অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫

দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫

২০০৫ ৰ ৫৩ নং [২৩ ডিচেম্বৰ, ২০০৫]

দুৰ্যোগ আৰু ইয়াৰ লগত জড়িত বিষয়সমূহ বা ঘটনাবসতঃ জড়িত বিষয়সমূহৰ কাৰ্য্যকৰী ব্যৱস্থাপনা আগবঢ়োৱাৰ বাবে এখন আইন।

ভাৰতীয় গণতন্ত্ৰৰ ৫৬ বছৰত লোকসভাত অনুমোদন কৰা এই আইনখন হ’ল

অধ্যায় ১ : প্ৰাথমিক

১) চমু শীৰ্ষক, বিস্তাৰ আৰু আৰম্ভণি

(১) এই আইনখনক দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ বুলি ক’ব পাৰি।

(২) এই আইনখন সমগ্ৰ ভাৰতবৰ্ষতে বিস্তাৰিত হ’ব।

(৩) এই আইনখন কেন্দ্ৰীয় চৰকাৰে ৰাজপত্ৰৰ অধ্যাদেশত জাৰি কৰা তাৰিখৰ পৰা কাৰ্য্যকৰী হ’ব আৰু এই আইনৰ পৃথক সুবিধাৰ বাবে আৰু পৃথক-পৃথক ৰাজ্যত কাৰ্য্যকৰীকৰণৰ বাবে ইয়াৰ তাৰিখ পৃথক হ’ব পাৰে। এই আইনৰ কোনোবাটো সুবিধাক কোনো ৰাজ্যই আৰম্ভ কৰাৰ তাৰিখ অনুসৰি সেই ৰাজ্যত ইয়াৰ সুবিধাসমূহ উপলব্ধ হ’ব।

২) সংজ্ঞাসমূহ

এই আইন অনুসৰি সম্পৰ্কীয় সংজ্ঞাসমূহ দিয়া হ’ল-

ক)“প্ৰভাৱিত অঞ্চল” ৰ অৰ্থ হ’ল দুৰ্যোগত প্ৰভাৱিত হোৱা কোনো এটা অঞ্চল বা দেশৰ কোনো এটা অংশ।

খ)“সামৰ্থ্য বৃদ্ধি”ৰ অন্তৰ্গত-

১) ইতিমধ্যেই থকা সমলসমূহ চিনাক্তকৰণ আৰু সৃষ্টি আৰু অৰ্জন কৰিব লগা সমলসমূহ।

২) উপ অনুচ্ছেদ ১ ৰ অধীনত চিনাক্ত কৰা সমলসমূহ সৃষ্টি আৰু অৰ্জন কৰা।

৩) দুৰ্যোগৰ কাৰ্য্যকৰী ব্যৱস্থাপনাৰ বাবে ব্যক্তিসকলক সমবেত কৰোৱা আৰু প্ৰশিক্ষণ প্ৰদান আৰু এনে প্ৰশিক্ষণসমূহৰ সমন্বয় কৰা।

গ) “কেন্দ্ৰীয় চৰকাৰ” ৰ অৰ্থ হ’ল দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰশাসনীয় নিয়ন্ত্ৰণ থকা ভাৰত চৰকাৰৰ মন্ত্ৰালয় আৰু বিভাগ।

ঘ) “দুৰ্যোগ” ৰ অৰ্থ হ’ল প্ৰাকৃতিক বা মানৱ সৃষ্ট কাৰণত কোনো এটা অঞ্চলত হোৱা আকস্মিক বিপৰ্য্যয়, অঘটন, বিপৰ্য্যয় বা ঘোৰ বিপত্তি বা দূৰ্ঘটনা বা অৱহেলা, যাৰ ফলত প্ৰাণহানি বা মানুহে ভুগিব লগা হোৱা বা সম্পত্তি ক্ষতি আৰু ধ্বংস হোৱা বা পৰিৱেশ ক্ষতিগ্ৰস্ত হোৱা আৰু প্ৰভাৱিত অঞ্চলৰ ৰাইজে খাপ খাব নোৱাৰাকৈ প্ৰাকৃতিক অৱ্স্থাৰ পৰিৱৰ্তন হোৱা।

ঙ) “দুৰ্যোগ ব্যৱস্থাপনা” ৰ অৰ্থ হ’ল পৰিকল্পনা, আয়োজিত কৰা, সমন্বয় ৰক্ষা আৰু কাৰ্য্যকৰীকৰণৰ ব্যৱস্থাৰ অবিৰত আৰু সংহত প্ৰক্ৰিয়া যিটো তলত উল্লেখ কৰাসমূহৰ বাবে প্ৰয়োজনীয় বা উপযোগী।

১)যিকোনো দুৰ্যোগৰ বিপদ বা আশংকাসমূহ প্ৰতিৰোধ কৰা।

২)যিকোনো দুৰ্যোগ বা ইয়াৰ গুৰুতৰ বা ফলাফলসমূহৰ উপশম কৰা বা আশংকা নিম্নতম কৰা।

৩)সামৰ্থ্যতা বৃদ্ধি।

৪)যিকোনো দুৰ্যোগৰ সতে মুখামুখী হ’ব পৰাকৈ আগতীয়া প্ৰস্তুতি।

৫)যিকোনো দুৰ্যোগ বা বিপদজনক দুৰ্যোগৰ পৰিস্থিতি আৰু তৎকাল সঁহাৰি।

৬)যিকোনো দুৰ্যোগৰ তীব্ৰতা বা প্ৰভাৱৰ প্ৰাব্যলতাৰ পৰিমাণ নিৰূপণ কৰা।

৭)স্থানান্তৰ, উদ্ধাৰ আৰু সাহাৰ্য্য।

৮)পুনৰ্সংস্থাপন আৰু পুনৰ্নিমাণ।

চ)“জিলা কৰ্তৃপক্ষ” ৰ অৰ্থ হ’ল ধাৰা ২৫ ৰ উপধাৰা(১)ৰ অধীনত গঠন কৰা জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্ব।

ছ)“জিলা পৰিকল্পনা” ৰ অৰ্থ হ’ল ধাৰা ৩১ ৰ অধীনত জিলাৰ বাবে প্ৰস্তুত কৰা দুৰ্যোগ ব্যৱস্থাপনাৰ পৰিকল্পনা।

জ)“স্থানীয় কৰ্তৃপক্ষ” ত পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানসমূহ, পৌৰসভা, এখন জিলাৰ পৰিষদ, সেনা পৰিষদ, নগৰ পৰিকল্পনা কৰ্তৃপক্ষ বা জিলা পৰিষদ বা আন কোনো পৰিষদ বা কৰ্তৃপক্ষ, যি নামেই দিয়া নহওঁক কিয় অত্যাৱশ্যকীয় সেৱাসমূহ আগবঢ়োৱা বা সামাজিক সেৱাসমূহৰ নিয়ন্ত্ৰক আৰু ব্যৱস্থাপনা কৰা এটা নিৰ্দিষ্ট স্থানীয় অঞ্চলৰ সকলোবোৰ সন্নিৱিষ্ট হ’ব।

(১) “উপশম” ৰ অৰ্থ হ’ল কোনো এটা দুৰ্যোগ বা দুৰ্যোগজনক পৰিস্থিতিৰ আশংকাৰ বিপদ, প্ৰভাৱ বা পৰিণতিসমূহ নিম্নতম কৰাৰ লক্ষ্যত লোৱা ব্যৱস্থাসমূহ।

ঝ)“ৰাষ্ট্ৰীয় কৰ্তৃপক্ষ” ৰ অৰ্থ হ’ল ধাৰা ৩ ৰ উপধাৰা (১) ৰ অধীনত স্থাপন কৰা ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্ব।

ঞ)“ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতি” ৰ অৰ্থ হ’ল ধাৰা ৮ ৰ উপধাৰা ১ ৰ অধীনত গঠন কৰা ৰাষ্ট্ৰীয় কৰ্তৃপক্ষৰ কাৰ্য্যনিৰ্বাহক সমিতি।

ট)“ৰাষ্ট্ৰীয় পৰিকল্পনা” ৰ অৰ্থ ধাৰা ১১ ৰ অধীনত সমগ্ৰ দেশৰ দুৰ্যোগ ব্যৱ্স্থাপনাৰ বাবে প্ৰস্তুত কৰা পৰিকল্পনা।

ঠ)“আগতীয়া প্ৰস্তুতি” ৰ অৰ্থ হ’ল দুৰ্যোগ বা দুৰ্যোগ পৰিস্থিতিৰ আশংকা আৰু ইয়াৰ প্ৰভাৱসমূহৰ লগত মুখামুখী হ’ব পৰাকৈ প্ৰস্তুত হৈ থকা এটা অৱস্থা।

ড)“নিৰ্দেশিত” ৰ অৰ্থ হ’ল এই আইনৰ অধীনত নীতিসমূহে কৰা নিৰ্দেশসমূহ।

ঢ)“পুনৰ্নিমাণ” ৰ অৰ্থ হ’ল দুৰ্যোগৰ পিছত যিকোনো সম্পত্তি নিৰ্মাণ কৰা বা পুনৰ আগৰ অৱ্স্থালৈ ঘূৰাই অনা।

ণ)“সমল” ত মানৱ শক্তি, সেৱা, সামগ্ৰী আৰু সুবিধাসমূহ সন্নিৱিষ্ট হয়।

ত)“ৰাজ্যিক কৰ্তৃপক্ষ” ৰ অৰ্থ হ’ল ধাৰা ১৪ ৰ উপধাৰা ১ ৰ অধীনত গঠন কৰা ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্ব আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্ব।

থ) “ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সমিতি” ৰ অৰ্থ হ’ল ধাৰা ২০ ৰ উপধাৰা ১ ৰ অধীনত গঠন কৰা ৰাজ্যিক কৰ্তৃপক্ষৰ কাৰ্য্যনিৰ্বাহক সমিতি।

দ)“ৰাজ্য চৰকাৰ” ৰ অৰ্থ হ’ল দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত ৰাজ্যৰ প্ৰশাসনিক নিয়ন্ত্ৰণ থকা চৰকাৰী বিভাগ আৰু সংবিধানৰ ২৩৯ অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিয়ে নিযুক্ত কৰা কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসক।

ধ)“ৰাজ্যিক পৰিকল্পনা” ৰ অৰ্থ হ’ল ধাৰা ২৩ ৰ অধীনত সমগ্ৰ ৰাইজৰ বাবে প্ৰস্তুত কৰা দুৰ্যোগ ব্যৱস্থাপনাৰ পৰিকল্পনা।

অধ্যায় ২ : ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্ব

) ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্বৰ প্ৰতিষ্ঠাপন

১)এই আইনখন কেন্দ্ৰীয় চৰকাৰে কাৰ্য্যকৰীকৰণৰ তাৰিখ ৰাজপত্ৰত উল্লেখ কৰি গঠন কৰি দিয়া কৰ্তৃপক্ষক ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱ্স্থাপনা কৰ্তৃত্ব বুলি জনা যাব।

২)এই ৰাষ্ট্ৰীয় কৰ্তৃত্বত এজন অধ্যক্ষ থাকিব আৰু কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশিত কৰাৰ দৰে ৯ জনতকৈ অধিক সদস্য নাথাকিব আৰু যদি থাকিব লগা হয় তেন্তে নীতিগত ব্যৱস্থা কৰিব লাগিব। ৰাষ্ট্ৰীয় কৰ্তৃত্ব তলত দিয়াসকলৰে গঠিত হ’ব।

ক) ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে এই ৰাষ্ট্ৰীয় কৰ্তৃত্বৰ অধ্যক্ষ হ’ব।

খ) আন সদস্যসকলৰ সংখ্যা ৯ জনতকৈ অধিক নহব আৰু এওঁলোকক ৰাষ্ট্ৰীয় কৰ্তৃত্বৰ অধ্যক্ষই বাছনি কৰিব।

৩)উপধাৰা ২ ৰ অনুচ্ছেদ (খ)ৰ অধীনত ৰাষ্ট্ৰীয় কৰ্তৃত্বৰ অধ্যক্ষ বা উপাধ্যক্ষই কোনো এজন সদস্যক মনোনীত কৰিব পাৰিব।

) ৰাষ্ট্ৰীয় কৰ্তৃত্বৰ সভাসমূহ

১)ৰাষ্ট্ৰীয় কৰ্তৃত্বৰ অধ্যক্ষই উপযুক্ত বুলি ভবা সময় আৰু স্থানত যেতিয়াই প্ৰয়োজন হয় তেতিয়াই ৰাষ্ট্ৰীয় কৰ্তৃত্বৰ সভা অনুষ্ঠিত হ’ব।

২)ৰাষ্ট্ৰীয় কৰ্তৃত্বৰ সভাত ৰাষ্ট্ৰীয় কৰ্তৃত্বৰ অধ্যক্ষই সভাপতিত্ব কৰিব।

৩)যদি কোনো কাৰণবশতঃ ৰাষ্ট্ৰীয় কৰ্তৃত্বৰ অধ্যক্ষই ৰাষ্ট্ৰীয় কৰ্তৃত্বৰ কোনো সভাত উপস্থিত থাকিব নোৱাৰে তেন্তে ৰাষ্ট্ৰীয় কৰ্তৃত্বৰ উপাধ্যক্ষই উক্ত সভাত সভাপতিত্ব কৰিব।

) ৰাষ্ট্ৰীয় কৰ্তৃত্বৰ বিষয়া আৰু অন্যান্য কৰ্মচাৰীসকলৰ নিযুক্তি

৫)ৰাষ্ট্ৰীয় কৰ্তৃত্বৰ বিষয়া আৰু অন্যান্য কৰ্মচাৰীসকলৰ নিযুক্তি- ৰাষ্ট্ৰীয় কৰ্তৃত্বৰ কাম-কাজসমূহ চলাই নিয়াৰ বাবে প্ৰয়োজনীয় বুলি ভবা বিষয়া, পৰামৰ্শদাতা আৰু কৰ্মচাৰীসমূহ কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় কৰ্তৃত্বক আগবঢ়াব।

) ৰাষ্ট্ৰীয় কৰ্তৃত্বৰ ক্ষমতা আৰু কাম-কাজসমূহ

(১) এই আইনৰ সুবিধা থকাসমূহ সাপেক্ষে দুৰ্যোগত সময়মতে আৰু কাৰ্য্যকৰীভাৱে সঁহাৰি প্ৰদান নিশ্চিত কৰিবলৈ দুৰ্যোগ ব্যৱস্থাপনাৰ নীতি, পৰিকল্পনা আৰু নিৰ্দেশনাৱলী প্ৰস্তুত কৰাৰ দায়বদ্ধতা ৰাষ্ট্ৰীয় কৰ্তৃত্বৰ থাকিব।

(২) উপধাৰা ১ ত থকা সুবিধাসমূহৰ সাধাৰণ পূৰ্ব সংস্কাৰ অবিহনেই ৰাষ্ট্ৰীয় কৰ্তৃত্বই-

(ক) দুৰ্যোগ ব্যৱস্থাপনাৰ নীতি প্ৰস্তুত কৰিব পাৰে;

(খ) ৰাষ্ট্ৰীয় পৰিকল্পনা অনুমোদন কৰিব পাৰে;

(গ) ভাৰত চৰকাৰৰ মন্ত্ৰালয় আৰু বিভাগসমূহে ৰাষ্ট্ৰীয় পৰিকল্পনা অনুসৰি প্ৰস্তুত কৰা পৰিকল্পনাসমূহ অনুমোদন কৰিব পাৰে;

(ঘ) ৰাজ্যিক পৰিকল্পনা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ৰাজ্যিক কৰ্তৃত্বই মানি চলিব লগা নিৰ্দেশনাৱলী প্ৰস্তুত কৰিব পাৰে।

(ঙ) ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰালয় বা বিভাগসমূহে তেওঁলোকৰ উন্নয়ন পৰিকল্পনা আৰু প্ৰকল্পসমূহত দুৰ্যোগ প্ৰতিৰোধ বা ইয়াৰ প্ৰভাৱৰ উপশমৰ বাবে সংহত ব্যৱস্থা হাতত ল’বলৈ মানি চলিব লগা নিৰ্দেশনাৱলী প্ৰস্তুত কৰিব পাৰে।

(চ) দুৰ্যোগ ব্যৱস্থাপনাৰ নীতি আৰু পৰিকল্পনাসমূহ বলবৎ আৰু কাৰ্য্যকৰীকৰণৰ সমন্বয় কৰিব পাৰে।

(ছ) উপশমৰ বাবে পুঁজিৰ ব্যৱস্থাৰ অনুমোদন জনাব পাৰে।

(জ) কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত অনুসৰি হোৱা ডাঙৰ দুৰ্যোগৰ বাবে প্ৰভাৱিত হোৱা আন দেশলৈ এনে ধৰণৰ সহায় আগবঢ়োৱা।

ঝ) দুৰ্যোগৰ প্ৰতিৰোধ বা উপশম বা আগতীয়া প্ৰস্তুতি আৰু সামৰ্থ বৃদ্ধি কৰি দুৰ্যোগজনক অৱস্থাৰ আশংকা বা দুৰ্যোগত প্ৰয়োজন বুলি ভবাসমূহৰ সৈতে মুখামুখী হ’বলৈ ল’ব লগা আন ব্যৱস্থাসমূহ।

(ঞ) দুৰ্যোগৰ ব্যৱস্থাপনাৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ বাবে বহলভাৱে নীতি আৰু নিৰ্দেশনাৱলী প্ৰস্তুত কৰা।

(৩) জৰুৰীকালীন অৱস্থাত ৰাষ্ট্ৰীয় কৰ্তৃত্বৰ অধ্যক্ষই সকলো ধৰণৰ ক্ষমতা বা ৰাষ্ট্ৰীয় কৰ্তৃত্বৰ যিকোনো ক্ষমতা খটুৱাব পাৰিব কিন্তু এই ক্ষমতাসমূহ ৰাষ্ট্ৰীয় কৰ্তৃত্বই সমৰ্থন কৰিব লাগিব।

৭) ৰাষ্ট্ৰীয় কৰ্তৃত্বৰ দ্বাৰা পৰামৰ্শদাতা সমিতি গঠন

১)দুৰ্যোগ ব্যৱস্থাপনাৰ বিভিন্ন বিষয়ৰ ওপৰত অনুমোদন প্ৰদান কৰিবলৈ ৰাষ্ট্ৰীয় কৰ্তৃত্বই দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত জড়িত আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ ব্যৱহাৰিক অভিজ্ঞতা থকা বিশেষজ্ঞসকলকলৈ একোখন পৰামৰ্শদাতা সমিতি ৰাষ্ট্ৰীয়, ৰাজ্যিক বা জিলা পৰ্য্যায়ত গঠন কৰিব পাৰে।

২) এই পৰামৰ্শদাতা সমিতিৰ সদস্যসকলক কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় কৰ্তৃত্বৰ লগত আলোচনা কৰি সিদ্ধান্ত লোৱা অনুসৰি ভাট্টা প্ৰদানৰ ব্যৱস্থা ৰাখিব পাৰে।

) ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতি গঠন

(১)কেন্দ্ৰীয় চৰকাৰে তলত দিয়া উপধাৰাৰ অধীনত তৎকালে অধিসূচনা জাৰি কৰিব পাৰে।

২) ধাৰা ৩ ৰ অধীনত এই আইনৰ অধীনত ৰাষ্ট্ৰীয় কৰ্তৃত্বৰ কাম-কাজসমূহত সহায় কৰিবলৈ এখন ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতি গঠন কৰা

৩) ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতিত তলত উল্লেখ কৰা সদস্যসমূহ থাকিব পাৰে

ক)দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰশাসনিক নিয়ন্ত্ৰণ থকা কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰালয় বা বিভাগৰ সচিবজন এই সমিতিৰ অধ্যক্ষ হ’ব।

খ)প্ৰশাসনিক নিয়ন্ত্ৰণ থকা কৃষি, পৰামাণুশক্তি, সুৰক্ষা, খোৱা পানী যোগান, পৰিৱেশ আৰু বন, বিত্ত (খৰছ)স্বাস্থ্য, শক্তি, গ্ৰাম্য উন্নয়ন, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, মহাকাশ, তাৰ বিভাগ, নগৰ উন্নয়ন, জলসম্পদ মন্ত্ৰালয় আৰু বিভাগৰ সচিবসকল আৰু সংযুক্ত সুৰক্ষা বিষয়াৰ মুখ্য বিষয়াজন এই সমিতিৰ সদস্য হিচাপে থাকিব।

৩) ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতিৰ অধ্যক্ষই কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰৰ যিকোনো বিষয়াত ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতিৰ সভাত অংশ ল’বলৈ আমন্ত্ৰণ জনাব পাৰে আৰু ৰাষ্ট্ৰীয় কৰ্তৃত্বৰ লগত আলোচনা কৰি কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশিত কৰা ক্ষমতা আৰু কাম-কাজ কৰিব পাৰিব।

৪) কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশিত কৰা মতে ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতিয়ে ইয়াৰ ক্ষমতা আৰু কাম-কাজসমূহ প্ৰক্ৰিয়াগতভাৱে মানি চলিব।

৯) উপসমিতি গঠন

(১) ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতিয়ে দক্ষতাৰে ইয়াৰ কাম-কাজসমূহ চলাই নিবলৈ যেতিয়া আৰু যেনেভাৱে প্ৰয়োজন বুলি ভাবে সেইমতে এখন বা ততোধিক উপসমিতি গঠন কৰিব পাৰে।

(২) উপধাৰা ১ অনুসৰি ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতিয়ে ইয়াৰ সদস্যসকলৰ ভিতৰৰ পৰাই এনে উপসমিতিৰ অধ্যক্ষ নিযুক্ত কৰিব।

(৩) এনে উপ-সমিতিত কোনো ব্যক্তিক বিশেষজ্ঞ হিচাপে জড়িত কৰিলে তেওঁক কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি ভাট্টা প্ৰদান কৰা হ’ব।

১০) ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতিৰ ক্ষমতা আৰু কাম-কাজসমূহ

১) ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতিয়ে কেন্দ্ৰীয় কৰ্তৃত্বক ইয়াৰ কাম-কাজসমূহ কৰাত সহায় আগবঢ়াব আৰু ৰাষ্ট্ৰীয় কৰ্তৃত্বৰ নীতি আৰু পৰিকল্পনাসমূহ কাৰ্য্যকৰীকৰণৰ দ্বায়বদ্ধতা থাকিব আৰু দেশত দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা নিৰ্দেশনাসমূহ পালন কৰাতো নিশ্চিত কৰিব।

২) উপধাৰা ১ ত থকা সুবিধাসমূহৰ যোগেৰে পূৰ্ব সংস্কাৰ অবিহনেই ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতিয়ে তলত দিয়াসমূহ কৰিব পাৰে।

(ক) দুৰ্যোগ ব্যৱস্থাপনাৰ সমন্বয় আৰু পৰ্য্যবেক্ষণ কৰা গোট।

(খ) ৰাষ্ট্ৰীয় কৰ্তৃত্বই অনুমোদন জনাব লগা ৰাষ্ট্ৰীয় পৰিকল্পনাৰ প্ৰস্তুতি।

(গ) ৰাষ্ট্ৰীয় নীতি কাৰ্য্যকৰীকৰণত সমন্বয় ৰক্ষা আৰু পৰ্য্যবেক্ষণ।

(ঘ) ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰালয় বা বিভাগসমূহ আৰু ৰাজ্যিক কৰ্তৃত্বই দুৰ্যোগ ব্যৱস্থাপনাৰ পৰিকল্পনা প্ৰস্তুতিৰ ক্ষেত্ৰত নিৰ্দেশনাৱলী প্ৰস্তুত কৰা।

(ঙ) ৰাষ্ট্ৰীয় কৰ্তৃত্বই দিয়া নিৰ্দেশনাৱলী অনুসৰি ৰাজ্য চৰকাৰ আৰু ৰাজ্যিক কৰ্তৃত্বক তেওঁলোকৰ দুৰ্যোগ ব্যৱস্থাপনাৰ পৰিকল্পনা প্ৰস্তুত কৰাত প্ৰয়োজনীয় কাৰিকৰী সাহাৰ্য্য আগবঢ়োৱা।

(চ) ৰাষ্ট্ৰীয় পৰিকল্পনা আৰু ভাৰত চৰকাৰৰ মন্ত্ৰালয় আৰু বিভাগসমূহে প্ৰস্তুত কৰা পৰিকল্পনাৰ কাৰ্য্যকৰীকৰণত পৰ্য্যবেক্ষণ কৰা।

(ছ) বিভিন্ন মন্ত্ৰালয় বা বিভাগসমূহে তেওঁলোকৰ উন্নয়ন পৰিকল্পনা আৰু প্ৰকল্পসমূহত দুৰ্যোগ প্ৰতিৰোধ আৰু উপশমৰ ব্যৱস্থাসমূহ ৰাষ্ট্ৰীয় কৰ্তৃত্বই প্ৰদান কৰা নিৰ্দেশনাৱলী অনুসৰি কাৰ্য্যকৰীকৰণ হৈছেনে নাই তাক পৰ্য্যবেক্ষণ কৰা।

(জ) বিভিন্ন মন্ত্ৰালয় বা চৰকাৰী বিভাগ আৰু অভিকৰণসমূহে লোৱা উপশম আৰু আগতীয়া প্ৰস্তুতীৰ ব্যৱ্স্থা সম্পৰ্কে পৰ্য্যবেক্ষণ, সমন্বয় আৰু নিৰ্দেশনা প্ৰদান কৰা।

(ঝ) যিকোনো দুৰ্যোগ পৰিস্থিতিৰ আশংকা বা দুৰ্যোগৰ প্ৰতি সঁহাৰি জনাব পৰাকৈ চৰকাৰী সকলো পৰ্য্যায়ত আগতীয়া প্ৰস্তুতীসমূহ পৰ্য্যলোচনা কৰা আৰু য’ত এনে আগতীয়া প্ৰস্তুতি অধিক শক্তিশালী কৰাৰ প্ৰয়োজন আছে সেই নিৰ্দেশনা প্ৰদান কৰা।

(ঞ) সকলো পৰ্য্যায়ৰ বিষয়া, কৰ্মচাৰী আৰু স্বেচ্ছাসেৱী উদ্ধাৰকৰ্মীক দুৰ্যোগ ব্যৱস্থাপনাৰ বিশেষ প্ৰশিক্ষণ কাৰ্য্যসূচী প্ৰদানৰ পৰিকল্পনা আৰু সমন্বয় ৰক্ষা কৰা। যিকোনো দুৰ্যোগ অৱ্স্থাৰ আশংকা বা দুৰ্যোগৰ সময়ত সঁহাৰিৰ সমন্বয় ৰক্ষা কৰা।

(ট) ভাৰত চৰকাৰৰ সংশ্লিষ্ট মন্ত্ৰালয় বা বিভাগসমূহ, ৰাজ্য চৰকাৰ আৰু ৰাজ্যিক কৰ্তৃত্বক যিকোনো দুৰ্যোগ পৰিস্থিতিৰ আশংকা বা দুৰ্যোগৰ সময়ত সঁহাৰি হিচাপে তেওঁলোকে ল’ব লগা ব্যৱস্থাসমূহৰ নিৰ্দেশাৱলী প্ৰস্তুত বা নিৰ্দেশনা প্ৰদান কৰা।

(ড) জৰুৰীকালীন সঁহাৰি, উদ্ধাৰ আৰু সাহাৰ্য্যৰ বাবে প্ৰয়োজন হোৱা ব্যক্তি বা সামগ্ৰীৰ সমলসমূহ চৰকাৰী যিকোনো বিভাগ বা অভিকৰণৰ পৰা ৰাষ্ট্ৰীয় কৰ্তৃত্ব বা ৰাজ্যিক কৰ্তৃত্বলৈ উপলব্ধ কৰা।

(ঢ) দুৰ্যোগ ব্যৱস্থাপনাত জড়িত ভাৰত চৰকাৰৰ মন্ত্ৰালয় বা বিভাগসমূহ, ৰাজ্যিক কৰ্তৃত্ব, সংবিধিবদ্ধ গোট, আন চৰকাৰী বা বেচৰকাৰী সংগঠনসমূহলৈ পৰামৰ্শ, সহায় আৰু সমন্বয় ৰক্ষাৰ কাম কৰা।

(ণ)  এই আইনৰ অধীনত তেওঁলোকৰ কাম-কাজসমূহ কৰি যোৱাৰ ক্ষেত্ৰত ৰাজ্যিক কৰ্তৃত্ব আৰু জিলা কৰ্তৃপক্ষলৈ প্ৰয়োজনীয় কাৰিকৰী সাহাৰ্য্য প্ৰদান বা পৰামৰ্শ প্ৰদান।

(ঠ) দুৰ্যোগ ব্যৱস্থাপনা সম্পৰ্কীয় সাধাৰণ জ্ঞান আৰু সচেতনতা প্ৰবৰ্ধন কৰা।

(ত) ৰাষ্ট্ৰীয় কৰ্তৃত্বই কৰিবলগা হোৱা আন কাম-কাজসমূহ।

১১) ৰাষ্ট্ৰীয় পৰিকল্পনা

১) সমগ্ৰ দেশৰ দুৰ্যোগ ব্যৱ্স্থাপনাৰ বাবে প্ৰস্তুত কৰা পৰিকল্পনাটোকে  ৰাষ্ট্ৰীয় পৰিকল্পনা বোলা হ’ব।

২)ৰাষ্ট্ৰীয় নীতি অনুসৰি আৰু ৰাজ্য চৰকাৰ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত বিশেষজ্ঞ গোট বা সংগঠনৰ পৰামৰ্শলৈ ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতিয়ে ৰাষ্ট্ৰীয় পৰিকল্পনা প্ৰস্তুত কৰিব আৰু ৰাষ্ট্ৰীয় কৰ্তৃত্বই অনুমোদন জনাব লাগিব।

৩)এই ৰাষ্ট্ৰীয় পৰিকল্পনাত সন্নিৱিষ্ট হ’ব লাগিব:

ক)দুৰ্যোগ প্ৰতিৰোধৰ বাবে ল’ব লগা ব্যৱ্স্থাসমূহ বা ইয়াৰ প্ৰভাৱৰ উপশমসমূহ।

খ)উন্নয়নৰ পৰিকল্পনাসমূহত সংহত উপশমৰ ব্যৱস্থাসমূহ গ্ৰহণ কৰা।

গ) যিকোনো দুৰ্যোগজনক পৰিস্থিতি বা দুৰ্যোগৰ সময়ত কাৰ্য্যকৰীভাৱে সঁহাৰি জনাব পৰাকৈ আগতীয়া প্ৰস্তুতি আৰু সামৰ্থ্য বৃদ্ধিৰ বাবে ল’ব লগা ব্যৱস্থাসমূহ।

ঘ) ওপৰত উল্লেখিত ক, খ আৰু গ ৰ ব্যৱস্থাসমূহ গ্ৰহণ কৰাত ভাৰত চৰকাৰৰ মন্ত্ৰালয় বা বিভাগসমূহৰ ভূমিকা আৰু দ্বায়বদ্ধতাসমূহ।

৪) ৰাষ্ট্ৰীয় পৰিকল্পনাখন প্ৰতি বছৰে পৰ্য্যালোচনা আৰু নৱতম কৰিব লাগিব।

৫)ৰাষ্ট্ৰীয় পৰিকল্পনাৰ অধীনত কৰিব লগা কামসমূহৰ বাবে প্ৰয়োজনীয় পুঁজিৰ যোগান কেন্দ্ৰীয় চৰকাৰে যথাযথভাৱে ব্যৱস্থা কৰিব।

৬)ৰাষ্ট্ৰীয় পৰিকল্পনাৰ উপধাৰা ২ আৰু ৪ ৰ প্ৰতিলিপি ভাৰত চৰকাৰৰ মন্ত্ৰালয় আৰু বিভাগসমূহলৈ উপলব্ধ কৰা হ’ব আৰু এই পৰিকল্পনাৰ আধাৰত সংশ্লিষ্ট মন্ত্ৰালয় আৰু বিভাগসমূহে তেওঁলোকৰ নিজা পৰিকল্পনা প্ৰস্তুত কৰিব।

১২) সাহাৰ্য্যৰ নূন্যতমৰ মানদণ্ডৰ নিৰ্দেশনাৱলী

১২) সাহাৰ্য্যৰ নূন্যতমৰ মানদণ্ডৰ নিৰ্দেশনাৱলী-দুৰ্যোগত প্ৰভাৱিত ব্যক্তিলৈ আগবঢ়োৱা সাহাৰ্য্যৰ নিম্নতম মানদণ্ডৰ নিৰ্দেশনাৱলী ৰাষ্ট্ৰীয় কৰ্তৃত্বৰ অনুমোদন জনাব আৰু ইয়াত সন্নিৱিষ্ট হ’ব:

১)সাহাৰ্য্য শিবিৰত প্ৰয়োজনীয় নূন্যতম ব্যৱ্স্থাসমূহৰ ভিতৰত থাকিব আশ্ৰয়, খাদ্য, খোৱা পানী, চিকিৎসা ব্যৱস্থা আৰু অনাময়।

২)বিধৱা আৰু পিতৃ-মাতৃহীন শিশুৰ বাবে বিশেষ ব্যৱস্থা।

৩)মৃত্যু হোৱা সকলৰ পৰিয়াললৈ এককালীন সাহাৰ্য্য আৰু গৃহ ধ্বংস হোৱা আৰু জীৱিকা পুনৰৱস্থালৈ ঘূৰাই অনাৰ বাবেও সাহাৰ্য্য প্ৰদান কৰা হ’ব।

৪) এনে ধৰণৰ আন প্ৰয়োজনীয় সাহাৰ্য্য আগবঢ়োৱা হ’ব পাৰে।

১৩) ঋণ পৰিশোধত সাহাৰ্য্য, ইত্যাদি

১৩) ঋণ পৰিশোধত সাহাৰ্য্য, ইত্যাদি-অতি ভয়াবহ প্ৰাব্যলৰ দুৰ্যোগৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় কৰ্তৃত্বই প্ৰভাৱিত লোকসকললৈ পুৰণি ঋণ পৰিশোধৰ ক্ষেত্ৰত সাহাৰ্য্য প্ৰদান কৰা বা কম সুতত নতুন ঋণ প্ৰদান কৰা ধৰণৰ ব্যৱস্থাও হাতত ল’ব পাৰে।

অধ্যায় ৩ : ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্ব

১৪) ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্ব গঠন

১) ধাৰা (৩) ৰ উপধাৰা (১) ৰ অধীনত ৰাজপত্ৰৰ অধ্যাদেশ জাৰি কৰাৰ পিছত যিমান সোনকালে পৰা যায় সকলো ৰাজ্য চৰকাৰে অধ্যাদেশত নিৰ্দিষ্টকৈ উল্লেখ কৰা ধৰণৰ নামেৰে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্ব গঠন কৰিব।

২)এখন ৰাজ্যিক কৰ্তৃত্বত এজন অধ্যক্ষ থাকিব। সদস্যৰ সংখ্যা ৯ জনতকৈ অধিক হ’ব নালাগিব অথবা এই সংখ্যা ৰাজ্য চৰকাৰে নিৰ্দেশিত কৰিব আৰু যদিহে নীতি নাই তেন্তে তাৰ ব্যৱস্থা কৰি তলত দিয়া সদস্যসকলেৰে ই ৰাজ্যিক কৰ্তৃত্ব গঠন কৰিব।

ক)ৰাজ্যৰ মূখ্যমন্ত্ৰীজন ইয়াৰ অধ্যক্ষ হ’ব।

খ)আন ৮ জন সদস্য ৰাজ্যিক কৰ্তৃত্বৰ অধ্যক্ষই মনোনীত কৰিব।

গ)ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সমিতিৰ সভাপতিজন ইয়াৰ সদস্য হ’ব।

৩)উপধাৰা (২) ৰ অনুচ্ছেদ (খ)ৰ অধীনত ৰাজ্যিক কৰ্তৃত্বৰ অধ্যক্ষজনে কোনো এজন সদস্যক ৰাজ্যিক কৰ্তৃত্বৰ উপাধ্যক্ষ হিচাপে মনোনীত কৰিব পাৰিব।

৪)ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সমিতিৰ সভাপতিজন ৰাজ্যিক কৰ্তৃত্বৰ মুখ্য কাৰ্য্যবাহী বিষয়া হ’ব পাৰে:

নতুন দিল্লীৰ বাহিৰে যদিহে বিধানসভা থকা কেন্দ্ৰীয় শাসিত অঞ্চল হয় তেন্তে তাৰ মূখ্যমন্ত্ৰীজন কৰ্তৃত্বৰ অধ্যক্ষ হ’ব আৰু আন কেন্দ্ৰীয় শাসিত অঞ্চলত এনে কৰ্তৃত্বৰ অধ্যক্ষ হ’ব লেফটেনেন্ট গৱৰ্ণৰ বা প্ৰশাসকজন।

কেন্দ্ৰীয় শাসিত নতুন দিল্লীৰ ক্ষেত্ৰত লেফটেনেন্ট গৱৰ্ণৰ জন এই কৰ্তৃত্বৰ অধ্যক্ষ হ’ব আৰু মূখ্যমন্ত্ৰীজন উপাধ্যক্ষ হ’ব।

৫) ৰাজ্যিক কৰ্তৃত্বৰ কাৰ্য্যনিৰ্বাহৰ কাল আৰু সদস্যৰ সেৱা আগবঢ়োৱাৰ চৰ্তসমূহ নিৰ্দেশিত কৰিব লাগিব।

১৫) ৰাজ্যিক কৰ্তৃত্বৰ সভা

১) ৰাজ্যিক কৰ্তৃত্বৰ অধ্যক্ষই উপযুক্ত বুলি ভবা সময় আৰু ঠাইত যেতিয়াই প্ৰয়োজন হয় তেতিয়াই ৰাজ্যিক কৰ্তৃত্বৰ সভা অনুষ্ঠিত হ’ব।

২) ৰাজ্যিক কৰ্তৃত্বৰ অধ্যক্ষই ৰাজ্যিক কৰ্তৃত্বৰ সভাত সভাপতিত্ব কৰিব।

৩)যদি কিবা কাৰণবসত ৰাজ্যিক কৰ্তৃত্বৰ অধ্যক্ষই ৰাজ্যিক কৰ্তৃত্বৰ সভাত উপস্থিত থাকিব নোৱাৰে ৰাজ্যিক কৰ্তৃত্বৰ উপাধ্যক্ষই সভাখনত সভাপতিত্ব কৰিব।

১৬) ৰাজ্যিক কৰ্তৃত্বৰ বিষয়াসকল আৰু অন্যান্য কৰ্মচাৰীসকলৰ নিযুক্তি

ৰাজ্যিক কৰ্তৃত্বৰ কাম-কাজসমূহ চলাই নিবলৈ প্ৰয়োজন বুলি ভবা বিষয়া, পৰামৰ্শদাতা আৰু কৰ্মচাৰীসকলৰ ব্যৱস্থা ৰাজ্য চৰকাৰে কৰিব।

১৭) ৰাজ্যিক কৰ্তৃত্বৰ দ্বাৰা উপদেষ্টা সমিতি গঠন

১)ৰাজ্যিক কৰ্তৃত্বই যেতিয়া প্ৰয়োজন বুলি ভাবে তেতিয়া দুৰ্যোগ ব্যৱস্থাপনা ক্ষেত্ৰৰ বিশেষজ্ঞ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ বিভিন্ন বিষয়ত পৰামৰ্শ আগবঢ়াব পৰাকৈ ব্যৱহাৰীক অভিজ্ঞতা থকা লোকেৰে এখন উপদেষ্টা সমিতি গঠন কৰিব পাৰে।

২)ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি উপদেষ্টা সমিতিৰ সদস্যসকলক ভাট্টা প্ৰদান কৰা হ’ব।

১৮) ৰাজ্যিক কৰ্তৃত্বৰ ক্ষমতা আৰু কাম-কাজসমূহ

১) আইনখনত থকা সুবিধা অনুসৰি ৰাজ্যিক কৰ্তৃত্ব ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনাৰ নীতি আৰু পৰিকল্পনা প্ৰস্তুতিৰ দায়বদ্ধতা থাকিব।

২)উপধাৰা ১ ত থকা সুবিধাসমূহৰ সাধাৰণ পূৰ্ব সংস্কাৰ অবিহনেই ৰাজ্যিক কৰ্তৃত্বই-

(ক) ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনাৰ নীতি প্ৰস্তুত কৰিব পাৰে।

(খ) ৰাষ্ট্ৰীয় কৰ্তৃত্বই দিয়া নিৰ্দেশনাৱলী অনুসৰি ৰাজ্যিক পৰিকল্পনা অনুমোদন কৰিব পাৰে;

(গ) ৰাজ্য চৰকাৰৰ বিভাগসমূহে প্ৰস্তুত কৰা পৰিকল্পনাসমূহ অনুমোদন জনাব পাৰে;

(ঘ) ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগসমূহে তেওঁলোকৰ উন্নয়ন পৰিকল্পনা আৰু প্ৰকল্পসমূহত দুৰ্যোগ প্ৰতিৰোধ বা ইয়াৰ প্ৰভাৱৰ উপশমৰ বাবে সংহত ব্যৱস্থা হাতত ল’বলৈ মানি চলিব লগা নিৰ্দেশনাৱলী প্ৰস্তুত কৰিব পাৰে আৰু প্ৰয়োজনীয় কাৰিকৰী সাহাৰ্য্য আগবঢ়াব পাৰে।

(ঙ) ৰাজ্যিক পৰিকল্পনা কাৰ্য্যকৰীকৰণৰ সমন্বয় কৰিব পাৰে।

(চ) উপশম আৰু আগতীয়া প্ৰস্তুতিৰ কাম-কাজৰ বাবে পুঁজিৰ ব্যৱস্থাৰ অনুমোদন জনাব পাৰে।

(ছ)  ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগসমূহে তেওঁলোকৰ উন্নয়ন পৰিকল্পনাত সংহতভাৱে প্ৰতিৰোধ আৰু উপশমৰ ব্যৱস্থা ৰাখিছে নে নাই সেই সম্পৰ্কে পৰ্য্যালোচনা কৰিব পাৰে।

(জ) ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগে উপশম, সামৰ্থ বৃদ্ধি আৰু আগতীয়া প্ৰস্তুতিৰ বাবে লোৱা ব্যৱস্থাসমূহ পৰ্য্যালোচনা কৰা আৰু ইয়াৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনাৱলী জাৰি কৰা।

৩)জৰুৰীকালীন অৱস্থাত ৰাজ্যিক কৰ্তৃত্বৰ অধ্যক্ষজনৰ সকলো ক্ষমতা ব্যৱহাৰ কৰিব পাৰিব কিন্তু এনে সমতা ব্যৱহাৰৰ বাবে ৰাজ্যিক কৰ্তৃত্বই সন্মতি দিব লাগিব।

১৯) ৰাজ্যিক কৰ্তৃত্বৰ দ্বাৰা সাহাৰ্য্যৰ নূন্যতম মানদণ্ডৰ নিৰ্দেশনাৱলী

ৰাজ্যত হোৱা দুৰ্যোগত প্ৰভাৱিত লোকলৈ আগবঢ়োৱা সাহাৰ্য্যৰ মানদণ্ডৰ পুংখানুপুংখ নিৰ্দেশনাৱলীৰ ৰাজ্যিক কৰ্তৃত্বই প্ৰস্তুত কৰিব:

কোনো ক্ষেত্ৰতে এই মানদণ্ড ৰাষ্ট্ৰীয় কৰ্তৃত্বই প্ৰস্তুত কৰা নিৰ্দেশনাৱলীত উল্লেখিত মানদণ্ডতকৈ নিম্ন হ’ব নোৱাৰিব।

২০) ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সমিতি গঠন

১) ধাৰা ১৪ ৰ উপধাৰা ১ ৰ অধীনত ৰাজ্য চৰকাৰে জাৰি কৰা অধ্যাদেশৰ পিছতেই ৰাজ্যিক কৰ্তৃত্বক ইয়াৰ কাম-কাজত সহায় কৰিবলৈ আৰু ৰাজ্যিক কৰ্তৃত্বই প্ৰস্তুত কৰা নিৰ্দেশনাৱলী অনুসৰি সমন্বয় ৰক্ষা কৰিবলৈ আৰু এই আইনৰ অধীনত চৰকাৰে জাৰি কৰা নিৰ্দেশনাসমূহ কাৰ্য্যকৰী হোৱাতো নিশ্চিত কৰিবলৈ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সমিতি গঠন কৰা হ’ব।

২) ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সমিতিত তলত উল্লেখিত সদস্যসকল থাকিব

ক) ৰাজ্য চৰকাৰৰ মুখ্য সচিবজন ইয়াৰ সভাপতি হ’ব।

খ) ৰাজ্য চৰকাৰে উপযুক্ত বুলি ভবা ৪ টা বিভাগৰ সচিবসকল ইয়াৰ সদস্য হ’ব।

গ) সভাপতিজনে ৰাজ্য চৰকাৰে প্ৰদান কৰা ক্ষমতা লাভ কৰিব আৰু তেওঁক প্ৰদান কৰা কামসমূহ কৰাৰ লগতে ৰাজ্যিক কৰ্তৃত্বই তেওঁক প্ৰদান কৰা ক্ষমতা আৰু কাম-কাজসমূহো কৰিব।

৩) ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰিয়ে ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সমিতিয়ে ইয়াৰ ক্ষমতা ব্যৱহাৰ কৰিব আৰু কাম-কাজসমূহ কৰি যাব।

২১) ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সমিতিৰ দ্বাৰা উপ-সমিতি গঠন

১) সুদক্ষ কাম-কাজৰ বাবে যেতিয়াই প্ৰয়োজন বুলি ভাবে তেতিয়া ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সমিতিয়ে এখন বা অধিক উপ-সমিতি গঠন কৰিব পাৰিব।

২)উপধাৰা ১ অনুসৰি ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সমিতিয়ে তেওঁলোকৰ মাজৰে কোনো সদস্যক উপ-সমিতিৰ সভাপতি হিচাপে নিযুক্তি দিব পাৰিব।

৩)উপ-সমিতিত বিশেষজ্ঞ হিচাপে জড়িত থকা ব্যক্তিক ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি ভাট্টা প্ৰদান কৰা হ’ব।

২২) ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সমিতিৰ কাম-কাজসমূহ

১)ৰাষ্ট্ৰীয় পৰিকল্পনা আৰু ৰাজ্যিক পৰিকল্পনাৰ কাৰ্য্যকৰীকৰণত ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সমিতিৰ দায়বদ্ধ হ’ব আৰু ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত সমন্বয়ৰক্ষী আৰু পৰ্য্যবেক্ষক গোট হিচাপে কাম কৰিব।

২)উপধাৰা ১ ত থকা সুবিধাসমূহৰ সাধাৰণ পূৰ্ব সংস্কাৰ অবিহনেই ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সমিতিয়ে-

ক) ৰাষ্ট্ৰীয় নীতি, ৰাষ্ট্ৰীয় পৰিকল্পনা আৰু ৰাজ্যিক পৰিকল্পনাৰ কাৰ্য্যকৰীকৰণৰ ক্ষেত্ৰত সমন্বয় ৰক্ষা আৰু পৰ্য্যবেক্ষণ কৰিব।

খ) ৰাজ্যখনৰ বিভিন্ন অংশৰ বিভিন্ন দুৰ্যোগৰ প্ৰতি থকা দূৰ্বলতাসমূহ পৰীক্ষা কৰিব আৰু এইবোৰৰ প্ৰতিৰোধ বা উপশমৰ বাবে নিৰ্দিষ্ট কাৰ্য্য হাতত ল’ব।

গ) ৰাজ্য চৰকাৰৰ বিভাগসমূহ আৰু জিলা কৰ্তৃপক্ষই প্ৰস্তুত কৰিব লগা দুৰ্যোগ ব্যৱস্থাপনাৰ পৰিকল্পনাৰ বাবে নিৰ্দেশনাৱলী প্ৰস্তুত কৰিব।

ঘ) ৰাজ্য চৰকাৰৰ বিভাগসমূহ আৰু জিলা কৰ্তৃপক্ষই প্ৰস্তুত কৰা দুৰ্যোগ ব্যৱস্থাপনাৰ পৰিকল্পনাৰ কাৰ্য্যকৰীকৰণত পৰ্য্যবেক্ষণ কৰিব।

ঙ) ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগসমূহ তেওঁলোকৰ উন্নয়ন পৰিকল্পনা আৰু প্ৰকল্পসমূহত ৰাজ্যিক কৰ্তৃত্বই দিয়া নিৰ্দেশনাৱলী অনুসৰি দুৰ্যোগ প্ৰতিৰোধ আৰু উপশম সংহতভাৱে ৰাখিছেনে নাই সেইটো পৰ্য্যবেক্ষণ কৰিব আৰু কাৰ্য্যকৰীকৰণ কৰাব।

চ) চৰকাৰী বা বেচৰকাৰী সকলো পৰ্য্যায়ত দুৰ্যোগজনক পৰিস্থিতিৰ আশংকা বা দুৰ্যোগৰ বাবে আগতীয়া প্ৰস্তুতিসমূহ মূল্যায়ন কৰিব আৰু যিবোৰ ক্ষেত্ৰত এনে আগতীয়া প্ৰস্তুতি শক্তিশালী কৰাৰ প্ৰয়োজন আছে সেইসমূহ নিৰ্দেশনা প্ৰদান কৰিব।

ছ) দুৰ্যোগজনক পৰিস্থিতিৰ আশংকা বা দুৰ্যোগৰ সময়ত সঁহাৰি সমন্বয় ৰক্ষা কৰিব।

জ) দুৰ্যোগজনক পৰিস্থিতিৰ আশংকা আৰু দুৰ্যোগৰ সময়ত সঁহাৰি প্ৰদানৰ বাবে ৰাজ্য চৰকাৰৰ যিকোনো বিভাগ বা আন কৰ্তৃপক্ষ আৰু পৰিষদসমূহৰ নিৰ্দেশনা প্ৰদান কৰিব পাৰিব।

ঝ)দুৰ্যোগৰ ধৰণ, ৰাজ্যখনৰ কোনটো অংশ কেনে ধৰণৰ দুৰ্যোগৰ প্ৰৱনতা অধিক আৰু ৰাইজে কেনেধৰণৰ কাৰ্য্যব্যৱস্থা হাতত লৈ এনে দুৰ্যোগসমূহ প্ৰতিৰোধ, উপশম কৰিব পাৰে আৰু এনে ধৰণৰ দুৰ্যোগৰ সময়ত কেনে ধৰণৰ সঁহাৰি প্ৰদান কৰিব লাগে সেই সম্পৰ্কে সাধাৰণ জ্ঞান, সচেতনতা বৃদ্ধি আৰু ৰাজহুৱা প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব পাৰে।

ঞ) দুৰ্যোগ ব্যৱস্থাপনাৰ লগত জড়িত ৰাজ্য চৰকাৰৰ বিভাগসমূহ, জিলা কৰ্তৃপক্ষ, সংবিধিবদ্ধ গোট আৰু আন চৰকাৰী আৰু বেচৰকাৰী সংগঠনসমূহক বিভিন্ন কাম-কাজত পৰামৰ্শ, সাহাৰ্য্য আৰু সমন্বয় ৰক্ষা কৰিব।

ট)জিলা কৰ্তৃপক্ষ আৰু স্থানীয় কৰ্তৃপক্ষই যাতে তেওঁলোকৰ কাম-কাজসমূহ কাৰ্য্যকৰীভাৱে আগবঢ়ায় নিব পাৰে তাৰ বাবে প্ৰয়োজনীয় কাৰিকৰী সাহাৰ্য্য বা পৰামৰ্শ প্ৰদান কৰা।

ঠ)দুৰ্যোগ ব্যৱস্থাপনাৰ লগত জড়িত সকলো বিত্তীয় ব্যৱস্থা সম্পৰ্কে ৰাজ্য চৰকাৰক পৰামৰ্শ প্ৰদান কৰা।

ড)ৰাজ্যৰ যিকোনো স্থানীয় অঞ্চলত যিকোনো নিৰ্মাণকাৰ্য্য পৰীক্ষা কৰা আৰু যদিহে সেই নিৰ্মাণকাৰ্য্য দুৰ্যোগ প্ৰতিৰোধৰ মানদণ্ডৰ মতে হোৱা নাই বা পালন কৰা হোৱা নাই তেন্তে জিলা কৰ্তৃপক্ষই হওঁক বা স্থানীয় কৰ্তৃপক্ষই হওঁক এনে নিৰ্মাণকাৰ্য্যৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ নিৰ্দেশ প্ৰদান কৰিব আৰু সুৰক্ষাৰ মানদণ্ড বজাই ৰখাৰ বাবে নিৰ্দেশ জাৰি কৰিব।

ঢ) দুৰ্যোগ ব্যৱস্থাপনাৰ লগত জড়িত বিভিন্ন বিষয়ৰ তথ্যসমূহ ৰাষ্ট্ৰীয় কৰ্তৃত্বক যোগান ধৰিব।

ণ) ৰাজ্যিক পৰ্য্যায়ৰ সঁহাৰি পৰিকল্পনা আৰু নিৰ্দেশনাৱলী প্ৰস্তুত, পৰ্য্যালোচনা আৰু শেহতীয়া কৰাৰ লগতে জিলা পৰ্য্যায়ৰ পৰিকল্পনা যাতে প্ৰস্তুত, পৰ্য্যালোচনা আৰু নৱতম কৰা হয় সেইটো নিশ্চিত কৰিব।

ত)যোগাযোগৰ ব্যৱস্থাসমূহ যাতে সঠিকভাৱে থাকে আৰু নিৰ্দিষ্ট সময়ৰ অন্তৰে-অন্তৰে দুৰ্যোগ ব্যৱস্থাপনাৰ আখৰাসমূহ  কৰা হয় সেইটো নিশ্চিত কৰিব।

থ)ৰাজ্যিক কৰ্তৃত্বই বিশেষভাৱে দায়িত্ব দিয়া বা আৱশ্যকীয় বুলি ভবা আন যিকোনো কাম-কাজ কৰিব পাৰিব।

২৩) ৰাজ্যিক পৰিকল্পনা

১) সকলো ৰাজ্যতে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনা নামৰ এখন দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে পৰিকল্পনা থাকিব লাগিব।

২) ৰাজ্যিক পৰিকল্পনাখন ৰাষ্ট্ৰীয় কৰ্তৃত্বই দিয়া নিৰ্দেশনা অনুসৰি আৰু স্থানীয় কৰ্তৃপক্ষ, জিলা কৰ্তৃপক্ষ আৰু ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সমিতিয়ে উপযুক্ত বুলি ভবা ৰাইজৰ প্ৰতিনিধিৰ লগত আলোচনা কৰি ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সমিতিয়ে প্ৰস্তুত কৰিব।

৩) উপধাৰা ২ ৰ অধীনত ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সমিতিয়ে প্ৰস্তুত কৰা ৰাজ্যিক পৰিকল্পনাখন অনুমোদন কৰিব।

৪)জিলা পৰিকল্পনাত সন্নিৱিষ্ট হ’ব:

ক)ৰাজ্যৰ বিভিন্ন অংশৰ বিভিন্ন ধৰণৰ দুৰ্যোগৰ প্ৰতি থকা দুৰ্বলতাসমূহ।

খ)দুৰ্যোগৰ প্ৰতিৰোধ আৰু উপশমৰ বাবে গ্ৰহণ কৰিব লগা ব্যৱস্থাসমূহ।

গ)উন্নয়নৰ পৰিকল্পনা আৰু প্ৰকল্পত সংহতভাৱে উপশমৰ ব্যৱস্থা সন্নিৱিষ্ট কৰাৰ পদ্ধতি।

ঘ)সামৰ্থ্য বৃদ্ধি আৰু আগতীয়া প্ৰস্তুতিৰ বাবে ল’ব লগা ব্যৱস্থাসমূহ।

ঙ) অনুচ্ছেদ খ, গ আৰু ঘ ত উল্লেখিত ব্যৱস্থাসমূহৰ বাবে ৰাজ্য চৰকাৰৰ বিভাগসমূহৰ ভূমিকা আৰু দায়বদ্ধতাসমূহ।

চ) দুৰ্যোগজনক পৰিস্থিতিত আশংকা আৰু দুৰ্যোগৰ সময়ত সঁহাৰিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ ভূমিকা আৰু দায়বদ্ধতাসমূহ।

৫) প্ৰতিবছৰে ৰাজ্যিক পৰিকল্পনা পুনৰবিবেচনা আৰু নৱতম কৰা হ’ব।

৬) ৰাজ্যিক পৰিকল্পনাৰ অধীনত কৰিব লগা কাম-কাজৰ বাবে প্ৰয়োজন হোৱা পুঁজিৰ ব্যৱস্থা ৰাজ্য চৰকাৰে যথোপযুক্তভাৱে কৰিব।

৭) ৰাজ্যিক পৰিকল্পনাৰ উপধাৰা ২ আৰু ৫ প্ৰতিলিপি ৰাজ্য চৰকাৰৰ বিভাগসমূহলৈ প্ৰেৰণ কৰা হ’ব আৰু বিভাগসমূহে ৰাজ্যিক পৰিকল্পনা অনুসৰি তেওঁলোকৰ নিজা পৰিকল্পনা প্ৰস্তুত কৰিব।

২৪) বিপদজনক দুৰ্যোগ পৰিস্থিতিত ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সমিতিৰ ক্ষমতা আৰু কাম-কাজসমূহ

যিকোনো বিপদজনক দুৰ্যোগৰ পৰিস্থিতিত প্ৰভাৱিত জনসাধাৰণক সহায় আৰু সুৰক্ষা প্ৰদান কৰা বা সাহাৰ্য্য আগবঢ়োৱা, প্ৰতিৰোধ বা ধ্বংসকাৰ্য্য ৰোধ কৰা বা প্ৰভাৱসমূহৰ সৈতে মুখামুখী হোৱাৰ বাবে ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সমিতিয়ে কৰিব পৰাসমূহ হ’ল:

ক) প্ৰভাৱিত বা দুৰ্বল অঞ্চললৈ বা অঞ্চলৰ ভিতৰত বা অঞ্চলৰ পৰা যান-বাহন নিয়ন্ত্ৰণ আৰু সীমাবদ্ধ কৰা।

খ)প্ৰভাৱিত বা দুৰ্বল বা ধ্বংসপ্ৰাপ্ত অঞ্চলত থকা অঞ্চললৈ বা অঞ্চলৰ ভিতৰত যিকোনো ব্যক্তিৰ প্ৰৱেশ আৰু ঘূৰা-পকা নিয়ন্ত্ৰণ আৰু সীমাবদ্ধ কৰা।

গ)ধ্বংসাৱশেষ আতঁৰোৱা, উদ্ধাৰ আৰু বিচৰা অভিযান চলাই নিয়া।

ঘ)প্ৰভাৱিতসকললৈ ৰাষ্ট্ৰীয় কৰ্তৃত্ব আৰু জিলা কৰ্তৃত্বই বান্ধি দিয়া মানদণ্ডৰ আশ্ৰয়, খাদ্য, খোৱা পানী, অত্যাৱশ্যকীয় সুবিধাসমূহ আৰু স্বাস্থ্যযত্ন আৰু সেৱা আগবঢ়োৱা।

ঙ)যদিহে প্ৰয়োজন হয় তেন্তে স্থানান্তৰ, উদ্ধাৰ বা তৎকাল সাহাৰ্য্য প্ৰদান প্ৰাণ বা সম্পত্তিৰ ৰক্ষা আদি ধৰণৰ পদক্ষেপ আৰু ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগ, যিকোনো জিলা কৰ্তৃপক্ষ বা আন কৰ্তৃপক্ষ বা ৰাজ্যৰ স্থানীয় প্ৰশাসনসমূহলৈ নিৰ্দেশনা প্ৰদান কৰা।

চ)জৰুৰীকালীন সঁহাৰি, উদ্ধাৰ আৰু সাহাৰ্য্যৰ বাবে ৰাজ্য চৰকাৰৰ যিকোনো বিভাগ বা আন গোট বা কৰ্তৃপক্ষ বা সংশ্লিষ্ট সমল থকা যিকোনো ব্যক্তিৰ সমলসমূহ উপলব্ধ কৰা।

ছ)উদ্ধাৰ আৰু সাহাৰ্য্যৰ বাবে দুৰ্যোগৰ ক্ষেত্ৰৰ লগত জড়িত বিশেষজ্ঞ আৰু পৰামৰ্শদাতাৰ পৰা পৰামৰ্শ আৰু সহায় বিচৰা।

জ)যেতিয়াই প্ৰয়োজন হয় যিকোনো প্ৰশাসন বা ব্যক্তিৰ পৰা বিশিষ্ট বা অগ্ৰাধিকাৰ ভিত্তিত সামগ্ৰী সংগ্ৰহ কৰা।

ঝ)অস্থায়ী দলং নিৰ্মাণ কৰা বা আন আৱশ্যকীয় গাঁঠনি নিৰ্মাণ কৰা জনসাধাৰণৰ কাৰণে বিপৰ্য্যয়ৰ সৃষ্টি কৰিব পৰা অসুৰক্ষিত গাঁঠনিসমূহ ভাঙি পেলোৱা।

ঞ)বেচৰকাৰী সংগঠনসমূহেও যাতে সমভাৱে আৰু বৈষম্যমূলক সমভাৱে আৰু অবৈষম্যমূলকভাৱে তেওঁলোকৰ কাম-কাজ চলাই যোৱাতো নিশ্চিত কৰা।

ট)দুৰ্যোগজনক পৰিস্থিতি বা দুৰ্যোগৰ লগত মুখামুখি হ’ব পৰাকৈ ৰাইজলৈ তথ্য প্ৰচাৰ কৰা।

ঠ)দুৰ্যোগজনক পৰিস্থিতি বা দুৰ্যোগৰ সময়ত প্ৰয়োজনীয় পদক্ষেপসমূহ কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰে নিৰ্দেশিত কৰাৰ দৰে গ্ৰহণ কৰা।

অধ্যায় ৪ : জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ

২৫) জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ গঠন

১) ধাৰা ১৪ ৰ উপধাৰা ১ ৰ অধীনত ৰাজপত্ৰযোগে অধ্যাদেশ জাৰি কৰাৰ পিছতেই প্ৰতিখন ৰাজ্য চৰকাৰে প্ৰতিখন জিলাত অধ্যাদেশত উল্লেখ কৰা নামেৰে জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ গঠন কৰিব লাগে।

২)জিলা কৰ্তৃপক্ষত এজন অধ্যক্ষ আৰু সাতজন বা তাতোকৈ কম সদস্য, ৰাজ্য চৰকাৰে নিৰ্দেশ কৰামতে আৰু নীতি অনুসৰি অথবা নীতিগত ব্যৱস্থা কৰি গঠিত হয়। এই কৰ্তৃপক্ষত তলত দিয়া সকলেৰে গঠিত হ’ব।

ক) জিলা উপায়ুক্তজন ইয়াৰ অধ্যক্ষ হ’ব।

খ) স্থানীয় কৰ্তৃপক্ষৰ নিৰ্বাচিত প্ৰতিনিধিজন ইয়াৰ সহ অধ্যক্ষ হ’ব:

যদিহে জনজাতীয় অঞ্চল হয়, সংবিধানৰ ষষ্ঠ অনুসূচীত পৰে, স্বায়ত্বশাসিত জিলাৰ জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্যও সহঅধ্যক্ষ হ’ব পাৰে।

গ) জিলা কৰ্তৃপক্ষৰ মুখ্য কাৰ্য্যবাহী বিষয়া।

ঘ) আৰক্ষী অধীক্ষক।

ঙ) জিলাৰ মুখ্য চিকিৎসা বিষয়া।

চ) ৰাজ্য চৰকাৰে জিলা পৰ্যায়ৰ সৰ্বোচ্চ দুজন আন বিষয়াক নিযুক্তি দিব পাৰিব।

৩) জিলা পৰিষদ থকা যিকোনো জিলাত সভাপতিজন সহ অধ্যক্ষ হ’ব।

৪) অতিৰিক্ত উপায়ুক্ত বা সম পৰ্য্যায়ৰ বিষয়াক জিলা কৰ্তৃপক্ষৰ মুখ্য কাৰ্য্যবাহী বিষয়াক ৰাজ্য চৰকাৰে নিযুক্তি দিব পাৰিব।এই বিষয়াজনে তেওঁৰ পদবীৰ ক্ষমতা আৰু কাম-কাজ কৰাৰ উপৰিও ৰাজ্য চৰকাৰে প্ৰদান কৰা আন ক্ষমতা আৰু কাম-কাজসমূহৰ উপৰিও জিলা কৰ্তৃপক্ষৰ ক্ষমতা আৰু কাম-কাজসমূহ কৰিব।

২৬) জিলা কৰ্তৃপক্ষৰ অধ্যক্ষৰ ক্ষমতা

১)জিলা কৰ্তৃপক্ষৰ অধ্যক্ষজনে জিলা কৰ্তৃপক্ষৰ সভাত সভাপতিত্ব কৰাৰ উপৰিও জিলা কৰ্তৃপক্ষই প্ৰদান কৰা ক্ষমতা আৰু কাম-কাজসমূহ কৰিব।

২)জৰুৰীকালীন অৱ্স্থাত জিলা কৰ্তৃপক্ষৰ অধ্যক্ষজনে তেওঁৰ সকলো ক্ষমতা প্ৰয়োগ কৰিব পাৰিব কিন্তু পিছত জিলা কৰ্তৃপক্ষই তাৰ বাবে অনুমতি প্ৰদান কৰিব লাগিব।

৩) জিলা কৰ্তৃপক্ষ বা জিলা কৰ্তৃপক্ষৰ অধ্যক্ষই সাধাৰণ বা বিশেষ নিৰ্দেশ, লিখিতভাৱে তেওঁৰ ক্ষমতা আৰু কাম-কাজসমূহ উপধাৰা ১ আৰু ২ ৰ অধীনত মুখ্য কাৰ্য্যবাহী বিষয়াক প্ৰদান কৰিব পাৰিব আৰু উপযুক্ত বুলি বিবেচনা কৰা চৰ্ত সীমিত থাকিব।

২৭) সভাসমূহ

জিলা কৰ্তৃপক্ষৰ অধ্যক্ষই উপযুক্ত বুলি বিবেচনা কৰা সময় আৰু স্থানত যেতিয়াই প্ৰয়োজন হয় সভা আহবান কৰিব পাৰিব।

২৮) পৰামৰ্শদাতা সমিতি আৰু আন সমিতি গঠন

১) জিলা কৰ্তৃপক্ষৰ সুদক্ষ কাম-কাজৰ বাবে প্ৰয়োজন বুলি বিবেচনা কৰা এখন বা অধিক পৰামৰ্শদাতা সমিতি আৰু আন সমিতি গঠন কৰিব পাৰিব।

২) জিলা কৰ্তৃপক্ষই উপধাৰা ১ ৰ অধীনত ইয়াৰ সদস্যসকলৰ ভিতৰৰ পৰাই এনে সমিতিসমূহৰ সভাপতি নিযুক্ত কৰিব পাৰিব।

৩)উপধাৰা ১ ৰ অধীনত গঠিত কোনো সমিতি বা উপসমিতিত যদি কোনো ব্যক্তিক বিশেষজ্ঞ হিচাপে সন্নিৱিষ্ট কৰা হয় তেন্তে চৰকাৰে নিৰ্দেশিত কৰা অনুসৰি ভাট্টা প্ৰদান কৰা হ’ব।

২৯) জিলা কৰ্তৃপক্ষত বিষয়া আৰু আন কৰ্মচাৰীৰ নিযুক্তি

জিলা কৰ্তৃপক্ষৰ কাম-কাজসমূহ চলাই নিবলৈ প্ৰয়োজনীয় বুলি ভবা বিষয়া, পৰামৰ্শদাতা আৰু আন কৰ্মচাৰীসমূহৰ ব্যৱস্থা ৰাজ্য চৰকাৰে কৰিব।

৩০) জিলা কৰ্তৃপক্ষৰ ক্ষমতা আৰু কাম-কাজসমূহ

১) দুৰ্যোগ ব্যৱস্থাপনাৰ জিলাৰ পৰিকল্পনা, সমন্বয় ৰক্ষা আৰু কাৰ্য্যকৰীকৰণৰ গোট হিচাপে জিলা কৰ্তৃপক্ষই কাম কৰিব। ৰাষ্ট্ৰীয় কৰ্তৃত্ব আৰু ৰাজ্যিক কৰ্তৃত্বৰ নিৰ্দেশনাৱলী অনুসৰি জিলাখনত দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব।

২)উপধাৰা ১ ত থকা সুবিধাসমূহৰ সাধাৰণ পূৰ্ব সংস্কাৰ অবিহনেই জিলা কৰ্তৃপক্ষই-

১) জিলা সঁহাৰি পৰিকল্পনাসহ জিলাখনৰ বাবে দুৰ্যোগ ব্যৱস্থাপনাৰ পৰিকল্পনা প্ৰস্তুতি কৰিব।

২) ৰাষ্ট্ৰীয় নীতি, ৰাজ্যিক নীতি, ৰাষ্ট্ৰীয় পৰিকল্পনা, ৰাজ্যিক পৰিকল্পনা আৰু জিলা পৰিকল্পনা কাৰ্য্যকৰীকৰণৰ ক্ষেত্ৰত সমন্বয় আৰু পৰ্য্যবেক্ষণ কৰিব।

৩) জিলাখনত থকা দুৰ্যোগৰ দুৰ্বল অঞ্চলসমূহ চিনাক্তকৰণ আৰু প্ৰতিৰোধৰ ব্যৱস্থা আৰু ইয়াৰ প্ৰভাৱৰ উপশমৰ বাবে জিলা পৰ্য্যায়ত থকা চৰকাৰী বিভাগসমূহ আৰু স্থানীয় কৰ্তৃপক্ষই যাতে ব্যৱস্থা গ্ৰহণ কৰে সেইটো নিশ্চিত কৰিব।

৪) দুৰ্যোগ প্ৰতিৰোধ, ইয়াৰ প্ৰভাৱৰ উপশম আৰু সঁহাৰিৰ ব্যৱস্থাসমূহৰ ৰাষ্ট্ৰীয় কৰ্তৃত্ব আৰু ৰাজ্যিক কৰ্তৃত্বই প্ৰদান কৰা নিৰ্দেশনাৱলী চৰকাৰী জিলা পৰ্য্যায়ৰ বিভাগ আৰু স্থানীয় কৰ্তৃপক্ষই যে মানি চলিছে সেইটো নিশ্চিত কৰা।

৫)প্ৰয়োজন সাপেক্ষে দুৰ্যোগৰ প্ৰতিৰোধ বা উপশমৰ বাবে জিলা পৰ্য্যায়ৰ আৰু স্থানীয় কৰ্তৃপক্ষক বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ প্ৰদান কৰা।

৬)জিলা পৰ্য্যায়ৰ চৰকাৰী বিভাগ আৰু স্থানীয় কৰ্তৃপক্ষৰ দুৰ্যোগ ব্যৱস্থাপনাৰ দুৰ্যোগ প্ৰতিৰোধৰ বাবে নিৰ্দেশনাৱলী প্ৰস্তুত কৰা।

৭) জিলা পৰ্য্যায়ৰ চৰকাৰী বিভাগসমূহে প্ৰস্তুত কৰা দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনাৰ কাৰ্য্যকৰীকৰণ পৰ্য্যবেক্ষণ কৰা।

৮)জিলা পৰ্য্যায়ৰ চৰকাৰী বিভাগসমূহে তেওঁলোকৰ উন্নয়ন পৰিকল্পনা আৰু প্ৰকল্পসমূহত সংহতভাৱে দুৰ্যোগ প্ৰতিৰোধৰ ব্যৱস্থা আৰু উপশম সন্নিৱিষ্ট কৰিবলৈ মানি চলিবলগীয়া নিৰ্দেশনাৱলী প্ৰস্তুত কৰা আৰু প্ৰয়োজনীয় কাৰিকৰী সহায় আগবঢ়োৱা।

৯) অনুচ্ছেদ ৮ ত উল্লেখ কৰা ব্যৱ্স্থাসমূহ কাৰ্য্যকৰীকৰণৰ পৰ্য্যবেক্ষণ কৰা।

১০)যিকোনো দুৰ্যোগ বা দুৰ্যোগজনক পৰিস্থিতিত জিলা পৰ্য্যায়ৰ সঁহাৰিৰ সক্ষমতাৰ স্থিতি পৰ্য্যালোচনা কৰা আৰু জিলা পৰ্য্যায়ৰ সম্পৰ্কীত বিভাগসমূহ বা কৰ্তৃপক্ষক প্ৰয়োজনীয় উন্নতকৰণৰ বাবে নিৰ্দেশ প্ৰদান কৰা।

১১) আগতীয়া প্ৰস্তুতিৰ ব্যৱস্থাসমূহ পৰ্য্যালোচনা কৰা আৰু কোনো দুৰ্যোগ বা দুৰ্যোগৰ পৰিস্থিতিৰ সময়ত কাৰ্য্যকৰীভাৱে সঁহাৰি জনাব পৰা স্তৰলৈকে আগতীয়া প্ৰস্তুতিৰ ব্যৱস্থাসমূহ গঢ়ি তুলিবলৈ জিলা পৰ্য্যায়ৰ সকলো বিভাগ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষসমূহলৈ নিৰ্দেশ প্ৰদান।

১২) জিলাখনত বিভিন্ন পৰ্য্যায়ৰ বিষয়া, কৰ্মচাৰী আৰু স্বেচ্ছাসেৱীক উদ্ধাৰ কাৰ্য্যৰ বাবে বিশেষ প্ৰশিক্ষণ কাৰ্য্যসূচীৰ আয়োজন আৰু সমন্বয় ৰক্ষা কৰা।

১৩) দুৰ্যোগ প্ৰতিৰোধ বা উপশমৰ ৰাজহুৱা প্ৰশিক্ষণ আৰু সচেতনতা মূলক কাৰ্য্যসূচী আৰু স্থানীয় কৰ্তৃপক্ষ, চৰকাৰী আৰু বেচৰকাৰী সংগঠনসমূহৰ সহযোগত আয়োজন কৰা।

১৪) আগতীয়া সংকেত প্ৰদানৰ ব্যৱস্থা স্থাপন, ৰক্ষণাবেক্ষণ, পৰ্য্যালোচনা আৰু নৱতম কৰাৰ লগতে যথোপযুক্ত তথ্যসমূহ ৰাইজক জানিবলৈ দিয়া।

১৫) জিলা পৰ্য্যায়ৰ সঁহাৰিৰ পৰিকল্পনা আৰু নিৰ্দেশনাৱলীসমূহ, প্ৰস্তুত, পৰ্য্যালোচনা আৰু নৱতম কৰা।

১৬) দুৰ্যোগজনক পৰিস্থিতি বা দুৰ্যোগত সঁহাৰিৰ সমন্বয় ৰক্ষা কৰা।

১৭) জিলা সঁহাৰি পৰিকল্পনাৰ দৰে জিলা পৰ্য্যায়ৰ চৰকাৰী বিভাগ আৰু স্থানীয় কৰ্তৃপক্ষই তেওঁলোকৰ নিজা সঁহাৰি পৰিকল্পনা প্ৰস্তুত কৰাতো নিশ্চিত কৰা।

১৮) দুৰ্যোগজনক পৰিস্থিতি বা দুৰ্যোগৰ সময়ত কাৰ্য্যকৰীভাৱে সঁহাৰি গ্ৰহণ কৰিবলৈ জিলা পৰ্য্যায়ৰ চৰকাৰী বিভাগ বা আন কোনো কৰ্তৃপক্ষৰ বাবে নিৰ্দেশনাৱলী প্ৰস্তুত কৰা।

১৯) দুৰ্যোগ ব্যৱস্থাপনাত জড়িত জিলাখনৰ চৰকাৰী বেচৰকাৰী আৰু আন সংগঠনসমূহৰ কাম-কাজৰ প্ৰতি পৰামৰ্শ, সাহাৰ্য্য আৰু সমন্বয় ৰক্ষা কৰা।

২০) জিলাখনত দুৰ্যোগজনক পৰিস্থিতি বা দুৰ্যোগৰ সময়ত ক্ষীপ্ৰতাৰে আৰু কাৰ্য্যকৰীভাৱে সঁহাৰি বা উপশমৰ ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত স্থানীয় কৰ্তৃপক্ষৰ লগত সমন্বয় ৰক্ষা কৰা আৰু নিৰ্দেশনাৱলী প্ৰদান কৰা।

২১)স্থানীয় কৰ্তৃপক্ষ তেওঁলোকৰ কাম-কাজসমূহ চলাই নিয়াৰ বাবে প্ৰয়োজনীয় কাৰিকৰী সহায় আগবঢ়োৱা বা পৰামৰ্শ প্ৰদান কৰা।

২২) জিলা পৰ্য্যায়ৰ চৰকাৰী বিভাগ, স্থানীয় কৰ্তৃপক্ষই তেওঁলোকৰ উন্নয়ন পৰিকল্পনাত দুৰ্যোগ প্ৰতিৰোধ বা উপশমৰ প্ৰয়োজনীয় সুবিধা ৰাখিছেনে নাই সেই সম্পৰ্কে পৰ্য্যালোচনা কৰা।

২৩)জিলাখনৰ যিকোনো স্থানত চলা নিৰ্মাণকাৰ্য্য পৰীক্ষা কৰা আৰু যদিহে দুৰ্যোগ প্ৰতিৰোধ বা উপশমৰ মানদণ্ড এই নিৰ্মাণকাৰ্য্যত মানি চলা হোৱা নাই তেন্তে সংশ্লিষ্ট কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিয়া আৰু এনে মানদণ্ডসহ সুৰক্ষিত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা।

২৪) দুৰ্যোগজনক পৰিস্থিতি বা দুৰ্যোগৰ সময়ত সাহাৰ্য্য শিবিৰ বা কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰিব পৰা গৃহ আৰু আন ঠাইসমূহ চিনাক্ত কৰা আৰু পানী যোগান আৰু অনাময়ৰ ব্যৱস্থা কৰা।

২৫) সাহাৰ্য্য আৰু উদ্ধাৰ সামগ্ৰী মজুত ৰখা বা কম সময়ৰ জাননীত এনে সামগ্ৰীসমূহ পাব পৰাকৈ আগতীয়া প্ৰস্তুতি নিশ্চিত কৰা।

২৬)দুৰ্যোগ ব্যৱস্থাপনাৰ বিভিন্ন বিষয় সম্পৰ্কে ৰাজ্যিক কৰ্তৃপক্ষৰ তথ্য যোগান ধৰা।

২৭) বেচৰকাৰী সংগঠন আৰু তৃণমূল পৰ্য্যায়ত কাম কৰা স্বেচ্ছামূলক সামাজিক কল্যাণ প্ৰতিষ্ঠানসমূহক দুৰ্যোগ ব্যৱস্থাপনাৰ জিলা পৰ্য্যায়ত জড়িত হ’বলৈ উৎসাহ প্ৰদান কৰা।

২৮) যোগাযোগৰ ব্যৱস্থাসমূহ সঠিক অৱস্থাত থকাতো নিশ্চিত সময়ৰ অন্তৰে-অন্তৰে দুৰ্যোগ ব্যৱস্থাপনাৰ আখৰা কৰা।

২৯) ৰাজ্য চৰকাৰ বা ৰাজ্যিক কৰ্তৃপক্ষই দায়িত্ব দিয়া বা দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে প্ৰয়োজনীয় বুলি বিবেচিত হোৱা আন কামসমূহ ৰূপায়ণ কৰা।

৩১) জিলা পৰিকল্পনা

১) ৰাজ্যৰ প্ৰতিখন জিলাত দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে একোখন পৰিকল্পনা থাকিব লাগিব।

২) জিলা পৰিকল্পনা জিলা কৰ্তৃপক্ষই স্থানীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰি ৰাষ্ট্ৰীয় পৰিকল্পনা আৰু ৰাজ্যিক পৰিকল্পনাৰ দৰে  প্ৰস্তুত কৰিব আৰু ইয়াক ৰাজ্যিক কৰ্তৃত্বই অনুমোদন জনাব।

৩)এই জিলা পৰিকল্পনাত সন্নিৱিষ্ট হ’ব:

ক) বিভিন্ন দুৰ্যোগৰ বাবে জিলাখনৰ দুৰ্বল অঞ্চলসমূহ।

খ) জিলাখনত থকা চৰকাৰী বিভাগ আৰু স্থানীয় কৰ্তৃপক্ষই দুৰ্যোগ প্ৰতিৰোধ আৰু উপশমৰ বাবে ল’ব লগা ব্যৱস্থাসমূহ।

গ) দুৰ্যোগজনক পৰিস্থিতি বা দুৰ্যোগৰ সময়ত জিলা পৰ্য্যায়ৰ চৰকাৰী বিভাগ আৰু স্থানীয় কৰ্তৃপক্ষই সঁহাৰি জনাব পৰাকৈ আগতীয়া প্ৰস্তুতি আৰু সামৰ্থ্যতা বৃদ্ধিৰ বাবে ল’ব লগা ব্যৱস্থাসমূহ।

ঘ) কোনো এটা দুৰ্যোগৰ সময়ত সঁহাৰি পৰিকল্পনা আৰু প্ৰক্ৰিয়াত আগবঢ়োৱা হ’ব:

১) জিলা পৰ্য্যায়ৰ চৰকাৰী বিভাগ আৰু স্থানীয় কৰ্তৃপক্ষৰ দায়বদ্ধতা।

২) দুৰ্যোগ আৰু সাহাৰ্য্যত তৎকাল সঁহাৰি।

৩) অত্যাৱশ্যকীয় সমলৰ সংগ্ৰহ।

৪) যোগাযোগৰ সূত্ৰসমূহ স্থাপন।

৫) জনসাধাৰণলৈ তথ্যসমূহৰ প্ৰচাৰ।

৬) ৰাজ্যিক কৰ্তৃত্বই বিচৰা আন যিকোনো বিষয়।

৪)জিলা পৰিকল্পনা প্ৰতিবছৰে পৰ্য্যালোচনা আৰু নৱতম কৰা হ’ব।

৫)জিলা পৰিকল্পনাৰ প্ৰতিলিপি উপধাৰা ২ আৰু ৪ জিলা পৰ্য্যায়ৰ চৰকাৰী বিভাগসমূহলৈ উপলব্ধ কৰা হ’ব।

৬)জিলা কৰ্তৃপক্ষই জিলা পৰিকল্পনাৰ এটা প্ৰতিলিপি ৰাজ্যিক কৰ্তৃত্বলৈ প্ৰেৰণ কৰিব যিটো ৰাজ্যিক কৰ্তৃত্বই ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিব।

৭)জিলা কৰ্তৃপক্ষই সময়ে সময়ে এই পৰিকল্পনাৰ কাৰ্য্যকৰীকৰণ পৰ্য্যালোচনা কৰিব আৰু কাৰ্য্যকৰীকৰণৰ ক্ষেত্ৰত জিলা পৰ্য্যায়ৰ চৰকাৰী বিভাগসমূহলৈ প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিব।

৩২) জিলা পৰ্য্যায়ৰ বিভিন্ন কৰ্তৃপক্ষৰ পৰিকল্পনা আৰু এই সমূহৰ কাৰ্য্যকৰীকৰণ

জিলা পৰ্য্যায়ত থকা সকলো ভাৰত চৰকাৰৰ কাৰ্য্যালয় আৰু ৰাজ্য চৰকাৰৰ কাৰ্য্যালয় আৰু স্থানীয় প্ৰশাসনে জিলা কৰ্তৃপক্ষৰ তত্বাৱধানত কৰিব লাগে:

ক) তলত উল্লেখ কৰা সমূহেৰে প্ৰস্তুত কৰা দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনা।

১)জিলা পৰিকল্পনাত আগবঢ়োৱা আৰু সংশ্লিষ্ট বিভাগ বা অভিকৰণত বিশেষভাৱে প্ৰদান কৰা প্ৰতিৰোধ আৰু উপশমৰ ব্যৱস্থাসমূহ।

২)জিলা পৰিকল্পনাত উল্লেখ কৰা ধৰণে সামৰ্থ্যতা বৃদ্ধি আৰু আগতীয়া প্ৰস্তুতিৰ বাবে ল’ব লগা ব্যৱ্স্থাসমূহ।

৩)যিকোনো দুৰ্যোগজনক পৰিস্থিতি বা দুৰ্যোগৰ সময়ত ল’ব লগা সঁহাৰিৰ পৰিকল্পনা আৰু পদ্ধতি।

খ)আন জিলা পৰ্য্যায়ৰ সংগঠন, স্থানীয় কৰ্তৃপক্ষ, ৰাইজ আৰু আন সংশ্লিষ্ট সংগঠনসমূহক লগত লৈ ইয়াৰ পৰিকল্পনা প্ৰস্তুতি আৰু কাৰ্য্যকৰীকৰণৰ সমন্বয় ৰক্ষা কৰা;

গ)নিয়মীয়াকৈ পৰিকল্পনাৰ পৰ্য্যালোচনা আৰু নৱতম কৰা।

ঘ)এই দুৰ্যোগ ব্যৱস্থাপনাৰ এটা প্ৰতিলিপি আৰু পিছৰ যিকোনো সংশোধন জিলা কৰ্তৃপক্ষক প্ৰদান কৰা।

৩৩) জিলা কৰ্তৃপক্ষৰ দ্বাৰা অধিগ্ৰহণ

জিলা কৰ্তৃপক্ষই কোনো বিষয়া বা জিলা পৰ্য্যায়ৰ কোনো বিভাগ বা স্থানীয় স্থানীয় কৰ্তৃপক্ষক দুৰ্যোগৰ প্ৰতিৰোধ বা উপশমৰ বাবে, বা কাৰ্য্যকৰীভাৱে সঁহাৰি জনাবলৈ যদি প্ৰয়োজনীয় বুলি ভাৱে তেন্তে সেইসমূহ বিচাৰি আদেশ জাৰি কৰিব পাৰে আৰু তেনে বিষয়া বা বিভাগসমূহে এই আদেশ মানি চলিবলৈ বাধ্য থাকিব।

৩৪) বিপদজনক দুৰ্যোগৰ পৰিস্থিতি বা দুৰ্যোগৰ সময়ত জিলা কৰ্তৃপক্ষৰ ক্ষমতা আৰু কাম-কাজসমূহ

বিপদজনক দুৰ্যোগৰ পৰিস্থিতি বা দুৰ্যোগৰ সঁহাৰি হিচাপে ৰাইজলৈ সহায়, সুৰক্ষা বা সাহাৰ্য্য প্ৰদানৰ বাবে জিলা কৰ্তৃপক্ষই কৰিব পাৰে।

ক)জিলা পৰ্য্যায়ৰ চৰকাৰী বিভাগ আৰু স্থানীয় কৰ্তৃপক্ষৰ হাতত থকা সমলসমূহ মোকলাই দিবলৈ আৰু ব্যৱহাৰ কৰিবলৈ নিৰ্দেশনা দিব পাৰে।

খ) প্ৰভাৱিত বা দুৰ্বল অঞ্চললৈ বা অঞ্চলৰ ভিতৰত বা অঞ্চলৰ পৰা যান-বাহন নিয়ন্ত্ৰণ আৰু সীমাবদ্ধ কৰা।

গ)প্ৰভাৱিত বা দুৰ্বল বা ধ্বংসপ্ৰাপ্ত অঞ্চলত থকা অঞ্চললৈ বা অঞ্চলৰ ভিতৰত যিকোনো ব্যক্তিৰ প্ৰৱেশ আৰু ঘূৰা-পকা নিয়ন্ত্ৰণ আৰু সীমাবদ্ধ কৰা।

ঘ)ধ্বংসাৱশেষ আতঁৰোৱা, উদ্ধাৰ আৰু বিচৰা অভিযান চলাই নিয়া।

ঙ)আশ্ৰয়, খাদ্য, খোৱা পানী, অত্যাৱশ্যকীয় সুবিধাসমূহ আৰু স্বাস্থ্য যত্ন আৰু সেৱা আগবঢ়োৱা।

চ)প্ৰভাৱিত অঞ্চলত জৰুৰীকালীন যোগাযোগ ব্যৱস্থা স্থাপন কৰা।

ছ)দাবীদাৰ নথকা মৃতদেহ সংস্কাৰৰ ব্যৱস্থা কৰা।

জ)জিলা পৰ্য্যায়ত থকা যিকোনো চৰকাৰী বিভাগ বা আন কৰ্তৃপক্ষক এনে ধৰণৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে অনুমোদন কৰা।

ঝ)যদি অতি প্ৰয়োজন বুলি ভবা হয় তেন্তে সম্পৰ্কীত ক্ষেত্ৰৰ বিশেষজ্ঞ আৰু পৰামৰ্শদাতাৰ পৰা পৰামৰ্শ আৰু সহায় বিচৰা।

ঞ)যিকোনো প্ৰশাসন বা ব্যক্তিৰ পৰা বিশিষ্ট বা অগ্ৰাধিকাৰ ভিত্তিত সামগ্ৰী সংগ্ৰহ কৰা।

ট)অস্থায়ী দলং নিৰ্মাণ কৰা বা আন আৱশ্যকীয় গাঁঠনি নিৰ্মাণ কৰা জনসাধাৰণৰ কাৰণে বিপৰ্য্যয় বৃদ্ধি কৰিব পৰা অসুৰক্ষিত গাঁঠনিসমূহ ভাঙি পেলোৱা।

ঠ)বেচৰকাৰী সংগঠনসমূহেও যাতে সমভাৱে, বৈষম্যমূলকভাৱে আৰু অবৈষম্যমূলকভাৱে তেওঁলোকৰ কাম-কাজ চলাই যোৱাতো নিশ্চিত কৰা।

ড) পৰিস্থিতিসাপেক্ষে এনেধৰণৰ আন প্ৰয়োজনীয় পদক্ষেপসমূহ গ্ৰহণ কৰা।

অধ্যায় ৫: দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে চৰকাৰে ল’ব লগা ব্যৱস্থাসমূহ

 

৩৫) কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব লগা ব্যৱস্থাসমূহ

১) এই আইনত থকা সুবিধা অনুসৰি দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে আৱশ্যকীয় বা উপযুক্ত বুলি ভবা সকলো ধৰণৰ ব্যৱস্থা কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব।

২)বিশেষভাৱে আৰু উপধাৰা ১ ত থকা সুবিধাসমূহৰ সাধাৰণ পূৰ্ব সংস্কাৰ অবিহনেই কেন্দ্ৰীয় চৰকাৰে উপধাৰাৰ অধীনত থকা সকলোবোৰ ব্যৱস্থা বা তলত উল্লেখ কৰা বা যিকোনো ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব:

ক)ভাৰত চৰকাৰৰ মন্ত্ৰালয় বা বিভাগসমূহ, ৰাজ্য চৰকাৰ, ৰাষ্ট্ৰীয় কৰ্তৃত্ব, ৰাজ্যিক কৰ্তৃত্ব আৰু চৰকাৰী আৰু বেচৰকাৰী সংগঠনসমূহে দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে কৰা কাম-কাজসমূহৰ সমন্বয় ৰক্ষা।

খ)ভাৰত চৰকাৰৰ মন্ত্ৰালয় বা বিভাগসমূহৰ উন্নয়ন পৰিকল্পনা আৰু প্ৰকল্পসমূহত দুৰ্যোগ প্ৰতিৰোধ আৰু উপশমৰ ব্যৱস্থাসমূহ সন্নিৱিষ্ট হোৱাতো নিশ্চিত কৰা। দুৰ্যোগ প্ৰতিৰোধ, সামৰ্থ্যতা বৃদ্ধি আৰু আগতীয়া প্ৰস্তুতিৰ বাবে মন্ত্ৰালয় বা ভাৰত চৰকাৰৰ বিভাগসমূহলৈ যথোপযুক্ত পুঁজিৰ আবন্তন দিয়াটো নিশ্চিত কৰা।

গ)দুৰ্যোগজনক পৰিস্থিতি বা দুৰ্যোগৰ সময়ত যাতে দ্ৰুত আৰু কাৰ্য্যকৰীভাৱে সঁহাৰি জনাব পাৰে তাৰ বাবে ভাৰত চৰকাৰৰ মন্ত্ৰালয় বা বিভাগসমূহে আগতীয়া প্ৰস্তুতিৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা লোৱাতো নিশ্চিত কৰা।

ঘ)ৰাজ্য চৰকাৰৰ অনুৰোধ মৰ্মে বা উপযুক্ত বুলি ভবাসমূহত সহযোগিতা আৰু সাহাৰ্য্য আগবঢ়োৱা।

ঙ)এই আইনৰ উদ্দেশ্যসমূহৰ বাবে প্ৰয়োজন হোৱা ৰাষ্ট্ৰৰ নৌবাহিনী, সেনা বাহিনী আৰু বায়ু সেনা বাহিনীৰ লগতে আন অসামৰিক ব্যক্তিবিশেষক নিযুক্ত কৰা।

চ)ৰাষ্ট্ৰসংঘৰ অভিকৰণসমূহ, আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহ আৰু বিদেশী ৰাষ্ট্ৰৰ চৰকাৰৰ লগত এই আইনৰ উদ্দেশ্যত সমন্বয় ৰক্ষা কৰা।

ছ)দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত গৱেষণা, প্ৰশিক্ষণ আৰু উন্নয়ন কাৰ্য্যসূচীৰ বাবে প্ৰতিষ্ঠান স্থাপন কৰা।

জ) আন প্ৰয়োজনীয় বুলি ভবা বা উপযুক্ত বুলি বিবেচনা কৰা যিকোনো কাৰ্য্যসূচীৰ দ্বাৰা এই আইনৰ লক্ষ্যসমূহ কাৰ্য্যকৰীভাৱে কৰি তোলা।

৩) আন দেশত হোৱা ডাঙৰ দুৰ্যোগৰ ক্ষেত্ৰত যথোপযুক্ত বুলি ভবা এনে ধৰণৰ সাহাৰ্য্য কেন্দ্ৰীয় চৰকাৰে আগবঢ়াব পাৰে।

৩৬) ভাৰত চৰকাৰ মন্ত্ৰালয় বা বিভাগসমূহৰ দ্বায়বদ্ধতাসমূহ

 

তলত উল্লেখ কৰাসমূহৰ বাবে ভাৰত চৰকাৰৰ মন্ত্ৰালয় বা বিভাগসমূহৰ দায়বদ্ধ হ’ব:

ক)দুৰ্যোগ প্ৰতিৰোধ, উপশম, আগতীয়া প্ৰস্তুতি আৰু সামৰ্থতা বৃদ্ধি আদিসমূহৰ বাবে ৰাষ্ট্ৰীয় কৰ্তৃত্বই দিয়া নিৰ্দেশনাৱলী অনুসৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা।

খ)ৰাষ্ট্ৰীয় কৰ্তৃত্বই দিয়া নিৰ্দেশনাৱলী অনুসৰি ইয়াৰ উন্নয়ন পৰিকল্পনা আৰু প্ৰকল্পসমূহত দুৰ্যোগৰ প্ৰতিৰোধ আৰু উপশমৰ ব্যৱস্থাসমূহ সংহতভাৱে ৰখা।

গ) বিপদজনক দুৰ্যোগৰ অৱস্থা বা দুৰ্যোগৰ সময়ত ৰাষ্ট্ৰীয় কৰ্তৃত্বৰ নিৰ্দেশনাৱলী অনুসৰি বা ইয়াৰ হৈ ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতিয়ে দিয়া নিৰ্দেশনা অনুসৰি কাৰ্য্যকৰী আৰু তৎকালে সঁহাৰি প্ৰদান কৰা।

ঘ) প্ৰশাসনিকভাৱে পৰ্য্যালোচনা কৰি আইন গ্ৰহণ কৰা, ইয়াৰ বিধিসমূহ, নীতি-নিয়মসমূহ আদিবোৰ দুৰ্যোগ প্ৰতিৰোধ, উপশম আৰু আগতীয়া প্ৰস্তুতিত দৃষ্টিভংগীৰে চোৱা।

ঙ) দুৰ্যোগ প্ৰতিৰোধ, উপশম, সামৰ্থ্য বৃদ্ধি আৰু আগতীয়া প্ৰস্তুতিৰ ব্যৱস্থাসমূহৰ বাবে পুঁজি আবন্তন দিয়া।

চ)তলত উল্লেখ কৰাসমূহৰ বাবে ৰাষ্ট্ৰীয় কৰ্তৃত্ব আৰু ৰাজ্য চৰকাৰক সহায় আগবঢ়োৱা।

১)উপশম, আগতীয়া প্ৰস্তুতি আৰু সঁহাৰিৰ পৰিকল্পনা প্ৰস্তুত কৰাত, দুৰ্যোগ ব্যৱস্থাপনা সম্পৰ্কীয় সামৰ্থ্য বৃদ্ধি, তথ্য সংগ্ৰহ আৰু ব্যক্তিৰ চিনাক্তকৰণ আৰু প্ৰশিক্ষণ প্ৰদান।

২) প্ৰভাৱিত অঞ্চলত উদ্ধাৰ আৰু সাহাৰ্য্য অভিযান চলোৱা।

৩) যিকোনো দুৰ্যোগত ক্ষয়-ক্ষতিৰ পৰিমাণ নিৰ্দ্ধাৰণ কৰা।

৪) পুনৰ সংস্থাপন আৰু পুনৰনিৰ্মাণ কাম-কাজ চলাই নিয়া।

ছ)তলত উল্লেখ কৰা ব্যৱস্থাসমূহৰ লগতে বিপদজনক দুৰ্যোগৰ পৰিস্থিতি বা দুৰ্যোগৰ সময়ত সকলোবোৰ সমল তৎকাল সঁহাৰিৰ বাবে ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতি বা ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সমিতিলৈ উপলব্ধ কৰা।

১)প্ৰভাৱিত বা দুৰ্বল অঞ্চলসমূহত জৰুৰীকালীন যোগাযোগ ব্যৱস্থা আগবঢ়োৱা।

২) ক্ষতিগ্ৰস্থ অঞ্চললৈ ব্যক্তি আৰু সাহাৰ্য্য সামগ্ৰীৰ যাতায়তী ব্যৱস্থা কৰা।

৩) স্থানান্তৰ, উদ্ধাৰ, অস্থায়ী আশ্ৰয় বা আন তৎকালীন সাহাৰ্য্য আগবঢ়োৱা।

৪) অস্থায়ী দলং, বান্ধ, অৱতৰণৰ স্থান নিৰ্মাণ কৰা।

৫)খোৱা পানী, অত্যাৱশ্যকীয় সুবিধাসমূহ, স্বাস্থ্যসেৱাসমূহ প্ৰভাৱিত অঞ্চলসমূহলৈ আগবঢ়োৱা

জ)দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে প্ৰয়োজন বুলি ভবা আন যিকোনো কাম-কাজ।

৩৭) ভাৰত চৰকাৰৰ মন্ত্ৰালয় বা বিভাগসমূহৰ দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনা

 

ভাৰত চৰকাৰৰ সকলোবোৰ মন্ত্ৰালয় বা বিভাগে তলত দিয়াসমূহ কৰিব লাগিব।

ক) তলত দিয়া বিষয়সমূহ বিশেষভাৱে উল্লেখ কৰি এখন দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনা প্ৰস্তুত কৰি উলিয়াব লাগিব।

১)ৰাষ্ট্ৰীয় পৰিকল্পনাৰ আধাৰত দুৰ্যোগ ব্যৱস্থাপনা আৰু উপশমৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহ।

২)ৰাষ্ট্ৰীয় কৰ্তৃত্ব আৰু ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতিৰ নিৰ্দেশনাৱলী সমিতিৰ উন্নয়ন পৰিকল্পনাত উপশমৰ বাবে গ্ৰহণ কৰা বিশেষ ব্যৱস্থাসমূহ।

৩) বিপদজনক দুৰ্যোগৰ পৰিস্থিতি বা দুৰ্যোগৰ সৈতে মুখামুখি হব পৰাকৈ আগতীয়া প্ৰস্তুতি আৰু সামৰ্থ্য বৃদ্ধিত ইয়াৰ ভূমিকা আৰু দায়বদ্ধসমূহ।

৪) বিপদজনক দুৰ্যোগৰ পৰিস্থিতি বা দুৰ্যোগৰ সময়ত তৎকাল আৰু কাৰ্য্যকৰীভাৱে সঁহাৰি প্ৰদানত ইয়াৰ ভূমিকা আৰু দায়বদ্ধতাসমূহ।

৫) উপধাৰা ৩ আৰু ৪ ত উল্লেখ কৰাসমূহৰ ক্ষেত্ৰত ইয়াৰ ভূমিকা আৰু দায়বদ্ধতা পালন কৰিব পৰাকৈ আগতীয়া পৰিস্থিতিৰ বৰ্তমানৰ স্থিতি।

৬) উপধাৰা ৩ আৰু ৪ উল্লেখিত দায়বদ্ধতাসমূহ পালন কৰিবলৈ সক্ষম হোৱাকৈ প্ৰয়োজন হোৱা ব্যৱস্থাসমূহ।

খ)অনুচ্ছেদ ক ত উল্লেখ কৰাৰ দৰে এই পৰিকল্পনাখন বছৰত এবাৰকৈ পৰ্য্যালোচনা আৰু নৱতম কৰা।

গ) এই পৰিকল্পনাৰ অনুচ্ছেদ ক বা অনুচ্ছেদ খ ৰ প্ৰতিলিপি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব লাগিব আৰু কেন্দ্ৰীয় চৰকাৰে সেইখন অনুমোদনৰ বাবে ৰাষ্ট্ৰীয় কৰ্তৃত্বলৈ প্ৰেৰণ কৰিব লাগিব।

২)ভাৰত চৰকাৰৰ সকলো মন্ত্ৰালয় বা বিভাগে কৰিব লাগিব-

ক)অনুচ্ছেদ ক ৰ উপধাৰা (১) অনুসৰি যেতিয়া দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনা প্ৰস্তুত কৰিব তাত কাম-কাজ অনুসৰি প্ৰয়োজনীয় বিত্তৰ পৰিমাণ উল্লেখ থাকিব লাগিব।

খ) অনুচ্ছেদ ক ৰ উপধাৰা (১) অনুসৰি পৰিকল্পনাৰ কাৰ্য্যকৰীকৰণৰ অৱস্থাৰ প্ৰতিবেদন ৰাষ্ট্ৰীয় কৰ্তৃত্বই যেতিয়া বিচাৰে প্ৰেৰণ কৰিব লাগিব।

৩৮) ৰাজ্য চৰকাৰে ল’ব লগা ব্যৱস্থাসমূহ

 

১)এই আইনত থকা সুবিধা অনুসৰি ৰাষ্ট্ৰীয় কৰ্তৃত্বৰ নিৰ্দেশনাৱলী আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ লগত জড়িত আন প্ৰয়োজনীয় আৰু উপযুক্ত বুলি ভবা সকলোবোৰ ব্যৱস্থা ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব লাগিব।

২)উপধাৰা ১ ৰ অধীনত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব পৰা ব্যৱস্থাসমূহৰ লগতে তলত উল্লেখ কৰা সকলোবোৰ বা যিকোনো ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

ক)ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগ, ৰাজ্যিক কৰ্তৃত্ব, জিলা কৰ্তৃপক্ষ, স্থানীয় কৰ্তৃপক্ষ আৰু বেচৰকাৰী সংগঠনসমূহে হাতত লোৱা কাম-কাজ সমূহৰ সমন্বয় ৰক্ষা কৰা।

খ) দুৰ্যোগ ব্যৱস্থাপনাত ৰাষ্ট্ৰীয় কৰ্তৃত্ব আৰু ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতি আৰু জিলা কৰ্তৃপক্ষসমূহক সহযোগিতা আৰু সহায় আগবঢ়োৱা।

গ)ভাৰত চৰকাৰৰ মন্ত্ৰালয় আৰু বিভাগসমূহে দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে অনুৰোধ কৰিলে বা যথোপযুক্ত বুলি ভাবিলে সহায় আৰু সহযোগিতা আগবঢ়োৱা।

ঘ) দুৰ্যোগ প্ৰতিৰোধৰ ব্যৱস্থা, উপশম, সামৰ্থ্যতা বৃদ্ধি আৰু আগতীয়া প্ৰস্তুতিৰ বাবে ৰাজ্যিক পৰিকল্পনা আৰু জিলা পৰিকল্পনাত থকা সুবিধা অনুসৰি পুঁজি আবন্তন দিয়া।

ঙ) ৰাজ্য চৰকাৰৰ বিভাগসমূহে তেওঁলোকৰ উন্নয়ন পৰিকল্পনা আৰু প্ৰকল্পসমূহত যাতে দুৰ্যোগ প্ৰতিৰোধ আৰু উপশমৰ ব্যৱস্থাসমূহ সংহতভাৱে ৰাখে সেইটো নিশ্চিত কৰা।

চ)ৰাজ্যিক উন্নয়ন পৰিকল্পনা সংহত কৰা, ৰাজ্যৰ বিভিন্ন অংশত বিভিন্ন দুৰ্যোগৰ প্ৰতি থকা দুৰ্বলতাসমূহ হ্ৰাস বা উপশমৰ বাবে ব্যৱস্থা লোৱা।

ছ) ৰাষ্ট্ৰীয় কৰ্তৃত্ব আৰু ৰাজ্যিক কৰ্তৃত্বই প্ৰদান কৰা নিৰ্দেশনাৱলী অনুসৰি বিভিন্ন বিভাগে দুৰ্যোগ ব্যৱ্স্থাপনাৰ পৰিকল্পনাটো প্ৰস্তুত কৰা নিশ্চিত কৰা।

জ) দুৰ্বল গোটসমূহৰ পৰ্য্যায়লৈকে পৰ্য্যাপ্ত সতৰ্কতা প্ৰদানৰ ব্যৱস্থা স্থাপন কৰা।

ঝ) ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগ আৰু জিলা কৰ্তৃত্বই যাতে যথোপযুক্ত আগতীয়া প্ৰস্তুতিৰ ব্যৱস্থা গ্ৰহণ কৰে সেইটো নিশ্চিত কৰা।

ঞ) কোনো বিপদজনক দুৰ্যোগৰ পৰিস্থিতি বা দুৰ্যোগৰ সময়ত কাৰ্য্যকৰী সঁহাৰি, উদ্ধাৰ আৰু সাহাৰ্য্য প্ৰদানৰ বাবে প্ৰয়োজন হোৱা ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ সমলসমূহ ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতি বা ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সমিতি বা জিলা কৰ্তৃপক্ষলৈ উপলব্ধ কৰাতো নিশ্চিত কৰা।

ট) কোনো দুৰ্যোগৰ বলি হোৱাসকললৈ পুনৰ সংস্থাপন আৰু পুনৰ নিৰ্মাণ সাহাৰ্য্য আগবঢ়োৱা।

ঠ)এই আইনখনৰ উদ্দেশ্যসমূহ কাৰ্য্যকৰীভাৱে কাৰ্য্যকৰীকৰণৰ ক্ষেত্ৰত প্ৰয়োজনীয় আৰু উপযুক্ত বুলি বিবেচনা কৰা আন যিকোনো কাম।

৩৯) ৰাজ্য চৰকাৰৰ বিভাগসমূহৰ দায়বদ্ধতা

তলত দিয়া বিষয়সমূহত ৰাজ্য চৰকাৰৰ বিভাগসমূহ দায়বদ্ধ থাকিব

ক) দুৰ্যোগ প্ৰতিৰোধ, উপশম, আগতীয়া প্ৰস্তুতি আৰু সামৰ্থ্য বৃদ্ধিৰ বাবে ৰাষ্ট্ৰীয় কৰ্তৃত্ব আৰু ৰাজ্যিক কৰ্তৃত্বৰ নিৰ্দেশাৱলী অনুসৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা।

খ)ইয়াৰ উন্নয়ন পৰিকল্পনা আৰু প্ৰকল্পসমূহত দুৰ্যোগ প্ৰতিৰোধ আৰু উপশমৰ ব্যৱস্থাসমূহ সংহত কৰা।

গ) দুৰ্যোগ প্ৰতিৰোধ, উপশম, সামৰ্থ্য বৃদ্ধি আৰু আগতীয়া প্ৰস্তুতিৰ বাবে পুঁজি আবন্তন কৰা।

ঘ) বিপদজনক দুৰ্যোগৰ অৱস্থা বা দুৰ্যোগৰ সময়ত ৰাজ্যিক পৰিকল্পনা আৰু ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতি আৰু ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সমিতিৰ নিৰ্দেশনাৱলী আৰু নিৰ্দেশ অনুসৰি কাৰ্য্যকৰী আৰু তৎকাল সঁহাৰি প্ৰদান।

ঙ)আইনত পৰিণত কৰাৰ ক্ষেত্ৰত পৰ্য্যালোচনা কৰা, ইয়াৰ বিধিসমূহ, নীতি-নিয়মসমূহ, দুৰ্যোগ প্ৰতিৰোধ, উপশম, আগতীয়া প্ৰস্তুতিৰ প্ৰয়োজনীয়তাত প্ৰস্তুত কৰা।

চ)ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতি, ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সমিতি আৰু জিলা কৰ্তৃপক্ষৰ প্ৰয়োজন অনুসৰি তলত দিয়া সমূহৰ বাবে সহায় আগবঢ়োৱা।

১) উপশম, আগতীয়া প্ৰস্তুতি আৰু সঁহাৰিৰ পৰিকল্পনা প্ৰস্তুতি, দুৰ্যোগ ব্যৱস্থাপনা সম্পৰ্কীয় সামৰ্থ্য বৃদ্ধি, তথ্য সংগ্ৰহ আৰু ব্যক্তি বিশেষক চিনাক্তকৰণ আৰু প্ৰশিক্ষণ প্ৰদান।

২)  কোনো দুৰ্যোগত হোৱা ক্ষয় ক্ষতিৰ পৰিমাণ নিৰ্দ্ধাৰণ।

৩) পুনৰসংস্থাপন আৰু পুনৰনিৰ্মাণৰ কাম-কাজ চলাই নিয়া।

ছ) ৰাজ্যিক কৰ্তৃত্বৰ লগত পৰামৰ্শ কৰি জিলা পৰিকল্পনা ইয়াৰ কৰ্তৃপক্ষৰ দ্বাৰা কাৰ্য্যকৰীকৰণৰ বাবে সমল আগবঢ়োৱা।

জ)ইয়াৰ সমলসমূহ কোনো দুৰ্যোগত তৎকাল আৰু কাৰ্য্যকৰীভাৱে সঁহাৰি জনোৱাৰ বাবে ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতি বা ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সমিতি বা জিলা কৰ্তৃপক্ষলৈ উপলব্ধ কৰাৰ লগতে তলত দিয়া ব্যৱস্থাসমূহ গ্ৰহণ কৰা।

১) দুৰ্বল বা প্ৰভাৱিত অঞ্চলৰ লগত জৰুৰীকালীন যোগাযোগ ব্যৱস্থা আগবঢ়োৱা।

২) প্ৰভাৱিত অঞ্চললৈ ব্যক্তি আৰু সাহাৰ্য্য সামগ্ৰীৰ পৰিবহণ ব্যৱস্থা।

৩) স্থানান্তৰ, উদ্ধাৰ, অস্থায়ী আশ্ৰয় বা আন তৎকাল সাহাৰ্য্য আগবঢ়োৱা।

৪) বিপদজনক দুৰ্যোগৰ পৰিস্থিতি বা দুৰ্যোগৰ সময়ত কোনো এটা অঞ্চলৰ পৰা ব্যক্তি বা জীৱ-জন্তুক স্থানান্তৰ কৰা।

৫)অস্থায়ী দলং, বান্ধ আৰু অৱতৰণৰ স্থান সাঁজি তোলা।

৬)প্ৰভাৱিত অঞ্চললৈ খোৱা পানী, অত্যাৱ্শ্যকীয় সুবিধাসমূহ আৰু স্বাস্থ্যসেৱাসমূহ আগবঢ়োৱা।

৭) দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে আৱশ্যকীয় বুলি ভবা এনে ধৰণৰ আন কাম-কাজসমূহ।

৪০) ৰাজ্যৰ বিভাগসমূহৰ দুৰ্যোগ ব্যৱ্স্থাপনা পৰিকল্পনা

 

১)প্ৰত্যেক ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগে ৰাজ্যিক কৰ্তৃত্বৰ নিৰ্দেশনাৱলী অনুসৰি তলত দিয়াসমূহ কৰিব লাগে।

ক)তলৰ বিষয়সমূহ সন্নিৱিষ্ট কৰি এখন দুৰ্যোগ ব্যৱ্স্থাপনা পৰিকল্পনা প্ৰস্তুত কৰা

১)ৰাজ্যৰ কোনটো অঞ্চলত কেনেধৰণৰ দুৰ্যোগৰ প্ৰতি দুৰ্বল।

২)বিভাগটোৰ উন্নয়ন পৰিকল্পনা আৰু কাৰ্য্যসূচীসমূহত দুৰ্যোগ প্ৰতিৰোধ বা ইয়াৰ প্ৰভাৱ উপশম কৰাৰ কৌশল সংহত কৰা।

৩)যিকোনো বিপদজনক দুৰ্যোগৰ পৰিস্থিতি বা দুৰ্যোগৰ সময়ত ৰাজ্যৰ বিভাগটোৰ ভূমিকা আৰু দ্বায়বদ্ধতা আৰু ই পালন কৰিব লগা সহায়ক প্ৰয়োজনীয় কাম-কাজসমূহ।

৪) উপধাৰা ৩ ৰ অধীনত পালন কৰিব লগা তেনে ভূমিকা বা দ্বায়বদ্ধতা বা জৰুৰীকালীন সাহাৰ্য্যৰ কাম-কাজৰ বাবে আগতীয়া প্ৰস্তুতিৰ বৰ্তমানৰ স্থিতি।

৫) ধাৰা ৩৭ ৰ অধীনত ভাৰত চৰকাৰৰ মন্ত্ৰালয় বা বিভাগসমূহে পালন কৰিব লগা তেওঁলোকৰ দায়বদ্ধতাসমূহ সামৰ্থ্য বৃদ্ধি আৰু আগতীয়া প্ৰস্তুতিৰ ব্যৱস্থাসমূহেৰে কেনেদৰে সক্ষম কৰিব পাৰি।

খ)প্ৰতি বছৰে অনুচ্ছেদ ক ৰ দৰে পৰিকল্পনা পৰ্য্যালোচনা আৰু নৱতম কৰা।

গ)অনুচ্ছেদ ক বা খ বা যিকোনো অনুচ্ছেদৰ প্ৰতিলিপি ৰাজ্যিক কৰ্তৃত্বক প্ৰদান কৰা।

২)উপধাৰা ১ ৰ অধীনত ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগে পৰিকল্পনা প্ৰস্তুত কৰোঁতে প্ৰতিটো কাম-কাজৰ বিপৰীতে প্ৰয়োজন হোৱা অৰ্থৰ পৰিমাণ নিৰ্দিষ্টকৈ উল্লেখ কৰিব লাগিব।

৩) ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগে উপধাৰা ১ অনুসৰি দুৰ্যোগ ব্যৱ্স্থাপনা পৰিকল্পনাৰ কাৰ্য্যকৰীকৰণৰ স্থিতিৰ প্ৰতিবেদন ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সমিতিলৈ প্ৰেৰণ কৰিব লাগিব।

অধ্যায় ৬ : স্থানীয় কৰ্তৃপক্ষ

 

৪১) স্থানীয় কৰ্তৃপক্ষৰ কাম-কাজসমূহ

 

১)জিলা কৰ্তৃপক্ষৰ নিৰ্দেশনা অনুসৰি এটা স্থানীয় কৰ্তৃপক্ষৰ কৰিব লাগিব

ক)ইয়াৰ বিষয়া আৰু কৰ্মচাৰীসকল দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত যাতে প্ৰশিক্ষিত হয় সেইটো নিশ্চিত কৰা।

খ)যিকোনো বিপদজনক দুৰ্যোগৰ পৰিস্থিতিত বা দুৰ্যোগৰ সময়ত দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে প্ৰয়োজনীয় সমলসমূহ ব্যৱহাৰৰ বাবে সাঁজু হৈ থাকে সেইটো নিশ্চিত কৰা।

গ)ৰাষ্ট্ৰীয় কৰ্তৃত্ব, ৰাজ্যিক কৰ্তৃত্ব আৰু জিলা কৰ্তৃপক্ষই দুৰ্যোগ প্ৰতিৰোধ আৰু উপশমৰ বাবে নিৰ্দিষ্টকৈ প্ৰদান কৰা মানদণ্ড অনুসৰি যে ইয়াৰ পৰিসীমাৰ ভিতৰত নিৰ্মাণ হোৱা সকলো নিৰ্মাণকাৰ্য্য হয় সেইটো নিশ্চিত কৰা।

ঘ)ৰাজ্যিক পৰিকল্পনা আৰু জিলা পৰিকল্পনা অনুসৰি প্ৰভাৱিত অঞ্চলত সাহাৰ্য্য, পুনৰ সংস্থাপন আৰু পুনৰনিৰ্মাণৰ কাম-কাজ চলাই যোৱা।

২) দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে আৱশ্যকীয় বুলি বিবেচনা কৰা আন কাম-কাজসমূহো স্থানীয় কৰ্তৃপক্ষই আগবঢ়ায় নিব পাৰিব।

অধ্যায় ৭ : দুৰ্যোগ ব্যৱস্থাপনাৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান

 

৪২) দুৰ্যোগ ব্যৱস্থাপনাৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান

 

১) কেন্দ্ৰীয় চৰকাৰে ৰাজপত্ৰত উল্লেখ কৰা তাৰিখৰ পৰা বলবৎ হোৱাকৈ এখন প্ৰতিষ্ঠান স্থাপন কৰা হ’ব যাক দুৰ্যোগ ব্যৱস্থাপনাৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান বোলা হ’ব।

২)কেন্দ্ৰীয় চৰকাৰে পৰামৰ্শ দিয়াৰ দৰে সদস্য সন্নিৱিষ্ট কৰি এই দুৰ্যোগ ব্যৱস্থাপনাৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান গঠন কৰা হ’ব।

৩) এই ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ কাৰ্য্যকালৰ সময়সীমা আৰু খালী থকা পদসমূহ পৰামৰ্শ দিয়াৰ মতে পূৰণ কৰা হ’ব।

৪) এই দুৰ্যোগ ব্যৱস্থাপনাৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ এখন পৰিচালনা পৰিষদ থাকিব যিখন কেন্দ্ৰীয় চৰকাৰে দুৰ্যোগ ব্যৱস্থাপনাৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ সদস্যসকলৰ মাজৰ পৰা পৰামৰ্শ দিয়াৰ দৰে গঠন কৰি দিব।

৫) বিধিত দিয়া পৰামৰ্শ অনুসৰি দুৰ্যোগ ব্যৱস্থাপনাৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ পৰিচালনা পৰিষদৰ ক্ষমতা আৰু কাম-কাজসমূহ নিৰ্দ্ধাৰিত হ’ব।

৬) বিধিৰ পৰামৰ্শ অনুসৰি পৰিচালনা পৰিষদৰ ক্ষমতা আৰু কাম-কাজসমূহ, কাৰ্য্যকালৰ অবধি, পৰিচালনা পৰিষদত খালী থকা পদসমূহ ইয়াৰ সদস্যৰে পূৰণ কৰা আদিসমূহ কৰা হ’ব।

৭) এই ধাৰাৰ অধীনত যেতিয়ালৈকে বিধিসমূহ প্ৰস্তুত কৰা নহয় তেতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে এনে বিধিসমূহ প্ৰস্তুত কৰিব আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ যিকোনো বিধি সলনি বা নতুনকৈ কৰা হ’ব।

৮) এই আইন অনুসৰি ৰাষ্ট্ৰীয় কৰ্তৃত্বৰ নিৰ্দেশনা অনুসৰি দুৰ্যোগ ব্যৱস্থাপনাৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানে কিছুমান বহল নীতিৰ অধীনত কাম কৰিব আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত পৰিকল্পনা, প্ৰশিক্ষণ আৰু গৱেষণাৰ প্ৰবৰ্ধন, নথিভুক্তকৰণ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ নীতি, প্ৰতিৰোধ কৌশল উপশমৰ ব্যৱস্থাসমূহ আদিৰ লগত জড়িত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ তথ্য ভেটি উন্নয়ন কৰিব।

৯)উপধাৰা ৮ ত থকা সুবিধাসমূহৰ সাধাৰণ পূৰ্ব সংস্কাৰ অবিহনেই ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানটোৱে তলত দিয়া কাম-কাজসমূহ কৰিব পাৰিব।

ক) দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰশিক্ষণৰ আৰ্হিৰ বিকাশ, গৱেষণা আৰু নথিভুক্তকৰণৰ কাম হাতত লোৱা আৰু প্ৰশিক্ষণ কাৰ্য্যসূচীৰ আয়োজন কৰা।

খ) দুৰ্যোগ ব্যৱস্থাপনাৰ সকলোবোৰ বিষয় সামৰি লৈ এটা সমন্বিত মানৱ সম্পদ উন্নয়ন পৰিকল্পনা প্ৰস্তুত আৰু কাৰ্য্যকৰী কৰিব।

গ) ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ নীতি প্ৰস্তুতিত সহায় আগবঢ়াব।

ঘ) প্ৰশিক্ষণ আৰু গৱেষণা কাৰ্য্যসূচী সংশ্লিষ্ট বিভিন্ন সংগঠন, চৰকাৰী কৰ্মকৰ্তা আদিৰ বাবে প্ৰস্তুত কৰা প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠানসমূহক প্ৰয়োজনীয় সাহাৰ্য্য আগবঢ়াব আৰু ৰাজ্যিক পৰ্য্যায়ৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ প্ৰশিক্ষকসকলৰ বাবে প্ৰশিক্ষণ কাৰ্য্যসূচী হাতত ল’ব।

ঙ) ৰাজ্যিক পৰ্য্যায়ৰ নীতিসমূহ, কৌশলসমূহ, দুৰ্যোগ ব্যৱস্থাপনাৰ আৰ্হি আৰু ৰাজ্য চৰকাৰ বা ৰাজ্যিক প্ৰশিক্ষণ প্ৰতিষ্ঠানে সামৰ্থ্য বৃদ্ধিৰ বাবে বিচৰা যিকোনো সাহাৰ্য্য আগবঢ়োৱাৰ লগতে চৰকাৰী কৰ্মকৰ্তা, সমাজৰ সদস্য, ব্যৱসায় গোষ্ঠী আৰু ৰাইজৰ নিৰ্বাচিত প্ৰতিনিধিলৈ প্ৰশিক্ষণ কাৰ্য্যসূচী আগবঢ়াব।

চ) শৈক্ষিক আৰু বিত্তিগত পাঠ্যক্ৰমসমূহৰ বাবে দুৰ্যোগ ব্যৱস্থাপনাৰ শিক্ষণ সামগ্ৰী বিকাশ কৰিব।

ছ)মহাবিদ্যালয় শিক্ষক আৰু শিক্ষাৰ্থী, কাৰিকৰী ব্যক্তি আৰু বহুমুখী বিপৰ্য্যয়ৰ উপশম, আগতীয়া প্ৰস্তুতি আৰু সঁহাৰি ব্যৱস্থাৰ লগত জড়িতসকলৰ বাবে সচেতনতা কাৰ্য্যসূচী গ্ৰহণ।

জ)উপৰোক্ত বিষয়ত শিক্ষাৰ পাঠ্যক্ৰম, আলোচনা সভা, ভাষণ, উপবেষণ আদিবোৰ দেশৰ ভিতৰত আৰু বিদেশত আয়োজন কৰা।

ঝ) বৈজ্ঞানিক আলোচনী, গৱেষণা পত্ৰ আৰু পুথিসমূহ যোগান ধৰি উপৰোক্ত বিষয়ত এটা পুথিভঁৰাল ৰক্ষণাবেক্ষণ কৰা।

ঞ) উপৰোক্ত বিষয়সমূহত থকা লক্ষ্যত উপনীত হ’ব পৰাকৈ যিকোনো আইনগত কাম-কাজ হাতত লোৱা।

ট) কেন্দ্ৰীয় চৰকাৰে বিশেষভাৱে দায়িত্ব দিয়া আন কোনো কাম কৰা।

৪৩) ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ বিষয়া আৰু আন কৰ্মচাৰীসকল

 

দুৰ্যোগ ব্যৱস্থাপনাৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ কাম-কাজসমূহ চলাই নিবলৈ আৱশ্যক বুলি ভবা বিষয়া, পৰামৰ্শদাতা আৰু আন কৰ্মচাৰীসকলৰ ব্যৱস্থা কেন্দ্ৰীয় চৰকাৰে কৰিব।

অধ্যায় ৮ : ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বল

 

৪৪) ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বল

 

১) বিপদজনক দুৰ্যোগৰ পৰিস্থিতি বা দুৰ্যোগৰ সময়ত বিশেষ সঁহাৰি প্ৰদান কৰাৰ উদ্দেশ্যত এটা ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বল গঠন কৰা হ’ব।

২) এই আইনত থকা সুবিধা অনুসৰি এই বলটো গঠন কৰা হব আৰু ইয়াৰ ধৰণ সেৱাৰ অৱ্স্থা আদিসমূহৰ লগতে সুশৃংখলাবদ্ধতাৰ ব্যৱস্থাৰো পৰামৰ্শ থাকিব।

৪৫) নিয়ন্ত্ৰণ, নিৰ্দেশনা, ইত্যাদি

 

এই বলৰ সাধাৰণ অধিক্ষকতা, নিৰ্দেশনা আৰু নিয়ন্ত্ৰণ সম্পূৰ্ণভাৱে ৰাষ্ট্ৰীয় কৰ্তৃত্ব থাকিব আৰু এই বলৰ আদেশ আৰু পৰ্য্যবেক্ষণ কেন্দ্ৰীয় চৰকাৰে নিযুক্ত কৰা ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বলৰ সঞ্চালক প্ৰধানৰ ওপৰত ন্যস্ত হ’ব।

অধ্যায় ৯ : বিত্তীয়, হিচাপ আৰু হিচাপ পৰীক্ষা

 

৪৬) ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজি

 

১) কেন্দ্ৰীয় চৰকাৰে ৰাজপত্ৰত অধিসূচনা জাৰি কৰি বিপদজনক দুৰ্যোগৰ পৰিস্থিতি বা দুৰ্যোগৰ সময়ত প্ৰয়োজনীয় পুঁজি যোগান ধৰিব পৰাকৈ ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজি নামৰ এটা পুঁজি গঠন কৰিব পাৰে। ইয়াৰ ধনসমূহ তলত দিয়াসমূহত  প্ৰদান কৰিব পৰা যাব।

ক) এটা ভাৰত চৰকাৰে কোৱা ধৰণৰ পৰিমাণ যিটো এই সম্পৰ্কীয় প্ৰয়োজনীয় আইন লোকসভাই অনুমোদন কৰাৰ পিছত হ’ব।

খ)দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে যিকোনো ব্যক্তি বা প্ৰতিষ্ঠানে আগবঢ়োৱা সাহাৰ্য্য।

২)ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজি ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতিলৈ উপলব্ধ কৰা হ’ব যাতে কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় কৰ্তৃত্বৰ লগত পৰামৰ্শ কৰি প্ৰস্তুত কৰা নিৰ্দেশনাৱলী অনুসৰি জৰুৰীকালীন সঁহাৰি, সাহাৰ্য্য আৰু পুনৰসংস্থাপনৰ খৰছসমূহ বহন কৰিব পৰা যায়।

৪৭) ৰাষ্ট্ৰীয় দুৰ্যোগ উপশম পুঁজি

 

১)কেন্দ্ৰীয় চৰকাৰে ৰাজপত্ৰত অধ্যাদেশযোগে কেৱল উপশমৰ বাবে এটা ৰাষ্ট্ৰীয় দুৰ্যোগ উপশম পুঁজি নামৰ এটা পুঁজি গঠন কৰিব পাৰে আৰু ইয়াত কেন্দ্ৰীয় চৰকাৰে ঠিক কৰা অনুসৰি ধনৰ পৰিমাণ জমা ৰাখিব পাৰিব যিটো লোকসভাই অনুমোদন কৰি আইনত পৰিণত কৰিব লাগিব।

২)ৰাষ্ট্ৰীয় দুৰ্যোগ উপশম পুঁজি ৰাষ্ট্ৰীয় কৰ্তৃত্বই পৰিচালনা কৰিব।

৪৮) ৰাজ্য চৰকাৰৰ দ্বাৰা পুঁজি গঠন

 

১) ৰাজ্যিক কৰ্তৃত্ব আৰু জিলা কৰ্তৃপক্ষ গঠনৰ অধ্যাদেশ জাৰি কৰাৰ ঠিক পিছতেই ৰাজ্য চৰকাৰে এই আইনৰ উদ্দেশ্য আগত ৰাখি তলত উল্লেখিত পুঁজিসমূহ গঠন কৰিব পাৰে।

ক)ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি।

খ)জিলা দুৰ্যোগ সঁহাৰি পুঁজি।

গ)ৰাজ্যিক দুৰ্যোগ উপশম পুঁজি।

ঘ)জিলা দুৰ্যোগ উপশম পুঁজি।

২) ৰাজ্য চৰকাৰে এই পুঁজিসমূহ তলত দিয়া ধৰণে গঠন কৰাতো নিশ্চিত কৰিব।

১)উপধাৰা ১ অনুচ্ছেদ ক ৰ অধীনত ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সমিতিলৈ উপলব্ধ হ’ব।

২)উপধাৰা ১ ৰ উপ অনুচ্ছেদ  গ ৰ অধীনত ৰাজ্যিক কৰ্তৃত্বলৈ উপলব্ধ হ’ব।

৩)উপধাৰা ১ ৰ অনুচ্ছেদ খ আৰু ঘ ৰ অধীনত জিলা কৰ্তৃপক্ষলৈ উপলব্ধ হ’ব।

৪৯) মন্ত্ৰালয় আৰু বিভাগসমূহৰ দ্বাৰা পুঁজি আবন্তন

১) ভাৰত চৰকাৰৰ প্ৰতিটো মন্ত্ৰালয় বা বিভাগে তেওঁলোকৰ দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনাত থকা কাম-কাজ আৰু কাৰ্য্যসূচীসমূহ চলাই নিবলৈ বাৰ্ষিক বাজেটত পুঁজিৰ ব্যৱস্থা ৰাখিব লাগিব।

২) উপধাৰা ১ ত থকা সুবিধা অনুসৰি এই ব্যৱস্থা ৰাজ্য চৰকাৰৰ বিভাগসমূহৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব।

৫০) জৰুৰীকালীন সংগ্ৰহ আৰু হিচাপ

যিকোনো বিপদজনক দুৰ্যোগৰ পৰিস্থিতি বা দুৰ্যোগৰ সময়ত বিভিন্ন কাৰণত ৰাষ্ট্ৰীয় কৰ্তৃত্ব বা ৰাজ্যিক কৰ্তৃত্ব বা জিলা কৰ্তৃপক্ষই উদ্ধাৰ বা সাহাৰ্য্যৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ সংগ্ৰহ তৎকালে যোগান ধৰিব লগা হ’ব পাৰে। তাৰ বাবে-

ক)সংশ্লিষ্ট বিভাগ বা কৰ্তৃপক্ষক জৰুৰীকালীনভাৱে সংগ্ৰহ কৰাৰ কৰ্তৃত্ব প্ৰদান কৰিব পাৰে বা কিছুমান ক্ষেত্ৰত স্বাভাৱিক নিয়ম অনুসৰি নিবিদা আহবান কৰাৰ ব্যৱ্স্থা আঁতৰাই পেলাব লগা হ’ব পাৰে।

খ)ৰাষ্ট্ৰীয় কৰ্তৃত্ব, ৰাজ্যিক কৰ্তৃত্ব বা জিলা কৰ্তৃপক্ষই কৰ্তৃত্ব প্ৰদান কৰা নিয়ন্ত্ৰণ বিষয়াই সুবিধাসমূহ বা সামগ্ৰীসমূহ উপযুক্তভাৱে ব্যৱহাৰৰ প্ৰমাণপত্ৰ প্ৰদান কৰিব লাগিব। ইয়াৰ বাবে বিধিগত নথি বা ৰছিদ আদিসমূহ জৰুৰীকালীন হিচাপৰ বাবে এনে সামগ্ৰী সংগ্ৰহ বা সুবিধা আগবঢ়োৱাৰ প্ৰমান থাকিব লাগিব।

 

অধ্যায় ১০ : অপৰাধ আৰু জৰিমনা

 

৫১) বাধা প্ৰদান কৰাৰ বাবে শাস্তি, ইত্যাদি

 

কোনো গ্ৰহণযোগ্য কাৰণ নোহোৱাকৈ-

ক) এই আইনৰ অধীনত কোনো কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰ বা ৰাষ্ট্ৰীয় কৰ্তৃত্ব বা ৰাজ্যিক কৰ্তৃত্ব বা জিলা কৰ্তৃপক্ষই কৰ্তৃত্ব প্ৰদান কৰা কোনো ব্যক্তিয়ে তেওঁৰ কাৰ্য্য সম্পাদনৰ ক্ষেত্ৰত কাম কৰাত বাধা প্ৰদান কৰা।

খ) কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰ বা ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতি বা ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সমিতি বা জিলা কৰ্তৃপক্ষই এই আইনৰ অধীনত কোনো নিৰ্দেশনা প্ৰদান কৰা মতে কাম কৰিবলৈ সন্মত নোহোৱাৰ ক্ষেত্ৰত দোষী সাব্যস্ত হ’ব আৰু এবছৰলৈকে কাৰাবাস খটা বা জৰিমনাসহ বা দুয়োটাই হ’ব পাৰে। যদিহে এনে ধৰণৰ বাধা প্ৰদান বা অসন্মত হোৱাৰ বাবে জীৱন হানি হয় বা তৎকালে বিপদৰ সন্মুখীন হয় তেন্তে কাৰাবাসৰ ম্যাদ দুবছৰলৈ সম্প্ৰসাৰিত হ’ব পাৰে।

৫২) ভুৱা দাবীৰ বাবে শাস্তি

 

কোনো লোকে নিজৰ জ্ঞাতসাৰে বা কোনো কাৰণবশতঃ ভুৱাকৈ সাহাৰ্য্য, অৰ্থ সাহাৰ্য্য, মেৰামতি, পুনৰনিৰ্মাণ বা আন সুবিধাসমূহ দুৰ্যোগৰ পৰৱৰ্তী কালছোৱাত কোনো কেন্দ্ৰীয় চৰকাৰৰ বিষয়া, ৰাজ্য চৰকাৰ, ৰাষ্ট্ৰীয় কৰ্তৃত্ব, ৰাজ্যিক কৰ্তৃত্ব বা জিলা কৰ্তৃপক্ষৰ পৰা গ্ৰহণ কৰিলে ইয়াৰ শাস্তি হিচাপে দুবছৰ পৰ্য্যন্ত কাৰাবাস আৰু জৰিমনা ভুগিব হ’ব পাৰে।

৫৩) ধন বা সামগ্ৰীৰ অন্যায়ভাৱে গ্ৰহণ আৰু ব্যৱহাৰৰ শাস্তি

 

বিপদজনক দুৰ্যোগৰ পৰিস্থিতি বা দুৰ্যোগৰ সময়ত সাহাৰ্য্য আগবঢ়োৱাৰ উদ্দেশ্যে থকা ধন বা সামগ্ৰী বা আন ব্যৱস্থাসমূহ নিজৰ জিম্মাত ৰখা বা অধিকাৰ সাব্যস্ত কৰা, অন্যায়ভাৱে গ্ৰহণ বা নিজৰ বাবে যথোপযুক্তভাৱে ব্যৱহাৰ বা আনৰ নামৰ নিজে ধন বা সামগ্ৰী ব্যৱহাৰ কৰা আদিসমূহ শাস্তিযোগ্য অপৰাধ আৰু জৰিমনাসহ দুবছৰ পৰ্য্যন্ত কাৰাবাস খাটিব লগা হ’ব পাৰে।   

৫৪) ভুৱা সতৰ্কতাৰ বাবে শাস্তি

 

যদি কোনো লোকে দুৰ্যোগৰ ভুৱা সতৰ্কবাণী আৰু জাননী প্ৰদান কৰে বা প্ৰচলন কৰে বা ইয়াৰ ভয়াবহতা বা প্ৰাবল্য আদিবোৰৰ যোগেৰে নিয়ন্ত্ৰণহীন আটংকৰ সৃষ্টি কৰে তেন্তে তেওঁ দোষী সাব্যস্ত কৰা হ’ব আৰু জৰিমনাসহ দুবছৰলৈকে কাৰাবাস হ’ব পাৰে।

৫৫) চৰকাৰী বিভাগে কৰা অপৰাধ

 

১)চৰকাৰী কোনো বিভাগ, কোনো বিভাগৰ মুৰব্বী আদিক যদিহে এই আইনৰ অধীনত অপৰাধ সংঘটিত হোৱা বুলি বা দোষী বুলি সাব্যস্ত হয় আৰু যদিহে উক্ত অপৰাধ তেওঁৰ অজ্ঞাতসাৰে হোৱাতো প্ৰমাণিত নহয়। তেন্তে তেনে অপৰাধৰ বাবে শাস্তিৰ ব্যৱস্থা কৰা হ’ব।

২)উপধাৰা ১ ত সন্নিৱিষ্ট সকলোবোৰ, য’ত এই আইনৰ অধীনত কোনো চৰকাৰী বিভাগে অপৰাধ সংঘটিত কৰে আৰু যদি প্ৰমাণ হয় যে এনে অপৰাধ তেওঁৰ সন্মতিত হৈছে বা কোনো বিষয়া, কোনো বিভাগৰ মুৰব্বীত অবহেলাত সংঘটিত হৈছে তেন্তে তেওঁক দোষী সাব্যস্ত হ’ব আৰু তেওঁৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।  

৫৬) নিজৰ কৰ্তব্য পালনত অকৃতকাৰ্য্য বিষয়া বা তেওঁৰ পৰোক্ষ সন্মতিত এই আইন উলংঘন হোৱা

 

এই আইনৰ অধীনত যদি কোনো বিষয়াক কোনো দায়িত্ব প্ৰদান কৰা হয় আৰু তেওঁ দায়িত্ব পালনত অৱজ্ঞা কৰে বা নিজকে কৰ্তব্যৰ পৰা বিৰত থাকে তেন্তে তেওঁৰ ঊৰ্ধতম বিষয়াৰ পৰা লিখিত অনুমতি নোপোৱালৈকে এনে কৰাৰ বাবে তেওঁ শাস্তিমূলক অপৰাধ কৰা হ’ব আৰু জৰিমনাসহ এবছৰলৈকে কাৰাবাস হ’ব পাৰে।

৫৭) অধিগ্ৰহণ সম্পৰ্কীয় নিৰ্দেশনাৰ উলংঘনৰ বাবে জৰিমনা

 

ধাৰা ৫৬ ৰ অধীনত প্ৰদান কৰা নিৰ্দেশ যদি কোনো ব্যক্তিয়ে উলংঘন কৰে তেন্তে তেওঁৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব আৰু এবছৰলৈকে কাৰাবাস বা জৰিমনা বা দুয়োটাই হ’ব পাৰে।

৫৮) কোম্পানীসমূহে কৰা অপৰাধ

 

১)এই আইনৰ অধীনত যদিহে কোনো কোম্পানী বা ব্যৱসায়িক গোষ্ঠীৰ দ্বাৰা অপৰাধ সংঘটিত হয় তেন্তে অপৰাধ সংঘটিত হোৱা সময়ত প্ৰতিজন ব্যক্তি, দায়িত্বত থকা আৰু দায়বদ্ধতা থকা, উক্ত কোম্পানী, উক্ত কোম্পানীৰ হৈ ব্যৱসায় কৰা, সকলোকে দোষী সাব্যস্ত কৰা হ’ব আৰু তেওঁলোকৰ বিৰুদ্ধে নীতি উলংঘা গোচৰ আৰু শাস্তিমূলক ব্যৱস্থা প্ৰদান কৰা হ’ব:

ইয়াৰ উপধাৰাত কোনো ধৰণৰ সুবিধা তেনে ব্যক্তিৰ শাস্তিৰ বাবে দিয়া হোৱা নাই যদিহে তেওঁৰ অজ্ঞাতসাৰে এই অপৰাধ সংঘটিত হোৱা বুলি প্ৰমাণ কৰিব পাৰে বা অপৰাধ প্ৰতিৰোধৰ বাবে চেষ্টা কৰে তেন্তে এনে অপৰাধ ৰেহাই দিয়া হ’ব।

২) উপধাৰা ১ ত নথকা কোনো বিষয় য’ত এই আইনৰ অধীনত অপৰাধ সংঘটিত হয় আৰু প্ৰমাণিত হয় যে অপৰাধসমূহ কাৰোবাৰ সন্মতিত বা কাৰোবাৰ অৱহেলা বা কোম্পানীৰ সঞ্চালক, পৰিচালক, সচিব, আন বিষয়াৰ বাবে সংঘটিত হৈছে তেন্তে তেওঁক দোষী সাব্যস্ত কৰা হ’ব আৰু ইয়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

বাখ্যা-এই ধাৰাৰ বাবে

ক) “কোম্পানী”ৰ অৰ্থ হ’ল ব্যৱসায়ীক গোষ্ঠী বা যিকোনো প্ৰতিষ্ঠান বা ব্যক্তিবিশেষৰ সমষ্টি আৰু

খ) “সঞ্চালক” ৰ অৰ্থ হ’ল কোনো প্ৰতিষ্ঠান, কোনো প্ৰতিষ্ঠানৰ অংশিদাৰ।

৫৯) মোকৰ্দমাৰ বাবে পূৰ্বৱৰ্তী অনুমোদন

 

কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰৰ পূৰ্বৱৰ্তী অনুমোদন নোহোৱাকৈ ধাৰা ৫৫ আৰু ৫৬ ৰ অধীনত কোনো শাস্তিমূলক অপৰাধৰ মোকৰ্দমা ব্যৱ্স্থা ৰখা হোৱা নাই, বিষয়টো যেনে ধৰণেই নহওঁক বা এই বিষয়ক যিকোনো বিষয়াক কৰ্তৃত্ব প্ৰদান কৰা হয়, তেনে চৰকাৰৰ সাধাৰণ বা বিশেষ নিৰ্দেশ যোগে।

৬০) অপৰাধৰ পৰা অব্যাহতি দিয়া

 

তলত দিয়া সমূহে অভিযোগ কৰা কোনো অপৰাধক আদালতে এই আইনৰ অধীনত অব্যাহতি দিব নোৱাৰিব:

ক) ৰাষ্ট্ৰীয় কৰ্তৃত্ব, ৰাজ্যিক কৰ্তৃত্ব, কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, জিলা কৰ্তৃপক্ষ বা চৰকাৰী বা আন কৰ্তৃপক্ষৰ হৈ কৰ্তৃত্ব প্ৰদান কৰা বিষয়া।

খ)৩০দিনতকৈ অধিক সময় প্ৰদান কৰি যিকোনো ব্যক্তিক লৈ প্ৰদান কৰা জাননী য’ত তেওঁক দোষী বুলি কোৱা হৈছে আৰু তেওঁৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় কৰ্তৃত্ব, জিলা কৰ্তৃত্ব, ৰাজ্যিক কৰ্তৃত্ব, কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ বা যিকোনো কৰ্তৃপক্ষ বা কৰ্তৃত্বশীল বিষয়াই কৰ্তৃত্ব প্ৰদান কৰিছে।

 

অধ্যায় ১১ : বিবিধ

 

৬১) বৈষম্যৰ বিৰুদ্ধে নিষেধাজ্ঞা

 

দুৰ্যোগত বলি হোৱাসকলক ক্ষতিপূৰণ আৰু সাহাৰ্য্য প্ৰদানৰ ক্ষেত্ৰত লিংগ, জাতি, সম্প্ৰদায়, বংশ বা ধৰ্মৰ নামত বৈষম্য ৰাখিব নোৱাৰিব।

৬২) নিৰ্দেশনা জাৰি কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতা

 

আইনত এই সম্পৰ্কীয় কোনো ব্যৱস্থা নথকাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ভাৰত চৰকাৰৰ মন্ত্ৰালয় আৰু বিভাগসমূহ বা ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতি বা ৰাজ্য চৰকাৰ, ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সমিতি বা ইয়াৰ যিকোনো বিষয়া বা কৰ্মচাৰীলৈ দুৰ্যোগ ব্যৱস্থাপনাত সহায় সহযোগ কৰিবলৈ লিখিত নিৰ্দেশ জাৰি কৰিব পাৰিব আৰু এনে চৰকাৰী মন্ত্ৰালয় বা বিভাগ বা কৰ্তৃপক্ষ, কাৰ্য্যনিৰ্বাহক সমিতি, বিষয়া বা কৰ্মচাৰীসকলে এনে নিৰ্দেশ মানি চলিবলৈ বাধ্য থাকিব।

৬৩) উদ্ধাৰ অভিযানৰ উপলব্ধতাৰ বাবে ক্ষমতা

 

যিকোনো বিষয়া বা কেন্দ্ৰীয় বা ৰাজ্যৰ কৰ্তৃপক্ষক যেতিয়া ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতিয়ে যিকোনো ৰাজ্যিক কাৰ্য্য নিৰ্বাহক সমিতি বা জিলা কৰ্তৃপক্ষ বা এনে সমিতি বা কৰ্তৃপক্ষই কৰ্তৃত্ব প্ৰদান কৰা ব্যক্তিক দুৰ্যোগ প্ৰতিৰোধ বা উপশম বা উদ্ধাৰ বা সাহাৰ্য্য কামৰ বাবে অনুৰোধ কৰে তেতিয়া তেনে সমিতি বা কৰ্তৃপক্ষ বা ব্যক্তি বা উক্ত কামৰ বাবে উপলব্ধ হ’ব লাগিব।

৬৪) কিছুমান বিশেষ পৰিস্থিতিত বিধি প্ৰস্তুতি বা সংশোধন ইত্যাদি

 

এই আইনত থকা সুবিধাসমূহৰ যদিগে ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতি, ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সমিতি, জিলা কৰ্তৃপক্ষই কোনো বিধি, নিয়ম, অধ্যাদেশ, নিৰ্দেশনাৱলী, নিৰ্দেশনা, আদেশ, উপবিধিৰ আঁচনি আদিসমূহ দুৰ্যোগ প্ৰতিৰোধ বা উপশম আদিৰ বাবে প্ৰস্তুত কৰিব লাগে বা সলনি কৰাৰ প্ৰয়োজনীয়তা লাগে বুলি অনুভৱ কৰে। তেন্তে উক্ত বিধি, নিয়ম, অধ্যাদেশ, নিৰ্দেশনাৱলী, নিৰ্দেশনা, আদেশ, আদিসমূহ সৃষ্টি বা সলনি কৰাত যথোপযুক্ত বিভাগ বা কৰ্তৃপক্ষই প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব।

৬৫) উদ্ধাৰ অভিযানৰ বাবে সমল, সুবিধা, বাহন ইত্যাদিৰ অধিগ্ৰহণৰ ক্ষমতা

 

১) যদিহে প্ৰয়োজন হয় তেন্তে ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতি, ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সমিতি বা জিলা কৰ্তৃপক্ষ বা এইসমূহে কৰ্তৃত্ব প্ৰদান কৰা কোনো বিষয়াই তলত দিয়া সমূহ অধিগ্ৰহণ কৰিব পাৰিব।

ক) তৎকাল সঁহাৰিৰ বাবে কোনো কৰ্তৃপক্ষ বা ব্যক্তিৰ হাতত থকা যিকোনো সমল।

খ) উদ্ধাৰ অভিযানৰ বাবে প্ৰয়োজন হোৱা যিকোনো স্থান।

গ) সমল সামগ্ৰী দুৰ্যোগ প্ৰভাৱিত অঞ্চললৈ বা দুৰ্যোগ প্ৰভাৱিত অঞ্চলৰ পৰা বা উদ্ধাৰ, পুনৰসংস্থাপন বা পুনৰনিৰ্মাণ আদি কাৰ্য্যৰ বাবে প্ৰয়োজন হোৱা বা প্ৰয়োজন হ’ব পৰা যান-বাহন লিখিত আদেশযোগে অধিগ্ৰহণ কৰিব পাৰিব আৰু যিমান সময়ৰ বাবে লাগে সিমান সময়ৰ বাবে ইয়াক অধিগ্ৰহণ কৰি ৰাখিব পাৰিব।

২)যিকোনো সমল, স্থান বা যান-বাহন, যিসমূহ উপধাৰা ১ ৰ অধীনত অধিগ্ৰহণ কৰা হয়। সেইসমূহ যিমান দিনৰ বাবে প্ৰয়োজন হয় তাতকৈ অধিক দিনৰ বাবে উপধাৰাত উল্লেখিত থকাৰ দৰে অধিগ্ৰহণ কৰি থব লাগিব।

৩)এই ধাৰা

ক) “সমল”ত ব্যক্তি আৰু সামগ্ৰীৰ সমল।

খ) “সেৱাসমূহ” ত সুবিধাসমূহ

গ) “স্থান” অ অৰ্থ হ’ল ভূমি, গৃহ বা গৃহৰ অংশ আৰু বজাৰ বা যিকোনো ধৰণৰ গাঁঠনি।

ঘ) “যান-বাহন” ৰ অৰ্থ হ’ল যাতায়তৰ বাবে ব্যৱহাৰ কৰিব পৰা, যান্ত্ৰিক বা অযান্ত্ৰিক বাহন।

৬৬) ক্ষতিপূৰণৰ ধন প্ৰদান

 

১) ধাৰা ৬৫ ৰ উপধাৰা ১ ত থকা যিকোনো সমিতি, কৰ্তৃপক্ষ বা বিষয়াই উক্ত ধাৰাৰ অধীনত যিকোনো স্থান অধিগ্ৰহণ কৰে তাৰ বাবে সেই স্থানৰ স্বত্তাধিকাৰক তলত দিয়া অনুসৰি ক্ষতিপূৰণ প্ৰদান কৰিব লাগিব।

১)উক্ত স্থানৰ যথোপযুক্ত ভাড়া বা যদিহে ভাড়াত দিয়া ঠাই নহয় তেন্তে সেই অঞ্চলত একে ধৰণৰ স্থানৰ সমান ভাড়া প্ৰদান।

২)যদিহে অধিগ্ৰহণৰ সময়ছোৱাত স্বত্তাধিকাৰে তেওঁৰ আৱাস গৃহ বা ব্যৱসায়ৰ স্থান গ্ৰহণযোগ্য খৰছত দিব বিচাৰে তেন্তে তলত দিয়া ধৰণে মাচুল দিয়া হ’ব।

যদিহে কোনো ব্যক্তিয়ে ক্ষতিপূৰণ হিচাপে অধিক ধন বিচাৰে তেন্তে ৩০ দিনৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰলৈ বিষয়টো প্ৰেৰণ কৰিব লাগিব আৰু কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰি ক্ষতি পূৰণৰ ধন প্ৰদান কৰিব।

যদিহে ক্ষতিপূৰণ গ্ৰহণ বা প্ৰদান কৰাত বিতৰ্কৰ সৃষ্টি হয় বা ক্ষতিপূৰণৰ ধনৰ পৰিমাণ সম্পৰ্কে বিতৰ্ক হয় তেন্তে বিষয়টো যাৰ ক্ষেত্ৰত প্ৰযোজ্য হয় সেই হিচাপে কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰৰ হাতলৈ যাব আৰু এজন মধ্যস্থতাকাৰী নিয়োগ কৰি সেই বিষয়টো নিষ্পত্তি কৰা হ’ব।

২)ধাৰা ৫৬ ৰ উপধাৰা ১ অনুসৰি কোনো সমিতি, কৰ্তৃপক্ষ বা বিষয়াই যদি কোনো বাহন অধিগ্ৰহণ কৰে তেন্তে কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰে নিৰ্দিষ্ট কৰি দিয়া ক্ষতিপূৰণ স্বত্তাধিকাৰীক প্ৰদান কৰিব লাগিব। এই ক্ষেত্ৰত উক্ত অঞ্চলত থকা বাহনৰ ভাড়াৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰা হ’ব।

যদিহে বাহনৰ স্বত্তাধিকাৰে ক্ষতিপূৰণৰ পৰিমাণ সম্পৰ্কে সন্তুষ্ট নহয় তেন্তে নিৰ্দিষ্ট সময়ৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰলৈ আবেদন জনাব লাগিব আৰু এজন মধ্যস্থতাকাৰীৰ জৰিয়তে ক্ষতিপূৰণৰ পৰিমাণ নিৰ্ধাৰণ কৰি বিষয়টো নিষ্পত্তি কৰা হ’ব।

যদিহে অধিগ্ৰহণৰ সময়ছোৱাত বাহনৰ স্বত্তাধিকাৰে বাহনখন আনক বিক্ৰী কৰে বা প্ৰদান কৰে তেন্তে সেই ব্যক্তি আৰু বাহনৰ স্বত্তাধিকাৰৰ মাজত থকা চুক্তি অনুসৰি এজন মধ্যস্থতাকাৰীৰ যোগেৰে ক্ষতিপূৰণ প্ৰদান কৰা হ’ব।

৬৭) সতৰ্কতামূলক যোগাযোগৰ বাবে মধ্যৱৰ্ত্তী নিৰ্দেশনা

 

ৰাষ্ট্ৰীয় কৰ্তৃত্ব, ৰাজ্যিক কৰ্তৃত্ব বা জিলা কৰ্তৃপক্ষই চৰকাৰক কোনো কৰ্তৃপক্ষ বা ব্যক্তিক বিপদজনক দুৰ্যোগৰ পৰিস্থিতিত বা দুৰ্যোগৰ সময়ত কোনো শ্ৰব্য বা দৃশ্য শ্ৰব্যৰ মাধ্যম এনে আন যোগাযোগৰ ব্যৱস্থাৰে সতৰ্কতামূলক বা পৰামৰ্শমূলক প্ৰচাৰ চলোৱাৰ নিয়ন্ত্ৰণ প্ৰদান কৰিবলৈ অনুমোদন জনাব পাৰে আৰু এই যোগাযোগৰ ব্যৱ্স্থা আৰু মাধ্যমসমূহে কেনেদৰে কাম কৰিব তাৰ নিৰ্দেশনা প্ৰদান কৰিব পাৰে।

৬৮) আদেশ বা সিদ্ধান্তৰ সত্যসত্যতা

 

ৰাষ্ট্ৰীয় কৰ্তৃত্ব বা ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতি, ৰাজ্যিক কৰ্তৃত্ব বা ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সমিতি বা জিলা কৰ্তৃপক্ষৰ প্ৰতিটো আদেশ বা সিদ্ধান্ত ৰাষ্ট্ৰীয় কৰ্তৃত্ব বা ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতি বা ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সমিতি বা জিলা কৰ্তৃপক্ষৰ কোনো বিষয়াই সত্য প্ৰমাণিত কৰিব লাগিব আৰু এইসমূহৰ পৰা কৰ্তৃত্বপ্ৰাপ্ত হ’ব লাগিব।

৬৯) ক্ষমতা অৰ্পণ

 

এই আইনৰ অধীনত যদিহে প্ৰয়োজন বুলি ভবা হয় তেন্তে ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতি, ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সমিতিয়ে এখন সাধাৰণ বা বিশেষ লিখিত আদেশৰ যোগেৰে ইয়াৰ সভাপতি বা আন সদস্য বা যিকোনো বিষয়াক চৰ্ত আৰু সীমিতভাৱে আদেশ পত্ৰত নিৰ্দিষ্টকৈ উল্লেখ কৰি ক্ষমতা প্ৰদান কৰিব পাৰিব।

৭০) বাৰ্ষিক প্ৰতিবেদন

 

১) ৰাষ্ট্ৰীয় কৰ্তৃত্বই প্ৰতি বছৰে এক নিৰ্দিষ্ট সময় আৰু ধৰণেৰে এবাৰকৈ এখন বাৰ্ষিক প্ৰতিবেদন প্ৰকাশ কৰিব য’ত ইয়াৰ বিগত বছৰৰ কাম-কাজৰ সত্য আৰু সম্পূৰ্ণ হিচাপৰ তথ্য থাকিব আৰু ইয়াৰ প্ৰতিলিপি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব। কেন্দ্ৰীয় চৰকাৰে এই প্ৰতিলিপি পোৱাৰ এমাহৰ ভিতৰত দুইখন সদনতে এই প্ৰতিলিপি দাখিল কৰিব।

২) ৰাজ্যিক কৰ্তৃত্বইও প্ৰতি বছৰে এক নিৰ্দিষ্ট সময় আৰু ধৰণেৰে এবাৰকৈ এখন বাৰ্ষিক প্ৰতিবেদন প্ৰকাশ কৰিব য’ত ইয়াৰ বিগত বছৰৰ কাম-কাজৰ সত্য আৰু সম্পূৰ্ণ হিচাপৰ তথ্য থাকিব আৰু ইয়াৰ প্ৰতিলিপি ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিব। ৰাজ্য চৰকাৰে এই প্ৰতিলিপি বিধানসভাত দাখিল কৰিব।

৭১) ন্যায়ালয়ৰ বিচাৰ ব্যৱস্থাৰ সীমা

 

উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয়ৰ বাহিৰে আন কোনো ন্যায়ালয়ে এই আইনৰ অধীনত কেন্দ্ৰীয় চৰকাৰ, ৰাষ্ট্ৰীয় কৰ্তৃত্ব, ৰাজ্য চৰকাৰ, ৰাজ্যিক কৰ্তৃত্ব বা জিলা কৰ্তৃপক্ষই নিজৰ ক্ষমতা বা কাম-কাজসমূহৰ বাবে কৰা যিকোনো কাম, হাতত লোৱা ব্যৱস্থাসমূহ, প্ৰদান কৰা আদেশ, নিৰ্দেশ, নিৰ্দেশনা বা জাৰি কৰা নিৰ্দেশনাৱলী বিষয়ক কোনো বিচাৰ কৰাৰ ক্ষমতা নাথাকিব।

৭২) প্ৰভাৱৰ অভাইৰাইডিঙৰ বাবে আইন

 

এই আইনত থকা সুবিধাসমূহ, থকা প্ৰভাৱসমূহৰ মাজত যদিহে আন আইনৰ লগত সামঞ্জ্যসহীন বুলি কোনো সময়ত দেখা যায় বা যদিহে কোনো আইনক এই আইনৰ কোনো সামগ্ৰীয়ে প্ৰভাৱিত কৰে তেন্তে ইয়াক সংশোধনী কৰিব পৰা যাব পাৰে।

৭৩) ভাল বিশ্বাসসহ কাম কৰা

 

কেন্দ্ৰীয় চৰকাৰ বা ৰাষ্ট্ৰীয় কৰ্তৃত্ব বা ৰাজ্যিক কৰ্তৃত্ব বা ৰাজ্য চৰকাৰ বা জিলা কৰ্তৃপক্ষ বা স্থানীয় কৰ্তৃপক্ষই কোনো বিষয়া বা কোনো কৰ্মচাৰীৰ এই চৰকাৰ আৰু কৰ্তৃপক্ষৰ হৈ কাম কৰা কোনো ব্যক্তিয়ে ভাল বিশ্বাসসহ কাম কৰিব বুলি এনে কৰ্তৃপক্ষ আৰু চৰকাৰে ভাৱে আৰু তেনেদৰেই এই আইনৰ বিধি আৰু নীতি-নিয়মসমূহ প্ৰস্তুত কৰা হৈছে।

৭৪) বৈধ প্ৰক্ৰিয়াৰ পৰা নিৰাপত্তা

 

কেন্দ্ৰীয় চৰকাৰ, ৰাষ্ট্ৰীয় কৰ্তৃত্ব, ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতি, ৰাজ্য চৰকাৰ, ৰাজ্যিক কৰ্তৃত্ব, ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সমিতি বা জিলা কৰ্তৃপক্ষৰ বিষয়া আৰু কৰ্মচাৰীসকলক দুৰ্যোগ সম্পৰ্কীয় যোগাযোগত ব্যাহত কৰা বা তেওঁলোকৰ সামৰ্থ্যতাৰ ওপৰত বৈষম্যমূলক ব্যৱস্থা গ্ৰহণ কৰা বা আন কোনো ব্যৱস্থা গ্ৰহণ কৰা বা এওঁলোকে জাৰি কৰা যোগাযোগ বা বৈষম্যমূলক বিষয়ক নিৰ্দেশনাৰ বিৰুদ্ধে যিকোনো বৈধ প্ৰক্ৰিয়াৰ পৰা নিৰাপত্তা প্ৰদান কৰা হ’ব।

৭৫) নীতি প্ৰস্তুতিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ ক্ষমতা

 

১)এই আইনৰ উদ্দেশ্যসমূহ সফল কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজপত্ৰত অধিসূচনা জাৰি কৰি নীতিসমূহ প্ৰস্তুত কৰিব পাৰে।

(২) সাধাৰণ বা বিশেষ পূৰ্ব সংস্কাৰ অবিহনেই সদ্যপ্ৰাপ্ত ক্ষমতাৰে তলত উল্লেখিত সকলো বা যিকোনো বিষয়ক নীতি প্ৰস্তুত কৰিব পাৰিব-

ক)উপধাৰা ২ ৰ অধীনত ৰাষ্ট্ৰীয় কৰ্তৃত্বৰ গঠন আৰু ইয়াত থাকিব লগা সদস্যৰ সংখ্যা, কাৰ্য্যভাৰৰ সময় আৰু ৰাষ্ট্ৰীয় কৰ্তৃত্বৰ সদস্যসকলৰ সেৱাৰ চৰ্তসমূহ ধাৰা ৩ ৰ উপধাৰা ৪ ৰ অধীনত।

খ)ধাৰা ৭ ৰ উপধাৰা ২ ৰ অধীনত পৰামৰ্শদাতা সমিতিৰ সদ্যসক প্ৰদান কৰিব লগা ভাট্টাৰ পৰিমাণ।

গ) ধাৰা ৮ ৰ উপধাৰা ৩ ৰ অধীনত ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতিৰ অধ্যক্ষৰ ক্ষমতা আৰু কাম-কাজসমূহ আৰু ধাৰা ৮ ৰ উপধাৰা ৪ ৰ অধীনত ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতিয়ে ইয়াৰ ক্ষমতাৰ ব্যৱহাৰ আৰু কাম-কাজৰ দ্বায়িত্ব প্ৰদানত মানি চলিব লগা প্ৰক্ৰিয়াসমূহ।

ঘ)  ধাৰা ৯ ৰ উপধাৰা ৩ ৰ অধীনত ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতিয়ে গঠন কৰা উপসমিতিৰ লগত জড়িত ব্যক্তিক প্ৰদান কৰিব লগা ভাট্টাৰ পৰিমাণ

ঙ) উপধাৰা ২ ৰ অধীনত দুৰ্যোগ ব্যৱস্থাপনাৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ সদস্যৰ পৰিমাণ, উপধাৰা ৩ ৰ অধীনত কাৰ্য্যকালৰ সীমা আৰু সদস্যৰ খালী থকা পদসমূহ পূৰণ কৰাৰ বিধি আৰু ধাৰা ৪২ ৰ উপধাৰা ৪ ৰ অধীনত দুৰ্যোগ ব্যৱস্থাপনাৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ পৰিচালনা পৰিষদ গঠনৰ ধৰণ।

চ) ধাৰা ৪৪ ৰ উপধাৰা ২ ৰ অধীনত বল গঠনৰ ধৰণ, বলৰ সদস্যসকলৰ সেৱাৰ চৰ্তসমূহ, নিয়মানুৱৰ্ত্তিতাৰ ব্যৱস্থা আদি।

ছ) ধাৰা ৬০ ৰ অনুচ্ছেদ খ ৰ অধীনত অপৰাধ ধৰা পেলোৱাৰ ধৰণ আৰু ৰাষ্ট্ৰীয় কৰ্তৃত্ব, ৰাজ্যিক কৰ্তৃত্ব, কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ বা আন কৰ্তৃপক্ষ বা বিষয়ালৈ অভিযোগ কৰাৰ উদ্দেশ্যে।

জ)ধাৰা ৭০ ৰ অধীনত বাৰ্ষিক প্ৰতিবেদন প্ৰস্তুত কৰাৰ ধৰণ আৰু সময়।

ঝ)আন যিকোনো বিষয়, যিবোৰৰ বাবে নীতি প্ৰস্তুতৰ প্ৰয়োজনীয়তা আছে।

৭৬) প্ৰবিধান প্ৰস্তুতিৰ ক্ষমতা

 

১) কেন্দ্ৰীয় চৰকাৰৰ আগতীয়া অনুমোদন সাপেক্ষে দুৰ্যোগ ব্যৱস্থাপনাৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানে এই আইনৰ উদ্দেশ্যেসমূহৰ বাবে ৰাজপত্ৰত অধ্যাদেশ জাৰি কৰি প্ৰবিধান প্ৰস্তুত কৰিব পাৰে।

(২) সাধাৰণ বা বিশেষ পূৰ্ব সংস্কাৰ অবিহনেই সদ্যপ্ৰাপ্ত ক্ষমতাৰে তলত উল্লেখিত সকলো বা যিকোনো বিষয়ক প্ৰবিধান প্ৰস্তুত কৰিব পাৰিব-

ক)পৰিচালনা পৰিষদৰ লাভ কৰা বা আনক প্ৰদান কৰিব পৰা ক্ষমতা আৰু কাম-কাজসমূহ।

খ)ক্ষমতাৰ ব্যৱহাৰ আৰু কাম-কাজ প্ৰদান কৰাৰ ক্ষেত্ৰত পৰিচালনা পৰিষদে মানি চলিবলগীয়া প্ৰক্ৰিয়াসমূহ।

গ)এই আইনৰ সুবিধাৰ বাবে প্ৰবিধান প্ৰস্তুত কৰিবলগীয়া আন বিষয়সমূহ।

৭৭) ৰাজ্য সভাক দাখিল কৰিব লগা নীতি আৰু প্ৰবিধানসমূহ

 

এই আইনৰ অধীনত কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰা প্ৰতিটো নীতি আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানে প্ৰস্তুত কৰা প্ৰতিটো নীতি প্ৰস্তুত হোৱাৰ লগে লগেই দুয়োখন সদনতে প্ৰদান কৰিব লাগে, যেতিয়া সদনৰ কাম-কাজ চলি থাকে তেতিয়া সদনৰ কাম-কাজ শেষ হোৱাৰ পূৰ্বেই যাতে দুয়োখন সদনেই ইয়াৰ নীতি আৰু প্ৰবিধানসমূহৰ সাল-সলনি কৰিব পাৰে আৰু যিবোৰ বিষয়ত নীতি বা প্ৰবিধান প্ৰস্তুত কৰিব নালাগে আৰু কোনবোৰৰ কোনো প্ৰভাৱ নাই সেইসমূহ পৰামৰ্শ আগবঢ়াব পাৰে।

৭৮) নীতি প্ৰস্তুতিত ৰাজ্য চৰকাৰ ক্ষমতা

 

১) ৰাজ্য চৰকাৰে এই আইনৰ অধীনত নীতি প্ৰস্তুতিৰ বাবে ৰাজপত্ৰত অধ্যাদেশ জাৰি কৰিব পাৰে।

(২) সাধাৰণ বা বিশেষ পূৰ্ব সংস্কাৰ অবিহনেই সদ্যপ্ৰাপ্ত ক্ষমতাৰে তলত উল্লেখিত সকলো বা যিকোনো বিষয়ক নীতি প্ৰস্তুত কৰিব পাৰিব-

ক) উপধাৰা ২ ৰ অধীনত ৰাজ্যিক কৰ্তৃত্বৰ গঠনৰ ধৰণ আৰু থাকিব লগা সদস্যৰ সংখ্যা আৰু ধাৰা ১৪ ৰ উপধাৰা ৫ ৰ অধীনত কাৰ্য্যকালৰ সীমা আৰু ৰাজ্যিক কৰ্তৃত্বৰ সদস্যসকলৰ সেৱাৰ চৰ্তসমূহ

খ)ধাৰা ১৭ ৰ উপধাৰা ২ ৰ অধীনত পৰামৰ্শদাতা সমিতিৰ সদস্যক প্ৰদান কৰিব লগা ভাট্টাৰ পৰিমাণ।

গ) উপধাৰা ৩ ৰ অধীনত ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সমিতিৰ সভাপতিৰ ক্ষমতা আৰু কাম-কাজসমূহ আৰু ধাৰা ২০ ৰ উপধাৰা ৪ ৰ অধীনত ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সমিতিয়ে ক্ষমতাৰ ব্যৱহাৰ আৰু কাম-কাজ প্ৰদান কৰাৰ প্ৰক্ৰিয়া।

ঘ) ধাৰা ২১ ৰ উপধাৰা ৩ ৰ অধীনত ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সমিতিয়ে গঠন কৰা উপসমিতিত জড়িত ব্যক্তিক প্ৰদান কৰিব লগা ভাট্টাৰ পৰিমাণ।

ঙ)ধাৰা ২ ৰ অধীনত জিলা কৰ্তৃত্ব গঠনৰ ধৰণ আৰু সদস্যৰ সংখ্যা আৰু ধাৰা ২৫ ৰ উপধাৰা ৩ ৰ অধীনত জিলা কৰ্তৃপক্ষৰ মুখ্য কাৰ্য্যবাহী বিষয়াই ক্ষমতা আৰু কাম-কাজৰ ব্যৱহাৰ আৰু প্ৰদান।

চ)ধাৰা ২৮ ৰ উপধাৰা ৩ ৰ অধীনত জিলা কৰ্তৃপক্ষই গঠন কৰা কোনো সমিতিত জড়িত বিশেষজ্ঞ ব্যক্তিক প্ৰদান কৰিব লগা ভাট্টাৰ পৰিমাণ।

ছ) এই আইনৰ অধীনত নীতি প্ৰস্তুত কৰিব লগা আন বিষয়সমূহ।

৩)এই আইনৰ অধীনত ৰাজ্য চৰকাৰে প্ৰস্তুত কৰা প্ৰতিটো নীতি প্ৰস্তুত হোৱাৰ লগে লগে বিধানসভাত দাখিল কৰিব লাগিব।

৭৯) সমস্যাসমূহ আঁতৰ কৰাৰ ক্ষমতা

 

১)এই আইনখন কাৰ্য্যকৰীকৰণৰ ক্ষেত্ৰত যদি কিবা অসুবিধাৰ সৃষ্টি হয় তেন্তে কেন্দ্ৰীয় চৰকাৰেই হওঁক বা ৰাজ্য চৰকাৰেই হওঁক ৰাজপত্ৰত অধ্যাদেশ জাৰি কৰি ইয়াৰ অসুবিধাসমূহ আঁতৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব।

এই আইনখন বলবৎ হোৱাৰ দুবছৰ পিছত এনে আদেশ জাৰি কৰিব পৰা নাযাব।

২)এই ধাৰাৰ অধীনত প্ৰদান কৰা সকলো আদেশ ৰাজ্যসভা বা বিধানসভাত দাখিল কৰি লাগিব।

উত্স : টি.কে বিশ্বনাথ, সচিব, ভাৰত চৰকাৰ


শেহতীয়া উন্নীতকৰণ: : 3/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate