অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভূমিকম্প

নিৰাপত্তাৰ বাবে নিয়মাৱলী

  • ভূমিকম্পৰ আগমূহুৰ্ত্তত, চলি থকা অৱস্থাত আৰু হৈ যোৱাৰ পাছত আপুনি গ্ৰহণ কৰা

সতৰ্কতা মূলক ব্যৱস্থাই আপোনাৰ নিজৰ, পৰিয়াল বৰ্গৰ ওচৰ-চুবুৰীয়াৰ জীৱন আৰু মৰণৰ মাজত ভালেখিনি পাৰ্থক্যৰ সৃষ্টি কৰিব পাৰে। নিম্নলিখিত সাধাৰণ নিয়মাৱলীয়ে অপোনাৰ জীৱন ৰক্ষাত সহায় কৰিব।

ভূমিকম্পৰ আগমূহুৰ্ত্তত

  • খোৱা পানী, সামান্য খাদ্য-সামগ্ৰী, প্ৰাথমিক সাহাৰ্য্যৰ বাবে প্ৰয়োজনীয় দৰব-পাতি, ৰচি, টৰ্চ লাইট, মমবাতি, বেলচা, চিপ্ৰাং আদি আৱশ্যকীয় সা-সঁজুলি ৰাখিব।
  • পানী গৰম কৰা যন্ত্ৰ আৰু বাষ্পচালিত সা-সঁজুলী আদি যাতে সুদৃঢ় ভাৱে স্থাপন কৰা হয়, সেই বিষয়ে নিশ্চিত হ’ব। এনে ধৰণৰ সা-সৰঞ্জাম আদি ব্যৱহাৰ নকৰা অৱস্থাত যাতে বন্ধ থাকে (বিজুলী সৰবৰাহ) তাৰ প্ৰতি সতৰ্ক হ’ব। কিয়নো ভঙা গেচ পাইপৰ পৰা জুই লগাৰ অম্ভাৱনা থাকে।
  • বেৰত যদি কোনো ঠাক অথবা তেনে ধৰণৰ বস্তু লগোৱা তাকে সেইবোৰ মজবুত হৈ আছেনে নাই পৰীষ=ক্ষা কৰি চাব। এনে ঠাকত গধুৰ আৰু ডাঙৰ বস্তু তলত ৰাখিব।
  • ওচৰৰ প্ৰাথমিক সাহাৰ্য্য কেন্দ্ৰ, অসামৰিক প্ৰতিৰক্ষাৰ ৱাৰ্ডেন পষ্ট আৰু অগ্নি নিৰ্ব্বাপক বাহিনীৰ কাৰ্য্যালয় জানি থওঁক।
  • আপোনাৰ ঘৰৰ বাহিৰৰ সুৰক্ষিত ঠাই সমূহ চিনাক্ত কৰক। সুৰক্ষিত ঠাইবোৰ হ’ল – ঘৰ, গছ, টেলিফোন, বৈদ্যুতিক তাঁৰ আদিৰ পৰা আতৰৰ মুকলি ঠাই।
  • আপোনাৰ টেলিফোনটোৰ ওচৰত এখনি সংশোধিত জৰুৰী টেলিফোন নম্বৰৰ তালিকা আঠা লগাই ৰাখক।
  • অসামৰিক প্ৰতিৰক্ষা সংগঠনত যোগ দিয়ক আৰু সাহাৰ্য্য, উদ্ধাৰ কাৰ্য্য, অগ্নি নিৰ্বাপন আদি বিষয়ত প্ৰশিক্ষণ লওঁক। এনে প্ৰক্ষিক্ষণে আপোনাক, আপোনাৰ পৰিয়ালক আৰু ওচৰ-চুবুৰীয়া সকলোকে সহায় কৰিব।
  • ভূমিকম্পৰ সময়ত কৰিব লগা কছৰৎ আপোনাৰ ঘৰত মাজে সময়ে অভ্যাস কৰিব। কিয়নো এনে কৰিলে ভূমিকম্পএ সময়ত আপোনাৰ পৰিয়াল অনাৱশ্যকীয় সংঘাত আৰু ত্ৰাসৰ পৰা ৰক্ষা পৰিব।
  • পৰিয়ালৰ দায়িত্বশীল ব্যক্তিয়ে বিদ্যুৎ, পানী আৰু বাষ্প সৰবৰাহ কেনেকৈ বন্ধ কৰিব লাগে সেই বিষয়ে জানি থব লাগে।
  • আপোনাৰ পৰিয়ালৰ সকলোৰে কাৰণে সংক্ৰামক ব্যাধি প্ৰতিষেধক ব্যৱস্থা যথা সময়ত গ্ৰহণ কৰক।
  • ভূমিকম্পৰ সময়ত, বিভিন্ন পৰিস্থিতিত যেনে – ঘৰত থাকোতে, যান-বাহন চলাই থাকোতে, দোকান, থিয়েটাৰ, চিনেমা ঘৰত থাকিলে কি কৰা উচিত, সেই বিষয়ে জানি থওঁক।

