মাটিৰ তলত বা পাতালত যে এখন বেলেগ জগত আছে তাৰ উমান আমি সহজতে নাপাওঁ। অথচ আমি আমাৰ দৈনন্দিন বহুতো কাম-কাজৰ বাবে সেইখন জগতৰ ওপৰতে বহু পৰিমাণে নিৰ্ভৰশীল। মাটিৰ তলৰ জলস্তৰৰ পৰাই আমাৰ প্ৰয়োজনীয় পানীৰ সৰহভাগ পোৱা যায়। সেইদৰে মাটিৰ তলৰ বিভিন্ন প্ৰকাৰৰ শিলাস্তৰত থকা তেলৰ ভাণ্ডাৰৰ পৰা আমি পাওঁ আধুনিক সভ্যতাৰ বাবে অতি লাগতিয়াল খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ। খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছেই গাড়ী মটৰৰ চকা ঘূৰাইছে, কল কাৰখানাবোৰ চলাই ৰাখিছে। খাৰুৱা তেল নাইকিয়া হৈ গ’লে হয়তো সভ্যতাৰ চকৰি ওলোটাপিনে ঘূৰিবলৈ ল’ব। সেয়েহে মাটিৰ তলৰ খাৰুৱা তেলক পনীয়া সোণ বুলিও কোৱা হয়। খাৰুৱা তেল (Crude Oil) আৰু প্ৰাকৃতিক গেছক (Natural Gas) একেলগে পেট্ৰ’লিয়াম (Petroleum) বুলি কোৱা হয়।
পেট্ৰ’লিয়ামনো আচলতে কি? কেনেকৈ খাৰুৱা তেল তৈয়াৰ হয়? প্ৰাকৃতিক গেছৰ উৎপত্তি কেনেকৈ হয়? এনেবোৰ প্ৰশ্নই স্বাভাৱিকতে আমনি কৰে। সহজ ভাষাত ক’বলৈ গ’লে পেট্ৰ’লিয়াম হ’ল জৈৱিক প্ৰক্ৰিয়াৰে পৃথিৱীৰ ভূগৰ্ভত এক জটিল দীঘলীয়া ৰাসায়নিক বিক্ৰিয়াৰ ফলত হাইড্ৰ’জেন আৰু কাৰ্বন লগ লাগি প্ৰস্তুত হোৱা হাইড্ৰ’কাৰ্বন। এই বিক্ৰিয়া সংঘটিত হ’বলৈ লাখ লাখ বছৰৰ প্ৰয়োজন হয়। তদুপৰি প্ৰয়োজন হয় ভূ-গৰ্ভৰ প্ৰচণ্ড চাপ আৰু তাপৰ পৰিৱেশ। এনে পৰিৱেশ পৰীক্ষাগাৰত পোৱাটো সম্ভৱ নহয় বাবেই খাৰুৱা তেল বা প্ৰাকৃতিক গেছ ৰাসায়নিক সামগ্ৰী হোৱা স্বত্বেও কৃত্ৰিম ভাৱে প্ৰস্তুত কৰিব নোৱাৰি। ভাণ্ডাৰ সীমিত হোৱা বাবে খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ সমগ্ৰ মানৱ জাতিৰ বাবে অতি আপুৰুগীয়া সম্পদ। প্ৰকৃতিয়ে ভূ-গৰ্ভৰ আখলত তৈয়াৰ কৰি থোৱা এই সম্পদৰ ওপৰতে ভৰসা কৰি মানৱ সভ্যতা প্ৰগতিৰ পথত আগুৱাই গৈ আছে।
খাৰুৱা তেলৰ বিশেষত্ব হ’ল ই এক অসাধাৰণ শক্তিৰ উৎস। খাৰুৱা তেলৰ লগত নিৰ্গত হোৱা প্ৰাকৃতিক গেছৰ পৰাও যথেষ্ট পৰিমাণৰ শক্তিৰ আহৰণ কৰিব পাৰি। নিয়ন্ত্ৰিত দহনৰ জৰিয়তে খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ পৰা মানুহৰ লাগতিয়াল প্ৰায় সকলো প্ৰকাৰৰ শক্তিয়েই পাব পৰা হৈছে। এতিয়ালৈকে কেইবা প্ৰকাৰৰ বিকল্প শক্তি উৎস আৱিষ্কৃত হৈছে যদিও খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ দৰে কম খৰছতে অধিক কাৰ্যক্ষম শক্তি আৱিষ্কৃত হোৱা নাই। সেয়েহে খাৰুৱা তেলৰ মূল্যই আজিকোপতি বিশ্ব অৰ্থনীতিৰ গতি নিৰূপণত নিৰ্ণায়ক ভূমিকা লৈ আহিছে।
খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ বা চমুকৈ পেট্ৰ’লিয়াম সহজতে পোৱা নাযায়। অতীজতে পৃথিৱীৰ বিভিন্ন ঠাইত মাটিৰ পৰা নিজে নিজে নিগৰি ওলোৱা তেল আৰু গেছ দেখি মানুহে প্ৰথম পেট্ৰ’লিয়ামৰ ভূ পাইছিল। তেল মিহলি মাটিবোৰ সহজতে আৰু বহু সময় জুই লগা দেখি মানুহে জুই জ্বলোৱা ইন্ধন হিচাপে এনে মাটি ব্যৱহাৰ কৰিছিল। পিছলৈ মানুহে এনে তেল আহৰণ কৰিবলৈ মাটি খান্দিবলৈ লৈছিল। এনেদৰেই খাৰুৱা তেলৰ সন্ধানত প্ৰথম খনন কাৰ্য সম্পাদিত হৈছিল। গ্ৰীক, ৰোমান, বেবিলন, চীন আদি বহুতো প্ৰাচীন সভ্যতাত হাজাৰ হাজাৰ বছৰ আগতে পেট্ৰ’লিয়ামৰ ব্যৱহাৰৰ নিদৰ্শন পোৱা গৈছে।
সময় যোৱাৰ লগে লগে মাটিৰ ওপৰতে বা অলপ খান্দিলেই পোৱা তেলৰ দিন উকলিল। মানুহে উন্নত পদ্ধতি প্ৰয়োগ কৰি আৰু অধিকৰ পৰা অধিক গভীৰতালৈ পেট্ৰ’লিয়ামৰ সন্ধান আৰম্ভ কৰিলে। এই সন্ধান এতিয়াও অব্যাহত আছে। খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ ভূ-গৰ্ভৰ বুকুৰ পৰা তুলি আনি মানুহৰ উপযোগী কৰি তোলা কাৰ্যতে সমগ্ৰ বিশ্বৰ তৈল উদ্যোগ নিয়োজিত হৈ আছে। বিশ্বৰ চুকে-কোণে, পাহাৰে-ভৈয়ামে, গভীৰ সাগৰৰ বুকুত এতিয়া তেল, গেছৰ অন্বেষণ চলিছে। বিজ্ঞান আৰু প্ৰযুক্তিৰ নৱতম আৱিষ্কাৰসমূহৰ প্ৰয়োগ কৰা হৈছে পেট্ৰ’লিয়াম উদ্ঘাটনৰ কামত। এই অন্বেষণত বিভিন্ন দেশে প্ৰচুৰ পৰিমাণৰ ধন বিনিয়োগ কৰিছে। মানৱ জীৱনৰ বাবে আৰু আধুনিক সভ্যতাৰ বাবে অপৰিহাৰ্য বুলি বিবেচিত এই সম্পদৰ সমগ্ৰ বিশ্বজুৰি অসীম চাহিদা আৰু বজাৰ আছে। যিবোৰ দেশ এই খনিজ সম্পদবিধত চহকী, সেইবোৰ দেশ দোপত-দোপে ধনী হৈ গৈছে আৰু এই সম্পদবিধত দুখীয়া দেশবোৰে পৰমুখাপেক্ষী হৈ থকিবলগীয়া হোৱা বাবে অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে।
মন কৰিবলগীয়া যে প্ৰকৃতিয়ে বিশ্বৰ সকলো দেশকে মুক্ত হস্তে এই সম্পদবিধ দান কৰা নাই। খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ সকলো দেশতে পোৱা নাযায়; কিন্তু কিছুমান দেশত এইবিধ সম্পদ প্ৰচুৰ পৰিমাণে পোৱা যায়। মধ্য এছিয়াত ছৌদি আৰৱ, ওমান, কুৱেইট, ইৰাণ, ইৰাক আদি দেশ সমুহত এই প্ৰাকৃতিক সম্পদ প্ৰচুৰ পৰিমাণে পোৱা হয় বাবে এই দেশবোৰ কম সময়ৰ ভিতৰতে অতি ধনী দেশ হৈ পৰিছে। ভাৰতত যিখিনি খাৰুৱা তেল পোৱা য়ায়, সেইখিনিয়ে দেশৰ মুঠ চাহিদাৰ মাত্ৰ ২০ শতাংশমানহে পূৰণ কৰিব পাৰে।
এইখিনিতে প্ৰশ্ন হ’ব পাৰে পেট্ৰ’লিয়াম ভূ-গৰ্ভত সকলো ঠাইতে কিয় পোৱা নাযায়? এইবিধ সম্পদ দান কৰোঁতে প্ৰকৃতিয়ে কিয় বৈষম্য কৰিলে? এই কথাৰ উত্তৰ দিবলৈ হ’লে পেট্ৰ’লিয়াম তৈয়াৰ হোৱা পৰিৱেশৰ বিষয়ে জানিব লাগিব। সাগৰৰ তলিত সকলো সময়তে জীৱ আৰু উদ্ভিদৰ অৱশেষ জমা হৈ গৈ থাকে। এই অৱশেষবোৰ তৰপ তৰপকৈ গেদ আৰু শিলাস্তৰৰ মাজে মাজে জমা হয়। সাগৰৰ তলিত অক্সিজেনৰ অভাৱত এই অৱশেষবোৰ সম্পূৰ্ণভাৱে গেলি-পঁচি জীণ যাব নোৱাৰে। এই অৱশিষ্টসমুহে সমুদ্ৰ গৰ্ভত এক ডাঠ তৰলৰ সৃষ্টি কৰে আৰু মাটি, বালি, বোকা শিল আদিৰ লগত মিহলি হৈ লাখ লাখ বছৰ ধৰি পোত খাই গৈ থাকে। সাগৰৰ পানীৰ প্ৰচণ্ড চাপ আৰু ভূ-গৰ্ভৰ প্ৰচণ্ড উত্তাপত এই ডাঠ তৰলবিধ কেইবালাখ বছৰ ধৰি চলা ৰাসায়নিক বিক্ৰিয়াৰ ফলশ্ৰুতিত খাৰুৱা তেললৈ ৰূপান্তৰিত হয়। ভূ-গৰ্ভত পোৱা খাৰুৱা তেল যে সমুদ্ৰ গৰ্ভত তৰপ তৰপকৈ পোত খাই সৃষ্টি হৈছিল, তাৰ প্ৰমাণ পোৱা গৈছে। খাৰুৱা তেলৰ ভাণ্ডাৰৰ লগত পোৱা লুণীয়া পানীয়েও ইয়াৰ প্ৰমাণ দিয়ে। এইখিনিতে প্ৰশ্ন হ’ব পাৰে খাৰুৱা তেল যদি সমুদ্ৰ গৰ্ভত সৃষ্টি হৈছিল, তেনেহ’লে মাটিৰ তলত কেনেদৰে খাৰুৱা তেল পোৱা যায়। খাৰুৱা তেলৰ সৃষ্টি যিহেতু লাখ লাখ বছৰ জুৰি হোৱা এটা দীঘলীয়া প্ৰক্ৰিয়াৰ ফলত হয়, সেয়েহে এই সময় চোৱাত ভূতলৰ ফলিসমূহ (Techtronic Plates)ৰ অৱস্থানৰ সালসলনি হোৱাৰ বাবে ভূ-পৃষ্ঠত যথেষ্ট পৰিৱৰ্তন হয়। সাগৰৰ ঠাইত পাহাৰ হয়, মাটিৰ ঠাইত সাগৰ হয়। আনকি হিমালয় পৰ্বতৰ ঠাইত আগতে এখন সাগৰ আছিল বুলি প্ৰমাণিত হৈছে। ভূ-পৃষ্ঠৰ এনে পৰিৱৰ্তনৰ বাবেই সমুদ্ৰ গৰ্ভত পোত খাই জমা হোৱা খাৰুৱা তেলে সাগৰৰ পৰিৱৰ্তে ভূমিৰ তলত অৱস্থান ল’ব পাৰে। ভূ-গৰ্ভত খাৰুৱা তেল উৎপত্তি হোৱাৰ প্ৰক্ৰিয়া সকলো ঠাইতে সমানে নোহোৱা বাবে আৰু সকলো ঠাইতে ভূ-পৃষ্ঠৰ তলত সামুদ্ৰিক তৰপ নথকাৰ বাবে সকলো ঠাইতে খাৰুৱা তেল সমানে পোৱা নাযায়।
আজিৰ দিনত ভূ গৰ্ভৰ পৰা খনন কৰি খাৰুৱা তেল উত্পাদন কৰা কাৰ্য যথেষ্ট জটিল আৰু ব্যয়বহুল হৈ পৰিছে। ভূ গৰ্ভত পেট্ৰ’লিয়াম থাকিব পৰা ঠাইসমূহ সঠিককৈ বিচাৰি উলিয়াই সেই ঠাইবোৰত খনন কাৰ্য সম্পাদন কৰাটো তৈল উদ্ঘাটনৰ লগত জড়িত বিজ্ঞানীসকলৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। এতিয়ালৈকে তেল উৎপাদন হোৱা অঞ্চলসমূহৰ ভূ-গৰ্ভৰ শিলাখণ্ডৰ আকৃতি আৰু প্ৰকৃতিৰ বিষয়ে অধ্যয়ন কৰি ভূ-বিজ্ঞানী সকলে পেট্ৰ’লিয়াম কেনে পৰিৱেশত, কি প্ৰকাৰে জমা হয়, সেই বিষয়ে বহুতো কথা জানিব পাৰিছে। ভূ-গৰ্ভত থকা শিলাখণ্ডৰ এক বিশেষ প্ৰকাৰৰ আকৃতিৰ লগত খাৰুৱা তেল পোৱাৰ সম্ভাৱনীয়তা জড়িত হৈ আছে। তেলৰ ভাণ্ডাৰৰ ভূতলৰ অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে তোৰণৰ আকৃতিৰ দৰে হ’লে তেনে শিলাখণ্ডই খাৰুৱা তেল মজুত কৰি ৰাখিব পাৰে। সেইদৰে ভূমিকম্প বা ভূতলৰ ফলিসমূহ লৰচৰ হোৱাৰ বাবে ভূ-গৰ্ভৰ শিলাস্তৰসমূহ কোনো কোনো অঞ্চলত ওপৰ-তল হৈ পৰে। এনেবোৰ চ্যুতিযুক্ত শিলাখণ্ডৰ বালিময় স্তৰসমূহ খাৰুৱা তেল সংৰক্ষিত হৈ থকাৰ বাবে উপযুক্ত স্থান। খাৰুৱা তেলৰ ঘনত্ব পানীতকৈ কম হোৱা বাবে ভূ-গৰ্ভত থকা ভাণ্ডাৰসমূহত খাৰুৱা তেল পানীত ওপঙি থাকে। তোৰণ বা চ্যুতিযুক্ত শিলাখণ্ডই এই তেল আৱদ্ধ কৰি ৰখাত সহায় কৰে। খাৰুৱা তেল উৎস শিলাখণ্ডৰ (Source Rock) পৰা পৰিভ্ৰমণ কৰি আৱদ্ধ কৰি ৰখা শিলাখণ্ডৰ (Cap Rock) তলৰ জলাশয় শিলাখণ্ডত (Reservoir Rock) জমা হয়। সেয়েহে ভূ-বিজ্ঞানীসকলে মাটিৰ তলত সম্ভাৱ্য তেলৰ ভাণ্ডাৰ বিচাৰি উলিয়াবলৈ এনে বিশেষ আকৃতিৰ শিলাস্তৰৰ সন্ধান কৰে। এই কাৰ্যৰ বাবে তেওঁলোকে কিছুমান ক্ষেত্ৰভিত্তিক জৰীপ কৰিবলগীয়া হয়।
লক্ষ্যণীয় যে ভূ-গৰ্ভৰ শিলাস্তৰৰ আকৃতিয়ে পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰত প্ৰভাৱ পেলায়। বিজ্ঞানীসকলে বিমানেৰে কৰা এক জৰীপৰ যোগেদি একোটা বিশাল অঞ্চলৰ ভূ-চুম্বকীয় ক্ষেত্ৰৰ জোখ-মাখ কৰে। যিবোৰ ঠাইত চুম্বকীয় ক্ষেত্ৰৰ বিসংগতি ধৰা পৰে, সেইবোৰ ঠাই চিহ্নিত কৰি ৰখা হয়। এই পৰীক্ষাৰ পৰা আহৰণ কৰা তথ্যৰ আধাৰত কিছুমান অঞ্চল পেট্ৰ’লিয়ামৰ বাবে সম্ভাৱ্য ক্ষেত্ৰ হিচাপে বাচনি কৰা হয়। এই অঞ্চলসমূহত পৰৱৰ্তী সময়ত ভূ-কম্পন প্ৰক্ৰিয়াৰ জৰিয়তে ভূ-গৰ্ভৰ শিলাস্তৰসমূহৰ আকৃতি আৰু প্ৰকৃতি নিৰ্ণয় কৰা হয়। এই ভূ-কম্পন প্ৰক্ৰিয়াত ভূ-গৰ্ভলৈ ভূ-কম্পন তৰঙ্গ প্ৰেৰণ কৰা হয়। ভূ-গৰ্ভত থকা শিলাস্তৰসমূহত প্ৰতিফলিত হৈ ঘূৰি অহা তৰঙ্গসমূহৰ প্ৰাৱল্য আৰু কম্পনাংকৰ জোখ-মাখৰ জৰিয়তে শিলাস্তৰসমূহৰ বিষয়ে বহুতো তথ্য সংগ্ৰহ কৰিব পৰা যায়। এই তথ্যসমূহ আধুনিক কম্পিউটাৰৰ জৰিয়তে ফঁহিয়াই চোৱাৰ পিছত খননৰ কাৰণে উপযুক্ত স্থান নিৰ্ধাৰণ কৰিব পৰা হয়। ভূ-পৃষ্ঠত সততে দেখিবলৈ পোৱা শিলাস্তৰসমূহৰ বিষয়েও অধ্যয়ন কৰা হয়। প্ৰধানকৈ ভূ-গৰ্ভৰ শিলাস্তৰৰ গঠন আৰু আকৃতিৰ ওপৰতে খননৰ স্থান নিৰ্ণয় প্ৰক্ৰিয়া নিৰ্ভৰ কৰে। ভূমি আৰু সমুদ্ৰ পৃষ্ঠ উভয়তে এনে ভূ-কম্পন জৰীপ কৰা হয়।
স্থান নিৰ্ধাৰণ হোৱাৰ পিছত খনন কাৰ্য আৰম্ভ কৰিবলৈ যো-জা কৰা হয়। নিৰ্ধাৰিত স্থান স্থলভাগত অৱস্থিত হ’লে ভূমি অধিগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰা হয়। সাগৰৰ পানীত ভূমি অধিগ্ৰহণৰ কথা নাথাকে যদিও সংশ্লিষ্ট মন্ত্ৰণালয়ৰ পৰা অনুমতি ল’ব লগীয়া হয়। উল্লেখ্য যে স্থলভাগ বা জলভাগ দুয়োবিধতে খননৰ বাবে চৰকাৰী অনুজ্ঞাপত্ৰৰ প্ৰয়োজন হয়। স্থলভাগত খনন কাৰ্য চলাবৰ বাবে প্ৰায় পোন্ধৰ – কুৰি বিঘা মাটিৰ একোটা অঞ্চলৰ প্ৰয়োজন হয়। প্ৰাকৃতিক সম্পদ আহৰণৰ বাবে ভূমি অধিগ্ৰহণ ভাৰতত এটা আইনী প্ৰক্ৰিয়াৰ মাজেদি আগবাঢ়ে। ভূমি অধিগ্ৰহণৰ বাবে ক্ষতিগ্ৰস্ত হোৱা মাটিৰ গৰাকীসকলক উপযুক্ত আৰ্থিক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা আছে। বৰ্তমান সময়ত জনবসতি যথেষ্ট বৃদ্ধি পোৱাৰ বাবে খননৰ বাবে উপযুক্ত মাটি বিচাৰি পোৱাটোৱেই সমস্যা হৈ পৰিছে। জনবসতিৰ একেবাৰে ওচৰত খনন কাৰ্য সম্পাদন হ’লে যান্ত্ৰিক প্ৰক্ৰিয়াৰ বাবে শব্দ প্ৰদূষণ আৰু ভূ-গৰ্ভৰ পৰা নিসৃত লুণীয়া পানীৰ বাবে ভূমি প্ৰদূষণ হোৱাৰ সম্ভাৱনা থাকে।
খনন কাৰ্যৰ বাবে নিৰ্ধাৰিত ঠাইটুকুৰা বেৰ দি সেই স্থানত খননৰ বাবে যাৱতীয় তৈয়াৰী কৰা হয়। বহু সময়ত খননৰ বাবে নিৰ্ধাৰণ কৰা অঞ্চলটোলৈ যাবলৈ, গধুৰ যন্ত্ৰ-পাতি কঢ়িয়াবলৈ বাট-পথ সাজি ল’বলগীয়া হয়। খনন কাৰ্য সম্পাদন কৰা হয় প্ৰায় ৬০ ফুট ওখ লোহাৰে নিৰ্মিত ড্ৰিলিং ৰিগৰ সহায়ত। ড্ৰিল পাইপৰ আগত চোকা দাঁত থকা ঘূৰ্ণীয়মান চকৰিৰ আকৃতিৰ বিট্ সংযোগ কৰি খনন কাৰ্য কৰা হয়। ড্ৰিলিং ৰিগত পাইপ সমূহ উঠোৱা-নমোৱা কৰিবলৈ আৰু তললৈ পঠিয়াবলৈ ‘ট্ৰেভেলিং ব্লক’ নামৰ এবিধ সঁজুলি থাকে যিবিধ নিয়ন্ত্ৰণ কৰা হয় ড্ৰিলিং ৰিগত থকা শক্তিশালী ইঞ্জিন এটাৰ সহায়েৰে। খনন কাৰ্য যথেষ্ট সাৱধানতাৰে কৰিবলগীয়া কাম। খনন কাৰ্যৰ সময়ত ভূ-গৰ্ভৰ প্ৰচণ্ড চাপৰ মুখামুখি হ’বলগীয়া হয়। ভূ-গৰ্ভত থকা বোকা, পানী, গেছ, তেল সকলোবোৰ প্ৰৱল চাপৰ মাজত থাকে। সেয়েহে সুৰুঙা পালেই সেইবোৰ প্ৰচণ্ড গতিৰে বাহিৰলৈ ওলাই আহিব বিচাৰে। সেয়েহে ভূ-গৰ্ভৰ পদাৰ্থসমূহ বাহিৰ ওলাই আহিব নোৱাৰাকৈ ৰাখিবলৈ গধুৰ বোকা-জাতীয় তৰল (Mud) এবিধ ব্যৱহাৰ কৰা হয়। এই ‘মাড’ হ’ল ৰাসায়নিক পদাৰ্থ মিহলি পানী, যিয়ে ওপৰৰ পৰা বিপৰীতমুখী চাপ প্ৰয়োগ কৰি ভূ-গৰ্ভৰ চাপ প্ৰশমিত কৰি ৰাখে। ‘মাডে’ খননৰ বাবে ব্যৱহাৰ কৰা লোহাৰ পাইপ সমূহ শীতল কৰি ৰখাত আৰু খননৰ ফলত সৃষ্টি হোৱা আৱৰ্জনাসমূহ ওপৰলৈ উলিয়াই অনাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। খননৰ দ্বাৰা সৃষ্টি আৱৰ্জনাসমূহ (Mud cuttings) বিজ্ঞানাগাৰত পৰীক্ষা কৰি ভূ-গৰ্ভৰ স্তৰসমূহৰ গুণাগুণৰ বিষয়ে আৰু পেট্ৰ’লিয়ামৰ সম্ভাৱ্য উপস্থিতিৰ বিষয়ে জানিব পৰা যায়।
এটা খাদৰ খনন কেইবাটাও পৰ্যায়ত সম্পন্ন কৰা হয়। প্ৰথম পৰ্যায়ত অধিক ব্যাসৰ বিটেৰে খনন কৰা হয়। ওপৰৰ ভূ-স্তৰসমূহ দুৰ্বল আৰু সহজতে ভাঙিব পৰা হোৱাৰ বাবে প্ৰায় ১৫০ – ২০০ মিটাৰ খন্দাৰ পিছতে খাদটোত কেচিং (Casing) দিবলগীয়া হয়। কেচিং হ’ল খাদৰ বেৰ খহি নপৰাকৈ খাদটো পাইপেৰে আচ্ছাদিত কৰি ৰখাৰ ব্যৱস্থা। এই ব্যৱস্থাত চিমেণ্টৰ সহায়েৰে কেচিং স্থায়ীভাৱে খাদত সংস্থাপন কৰা হয়। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত প্ৰথম পৰ্যায়তকৈ কম ব্যাসৰ ড্ৰিল বিটেৰে খনন কৰা হয় আৰু এক নিৰ্দিষ্ট দৈৰ্ঘ্য খনন কৰাৰ পিছত পুনৰ প্ৰথম পৰ্যায়তকৈ কম ব্যাসৰ কেচিং সংস্থাপন কৰা হয়। এটা খাদৰ নিৰূপিত দৈৰ্ঘ্য অনুসৰি খননৰ পৰ্যায় দুই বা ততোধিক হ’ব পাৰে। ভূ-কম্পন জৰীপৰ তথ্য অনুসৰি সাধাৰণতে খাদৰ দৈৰ্ঘ্যৰ পূৰ্ব নিৰূপন কৰা হয়। সেই অনুসৰি এক নিৰ্দিষ্ট ৰূপাংকণ (Design) অনুসৰি বিভিন্ন পৰ্যায়ত খননৰ কাম কৰা হয়।
খননৰ সময়ত কৰা এটা গুৰুত্বপূৰ্ণ কাম হ’ল ভূ-গৰ্ভৰ উন্মুক্ত স্তৰসমূহৰপৰা প্ৰয়োজনীয় তথ্য সংগ্ৰহ। এই তথ্য সংগ্ৰহৰ কাম খনন কাৰ্যৰ ঠিক পিছতে আৰু কেচিং দিয়াৰ আগতে কৰিবলগীয়া হয়। এটা খাদৰ বিভিন্ন দৈৰ্ঘ্যত ভূ-গৰ্ভৰ স্তৰসমূহৰ গুণাগুণ আৰু ধৰ্ম নিৰ্ধাৰণ কৰিবলৈ কিছুমান ইলেক্ট্ৰনিক সঁজুলি এডাল দীঘল মজবুত তীখাৰ তাঁৰৰ সহায়ত খাদত সুমুৱাই দিয়া হয় আৰু সঁজুলিবোৰে সংগ্ৰহ কৰা তথ্য তাঁৰডালেৰে ওপৰৰ কম্পিউটাৰ এটালৈ পঠিয়াই দিয়া হয়। এই ব্যৱস্থাটোক কূপ সংলেখন (Well Logging) বুলি কোৱা হয়। ইলেক্ট্ৰ’নিক সঁজুলিসমূহে খাদৰ ভূ-স্তৰসমূহৰ বিদ্যুৎ পৰিবহন ক্ষমতা (Conductivity) আৰু ৰোধক ক্ষমতা (Resistivity), ঘনত্ব (Density) আৰু সৰন্ধ্ৰতা (Porosity) আদি ধৰ্মৰ তথ্য সংগ্ৰহ কৰে। এই তথ্যসমূহৰ বিশ্লেষণৰ জৰিয়তে খাদৰ বিভিন্ন দৈৰ্ঘ্যত অৱস্থিত স্তৰসমূহত তেল, গেছ বা পানীৰ অস্তিত্ব ধৰা পেলাব পৰা হয়। কম্পিউটাৰে সংগৃহীত তথ্যৰপৰা ভূ-স্তৰৰ বিভিন্ন গুণাগুণ খাদৰ দৈৰ্ঘ্যৰ বিপৰীতে লেখ কাগজত অংকন কৰি উলিয়ায়। ইয়াকে কূপ লেখ বা ৱেল লগ (Well Log) বোলা হয়। খননৰ বিভিন্ন পৰ্যায়ত কেচিং দিয়াৰ আগতে এইদৰে খাদৰ তথ্য সংগ্ৰহ কৰা হয়।
চূড়ান্ত পৰ্যায়ৰ খনন আৰু কূপ সংলেখনৰ পিছত দিয়া কেচিঙে খাদৰ ভূ-স্তৰৰ লগত সংযোগ বিছিন্ন কৰে। চিমেণ্টেৰে কেচিং সংস্থাপন কৰাৰ পিছত লেখ অনুসৰি বিভিন্ন দৈৰ্ঘ্যত পোৱা তেল আৰু গেছৰ স্তৰসমূহৰ লগত নিয়ন্ত্ৰিত ভাৱে পুনৰ সংযোগ স্থাপন কৰাৰ ব্যৱস্থা কৰা হয়। শক্তিশালী বিস্ফোৰক ব্যৱহাৰ কৰি তেল আৰু গেছৰ উপস্থিতি থকা নিৰ্দিষ্ট গভীৰতাত কেচিঙত বিন্ধা (Perforation) কৰা হয়। একেবাৰে তলৰ স্তৰৰপৰা ওপৰলৈ, এটাৰ পিছত এটাকৈ ভূ-গৰ্ভৰ স্তৰ বিভিন্ন পৰ্যায়ত পাইপৰ অভ্যন্তৰৰ লগত সংযোজিত কৰা হয়। এই বিন্ধাবোৰেদি ভূ-গৰ্ভত চাপত থকা তেল আৰু গেছ স্বয়ংক্ৰিয়ভাৱে ওপৰলৈ ওলাই আহে। তেল আৰু গেছ নিয়ন্ত্ৰিতভাৱে পৰিবহন কৰিবলৈ খাদৰ ভিতৰত কম ব্যাসাৰ্ধৰ নলী (Tubing) সংস্থাপন কৰা হয়। এই নলীৰে ওলাই অহা তেল গেছ খাদৰ উপৰিভাগত স্থাপন কৰা বিভিন্ন সঁজুলিৰ সহায়ত সুৰক্ষিতভাৱে নিৰ্দিষ্ট টেংকলৈ বোৱাই নিয়া হয়। খাৰুৱা তেলৰ লগত সাধাৰণতে গেছ আৰু পানী মিহলি হৈ থাকে। এক পৃথকীকৰণ ব্যৱস্থাৰে তেল, গেছ আৰু পানী পৃথক কৰি বেলেগে বেলেগে সংগ্ৰহ কৰা হয়।
ভূ-গৰ্ভৰ পৰা ওলাই অহা খাৰুৱা তেল আৰু গেছ ব্যৱহাৰৰ উপযোগী কৰিবলৈ পৰিশোধনৰ প্ৰয়োজন হয়। শোধনাগাৰত খাৰুৱা তেল শোধন কৰি পেট্ৰ’ল, ডিজেল, কেৰাচিন, বিমান ইন্ধন আদি সামগ্ৰী তৈয়াৰ কৰা হয়। সেইদৰে প্ৰাকৃতিক গেছ বিদ্যুৎ উৎপাদন, চাহ উদ্যোগ আৰু ৰন্ধন গেছ উৎপাদনৰ কামত ব্যৱহাৰ কৰা হয়। প্ৰাকৃতিক গেছ ক্ৰেকিং (Cracking) কৰি ইথিলিন, প্ৰ’পিলিন, পলিথিন আদি পেট্ৰ’কেমিকেল উদ্যোগত ব্যৱহৃত কেঁচামাল উত্পাদন কৰিব পাৰি। খাৰুৱা তেল পাইপ লাইনৰ সহায়ত শোধনাগাৰলৈ প্ৰবাহিত কৰা হয়।
মাটিৰ তলৰ সোণ হিচাপে খ্যাত খাৰুৱা তেল অসমৰ আটাইতকৈ মূল্যবান খনিজ সম্পদ। উল্লেখ্য যে ১৮৫৯ চনত বিশ্বত পোন প্ৰথম বাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেনছিলভেনিয়া প্ৰদেশত খাৰুৱা তেলৰ বাণিজ্যিক উৎপাদন হোৱাৰ আঠ বছৰ পিছতে ১৮৬৭ চনত অসমৰ মাকুম – নামদাং অঞ্চলত খনন কৰা এটা খাদত বাণিজ্যিকভাৱে খাৰুৱা তেলৰ উৎপাদন হৈছিল। এইটোৱেই আছিল যান্ত্ৰিক পদ্ধতিত খনন কৰা এছিয়া মহাদেশৰ প্ৰথমটো তেলৰ পুং। ১৮৮৯ চনত আৱিষ্কৃত হোৱা ডিগবৈ তৈলক্ষেত্ৰ ভাৰতৰ আটাইতকৈ পুৰণি তৈলক্ষেত্ৰ হিচাপে ঐতিহ্যমণ্ডিত হৈ আছে। ১৯০০ চনত স্থাপিত হোৱা ডিগবৈ শোধনাগাৰ ভাৰতৰ প্ৰথম আৰু বিশ্বৰ আটাইতকৈ প্ৰাচীন কাৰ্যক্ষম শোধনাগাৰ। খাৰুৱা তেলে বিশ্বৰ সমুখত অসমক বিশেষভাৱে পৰিচিত কৰি আহিছে। এতিয়ালৈ কাৰ্যক্ষম হৈ থকা ডিগবৈ তৈলক্ষেত্ৰ বিশ্বৰ তৈল উদ্যোগৰ বাবে এক বিস্ময়। তৈল উদ্যোগৰ লগত জড়িত লোকসকলৰ বাবে ডিগবৈ এখন তীৰ্থ স্বৰূপ।
ডিগবৈ তৈলক্ষেত্ৰ আৱিষ্কাৰ হোৱাৰ পিছৰে পৰা অসমত প্ৰায় অবিৰতভাৱে খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ উৎপাদন হৈ আছে। অসমৰ খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ টুটি আহিছে যদিও এতিয়াও উন্নত প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে অসমৰ পৰা তেল আৰু গেছৰ অধিক উৎপাদন হোৱাৰ সম্ভাৱনা আছে। অসমৰ মাটিৰ তলৰ সোণ দেশৰ বাবেই গৌৰৱ।
লেখক: দীপাংকৰ মল্ল বৰুৱা, অয়ল ইণ্ডিয়া লিমিটেড, দুলীয়াজান
শেহতীয়া উন্নীতকৰণ: : 3/12/2020
খাৰুৱা তেলৰ ৰাজনীতি
অগৰু গছ আৰু ইয়াৰপৰা উত্পাদিত সামগ্ৰীৰ বিষয়ে ইয়া...
সুগন্ধিযুক্ত তেল প্ৰস্তুত কৰা আগৰ গছৰ খেতিৰ বিষয়ে ...
কেনেকুৱা ধৰণৰ কি তেল খাব লাগে