অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সৌৰলেম্পৰ ব্যৱসায়েৰে সফলতা অৰ্জন বাইহাটা চাৰিআলিৰ জ্যোতিষ শৰ্মাৰ

সৌৰলেম্পৰ ব্যৱসায়েৰে সফলতা অৰ্জন বাইহাটা চাৰিআলিৰ জ্যোতিষ শৰ্মাৰ

মনত ইচ্ছাশক্তি থাকিলে শাৰীৰিক বাধাগ্ৰস্ততা যে কোনো কামৰ হেঙাৰ হ’ব নোৱাৰে তাৰ জ্বলন্ত নিদৰ্শন হৈছে কামৰুপ জিলাৰ বাইহাটা চাৰিআলিৰ নিকটৱৰ্তী আগডলা অঞ্চলৰ জ্যোতিষ শৰ্মা। ৮০ শতাংশ শাৰীৰিকভাৱে অক্ষম ব্যক্তি হৈও জ্যোতিষ শৰ্মাই নিজ সামৰ্থ্যৰে সমাজত কিবা এটা কৰাৰ লগতে চাৰিজনীয়া পৰিয়ালটোক পোহপাল দিয়াৰ কথা চিন্তা কৰি আহিছে। হাইস্কুলৰ ডেওনা পাৰ হোৱা শৰ্মাৰ সৰুৰে পৰা কাৰিকৰী ক্ষেত্ৰত নিজস্ব দক্ষতা বিভিন্ন ক্ষেত্ৰত প্ৰতিফলিত হৈছে। জৈৱিক সাৰ প্ৰস্ততৰ বাবে নিজৰ সৃষ্টি প্ৰতিভাৰে ‘কাটাৰ মেচিন’ সাজি কম সময়তে কেঁচুসাৰ প্ৰস্তুত কৰিছে। তদুপৰি শৰ্মাৰ কামৰ প্ৰতি ধাউতিত আশ্বস্ত হৈ দিল্লীৰ এক সৌৰ প্ৰতিষ্ঠান ‘গৌতম পলিমাৰ’ৰ অসমৰ প্ৰতিনিধি হিচাপে মনোনিত হৈ বাইহাটা চাৰিআলিৰ পূব কামৰূপ মহাবিদ্যালয়ত ২০১৩ চনৰ ৩ জানুৱাৰীত ৫০ কিলোৱাট শক্তিৰ এটি সৌৰপ্ৰকল্প স্থাপন কৰি তিনি মাহ সময়সীমাৰ ভিতৰত প্ৰকল্পটিয়ে ১০ মেগাৱাট বিদ্যুত উৎপাদন কৰি মহাবিদ্যালয়ত বিদ্যুৎ যোগান ধৰি ৭০/৮০ শতাংশ বিদ্যুতৰ বিল ৰাহি কৰাত বৰঙণি আগবঢ়াইছে জ্যোতিষ শৰ্মাই। শৰ্মাই জানিবলৈ দিয়ামতে ইতিমধ্যে কেইবাখনো মহাবিদ্যালয়ে ৩০ শতাংশ ৰাজসাহায্যৰে ১০/১৫ কিলোৱাটৰ সৌৰবিদ্যুতৰ বাবে কাম আৰম্ভ কৰিবলৈ তেওঁ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ইতিমধ্যে শৰ্মাই Teri-NEৰ জৰিয়তে হাইলাকান্দি, কৰিমগঞ্জ, বৰদুৱাৰ(মিৰ্জা), বাক্সা, ওদালগুৰি, শোণিতপুৰ, দৰং জিলাৰ বিভিন্ন এলেকাত সৌৰলেম্পৰ ষ্টেচন স্থাপন কৰি সৌৰলেম্পৰ ব্যৱসায় তথা মেৰামতি কৰি জীৱিকা নিৰ্বাহ কৰিছে। সৌৰলেম্পৰ জৰিয়তে বিদ্যুতবিহীন গাঁৱৰ দুখীয়া ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনাৰ সুবিধা ৰেহাই মূল্যত দিয়াৰ উপৰি সৌৰলেম্পৰ পৰা মোবাইল চাৰ্জ কৰাত সহায় কৰি বিজুলীবিহীন অঞ্চলত আশাৰ সঞ্চাৰ কৰিছে। তদুপৰি শৰ্মাই ধোঁৱাবিহীন চৌকা বিক্ৰী মেৰামতি আৰু সৌৰশক্তি অথবা বেটাৰিচালিত চাইৰেন ব্যৱহাৰ কৰি চোৰ-ডকাইতৰ উপদ্ৰৱৰ পৰা বাসগৃহৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ উপায় হিচাপে শৰ্মাই ‘Home security System’ৰ কাম আৰম্ভ কৰিছে। আনহাতে ‘Solar Fencing’ৰ কাম অনতিপলমে আৰম্ভ কৰিবলৈ এইক্ষেত্ৰত হায়দৰাবাদ আৰু গুজৰাটৰ দুটা প্ৰতিষ্ঠানৰ লগত শৰ্মাই চুক্তিবদ্ধ হোৱা বুলি জানিবলৈ দিয়ে।

লিখকঃ ৰঞ্জিত কুমাৰ দাস , অসমীয়া প্ৰতিদিন

শেহতীয়া উন্নীতকৰণ: : 6/6/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate