অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দুৰ্যোগ ব্যৱস্থাপনাৰ ৰাষ্ট্ৰীয় নীতি

দুৰ্যোগ ব্যৱস্থাপনাৰ ৰাষ্ট্ৰীয় নীতি

প্ৰস্তাৱনা

প্ৰসঙ্গ

.১.১ দুৰ্যোগে প্ৰগতিত বাধা জন্মায় আৰু কষ্ট কৰি উন্নয়নৰ বাবে কৰা চেষ্টাসমূহ ধ্বংস কৰে। সমগ্ৰ ৰাষ্ট্ৰখনতেই উন্নয়নৰ ক্ষেত্ৰত কেইবাটাও দশকলৈ পিছুৱাই নিয়ে। সেয়েহে ভাৰতৰ লগতে বাহিৰতো দুৰ্যোগ ব্যৱস্থাপনাৰ এক কাৰ্য্যকৰী ব্যৱস্থা সম্প্ৰতি গুৰুত্ব প্ৰদান কৰা হৈছে। ইয়াৰ ফলত দুৰ্যোগৰ গভীৰতা আৰু তৰংগ আদিৰ বিষয়ে অধিক তথ্য আৰু জ্ঞান লাভ কৰি দুৰ্যোগৰ ধ্বংসাত্মক ব্যৱস্থাটোৰ বিপৰীতে কাৰ্য্যকৰীভাৱে মুখামুখী হ’ব পৰাকৈ চৰকাৰে এটা ব্যৱস্থা গঢ়ি তুলি সমাজক ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিছে।

ভাৰতত দুৰ্যোগৰ আশংকাসমূহ

১.২.১ প্ৰাকৃতিক আৰু মানৱ সৃষ্ট দুৰ্যোগৰ ক্ষেত্ৰত ভাৰতবৰ্ষ অতিশয় দুৰ্বল। ভাৰতৰ প্ৰায় ৫৮.৬ শতাংশ ভূমি মধ্যমীয়াৰ পৰা অতি বেছি প্ৰাবল্যৰ ভূমিকম্পৰ সম্ভাৱনা থকা অঞ্চল। ৪০ নিযুত হেক্টৰ (১২ শতাংশ) ভূমি বানপানী আৰু খহনীয়াত পৰা অঞ্চল। ৭৫১৬ কিলোমিটাৰৰ উপকূলীয় অঞ্চলৰ প্ৰায় ৫৭০০ কিলোমিটাৰ অঞ্চল ঘূৰ্ণীবতাহ আৰু চুনামীৰ সম্ভাৱনা থকা অঞ্চল। খেতি কৰিব পৰা যোগ্য ভূমিৰ ৬৮ শতাংশ খৰাং আৰু খহনীয়া হ’ব পৰা পাহাৰীয়া অঞ্চল। ৰাসায়নিক, জৈৱিক, ৰেডিঅ’লজিকেল আৰু পাৰমাণৱিক দুৰ্যোগ হ’ব পৰা/জৰুৰীকালীন অৱস্থাৰ সৃষ্টি হ’ব পৰা সম্ভাৱনাও ভাৰতত আছে। জনসংখ্যাৰ বৃদ্ধি, নগৰীকৰণ, উদ্যোগীকৰণ, অতি বিপদজনক অঞ্চলত উন্নয়নৰ কাম-কাজ, পৰিৱেশৰ ক্ষতি সাধন আৰু জলবায়ুৰ পৰিৱৰ্তনেও দুৰ্যোগৰ আশংকাসমূহ বৃদ্ধি কৰে। (মেপ ১-৪)

১.২.২ দুৰ্যোগত মানুহৰ ক্ষতি হ’ব পৰাৰ বিষয়ে চাবলৈ গ’লে দেখা যায় যে সমাজৰ অৰ্থনৈতিক আৰু সামাজিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকসকল ভয়াৱহভাৱে প্ৰভাৱিত হয়। দুৰ্বল গোটসমূহ যেনে, বয়োজ্যেষ্ঠ লোক, মহিলা, শিশু আদিৰ ভিতৰত বিশেষকৈ মহিলাসকল নিঠৰুৱা আৰু শিশুসকল মাউৰা হৈ পৰে। যিসকল বাচি থাকিবলৈ সক্ষম হয় তেওঁলোকো অধিক আশংকাসহ জীয়াই থাকে।

দুৰ্যোগ ব্যৱস্থাপনাৰ ধৰণৰ পৰিৱৰ্তন

১.৩.১ ২০০৫ চনৰ ২৩ ডিচেম্বৰত ভাৰত চৰকাৰে এক পদক্ষেপ হাতত লৈ দুৰ্যোগ ব্যৱস্থাপনা আইন প্ৰণয়ন কৰে। এই আইনৰ অধীনত প্ৰধানমন্ত্ৰীৰ নেতৃত্বত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্ব, মূখ্যমন্ত্ৰীৰ নেতৃত্বত ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্ব আৰু উপায়ুক্তৰ নেতৃত্বত জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্ব গঠন কৰা হয়। যাতে দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে এক সংহত কাৰ্য্যসূচী গ্ৰহণ কৰিব পাৰে। দুৰ্যোগ ব্যৱস্থাপনাৰ ধৰণৰ পৰিৱৰ্তন কৰি কেৱল সাহাৰ্য্য প্ৰদান কেন্দ্ৰীক সঁহাৰিত আৱদ্ধ নাথাকি পূৰ্ব সক্ৰিয় কাৰ্য্যসূচী যেনে প্ৰতিৰোধ, উপশম কৰা আৰু আগতীয়া প্ৰস্তুতি ধৰণৰ ব্যৱস্থা হাতত লোৱা হৈছে যাতে বিকাশৰ গতি অব্যাহত ৰাখিব পাৰি আৰু মৃত্যুৰ সংখ্যা কমোৱাৰ লগতে মানৱ জীৱনৰ লগতে জীৱিকা আৰু সম্পত্তিৰ ক্ষতি যাতে কমাব পাৰি তাৰ ব্যৱস্থা লোৱা হয়।

মানচিত্ৰ ১

ভাৰতত ভূমিকম্পৰ অঞ্চলসমূহ

bhumikampa.jpg

 

অভিগমন আৰু উদ্দেশ্য

 


লক্ষ্য

.১.১ এটা স্বয়ংসম্পূৰ্ণ, সক্ৰিয়, একাধিক দুৰ্যোগত ব্যৱস্থা ল’ব পৰা আৰু প্ৰযুক্তিগতভাৱে পৰিচালিত কৌশলেৰে প্ৰতিৰোধৰ ব্যৱস্থা, নিৰাময়, আগতীয়াকৈ সাঁজু থকা আৰু সঁহাৰি যুক্ত দুৰ্যোগ ব্যৱস্থাপনা গঢ়ি তোলাটোৱেই ইয়াৰ লক্ষ্য।

দুৰ্যোগ ব্যৱস্থাপনা

২.২.১ ইয়াত দুৰ্যোগক আকস্মিক বিপত্তি, দূৰ্ঘটনা, বিপৰ্য্যয়ৰ লগতে প্ৰাকৃতিক আৰু মানৱ সৃষ্ট সকলোবোৰ কাৰকৰ বাবে ঘটা কিছুমান ঘটনা যিবোৰৰ প্ৰভাৱ মানুহে সহন কৰিব নোৱাৰে তাকে বুজোৱা হৈছে। দুৰ্যোগ ব্যৱস্থাপনা এটা অবিৰত ব্যৱস্থা আৰু ই পৰিকল্পনা, সংগঠিত কৰা, সমন্বয় আৰু কাৰ্য্যকৰী ব্যৱস্থাৰ লগত সংহত হৈ থাকে। এই ক্ষেত্ৰত অত্যাৱশ্যকীয় বিষয়বোৰ হ’ল:

দুৰ্যোগ বা দুৰ্যোগৰ আশংকাৰ প্ৰতিৰোধ।

কোনো দুৰ্যোগ উপশম কৰা বা আশংকা কমোৱা বা ইয়াৰ প্ৰাবল্যতা কম কৰা।

গৱেষণা আৰু জ্ঞানৰ ব্যৱস্থাপনাসহ দক্ষতা বৃদ্ধি।

কোনো এটা দুৰ্যোগৰ সৈতে মুখামুখী হ’বলৈ আগতীয়াকৈ সাঁজু হোৱা।

দুৰ্যোগ বা বিপদজনক দুৰ্যোগৰ পৰিস্থিতিত তৎকাল সঁহাৰি জনোৱা।

কোনো এটা দুৰ্যোগৰ প্ৰাৱল্যতা জোখা।

আতঁৰোৱা, উদ্ধাৰ কৰা আৰু সাহাৰ্য্য প্ৰদান।

পুনৰ সংস্থাপন আৰু পুনৰ নিৰ্মাণ।

২.২.২ এটা অবিৰত দুৰ্যোগ ব্যৱস্থাপনাত ৬ টা উপাদান থাকে। প্ৰাক দুৰ্যোগ স্তৰত প্ৰতিৰোধ, উপশম আৰু আগতীয়াকৈ সাঁজু হোৱা ব্যৱস্থা আৰু দুৰ্যোগোত্তৰ স্তৰত সঁহাৰি, পুনৰ সংস্থাপন, পুনৰনিৰ্মাণ আৰু পূৰ্বৰ অৱস্থালৈ ঘূৰাই অনা। এটা ন্যায়িক আৰু প্ৰতিষ্ঠানিক ব্যৱস্থাত এই সকলো উপাদান একেলগ কৰা থাকে। (ছবি ১)

DM.jpg

অভিগমন

২.৩.১ সকলো পৰ্য্যায়ত এটা কৌশলগত অংশিদ্বাৰিত্ব গঢ়ি তোলাত গুৰুত্ব প্ৰদান কৰি দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত সামগ্ৰিক আৰু সংহত অভিগমনৰ ব্যৱস্থাৰ লোৱা হৈছে। এই নীতিত গ্ৰহণ কৰা শীৰ্ষ বিষয়সমূহ হ’ল:

শেহতীয়া নীতি পৰিকল্পনা আৰু কাৰ্য্য ব্যৱস্থাৰে সৈতে ৰাজহুৱা ভিত্তিত দুৰ্যোগ ব্যৱস্থাপনা।

সকলো পৰ্য্যায়ৰে দক্ষতা বৃদ্ধি।

অতীতত লোৱা উদ্যমসমূহ আৰু ভাল অভ্যাসসমূহৰ সংহতকৰণ।

ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ অভিকৰণ আৰু সমন্বয় ৰক্ষা।

একাধিক স্তৰত যোগাযোগ।

উদ্দেশ্যসমূহ

২.৪.১ দুৰ্যোগ ব্যৱস্থাপনাৰ ৰাষ্ট্ৰীয় নীতিৰ উদ্দেশ্যসমূহ হ’ল: জ্ঞান, উদ্ভাৱন আৰু শিক্ষাৰ যোগেৰে সকলো পৰ্য্যায়ৰ লোকলৈ প্ৰতিৰোধ, আগতীয়া প্ৰস্তুতি, স্বাভাৱিক অৱস্থালৈ প্ৰত্যাৱৰ্তনৰ সংস্কৃতি প্ৰবৰ্ধন কৰা।

প্ৰযুক্তিগত, পৰম্পৰাগত পৰিৱেশগতভাৱে ধাৰণশীল ভিত্তিত উপশমৰ ব্যৱস্থাসমূহক উৎসাহিত কৰা।

উন্নয়ন পৰিকল্পনাৰ প্ৰক্ৰিয়াত মূলসূঁতিৰ দুৰ্যোগ ব্যৱস্থাপনা।

নিয়ামক পৰিৱেশ আৰু সকলোৰে গ্ৰহণযোগ্য শাসন ব্যৱস্থা এটা গঢ়ি তুলিবলৈ প্ৰতিষ্ঠানিক আৰু প্ৰযুক্তি-আইনী আন্তঃগাঁঠনি স্থাপন কৰা।

দুৰ্যোগৰ আশংকাসমূহ চিনাক্তকৰণ, নিৰ্ধাৰণ আৰু পৰ্য্যবেক্ষণৰ বাবে কাৰ্য্য পদ্ধতি এটা নিশ্চিত কৰা।

দ্ৰুত সঁহাৰি জনোৱা আৰু সুৰক্ষিত সমসাময়িক আগলি-বতৰা প্ৰদান আৰু আগতীয়াকৈ বিপদৰ জাননী প্ৰদান কৰা পদ্ধতি তথ্য প্ৰযুক্তিৰ সহায়ত প্ৰস্তুত কৰা।

সজাগতা সৃষ্টি আৰু দক্ষতা বৃদ্ধিৰ বাবে গণমাধ্যমসমূহৰ লগত এটা গঠনমূলক অংশিদ্বাৰিত্ব প্ৰবৰ্তন কৰা।

সমাজৰ দূৰ্বল শ্ৰেণীৰ লোকসকলৰ প্ৰয়োজনীয়তাসমূহৰ বাবে যত্ন প্ৰদানৰ গম্যতাসহ, সুদক্ষ সঁহাৰি আৰু সাহাৰ্য্য নিশ্চিত কৰা।

পুননিৰ্মাণৰ কামসমূহ দুৰ্যোগ ৰোধী গাঁঠনি প্ৰস্তুতিৰ এটা সুযোগ হিচাপে গ্ৰহণ কৰা আৰু জনবসতি অঞ্চলসমূহত সুৰক্ষা নিশ্চিত কৰা।

দুৰ্যোগ ব্যৱস্থাপনাত গণমাধ্যমৰ লগত গঠনমূলক আৰু সক্ৰিয় অংশিদ্বাৰিত্বৰ প্ৰবৰ্ধন।

প্ৰতিষ্ঠানিক আৰু ন্যায়িক ব্যৱস্থাসমূহ

দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫

৩.১.১ ৰাষ্ট্ৰীয়, ৰাজ্যিক, জিলা আৰু স্থানীয় পৰ্য্যায়ত প্ৰতিষ্ঠানিক, ন্যায়িক, বিত্তীয় আৰু সমন্বয় ব্যৱস্থাৰ আইন প্ৰস্তুত কৰা হৈছে। এই প্ৰতিষ্ঠানসমূহ সমান্তৰাল গাঁঠনিৰ নহয় আৰু এইসমূহে নিকট অনুভূতিৰে কাম কৰিব। এই নতুন প্ৰতিষ্ঠানিক আন্তঃগাঁঠনিৰ পৰা এইটো আশা কৰা হৈছে দুৰ্যোগ ব্যৱস্থাপনা সাহাৰ্য্য কেন্দ্ৰীক ধাৰণাটোৰ পৰা এক সক্ৰিয় শাসন ব্যৱস্থালৈ ঢাল খাব যিয়ে আগতীয়াকৈ সাঁজু হোৱা, প্ৰতিৰোধ আৰু উপশমৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিব।

দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত প্ৰতিষ্ঠানিক গাঁঠনি

ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্ব

৩.২.১ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্ব প্ৰধানমন্ত্ৰীৰ নেতৃত্বত দুৰ্যোগ ব্যৱস্থাপনাৰ এখন শীৰ্ষতম পৰিষদ আৰু এই পৰিষদৰ দায়িত্ব হ’ল দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে নীতি নিৰ্ধাৰণ, পৰিকল্পনা আৰু দিকদৰ্শন (আৰু এইবোৰৰ বলবৎ আৰু কাৰ্য্যকৰীকৰণৰ সমন্বয় ৰক্ষা কৰাত যাতে দুৰ্যোগৰ সময়ত সময়মতে আৰু কাৰ্য্যকৰী সঁহাৰি নিশ্চিত কৰিব পৰা যায়)। কেন্দ্ৰীয় মন্ত্ৰালয়সমূহৰ বিভাগসমূহ আৰু ৰাজ্যসমূহক তেওঁলোকৰ সংশ্লিষ্ট দুৰ্যোগ ব্যৱস্থাপনাৰ পৰিকল্পনা প্ৰস্তুত কৰা এই দিকদৰ্শনে সহায় কৰিব। এই পৰিষদে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা আৰু কেন্দ্ৰীয় মন্ত্ৰালয় আৰু বিভাগসমূহৰ দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনাসমূহ অনুমোদন জনাব। যদিহে প্ৰয়োজন বুলি ভাৱে তেন্তে এই পৰিষদে দুৰ্যোগ প্ৰতিৰোধ, উপশম, আগতীয়া প্ৰস্তুতি দক্ষতা বৃদ্ধি আদিবোৰ দুৰ্যোগৰ আশংকাৰ অৱস্থা বা দুৰ্যোগৰ সংকটৰ ব্যৱস্থা গ্ৰহণ কৰিব। কেন্দ্ৰীয় মন্ত্ৰালয়/বিভাগসমূহ আৰু ৰাজ্য চৰকাৰসমূহে এই পৰিষদলৈ প্ৰয়োজনীয় সহযোগিতা আৰু সহায় আগবঢ়াব। উপশম আৰু আগতীয়া প্ৰস্তুতি বিষয়ক কাম-কাজৰ বাবে প্ৰয়োজনীয় পুঁজিৰ আবেদন আৰু ইয়াৰ ব্যৱস্থা সম্পৰ্কীয় কথাবোৰো চোৱা-চিতা কৰিব। এই পৰিষদৰ সংশ্লিষ্ট বিভাগ বা কৰ্তৃপক্ষক জৰুৰীকালীনভাৱে দুৰ্যোগৰ আশংকা আৰু দুৰ্যোগৰ সময়ত উদ্ধাৰ আৰু সাহাৰ্য্য সামগ্ৰী ক্ৰয় কৰাৰ বাবে কৰ্তৃত্ব প্ৰদান কৰিব পাৰিব। এই পৰিষদে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বলক অধিক্ষতা, নিৰ্দেশনা আৰু নিয়ন্ত্ৰণ কৰিব। দুৰ্যোগ ব্যৱস্থাপনাৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্বই বান্ধি দিয়া নীতি নিৰ্দেশনাৰ আন্তঃগাঁঠনিৰ ভিতৰত কাম কৰিব।  

৩.২.২ মানৱ সৃষ্ট আৰু প্ৰাকৃতিক এই সকলো ধৰণৰ দুৰ্যোগৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই কাম কৰিব। আন জৰুৰীকালীন অৱস্থা যিবোৰত সুৰক্ষা বল জড়িত হয় যেনে, উগ্ৰপন্থী, আইন শৃংখলা পৰিস্থিতি, ক্ৰমান্বয়ে হোৱা বোমা বিস্ফোৰণ, অপহৰণ, উৰাজাহাজ দূৰ্ঘটনা, ৰাসায়নিক, জৈৱিক, ৰেডিঅ’লজিকেল আৰু পৰমাণু অস্ত্ৰ প্ৰক্ৰিয়া, খনি দূৰ্ঘটনা, উপকূলীয় অঞ্চলৰ জৰুৰীকালীন অৱস্থা, তৈল ক্ষেত্ৰ জুই, তেল বিয়পি পৰা আদিসমূহ ৰাষ্ট্ৰীয় সংকট ব্যৱস্থাপনা সমিতিয়ে ব্যৱস্থা ল’ব।

৩.২.৩ অৱশ্যে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্বই ৰাসায়নিক, জৈৱিক, ৰেডিঅ’লজিকেল আৰু পৰমাণুৰ লগত সম্পৰ্কীয় জৰুৰীকালীন অৱস্থাৰ বাবে নিৰ্দেশাৱলী প্ৰস্তুত কৰাৰ লগতে প্ৰশিক্ষণ আৰু আগতীয়া প্ৰস্তুতিৰ কাম-কাজসমূহ কৰিব পাৰে। ইয়াৰ ভিতৰত চিকিৎসাগত আগতীয়া প্ৰস্তুতি, মানসিক সামাজিক যত্ন আৰু দূৰ্ঘটনা, সমজুৱা ভিত্তিত আগতীয়া দুৰ্যোগৰ প্ৰস্তুতি, তথ্য আৰু যোগাযোগ প্ৰযুক্তি, প্ৰশিক্ষণ, আগতীয়া প্ৰস্তুতি, সজাগতা সৃষ্টি ইত্যাদিসমূহ সন্নিৱিষ্ট হয়। মানৱ সৃষ্ট আৰু প্ৰাকৃতিক দুৰ্যোগৰ সময়ত এই কৰ্তৃত্বই অংশিদাৰ হোৱাৰ লগতে সংশ্লিষ্টসকলক গুৰুত্ব প্ৰদান কৰে। এই কৰ্তৃত্বৰ সকলো স্তৰত উপলব্ধ সকলো সমল যিসমূহে জৰুৰীকালীন অৱস্থাত কাৰ্য্যকৰীভাৱে সহায় কৰিব পাৰে সেইসমূহ দুৰ্যোগৰ সময়ত দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে জড়িত মূল মন্ত্ৰালয়/অভিকৰণ সমূহলৈ উপলব্ধ কৰা হ’ব।

ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহী কমিটি

৩.২.৪ এই সমিতিত কেন্দ্ৰীয় গৃহ সচিব গৰাকী অধ্যক্ষ পদত থাকে আৰু ভাৰত চৰকাৰৰ কৃষি, আণৱিক শক্তি, প্ৰতিৰক্ষা, খোৱা-পানী যোগান, পৰিৱেশ আৰু বন, বিত্ত (ব্যয়), স্বাস্থ্য, শক্তি, গ্ৰাম্য উন্নয়ন, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, মহাকাশ, তাৰ বিভাগ, নগৰ উন্নয়ন, জল সম্পদ আদি বিভাগৰ সচিব আৰু সংহত সুৰক্ষাৰ মূল বিষয়া গৰাকী এই সমিতিৰ সদস্য হিচাপে থাকে। বৈদেশিক পৰিক্ৰমা, ভূ-বিজ্ঞান, মানৱ সম্পদ উন্নয়ন, খনি, জল পৰিবহণ, পথ পৰিবহণ আৰু ৰাজপথ আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্বৰ সচিবসকল এই সমিতিৰ সভাত বিশেষ নিমন্ত্ৰিত ব্যক্তি হিচাপে থাকে।

৩.২.৫ ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতিখন ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্বৰ কাৰ্য্যনিৰ্বাহক সমিতি আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্বৰ কামসমূহত সহায় আগবঢ়োৱাতো বাধ্যতামূলক হোৱাৰ লগতে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা নিৰ্দেশনাসমূহৰ মতে পৰিচালিত হোৱাতো নিশ্চিত কৰিব লাগিব। যিকোনো দুৰ্যোগৰ আশংকা বা দুৰ্যোগৰ সময়ত ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতিয়ে সঁহাৰিসমূহ সমন্বয় কৰিব লাগে। এই সমিতিয়ে দুৰ্যোগ ব্যৱস্থাপনাৰ ৰাষ্ট্ৰীয় নীতিৰ আধাৰত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনা প্ৰস্তুত কৰিব লাগে। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্বই জাৰি কৰা নিৰ্দেশাৱলীসমূহ কাৰ্য্যকৰীকৰণ হৈছেনে নাই সেইটো ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতিয়ে পৰ্য্যবেক্ষণ কৰিব লাগে। ইয়াৰ উপৰিও কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্বৰ সৈতে আলোচনা কৰি নিৰ্ধাৰিত কৰা আন কামসমূহো এই সমিতিয়ে কৰিব লাগে।

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্ব

৩.২.৬ ৰাজ্যিক পৰ্য্যায়ত মূখ্যমন্ত্ৰীৰ নেতৃত্বত ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্ব স্থাপন হয় আৰু ই ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনাৰ নীতি আৰু পৰিকল্পনাসমূহ প্ৰস্তুত কৰে। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্বৰ নিৰ্দেশনাৱলী অনুসৰি ৰাজ্যিক পৰিকল্পনা প্ৰস্তুত, ৰাজ্যিক পৰিকল্পনা কাৰ্য্যকৰীকৰণৰ সমন্বয়, উপশমৰ বাবে প্ৰয়োজনীয় পুঁজিৰ ব্যৱস্থা, আগতীয়া প্ৰস্তুতিমূলক ব্যৱস্থা আৰু বিভিন্ন বিভাগৰ উন্নয়ন পৰিকল্পনাসমূহৰ পৰ্য্যালোচনা এই কৰ্তৃত্বই কৰে যাতে প্ৰতিৰোধ, আগতীয়া প্ৰস্তুতি আৰু উপশমৰ ব্যৱস্থাসমূহৰ মাজত সমন্বয় ৰক্ষা হয়।

৩.২.৭ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্বৰ কাম-কাজসমূহো সহায় কৰিবলৈ ৰাজ্য চৰকাৰে এখন ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সমিতি গঠন কৰিব লাগে। এই সমিতিয়ে ৰাজ্যৰ মূখ্য সচিবে অধ্যক্ষ পদত থাকে আৰু ৰাষ্ট্ৰীয় নীতি, ৰাষ্ট্ৰীয় পৰিকল্পনা আৰু ৰাজ্যিক পৰিকল্পনাৰ কাম-কাজসমূহ পৰ্য্যবেক্ষণ আৰু সমন্বয় ৰক্ষা কৰে। এই সমিতিয়ে দুৰ্যোগ ব্যৱস্থাপনাৰ লগত জড়িত বিভিন্ন তথ্য ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনাৰ কৰ্তৃত্ব যোগান ধৰে।

জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্ব

৩.২.৮ জিলা উপায়ুক্তৰ অধ্যক্ষতাত আৰু স্থানীয় কৰ্তৃপক্ষৰ পৰা নিৰ্বাচিত এজন ব্যক্তিক উপ অধ্যক্ষ হিচাপে লৈ জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্ব গঠন কৰা হয়। জিলা পৰ্য্যায়ত দুৰ্যোগ ব্যৱস্থাপনাৰ পৰিকল্পনা, সমন্বয় আৰু কাৰ্য্যকৰীকৰণ কৰা একোটা গোট হিচাপে এই কৰ্তৃত্বই কাম কৰে আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্ব আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্বই নিৰ্ধাৰিত কৰি দিয়া নিৰ্দেশাৱলী অনুসৰি প্ৰয়োজনীয় ব্যৱস্থাসমূহ গ্ৰহণ কৰে। জিলাখনৰ বাবে জিলা দুৰ্যোগ ব্যৱস্থাপনাৰ পৰিকল্পনা প্ৰস্তুত কৰাৰ লগতে ৰাষ্ট্ৰীয় নীতি, ৰাজ্যিক নীতি, ৰাষ্ট্ৰীয় পৰিকল্পনা, ৰাজ্যিক পৰিকল্পনা আৰু জিলা পৰিকল্পনা কাৰ্য্যকৰীকৰণৰ পৰ্য্যবেক্ষণ কৰে। প্ৰতিৰোধ, উপশম, আগতীয়া প্ৰস্তুতি আৰু সঁহাৰিৰ ব্যৱস্থাসমূহৰ ওপৰত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্ব আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্বৰ নিৰ্দেশাৱলীসমূহ যাতে ৰাজ্য চৰকাৰৰ জিলা পৰ্য্যায়ত থকা সকলো বিভাগ আৰু স্থানীয় কৰ্তৃপক্ষই মানি চলে সেইটো নিশ্চিত কৰে।

স্থানীয় কৰ্তৃপক্ষ

৩.২.৯ এই নীতি অনুসৰি স্থানীয় কৰ্তৃপক্ষ যেনে, পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানসমূহ, পৌৰ সভা, জিলা পৰ্য্যায়ৰ বিভিন্ন পৰিষদ আৰু নগৰ পৰিকল্পনা কৰ্তৃপক্ষই সমাজলৈ আগবঢ়োৱা সেৱাসমূহ নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনা কৰে। দুৰ্যোগ ব্যৱস্থাপনা, সাহাৰ্য্য আগবঢ়োৱা, পুনৰসংস্থাপন আৰু পুনৰনিৰ্মাণ কাম-কাজ আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্ব, ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্ব আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্বৰ নিৰ্দেশাৱলী অনুসৰি দুৰ্যোগ ব্যৱস্থাপনাৰ পৰিকল্পনা প্ৰস্তুত কৰাত এই স্থানীয় কৰ্তৃপক্ষৰ বিষয়াসমূহৰ যাতে দক্ষতা বৃদ্ধি কৰিব পাৰি সেইটো নিশ্চিত কৰিব লাগে। ডাঙৰ চহৰসমূহত দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে বিশেষ প্ৰতিষ্ঠানিক আন্তঃগাঁঠনি প্ৰস্তুত কৰিব লাগে।

দুৰ্যোগ ব্যৱস্থাপনাৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান

৩.২.১০ দুৰ্যোগ ব্যৱস্থাপনাৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানে আন প্ৰতিষ্ঠানৰ অংশিদাৰিত্বত দক্ষতা বিকাশ কৰাতো ইয়াৰ এটা গুৰুত্বপূৰ্ণ দায়বদ্ধতা। ইয়াৰ উপৰিও এই প্ৰতিষ্ঠানে প্ৰশিক্ষণ, গৱেষণা আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ এটা তথ্য কোষ প্ৰস্তুত কৰাৰ দায়িত্বও থাকিব। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্বৰ নীতি আৰু নিৰ্দেশনাৰ ভিত্তিত এই প্ৰতিষ্ঠানে আন প্ৰতিষ্ঠানসমূহৰ লগত যোগসূত্ৰ ৰাখি কাম-কাজ কৰি যাব। এই প্ৰতিষ্ঠানে প্ৰশিক্ষক, দুৰ্যোগ ব্যৱস্থাপনাৰ বিষয়া আৰু আন জড়িত ব্যক্তিসকলৰ বাবে প্ৰশিক্ষণ আয়োজন কৰে। এই প্ৰতিষ্ঠানে দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত সৰ্বোৎকৃষ্ট কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠিত হৈছে।

ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বল

৩.২.১১ ভয়াৱহ দুৰ্যোগৰ পৰিস্থিতি বা মানৱ সৃষ্ট বা প্ৰাকৃতিক দুৰ্যোগ যেনে, ৰাসায়নিক, জৈৱিক, ৰেডিঅ’লজিকেল আৰু পাৰমাণৱিক যেনে ধৰণৰ দুৰ্যোগেই নহওঁক কিয় এই সকলোবোৰৰ ক্ষেত্ৰত বিশেষ সঁহাৰি জনাবলৈ এটা ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বল গঠন কৰাতো আইনে বাধ্যতামূলক কৰিছে। এই বলৰ সাধাৰণ অধীক্ষকতা, নিৰ্দেশনা আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনাৰ ওপৰত ন্যস্ত থাকিব আৰু ইয়াৰ নেতৃত্ব আৰু পৰ্য্যবেক্ষণ কৰিব কেন্দ্ৰীয় চৰকাৰৰ অসামৰিক প্ৰতিৰক্ষা বিভাগৰ সঞ্চালক প্ৰধান আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বল। বৰ্তমানে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বলত ৮ টা বেটেলিয়ন আছে আৰু ভৱিষ্যতে প্ৰয়োজন সাপেক্ষে ইয়াক বৃদ্ধি কৰা হ’ব। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বলৰ গোটসমূহৰ সংশ্লিষ্ট নিৰ্দিষ্ট ৰাজ্য চৰকাৰসমূহৰ লগত ওচৰ সম্পৰ্ক ৰক্ষা কৰি থাকে আৰু অতি গুৰুতৰ দুৰ্যোগ পূৰ্ণ অৱস্থাত এওঁলোক উপলব্ধ হয়। যি ক্ষেত্ৰত প্ৰাকৃতিক দুৰ্যোগৰ সময়ত দুৰ্যোগ সঁহাৰি বলৰ সকলো কেইটা বেটেলিয়েনে কাম কৰিব পাৰে, ৪ টা বেটেলিয়েনক ৰাসায়নিক, জৈৱিক, ৰেডিঅ’লজিকেল, পাৰমাণৱিক জৰুৰী অৱস্থাৰ বাবে বিশেষভাৱে সজ্জিত আৰু প্ৰশিক্ষিত কৰা হৈছে। সংশ্লিষ্ট অৰ্ধসামৰিক বাহিনীৰ প্ৰশিক্ষণ দিয়া কেন্দ্ৰসমূহতে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বলৰ বেটেলিয়েনক প্ৰশিক্ষণ প্ৰদান কৰা হ’ব আৰু ৰাজ্য চৰকাৰসমূহৰো দুৰ্যোগ সঁহাৰি প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা পূৰণ কৰা হ’ব। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বলৰ গোটসমূহে ৰাজ্য চৰকাৰসমূহে চিনাক্ত কৰা আন আন সম্পৰ্কীয় অনুষ্ঠান বা ব্যক্তিসকলক তেওঁলোকৰ সংশ্লিষ্ট স্থানত প্ৰাথমিক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব। পিছলৈ দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰশিক্ষকসকলৰ বাবে এখন ৰাষ্ট্ৰীয় একাডেমী স্থাপন কৰা হ’ব। আৰু ইয়াৰ জৰিয়তে এই সম্পৰ্কীয় ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহ পূৰণ কৰা হ’ব।

বিগত দশকটোৰ অভিজ্ঞতাৰ পৰা এইটো সত্য প্ৰমাণিত হৈছে যে কিছুমান বিশেষ সংকটপূৰ্ণ স্থান আৰু কিছুমান অতি উচ্চ প্ৰাবল্যৰ অঞ্চলত পূৰ্বৰ পৰাই অত্যাৱশ্যকীয় নিৱেশ সাঁজু থকাটো অতি প্ৰয়োজনীয়। এই নিৱেশসমূহে ৰাজ্যিক পৰ্য্যায়ৰ সমলসমূহৰ লগত মোকাবিলা কৰিব। উপশমৰ নিৱেশসমূহ, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বলৰ অধীনত থাকিব আৰু তেওঁলোকৰ জৰুৰীকালীন সঁহাৰিৰ দক্ষতা বৃদ্ধি কৰি দুৰ্যোগৰ সময়ত ৰাজ্য চৰকাৰসমূহক সহায় কৰিব।

ইতিমধ্যেই থকা প্ৰতিষ্ঠানিক বিন্যাসকৰণ

প্ৰাকৃতিক বিপৰ্য্যয়ৰ ব্যৱস্থাপনাৰ মন্ত্ৰীসভাৰ সমিতি আৰু সুৰক্ষাৰ মন্ত্ৰীসভাৰ সমিতি

৩.৩.১ প্ৰাকৃতিক বিপৰ্য্যয়ৰ ব্যৱস্থাপনাৰ মন্ত্ৰীসভাৰ সমিতিখনক প্ৰাকৃতিক বিপৰ্য্যয়ৰ লগত জড়িত সকলোবোৰ ব্যৱস্থাপনা চোৱা-চিতা কৰা, পৰিস্থিতি নিৰ্ধাৰণ কৰা, ইয়াৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ ল’ব লগা কাৰ্য্য ব্যৱস্থা অত্যাৱশ্যকীয় ব্যৱস্থা আৰু কাৰ্য্যসূচীসমূহ চিনাক্ত কৰা পৰ্য্যবেক্ষণ আৰু এনে ধৰণৰ বিপৰ্য্যয় প্ৰতিৰোধ কৰিবলৈ দীৰ্ঘম্যাদী ব্যৱস্থাৰ পৰামৰ্শ প্ৰদান, সমাজক পুনৰ পূৰ্বৰ অৱস্থালৈ ঘূৰাই আনিবলৈ প্ৰয়োজনীয় জনসচেতনতাৰ কাৰ্য্যসূচী প্ৰস্তুত আৰু অনুমোদন কৰাৰ বাবে গঠন কৰা হৈছে। সুৰক্ষাৰ মন্ত্ৰীসভাৰ সমিতিখনে দেশৰ সুৰক্ষাৰ লগত জড়িত বিষয়সমূহ, আইন শৃংখলা পৰিস্থিতি, আভ্যন্তৰীণ সুৰক্ষা, আভ্যন্তৰীণ বা বাহ্যিক সুৰক্ষাৰ প্ৰভাৱ পৰিব পৰা বৈদেশিক পৰিক্ৰমাৰ নীতিসমূহ আৰু ৰাষ্ট্ৰীয় সুৰক্ষাত প্ৰভাৱ পৰিব পৰা অৰ্থনৈতিক আৰু ৰাজনৈতিক বিষয়সমূহ চোৱাচিতা কৰে।

উচ্চ স্তৰীয় কমিটি

৩.৩.২ অতিশয় জটিল প্ৰাকৃতিক বিপৰ্য্যয়ৰ ক্ষেত্ৰত আন্তঃমন্ত্ৰালয়ৰ কেন্দ্ৰীয় দল একোটাক ৰাজ্যসমূহলৈ বিপৰ্য্যয়ৰ ফলত হোৱা ক্ষতিৰ পৰিমাণ আৰু প্ৰয়োজন হোৱা সাহাৰ্য্য ধনৰ পৰিমাণ নিৰ্ধাৰণ কৰিবলৈ পঠিওঁৱা হয়। এনে মন্ত্ৰালয়ৰ গোটক কেন্দ্ৰীয় চৰকাৰৰ গৃহ সচিবে নেতৃত্ব দিয়ে। কেন্দ্ৰীয় দলে ক্ষয়-ক্ষতিৰ পৰিমাণ নিৰ্ধাৰণ কৰে আৰু ৰাষ্ট্ৰীয় বিপৰ্য্যয় আকস্মিক পুঁজিৰ পৰা ৰাজ্যখনক কিমান পৰিমাণৰ ধন সাহাৰ্য্য হিচাপে আগবঢ়াব সেইটো অনুমোদন জনাই। খৰাং, ধুমুহা আৰু কীটপতংগৰ আক্ৰমণত হোৱা ক্ষয়-ক্ষতিৰ নিৰ্ধাৰণ কৰিবলৈ এনে দলৰ নেতৃত্ব প্ৰদান কৰে কৃষি আৰু সমবায় মন্ত্ৰালয়ৰ সচিবে। এই উচ্চ স্তৰীয় সমিতিত বিত্তমন্ত্ৰীয়ে অধ্যক্ষ হিচাপে থাকে আৰু গৃহমন্ত্ৰী, কৃষি মন্ত্ৰী আৰু পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ সদস্য হিচাপে থাকি আন্তঃমন্ত্ৰালয় কেন্দ্ৰীয় দলৰ অনুমোদন সাপেক্ষে ক্ষতিগ্ৰস্থ ৰাজ্যলৈ কেন্দ্ৰীয় অৰ্থ সাহাৰ্য্য আগবঢ়ায়। এই উচ্চ স্তৰীয় সমিতিৰ সংবিধান আৰু গঠন সময়ে-সময়ে সলনি হ’ব পাৰে। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্বৰ উপাধ্যক্ষ উচ্চ স্তৰীয় সমিতিৰ বিশেষ আমন্ত্ৰিত ব্যক্তি হয়।

কেন্দ্ৰীয় চৰকাৰ

৩.৩.৩ আইনত থকা বিধি অনুযায়ী দুৰ্যোগ ব্যৱস্থাপনা আৰু সকলো অভিকৰণৰ সমন্বয়ৰ বাবে কেন্দ্ৰীয় চৰকাৰে যদি প্ৰয়োজন হয় তেন্তে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। কেন্দ্ৰীয় মন্ত্ৰী আৰু বিভাগসমূহে ৰাজ্য চৰকাৰৰ বিভাগসমূহে বিচৰা প্ৰাক-দুৰ্যোগৰ প্ৰয়োজনীয়তাসমূহ আৰু দুৰ্যোগ প্ৰতিৰোধ আৰু উপশমৰ বাবে প্ৰয়োজনীয় ব্যৱস্থাৰ প্ৰয়োজনীয়তাসমূহৰ ওপৰত বিবেচনা কৰিব। উন্নয়নমূলক আঁচনি আৰু প্ৰকল্পসমূহত যাতে দুৰ্যোগ, প্ৰতিৰোধ আৰু উপশমৰ ব্যৱস্থা থাকে, প্ৰাক দুৰ্যোগ প্ৰয়োজনীয়তাৰ বাবে যাতে পৰ্য্যাপ্ত পৰিমাণৰ পুঁজি থাকে আৰু প্ৰয়োজনীয় আগতীয়া প্ৰস্তুতি ব্যৱস্থা আৰু দুৰ্যোগ আৰু দুৰ্যোগজনক পৰিস্থিতিত কাৰ্য্যকৰী সঁহাৰিৰ ব্যৱস্থা যাতে নিশ্চিতভাৱে থাকে তাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰালয়সমূহ আৰু বিভাগসমূহে সংহত ব্যৱস্থা গ্ৰহণ কৰিব। ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতি, ৰাজ্য চৰকাৰসমূহ, ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সমিতি বা এইসমূহৰ যিকোনো বিষয়া বা কৰ্মচাৰীক দুৰ্যোগ ব্যৱস্থাপনাত সহায় সহযোগ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশনা জাৰি কৰাৰ ক্ষমতা থাকিব আৰু এনে বিষয়া আৰু প্ৰতিষ্ঠানসমূহে উক্ত নিৰ্দেশনা মানি চলিবলৈ বাধ্য থাকিব। ৰাজ্য চৰকাৰসমূহে বিচৰা বা তেওঁলোকৰ বাবে যথোপযুক্ত বুলি ভবা ধৰণে কেন্দ্ৰীয় চৰকাৰে সহায় আৰু অৰ্থ সাহাৰ্য্য আগবঢ়াব। দুৰ্যোগ ব্যৱস্থাপনাত সহস্ত্ৰ বলক জড়িত কৰোৱাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কাৰ্য্যব্যৱস্থা হাতত ল’ব। দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰসংঘৰ অভিকৰণসমূহ আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহ আৰু বিদেশী ৰাষ্ট্ৰৰ চৰকাৰৰ লগত সমন্বয় ৰক্ষা কৰিব। বৈদেশিক পৰিক্ৰমাৰ মন্ত্ৰালয়ে বৈদেশিক সমন্বয়/সহযোগৰ বাবে এমএইছএ ৰ লগত সমন্বয় ৰক্ষা কৰিব।

কেন্দ্ৰীয় মন্ত্ৰালয় আৰু বিভাগসমূহৰ ভূমিকা

৩.৩.৪ যিহেতু দুৰ্যোগ ব্যৱস্থাপনা এটা বহুমুখী শৃংখলাৰ প্ৰক্ৰিয়া সেয়েহে সকলো কেন্দ্ৰীয় মন্ত্ৰালয় আৰু বিভাগসমূহৰ দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত মূখ্য ভূমিকা থাকে। মূল মন্ত্ৰালয়সমূহ আৰু ভাৰত চৰকাৰৰ বিভাগসমূহে তেওঁলোকলৈ নিৰ্দিষ্টভাৱে প্ৰদান কৰা (কৃষি, পাৰমাণৱিক শক্তি, অসামৰিক বিমান সেৱা, ভূমি বিজ্ঞান, পৰিৱেশ আৰু বন, গৃহ পৰিক্ৰমা, স্বাস্থ্য, খনি, ৰেল, মহাকাশ, জলসম্পদ ইত্যাদি)বিশেষ দুৰ্যোগ সমূহৰ বাবে কাম কৰিব।

ৰাষ্ট্ৰীয় সংকট ব্যৱস্থাপনা সমিতি

৩.৩.৫ ৰাষ্ট্ৰীয় সংকট ব্যৱস্থাপনা সমিতিখন ভাৰত চৰকাৰৰ উচ্চ পৰ্য্যায়ৰ বিষয়াৰে গঠিত হয় আৰু ইয়াৰ নেতৃত্ব লয় মন্ত্ৰীসভাৰ সচিবে। এই সমিতিয়ে গুৰুত্বপূৰ্ণ জটিল সংকটৰ সময়ত কাম কৰে। এই সমিতিখনক মুখ্য কেন্দ্ৰীয় মন্ত্ৰালয়ৰ সংকট ব্যৱস্থাপনা গোটে সাহাৰ্য্য আগবঢ়ায় আৰু যদি প্ৰয়োজন হয় তেন্তে ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতিয়ে সহায় কৰে। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা সচিব গৰাকী এই সমিতিৰ সদস্য হ’ব নোৱাৰে।

ৰাজ্য চৰকাৰ

৩.৩.৬ দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰাথমিক দায়বদ্ধতা ৰাজ্য চৰকাৰৰ। কেন্দ্ৰ, ৰাজ্য আৰু জিলা পৰ্য্যায়ত গঠন কৰা প্ৰতিষ্ঠানিক ব্যৱস্থাটোৱে অতি কাৰ্য্যকৰীভাৱে দুৰ্যোগ ব্যৱস্থাপনা আগবঢ়োৱাত ৰাজ্যক সহায় কৰে।

৩.৩.৭ এই আইনে ৰাজ্য চৰকাৰক দুৰ্যোগ ব্যৱস্থাপনাৰ পৰিকল্পনাৰ প্ৰস্তুতি, উন্নয়ন পৰিকল্পনা, দুৰ্যোগ প্ৰতিৰোধ আৰু উপশমৰ ব্যৱস্থাসমূহ সন্নিৱিষ্ট কৰা, পুঁজি আবন্তন, আগতীয়া বিপদ জাননীৰ স্থাপন, দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ আৰু আন অভিকৰণসমূহত সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত বাধ্যতামূলক কৰিছে।

জিলা প্ৰশাসন

৩.৩.৮ জিলা পৰ্য্যায়ত জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্বই দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে জিলা ভিত্তিক পৰিকল্পনা, সমন্বয় আৰু কাৰ্য্যকৰীকৰণৰ লগতে দুৰ্যোগ ব্যৱস্থাপনাৰ লগত জড়িত সকলোবোৰ বিষয় ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্ব আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্বৰ নিৰ্দেশাৱলী মতে জিলাখনত কাম কৰি যাব।

একাধিক ৰাজ্য প্ৰভাৱিত হোৱা দুৰ্যোগৰ ব্যৱস্থাপনা

৩.৩.৯ কোনো কোনো সময়ত এখন ৰাজ্যত হোৱা দুৰ্যোগৰ প্ৰভাৱ ওচৰৰ আন ৰাজ্যসমূহলৈও বিয়পি পৰিব পাৰে। একেদৰেই কিছুমান দুৰ্যোগ যেনে, বানপানী আদিৰ ক্ষেত্ৰত কেৱল এখন ৰাজ্যতে প্ৰতিৰোধমূলক ব্যৱস্থা লোৱা হয় যদিও ইয়াৰ প্ৰভাৱ আন ৰাজ্যসমূহতো পৰে। দেশৰ প্ৰশাসনিক ভেটি ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু জিলা পৰ্য্যায়লৈকে আছে। সেইবাবেই বৰ্তমানে কিছুমান দুৰ্যোগে একাধিক ৰাজ্যত প্ৰভাৱ পেলালে বিষয়টো সমস্যাযুক্ত হৈ পৰে। দুৰ্যোগৰ পূৰ্বে, দুৰ্যোগৰ সময়ত, দুৰ্যোগৰ পিছৰ এনে পৰিস্থিতিৰ ব্যৱস্থাপনাৰ বাবে সমন্বয়ৰ প্ৰয়োজন হয়। ইয়াৰ ফলত সাধাৰণভাৱে সঁহাৰি জনোৱাতকৈ এই ক্ষেত্ৰত কিছু পৃথক হয়। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্বই এনে পৰিস্থিতিসমূহ চিনাক্তকৰণ আৰু ইয়াৰ বাবে প্ৰয়োজন হোৱা কৌশল গ্ৰহণৰ বাবে প্ৰয়োজন হোৱা ৰাজ্য, কেন্দ্ৰীয় মন্ত্ৰালয়, বিভিন্ন বিভাগসমূহ আৰু সংশ্লিষ্ট আন অভিকৰণসমূহৰ মাজত সমন্বয়ৰ কৌশলৰ সহায়ক বুজাবুজিৰ চুক্তি প্ৰস্তুত কৰাত উৎসাহিত কৰে।

আন আন প্ৰয়োজনীয় প্ৰতিষ্ঠানিক প্ৰস্তুতি

সশস্ত্ৰ বাহিনী

৩.৪.১ ধাৰণাগতভাৱে যেতিয়া কোনো এটা পৰিস্থিতি অসামৰিক প্ৰশাসনৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় তেতিয়াহে সশস্ত্ৰ বাহিনীক সহায়ৰ বাবে মতা হয়। কিন্তু ব্যৱহাৰিকভাৱে চৰকাৰী সশস্ত্ৰ বাহিনীৰ চৰকাৰৰ ফালৰ পৰা আগবঢ়োৱা সঁহাৰিৰ এটা গুৰুত্বপূৰ্ণ অংশ লয় আৰু অতি জটিল দুৰ্যোগৰ পৰিস্থিতিত তৎকাল সঁহাৰি প্ৰদান কৰে। অতীততো তেওঁলোকে জৰুৰীকালীন অৱস্থাত দ্ৰুততৰ কাৰ্য্যকৰী সঁহাৰি জনায় আহিছে। ইয়াৰ ভিতৰত আছে যোগাযোগ ব্যৱ্স্থা, বিচাৰি উলিওৱা আৰু উদ্ধাৰ অভিযান, স্বাস্থ্য আৰু চিকিৎসাগত সাহাৰ্য্য আৰু বিশেষকৈ দুৰ্যোগৰ পিছত তৎকালীনভাৱে পৰিবহণৰ ব্যৱস্থা আগবঢ়োৱা। সশস্ত্ৰ বাহিনীৰ হেলিকপ্তাৰ বা আন ব্যৱস্থাৰে উদ্ধাৰ কাৰ্য্যত সহায় আগবঢ়োৱাটো উল্লেখযোগ্য। বিশেষকৈ আকাশ মাৰ্গৰ পৰা উদ্ধাৰ কাৰ্য্য, অতি উচ্চ স্থানৰ পৰা উদ্ধাৰ কাৰ্য্য, পানীৰ পৰা উদ্ধাৰ কাৰ্য্য আৰু উপ চিকিৎসা জাতীয় প্ৰশিক্ষণ আদি বিষয়ক প্ৰশিক্ষণ দুৰ্যোগ ব্যৱস্থাপনাৰ ব্যৱস্থাপক প্ৰশিক্ষাৰ্থীসকললৈ সশস্ত্ৰ বাহিনীয়ে আগবঢ়ায়। ৰাষ্ট্ৰীয় পৰ্য্যায়ত সংহত সুৰক্ষা কৰ্মচাৰীবৃন্দৰ মুখ্য বিষয়া আৰু অধ্যক্ষক ইতিমধ্যেই ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতিত অন্তৰ্ভূক্ত কৰা হৈছে। একেদৰেই ৰাজ্যিক পৰ্য্যায় আৰু জিলা পৰ্য্যায়ত সশস্ত্ৰ বাহিনীৰ স্থানীয় প্ৰতিনিধিক সংশ্লিষ্ট কাৰ্য্যনিৰ্বাহক সমিতিত অন্তৰ্ভূক্ত কৰিব পৰা যায় যাতে সমন্বয় অধিক উন্নত হয়।

কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনী

৩.৪.২ ৰাষ্ট্ৰৰ আন এটা সশস্ত্ৰ বাহিনী কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনীয়েও দুৰ্যোগৰ সময়ত তৎকালীন সঁহাৰি জনোৱাত এক মুখ্য ভূমিকা পালন কৰি আহিছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বলত অৰিহণা যোগোৱাৰ লগতে তেওঁলোকে নিজৰ বাহিনীৰ ভিতৰতে পৰ্য্যাপ্ত দুৰ্যোগ ব্যৱস্থাপনাৰ সামৰ্থ্যতা গঢ়ি তুলিছে আৰু তেওঁলোকক নিযুক্ত কৰা ঠাইত দুৰ্যোগ হ’লে তৎকাল সাহাৰ্য্য আগবঢ়ায় আহিছে। ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সমিতিত কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনীৰ স্থানীয় প্ৰতিনিধিক সদস্য হিচাপে সন্নিৱিষ্ট কৰিব পাৰি বা আমন্ত্ৰণ জনাব পাৰি।

ৰাজ্যিক আৰক্ষী বাহিনী আৰু অগ্নি নিৰ্বাপক সেৱা

৩.৪.৩ ৰাজ্যিক আৰক্ষী বাহিনী আৰু অগ্নি নিৰ্বাপক সেৱাই দুৰ্যোগত তৎকাল সঁহাৰি আগবঢ়োৱাত অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা আছে। আৰক্ষী বাহিনী আৰু অগ্নি নিৰ্বাপক বাহিনীক বিভিন্ন সংকটপূৰ্ণ অৱস্থাৰ পৰা উদ্ধাৰৰ যোগ্যতা অৰ্জন কৰিব পৰাকৈ প্ৰশিক্ষণ প্ৰদান কৰিব লাগে।

অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনী

৩.৪.৪ দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত এক কাৰ্য্যকৰী ভূমিকা ল’ব পৰাকৈ অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ নিৰ্দেশনাসমূহ পুনৰ নিৰ্দিষ্ট কৰিব লাগে। তেওঁলোকে ৰাইজক আগতীয়া প্ৰস্তুতি আৰু সচেতনতা সৃষ্টিৰ বাবে তেওঁলোকক ব্যৱহাৰ কৰিব লাগে। যিকোনো দুৰ্যোগৰ সময়ত স্বেচ্ছামূলকভাৱে কৰ্মস্থানত হাজিৰ হোৱা বিষয়টোত উৎসাহিত কৰিব লাগে।

ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী

৩.৪.৫ ৰাজ্যসমূহে নিজৰ ইতিমধ্যেই থকা সমলসমূহৰ পৰা এটা সঁহাৰিৰ যোগ্যতা সৃষ্টি কৰিবলৈ উৎসাহিত কৰা হয়। এটা বেটেলিয়েনৰ সমপক্ষ বাহিনী এটা এই সম্পৰ্কীয় প্ৰশিক্ষণ প্ৰদানেৰে ইয়াৰ আৰম্ভণি কৰিব পৰা যায়। এই বাহিনীত মহিলা আৰু শিশুৰ প্ৰয়োজনীয়তা সম্পৰ্কে চোৱাচিতা কৰিবলৈ মহিলা সদস্যও অন্তৰ্ভূক্ত কৰিব লাগে। ৰাজ্য চৰকাৰৰ এনে প্ৰচেষ্টাত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু তেওঁলোকৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানে সহায় কৰিব। ৰাজ্যসমূহে তেওঁলোকৰ সংশ্লিষ্ট আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় আৰু ৰাজপত্ৰিত আৰু অৰাজপত্ৰিত বিষয়াসমূহৰ বাবে বুনিয়াদী আৰু চাকৰিকালীন অৱস্থাত দুৰ্যোগ ব্যৱস্থাপনাত প্ৰশিক্ষণ প্ৰদানৰ ক্ষেত্ৰত উৎসাহিত কৰা হ’ব।

ৰাষ্ট্ৰীয় সামৰিক শিক্ষাৰ্থী বাহিনী, ৰাষ্ট্ৰীয় সেৱা আঁচনি আৰু নেহেৰু যুৱ কেন্দ্ৰ সংগঠনৰ ভূমিকা

৩.৪.৬ এই যুৱ সংগঠনসমূহক ভেটি কৰি যথেষ্ট কাম কৰাৰ সুবিধা আছে সেয়েহে এওঁলোকৰ কাৰ্য্যসূচীৰ ভিতৰত সমাজৰ লগত জড়িত সকলো উদ্যমৰ সহায় কৰা আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰশিক্ষণ সন্নিৱিষ্ট কৰিব লাগে।

আন্তঃৰাষ্ট্ৰীয় সহযোগ

৩.৫.১ দুৰ্যোগে ভৌগোলিক সীমা নামানে। কিছুমান ডাঙৰ দুৰ্যোগে একেলগে কেইবাখনো ৰাষ্ট্ৰৰ ক্ষতি কৰে। সেইবাবেই দুৰ্যোগ ব্যৱস্থাপনাৰ সকলো পৰ্য্যায়ত আন্তঃৰাষ্ট্ৰীয় সহায়-সহযোগ আৰু সমন্বয়ৰ ব্যৱস্থা এটা ৰাষ্ট্ৰই গঢ়ি তুলিব লাগে।

বিত্তীয় ব্যৱস্থাসমূহ

অভিগমন

৪.১.১ দুৰ্যোগ ব্যৱস্থাপনাত কেৱল সাহাৰ্য্য প্ৰদানকেন্দ্ৰীক অভিগমনৰ পৰা প্ৰতিৰোধ, আগতীয়া প্ৰস্তুতি, উপশম আদি সকলো সন্নিৱিষ্ট কৰি মূলসুঁতিৰ প্ৰতিৰোধ আৰু উপশমৰ ব্যৱস্থাসমূহ সংশ্লিষ্ট সকলো ধৰণৰ পক্ষৰ দ্বাৰা উন্নয়নৰ পৰিকল্পনা আৰু কাৰ্য্যসূচীসমূহত সন্নিৱিষ্ট কৰিব লাগে।

উন্নয়নৰ পৰিকল্পনাত দুৰ্যোগ ব্যৱস্থাপনা সন্নিৱিষ্ট থাকিব লাগে

৪.২.১ উন্নয়নৰ কাৰ্য্যসূচীত সকলোবোৰ নতুন আৰু পুৰণি কাৰ্য্যসূচী আৰু প্ৰকল্পত দুৰ্যোগ প্ৰতিৰোধৰ আৰ্হি আৰু নিৰ্মাণ কাৰ্য্য ব্যৱহাৰ কৰি মূলসুঁতিৰ দুৰ্যোগৰ আশংকা হ্ৰাস কৰিবলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্বই নিশ্চয়তা গ্ৰহণ কৰিব। সমলৰ আবন্তন দিয়াৰ পূৰ্বে পৰিকল্পনা আয়োগে এই কাৰকসমূহ পৰ্য্যবেক্ষণ কৰিব।

ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি আৰু উপশম পুঁজি

৪.৩.১ আইনৰ বাধ্যতামূলক হিচাপে এটা ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজি গঠন কৰিব পৰা যায়। এই ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজিটো ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতিয়ে জৰুৰীকালীন সঁহাৰি, সাহাৰ্য্য আৰু পুনৰসংস্থাপন আদিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে বান্ধি দিয়া নীতি অনুসৰি ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্বৰ লগত আলোচনা কৰি খৰছ কৰিব পাৰিব। ৰাষ্ট্ৰীয় বিপৰ্য্যয় আকস্মিক পুঁজিৰ লগত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজি একেলগ কৰাৰ প্ৰস্তাৱ সম্পৰ্কে বিত্ত আয়োগে সময়ে সময়ে অনুমোদন জনাব।

৪.৩.২ একেদৰেই আঁচনিয়ে বাধ্যতামূলক কৰাৰ দৰে কেৱল উপশমৰ প্ৰকল্পৰ বাবে ৰাষ্ট্ৰীয় বিপৰ্য্যয় উপশম পুঁজি গঠন কৰিব পৰা যায়। ৰাষ্ট্ৰীয় বিপৰ্য্যয় উপশম পুঁজি ৰাষ্ট্ৰীয় বিপৰ্য্যয় ব্যৱস্থাপনা কৰ্তৃত্বই পৰিচালনা কৰিব আৰু বিত্তীয় আয়োগে সময়ে সময়ে অনুমোদন জনাব।

কেন্দ্ৰীয় মন্ত্ৰালয় আৰু বিভাগসমূহৰ দায়বদ্ধতা

৪.৪.১ সকলো কেন্দ্ৰীয় মন্ত্ৰালয় আৰু বিভাগসমূহে পৰিকল্পনাত সহায়ক হোৱাকৈ বিত্তীয় প্ৰক্ষেপণসহ তেওঁলোকৰ দুৰ্যোগ ব্যৱস্থাপনাৰ পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব। প্ৰয়োজনীয় বাজেটৰ আবন্তন ৫ বছৰীয়া আৰু বাৰ্ষিক পৰিকল্পনা অনুসৰি ব্যৱস্থা কৰা হ’ব।

ৰাজ্যিক আৰু জিলাভিত্তিক ব্যৱস্থাসমূহ

৪.৪.২ ৰাজ্যিক আৰু জিলা পৰ্য্যায়ত দুৰ্যোগ, উপশম আৰু সঁহাৰি পুঁজি গঠন কৰাতো ৰাজ্য চৰকাৰৰ দায়বদ্ধতা। আইনত থকা বিধি অনুসৰি এই পুঁজিৰ বাবে আবেদন কৰাৰ নিয়মসমূহ প্ৰস্তুত কৰা হ’ব।