অগ্নি নিৰ্ব্বাপনৰ প্ৰয়োজনীয় ব্যৱস্থা প্ৰস্তুত ৰাখিব যেনে :

  • ওচৰত যথেষ্ট পানী, শুকান বালি জমা ৰাখিব।
  • সহজে জুই লাগিব পৰা সামগ্ৰী কোঠাৰ ওপৰ ভাগত নাৰাখিব।
  • প্ৰয়োজনীয় অথচ সহজতে জুই লাগিব পৰা সামগ্ৰী পৃথক পৃথক কৈ ৰাখিব।

ভূমিকম্পৰ সময়ত

  • বিহ্বল নহ’ব। জোকাৰণি ভয় কৰিব লগীয়া বিধৰ হ’ব পাৰে ; কিন্ত এই জোকাৰণিৰ ফলত আপোনাৰ ওপৰত কিবা এটা নপৰা পৰ্য্যন্ত ই অনিষ্টকাৰী নহয়। সাধাৰণতে পৃথিৱীখন ফাটি নাযায় বা ওচৰৰ কোনো ঠাই গ্ৰাস নকৰে। গতিকে অধৈৰ্য্য নহ’ব।
  • ঘৰৰ আঁতৰৰ খোলা ঠাই ভূমিকম্পৰ সময়ত আটাইতকৈ নিৰাপদ স্থান। কিন্ত এনে ঠাই নাথাকিলে ভূমিকম্প হৈ থকা সময়ত ঘৰৰ পৰা লৰি বাহিৰলৈ ওলাবলি যত্ন নকৰিব।
  • যদি আপুনি ঘৰৰ ভিতৰত থকা অৱস্থাত ভূমিকম্প হয়, আপুনি ভিতৰতে ৰ’ব। ডেস্ক, টেবুল, বেঞ্চ আদিৰ তলত আশ্ৰয় লব আৰু চাব যাতে সেই স্থান ভিতৰ বেৰৰ কাষত হয়। আইনাৰ ওচৰৰ পৰা আঁতৰি থাকিব। যেতিয়া জোকাৰণি চলি থাকে চিৰি অথবা লিফটেৰে বাহিৰলৈ ওলাবলৈ চেষ্টা নকৰিব।
  • মমবাতি দিয়াচলাই বা আন তেনে ধৰণৰ খোলা জুই ভূমিকম্পৰ সময়ত ব্যৱহাৰ নকৰিব। জুই নুমুৱাই থব।
  • ঘৰৰ বাহিৰত থাকোঁতে যদি ভূমিকম্প হয়, জোকাৰণি শেষ নোহোৱা পৰ্য্যন্ত আপুনি তাতে ৰব।
  • ঘৰৰ ভিতৰলৈ অথবা ঘৰৰ কাষেদি লৰি নাযাব। কিয়নো, ঘৰ ভাঙি বাহিৰৰ ফালে পৰাৰ সম্ভাৱনা থাকে।
  • যদি আপুনি চলন্ত গাড়ীত থকা অৱস্থাত ভূমিকম্প আহে তেন্তে নিৰাপদভাৱে যিমান সোনকালে পাৰে গাড়ীখন ৰাখিব আৰু তাৰ ভিতৰতে আপুনি থাকিব। ভূমিকম্প চলি থকালৈকে গাড়ীত কম্পন অনুভৱ কৰিব, কিন্ত ভূমিকম্প শেষ নোহোৱা পৰ্যন্ত তাতে থকাই আপোনাৰ বাবে নিৰাপদ।

ভূমিকম্পৰ পাছত

  • আপোনাৰ ঘৰৰ বিজুলী, পানী আৰু গেচ লাইন পৰীক্ষা কৰিব, কিন্ত সৰবৰাহ বন্ধ কৰিয়েই ৰাখিব, কিয়নো ভূমিকম্পৰ জোকাৰণি সেইবোৰত বিজুতি ঘটাব পাৰে।
  • যদি আপুনি গেচৰ গোন্ধ পায়, খিৰিকি খুলি দিব আৰু “মেইন ভাল্‌ভ” বন্ধ কৰি দিব। তেতিয়া ঘৰৰ বাহিৰলৈ ওলাই যাব আৰু কৰ্ত্তৃপক্ষক খবৰ দিব।
  • যদি পানী সৰবৰাহ নলী নষ্ট হয়, তেন্তে সৰবৰাহ গুৰিতে বন্ধ কৰি দিব।
  • বিজুলী লাইনত বিজুতি ঘটিলে ঘাই বাকচৰ চুইচ বন্ধ কৰিব।
  • আপোনাৰ ট্ৰেনজিষ্টৰ বা ৰেডিঅৰ যোগেদি শেহতীয়া পৰিস্থিতি সম্পৰ্কে জানি ল’ব।
  • বিশেষ জৰুৰী পৰিস্থিতি নহ’লে টেলিফোন ব্যৱহাৰ নকৰিব।
  • ঠাই চাবৰ কাৰণে ওলাই নাযাব।
  • সাংঘাতিক ধৰণে ধ্বংসপ্ৰাপ্ত ঘৰৰ পৰা আঁতৰত থাকিব কিয়নো এনে ঘৰ যিকোনো সময়ত সম্পূৰ্ণ ৰুপে ভাঙি পৰিব পাৰ্তে।

অগ্নি নিয়ন্ত্ৰণ

  • জুই লাগিলে বাহিৰৰ পৰা সাহাৰ্য অহালৈ অপেক্ষা নকৰিব। পানী আৰু বালিৰ সহায়ত জুই নুমুৱাৰ চেষ্টা কৰিব। আপুনি তৎকালে জুই নুমাব নোৱাৰিলে ওচৰৰ অগ্নি নিৰ্ব্বাপক বাহিনীক খবৰ দিব।
  • আটাইবোৰ দুৱাৰ খিৰিকি বন্ধ কৰি দিব।
  • আপুনি যেতিয়া জুই নুমুৱাৰ চেষ্টা কৰে, তেতিয়া বেৰৰ ওচৰত থাকিব, জুইৰ শিখা অথবা ধোৱাঁৰ মাজেৰে যাব লগা হ’লে আপুনি মজিয়াত চুচৰি যাব।
  • কাৰোবাৰ গাত জুই লাগিলে তেওঁক মাটিত বগৰাই দিব বা ৰাগ কিম্বা কম্বলেৰে মেৰিয়াই দিব।
  • আপুনি ঘৰৰ ভিতৰত থকা অৱস্থাত জুই লাগিলে খিৰিকিৰে ওলাই অহাৰ চেষ্টা কৰিব আৰু তাৰ বাবে প্ৰয়োজন হ’লে ৰচি কিম্বা বচনা চাদৰৰ এটা মূৰ কোঠালিৰ ভিতৰৰ কোনো স্থানত টানকৈ বান্ধি আনটো মূৰ বাহিৰলৈ দি তাৰ জৰিয়তে ওলাই আহিব পাৰিব। যদি তাকে কৰিব নোৱাৰে বাহিৰৰ সাহাৰ্য্য বিচাৰিব।
  • ওচৰ-চুবুৰীয়াৰ ঘৰত জুই লাগিলে আপোনাৰ কোনো কৰ্ত্তব্য নাই বুলি নাভাবিব। তেনে ধৰণৰ পৰিস্থিতিত কেতিয়াবা তেওঁলোকৰ সাহাৰ্য্যাও আপোনাৰ প্ৰয়োজন হ’ব পাৰে।

উৎস : অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী সঞ্চালকালয়, গুৱাহাটী – ২৮ ৰ দ্বাৰা প্ৰচাৰিত আৰু সৃষ্টি প্ৰতিলিপি আৰ্ট ওৱৰ্ক, গুৱাহাটী -২১ ত মুদ্ৰিত।

 

 

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate