশ্যমান হোৱা পৰিঘটনা। ঘন হাবিত, গছ-লতাৰে আবৃত ঠাইৰ মাজেৰে সূৰ্যৰ পোহৰ পাৰ হৈ গ’লে ঠিণ্ডেল পৰিঘটনা দৃশ্যমান হয়।
বিক্ষিপ্ত পোহৰৰ ৰং বিক্ষেপিত কৰা কণাসমূহৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰে।
অতি সূক্ষ্ম কণাঃ মুখ্যতঃ চুটি তৰংগ দৈৰ্ঘ্যৰ নীলা ৰং বিক্ষিপ্ত কৰে।
বৃহৎ আকাৰৰ কণাঃ দীঘলীয়া তৰংগ দৈৰ্ঘ্যৰ পোহৰ বিক্ষিপ্ত কৰে। অৰ্থাৎ ৰঙা পোহৰ।
অতি বৃহৎ আকাৰৰ কণাঃ আকাশখন বগা দৃশ্যমান হয়।
প্ৰিজমৰ দ্বাৰা বগা পোহৰৰ বিচ্ছুৰণঃ
- বগা পোহৰৰ বিচ্ছুৰণ হ’ল এটা কাঁচৰ প্ৰিজমৰ দ্বাৰা বগা পোহৰ সাতটা ভিন ভিন ৰঙলৈ পৃথক হোৱা পৰিঘটনা।
- বগা পোহৰ হ’ল সাতটা ৰঙৰ মিশ্ৰণ, অৰ্থাৎ, বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা ৰঙৰ সমাহাৰ।
- এই ৰঙৰ অনুক্ৰমটোক ‘VIBGYOR’ শব্দটোৰে নিৰ্দেশ কৰা হয়।
বগা পোহৰৰ বৰ্ণালীৰ পুনৰ সংযোজনঃ
- বৰ্ণালী হ’ল পোহৰৰ কিৰণৰ ৰঙীন উপাংশৰ পটি, অৰ্থাৎ ‘VIBGYOR’।
- সূৰ্যৰ পোহৰৰ বৰ্ণালী লাভ কৰিবলৈ সৰ্বপ্ৰথমে কাঁচৰ প্ৰিজম ব্যৱহাৰ কৰা ব্যক্তিগৰাকী আছিল চাৰ আইজাক নিউটন।
- তেওঁ নিৰ্ধাৰণ কৰিছিল যে সূৰ্যৰ পোহৰ সাতটা দৃশ্যমান ৰং ‘VIBGYOR’ৰে গঠিত।
পৰিৱেশ বিজ্ঞানঃ
মানুহৰ দ্ৰুত প্ৰযুক্তিগত উন্নতিৰ ফলশ্ৰুতিত পৰিৱেশৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈ সকলোবোৰ প্ৰাকৃতিক সম্পদ ব্যৱহাৰ হ’ব লাগিছে। আমি পৃথিৱীৰ সম্পদৰাজি অন্ধভাৱে ব্যৱহাৰ কৰিব নোৱাৰো। আমি আমাৰ পৰিৱেশক কেনেদৰে প্ৰভাৱিত কৰিছো সেই জ্ঞান উন্নতিৰ সমান্তৰালভাৱে ব্যাপ্ত হোৱা উচিত। সম্পদৰাজি কৰ পৰা আহিছে, সেইবিলাক ব্যৱহাৰৰ প্ৰভাৱ কি, বিকল্পসমূহ কেনেধৰণৰ আদি প্ৰশ্নৰ উত্তৰ সম্বন্ধে মানুহে ভবাৰ প্ৰয়োজন। সম্প্ৰতি এই প্ৰশ্নবোৰৰ সমিধান দিয়াটো সম্ভৱ হৈছে। এতিয়া আমি জানো যে যদিহে আমি পৰিৱেশৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা কাৰ্য বন্ধ নকৰো বা মন্থৰ নকৰো আমি দুৰ্যোগৰ পিনে অগ্ৰসৰ হম। অতি শীঘ্ৰে বিশ্বক নেতৃত্ব প্ৰদান কৰিবলৈ আগবাঢ়ি অহা প্ৰজন্ম হিচাপে সকলোৱে স্বেচ্ছাই সক্ৰিয়ভাৱে দৃঢ় পদক্ষেপ লোৱাৰ প্ৰয়োজন, এয়া হয়তো আজি কম আকামদায়ক হ’ব পাৰে কিন্তু কাইলৈ অধিক নিৰাপত্তা আৰু পৰিচ্ছন্নতা সুনিশ্চিত কৰিব।
পৰিৱেশবিদসকলে পৰিৱেশৰ সুৰক্ষাৰ বাবে আৰু ইয়াৰ উন্নীতকৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰে। তেওঁলোকৰ বিশাল কৰ্মৰাজি আৰু পৰিৱেশৰ বিভিন্ন দিশ তথা প্ৰত্যেক ক্ষেত্ৰৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা দেখুৱাবলৈ বিশ্বৰ কেইগৰাকীমান পৰিৱেশবিদৰ লগতে কেইগৰাকীমান ভাৰতীয় পৰিৱেশবিদৰ নাম তলত উল্লেখ কৰা হৈছে।
বিশ্বৰ কেইগৰাকীমান শীৰ্ষস্থানীয় পৰিৱেশবিদঃ
- ৰাছেল কাৰ্ছন (১৯০৭-১৯৬৪)- আমেৰিকা যুক্তৰাষ্ট্ৰৰ এই পৰিৱেশবিদগৰাকীক বহুলোকে আধুনিক পৰিৱেশ আন্দোলনৰ প্ৰতিষ্ঠাতা হিচাপে বিবেচনা কৰে। পৰিৱেশৰ ওপৰত কীটনাশকৰ সংহাৰী প্ৰভাৱ সংজ্ঞাবদ্ধ কৰাৰ বাবেও তেওঁ বিখ্যাত।
- এল্ড’লিঅ’পল্ড (১৮৮৭-১৯৪৮)- আমেৰিকা যুক্তৰাষ্ট্ৰৰ এই পৰিৱেশবিদগৰাকীক ভূমি সংৰক্ষণৰ লগতে আধুনিক বাস্তুব্যবিদ্যাৰ ধৰ্মপিতৃ হিচাপে বিবেচনা কৰা হয়।
- ডেভিদ চুজুকি (জন্মগ্ৰহণ কৰে ১৯৩৬ চনত)- কানাডাৰ এই পৰিৱেশবিদগৰাকীয়ে ‘The Nature of Things’ নামৰ দূৰদৰ্শনৰ ধাৰাবাহিকখনৰ প্ৰযোজনা কৰিছিল যিয়ে মানুহৰ ক্ৰিয়া-কলাপৰ দ্বাৰা সৃষ্টি হোৱা পাৰিৱেশিক সমস্যাসমূহৰ ক্ষেত্ৰত সজাগতাৰ প্ৰসাৰ কৰিছিল।
- পল ৱাটছন (জন্মগ্ৰহণ কৰে ১৯৩৬ চনত)- কানাডাৰ এই পৰিৱেশবিদগৰাকীয়ে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত নিজৰ জীৱন উছৰ্গা কৰে। তেওঁ স্থাপন কৰা Sea Shepherds-এ সামুদ্ৰিক বন্যপ্ৰানী সুৰক্ষাৰ বাবে বিশ্বজুৰি কাৰ্য সম্পাদন কৰে।
- ই এম স্কুমেচাৰ (১৯১১-১৯৭৭)- কানাডাৰ এই পৰিৱেশবিদগৰাকীয়ে ১৯৭৩ চনত ‘Small is beautiful’ নামৰ পুথিখন ৰচনা কৰিছিল। এই পুথিখনে পশ্চিমীয়া অৰ্থনীতিৰ লক্ষ্যৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল।
- ডেভিদ এটেনব’ৰ (১৯২৬ চনত জন্মগ্ৰহণ কৰে)- বৃটিছ যুক্তৰাষ্ট্ৰৰ এই পৰিৱেশবিদগৰাকীয়ে বন্যপ্ৰাণী সংৰক্ষণৰ ওপৰত দূৰদৰ্শনৰ কাৰ্যসূচী যুগুত কৰে। তেওঁ ৫০ বছৰৰো অধিক কাল প্ৰাকৃতিক জগতখনক বৈঠকখানাত উপস্থাপনেৰে জনসচেতনতা প্ৰসাৰ কৰে।
- ৱাংগাৰি মাথাই (১৯৪০-২০১১)- কেনিয়াৰ এই পৰিৱেশবিদগৰাকীয়ে সেউজ বলয় আন্দোলনৰ গুৰি ধৰিছিল। এই আন্দোলনৰ অন্তৰ্গত ভূমিক্ষয় ৰোধ কৰিবলৈ আৰু ইন্ধনৰ বাবে খৰি উৎপাদন কৰিবলৈ ১০ নিযুতৰো অধিক গছ ৰোপণ কৰিছিল।
- চিক’ মেণ্ডেজ (১৯৪৪-১৯৮৮)- ব্ৰাজিলৰ এই পৰিৱেশবিদগৰাকীয়ে আমাজন বৰ্ষাৰণ্যত গছ-গছনি কটাটো ৰোধ কৰিবলৈ সংগ্ৰাম কৰিছিল।
কেইগৰাকীমান শীৰ্ষস্থানীয় ভাৰতীয় পৰিৱেশবিদঃ
- আনাদিশ পল (জন্মগ্ৰহণ কৰে ১৯৬৩ চনত)- তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ‘নটা’ পেটেণ্ট লাভ কৰিছিল, এইবোৰৰ এটা হ’ল ইন্ধন কুশল অন্তৰ্দহন ইঞ্জিন।
- চণ্ডী প্ৰসাদ ভাট (জন্মগ্ৰহণ কৰে ১৯৩৪ চনত)- তেওঁ ১৯৬৪ চনত দাছলি গ্ৰাম স্বৰাজ সংঘ স্থাপন কৰিছিল যিয়ে চিপকো আন্দোলনৰ পৃষ্ঠপোষকতা কৰিছিল। সম্প্ৰতি তেওঁ সামাজিক বাস্তব্যবিদ্যা সম্পৰ্কীয় কৰ্মৰাজিৰ বাবে পৰিচিত।
- মানেকা গান্ধী (জন্মগ্ৰহণ কৰে ১৯৫৬ চনত)- তেওঁ প্ৰাণীৰ অধিকাৰ আৰু কল্যাণৰ ক্ষেত্ৰত কাম কৰা বৃহত্তম সংস্থা ‘পিপুলছ ফৰ এনিমেলছ’ ১৯৯২ চনত প্ৰতিষ্ঠা কৰে।
- প্ৰদীপ কৃষেন (জন্মগ্ৰহণ কৰে ১৯৪৯ চনত)- এই আগ্ৰহী উদ্যানপালগৰাকীয়ে দিল্লী, পশ্চিম ৰাজস্থান আৰু গাৰোৱালত থলুৱা উদ্ভিদৰ বাগিছা স্থাপন কৰে। তেওঁ বৰ্তমান যোধপুৰত ‘ৰিৱাইল্ডিং স্কীম’ৰ কামত ব্যস্ত হৈ আছে।
- বন্দনা শিৱা (জন্মগ্ৰহণ কৰে ১৯৫২ চনত)- গোলকীকৰণৰ আন্তঃৰাষ্ট্ৰীয় ফৰাম আৰু অন্যান্য পাৰিৱেশিক ফৰামৰ সদস্য। তেওঁ কৃষিখণ্ডৰ জৈৱবৈচিত্ৰ্য উত্তৰণৰ বাবে অৰিহণা আগবঢ়ায়।
- সুগাথাকুমাৰী (জন্মগ্ৰহণ কৰে ১৯৩৪ চনত)- প্ৰকৃতি সংৰক্ষণৰ সংগঠন ‘প্ৰকৃতি সমৰক্ষা সমিতি’ৰ প্ৰতিষ্ঠাপক সচিব।
- সুনীতা নাৰায়ণ (জন্মগ্ৰহণ কৰে ১৯৬১ চনত)- এই গৱেষক আৰু অধিবক্তাগৰাকীয়ে পাৰিৱেশিক বিষয়ত ১৯৯০ চনৰ পৰাই জড়িত হৈ আছে। তেওঁ পৰিৱেশ আৰু উন্নয়নৰ মাজৰ সম্পৰ্ক অধ্যয়নৰ লগতে বহনক্ষম উন্নয়নৰ আৱশ্যকতা সম্পৰ্কে জনসচেতনতা সৃষ্টি কৰাত অৰিহণা যোগায়।
- মেধা পাটকৰ (জন্মগ্ৰহণ কৰে ১৯৫৪ চনত)- নৰ্মদা বচাও আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰাৰ বাবে পৰিচিত। নৰ্মদা নদীৰ ওপৰত বৃহৎ নদীবান্ধ নিৰ্মাণৰ বিৰুদ্ধে এই আন্দোলন সংগঠিত হৈছিল।
আমাৰ পৰিৱেশঃ
মৌলিক ধাৰণা-
- পৰিৱেশঃ আমাৰ চাৰিওফালে থকা জীৱ আৰু জড় বস্তুসমূহ, অৰ্থাৎ উদ্ভিদকুল, প্ৰাণীকুল, জল ভাগ, বায়ু, শিলাখণ্ড, উষ্ণতা আদি।
- পৰিস্থিতি তন্ত্ৰঃ এটা অৱস্থা, য’ত জৈৱিক সম্প্ৰদায় আৰু পৰিৱেশৰ অন্য অজৈৱিক উপাদানসমূহৰ পৰস্পৰৰ মাজত শক্তি প্ৰবাহ, জলচক্ৰ, খনিজ চক্ৰ আদি মাধ্যমৰ মাজেদি ওতঃপ্ৰোতভাৱে সম্বন্ধ স্থাপন হয়।
- ভূ-জীৱ ৰাসায়নিক চক্ৰঃ যি চক্ৰৰ যোগেদি নাইট্ৰ’জেন, কাৰ্বন, অক্সিজেন আৰু পানীৰ দৰে অত্যাৱশ্যকীয় মৌলসমূহৰ এটা অৱস্থাৰ পৰা আন এটা অৱস্থালৈ পৰিৱৰ্তন ঘটে।
- জীৱ নিম্নীকৰণ পদাৰ্থঃ বেক্টেৰিয়া আৰু অন্য মৃতজীৱী প্ৰাণীৰ ক্ৰিয়াৰ দ্বাৰা জৈৱিক তথা প্ৰাকৃতিক প্ৰক্ৰিয়াৰে সৰল পৰ্যায়লৈ পৰিৱৰ্তন কৰিব পৰা পদাৰ্থসমূহ।
- জীৱ অনিম্নীকৰণ পদাৰ্থঃ যিবোৰ পদাৰ্থক জৈৱিক প্ৰক্ৰিয়াৰে পৰিৱৰ্তন কৰিব নোৱাৰি, কিন্তু তাপ বা চাপৰ দৰে ভৌতিক প্ৰক্ৰিয়াৰে পৰিৱৰ্তন কৰিব পাৰি, তাক জীৱ অনিম্নীকৰণ পদাৰ্থ বোলা হয়। এইবোৰ হ’ল প্ৰধানতঃ মানৱ সৃষ্ট পদাৰ্থ আৰু এইবোৰ পৰিৱেশত দীৰ্ঘদিন ধৰি বৰ্তি থাকে।
- জৈৱিক উপাদানঃ পৰিৱেশত থকা সকলোবোৰ জীৱিত উপাদান।
- অজৈৱিক উপাদানঃ পৰিৱেশত থকা সকলোবোৰ জড় বস্তু।
- প্ৰাকৃতিক পৰিস্থিতি তন্ত্ৰঃ মানুহৰ হস্তক্ষেপ অবিহনে প্ৰাকৃতিকভাৱে পৰিচালিত হোৱা পৰিস্থিতি তন্ত্ৰ।
- মানৱ-সৃষ্ট বা কৃত্ৰিম পৰিস্থিতি তন্ত্ৰঃ মানুহৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু কৃত্ৰিমভাৱে পৰিচালিত পৰিস্থিতি তন্ত্ৰ।
- স্ব-পোষী জীৱ বা উৎপাদকঃ খাদ্য শৃংখলৰ নিম্নতম পৌষ্টিক স্তৰত স্থান দখল কৰা আৰু সালোক সংশ্লেষণৰ জৰিয়তে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি লোৱা জীৱসমূহ।
উদাহৰণঃ উদ্ভিদ, নীল-সেউজ শেলাই, কিছুমান বেক্টেৰিয়া।
|
- পৰপোষী জীৱ বা উপভোক্তাঃ উৎপাদকৰ পৰা প্ৰত্যক্ষভাৱে নিজৰ খাদ্য আহৰণ কৰা বা পৰোক্ষভাৱে অন্য উপভোক্তাবোৰক আহাৰ হিচাপে গ্ৰহণ কৰা জীৱসমূহ।
উদাহৰণঃ গৰু, ছাগলী, সিংহ, বাঘ ইত্যাদি।
|
- বিয়োজক/মৃতপোষী জীৱঃ জটিল জৈৱ পদাৰ্থবোৰক অজৈৱ পদাৰ্থলৈ পৰিৱৰ্তন কৰা অণুজীৱসমূহ। ইহঁতে মৃত জীৱৰ দেহ আৰু অন্য জীৱৰ বৰ্জিত পদাৰ্থবিলাক অজৈৱ পদাৰ্থলৈ পৰিৱৰ্তন কৰি মাটিৰ সৈতে মিহলি কৰি দিয়ে।
উদাহৰণঃ ভেঁকুৰ, বেক্টেৰিয়া ইত্যাদি।
|
- মাংসভোজীঃ অন্য প্ৰাণী ভক্ষণ কৰা জীৱসমূহ।
- তৃণভোজীঃ কেৱল উদ্ভিদ ভক্ষণ কৰা প্ৰাণীসমূহ।
উদাহৰণঃ গৰু, ছাগলী, ঘোঁৰা ইত্যাদি।
|
- সৰ্বভক্ষী প্ৰাণীঃ প্ৰাণী আৰু উদ্ধিদ উভয়কে ভক্ষণ কৰা জীৱসমূহ।
- পৰজীৱীঃ অন্য জীৱিত জীৱৰ পৰা পুষ্টি আহৰণ কৰা জীৱসমূহ।
উদাহৰণঃ জোক, ঘূৰণীয়া কৃমি, ওকণি ইত্যাদি।
|
- খাদ্যশৃংখলঃ জীৱসমূহৰ যিটো শৃংখলৰ মাজেৰে এটা পৌষ্টিক স্তৰৰ পৰা অন্য এটা পৌষ্টিক স্তৰলৈ ক্ৰমশঃ শক্তিৰ প্ৰবাহ বা স্থানান্তৰ হয় তাকে খাদ্যশৃংখল বুলি কোৱা হয়।
- পৌষ্টিক স্তৰঃ খাদ্যশৃংখলৰ বিভিন্ন স্তৰসমূহ য’ত নিম্ন স্তৰৰ পৰা উচ্চ স্তৰলৈ খাদ্য বা শক্তিসমূহৰ প্ৰবাহ বা স্থানান্তৰণ ঘটে।
- খাদ্য জালঃ খাদ্যশৃংখলত আন্তঃসম্পৰ্কযুক্ত বা ওপৰা-উপৰি সম্পৰ্ক থকা জটিল সংযোগসমূহ।
- অ’জনঃ তিনিটা অক্সিজেন পৰমাণুৰে গঠিত অণু। ইয়াৰ ৰাসায়নিক সংকেত O3।
- অ’জন স্তৰৰ অৱক্ষয়ঃ নাইট্ৰ’জেন, অক্সাইড, ক্ল’ৰ’ফ্ল’ৰ’কাৰ্বন (চি.এফ.চি) আদিৰ সৈতে অ’জনৰ ক্ৰিয়াৰ দ্বাৰা ষ্ট্ৰেট’স্ফিয়েৰত অ’জনৰ পৰিমাণ কমি যোৱাটোকে অ’জন স্তৰৰ অৱক্ষয় বুলি জনা যায়।
- জৈৱিক বিবৰ্ধকঃ খাদ্যশৃংখলৰ পৌষ্টিক স্তৰত বিষাক্ত ৰাসায়নিক পদাৰ্থৰ পুঞ্জীভৱন আৰু উচ্চ পৌষ্টিক স্তৰত ইয়াৰ থূপীকৰণ।
- ক্ল’ৰ’ফ্ল’ৰ’কাৰ্বন (চি.এফ.চি)ঃ প্ৰশীতক যন্ত্ৰ আৰু শীত-তাপ নিয়ন্ত্ৰক যন্ত্ৰত শীতক হিচাপে ব্যৱহৃত গেছ যিয়ে বায়ুমণ্ডলৰ অ’জন স্তৰৰ হানি কৰে।
- উৎসেচকঃ নিৰ্দিষ্ট জৈৱ-ৰাসায়নিক বিক্ৰিয়া সংঘটিত কৰা জৈৱ-অনুঘটকসমূহ।
প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনাঃ
মৌলিক ধাৰণা-
- সম্পদঃ পৃথিৱীত জীৱন নিৰ্বাহ কৰিবলৈ প্ৰয়োজন হোৱা সাধাৰণতে সঞ্চয় কৰি ৰাখিব পৰা ধন, ৰাজহ, যোগান অথবা অৱলম্বনৰ উৎসসমূহ।
উদাহৰণঃ পানী, ভূমি, বায়ু, সূৰ্যৰ ৰশ্মি, কয়লা, খনিজ সম্পদ, শস্য, বনাঞ্চল, বন্যপ্ৰাণী ইত্যাদি।
|
- প্ৰাকৃতিক সম্পদঃ পৃথিৱীত জীৱন নিৰ্বাহৰ বাবে অপৰিহাৰ্য প্ৰকৃতি প্ৰদত্ত উৎসসমূহেই হ’ল প্ৰাকৃতিক সম্পদ।
উদাহৰণঃ জল, ভূমি, খনিজ সম্পদ, বনাঞ্চল, সামুদ্ৰিক সম্পদ ইত্যাদি।
|
- বহনক্ষম বিকাশঃ ভৱিষ্যৎ প্ৰজন্মৰ প্ৰয়োজনীয়তা পূৰণৰ সামৰ্থ্যৰ সৈতে আপোচ নকৰাকৈ বৰ্তমান প্ৰজন্মৰ প্ৰয়োজনীয়তাসমূহ পূৰণৰ বাবে বিকাশৰ ধাৰণা।
- সংৰক্ষণঃ সকলো জীৱৰ সুবিধাৰ বাবে প্ৰাকৃতিক সম্পদসমূহৰ নিয়ন্ত্ৰিত ব্যৱহাৰ, যাতে বৰ্তমানৰ লগতে ভৱিষ্যৎ প্ৰজন্মলৈও বহনক্ষম সুবিধা উপলব্ধ হয়।
- বনাঞ্চলঃ নৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ যি ঘাইকৈ গছ-গছনিৰে পৰিপূৰ্ণ হৈ থাকে।
- বন্যপ্ৰাণীঃ বনত থকা সকলো প্ৰাণী, উদ্ভিদ আৰু অণুজীৱ যিয়ে নিজৰ প্ৰাকৃতিক পৰিৱেশত বাস কৰে।
- বনানীকৰণঃ বৃহৎ সংখ্যক বৃক্ষ ৰোপণ কৰি অঞ্চল এটাক বনাঞ্চললৈ পৰিণত কৰা।
- নিৰ্বনানীকৰণঃ কৃষি, নিৰ্মাণ, উদ্যোগ আদি অ-বন্য উদ্দেশ্যত বৃহৎ বনাঞ্চল পৰিষ্কাৰ কৰা।
- পুনৰ্বনানীকৰণঃ গছ কটা বা বনজুই আদি কাৰণত উন্মুক্ত হৈ পৰা অঞ্চল এটাত পুনৰ গছ-গছনি ৰোৱা।
- সামাজিক বনানীকৰণঃ সামূহিক গোটে উন্মুক্ত ভূমি, ৰাজহুৱা স্থান আদিত কম সময়তে ডাঙৰ হোৱা গছ বা জোপোহা উদ্ভিদ ৰোৱা কাৰ্য।
- বনৰ অংশীদাৰঃ বনাঞ্চল আৰু তাৰ উৎপাদিত সামগ্ৰীৰ ওপৰত যি নিৰ্ভৰশীল বা তেনেবোৰৰ ওপৰত আগ্ৰহী।
- ৰাষ্ট্ৰীয় উদ্যানঃ বন্যপ্ৰাণী আৰু তাৰ পৰিৱেশ সংৰক্ষণৰ বাবে উৎসৰ্গিত অঞ্চল। তদুপৰি, পৰিৱেশৰ ওপৰত নেতিবাচক প্ৰভাৱ নপৰাকৈ পৰ্যটনৰ ব্যৱস্থাও ইয়াত কৰা হয়।
- বন্যপ্ৰাণী অভয়াৰণ্যঃ সংৰক্ষিত অঞ্চল য’ত সৰ্বোচ্চ কৰ্তৃপক্ষৰ নিয়ন্ত্ৰণ অবিহনে বন্যপ্ৰাণী মৰা, চিকাৰ কৰা, গুলীচালনা কৰা বা ধৰা নিষেধ।
- জীৱমণ্ডলঃ এনে অঞ্চল য’ত বন্য জীৱমণ্ডল আৰু জনগোষ্ঠীয় লোক তথা ঘৰুৱা উদ্ভিদ তথা জিনীয় সম্পদক সুৰক্ষা দিয়া হয়।
- জৈৱবৈচিত্ৰ্যঃ এটা পৰিস্থিতিতন্ত্ৰ বা পৰিৱেশত বাস কৰা বিভিন্ন প্ৰকাৰৰ প্ৰজাতিৰ সমষ্টি।
- জৈৱবৈচিত্ৰ্য হটস্পটঃ বিভিন্ন ধৰণৰ বিপন্ন প্ৰজাতি থকা এটা জৈৱ-ভৌগোলিক এলেকা।
- ইন্-চিতু সংৰক্ষণঃ প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ তাৰ প্ৰাকৃতিক বাসস্থানতে কৰিলে তাক ইন্-চিতু সংৰক্ষণ বোলে।
- এক্স-চিতু সংৰক্ষণঃ প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ তাৰ প্ৰাকৃতিক বাসস্থানৰ সলনি অইন ঠাইত কৰিলে তাক এক্স-চিতু সংৰক্ষণ বোলে।
- জীৱাশ্ম ইন্ধনঃ নিযুত নিযুত বছৰ ধৰি জৈৱভৰ ভূগৰ্ভস্থ হৈ চাপ আৰু তাপৰ প্ৰভাৱত ইয়াৰ পৰা সৃষ্টি হোৱা ইন্ধন। উদাহৰণঃ কয়লা আৰু পেট্ৰ’লিয়াম।
- প্ৰদূষণঃ ধূলিকণা, আৱৰ্জনা আৰু অন্যান্য প্ৰদূষকৰ ফলত কোনো বস্তুৰ সাধাৰণ গুণাগুণৰ অৱমূল্যন ঘটিলে তাক প্ৰদূষণ বোলে।
- পৰিৱেশজনিত সমস্যাঃ মাটি, পানী, বায়ু প্ৰদূষণ যিয়ে সামগ্ৰিকভাৱে পৰিৱেশ প্ৰদূষণ কৰে।
- বৰষুণৰ পানী ব্যৱস্থাপনাঃ ভূ-গৰ্ভস্থ জলৰ ভাৰসাম্যতা বৰ্তাই ৰাখিবলৈ আৰু ভৱিষ্যৎ ব্যৱহাৰৰ বাবে বৰষুণৰ পানীৰ সংৰক্ষণৰ ব্যৱস্থা।
- জলসিঞ্চনঃ পানীৰ বিতৰণৰ বাবে বান্ধ, টেংক আৰু নলা তৈয়াৰ কৰা।
- সম্পদৰ সমবিতৰণঃ ভিন্নতা নিৰ্বিশেষে সকলো লোকৰ মাজত প্ৰাকৃতিক সম্পদৰ সমবিতৰণ।
বন আৰু বন্যপ্ৰাণীসমূহ কিয় সংৰক্ষণ কৰিব লাগে ?
কাৰণ বনাঞ্চল আৰু বন্যপ্ৰাণীৰ সংৰক্ষণে বিভিন্ন ক্ষেত্ৰত সহায় কৰে, যেনেঃ
- জৈৱ-বৈচিত্ৰ্য অটুট ৰাখি পৰিস্থিতিতান্ত্ৰিক ভাৰসাম্য বজাই ৰখাত।
- বিভিন্ন উদ্ভিদ, প্ৰাণী আৰু অণুজীৱৰ প্ৰজাতি সংৰক্ষণত।
- মানুহ আৰু অন্যান্য প্ৰাণীৰ খাদ্য আৰু আশ্ৰয় যোগানত।
- বৃষ্টিপাত বৃদ্ধি আৰু জলবায়ু স্বাভাৱিক হৈ থকাত।
- কাঠখৰি, বিভিন্ন কেঁচামাল, যেনে- চিল্ক, লা, মৌ, কাঠ, ঔষধ, চামৰা আদি লাভ কৰাত।
- বিয়োজনৰ পিছত ভূমিত পুষ্টি যোগোৱাৰ ক্ষেত্ৰত।
- ভূ-জল পাবৰ বাবে, বানপানীৰ প্ৰাবল্য, ভূমি অৱক্ষয় ৰোধৰ বাবে ইত্যাদি।
- পৰিস্থিতিতন্ত্ৰ স্বাভাৱিক ৰূপত কাৰ্যকৰী হৈ থকাৰ ক্ষেত্ৰত।
- ৰাষ্ট্ৰৰ অৰ্থনৈতিক আৰু সামাজিক বিকাশ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত।
পাহাৰীয়া অঞ্চল আৰু সমতল বা মালভূমি অঞ্চলৰ মাজৰ পাৰ্থক্যঃ
ক্ৰমিক নং
|
পাৰ্থক্যৰ ভিত্তি
|
পাহাৰ অঞ্চলৰ জল ব্যৱস্থাপনা
|
সমতল বা মালভূমি অঞ্চলৰ জল ব্যৱস্থাপনা
|
(১)
|
পানী সঞ্চয়নৰ গঠন
|
পাহাৰৰ দাঁতিকাষৰীয়া অঞ্চলত পানীৰ আধাৰ স্থাপন কৰা হয় যাতে বৈ অহা পানী তাত জমা হয়।
|
প্ৰধানতঃ অৰ্ধচন্দ্ৰাকৃতিৰ মাটিৰ বান্ধ, নাইবা চাপৰ, পোন কংক্ৰিত আৰু শিলগুটিৰে বন্ধোৱা ‘চেক ডামচ’ সাধাৰণতে বোৱতী পানীয়ে কৰা দ’ জানত নিৰ্মাণ কৰা হয়।
|
(২)
|
ঋতু
|
পাহাৰীয়া অঞ্চলত পানী কমকৈ বাষ্পীভৱন হয় বাবে পানী প্ৰায় সকলো ঋতুতে সংগ্ৰহ কৰিব পাৰি।
|
বাৰিষাকালৰ পিছতে পানী শুকাব ধৰে।
|
(৩)
|
ধৰি ৰখাৰ ক্ষমতা
|
কঠিন শিলাৰে গঠিত বাবে প্ৰায় ভাগ ঠাইতে পানী ভূ-গৰ্ভস্থ হ’ব নোৱাৰে।
|
বান্ধে কেৱল পানী ধৰি নাৰাখে, ই ভূ-গৰ্ভৰ পানী উদজীৱিত কৰে।
|
(৪)
|
পানীৰ উপলব্ধতা
|
নলা, বাহৰ নলা আৰু অন্যান্য পদ্ধতিৰে পানী এঠাইৰ পৰা আন ঠাইলৈ সৰবৰাহ কৰা হয়।
|
যিহেতু পানী ভূ-গৰ্ভস্থ হয়, সেয়ে বৃহৎ এলেকাত উপলব্ধ হয়।
|
(৫)
|
উদাহৰণ
|
মেঘালয়ৰ বাহৰ নলী, হিমাচল প্ৰদেশৰ কোলহ
|
তামিলনাডুৰ এৰিচ, ৰাজস্থানৰ খাদিন।
|
পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত থকা ‘R’ কেইটা হৈছে-
- ৰিডিউচ অৰ্থাৎ হ্ৰাস কৰা (Reduce)- ইয়াৰ অৰ্থ হৈছে নৱীকৰণ অযোগ্য সম্পদৰ ব্যৱহাৰ সীমিত কৰা আৰু আৱৰ্জনা তথা অপকাৰী উপাদান সৃষ্টি কমোৱা। উদাহৰণস্বৰূপেঃ শক্তি সংৰক্ষণৰ বাবে ব্যৱহাৰ নকৰা অৱস্থাত লাইট অফ্ ৰাখা।
- ৰি-ইউজ অৰ্থাৎ পুনঃ ব্যৱহাৰ কৰা (Reuse)- পুৰণা সামগ্ৰী বাৰে বাৰে ব্যৱহাৰ কৰা। উদাহৰণস্বৰূপেঃ আচাৰ আৰু জেলীৰ খালী বটল পাকঘৰত খাদ্যবস্তু ৰখাৰ বাবে ব্যৱহাৰ কৰিব পাৰি।
- ৰিচাইকল অৰ্থাৎ পুনৰাৱৰ্তন (Recycle)- পুৰণা সামগ্ৰীৰ পৰা নতুন ব্যৱহাৰ্য্য সামগ্ৰী তৈয়াৰ কৰা। উদাহৰণস্বৰূপেঃ পুৰণা কাগজ আৰু কাপোৰৰ পৰা কাগজৰ বেগ আৰু কাপোৰৰ মোনা তৈয়াৰ কৰা হয়।
বৃহৎ নদীবান্ধে তলত দিয়া ধৰণৰ অসুবিধাৰ সৃষ্টি কৰিব পাৰেঃ
- সামাজিক সমস্যাঃ উপযুক্ত সা-সুবিধা নোপোৱাকৈয়ে স্থানীয় বাসিন্দা পুনঃসংস্থাপিত হোৱা দেখা যায়।
- অৰ্থনৈতিক সমস্যাঃ বৃহৎ নদীবান্ধ নিৰ্মাণত যথেষ্ট অৰ্থ ব্যয় হয় যদিও সেই অনুপাতে সুবিধা প্ৰাপ্ত নহয়।
- পৰিৱেশ সম্বন্ধীয় সমস্যাঃ নিৰ্বনানীকৰণ আৰু পৰিস্থিতিতান্ত্ৰিক বৈচিত্ৰ্যৰ অৱনমন ঘটায়।
- অন্যান্য সমস্যাঃ বৃহৎ বনাঞ্চল ধ্বংস হোৱা, পৰিৱেশ বিনষ্ট হোৱা, জৈৱ-বৈচিত্ৰ্য লোপ পোৱা ইত্যাদি।
বন্যপ্ৰাণী অভয়াৰণ্য, ৰাষ্ট্ৰীয় উদ্যান আৰু জীৱমণ্ডলৰ মাজৰ পাৰ্থক্য-
ক্ৰমিক নং
|
পাৰ্থক্যৰ ভিত্তি
|
বন্যপ্ৰাণী অভয়াৰণ্য
|
ৰাষ্ট্ৰীয় উদ্যান
|
জীৱমণ্ডল
|
(১)
|
অৰ্থ
|
সংৰক্ষিত অঞ্চল য’ত উচ্চ কৰ্তৃপক্ষৰ নিয়ন্ত্ৰণ অবিহনে বন্যপ্ৰাণী মৰা, চিকাৰ কৰা, গুলীচালনা বা ধৰাটো নিষেধ।
|
বন্যপ্ৰাণী আৰু তাৰ পৰিৱেশ সংৰক্ষণৰ বাবে উৎসৰ্গিত অঞ্চল য’ত কোনো জীৱ-জন্তু বা পৰিৱেশৰ ওপৰত নেতিবাচক প্ৰভাৱ নপৰাকৈ পৰ্যটনৰ ব্যৱস্থা কৰা হয়।
|
এনে অঞ্চল য’ত বন্য জীৱমণ্ডল আৰু জনগোষ্ঠীয় লোকৰ লগতে ঘৰুৱা উদ্ভিদ তথা জিনীয় সম্পদক সুৰক্ষা দিয়া হয়।
|
(২)
|
অনুমতি থকা কাৰ্যকলাপ
|
য’ত জীৱ-জন্তুৰ জীৱন ধাৰাত প্ৰভাৱ নপৰাকৈ সাধাৰণ বনজ সামগ্ৰী সংগ্ৰহ কৰাৰ আৰু মাটিৰ ব্যক্তিগত স্বত্ব আদিৰ অনুমতি থাকে।
|
কৃষি আদিৰ অনুমতি দিয়া নহয়।
|
ক্ষেত্ৰভিত্তিক ভূমিৰ বহু-ব্যৱহাৰৰ অনুমতি দিয়া হয়।
|
(৩)
|
সীমা
|
সীমা নিৰ্দিষ্ট নহয়।
|
আইনীভাৱে সীমা নিৰ্ধাৰিত।
|
আইনীভাৱে সীমা নিৰ্ধাৰিত।
|
(৪)
|
ব্যৱস্থাপনা
|
ব্যৱস্থাপনাত কোনো বৈজ্ঞানিক নীতি অনুসৰণ কৰা নহয়।
|
ব্যৱস্থাপনাত কোনো বৈজ্ঞানিক নীতি অনুসৰণ কৰা নহয়।
|
ব্যৱস্থাপনাত বৈজ্ঞানিক নীতি অনুসৰণ কৰা হয়।
|
(৫)
|
উদাহৰণ
|
দাছিগাম অভয়াৰণ্য (শ্ৰীনগৰ)
|
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (অসম)
|
মানাহ (অসম)
|
নিৰ্বনানীকৰণৰ কাৰণসমূহ এনেধৰণৰঃ
- খাদ্যৰ চাহিদা পূৰণঃ বৰ্ধিত জনসংখ্যা, বিশেষকৈ উন্নয়নশীল দেশত হোৱা জনসংখ্যা বৃদ্ধিৰ ফলত খাদ্যৰ চাহিদাও অভাৱনীয় হাৰত বৃদ্ধি পাইছে। ইয়াৰ ফলত চাহিদা পূৰাবৰ বাবে বনাঞ্চল মুকলি কৰি কৃষিকাৰ্যত ব্যৱহাৰ কৰা হৈছে।
- ঔদ্যোগিক কেঁচামালৰ উৎসঃ বৰ্ধিত বাণিজ্যিক প্ৰতিযোগিতাত তিষ্ঠি থকাৰ বাবে প্ৰয়োজন হোৱা কেঁচামালৰ বাবে তীব্ৰ গতিত বনাঞ্চল ধ্বংস কৰা হৈছে। যেনেঃ বাকচ, আচবাব, ৰেলৰ শ্লিপাৰ, দিয়াশলাই বাকচ, কাগজৰ মণ্ড, প্লাইউড আদি বনোৱাৰ বাবে কাঠ কটা হৈছে।
- বনজুইঃ বনজুইয়ে পৰিস্থিতিতন্ত্ৰ এটা সম্পূৰ্ণ ধ্বংস কৰি পেলায়, যাৰ পুনঃসংস্থাপনৰ বাবে বহু বছৰ লাগে।
- চৰণীয়া পথাৰঃ পোহনীয়া জীৱ-জন্তুৰ বাবে চৰণীয়া পথাৰ তৈয়াৰ কৰাৰ ফলতো বনাঞ্চল ক্ষতিগ্ৰস্ত হয়।
- উন্নয়নমূলক প্ৰকল্পঃ বৃহৎ বান্ধ, পথ, নিৰ্মাণ, খনি আদিৰ বাবেও বৃহৎ বনাঞ্চল মুকলি কৰি পেলোৱা হয়।
- ইন্ধনৰ প্ৰয়োজনীয়তাঃ বৰ্ধিত জনসংখ্যাৰ লগতে ইন্ধনৰ চাহিদাও ক্ৰমে বাঢ়ি আহিছে। তাৰ ফলত খৰি সংগ্ৰহৰ বাবেও বনাঞ্চলৰ ওপৰত হেঁচা পৰিছে।
- ঝুম খেতিঃ ঝুম খেতিৰ বাবে বনাঞ্চলৰ এক বৃহৎ অংশ জুই জ্বলাই মুকলি কৰি লোৱা হয়। আগতে এনে ঝুম কম পৰিমাণে হৈছিল বাবে পৰিৱেশৰ ওপৰত প্ৰভাৱ পৰা নাছিল। কিন্তু বৰ্তমান চাহিদা পূৰণৰ বাবে সঘনে ঝুম খেতি কৰাৰ বাবে বনাঞ্চলৰ ওপৰত গুৰুতৰ প্ৰভাৱ পৰে।
নিৰ্বনানীকৰণৰ পৰিণতি কি হ’ব পাৰে তাৰ এক আভাষ ইয়াতে দিয়া হৈছে-
- ক্ৰমবৰ্ধমান ভূমি অৱক্ষয়।
- খৰাং আৰু বানপানীৰ প্ৰকোপ বৃদ্ধি।
- প্ৰাকৃতিক বাসস্থান ধ্বংস কৰাৰ বাবে বন্যপ্ৰাণীৰ জীৱনৰ প্ৰতি ভাবুকি নামি আহিছে।
- জৈৱবৈচিত্ৰ্য আৰু জিনীয় ভিন্নতা লোপ পাইছে।
- পাহাৰীয়া অঞ্চলত ভূমিস্খলন হৈছে।
- বৃষ্টিপাত কমিছে আৰু পৰিৱেশ শুষ্ক হৈ পৰাৰ লগতে তাপমাত্ৰা বাঢ়িছে।
(উৎসঃ জি.বি.ডি.-ৰ সম্পাদকীয় পৰিষদ)।