উপশম প্ৰকল্পসমূহ

৪.৪.৩ বিভিন্ন দুৰ্যোগৰ উপশম প্ৰকল্পৰ প্ৰাথমিক পৰিকল্পনা ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু জিলা পৰ্য্যায়ত প্ৰস্তুত কৰিব লাগে। কাৰ্য্যকৰীকৰণৰ বাবে উপশম প্ৰকল্পসমূহ কেন্দ্ৰীয় মন্ত্ৰালয় আৰু বিভাগসমূহৰ লগতে ৰাজ্য চৰকাৰসমূহেও চিনাক্ত কৰিব। ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ উপশম প্ৰকল্পসমূহ যথাযথভাৱে অগ্ৰাধিকাৰ প্ৰদান কৰা হ’ব আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্বৰ সৈতে আলোচনা মৰ্মে অনুমোদন কৰা হ’ব।

বিত্ত-প্ৰযুক্তি শাসন ব্যৱস্থা

.৫.১ উদ্ধাৰ, সাহাৰ্য্য, পুনৰসংস্থাপন আৰু পুনৰ্নিমাণৰ প্ৰয়োজনীয়তাৰ বাবে চৰকাৰে আগবঢ়োৱা অৰ্থসাহাৰ্য্য দুৰ্যোগত অতি বেছি ক্ষতি হোৱাসকলক পৰ্য্যাপ্ত ক্ষতিপূৰণ দিব পৰা নাযায় সেয়েহে আন বিত্তীয় আহিলা যেনে, আশংকাযুক্ত বিত্ত সাহাৰ্য্য, আশংকাযুক্ত বীমা, বণ্ড, ক্ষুদ্ৰ অৰ্থ সাহাৰ্য্য আদিসমূহ ক্ষতিগ্ৰস্থ হোৱা ব্যক্তিবিশেষ, সম্প্ৰদায় আৰু বাণিজ্যিক খণ্ডসমূহলৈ আগবঢ়োৱাত প্ৰবৰ্ধন কৰা হ’ব। এই ক্ষেত্ৰত পাব্লিক লায়েবিলিটী ইন্সুৰেঞ্চ এক্ট, ১৯৯১ ৰ অধীনত থকা পৰিৱেশ সাহাৰ্য্য পুঁজিৰ পৰা ৰাসায়নিক দূৰ্ঘটনাৰ বলিসকললৈ সাহাৰ্য্য আগবঢ়াব পৰা যায়। আন কিছুমান বিত্তীয় ব্যৱস্থা যেনে, দুৰ্যোগ আশংকাযুক্ত বীমা, ক্ষুদ্ৰ অৰ্থ সাহাৰ্য্য, ক্ষুদ্ৰ বীমা, নতুনকৈ সঁজা ঘৰৰ ৱাৰেন্টি আৰু গৃহ ঋণৰ লগত নিৰাপদ নিৰ্মাণ আৰু আন্তঃগাঁঠনিৰ নিৰ্মাণসমূহ জড়িত কৰিব পৰা যায়।

দুৰ্যোগ প্ৰতিৰোধ, উপশম আৰু আগতীয়া প্ৰস্তুতি

দুৰ্যোগ প্ৰতিৰোধ আৰু উপশম

৫.১.১ মানৱ সৃষ্ট দুৰ্যোগ, বানপানী, ভূমিকম্প, ঘূৰ্ণী বতাহ আদিৰ দৰে প্ৰাকৃতিক বিপৰ্য্যয়সমূহ আতঁৰাব পৰা নাযায়। তথাপিও সম্ভাব্য আশংকাযুক্ত অঞ্চলসমূহত যথোপযুক্ত উন্নয়নৰ পৰিকল্পনাসহ উপশমৰ ব্যৱস্থা গ্ৰহণ কৰিলে দুৰ্যোগ কিছু পৰিমাণে প্ৰতিৰোধ কৰিব পৰা যায়। উপশমৰ বাবে তলত দিয়া ব্যৱস্থাসমূহ গ্ৰহণ কৰা প্ৰয়োজন:

সকলো উন্নয়ন প্ৰকল্পত উপশমৰ ব্যৱ্স্থা গঢ়ি তোলা।

উচ্চ অগ্ৰাধিকাৰ থকা অঞ্চলসমূহত কেন্দ্ৰীয় মন্ত্ৰালয় আৰু বিভাগসমূহৰ লগতে সংশ্লিষ্ট ৰাজ্যৰ সহায়ত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্বই ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ উপশম প্ৰকল্প আৰম্ভ কৰা।

নিৰ্দেশাৱলী অনুসৰি ৰাজ্যিক পৰ্য্যায়ৰ উপশম প্ৰকল্পসমূহক উৎসাহিত আৰু সহায় কৰা।

পৰম্পৰাগত আন্তঃগাঁঠনিৰ সুৰক্ষাৰ বাবে বিভিন্ন ৰাজ্যত দুৰ্যোগ সম্পৰ্কে থকা স্থানীয় জ্ঞান আৰু ইয়াৰ লগত সহবাস কৰাৰ কৌশলসমূহক অগ্ৰাধিকাৰ প্ৰদান কৰিব লাগে।

আশংকা নিৰ্ধাৰণ আৰু ক্ষতি হ’ব পৰা অঞ্চলৰ মানচিত্ৰ তৈয়াৰ

৫.১.২ ভৌগোলিক তথ্য পদ্ধতিৰ সহায়ত বিপদজনক অঞ্চলসমূহ, মানচিত্ৰ প্ৰস্তুত আৰু দুৰ্বল অঞ্চলসমূহৰ বিশ্লেষণ কৰি তথ্য কোষ প্ৰস্তুত কৰিব পৰা যায় যেনে, জৰুৰীকালীন ব্যৱস্থাপনাৰ ৰাষ্ট্ৰীয় তথ্য আৰু ৰাষ্ট্ৰীয় ব্যাপনস্থল তথ্য আন্তঃগাঁঠনি। দুৰ্যোগৰ দুৰ্বল অঞ্চলসমূহৰ বাবে পদক্ষেপ লোৱাৰ আগতে কেন্দ্ৰীয় মন্ত্ৰালয় আৰু বিভাগসমূহ, ৰাষ্ট্ৰীয় অভিকৰণসমূহ, বিভিন্ন প্ৰতিষ্ঠান আৰু ৰাজ্যিক আৰু জিলা পৰ্য্যায়ৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই সকলোবোৰ দুৰ্যোগ সম্ভৱনাপূৰ্ণ অঞ্চলৰ আশংকা আৰু হ’ব পৰা ক্ষতিৰ নিৰ্ধাৰণ কৰিব লাগে। বিপদজনক অঞ্চলৰ মানচিত্ৰ প্ৰস্তুত আৰু ক্ষতিগ্ৰস্ত হ’ব পৰাৰ বিশ্লেষণ ভৌগোলিক তথ্য পদ্ধতি আৰু দূৰ সংবেদনশীল তথ্যৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰিব পাৰি আৰু এইবোৰ যাতে ভূ-পৃষ্ঠত পৰীক্ষা কৰিব পৰা যায় সেইটো বাধ্যতামূলক কৰিব লাগে। ৰাসায়নিক দূৰ্ঘটনা সম্ভৱনাপূৰ্ণ জিলাসমূহত বিপৰ্য্যয় আৰু ইয়াৰ পৰৱৰ্তী মানচিত্ৰসমূহ ভৌগোলিক তথ্য পদ্ধতিৰ সহায়ত প্ৰস্তুত কৰিব লাগে।

৫.১.৩ ভৌগোলিক তথ্য পদ্ধতি, দূৰ সংবেদনশীল আৰু গোলকীয় স্থানাঙ্কৰ পদ্ধতিত দুৰ্যোগ ব্যৱস্থাপনাত অধিক ব্যৱহাৰ কৰাৰ ফলত এই তথ্যসমূহ বিনিময় কৰিবলৈ নিৰ্দিষ্ট বৈদ্যুতিন গৃহৰ প্ৰয়োজন হ’ব। ৰাষ্ট্ৰীয় ব্যাপনস্থল তথ্য আন্তঃগাঁঠনি ভাৰতীয় জৰীপ বিভাগে স্থাপন কৰিছে আৰু ইয়াৰ দ্বাৰা সংগ্ৰহ, প্ৰতিবেদন, বিশ্লেষণ কৰি প্ৰস্তুত কৰা মূল্য সংযোজিত মানচিত্ৰসমূহ দুৰ্যোগ ব্যৱস্থাপনাৰ লগত জড়িত বিভিন্ন অভিকৰণৰ বাবে উপলব্ধ কৰা হৈছে। এইসমূহ প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা, উদ্যোগিক প্ৰয়োগ আদিতো ব্যৱহৃত হৈছে। ৰাষ্ট্ৰীয় ব্যাপনস্থল তথ্য আন্তঃগাঁঠনিয়ে কাৰ্য্যকৰী নীতি বিশ্লেষণৰ বাবে তথ্যসমূহ বিনিময় কৰাৰ প্ৰয়োজন আছে। ৰাষ্ট্ৰীয় ব্যাপনস্থল তথ্য আন্তঃগাঁঠনি আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ জৰুৰীকালীন, যোগাযোগ ব্যৱস্থাই সহজ আৰু তৎকাল তথ্য বিনিময়ৰ এখন নীতিৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে। এই কাৰ্য্যসূচীৰ জড়িয়তে ৰাষ্ট্ৰীয় দুৰ্যোগ জৰুৰীকালীন ব্যৱস্থাপনাৰ অধীনত ব্যাপনস্থল আৰু অব্যাপনস্থল তথ্যসমূহ থাকিব আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে প্ৰয়োজন হোৱা এই তথ্যসমূহ ৰাষ্ট্ৰীয় ব্যাপনস্থল তথ্য আন্তঃগাঁঠনিয়ে প্ৰদান কৰিব।

নগৰ অঞ্চলত দুৰ্যোগ হোৱাৰ প্ৰৱণতা বৃদ্ধি

৫.১.৪ নগৰ অঞ্চলত অতি লক্ষণীয়ভাৱে বিভিন্ন ফালৰ পৰা দুৰ্যোগৰ ফলত হোৱা ক্ষতিৰ তীব্ৰতা অতি বেছি আৰু কাৰ্য্যকৰী দুৰ্যোগ ব্যৱস্থাপনাৰ পৰিকল্পনাৰ প্ৰয়োজনীয়তা আছে। এনে ধৰণৰ দুৰ্যোগসমূহ ভয়াৱহভাৱে বৃদ্ধি পাবলৈ ধৰিছে। নগৰাঞ্চলত বিচৰা আৰু উদ্ধাৰ ব্যৱস্থাটো বিশেষ প্ৰশিক্ষণৰ প্ৰয়োজনীয়তা আছে। অপৰিকল্পিতভাৱে গঢ় লৈ উঠা নগৰীকৰণ আৰু সকলো ধৰণৰ দুৰ্যোগৰ পৰা মানুহৰ বাসস্থানসমূহ সুৰক্ষিত কৰাটোক অগ্ৰাধিকাৰ দি এখন কাৰ্য্যকৰী আঁচনি প্ৰস্তুত কৰাৰ প্ৰয়োজনীয়তা আছে। ৰাজ্য চৰকাৰসমূহে নগৰ অঞ্চলৰ নলা-নৰ্দমাৰ প্ৰক্ৰিয়াটো উন্নত কৰাত অগ্ৰাধিকাৰ প্ৰদান কৰিব লাগে আৰু প্ৰাকৃতিক নলা-নৰ্দমাসমূহ যাতে বাধাগ্ৰস্থ নহয় সেইটোত বিশেষভাৱে লক্ষ্য ৰাখিব লাগে। ব্যাপনস্থলৰ গাঢ়তাৰ আন্তঃগাঁঠনিসহ নগৰাঞ্চলৰ মানচিত্ৰ প্ৰস্তুত কৰিব লাগে আৰু ইয়াৰ ভিত্তিত সিদ্ধান্ত সহায়ক পদ্ধতিৰে নগৰীয়া অঞ্চলৰ বিপদসমূহৰ ব্যৱ্স্থা কৰিব লাগে।

জটিল আন্তঃগাঁঠনি

৫.১.৫ জটিল আন্তঃগাঁঠনি যেনে, বান্ধ, পথ, দলং, উৰণীয়া সেঁতু, ৰেলপথ, বৈদ্যুতিক শক্তিৰ আস্থান, পানী জমা ৰখা ভাণ্ডাৰ, জলসিঞ্চনৰ নলা, বিতৰণৰ ব্যৱস্থা, নদীৰ মথাউৰি আৰু জনসাধাৰণৰ ব্যৱহাৰযোগ্য ব্যৱস্থাসমূহ সুৰক্ষিত মানদণ্ডৰ বিষয়ে অবিৰতভাৱে পৰ্য্যবেক্ষণ কৰা আৰু য’তেই এইবোৰৰ অলপ হীন বা অৱনতি দেখা যায় তেতিয়াই শক্তিশালী কৰি তোলাটো অতি গুৰুত্বপূৰ্ণ। এইবোৰৰ নিৰ্মাণৰ সময়ত সকলোবোৰ আন্তঃগাঁঠনিৰ মানদণ্ড মানি চলিব লাগে আৰু সংশ্লিষ্ট বিভাগ আৰু কৰ্তৃপক্ষই প্ৰয়োজনীয় কাৰ্য্যকৰী ব্যৱস্থা লোৱাটো নিশ্চিত কৰিব লাগে।

পাৰিৱেশিকভাৱে ধাৰণশীল উন্নয়ন

৫.১.৬ পৰিৱেশ তন্ত্ৰ অক্ষুন্ন ৰখা আৰু উন্নয়নৰ ব্যৱস্থা হাতত লোৱা দুয়োটাই ধাৰণশীলতাৰ নিশ্চয়তা আনে। হিমালয়ৰ পদভূমি আৰু উপকূলীয় অঞ্চলত পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা পুনৰ ঘূৰাই আনিবলৈ প্ৰয়োজন হ’লে দুৰ্যোগ ব্যৱস্থাপনাৰ পৰিকল্পনাত বৃক্ষৰোপণৰ দৰে কাৰ্য্যসূচী হাতত ল’ব লাগিব। বনভূমি উপকূলীয় অঞ্চল, নদী, উপকূলীয় অঞ্চল, নগৰীয়া কৃষি ভূমিৰ আদিৰ পৰিৱেশ তন্ত্ৰৰ লগতে উদ্যোগিক পৰিৱেশতো পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা আৰু ধাৰণশীল বিকাশৰ ব্যৱস্থা হাতত ল’ব লাগে। আঞ্চলিকভাৱে প্ৰাকৃতিক সমলসমূহ সংৰক্ষণৰ নিশ্চয়তাৰ বাবে নীতি প্ৰণয়ন কৰিব লাগে।

জলবায়ু পৰিৱৰ্তনৰ প্ৰতিযোজন

৫.১.৭ জলবায়ুৰ পৰিৱৰ্তনে আমাৰ তুষাৰ অঞ্চল, পানীৰ ভাৰসাম্যতা, কৃষি, বনাঞ্চল, উপকূলীয় পৰিৱেশ তন্ত্ৰ, জৈৱ বৈচিত্ৰতা আৰু মানৱ আৰু পশু স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। জলবায়ু পৰিৱৰ্তনৰ ফলত যে ঘূৰ্ণী বতাহ, বানপানী আৰু খৰাংৰ দৰে প্ৰাকৃতিক দুৰ্যোগসমূহৰ তীব্ৰতা আৰু সঘনতা বৃদ্ধি পাব সেইটোৰ প্ৰমাণ ইতিমধ্যেই পোৱা গৈছে। এই প্ৰত্যাহবানসমূহ কাৰ্য্যকৰীভাৱে সন্মুখীন হ’বলৈ আমি জলবায়ু পৰিৱৰ্তন গ্ৰহণ কৰিব পৰা কৌশল আৰু দুৰ্যোগৰ আশংকা কমাব পৰা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।

আগতীয়া প্ৰস্তুতি

কেন্দ্ৰীয় মন্ত্ৰালয়, বিভাগসমূহ আৰু ৰাজ্যৰ ভূমিকা

৫.২.১ ৰাজ্যসমূহে দুৰ্যোগ ব্যৱস্থাপনাৰ সক্ষমতা নিজাকৈ গঢ়ি তোলাত উচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰিব লাগে। দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ ত দিয়া নিৰ্দেশাৱলী আৰু অনুবিধি অনুসৰি সকলো স্তৰতে সমন্বয় ৰক্ষা কৰি পৰিকল্পনা কৰিব লাগে। ৰাষ্ট্ৰীয় পৰিকল্পনা ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতিয়ে প্ৰস্তুত কৰিব। সংশ্লিষ্ট মন্ত্ৰালয় আৰু বিভাগসমূহে দুৰ্যোগ আৰু নিৰ্দিষ্ট বিষয় সাপেক্ষ পৰিকল্পনা প্ৰস্তুত কৰিব। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্বই জাৰি কৰা নিৰ্দেশনা অনুসৰি ৰাজ্য আৰু জিলাসমূহে তেওঁলোকৰ নিৰ্দিষ্ট দুৰ্যোগ সম্পৰ্কীয় পৰিকল্পনা প্ৰস্তুত কৰিব। বৰ্তমানে থকা অভিকৰণসমূহে যিবোৰ ক্ষেত্ৰৰ দুৰ্যোগ ব্যৱস্থাপনাৰ ব্যৱস্থা হাতত লোৱা নাই সেইবোৰৰ বাবে প্ৰয়োজনীয় দক্ষতা বৃদ্ধিৰ বাবে নতুন প্ৰতিষ্ঠানিক ব্যৱস্থা গঢ়ি তুলিব লগা হ’ব পাৰে।

৫.২.২ কেন্দ্ৰীয় মন্ত্ৰালয়, বিভাগসমূহ, ৰাজ্য আৰু জিলাসমূহে উন্নয়ন পৰিকল্পনাৰ লগত জড়িত সকলোকে এই পৰিকল্পনা প্ৰস্তুতিত সন্নিৱিষ্ট কৰিব লাগে। সংশ্লিষ্ট সকলো সংগঠন, সম্প্ৰদায় আৰু প্ৰতিষ্ঠানসমূহৰ অংশগ্ৰহণে আগতীয়া প্ৰস্তুতিৰ সংস্কৃতি এটা গঢ় লোৱাত সহায় কৰে। নিম্ন স্তৰৰ পৰা আৰম্ভ কৰিলে এই পৰিকল্পনাটো ভালদৰে বুজি উঠা আৰু কাৰ্য্যক্ষেত্ৰত সুবিধাজনক পৰিস্থিতিৰ সৃষ্টি হয়।

৫.২.৩ আন্তঃৰাজ্যিক পৰিষদ আৰু আঞ্চলিক পৰিষদৰ আলোচ্য সূচীত দুৰ্যোগ ব্যৱস্থাপনা বিষয়টো এটা গুৰুত্বপূৰ্ণ বিষয় হিচাপে ঠাই পাব লাগে আৰু ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদত প্ৰতিবেদনৰ বিষয় হিচাপে স্থান পাব লাগে।

পূৰ্বানুমান আৰু আগতীয়া সতৰ্কীকৰণ পদ্ধতি

৫.২.৪ সকলো ধৰণৰ দুৰ্যোগৰ বাবেই পূৰ্বানুমান আৰু আগতীয়া সতৰ্কীকৰণ পদ্ধতিসমূহ স্থাপন কৰা, উন্নত কৰা আৰু আধুনিকীকৰণ কৰাতো অতি আৱশ্যকীয়। এইবোৰ পৰ্য্যবেক্ষণ কৰা আৰু সতৰ্ক দৃষ্টি ৰখা, বিশেষ প্ৰাকৃতিক দুৰ্যোগ, প্ৰযুক্তিগত শূণ্যতাসমূহ চিনাক্ত কৰা আৰু সময় সাপেক্ষভাৱে এইসমূহ উন্নত কৰাৰ বাবে প্ৰকল্প প্ৰস্তুতিৰ বাবে মূল অভিকৰণ দায়বদ্ধ থাকিব। সকলো ৰাজ্যই ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ বাবে প্ৰয়োজন হোৱা উন্নয়নৰ আন্তঃগাঁঠনি/বতৰ বিজ্ঞান পৰ্য্যবেক্ষণ যন্ত্ৰ স্থাপনৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা আগবঢ়াব লাগিব। বিশ্ব বতৰ বিজ্ঞান সংগঠন, প্ৰশান্ত মহাসাগৰীয় চুনামী সতৰ্কীকৰণ পদ্ধতি আৰু আন আঞ্চলিক বা আন্তৰ্জাতিক প্ৰতিষ্ঠানৰ সৈতে অংশিদাৰিত্বৰ বিষয়েও চিন্তা কৰিব পাৰি। তথ্য সংগ্ৰহ, আগজাননী আৰু সময়মতে তথ্য প্ৰচাৰৰ বাবে তথ্য আৰু যোগাযোগ প্ৰযুক্তি ব্যৱহাৰৰ প্ৰয়োজনীয়তা আছে।

যোগাযোগ আৰু তথ্য প্ৰযুক্তিৰ সহায়

৫.২.৫ দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত তলত উল্লেখ কৰা তিনিটা পৰ্য্যায়ত প্ৰাথমিক, যোগাযোগ আৰু তথ্য প্ৰযুক্তি সহায়ৰ প্ৰয়োজনীয়তা আছে:

সকলো পৰ্য্যায়ৰ সিদ্ধান্ত লওঁতা আৰু দুৰ্যোগ ব্যৱস্থাপকসকল।

আগতীয়া সতৰ্কবাণী আৰু বিভিন্ন স্তৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষ আৰু বিপদত পৰিব পৰা জনসাধাৰণলৈ আগতীয়া সৰ্তকবাণী আৰু তথ্যসমূহ সময়মতে বিতৰণ কৰা। অধিক অঞ্চল সামৰি ল’ব পৰাকৈ আগতীয়া সতৰ্কবাণী আৰু তথ্যসমূহ দূৰদৰ্শন আৰু অনাতাঁৰ যোগে প্ৰচাৰ কৰিব পৰা যায়। উপকূলীয় আৰু পাহাৰীয়া অঞ্চলত বতৰ বিজ্ঞান বিভাগত সংযোগ ব্যৱস্থা ব্যৱহাৰ কৰিব পাৰি।

দুৰ্যোগ সংঘটিত অঞ্চলৰ উদ্ধাৰ আৰু সাহাৰ্য্য কাৰ্য্যসূচী নিয়ন্ত্ৰণৰ বাবে যোগাযোগ ব্যৱস্থাৰ প্ৰয়োজন হয়।

৫.২.৬ দুৰ্যোগ ব্যৱস্থাপনাৰ কৌশলসমূহ সফলভাৱে কাৰ্য্যকৰীকৰণৰ ক্ষেত্ৰত যোগাযোগ আৰু নৱতম তথ্যসমূহ বিনিময় কৰিবলৈ এক স্বয়ংসম্পূৰ্ণ তথ্য প্ৰযুক্তিৰ আন্তঃগাঁঠনিৰ প্ৰয়োজন। দুৰ্যোগ সংঘটিত অঞ্চলসমূহৰ পৰা গ্ৰহণযোগ্য, নৱতম আৰু দ্ৰুতভাৱে ভূ-ব্যাপনস্থল তথ্যসমূহ লাভ কৰাতো দুৰ্যোগ ব্যৱস্থাপনা কৌশলৰ প্ৰাথমিক প্ৰয়োজনীয়তা। প্ৰয়োজনীয় তথ্য প্ৰযুক্তিৰ ব্যৱস্থা, নিৰ্মাণ কৌশল আৰু প্ৰয়োজনীয় দক্ষতাসহ তথ্য প্ৰযুক্তিৰ আন্তঃগাঁঠনি স্থাপন কৰাত গুৰুত্ব প্ৰদান কৰিব লাগে যাৰ দ্বাৰা স্থানীয় সংগঠন বা পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহৰ পৰা তৎকালে তথ্যসমূহ নবীকৰণ কৰিব পৰা যায়। এটা ৰাষ্ট্ৰীয় জৰুৰীকালীন যোগাযোগ ব্যৱস্থা স্থাপন কৰা হ’ব আৰু এই যোগাযোগ ব্যৱস্থাই প্ৰভাৱিত জনসাধাৰণ আৰু স্থানীয় কৰ্তৃপক্ষলৈ বিপদ সংকেত আৰু তথ্যসমূহ সময়মতে প্ৰচাৰ কৰাতো নিশ্চিত কৰিব।

জৰুৰীকালীন অভিযান কেন্দ্ৰসমূহ শক্তিশালীকৰণ

৫.২.৭ ৰাষ্ট্ৰীয় ৰাজ্যিক মহানগৰ আৰু জিলা পৰ্য্যায়ত জৰুৰীকালীন অভিযান কেন্দ্ৰ স্থাপন কৰিব লাগে আৰু এইসমূহত সমসাময়িক প্ৰযুক্তি আৰু যোগাযোগ ব্যৱস্থা থকা আৰু এইবোৰৰ নিৰ্দিষ্ট সময়ৰ বিৰতিত উন্নতকৰণৰ বিষয়তো অগ্ৰাধিকাৰ প্ৰদান কৰিব লাগে। দুৰ্যোগ অধ্যুষিত অঞ্চলৰ শেষ বিন্দুলৈকে অভিযানৰ যোগাযোগ ব্যৱস্থা আৰু নিয়ন্ত্ৰণ থাকিব লাগে। সুবহনীয় মঞ্চও ইয়াৰ বাবে উপলব্ধ হ’ব লাগে। দুৰ্যোগ ব্যৱস্থাপনা যোগাযোগ পদ্ধতিত হাম ৰেডিঅ’ বা তেনে ধৰণৰ সৃষ্টিশীল ব্যৱস্থাসমূহ সন্নিৱিষ্ট কৰিব পাৰি।

চিকিৎসাগত আগতীয়া প্ৰস্তুতি আৰু গণ আঘাতপ্ৰাপ্তৰ ব্যৱস্থাপনা

.২.৮ যিকোনো দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনা চিকিৎসাগত আগতীয়া প্ৰস্তুতি অতি গুৰুত্বপূৰ্ণ অংশ। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্বই স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, ৰাজ্য আৰু বিভিন্ন চিকিৎসা গৱেষণা প্ৰতিষ্ঠানৰ সহযোগত জৰুৰীকালীন চিকিৎসাগত সঁহাৰি আৰু গণ আঘাতপ্ৰাপ্ত ব্যৱস্থাপনাৰ দক্ষতা বৃদ্ধিৰ বাবে নীতি আৰু নিৰ্দেশাৱলী প্ৰস্তুত কৰা হৈছে। চিকিৎসালয়ৰ দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনাত চিকিৎসা কৰ্মীৰ গঠন আৰু প্ৰশিক্ষণ অৰ্ধ-চিকিৎসক, দক্ষতা বৃদ্ধি, দূৰ্ঘটনা আৰু মানসিক-সামাজিক যত্ন, গণ আঘাত প্ৰাপ্তৰ ব্যৱস্থাপনা আদিসমূহ সন্নিৱিষ্ট কৰিব লাগে। দুৰ্যোগৰ সময়ছোৱাত সকলো চিকিৎসালয়ত ধাৱিত হোৱা আৰু দূৰ্ঘটনাগ্ৰস্থসকলক চোৱা-চিতা কৰাৰ দক্ষতা স্থিৰ কৰা হ’ব আৰু ৰাজ্যসমূহৰ লগত দুৰ্যোগৰ পূৰ্বেই পৰামৰ্শৰ মাধ্যমেৰে এইসমূহৰ নথিভূক্ত কৰা হ’ব। ৰাজ্যিক আৰু জিলা কৰ্তৃপক্ষক দুৰ্যোগৰ সময়ত আঘাতপ্ৰাপ্তসকলক ব্যক্তিগত চিকিৎসালয়ৰ চিকিৎসা প্ৰদান কৰাৰ বাবে যথোপযুক্ত প্ৰক্ৰিয়া প্ৰস্তুত কৰিবলৈ উৎসাহিত কৰা হ’ব। এই পৰিকল্পনাত দুৰ্যোগৰ পিছত হ’ব পৰা ৰোগসমূহো চোৱাচিতা কৰা, চিকিৎসালয়সমূহৰ লগত যোগাযোগ, আন প্ৰতিষ্ঠানলৈ প্ৰেৰণ আৰু এম্বুলেঞ্চ আৰু ৰক্ত বেংক আদিৰ দৰে সেৱাসমূহ উপলব্ধ কৰাৰ ব্যৱস্থা সন্নিৱিষ্ট হ’ব।

৫.২.৯ দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰচেষ্টাত চলমান অস্ত্ৰোপচাৰ গোট, চলমান চিকিৎসালয় আৰু ৰোগীক আতঁৰাই আনিবলৈ এম্বুলেঞ্চযুক্ত হেলিকপ্টাৰৰ ব্যৱস্থা কৰাতো অতি গুৰুত্বপূৰ্ণ উপাদান। ৰেল মন্ত্ৰালয়ৰ প্ৰতি ১০০ কিলোমিটাৰৰ ভিতৰত থকা দূৰ্ঘটনা সাহাৰ্য্যকাৰী চিকিৎসা ডবাসমূহ, ৰেল বিভাগৰ লগত ৰাজ্যিক আৰু জিলা কৰ্তৃপক্ষই আলোচনা কৰি জৰুৰীকালীন চিকিৎসা সঁহাৰিৰ বাবে ব্যৱহাৰ কৰিব পাৰে। চতুৰ্থ স্তৰৰ জৈৱ সুৰক্ষা গৱেষণাগাৰ অতিৰিক্তভাৱে সৃষ্টি কৰা মূল মন্ত্ৰালয়ে ব্যৱস্থা ল’ব। পৰ্য্যাপ্ত শৱদেহ ৰাখিব পৰা গৃহৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে। মৃতদেহ যথোপযুক্ত আৰু তৎকালে সৎকাৰ কৰাৰ লগতে পশুৰ মৃতদেহবোৰো সমাধিস্থ কৰাৰ ব্যৱস্থা কৰিব লাগে।

প্ৰশিক্ষণ, অনুকৰণ আৰু পৰিস্থিতিৰ আখৰা

৫.২.১০ পৰিকল্পনা আৰু অভিযানৰ প্ৰক্ৰিয়াৰ মানদণ্ডৰ ফলপ্ৰসূতা প্ৰশিক্ষণ, অনুকৰণ আৰু পৰিস্থিতিৰ আখৰাৰে পৰীক্ষা আৰু পৰিশোধিত কৰিব লাগে। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্বই এই ক্ষেত্ৰত ৰাজ্যসমূহক সহায় আগবঢ়াব আৰু দেশৰ বিভিন্ন ঠাইত পৰিস্থিতি আখৰা চলাব। ৰাজ্য আৰু জিলা প্ৰশাসনক আগতীয়া প্ৰস্তুতি আৰু দ্ৰুত সঁহাৰিৰ সংস্কৃতিৰ সৃষ্টি কৰিবলৈ উৎসাহিত কৰা হ’ব। পিছলৈ ৰাজ্য চৰকাৰসমূহক ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্বৰ সহযোগত বিভিন্ন ধৰণৰ দুৰ্যোগৰ বাবে এলানি পৰিকল্পনাৰ অভ্যাসৰ বাবে উৎসাহিত কৰা হ’ব যিয়ে সংশ্লিষ্ট বিভিন্ন পক্ষক সঁহাৰিৰ স্তৰ উন্নত কৰাত সহায় কৰিব।

উপশম আৰু আগতীয়া প্ৰস্তুতিৰ বাবে অংশিদাৰিত্ব

ৰাজহুৱা ভিত্তিক দুৰ্যোগৰ আগতীয়া প্ৰস্তুতি

৫.৩.১ কোনো দুৰ্যোগৰ সময়ত জনসাধাৰণ কেৱল প্ৰথমে ক্ষতিগ্ৰস্থ হোৱাই নহয় তেওঁলোক প্ৰথম সঁহাৰি প্ৰদানকাৰী। ক্ষয় ক্ষতিৰ পৰিমাণ নিম্নতম কৰিবলৈ আৰু দুৰ্যোগ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত স্থানীয় লোকসকল, স্থানীয় প্ৰয়োজনীয়তাসমূহ, স্বেচ্ছামূলক কাম-কাজত উৎসাহিত কৰা আৰু মিলা-মিছাৰ মাজেৰে সমাজত অংশগ্ৰহণ নিশ্চিত কৰিব লাগে। সেইবাবেই ৰাজ্যসমূহৰ এনেবোৰ প্ৰচেষ্টাত উৎসাহিত কৰা হ’ব।

৫.৩.২ বয়োজ্যেষ্ঠ লোক, মহিলা, শিশু আৰু অক্ষম ব্যক্তিসকলৰ ক্ষেত্ৰত বিশেষ মনোযোগ প্ৰদান কৰাৰ প্ৰয়োজনীয়তা আছে। মহিলা আৰু যুৱ্সকলক সিদ্ধান্ত গ্ৰহণ সমিতিত অংশ ল’বলৈ উৎসাহিত কৰিব লাগে আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ কৰ্মদলত অংশ ল’বলৈ উৎসাহিত কৰিব লাগে। যিকোনো দুৰ্যোগৰ প্ৰথম সঁহাৰি প্ৰদানকাৰী হিচাপে সঁহাৰিৰ বিভিন্ন ধৰণ সম্পৰ্কে সমাজক প্ৰশিক্ষণ প্ৰদান কৰিব লাগে যেনে, প্ৰাথমিক চিকিৎসা, বিচৰা আৰু উদ্ধাৰ, ৰাজহুৱা আশ্ৰয় শিবিৰৰ ব্যৱস্থাপনা, মানসিক-সামাজিক পৰামৰ্শ প্ৰদান, সাহাৰ্য্য বিতৰণ আৰু চৰকাৰ/অভিকৰণ আদিৰ পৰা সাহাৰ্য্যও উপলব্ধ কৰা। ৰাজহুৱা পৰিকল্পনাসমূহ, পঞ্চায়ত, উন্নয়ন খণ্ড আৰু জিলা পৰিকল্পনাত সন্নিৱিষ্ট হ’ব লাগে।

বিভিন্ন পৰ্য্যায়ৰ সংগঠনৰ অংশগ্ৰহণ

৫.৩.৩ সামাজিক সংগঠনসমূহৰ অংশগ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই সমন্বয় ৰক্ষা কৰিব। অসামৰিক প্ৰতিৰক্ষা, ৰাষ্ট্ৰীয় সামৰিক শিক্ষাৰ্থী বাহিনী, নেহেৰু যুৱ কেন্দ্ৰ সংগঠন, ৰাষ্ট্ৰীয় সেৱা আঁচনি আৰু স্থানীয় বেচৰকাৰী সংগঠনসমূহক ৰাইজক সৱলীকৰণ কৰা আৰু তেওঁলোকৰ সংশ্লিষ্ট প্ৰতিষ্ঠানিক ব্যৱস্থাৰে সজাগতা সৃষ্টি কৰাৰ ক্ষেত্ৰত উৎসাহিত কৰা হ’ব। স্বেচ্ছামূলকভাৱে জড়িত কৰা প্ৰচেষ্টাক সক্ৰিয়ভাৱে উৎসাহিত কৰা হ’ব।

ব্যৱসায়ীক সামাজিক দায়বদ্ধতা আৰু ৰাজহুৱা ব্যক্তিগত অংশিদাৰিত্ব গোষ্ঠীৰ

৫.৩.৪ ঐতিহাসিকভাৱে ব্যৱসায়ী খণ্ডটোৱে দুৰ্যোগ সাহাৰ্য্য আৰু পুনৰসংস্থাপন কাম-কাজৰ ক্ষেত্ৰত সহায় আগবঢ়ায় আহিছে। তথাপিও দুৰ্যোগৰ সম্ভাৱনীয়তা হ্ৰাস কৰা কাম-কাজত এই ব্যৱসায়িক খণ্ডটো বিশেষভাৱে জড়িত হোৱাটো দেখা পোৱা নাযায়। বিভিন্ন বিপৰ্য্যয়, আশংকাসমূহ আৰু সহজে ক্ষতি হ’ব পৰা দুৰ্বল বিষয়বিলাকৰ ক্ষেত্ৰত ব্যৱসায়ীক গোষ্ঠীয়ে নিজাকৈ পৰিকল্পনা হাতত লোৱা দৰকাৰ। তেওঁলোকে সমাজলৈ সৃষ্টিশীল সামাজিক বিনিয়োগৰ মূল্য সৃষ্টি কৰিব লাগে। চৰকাৰ আৰু ব্যক্তিগত খণ্ডৰ মাজত দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত ৰাজহুৱা আৰু ব্যক্তিগত অংশিদাৰিত্বক উৎসাহিত কৰা হ’ব। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্ব আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্বই ব্যৱসায়ীক গোষ্ঠীৰ লগত এটা যোগসূত্ৰ স্থাপন কৰা প্ৰয়োজন যাতে তেওঁলোকে দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা শক্তিশালী আৰু আনুষ্ঠানিকতাৰে জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰিব পাৰে।

মাধ্যমৰ অংশিদাৰিত্ব

৫.৩.৫ দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰতিটো স্তৰত তথ্য আৰু জ্ঞান বিতৰণৰ ক্ষেত্ৰত প্ৰচাৰ মাধ্যমে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। বৈদ্যুতিন আৰু ছপা দুয়োটা মাধ্যমেৰে সুবিধাসমূহ সম্পূৰ্ণৰূপে গ্ৰহণ কৰিব লাগে। সমাজক সজাগ কৰা, আগতীয়া বিপদ সংকেত আৰু বিভিন্ন দুৰ্যোগ সম্পৰ্কীয় শিক্ষা আদিসমূহ বিতৰণৰ ক্ষেত্ৰত মাধ্যমৰ সক্ৰিয় অংশিদাৰিত্ব নিৰ্ণিত কৰি ল’ব লাগে।

প্ৰযুক্তি-ন্যায়িক শাসন পদ্ধতি

৬.১.১ দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ ৰ ৰাষ্ট্ৰীয়, ৰাজ্যিক, জিলা আৰু স্থানীয় পৰ্য্যায়ৰ প্ৰতিষ্ঠানিক আৰু সমন্বয় ব্যৱস্থা উল্লেখ কৰা আছে। কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু আন সংশ্লিষ্ট অভিকৰণসমূহে সম্পৰ্কীয় আইন, বিধি আৰু নিয়ামকসমূহ চিনাক্তকৰণ কৰা আৰু প্ৰয়োজনসাপেক্ষে সলনি কৰি সংগতিপূৰ্ণভাৱে দুৰ্যোগ ব্যৱস্থাপনা আইনত পৰ্য্যায় ক্ৰমে সন্নিৱিষ্ট কৰাৰ চেষ্টা কৰা হ’ব।

পৌৰ প্ৰবিধানসমূহৰ পুনৰবিবেচনা

৬.২.১ অত্যাধিক নিৰ্মাণকাৰ্য্য আৰু দ্ৰুত নগৰীকৰণৰ কথা আগত ৰাখি পৌৰ প্ৰবিধানসমূহ যেনে, উন্নয়ন নিয়ন্ত্ৰণ প্ৰবিধান, নিৰ্মাণৰ নীতি-নিয়ম আৰু সুৰক্ষিত গাঁঠনিৰ বৈশিষ্ট্যসমূহ পুনৰবিবেচনা কৰাৰ প্ৰয়োজনীয়তা আছে। এই প্ৰবিধানসমূহ সময়ে-সময়ে পৰ্য্যালোচনা কৰি ভূমিকম্প, বানপানী, ভূমিস্খলন আৰু আন দুৰ্যোগসমূহৰ পৰা সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত থকা বিষয়সমূহ চিনাক্ত কৰিব লাগে আৰু উপযুক্ত পৰিৱৰ্তন আনি সেইসমূহক ভাৰতীয় মানদণ্ড দপ্তৰৰ নিৰ্মাণ আইনৰ সমকক্ষ কৰিব লাগে। দুৰ্যোগৰ সময়ত অনাকাংক্ষিত অভ্যাসসমূহৰ লগত মিলি যাবলৈ চেষ্টা কৰিব লাগে যাতে ই সময়ে-সময়ে তেনে পৰিস্থিতি গ্ৰহণ কৰিব পৰা সক্ষমতা প্ৰদান কৰে আৰু এইবোৰ প্ৰবিধানত অন্তৰ্ভূক্ত কৰিব লাগে। অনুপযুক্ত অঞ্চলত পৰ্য্যাপ্ত সুৰক্ষা ব্যৱস্থা নথকাকৈ নিৰ্মাণকাৰ্য্য কৰাৰ ফলত পিছলৈ সেইবোৰ দুৰ্বল হৈ পৰে আৰু এনে কাৰ্য্যৰ বিপৰীতে যথোপযুক্ত কাৰ্য্যব্যৱস্থা ল’ব লাগে। একেদৰেই গ্ৰামাঞ্চলৰ বাবেও উপযুক্ত প্ৰবিধান প্ৰস্তুত কৰাত গুৰুত্ব প্ৰদান কৰিব লাগে। প্ৰয়োজনীয় ক্ষেত্ৰত এনে যথোপযুক্ত প্ৰবিধান প্ৰস্তুতিৰ বাবে স্থানীয় সংগঠনসমূহক উপযুক্ত বিত্তীয় সাহাৰ্য্য প্ৰদান কৰা হ’ব। এই প্ৰক্ৰিয়াত সৰ্বোচ্চ ফলাফল লাভ কৰিবলৈ সকলো পৰ্য্যায়ৰ চৰকাৰী সংগঠন আৰু স্থানীয় কৰ্তৃপক্ষ আৰু সমাজৰ সকলো ব্যক্তিক জড়িত কৰি সচেতন কৰি তোলাৰ সকলো অভ্যাস অন্তৰ্ভূক্ত কৰা হ’ব।

ভূমি ব্যৱহাৰৰ পৰিকল্পনা

৬.৩.১ কেন্দ্ৰীয় মন্ত্ৰালয় আৰু সংশ্লিষ্ট বিভাগসমূহে বৈজ্ঞানিক প্ৰতিষ্ঠানসমূহৰ পৰামৰ্শ মতে পাৰিৱেশিক আৰু বিপদ সংকুল তথ্যসমূহ বিশ্লেষণ কৰি বিভিন্ন ভৌগলিক আৰু প্ৰশাসনিক অঞ্চলত বৈকল্পিক ভূমি ব্যৱহাৰৰ পৰিকল্পনা প্ৰস্তুত কৰিব। ডাঙৰ মহানগৰী আৰু অতি ঘন জনবসতিপূৰ্ণ চহৰ অঞ্চলত সুৰক্ষিত আৱাস গৃহ আৰু আন গুৰুত্বপূৰ্ণ সুবিধাসমূহ আগবঢ়োৱাৰ ক্ষেত্ৰত এই বিষয়টো অতি প্ৰাসংগিক হ’ব। মূল পৰিকল্পনা আৰু ইয়াৰ লগত জড়িত বিষয়সমূহ অগ্ৰাধিকাৰ ভিত্তিত পৰ্য্যালোচনা কৰাতো ৰাজ্য চৰকাৰসমূহৰ অত্যাৱশ্যকীয় দায়বদ্ধতা। ক্ষুদ্ৰ পৰ্য্যায়ত ভূমি ব্যৱহাৰৰ পৰিকল্পনা বিভিন্ন ধৰণৰ ব্যৱহাৰৰ তথ্যৰ ভিত্তিত হ’ব লাগে। নগৰৰ আৱাস অঞ্চলৰ ক্ষেত্ৰত ভৱিষ্যতে ব্যৱহাৰ হ’ব লগা ভূমিৰ হিচাপ বিকাশৰ প্ৰৱলতাৰ ওপৰত নিৰ্ভৰ কৰিব।

সুৰক্ষিত নিৰ্মাণৰ অভ্যাস

৬.৪.১ ভূমিকম্প আৰু ঘূৰ্ণী বতাহৰ দৰে বিপদজনক পৰিস্থিতিয়ে মানুহৰ মৃত্যু নঘটায়, মৃত্যু ঘটায় বেয়া আৰ্হি আৰু বেয়াকৈ নিৰ্মাণ কৰা ঘৰসমূহে। ভূমিকম্পৰ পৰা উপশম পাবলৈ নতুন গৃহসমূহ সুৰক্ষিতভাৱে নিৰ্মাণ কৰা আৰু পুৰণিসমূহত ভূমিকম্পৰ নিৰ্দেশাৱলী অনুসৰি ব্যৱস্থা গ্ৰহণ নিশ্চিত কৰাতো এটা গুৰুত্বপূৰ্ণ বিষয়। ইন্দিৰা আৱাস যোজনা আৰু চৰকাৰৰ আন কল্যাণ আৰু উন্নয়ন আঁচনিসমূহৰ অধীনত সজোৱা ঘৰৰ আৰ্হি আৰু সুনিৰ্দিষ্ট নিয়মসমূহৰ ক্ষেত্ৰতো বিপদৰ সুৰক্ষা নিশ্চিত কৰিবলৈ পুনৰ পৰীক্ষণ কৰিব লাগে। প্ৰতি ৫ বছৰৰ অন্তৰত গৃহ নিৰ্মাণৰ আইনসমূহ নতুন কৰাতো বাধ্যতামূলক আৰু এইসমূহ ৰাজহুৱাভাৱে প্ৰচাৰ কৰিব লাগে। ৰাষ্ট্ৰীয় গৃহ নিৰ্মাণৰ নীতিসমূহ সকলো ৰাজ্যিক/পৌৰ সভাৰ গৃহ নিৰ্মাণ নীতি-নিয়মত অন্তৰ্ভূক্ত হ’ব লাগে।

অভিযন্তা, স্থাপত্যবিদ, ক্ষুদ্ৰ নিৰ্মাণকাৰী সংস্থা, নিৰ্মাণকাৰ্য্যৰ পৰিচালক আৰু আৰ্হি প্ৰস্তুত কৰ্তাৰ প্ৰশিক্ষণ ইতিমধ্যেই আৰম্ভ কৰা হৈছে আৰু ৰাজ্য আৰু জিলা পৰ্য্যায়ত অধিক তীব্ৰ কৰি তোলাৰ প্ৰয়োজনীয়তা আছে। বিদ্যালয়সমূহ, চিকিৎসালয়সমূহ আৰু ৰাষ্ট্ৰীয় স্মৃতিশোধসমূহক সুৰক্ষিত কৰাত ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ ভিত্তিত প্ৰদান কৰা হ’ব। কেন্দ্ৰীয় সাহাৰ্য্য আঁচনি আৰু আৰ্হিৰে নিৰ্মিত হোৱা সকলোবোৰ বিদ্যালয় ভৱন, ছাত্ৰাৱাসসমূহ, ভূমিকম্পৰোধক হ’ব আৰু উপযুক্ত অগ্নিসুৰক্ষাৰ ব্যৱস্থা থাকিব।

সন্মতিপূৰ্ণ শাসন ব্যৱস্থা

৬.৫.১ প্ৰযুক্তি-ন্যায়গত আৰু প্ৰযুক্তি-বিত্তীয় সুবিধাসমূহৰ কাৰ্য্যকৰীতা নিশ্চিত কৰিবলৈ এক উন্নত সন্মতিপূৰ্ণ শাসন ব্যৱস্থাৰ প্ৰয়োজন। কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰ্য্যায়ত পৰ্য্যবেক্ষণ, প্ৰমাণিতকৰণ আৰু সন্মতিপ্ৰদানৰ ব্যৱস্থাসমূহ নিশ্চিত কৰাতো অতি গুৰুত্বপূৰ্ণ। এই সা-সুবিধাসমূহ আগবঢ়োৱাৰ ক্ষেত্ৰত সম্পৰ্কীত সকলো সংস্থা দায়বদ্ধ থাকিব। স্ব-প্ৰমাণিতকৰণ, ৰাজহুৱা হিচাপ পৰীক্ষণ আৰু এটা বাহ্যিক হিচাপ পৰীক্ষণৰ সৈতে শাসন ব্যৱস্থা আদিৰ দৰে উন্নত পৰিচালনাৰ অভ্যাসসমূহ গ্ৰহণ কৰিব লাগে। এনে ব্যৱস্থাসমূহ তথ্য-প্ৰযুক্তিৰ আহিলাৰ সহায়ত পৰ্য্যবেক্ষণৰ সুবিধা থকা হ’ব লাগে আৰু ভাৰতত দুৰ্যোগ ব্যৱস্থাপনা পদ্ধতিৰ লগত খাপ খোৱা হ’ব লাগে। পৰীক্ষামূলকভাৱে এনে ব্যৱস্থা গ্ৰহণ কৰাৰ আগতে সম্পৰ্কীয় বিভিন্ন সংগঠন আৰু প্ৰতিষ্ঠানৰ সৈতে আলোচনা কৰি ল’ব লাগে।

কাৰ্য্যকৰীকৰণ

৬.৬.১ প্ৰযুক্তি-ন্যায়গত আৰু সন্মতি প্ৰদানৰ পদ্ধতি গ্ৰহণ কৰাৰ পিছত আইনৰ সুবিধাসমূহৰ অধীনত ৰাজ্য চৰকাৰসমূহে অতি কাৰ্য্যকৰী ব্যৱস্থাৰ দ্বাৰা কাৰ্য্যকৰীকৰণৰ নিশ্চয়তা প্ৰদান কৰিব লাগিব।

সঁহাৰি

৭.১.১ দ্ৰুত আৰু কাৰ্য্যকৰী সঁহাৰিয়ে জীৱন আৰু সম্পত্তিহানি নিম্নতম কৰে। দুৰ্বল শ্ৰেণীলৈ যত্নসহ বিশেষ প্ৰয়োজনীয়তা সমূহ আগবঢ়োৱাটোও গুৰুত্বপূৰ্ণ। ইতিমধ্যেই থকা আৰু নতুন প্ৰতিষ্ঠানিক ব্যৱস্থাসমূহত দুৰ্যোগৰ ক্ষেত্ৰত সংহত, সমান্তৰাল আৰু সক্ৰিয় ব্যৱস্থা থকাটো নিশ্চিত কৰিব লাগে। সমসাময়িক আগজাননী আৰু আগতীয়া বিপদ সংকেত পদ্ধতি, অবিৰত যোগাযোগ আৰু বিশেষ সঁহাৰি দলৰ ক্ষেত্ৰত ই সম্ভৱ হ’ব পাৰে। ভালদৰে তথ্য থকা আৰু আগতীয়া প্ৰস্তুতি থকা সমাজে দুৰ্যোগৰ প্ৰভাৱসমূহ উপশমিত কৰিব পাৰে।

ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতিৰ ভূমিকা

৭.২.১ দুৰ্যোগৰ সময়ত আৰু দুৰ্যোগজনক পৰিস্থিতিত ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতিয়ে সঁহাৰিসমূহ সমন্বয় কৰিব। দুৰ্যোগসাপেক্ষ নিৰ্দেশাৱলী ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰস্তুত কৰিব। ভাৰত চৰকাৰৰ সংশ্লিষ্ট কেন্দ্ৰীয় মন্ত্ৰালয়/বিভাগসমূহ, ৰাজ্য চৰকাৰ আৰু ৰাজ্যিক প্ৰশাসনক ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতিয়ে বিশেষ দুৰ্যোগ বা দুৰ্যোগজনিত পৰিস্থিতিত গ্ৰহণ কৰিব লগা ব্যৱস্থাসমূহ সম্পৰ্কে নিৰ্দেশনা জাৰি কৰিব।

মুখ্য আৰু আন কেন্দ্ৰীয় মন্ত্ৰালয় আৰু বিভাগসমূহৰ ভূমিকা

৭.৩.১ বিভিন্ন ধৰণৰ দুৰ্যোগৰ বাবে সংশ্লিষ্ট মুখ্য মন্ত্ৰালয়ে সঁহাৰি পৰিকল্পনাৰ সম্পূৰ্ণ বিৱৰণ প্ৰস্তুত কৰিব আৰু ইয়াক ৰাষ্ট্ৰীয় সঁহাৰি পৰিকল্পনাৰ সংহত কৰা হ’ব। দুৰ্যোগজনক পৰিৱেশ বা দুৰ্যোগৰ সময়ছোৱাত ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সঁহাৰিসমূহে সমন্বয় ৰক্ষা কৰিব।

ৰাজ্য, জিলা আৰু স্থানীয় কৰ্তৃপক্ষৰ ভূমিকা

৭.৪.১ কোনো দুৰ্যোগজনিত পৰিস্থিতিত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্ব আৰু ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক সমিতিয়ে জনোৱাৰ দৰে ব্যৱস্থা গ্ৰহণ কৰাতো আৰু পৰ্য্যবেক্ষণ আৰু ইয়াৰ নিয়ন্ত্ৰণৰ বাবে চেষ্টা কৰাতো ৰাজ্য চৰকাৰ/ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ প্ৰাথমিক দায়বদ্ধতা। এনে পৰিস্থিতিৰ মুখামুখী হ’ব পৰাকৈ নিজৰ সক্ষমতা অবিৰতভাৱে মূল্যায়ন কৰা আৰু সময়মতে যাতে প্ৰয়োজনীয় কেন্দ্ৰীয় সমলসমূহ লাভ কৰে তাৰ বাবেও ৰাজ্য চৰকাৰ/ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ দায়বদ্ধ। আন্তঃৰাজ্যিক সহায় আৰু সহযোগিতাক উৎসাহিত কৰা হ’ব। ৰাজ্যসমূহেও ক্ৰমান্বয়ে নিজাকৈ সঁহাৰি জনোৱাৰ সম্ভাৱনীয়তাসমূহ বিকাশ কৰিব আৰু যিমান সোনকালে পৰা যায় সিমান সোনকালে সম্পূৰ্ণ কৰিব। এইসমূহৰ ভিতৰত থাকিব ৰাজ্যিক সঁহাৰি গোটৰ বাবে প্ৰশিক্ষণ আৰু সা-সঁজুলি, সমজুৱা, আগতীয়া প্ৰস্তুতি, জিলা পৰ্য্যায়ত সঁহাৰি দল গঠন আৰু প্ৰশিক্ষণ। জিলা পৰ্য্যায়ত সকলো ধৰণৰ সঁহাৰি কাম-কাজৰ বাবে প্ৰস্তুতি থাকিব। স্থানীয় কৰ্তৃপক্ষ, পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান আৰু নগৰীয়া স্থানীয় কৰ্তৃপক্ষসমূহে সমগ্ৰ প্ৰক্ৰিয়াটোক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লগতে বিশেষকৈ সঁহাৰি আৰু উদ্ধাৰ অভিযান, সাহাৰ্য্য আৰু পুনৰসংস্থাপন, সজাগতা সৃষ্টি, দুৰ্যোগৰ বাবে আগতীয়া প্ৰস্তুতি, জীৱিকাৰ পুনৰ্ৱস্থা ঘূৰাই অনা আৰু বেচৰকাৰী সংগঠন আৰু সমাজৰ মাজত সমন্বয় ৰক্ষাৰ কাম কৰিব পাৰে।

অভিযান প্ৰক্ৰিয়াৰ মানদণ্ড

৭.৫.১ সকলো কেন্দ্ৰীয় মন্ত্ৰালয়, ৰাজ্য চৰকাৰ, জিলা কৰ্তৃপক্ষ আৰু আন আন সংগঠনসমূহে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰিকল্পনাৰ লগত সমন্বয় ৰক্ষা কৰি অভিযান প্ৰক্ৰিয়াৰ মানদণ্ড প্ৰস্তুত কৰিব। বিচৰা আৰু উদ্ধাৰ, চিকিৎসাগত সাহাৰ্য্য আৰু আহতসকলৰ ব্যৱস্থাপনা, দুৰ্যোগৰ স্থানৰ পৰা আতঁৰাই অনা, অত্যাৱশ্যকীয় সেৱাসমূহ পুনৰ স্থাপন কৰা, দুৰ্যোগৰ স্থানত যোগাযোগ ব্যৱস্থা ৰক্ষা ইত্যাদি ধৰণৰ কাম-কাজৰ বাবে এই অভিযান প্ৰক্ৰিয়াৰ মানদণ্ড নিৰ্ধাৰিত কৰা হ’ব। আন গুৰুত্বপূৰ্ণ কাম-কাজসমূহ হ’ব খাদ্য, খোৱা পানী, অনাময়, কাপোৰ-কানি আদি সুবিধাৰ লগতে সাহাৰ্য্য শিবিৰ পৰিচালনা কৰা। কেন্দ্ৰীয় সমলসমূহ প্ৰেৰণ, গ্ৰহণ আৰু কাৰ্য্যক্ষেত্ৰত ব্যৱহাৰৰ বৰ্ণনাসহ অভিযান প্ৰক্ৰিয়াৰ মানদণ্ডৰ ভিতৰত পৰিব।

দুৰ্যোগৰ স্তৰ

৭.৬.১ দুৰ্যোগৰ স্তৰ নিৰ্ণয় আৰু বিভিন্ন অভিকৰণসমূহলৈ বৈদ্যুতিন বাৰ্তা প্ৰেৰণ পদ্ধতিৰ সহায়ত দুৰ্যোগৰ বাবে সতৰ্কবাণী পঠিয়াবলৈ গৃহ মন্ত্ৰালয়ে অভিযান প্ৰক্ৰিয়াৰ মানদণ্ড প্ৰস্তুত কৰি তুলিছে। প্ৰাকৃতিক বা মানৱ সৃষ্ট দুৰ্যোগৰ ক্ষেত্ৰত দুৰ্যোগ সঁহাৰি ব্যৱস্থাপনাৰ বাবে এই মানদণ্ড সময়ে সময়ে পৰ্য্যালোচনা কৰি থকা হয়।

ঘটনা নিৰ্দেশন পদ্ধতি

৭.৭.১ ভাৰতবৰ্ষত দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে তৃণমূল পৰ্য্যায়ৰ পৰা এটা পৰম্পৰাগত নিৰ্দেশনাৰ গঠন প্ৰশাসনত আছে। এইসমূহ শক্তিশালী কৰি তুলিবলৈ পৰিকল্পনা হাতত লোৱা হৈছে আৰু এইসমূহক ঘটনা নিৰ্দেশন পদ্ধতিৰ মূল লক্ষ্যসমূহৰ লগত সামঞ্জস্য থকাকৈ পৰিৱৰ্তন কৰা হ’ব। এই পদ্ধতি এটা অপৰিহাৰ্য্য ব্যৱস্থাপনা পদ্ধতি যাৰ দ্বাৰা কোনো এটা দুৰ্যোগ সঁহাৰিৰ সময়ত বিভিন্ন জৰুৰীকালীন কাম-কাজসমূহ এক মানদণ্ড ৰক্ষা কৰি  আয়োজন কৰিব পৰা যায়। ইয়াক ঘটনা ব্যৱস্থাপনাৰ বিশেষজ্ঞ দলক একোজন নিৰ্দেশকৰ সৈতে প্ৰদান কৰা হয় আৰু ইয়াত বিভিন্ন বিষয়ৰ ঘটনা ব্যৱস্থাপনাৰ প্ৰশিক্ষিত বিষয়া থাকে। যেনে, সামগ্ৰীৰ পৰিচালনা, অভিযান, পৰিকল্পনা, সুৰক্ষা, মাধ্যমৰ ব্যৱস্থাপনা ইত্যাদি। প্ৰতি জিলাতে এনে এটা দল বিভিন্ন দিশৰ পৰা ঘটনা ব্যৱস্থাপনাৰ বিষয়ে জিলা পৰ্য্যায়ৰ বিষয়াসকলক প্ৰশিক্ষণ প্ৰদান কৰি গঠন কৰাৰ লক্ষ্যও ৰখা হৈছে। প্ৰযুক্তি আৰু পৰিকল্পনাৰ সমসাময়িক পদ্ধতিসমূহ ব্যৱহাৰ কৰাত ইয়াত গুৰুত্ব প্ৰদান কৰা হব আৰু সকলো পৰ্য্যায়তে সমন্বয়সহ যুটীয়া অভিযানৰ ব্যৱস্থাত ৰখা হ’ব।

প্ৰথম আৰু আন মূল সঁহাৰি প্ৰদানকাৰীসমূহ

৭.৮.১ স্থানীয় কৰ্তৃপক্ষ, পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানসমূহ আৰু নগৰ অঞ্চলৰ স্থানীয় প্ৰশাসনৰ অধীনত দুৰ্যোগৰ সঁহাৰি জনোৱাৰ ক্ষেত্ৰত জনসাধাৰণৰ ভূমিকা আৰু গুৰুত্বতা অতি ভালভাৱে স্বীকৃতি প্ৰদান কৰা হয়। তেওঁলোকক তৎকাল সহযোগ প্ৰদান কৰিবলৈ আন গুৰুত্বপূৰ্ণ প্ৰথম সঁহাৰি জনাওঁতা যেনে, আৰক্ষী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বল, অগ্নি আৰু চিকিৎসা সেৱা ইত্যাদিসমূহ আছে। যেতিয়াই প্ৰয়োজন হয় ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বলে বিশেষ সঁহাৰিৰ প্ৰশিক্ষণ প্ৰদান কৰিব। অতি জটিল পৰিস্থিতিত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বলৰ সকলো বেটেলিয়ান (প্ৰতি বেটেলিয়েনত ১৮ টা দল) প্ৰয়োজনৰ ভিত্তিত দুৰ্যোগ প্ৰভাৱিত অঞ্চললৈ যথাসম্ভৱ কম সময়ত উপস্থিত হ’বগৈ। অসামৰিক প্ৰতিৰক্ষা, গৃহৰক্ষী বাহিনী আৰু ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী, ৰাষ্ট্ৰীয় সেৱা আঁচনি, আৰু নেহেৰু যুৱ কেন্দ্ৰ সংগঠন আদিৰ দৰে যুৱ সংগঠনসমূহো আন গুৰুত্বপূৰ্ণ সঁহাৰি প্ৰদানকাৰী। সহস্ত্ৰ বলকো প্ৰয়োজন ভিত্তিক ব্যৱহাৰ কৰিব পাৰি। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বলৰ স্থাপন আৰু বিকাশৰ লগে লগে সশস্ত্ৰ বাহিনীক এই কাৰ্য্যত কমকৈ জড়িত কৰা হ’ব। তথাপিও পৰিস্থিতি যেতিয়া ৰাজ্য চৰকাৰ আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বলৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় তেতিয়াহে সহস্ত্ৰ বাহিনীক এই কাৰ্য্যত জড়িত কৰা হয়।

চিকিৎসাগত সঁহাৰি

৭.৯.১ চিকিৎসাগত সঁহাৰি অতি দ্ৰুত আৰু কাৰ্য্যকৰী হ’ব লাগে। চিকিৎসাগত সঁহাৰিৰ পৰিকল্পনা আৰু চিকিৎসাগত সঁহাৰি সমলৰ প্ৰয়োগ কাৰ্য্যকৰীকৰণৰ ক্ষেত্ৰত বহুবোৰ অৱস্থাত জিলা আৰু ৰাজ্যিক পৰ্য্যায়ত বিশেষ মনোযোগৰ প্ৰয়োজন হয়। দুৰ্যোগৰ স্থানৰ পৰা কাষতে থকা চিকিৎসাগত সমলৰ স্বেচ্ছামূলকভাৱে প্ৰয়োগ কৰোতে কোনো প্ৰশাসনিক বাধ্যবাধকতাত গুৰুত্ব দিব নালাগে। চলন্ত চিকিৎসালয় আৰু আন সমলসমূহ কেন্দ্ৰই ৰাজ্য চৰকাৰলৈ সক্ৰিয়ভাৱে আগবঢ়াব। দুৰ্যোগৰ পিছৰ স্বাস্থ্য, অনাময় আৰু পৰিষ্কাৰ পৰিচন্নতাৰ ব্যৱস্থাপনা কৰাতো মহামাৰী প্ৰতিৰোধৰ বাবে অতি গুৰুত্বপূৰ্ণ। সেইবাবেই এনেধৰণৰ সম্ভাৱনীয়তাসমূহৰ অহৰ্নিষে দৃষ্টি ৰখাতো অতি প্ৰয়োজনীয়।

জীৱ-জন্তুৰ যত্ন

৭.১০.১ প্ৰাকৃতিক বা মানৱ সৃষ্ট দুৰ্যোগ যিয়েই নহওঁক কিয় ঘৰচীয়া, বনৰীয়া দুয়োবিধ জীৱ-জন্তুৱে প্ৰভাৱিত হয়। এইবোৰক সুৰক্ষা প্ৰদানৰ বাবে যথোপযুক্ত ব্যৱস্থা হাতত ল’ব লাগে আৰু দুৰ্যোগৰ সময়ছোৱাত আৰু পিছত ৰাজহুৱা প্ৰচেষ্টাৰে এইবোৰৰ বাবে যথাসম্ভৱ আশ্ৰয় আৰু খাদ্যৰ যোগান ধৰিব লাগে। বহু সমাজত দুৰ্যোগৰ সময়ত জীৱ-জন্তুসমূহত সাহাৰ্য্য যত্ন আগবঢ়োৱা দেখা যায়। আৰু এই প্ৰচেষ্টাক আনুষ্ঠানিকভাৱে আগতীয়া প্ৰস্তুতিৰ পৰিকল্পনাত অন্তৰ্ভূক্তি কৰিব লাগে। ভাৰত চৰকাৰৰ পশু-পালন আৰু দুগ্ধ বিভাগ, সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগ/মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগসমূহে এই বিষয়ত সকলো স্তৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

তথ্য  আৰু প্ৰচাৰ মাধ্যমৰ অংশিদাৰিত্ব

৭.১১.১ দুৰ্যোগৰ সময়ছোৱাত প্ৰকৃত তথ্যসমূহ বৈদ্যুতিন আৰু ছপা মাধ্যমযোগে প্ৰচাৰ কৰাতো অতি প্ৰয়োজনীয়। নিয়মীয়াকৈ প্ৰচাৰ মাধ্যমক প্ৰশিক্ষিত দুৰ্যোগ ব্যৱস্থাপনাৰ বিষয়াই বক্তব্য আগবঢ়োৱাটো অত্যাৱশ্যকীয়। সকলো স্তৰত তথ্য ব্যৱস্থাপনা আৰু সঠিক প্ৰতিবেদনৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।

সাহাৰ্য্য আৰু পুনৰসংস্থাপন

অভিগমন

৮.১.১ সাহাৰ্য্যৰ ধাৰণাটো এতিয়া আৰু বিনামূলীয়া সহায় হৈ থকা নাই বা সময় মতে জৰুৰীকালীনভাৱে সাহাৰ্য্য বিতৰণ হৈ থকা নাই। বিপৰীত ফালৰ পৰা চাবলৈ গ’লে ই এটা দুৰ্যোগৰ বলি হোৱাসকলক বিচাৰি উলিয়াই সাহাৰ্য্যৰ সুবিধা আগবঢ়োৱাৰ এটা প্ৰক্ৰিয়া আৰু প্ৰভাৱিত লোকসকললৈ ৰাজ্যৰ ভিতৰতে পুনৰসংস্থাপন আৰু সামাজিক সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ এটা ব্যৱস্থা। এই সাহাৰ্য্য তৎকাল, পৰ্য্যাপ্ত আৰু অনুমোদিত মানদণ্ডৰ হ’ব লাগিব। সাহাৰ্য্যৰ নিম্নতম মানদণ্ডৰ নিৰ্দেশাৱলী ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্বই প্ৰস্তুত কৰি উলিয়াব।

অস্থায়ী সাহাৰ্য্য শিবিৰৰ স্থাপন

৮.২.১ বিশেষকৈ দুৰ্যোগৰ সম্ভাৱনাপূৰ্ণ অঞ্চলসমূহত জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই অস্থায়ী শিবিৰৰ স্থানসমূহ চিনাক্ত কৰি থ’ব পাৰে। প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰা অভিকৰণসমূহক প্ৰাক দুৰ্যোগ পৰ্য্যায়ত চিনাক্ত কৰি থ’ব লাগে। শিক্ষানুষ্ঠান আদিত সাহাৰ্য্য শিবিৰ স্থাপন কৰাতো সমৰ্থনযোগ্য নহয়।

৮.২.২ অস্থায়ী সাহাৰ্য্য শিবিৰত খোৱা পানী আৰু গা ধোৱা পানী, অনাময় আৰু অত্যাৱশ্যকীয় স্বাস্থ্যৰ সুবিধা থাকিব লাগিব। যিসমূহত সম্ভৱ হয় সেইসমূহত দুৰ্যোগৰ দ্বাৰা প্ৰভাৱিত পৰিয়ালসমূহৰ সদস্যক লৈ এটা বিশেষ কৰ্মদল গঠন কৰিব লাগে যিয়ে ৰাজহুৱাকৈ ৰন্ধন ব্যৱস্থা, বিদ্যালয়সমূহ আৰু অঙ্গনবাড়ী কেন্দ্ৰসমূহ পূৰ্বাৱস্থালৈ ঘূৰাই আনি শিক্ষা প্ৰদান আদি বিষয়সমূহৰ ব্যৱস্থা গ্ৰহণ কৰিব। সংশ্লিষ্ট জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই সম মানৱীয় প্ৰশাসনিক অভ্যাসৰ অংশ হিচাপে ভুক্তভোগীৰ পত্ৰ, পৰিচয় পত্ৰ আদিবোৰ সুদক্ষ প্ৰশাসনিক ব্যৱস্থাৰ মাজেৰে প্ৰস্তুত কৰিব।

সাহাৰ্য্য যোগানৰ ব্যৱস্থাপনা

৮.৩.১ সাহাৰ্য্যৰ নূন্যতম মানদণ্ড আৰু যোগানৰ দ্ৰুত ব্যৱস্থাপনা নিশ্চিত কৰাতো সাহাৰ্য্য অভিযানৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। সাহাৰ্য্য সামগ্ৰী সংগ্ৰহ, টোপোলা কৰা, যাতায়ত, জমা ৰখা আৰু বিতৰণৰ ক্ষেত্ৰত অভিযান প্ৰক্ৰিয়াৰ মানদণ্ডত নিশ্চিত কৰিব লাগে আৰু ইয়াক সংগঠিত ভিত্তিত হ’ব লাগে। প্ৰভাৱিত জনসাধাৰণ আৰু স্থানীয় কৰ্তৃপক্ষই যুটীয়াভাৱে সাহাৰ্য্য শিবিৰ পৰিচালনা কৰিব লাগে। নগদ বা সামগ্ৰীৰ বৰঙণিৰ গ্ৰহণৰ ব্যৱস্থাটোত যাতে স্বচ্ছতা আৰু দায়বদ্ধতা নিশ্চিত হয় তাৰ বাবে নিৰ্দেশনা প্ৰস্তুত কৰা হ’ব।

সাহাৰ্য্যৰ মানদণ্ডৰ পৰ্য্যালোচনা

৮.৪.১ দুৰ্যোগত প্ৰভাৱিত জনসাধাৰণৰ সমসাময়িক প্ৰয়োজনীয়তাসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰি বহুবোৰ ৰাজ্যত ইতিমধ্যেই থকা সাহাৰ্য্যৰ মানদণ্ডৰ পৰ্য্যালোচনাৰ প্ৰয়োজনীয়তা আছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই সাহাৰ্য্যৰ নীতি-নিয়ম/হাতপুথি পুনৰবিবেচনা কৰিব পাৰে আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্বৰ নিৰ্দেশাৱলী অনুসৰি সাহাৰ্য্যৰ নিয়ম, মানদণ্ড আৰু পৰ্য্যায়ৰ দুৰ্যোগ ব্যৱস্থাপনাৰ নীতি প্ৰস্তুত কৰিব।

অস্থায়ী জীৱিকাৰ বিকল্প আৰু সামাজিক অৰ্থনৈতিক পুনৰসংস্থাপন

৮.৫.১ সাধাৰণতে ডাঙৰ দুৰ্যোগ হোৱাৰ পিছত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে অস্থায়ী জীৱিকাৰ বিকল্প সৃষ্টিৰ দাবী উত্থাপন হয়। সেয়েহে ৰাজ্য চৰকাৰে তেওঁলোকৰ দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনাত এই বিষয়টো সন্নিৱিষ্ট কৰিব লাগে। যদিহে কোনো বিকল্প গ্ৰহণ কৰা হয় তেন্তে সেই সম্পত্তি, আন্তঃগাঁঠনি আৰু আন সা-সামগ্ৰীসমূহ যাতে ক্ষয় ক্ষতি নোহোৱা, মজবুত, ধাৰণশীল আৰু খৰছ দক্ষ হয় সেইটো নিশ্চিত কৰিব লাগে।

মধ্যৱৰ্তী আশ্ৰয়ৰ ব্যৱস্থা

৮.৬.১ ধ্বংসাত্মক দুৰ্যোগৰ ক্ষেত্ৰত, য’ত বতৰৰ অৱস্থা অতি বেয়া আৰু জীৱনৰ বাবে বিপদজনক হব পাৰে বা যদিহে অস্থায়ীভাৱে থকা আশ্ৰয়ৰ সময়কাল অধিক হয় বা কিমান দিন থাকিব লাগিব তাৰ কোনো নিশ্চয়তা নাথাকে তেনে ক্ষেত্ৰত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে গ্ৰহণযোগ্য এটা জীৱনৰ মানদণ্ড নিশ্চিত কৰিবলৈ মধ্যৱৰ্তীকালীন আশ্ৰয়ৰ ব্যৱস্থা উপযুক্ত অনাময়ৰ সুবিধাসহ নিৰ্মাণ কৰিব লাগে। এনে আশ্ৰয় গৃহসমূহৰ আৰ্হি পৰিৱেশ ভাৱাপন্ন হ’ব লাগে আৰু স্থানীয় সংস্কৃতিৰ লগত সামঞ্জস্য থকা হ’ব লাগিব। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই স্বাভাৱিক অৱস্থাতে মধ্যৱৰ্তীকালীন আশ্ৰয়গৃহৰ পৰিকল্পনা কৰিব লাগে আৰু এইটো ব্যয় সাপেক্ষ আৰু স্থানীয় প্ৰয়োজনীয়তাৰ ভিত্তিত বহুমুখী ব্যৱহাৰৰ সম্ভাৱনা থাকিব লাগে।

পুনৰ্নিমাণ আৰু পুনৰুদ্ধাৰ

অভিগমন

৯.১.১ পুনৰ্নিমাণ ব্যৱস্থাটো লৈ সমন্বিতভাৱে অভিগমন কৰিব লাগে আৰু ইয়াক সুযোগ হিচাপে গ্ৰহণ কৰিব লাগে। এই কাৰ্য্যত দুৰ্যোগ প্ৰতিৰোধী বৈশিষ্ট্যসমূহ সন্নিৱিষ্ট কৰি “পুনৰ উত্তম নিৰ্মাণ” ৰ মূল নীতি মানি চলিব লাগে। সংশ্লিষ্ট সকলোৰে এই কাৰ্য্যত ধৰ্য্য আৰু সহিষ্ণুতাসহ প্ৰচেষ্টাৰ পৰিমাণ। প্ৰশাসন, সংশ্লিষ্ট সংগঠনসমূহ আৰু ৰাইজে এই সময়ছোৱাত জৰুৰী প্ৰয়োজনীয়তাক গুৰুত্ব প্ৰদান নকৰি ধৈৰ্য্য সহকাৰে এই কামত ব্ৰতী হ’ব লাগে। উপযুক্ত প্ৰযুক্তি আৰু প্ৰয়োজনীয় পৰিমাণ নিৰ্ধাৰণ কৰোতে এই বিষয়টো গুৰুত্ব দিব লাগে যাতে ই ক্ষতিগ্ৰস্ত ৰাইজ আৰু ওচৰ-চুবুৰীয়াৰ শাৰিৰীক, সামাজিক-সংস্কৃতিক বা অৰ্থনৈতিক পৰিৱেশত পাৰ্শ্ব-প্ৰভাৱ নেপেলায়। পুনৰনিৰ্মাণ আৰু পুনৰউদ্ধাৰ সময়ছোৱাত মানসিক-সামাজিক আৰু মানসিক অৱ্স্থাৰ পৰামৰ্শ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰি ইয়াক কাৰ্য্যকৰীকৰণ কৰিব লাগে।

নিজাকৈ পুনৰ্নিমাণ কাৰ্য্য

৯.২.১ এটা গৃহৰ আৰ্হি আৰু পুনৰ্নিমাণৰ পৰিকল্পনাত চৰকাৰ, ক্ষতিগ্ৰস্ত ৰাইজ, বেচৰকাৰী সংগঠন আৰু ব্যৱসায়িক গোষ্ঠীসমূহৰ অংশিদাৰত্বত হয়। পৰিকল্পনাৰ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিছত যেতিয়া কোনো লোকে নিজাকৈ ঘৰ নিৰ্মাণ কৰাতো পছন্দ কৰে। তেনে ক্ষেত্ৰত বেচৰকাৰী সংগঠন আৰু ব্যৱসায়িক গোষ্ঠীৰ অৰিহণা উৎসাহিত কৰা হ’ব। চৰকাৰে নিৰ্দিষ্ট কৰি দিয়া বিশেষ মানদণ্ডৰ ভিতৰত পুনৰনিৰ্মাণৰ কাৰ্য্যসূচী সীমিত থাকিব লাগিব।

দ্ৰুত পুনৰ্নিমাণ

৯.৩.১ অত্যাৱশ্যকীয় সেৱাসমূহ, সামাজিক আন্তঃগাঁঠনি আৰু মধ্যৱৰ্তীকালীন আৱাসগৃহ/শিৱিৰসমূহ যিমান সম্ভৱ কম সময়ত স্থাপন কৰিব লাগে। স্থায়ী পুনৰ্নিমাণৰ ক্ষেত্ৰত সাধাৰণতে গৃহ নিৰ্মাণৰ কামসমূহ ২-৩ বছৰৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগে। সংশ্লিষ্ট কেন্দ্ৰীয় মন্ত্ৰালয়/বিভাগসমূহ আৰু ৰাজ্য চৰকাৰে পুনৰ্নিমাণৰ কাম-কাজসমূহ দ্ৰুততাৰে কৰিব পৰাকৈ এটা নিষ্ঠাৱান প্ৰকল্পৰ দল গঠন কৰিব লাগে।

৯.৩.২ অতি বেছি দুৰ্যোগৰ সম্ভৱনাপূৰ্ণ অঞ্চলত পুনৰনিৰ্মাণৰ আকস্মিক পৰিকল্পনা স্বাভাৱিক অৱস্থাতেই প্ৰস্তুত কৰি ল’ব লাগে। এই পৰিকল্পনাত স্থাপত্য আৰু গঠনৰ আৰ্হি আদিসমূহ বিভিন্ন দক্ষ সংগঠনৰ লগত আলোচনা মৰ্মে প্ৰস্তুত কৰিব লাগে।

পুনৰ উদ্ধাৰৰ লগত নিৰাপদ উন্নয়নৰ সম্পৰ্ক স্থাপন

৯.৪.১ পিছলৈ আৰু আগলৈ থকা সামাজিক আৰু অৰ্থনৈতিক আন্তঃগাঁঠনি আৰু দূৰ্বলতাসমূহৰ মাজত থকা ব্যৱধানসমূহ আতঁৰ কৰিবলৈ গুৰুত্ব প্ৰদান কৰা হ’ব। জীৱিকাৰ পদ্ধতি, শিক্ষা, স্বাস্থ্য যত্নৰ সুবিধাসমূহ, বয়োজ্যেষ্ঠলোকৰ যত্ন, মহিলা আৰু শিশু আদিবোৰৰ ক্ষেত্ৰত সহায় আৰু সামৰ্থ বৃদ্ধি কৰিবলৈ প্ৰচেষ্টা হাতত লোৱা হ’ব। ৰাষ্টা-ঘাট, গৃহ, খোৱা পানীৰ উৎস, অনাময়ৰ সুবিধা, ঋণৰ উপলব্ধতা, কৃষিজ প্ৰয়োজনসমূহৰ যোগান, পথাৰ আৰু অ-পথাৰ প্ৰযুক্তিসমূহৰ উন্নতকৰণ, গুদাম ঘৰ, প্ৰক্ৰিয়াকৰণ, বজাৰ আদিসমূহৰ উন্নয়নৰ ক্ষেত্ৰতো মনোযোগ প্ৰদান কৰা হ’ব।

জীৱিকাৰ পুনৰ প্ৰতিষ্ঠা

৯.৫.১ ৰাজ্য চৰকাৰে দুৰ্যোগত প্ৰভাৱিত লোকসকল আৰু মহিলা মুৰব্বীৰ পৰিয়াল, শিপিনী, খেতিয়ক আৰু দুৰ্বল আৰু দাৰিদ্ৰ শ্ৰেণীৰ প্ৰয়োজনীয়তাৰ ওপৰত বিশেষ মনোযোগ প্ৰদান কৰি স্থায়ী জীৱিকা পুনৰ প্ৰতিষ্ঠা কৰাত গুৰুত্ব প্ৰদান কৰিব লাগে।

ক্ষমতাৰ বিকাশ

প্ৰবজন- গাঁৱৰ পৰা চহৰলৈ

অভিজ্ঞতাৰ ব্যৱস্থাপনা

অভিগমন

১১.১.১ তথ্যভিজ্ঞ সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়া শক্তিশালী কৰিবলৈ অভিজ্ঞতা ব্যৱস্থাপনাই প্ৰযুক্তি কেন্দ্ৰীক সংগঠনসমূহ আৰু পৰিৱেশগত অভ্যাসসমূহ সংশ্লেষণ কৰে। দুৰ্যোগ ব্যৱস্থাপনা বিষয়ক অভিজ্ঞ প্ৰতিষ্ঠানসমূহৰ মাজত তেওঁলোকৰ অভিজ্ঞতা আৰু জ্ঞান বিনিময়ৰ বাবে এটা যোগসূত্ৰৰ সৃষ্টি কৰাৰ প্ৰয়োজনীয়তা আছে। আনহাতে, জ্ঞান বৰ্ধনৰ বাবে মূখ্য প্ৰতিষ্ঠান ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিষ্ঠানে প্ৰাথমিকভাৱে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব আৰু একেধৰণৰ আন প্ৰতিষ্ঠানসমূহে অভিজ্ঞতাসমূহ সংশ্লেষণ কৰাত, তথ্য ব্যৱস্থাপনা আৰু এওঁলোকৰ গোটসমূহ, বিশেষকৈ আন আন প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহলৈ এইসমূহ বিতৰণৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।

বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ উমৈহতীয়া প্ৰয়োগ

১১.২.১ ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰালয় আৰু ভূমি বিজ্ঞান মন্ত্ৰালয়ৰ লগতে আন আন সংশ্লিষ্ট বিভাগসমূহে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্বৰ লগত আলোচনা কৰি গৱেষণাৰ নিৰ্দিষ্ট প্ৰয়োজনীয়তাসমূহ আৰু বিষয়সমূহ চিনাক্ত কৰাৰ লগতে এনে গৱেষণা কাৰ্য্য চলাবলৈ বিষয় ভিত্তিক দক্ষতা আৰু জ্ঞান থকা প্ৰতিষ্ঠানসমূহক দায়িত্ব প্ৰদান কৰিব।

অভিজ্ঞ প্ৰতিষ্ঠানসমূহ

১১.৩.১ ৰাষ্ট্ৰীয় আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰতিষ্ঠানে আন প্ৰতিষ্ঠানসমূহৰ সহযোগত শৈক্ষিক আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহ গঢ়ি তুলিব। এই প্ৰতিষ্ঠানসমূহ দুৰ্যোগ ব্যৱস্থাপনা সম্পৰ্কীয় জ্ঞানৰ ভাণ্ডাৰ হ’ব আৰু ই জ্ঞানৰ ভেটি সৱল কৰিবলৈ চেষ্টা কৰিব।

তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ জড়িয়তে জ্ঞানৰ প্ৰচাৰ

প্ৰযুক্তিগত স্থানীয় জ্ঞান

১১.৪.১ ভাৰতবৰ্ষৰ বিভিন্ন অংশত প্ৰাচীন কালৰে পৰাই চেষ্টা আৰু পৰীক্ষামূলক অভ্যাসেৰে দুৰ্যোগৰ মুখামুখী হোৱা বিভিন্ন প্ৰযুক্তিগত জ্ঞান আৰু অভিজ্ঞতা চলি আহিছে। এই মূল্যৱান ঐতিহ্যসমূহ নথিভুক্ত কৰিবলৈ এটা প্ৰচেষ্টা হাতত লোৱাৰ লগতে এইসমূহ সমসাময়িক পদ্ধতিৰ জড়িয়তে প্ৰমাণিত কৰি ইয়াৰ ফলাফলসমূহ প্ৰভাৱিত ৰাইজৰ মাজলৈ প্ৰচাৰ কৰা হ’ব আৰু ইয়াৰ যোগেৰে দুৰ্যোগ ব্যৱস্থাপনাত ৰাইজৰ প্ৰচেষ্টাক গুৰুত্ব প্ৰদান কৰা হ’ব।

ভাৰত দুৰ্যোগ সমলৰ যোগসূত্ৰসমূহ

১১.৫.১ ভাৰতীয় দুৰ্যোগ সমলৰ যোগসূত্ৰসমূহৰ আন্তঃগাঁঠনিত বিভিন্ন অভিকৰণ, বিষয় আৰু শাখাৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সমলসমূহ সন্নিৱিষ্ট কৰি ভৱিষ্যতে প্ৰসাৰিত কৰা হ’ব। প্ৰাসংগিক তথ্যসমূহ ৰাইজে সহজে বিচাৰি পোৱা আৰু ব্যৱহাৰ কৰিব পৰা আৰু অনলাইনত উন্নীত কৰিব পৰাকৈ ৰাজহুৱা ৱেবচাইটত প্ৰকাশ কৰা হ’ব।

ভাৰতীয় দুৰ্যোগ জ্ঞানৰ যোগসূত্ৰ

১১.৬.১ দুৰ্যোগ ব্যৱস্থাপনাৰ জ্ঞান আৰু অভিজ্ঞতাৰ বিনিময়, প্ৰাসংগিক বিষয়সমূহৰ বিশেষজ্ঞৰ লগত আলোচনা আৰু প্ৰশ্নোত্তৰৰ বাবে এখন পৃথক মঞ্চ হিচাপে দুৰ্যোগ জ্ঞান যোগসূত্ৰ ৱেবচাইট এটা প্ৰস্তুত কৰা হ’ব। এই ৱেবচাইটোৰ যোগেৰে দুৰ্যোগ ব্যৱস্থাপনাৰ তথ্যসমূহ সংগ্ৰহ বিতৰণ আৰু তুলনা কৰা হ’ব। ইয়াৰ লগত সকলো চৰকাৰী বিভাগ, বৈধানিক অভিকৰণ, গৱেষণা সংগঠনসমূহ/প্ৰতিষ্ঠানসমূহ আৰু মানৱতাবাদী সংগঠনসমূহক তেওঁলোকৰ জ্ঞান আৰু কাৰিকৰী দক্ষতাৰ বিনিময় কৰিবলৈ সংযোজিত কৰা হ’ব।

ভাল অভ্যাস আৰু গৱেষণাৰ নথিভুক্তিকৰণ

১১.৭.১ যিকোনো দুৰ্যোগৰ পিছতেই অভিজ্ঞ লোকৰ সহায়ত প্ৰতিষ্ঠানিক পৰিমাণৰ বাবে ক্ষেত্ৰ অধ্যয়ন কৰা হ’ব। এই অধ্যয়ন ইতিমধ্যে থকা প্ৰতিৰোধসমূহ আৰু উপশমৰ পৰিমাণসমূহৰ মাজত থকা ব্যৱধানসমূহ চিনাক্ত কৰা আৰু আগতীয়া প্ৰস্তুতি আৰু সঁহাৰিৰ মূল্যায়নৰ ওপৰত কেন্দ্ৰীভূত কৰা হ’ব। একেদৰেই পাৰ হৈ যোৱা দুৰ্যোগৰ পাঠসমূহ একত্ৰীকৰণ কৰি নথিভুক্ত কৰা হ’ব। ভৱিষ্যতৰ দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰক্ৰিয়া আৰু প্ৰশিক্ষণ উন্নত কৰিবৰ বাবে উদ্ধাৰ আৰু পুনৰনিৰ্মাণ প্ৰক্ৰিয়াসমূহো বিশ্লেষণ কৰা হ’ব। বিশেষজ্ঞসকলৰ সহায়ত দুৰ্যোগ ব্যৱস্থাপনাৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানে বিশেষ পৰিস্থিতি অধ্যয়নৰ বিকাশ আৰু উন্নত অভ্যাসসমূহ নথিভুক্ত কৰি পেশাদাৰীভাৱে এখন প্ৰাসংগিক পুথি প্ৰস্তুত কৰিব। এই অভিজ্ঞতাসমূহ দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সংশ্লিষ্ট সকলোৰে বাবে প্ৰচাৰ কৰা হ’ব।

গৱেষণা আৰু উন্নয়ন

অভিগমন

১২.১.১ কিছুমান বিষয়ত সাহাৰ্য্য কেন্দ্ৰীক অভিগমনত গৱেষণা আৰু উন্নয়নৰ প্ৰচেষ্টা আবদ্ধ কৰি ৰাখে। এই বিষয়সমূহ চিনাক্ত কৰি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ বিভিন্ন দুৰ্যোগৰ বাবে প্ৰয়োজন হোৱা বৃহৎ গৱেষণাৰ চাহিদাসমূহ পূৰণ কৰাত যত্নপৰ হ’ব লাগে। এনে ক্ষেত্ৰত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাক উৎসাহিত কৰা হ’ব।

প্ৰতিষ্ঠানিক ব্যৱস্থাসমূহ

১২.২.১ গৱেষণা আৰু উন্নয়নৰ প্ৰচেষ্টা, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সহজ, বিকল্প আৰু উত্তম উপায় আগবঢ়োৱাৰ ভিত্তিত সম্পূৰ্ণ দুৰ্যোগ ব্যৱস্থাপনাৰ আন্তঃগাঁঠনি প্ৰস্তুত হ’ব লাগে। দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত কাম কৰি থকা বিভিন্ন গোট আৰু প্ৰতিষ্ঠানৰ মাজত উন্নত বুজাবুজিৰে এক সক্ৰিয় কৌশলৰ সৃষ্টিক গুৰুত্ব প্ৰদান কৰা হ’ব। সম্ভাৱনাসমূহ, তথ্যসমূহ আৰু এই প্ৰচেষ্টাৰ যোগেৰে বিনিময় কৰাত উৎসাহিত কৰা হ’ব। ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্য্যায়ত প্ৰতিভাশালী গোটসমূহৰ যোগেৰে স্বচ্ছ আৰু নিয়মানুৱৰ্ত্তিতাৰ বিষয়সমূহ “অনুকলন” কৰাৰ চেষ্টা কৰা হ’ব। কেন্দ্ৰীয় মন্ত্ৰালয়সমূহ আৰু কৃষি, পৰমাণু শক্তি, ভূ-বিজ্ঞান, পৰিৱেশ আৰু বন, স্বাস্থ্য, উদ্যোগ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, মহাকাশ আদি বিভাগসমূহৰ লগত শৈক্ষিক প্ৰতিষ্ঠানসমূহ যেনে, ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আৰু বিশ্ববিদ্যালয়সমূহৰ মাজৰ নিকট ভাৱ বিনিময় অক্ষুন্ন ৰখা হ’ব।

গৱেষণাৰ প্ৰয়োজনীয়তা আৰু প্ৰবৰ্ধনৰ চিনাক্তকৰণ

১২.৩.১ দুৰ্যোগৰ বিপদসমূহ কম কৰিবলৈ বহল ভিত্তিত গৱেষণাসমূহ চিনাক্ত কৰিবৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্বই ইতিমধ্যে বৈজ্ঞানিক আৰু প্ৰযুক্তিগত প্ৰতিষ্ঠানসমূহৰ বিশেষজ্ঞৰে এটা কেন্দ্ৰীয় গোট গঠন কৰা হৈছে। এই গোটে গৱেষণাৰ অংশিদাৰ/অভিকৰণ/গোটসমূহক তেওঁলোকৰ নিজা অভিজ্ঞতা আৰু দক্ষতাৰ ভিত্তিত চিনাক্ত কৰিব। ভাৰতত জলবায়ুৰ পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতাৰ লগত সংগতি থকা বিষয়সমূহতো গুৰুত্ব প্ৰদান কৰা হ’ব।

১২.৩.২ প্ৰাকৃতিক দুৰ্যোগৰ লগতে প্ৰযুক্তিগত আৰু মানৱ সৃষ্ট দুৰ্যোগসমূহৰ ওপৰতো গৱেষণা কৰা হ’ব। অনুৰূপ ক্ষুদ্ৰাঞ্চল আৰু দৃশকল্পৰ বিকাশৰ অধ্যয়নসমূহক উৎসাহিত কৰা হ’ব যাৰ দ্বাৰা এইবোৰ দুৰ্যোগৰ হৰ্ষম্যাদী আৰু দীৰ্ঘম্যাদী পৰিঘটনাসমূহ নিৰূপিত কৰিব পৰা যাব।

আগত কামসমূহ

 

১৩.১.১ এই নীতিসমূহ এই বিষয়ক প্ৰথম পদক্ষেপে বিভিন্ন প্ৰতিষ্ঠানিক আৰু ব্যক্তিবিশেষে সকলো স্তৰত প্ৰয়োজন হোৱা বিশেষ কাম-কাজসমূহ কৰিব বুলি আশা কৰা হৈছে। ইয়াক লক্ষ্যসমূহৰ বৰ্ণনা কৰা হৈছে আৰু নিৰ্দেশনাসমূহ দাঙি ধৰা হৈছে। স্তৰ স্থিৰ কৰা হৈছে আৰু পথ নিৰ্দেশনাও আছে কেৱল এতিয়া কাৰ্য্যকৰী কৰিব লাগে।

১৩.১.২ এই নথিখনত গুৰুত্বপূৰ্ণ সাৰাংশ, যোগ্যতাপূৰ্ণ পৰিৱেশ আদিসমূহ সন্নিৱিষ্ট কৰি সংসদৰ যোগেৰে এখন আইন হিচাপে প্ৰস্তুত কৰিবলৈ চেষ্টা কৰা হৈছে যিয়ে দুৰ্যোগৰ বিষয়ে কাম কৰিব যি দুৰ্যোগে বিগত সময়ছোৱাত মানুহৰ ধন আৰু সম্পত্তি হানি কৰাৰ লগতে ৰাইজৰ অৰ্থনৈতিক স্থিতিত প্ৰভাৱ পেলাইছিল। ইয়াত এইটোও বৰ্ণনা কৰা হৈছে যে দুৰ্যোগে কেৱল অৰ্থনৈতিক আৰু উন্নয়নতেই প্ৰভাৱ নেপেলায় ই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ পৰিৱেশতো ভয়াৱহভাৱে প্ৰভাৱ পেলায়।

১৩.১.৩ ধাৰণা কৰা হৈছে যে নতুনকে গঠন কৰা দুৰ্যোগ ব্যৱস্থাপনাৰ আন্তঃগাঁঠনিত বহু স্তৰৰ দুৰ্যোগ সম্পৰ্কীয় প্ৰতিভাশীল গোটে কাম কৰিব আৰু ৰাষ্ট্ৰীয় দৃষ্টিভংগী উপলব্ধি কৰাত সহায়ক হ’ব।

১৩.১.৪ বছৰৰ পিছত বছৰ ধৰি দুৰ্যোগৰ পিছত খৰছ কৰি থকাতকৈ প্ৰতিৰোধ, আগতীয়া প্ৰস্তুতি আৰু উপশমৰ বাবে প্ৰয়োজন হোৱা বিত্তীয় আবন্তন দিয়াৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় নেতৃত্বৰ অনুভৱ ইয়াত দৃঢ়ভাৱে প্ৰকাশ পাইছে।

১৩.১.৫ এই নীতিয়ে ইয়াত উল্লেখিত কামসমূহ কৰি যাব। যদিহে ইয়াৰ দায়বদ্ধতাসহ কামসমূহ আগবঢ়ায় নিয়া ক্ষেত্ৰত কাৰোবাক ভাৰ দিয়া হৈছে তেন্তে এই নীতিৰ যোগেৰে তেওঁলোকে প্ৰয়োজনীয় শক্তি আৰু নিৰ্দেশনা লাভ কৰিব।

সংক্ষিপ্তকৰণ

ARMVs            দূৰ্ঘটনা সাহাৰ্য্যকাৰী চিকিৎসা বাহনসমূহ

BIS                        ভাৰতীয় মানদণ্ডৰ দপ্তৰ

CBOs              ৰাজহুৱা ভিত্তিক প্ৰতিষ্ঠানসমূহ

CBRN             ৰাসায়নিক, জৈৱিক, ৰেডিঅ’লজিকেল আৰু পাৰমাণৱিক

CCMNC           প্ৰাকৃতিক বিপৰ্য্যয়ৰ ব্যৱস্থাপনাৰ মন্ত্ৰীসভাৰ সমিতি

CCS               সুৰক্ষাৰ মন্ত্ৰীসভাৰ সমিতি

CSR               ব্যৱসায়িক সামাজিক দায়বদ্ধতা

CRF               বিপৰ্য্যয় সাহাৰ্য্য পুঁজি

DDMA            জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্ব

DM                        দুৰ্যোগ ব্যৱস্থাপনা

GIS                        ভৌগোলিক তথ্য পদ্ধতি

Gol                        ভাৰত চৰকাৰ

GPS               গোলকীয় স্থানাংক পদ্ধতি

HLC               উচ্চ স্তৰীয় সমিতি

HPC               উচ্চ ক্ষমতাসম্পন্ন সমিতি

IAY                        ইন্দিৰা আৱাস যোজনা

ICS                        ঘটনা নিৰ্দেশ পদ্ধতি

ICT                        তথ্য আৰু যোগাযোগ প্ৰযুক্তি

IDRN              ভাৰত দুৰ্যোগ সমল যোগসূত্ৰ

IITs                        ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানসমূহ

IMC               আন্তঃমন্ত্ৰালয় সমিতি

IMG               আন্তঃমন্ত্ৰালয় গোট

IT                  তথ্য প্ৰযুক্তি

ITIs                ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহ

ITK                প্ৰযুক্তিগত স্থানীয় জ্ঞান

MHA              গৃহ পৰিক্ৰমাৰ মন্ত্ৰালয়

NBC               পাৰমাণৱিক, জৈৱিক আৰু ৰাসায়নিক

NCC               ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী

NCCF             ৰাষ্ট্ৰীয় বিপৰ্য্যয় আকস্মিক পুঁজি

NCMC            ৰাষ্ট্ৰীয় অনাটন ব্যৱস্থাপনা সমিতি

NDEM             জৰুৰীকালীন ব্যৱস্থাপনাৰ ৰাষ্ট্ৰীয় তথ্যকোষ

NDMA            ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্ব

NDMRCs         ৰাষ্ট্ৰীয় দুৰ্যোগ উপশম সমল কেন্দ্ৰসমূহ

NDRF             ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী

NEC               ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহক কমিটি

NGOs             বেচৰকাৰী সংগঠনসমূহ

NIDM             ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিষ্ঠান

NITs               ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানসমূহ

NSDI              ৰাষ্ট্ৰীয় ব্যাপনস্থল তথ্য আন্তঃগাঁঠনি

NSS               ৰাষ্ট্ৰীয় সেৱা আঁচনি

NYKS              নেহেৰু যুৱ কেন্দ্ৰ সংগঠন

PPP                ৰাজহুৱা ব্যক্তিগত অংশিদাৰিত্ব

PRIs               পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানসমূহ

R & D             গৱেষণা আৰু উন্নয়ন

SAARC            দক্ষিণ এছিয়া সহযোগিতাৰ আঞ্চলিক সংগঠন

SDMA             ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃত্ব

SDRF              ৰাজ্যিক দুৰ্যোগ সঁহাৰি বল

SEC                ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সমিতি

SOPs              মানদণ্ড পৰিচালনাৰ প্ৰক্ৰিয়া

ULBs              নগৰীয় স্থানীয় পৰিষদ

UN                ৰাষ্ট্ৰসংঘ

UTs                কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ

উৎস: আইএনডিজি দল

শেহতীয়া উন্নীতকৰণ: : 7/3/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate